ভিয়েটনামৰ ৰাজধানী -- হানয়
লেখক- দেৱীকা বৰপূজাৰী
( কিছুমান শব্দ ইংৰাজীতে নিলিখিলে বুজাবলৈ অসুবিধা হয় )….
যিখন চহৰৰ বিমাবন্দৰত নামি অনুভৱ হয় যেন অসমলৈ আহিছোঁ, সেই চহৰখনেই হৈছে ভিয়েটনামৰ ৰাজধানী হানয় । এই বছৰৰ এপ্ৰিল মাহত বান্ধবী এগৰাকীৰ পৰিয়ালৰ সৈতে গৈছিলোঁ এই অসম যেন লগা দেশখনলৈ। আগতেই ঠিক কৰি থোৱা Airbnb এটাত আমি আছিলোঁ। প্ৰথমেই লিখিব খুজিছোঁ এই দেশখনৰ বিষয়ে।
ভিয়েটনাম নিজস্ব কলা-সংস্কৃতিৰে পৰিচিত এখন দেশ। পৰম্পৰাগত স্থাপত্য, উৎসৱ-পাৰ্বন আচাৰ-বিচাৰ আদি সকলোবোৰেই ভিয়েটনামীসকলৰ মাজত প্ৰতিফলিত হয়। ইয়াৰ কাৰুকাৰ্য্যখচিত ৰাজপ্ৰাসাদ, মন্দিৰ আৰু পেগ’ডাবোৰলৈ চালে চাই থাকিবৰ মন যায়। চিয়াং মাই নামৰ এজন সাহসী মিলিটেৰী সেনাই মঙ্গোলীয় আক্ৰণকাৰীসকলক পৰাজিত কৰি ভিয়েটনাম ৰক্ষা কৰিছিল। সেয়েহে, আজিও ভিয়েটনামীসকলে এই বীৰ পুৰুষজনক স্মৰণ কৰে। এওঁলোকৰ বাবে সম্পদৰ দেৱতা হৈছে Tai Bach Tinch Quan, ভিয়েটনামৰ লোকে ঘৰত, দোকানত, ব্যৱসায় প্ৰতিষ্ঠান আদিত এই দেৱতাজনৰ মূৰ্তি এখন ধাতুৰ কাঁহীত থৈ ফুল, ধূপ আৰু ফল-মূল আগবঢ়াই প্ৰাৰ্থনা কৰে।
১৯৪৫ চনত জাপানে আত্মসমৰ্পণ কৰাৰ পাছত হো চি মিনৰ নেতৃত্বত হানয় ভিয়েটনামৰ অধিকাৰলৈ অহাত এই চহৰ গণতান্ত্ৰিক ভিয়েটনামৰ ৰাজধানীৰূপে পৰিগণিত হয়।
ভিয়েটনামীজ ইয়াৰ প্ৰধান ভাষা। কিন্তু ইয়াত ফ্ৰেঞ্চ, চীনা আৰু ইংৰাজী ভাষাও কোৱা হয় । পিছে বহুতে ইংৰাজী বুজি নাপায়।
বিশ্বৰ দীৰ্ঘতম গুহাটো আছে ভিয়েটনামতে। নানা সুস্বাদু ফলৰ বাবেও এই দেশ বিখ্যাত। নদীৰ দেশ ভিয়েটনামে কফি ৰপ্তানীৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰিছে। চৰকাৰ আৰু বিদেশত থকা ভিয়েটনামীসকলৰ সহায় সহযোগত আন এচিয়ান দেশবোৰৰ তুলনাত এই দেশত দৰিদ্ৰতাৰ হাৰ কম। ভিয়েটনাম নিম্ন আৰু মধ্যবিত্তীয় আয়ৰ দেশ আৰু ইয়াত থকা খোৱাৰ খৰচ আন দেশতকৈ কম। ইয়াত বস্তি অঞ্চল আছে। ইয়াৰ চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিছে যাতে কোনো দেশখনৰ কোনো লোক ভোকত থাকিব নালাগে। উন্নত জীৱন ধাৰণৰ মানদণ্ডৰ ক্ষেত্ৰত এছিয়াৰ দেশসমূহৰ ভিতৰত ভিয়েটনামৰ স্থান দ্বাদশ। ভিয়েটনামীসকলৰ ঘৰবোৰ বেছি আহল-বহল নহয়। কিয়নো আমাৰ দৰে এওঁলোকে আলিবাট বন্ধ কৰি ঘৰ নাসাজে। ৰাইজৰ সুবিধাৰ কথা চিন্তা কৰে বাবে বহুখিনি ঠাই আলিবাটৰ বাবে এৰি দি ঘৰ সাজে। এওঁলোকৰ ব্যৱহাৰ বন্ধুত্বপূৰ্ণ কিন্তু আমি কিছু কঠুৱা লোকো পাইছিলোঁ।
ভিয়েটনামী খাদ্য সাধাৰণতে স্বাস্থ্যসন্মত। চাউল, শাক-পাচলি আৰু মাছ এওঁলোকৰ প্ৰধান খাদ্য। তদুপৰি বেছিভাগ খাদ্য সিজোৱা আৰু ভাপত তৈয়াৰ কৰা। World food survey ৰ সমীক্ষা অনুসৰি ভিয়েটনামৰ Bann me নামৰ খাদ্যবিধৰ স্থান বিশ্বৰ পদপথত উপলব্ধ খাদ্যসমূহৰ ভিতৰত প্রথম । ভিয়েটনামত বাস কৰা ভাৰতীয় লোকৰ সংখ্যা প্ৰায় ১৫০০ জন। সৰহ সংখ্যক ভাৰতীয় লোক বাস কৰে ভিয়েটনামৰ আন এখন প্ৰখ্যাত চহৰ হো চি মিনত। ভাৰতীয় বাণিজ্য সংঘই ইয়াৰ ব্যৱসায়-বাণিজ্যত আগভাগ লয় বুলি শুনা যায়। এই দেশত থকা ভাৰতীয়সকল শিক্ষিত, সুপ্ৰতিষ্ঠিত আৰু ইয়াৰ নিয়ম কানুন মানি চলা একোজন সুনাগৰিক।
ভিয়েটনামীসকলৰ পাৰিবাৰিক সম্পৰ্ক অতি দৃঢ়। পৰম্পৰাগত ঐতিহ্য আৰু মূল্যবোধ ধৰি ৰখাৰ ক্ষেত্ৰত এওঁলোক সদা সচেতন। ভিয়েটনামৰ প্ৰধান ৰপ্তানী সামগ্রীসমূহ হৈছে — খনিজ তেল, সাগৰীয় মাছ, জোতা, নানা ধৰণৰ পোছাক আৰু ইলেক্ট্ৰনিক সামগ্ৰী। তদুপৰি দেশখনৰ এটা ইতিবাচক কথা হৈছে, ভাৰতীয়সকলৰ যদিহে ট্যুৰিষ্ট ভিছা থাকে তেন্তে ভিয়েটনামত ঘৰ এটা কিনিবলৈ বাধা নাথাকে।
আমি প্ৰথমেই গলোঁ উত্তৰ ভিয়েটনামৰ ৰঙা নদীৰ ব-দ্বীপ Nanh Binh লৈ। ঠাইখন ইমানেই মনোৰম যে চালে চাই থাকিবৰ মন যায়। লগতে আছে কাষৰীয়া হাবিৰ দৃশ্য আৰু বিশেষকৈ পানীৰ মাজত থকা গুহাকেইটা। টিকট কিনি আমি আটাইকেইজনে দুখন নাৱত বহি ললোঁ। লগে লগে আমাক নাৱৰ মহিলা চালকগৰাকীয়ে জীৱন সুৰক্ষা জেকেট একোটা পিন্ধি ল’বলৈ দিলে। নাও আগবাঢ়িল। আহ! কি অদ্ভুত এক শিহৰণ! এতিয়া আমি পৰ্বতৰ তলতে থকা ঠেক সুৰঙ্গৰ মাজেৰে গৈ থাকিম। সেই অভিজ্ঞতা হয়তো মই লিখি বুজাব নোৱাৰিম। গৈ থকাৰ মাজতে আমি আন এটা দ্বীপত নামিলোঁ। তাত থকা আটক ধুনীয়া মন্দিৰ আৰু ফল-ফুলৰ বাগিছা দৰ্শন কৰি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। এইবাৰ আন এটা সুৰঙ্গ পালোঁ। পানীৰ মাজত দেখিলোঁ গম্বুজ আকাৰৰ আন এটা মন্দিৰ। এনেয়ে টুলুঙা নাৱত বহুত বছৰৰ পাছত ভ্ৰমণ কৰিছোঁ,তাতে আকৌ এটাৰ পাছত আন এটা সুৰঙ্গ পাৰ হৈছোঁ। ই এক অভিনৱ আৰু পাহৰিব নোৱৰা অভিজ্ঞতা।
হানয় চহৰৰ পানীৰ মাজৰ পুতলা নাচ সৰু ডাঙৰ সকলোৰে বাবে উপভোগ্য এক মনোৰম অনুষ্ঠান। আমিও টিকট লৈ পুতলা নাচ চাবলৈ গলোঁ। Thang Long Puppet show নামৰ এই পুতলা নাচৰ অনুষ্ঠানটোৰ জৰিয়তে ভিয়েটনামৰ পুৰনি কলাক সাৱলীলভাৱে উপস্থাপন কৰি সকলোকে মুগ্ধ কৰিছিল। পানীৰে ভৰা মঞ্চত স্লাইডৰ সহায়ত পৰ্দাৰ আঁৰত থকা সুদক্ষ নিৰ্দেশকৰ নিৰ্দেশনাত অনুষ্ঠানটো অতি সুন্দৰকৈ পৰিচালনা কৰা হয়।
হানয় চহৰৰ মাজ মজিয়াত থকা শান্ত সমাহিত Ho Chi Minh Mousolium হৈছে ভিয়েটনামী ইতিহাসত আলোড়ন সৃষ্টি কৰা জননায়ক হো চি মিনক জনোৱা এক সন্মানৰ প্ৰতীক। মস্কোৰ ঐতিহাসিক লেনিনৰ সমাধিৰ আৰ্হিতে নিৰ্মাণ কৰা হৈছে হো চি মিনৰ সমাধি। পৰ্যটকৰ বাবে ই এক অন্যতম আকৰ্ষণৰ লগতে এক জীৱন্ত ইতিহাস।
হানয় চহৰৰ মাজ মজিয়াত অৱস্থিত Hoan Kiem lake বা Turtle lake পৰ্যটক আৰু স্থানীয় লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই হ্ৰদটোৰ মাজতে আছে Ngoc Son মন্দিৰ, তালৈ যাবলৈ দুফালৰপৰা দলং আছে আৰু টিকট লৈ হে যাব পাৰি। সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত এই ঠাইত মানুহে খোজ কাঢ়ে। ডেকা-গাভৰুসকলে ইয়ালৈ একান্ত নিজাববীয়াকৈ সময় কটাবলৈ অহাৰ লগতে বয়সস্থসকলক ‘টাই ছি’ নামৰ সমৰ কলাবিধ অভ্যাস কৰি থকা দেখা যায়। মোৰ আটাইতকৈ ভাল লগা কথাটো হ’ল- শুকুৰবাৰৰপৰা দেওবাৰলৈকে এই ঠাইত বাহন চলাচল নিষেধ। সৰু ল’ৰা-ছোৱালীয়ে এই ঠাইখনত অকনি অকনি চাইকেল চলাই ঘূৰি ফুৰে, কিছুমানে লুকাভাকু খেলে। যুৱক-যুৱতী, বৃদ্ধ সকলোৱে উত্তাল সংগীতৰ তালে তালে নৃত্য কৰি আনন্দ কৰে। পৰ্যটকসকলেও এই আনন্দত ভাগ লয়। এই স্থানত ৰাজহুৱা সভাও অনুষ্ঠিত হয়। এই সকলোবোৰৰ লগতে নানা তৰহৰ ফল আৰু অন্যন্য খাদ্য সামগ্ৰীৰ চাফ-চিকুন ষ্টলবোৰে ঠাইখনক অতি আকৰ্ষণীয় কৰি তুলিছে।।
হানয় চহৰৰ সকলোতকৈ ডাঙৰ বজাৰখন হৈছে Don Xuan market। ছোভিয়েট আৰ্হিৰ চাৰি মহলীয়া এই বৃহৎ বজাৰখনত নোপোৱা বস্তু নাই।
হানয়ৰপৰাই আমি মুম্বাইলৈ আহিবলৈ বিমানত উঠিলোঁ। শান্ত পৰিবেশ, কৰ্মঠ লোক, প্ৰাণৱন্ত শিশু আৰু সজীৱ ফলমূলেৰে ভৰা এই চহৰখন এৰি থৈ অহাৰ পৰত বুকুত অকণমান বিষ অনুভৱ কৰিছিলোঁ।