ভালে আছেনে শিশুটি ?

লেখক- — লুকুমা আইজনী

জীৱনটো যাপন আৰু উদযাপন কৰি জীয়াই থকাৰ এই সুদীৰ্ঘ পৰিক্ৰমাত এসময়ত আমি এনেকুৱা এক স্তৰত উপনীত হওঁ য’ত কেৱল  কেতিয়াও নভবা বহুতো প্রশ্ন ৰৈ থাকে, আমাক জীৱনৰ গভীৰতা উপলব্ধি কৰাবলৈ | কণ কণ শিশুসকলে ঠুনুক— ঠানাক খোজেৰে খেলিব খোজাৰ দৰে কিছুমান প্রশ্নয়ো আমাৰ লগত খেলিব খোজে  অনবৰতে ; কিন্ত যান্ত্রিকতা আৰু প্রতিযোগিতাৰ ধামখুমীয়াত আমি নিজক লাহে লাহে শুনিবলৈ পাহৰি গৈছো ৷ এতিয়া আমি আনৰ মাজত এজন প্রকৃত শ্রোতাৰ সন্ধান কৰো কিন্ত আমি বিচাৰি নাপাওঁ ,কাৰণ আমি নিজৰ পৰা সংযোগ বিচ্ছিন্ন হৈ আনৰ লগত সংযোগ স্থাপন কৰিবলৈ আৰম্ভ  কৰিছোঁ৷ প্রকৃততে আমি এগৰাকী শ্রোতাৰ ৰূপত নিজকে বিচাৰোঁ কাৰণ আমাৰ মনৰ কথা বা আমি ক’ব বিচৰা কথাবোৰ  কেতিয়াবা আনে বুজি নাপাবও পাৰে ৷ তাত একো অস্বাভাৱিকতা নাই৷ এগৰাকী ভাল শ্রোতাৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্যৰ পৰা আমি নিজেই নিজকে বঞ্চিত কৰি ৰখা নাই নে বাৰু ? 

শেহতীয়াকৈ  শ্রদ্ধাৰ ব্রজেন ডেকা ছাৰে অসমীয়ালৈ অনুবাদ কৰা মিলান কুন্দেৰাৰ “আইডেনটিটি” গ্রন্থখনৰ ভিতৰেৰে এক যাত্রা আৰম্ভ কৰি শেষ কৰিবলৈ যত্ন কৰিলো যদিও পাঠক হিচাপে কিমান দূৰ সফল হ’লো নাজানো  কিন্ত এইটো ঠিক যে গ্রন্থখনত আলোকপাত কৰা মূল বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি এছাটি কোমল বতাহৰ দৰে বহুতো প্রশ্নই পলকতে মোক চুই গ’ল |

আমি কোন ? প্রকৃততে প্ৰকৃত সত্তাৰ পৰিচয় কি ? আমি কঢ়িয়াই লৈ ফুৰা পৰিচয়টি আমাৰ প্রকৃত পৰিচয় হয়নে ?  কিয় আমাৰ প্রকৃত পৰিচয় দাঙি ধৰিবলৈ কেতিয়াবা আমাক সাহসৰ প্রয়োজন হয় ?  আৰু ক’ত যে কিমান প্রশ্ন , এই প্রশ্নবোৰ ইমানে খৰধৰকৈ মোৰ মনলৈ অহা আৰম্ভ কৰিলে যে এটা প্রশ্নৰ উত্তৰ নাপাওতেই  আকৌ আন এটা প্রশ্নই মোলৈ ৰৈ থকা হ’ল , একেবাৰে পৰীক্ষাৰ প্রশ্নকাকতে আমাৰ বাবে সাজি অনা প্রশ্নবোৰৰ নিচিনা |  এনেকৈয়ে প্রশ্নবোৰৰ ঢৌ উপভোগ কৰি থকাৰ সময়তে আন এটা প্রশ্নই মোৰ মনোযোগ আকৰ্ষণ কৰিবলৈ ল’লে আৰু বহুত দিন ধৰি সেইটোৱে মোৰ মনলৈ আহি থকাত মইয়ো সেই প্রশ্নটোৰ ঢৌতেই নিজকে উটুৱাই দিলো |

 

লাহে লাহে বসন্ত বাগৰি গৈ থকাৰ লগে লগে আমাৰ পিন্ধনৰ নিজস্ব শৈলী, খোৱা লোৱাৰ জুতি , চিন্তা ধাৰা সকলো সলনি হৈ গৈ থাকে আনকি আমাৰ মাজৰ প্রকৃত ব্যক্তিসত্বাইয়ো নতুন ৰূপ ল’বলৈ আৰম্ভ কৰে | সময়ে সময়ৰ লগত সলনি হ’বলৈ বৰ ভাল পায়৷ সলনি হ’বলৈ ভাল পোৱা সময়ৰ লগত খোজ মিলাবলৈ আমি নিজেই সলনি হৈ গৈ থাকো , অসংখ্য মানুহবোৰৰ ভিতৰত আমাৰ জীৱনকালত যি দুই এজন মানুহক লগ পাওঁ সেই মানুহবোৰৰ লগত মিলিবলৈও আনকি প্রয়োজনসাপেক্ষে নিজক সলনি কৰিবলৈ বাধ্য হওঁ | কোনোবা গুণী ব্যক্তিৰ আন্তৰিক স্পৰ্শইয়ো আমাক গভীৰভাৱে প্রভাৱিত কৰি সলনি কৰি পেলায় | কিন্ত আমি যে লাহে লাহে সময়ৰ লগে লগে সলনি হৈ গৈ থাকো সেয়া কেৱল যে ইতিবাচক হয় এনে নহয় কেতিয়াবা মানুহবোৰ এনেভাৱে সলনি হ’বলৈ বাধ্য হয় যে তাৰ নেতিবাচক প্রভাৱৰ দ্বাৰা  নিজৰ লগতে সমাজো প্রভাৱিত হয় | কাৰোবাৰ এষাৰ কটুক্তিয়ে যথেষ্ট , এগৰাকী সহজ সৰল ব্যক্তিক কঠুৱা কৰি তুলিবলৈ বা ঋণাত্মকভাৱে প্রভাৱিত কৰি সম্পূৰ্ণৰূপে সলনি কৰি দিবলৈ | এই যে মনস্তাত্ত্বিক দিশত সাধাৰণতে আমি নিজে গম নোপোৱাকৈয়ে লাহে লাহে সলনি হৈ গৈ থাকো, এই প্ৰক্ৰিয়াটোৱে হয়তো মানুহক আন জন্তুবোৰতকৈ পৃথক কৰি তুলিবলৈ কিছু হ’লেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে |  এনেকৈয়ে আমি প্রত্যেকেই ইজনে আনজনৰ পৰা  সৰু- বৰ , ভাল-বেয়া বহুতো কথা শিকি সময় আৰু বাস্তৱিকতাক আকোৱালি লৈ আগুৱাই যোৱাৰ পণ লৈ এনেকুৱা এখন প্রতিযোগিতাত অংশগ্রহণ কৰিব বিচাৰো যিখন প্রতিযোগিতা কেতিয়াও কোনেও অনুষ্ঠিত কৰাই নাই | এয়া হয়তো আগুৱাই যোৱাৰ বাবে নিজক উৎসাহিত কৰিবলৈ নিজে নিজৰ মনত অনুষ্ঠিত কৰি লোৱা এক বিভ্রান্ত প্রতিযোগিতা , আৰু এই অদৃশ্য প্রতিযোগিতাৰ বাবে নিজৰ উপকাৰ হোৱাৰ লগতে আনৰ অপকাৰ হোৱাও পৰিলক্ষিত হৈছে|

 

মই মোৰ বোধশক্তিৰে যিমান দূৰ বুজিব পাৰিছোঁ মই ভাৱো যে  এই প্রতিযোগিতাই মানুহক বিভিন্ন দিশত বহুদূৰ আগুৱাই নিবলৈ সক্ষম হৈছে যদিও আমাৰ মাজত জীয়াই থাকিব খোজা মৰম আকলুৱা শিশুটিক জীয়াই ৰাখিবলৈ আমি নিজেই অক্ষম হৈ গৈছো ।  তাৰ বাবে আমি আমাৰ চৌপাশৰ পৰিৱেশটোতে হওক বা  আমি দৈনন্দিন হিচাপত যাপন কৰি থকা জীৱনটোৰ মাজত এক যান্ত্রিকতা আৰু জড়তা অনুভৱ কৰিবলৈ লোৱা নাইনে বাৰু ?  মই ভাৱো এই কথাষাৰ গভীৰভাৱে জুকিয়াই চাবলৈ গ’লে আমি উপলব্ধি কৰিব পাৰিম যে আমাৰ মাজত জীয়াই থাকিব খোজা শিশুটিৰ উজ্জ্বলতা ধূসৰ হৈ যোৱাৰ আৰঁেত আন বিভিন্ন কাৰণ থাকিব পাৰে | কেতিয়াবা কোনো প্রস্তুতি নথকাকৈয়ে  হঠাৎ একধৰণৰ কৰ্তব্যবোধ আৰু দ্বায়িত্ববোধ কান্ধ পাতি ল’বলগীয়া হোৱাৰ পিছত আমাৰ মাজত খেলি থকা শিশুটিৰ লগত খেলিবলৈ পাহৰি যাওঁ বা সেই শিশুটিৰ লগত কথা পাতিবলৈ বিচাৰিও কথা পাতিব নোৱাৰি লাহে লাহে সেই শিশুটিক আমি নিজেই আমাৰ ওচৰৰ পৰা আতঁৰাই পঠিয়াও আৰু এটা সময়ত আমি উপলব্ধি কৰো যে একো টলকিব নোৱাৰাকৈয়ে  সেই শিশুটিৰ অস্তিত্ব এক অস্তিত্বহীন অস্তিত্বলৈ ৰূপান্তৰিত হয়|

 

সঁচাকৈ জীৱনৰ এই  খহটা , চূড়ান্ত অনিশ্চয়তাৰে ভৰা এই কাইটীয়া পথ হাজাৰ ধুমুহাৰ মাজেৰে অতিক্ৰম কৰোঁতে আমাৰ নিজৰ মাজত জীয়াই থাকিব খোজা মৰম আকলুৱা শিশুটিক বৰ যত্নেৰে উজ্জীৱিত কৰি ৰাখিবলগীয়া হয় আৰু  সেয়া সকলোৰে পক্ষে সম্ভৱ হৈ নুঠে , কাৰণ এই কথা আমি বহুত দেৰিকৈ উপলব্ধি কৰিবলৈ আৰম্ভ কৰো বাবে এই অগণন মানুহৰ মাজত খুব কম সংখ্যক মানুহেই নিজৰ মাজত একো বাহ্যিক সজ্জা নোহোৱাকৈয়ে নিজক বিচাৰি পাই বা অতীতৰ বা বৰ্তমানৰ যিকোনো মূহূৰ্ততে  নিজকে বিচাৰি থকাৰ কোনো তাড়না অনুভৱ নকৰে |

 

কেতিয়াবা খেলা ধূলা কৰাৰ বয়সতে  সময়ে কাৰোবাক ডাঙৰ হ’বলৈ বাধ্য কৰাই  , কাৰোবাৰ বাবে ঘৰএখন চলাই নিয়াৰ দ্বায়িত্ব , কাৰোবাৰ বাবে কোনোবা আপোনজনক হেৰুৱাৰ যাতনা সহনশীন কৰি তুলিবলৈ  আপ্রাণ চেষ্টা কৰাৰ সেই সময়কণ ,  ভাঙি চিঙি গুৰি হৈ পৰা মানুহক আলফুলে নতুনকৈ গঢ়িবলৈ কৰা এক সুদৃঢ় চেষ্টাত ব্রতী হ’বলগীয়া হোৱা এটি বিশেষ মূহূৰ্ত … আৰু যে  ক’ত কিমান  বিচিত্র মূহূৰ্তৰ সাক্ষী হৈ ৰওঁ আমি যি মূহূৰ্তই নিজৰ মাজত কঢ়িয়াই আনে আমাক এটি বেলেগ ৰূপ দিয়াৰ ক্ষমতা |

 

আমাৰ অজ্ঞাতে সময় , কৰ্তব্যবোধ আৰু দ্বায়িত্বই এগৰাকী ব্যক্তিক বিশেষভাৱে প্রভাৱিত কৰি সম্পূৰ্ণৰূপে সলনি কৰি দিয়ে , আৰু হয়তো তেতিয়াই মানুহজনৰ ভিতৰৰ শিশুটিৰ শৰীৰত প্রথমটো আচোঁৰ পৰে আৰু জীৱনৰ এই দীঘলীয়া বাটত লাহে লাহে এশ উবুৰি বাধা নেওচি  আগবাঢ়ি গৈ থাকোতে আদবাটতে আমাৰ মাজত লালিত— পালিত শিশুটিক এৰি থৈ সময়ৰ দাবীৰ সন্মুখত শিৰনত কৰি বহু দূৰ বাট অতিক্ৰম কৰাৰ পিছত আমি অনুভৱ কৰো ,আমাৰ মনৰ আমাৰ মনৰ মাজত আমি নিজে হাতেৰে সজাই লোৱা ফুলনিত খেলি ভালপোৱা শিশুটিৰ কোমল ভৰিৰ তলুৱাৰ পৰশৰ চাপ ম্লান হৈ যায় |

 

কেতিয়াবা আপুনি নিজকে সুধি চাইছেনে এই মুহূৰ্তত যদি আপুনি আপোনাৰ নিজৰ সৰু হৈ থকা আপোনাক কিছু সময়ৰ বাবে লগ পাই আপুনি কি কৰিব ?

মই যেতিয়া আন আন শ্রদ্ধাৰ ব্যক্তিসকলৰ পৰা এই প্রশ্নটোৰ উত্তৰ জানিব বিচাৰিছিলো , সকলোৰে পৰা প্রায় একেধৰণৰ উত্তৰ পাবলৈ সক্ষম হৈছো – “মই আগত কৰা ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিম | ”  কিন্ত  সেই  ভুলবোৰ কৰি আমাক শিকাই ভালপোৱা শিশুটিক সাৱটি ধৰি  ভালপাওঁ বুলি ক’ব নোৱাৰিম নে ? কাৰণ  আমি কেতিয়াও অতীতলৈ ঘূৰি যাব নোৱাৰো , কেৱল সময়ৰ লগত আগলৈহে গতি কৰিব পাৰিম | এই যে শক্তিশালী হৈ লাহে লাহে এখোজ দুখোজকৈ আগবাঢ়ি গৈ থাকিব পাৰিছো , নিজেই ভুল শুদ্ধ বিচাৰ কৰি  যিকোনো সিদ্ধান্তত উপনীত হ’বলৈ চিন্তা চৰ্চা কৰিব পৰা হৈছো   সেয়া আমাৰ  শিশুটিয়ে কৰা  কিছু ভুলবোৰৰ কাৰণে নহয়নে ?  গতিকে কিছু সময়ৰ বাবে লগ পালে সেই শিশুটিক সাৱটিলৈ অন্তৰৰ পৰা অবিমিশ্র কৃতজ্ঞতা প্রকাশ কৰিব নোৱাৰোনে ?

 

মই যেতিয়া নিজক এই প্রশ্নটোৰ মুখামুখি কৰাইছিলোঁ , মই মোৰ সন্মুখত দেখিছিলো এজনী অকণমানি ছোৱালীক৷ সেই অকণমাণি ছোৱালীজনীৰ কাষত বহুসময় বহিলো যদিও একো ন’কলো , কেৱল সুধিলো মোক কি ক’বা?

অকণমানি ছোৱালীজনীয়ে তপৰাই উত্তৰ দিলে,

 

” তোমাৰ জীৱনলৈ উপহাৰ হিচাপে অহা সুখৰ মুহূৰ্তবোৰ বা ভাল লগা মুহূৰ্তবোৰ কমাই আনিবলৈ চেষ্টা কৰা মানুহ বহুত ওলাব ! কিন্ত একমাত্র তুমিয়েই এই সুখৰ মুহূৰ্তবোৰ নিজৰ জীৱনত বঢ়াই তুলিব পাৰিবা ! তোমাৰ সুখৰ মুহূৰ্তবোৰত কেতিয়াবা তোমাৰ লগত হাঁহিবলৈ কোনো মানুহ নাথাকিব পাৰে , কাৰণ তোমাৰ সুখ- দুখৰ প্রতিটো মুহূৰ্ত আনে বুজিবলৈ সক্ষম নহ’বও পাৰে , গতিকে সেই মুহূৰ্তবোৰত নিজৰ লগত হাঁহিবলৈ শিকা , লাগিলে সেই সময়ত তোমাৰ গাৰ ওপৰেৰে ধুমুহা এজাকে পাৰ হৈ নাযাওক কিয়  , তথাপি সুখৰ মুহূৰ্তবোৰ বা ভাল লগা মুহূৰ্তবোৰ আনৰ লগত ভগাই লৈ নিজৰ লগত উদযাপন কৰিবলৈ  শিকা | কাৰণ সেই বিশেষ মুহূৰ্তবোৰ কেৱল তোমাৰ ,আৰু সেই আৱেগৰ গভীৰতা আনে উপলব্ধি কৰিব নোৱাৰিব পাৰে |  মূল কথাটো হৈছে তুমি নিজেই নিজক দিব পৰা দিব পৰা আটাইতকৈ বিশেষ উপহাৰ হৈছে বিশ্বাস , সন্মান , মৰম আৰু ভালপোৱা  | “

 

মই নিজেই  এই প্রশ্নটোৰ লগত কিছু সময় কটাই উপলব্ধি কৰিলো যে আমাৰ ভিতৰত জীয়াই থাকিব খোজা মৰম আঁকলুৱা শিশুটি আমাতকৈ  বহুত অভিজ্ঞ । জীৱনৰ এটি ওখ স্তৰত উপস্থিত হৈ যেতিয়া নিজৰ ভিতৰৰ শিশুটিৰ কথা মনলৈ আহে , কিয় আমি অতীতৰ ভুলৰ গণনা কৰিবলৈ আৰম্ভ কৰিম তাৰ পৰিৱৰ্তে সেই শিশুটিক সাবটি ধৰি , এগালমান মৰম ভালপোৱা সানি কঁপালত এটি ধুনীয়া চুম্বন আঁকি দিব নোৱাৰিম নে ? একেলগে পখিলা খেদি  বা ৰাতিৰ আকাশৰ তৰা গণি গণি নিজৰ মাজতেই হেৰাই  যোৱা মুহূৰ্ত এটি উপহাৰ দিব নোৱাৰিম নে নিজৰ মাজত জীয়াই থকা শিশুটিক ?

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!