ভূত, মূল-ৰশ্মি নাৰ্জাৰীৰ “ghost”ভূত,

অনুবাদ-বিদিশা দত্ত

 জাৰকালিৰ সন্ধিয়া এটা লাহেকৈ মাড্লাগামিলৈ নামি আহিছিল। বাৰচাওহঁতৰ ঘৰখন সেই সন্ধিয়াৰ অন্ধকাৰত লাহে লাহে সোমাই পৰিল। বাৰচাওৰ ককাকে চোতালত নাতিহঁতৰ বাবে উমাল জুই একুৰা ধৰি, তাৰ কাষতে নিজৰ পীৰাখন পাৰি বহি ল’লে। বাৰচাওৱে ককাকৰ সৈতে বহিবলৈ পাকঘৰৰপৰা ওলাই আহি দেখে ডেৰ্হা আৰু মেৰগাওৱে ইতিমধ্যে কোমল এড়ি চাদৰ একোখন গাত ভালদৰে মেৰিয়াই জুইৰ ওচৰত বহি লৈছেহি। 

   আস্! এই কাৰণেইতো বাৰচাওৱে জাৰকালিৰ সন্ধিয়াবোৰ ইমান বেছি ভাল পায়। ৰাতিটো যে কেতিয়াকৈ আহিব  সি দিনৰ দিনটো ভাবি থাকে। জুইৰ ওচৰত বহি এতিয়া ককাকে নিজৰ শৈশৱৰ কাহিনী ক’ব আৰু জুইকুৰাত এডাল দুডালকৈ খৰি জাপি দিয়াৰ লগে লগে তেওঁ সঁচাসঁচি আৰু কাল্পনিক প্ৰাণীৰ কাহিনী, মানুহ আৰু ভূত-প্ৰেতৰ কাহিনী ক’বলৈ ধৰিব। জুইৰ তাপৰ লগতে তেওঁৰ কাহিনীবোৰৰ সোৱাদো বাঢ়ি যাব। তাৰপাছত জুইৰ শিখাৰ নাচোন কমি অহাৰ লগে লগে কাহিনীবোৰো শেষ হ’বলৈ ধৰিব। 

কেতিয়াবা ককাকে সৰু মাছ আৰু জলকীয়া অঙঠাত দিয়ে। কাহিনী শেষ হোৱাৰ সময়লৈ মাছ আৰু জলকীয়া পোৰা হৈ যায়। তাৰপাছত অঞ্জালিয়ে নিমখ আৰু পিঁয়াজৰ সৈতে সেয়া পিচি ৰাতিৰ ভাতসাঁজৰ লগত খাবলৈ বাথুন (চাটনি) তৈয়াৰ কৰে। 

 ককাকে কাষতে থকা খৰিৰ সৰু দ’মটোৰপৰা দুডালমান খৰি উলিয়াই জুইত ভৰাই দিলে। তাৰ পাছত সেইদিনাৰ কাহিনী আৰম্ভ হ’ল। “ল’ৰাহঁত, তহঁতক বাৰু মই আগতে এক্সৌ আৰু সি চহৰৰপৰা বিয়া কৰাই অনা কইনাজনীৰ কথা কৈছোঁ নেকি? সেই কমবয়সীয়া ছোৱালীজনীয়ে গাঁৱৰ ৰাস্তা-ঘাটবোৰৰ কথা ভালকৈ জনা নাছিল। তাই নাজানিছিল যে আমাৰ শৰীৰত যেনেকৈ আত্মা থাকে, ঠিক সেইদৰে শৰীৰ নোহোৱাকৈ ঘূৰি ফুৰা আত্মা কিছুমানো থাকেযেনেকৈ সৌ বাঁহনিখনত থকা আত্মাটো। সেইবোৰ আত্মা বতাহৰ দৰে, কোনেও দেখা নাপায়। যেতিয়া সিহঁতে কাৰোবাৰ কাষেৰে সাউৎকৈ পাৰ হৈ যায়, তেতিয়াহে সিহঁতৰ উপস্থিতিৰ উমান পোৱা যায়। সিহঁতে জাৰকালি ৰাতিও মানুহৰ গাৰ ঘাম উলিয়াই দিব পাৰে আৰু 

জহকালিৰ ৰাতি এটাতো মানুহক ঠৰঠৰকৈ কঁপাই তুলিব পাৰে।” 

ককাক খন্তেকৰ বাবে ৰ’ল, সৰু লাঠি এডালেৰে জুইকুৰা বঢ়াই দিলে আৰু পুনৰ কৈ গ’ল, “ৰাতি প্ৰায় ন বাজিছিল।”

”হাঁ!”, মেৰগাওৱে মাত লগালে, “ইমান দেৰি?” 

”অঁ, বহুত দেৰি”, ডেৰ্হাই ফুচফুচাই মেৰগাউক ক’লে, “যি তি সুধি নাথাকিবি, ককাৰ কওঁতে খেলিমেলি লাগিব।” 

”আজিৰ নিচিনা সন্ধিয়া এটাৰ কথা। পিছে সেই সন্ধিয়াবেলাটো বৰ নিজান আছিল। বৰ আচৰিত ধৰণে নিজান আৰু খু..উ..উ..ব ভয়লগা আছিল।ককাকে অলপ ভয় খুৱাবলৈকে শব্দটো দীঘলীয়াকৈ  ক’লে। “আৰু আন্ধাৰ ইমানেই ঘন আছিল যে”, তেওঁ কৈ গ’ল, “চাৰিওফালে মাত্ৰ ক’লা ৰঙটোহে দেখা পোৱা গৈছিল। উদং পথাৰবোৰৰ ওপৰত ওলমি থকা শেঁতা বগা কুঁৱলীবোৰ দেখিবলৈ মৰা শ ঢকা কাপোৰৰ দৰে লাগিছিল আৰু পথাৰৰ শুকান, চিৰাল ফটা মাটিত থকা নৰাবোৰ দেখিবলৈ এনে লাগিছিল সেইবোৰ যেন মৰিশালিৰপৰা শবোৰে মাটিৰ ওপৰলৈ উলিয়াই দিয়া হাতোৰাবোৰহে।” 

ডেৰ্হাই এড়ী চাদৰখনেৰে নিজক অলপ টানকৈ মেৰিয়াই ল’লে। সেই সময়তে বাৰচাওৰ এনে লাগিল, যেন সি বহি থকা পীৰাখনৰ ওচৰতে হঠাৎ মাটি ফুটি হাতোৰা এটা ওলাই তাক মাটিৰ তললৈ টানি লৈ যাব। কণমানি মেৰগাওৱে নিজৰ পীৰাখন যিমান পাৰে ককাকৰ পীৰাখনৰ ওচৰ চপাই ল’লে। 

ককাকে গহীনত কৈ গ’ল-“এক্সৌ আৰু কইনাজনীয়ে পথাৰেদি খোজকাঢ়ি গাঁৱৰ ঘৰলৈ উভতিছিল। নিজান পথাৰত কেনিও এটা শব্দ শুনিবলৈ পোৱা নগৈছিল। ওপৰত ক’লা, নীলা আকাশখন আৰু তলত দীঘল দি পৰি থকা ওখ গছৰ ছাঁবোৰ দেখিবলৈ অদ্ভুত ধৰণে ভয় লগা হৈছিল। ” ন কইনাজনীয়ে “, কইনাজনীৰ কথা মনত পৰি ককাকৰ হাঁহি উঠি গ’ল, “অকণো ভয় কৰা নাছিল। আকাশৰ তৰাৰ পোহৰ আৰু জোনাকী পৰুৱাৰ জিকমিকনিৰ মাজেৰে সেই নিজান ৰাতিটোত স্বামীৰ সৈতে তেনেকৈ খোজকাঢ়ি গৈ তাই বেছ ৰোমাঞ্চিত হৈ পৰিছিল।” 

ডাঙৰ দুটাই গাত লোৱা চাদৰেৰে মুখ ঢাকি খুকখুকাই হাঁহি দিলে। 

”কোনো আত্মা সিহঁতৰ চকুত পৰা নাছিল আৰু এক্সৌৰ গাভৰু পত্নীয়েও ভয় কৰিবলগীয়া কিবা আছে বুলি ভবা নাছিল”, ককাকে কৈ গ’ল। 

”চিনেমাত দেখুওৱাৰ নিচিনাকৈ এক্সৌৱে গান গাই গাই গৈছিল নেকি?”-মেৰগাওৱে আচৰিত হৈ সুধিলে। 

”ধৈৰ্য্য ধৰ বোপাই, মই কৈ আছোঁ”, ককাকে খৰি কেইডালমান জুইকুৰাত ভৰালে আৰু ফুৱাই জ্বলাই দিলে। তেওঁ কৈ গ’ল, “সি গান গোৱা নাছিল মেৰগাও। আচলতে সেই ৰাতিখন তেনেকৈ আহি তাৰ একেবাৰে ভাল লগা নাছিল। বৰঞ্চ সি এটা অদ্ভুত ভয়ত ঠৰঙা হৈ পৰিছিল যেন কোনোবাই তাৰ ওপৰত কিবা যদু-মন্ত্ৰহে কৰিছিল।” 

”অ! কিহৰ কাৰণে?” ডেৰ্হাই সুধিলে। 

”কাৰণ সিহঁতে পথাৰৰ এনে এডোখৰ ঠাইৰ ওচৰ চাপিছিলহি, য’ত বাৰু সেইটো পিছত ক’ম এক্সৌ আৰু তাৰ পত্নী সেই ঠাইখনৰ ওচৰ পাওঁতেই তাৰ পিঠিৰ ওপৰৰপৰা তললৈ সিৰসিৰকৈ চেঁচা কিবা এটা বৈ যোৱা যেন লাগিল, যিটোৰ লগত ঠাণ্ডা বতৰৰ কোনো সম্পৰ্ক নাছিল। এনে লাগিল যেন তাৰ ওচৰত কোনোবা আছে আৰু কোনোবাই যেন তাৰ ডিঙিৰ পিছফালে উশাহ লৈ আছে আৰু তাৰপাছত এক্সৌৱে থু পেলাবলৈ ধৰিলে। সি এবাৰ বাঁওফালে, আনবাৰ সোঁফালে থু পেলালে। সি আগফালে আৰু আনবাৰ পিছফালে থু পেলালে। ন কইনাজনীৰ অকণো ভাল লগা নাছিল। তাই আচলতে বিৰক্ত হৈছিলকাৰণ এক্সৌৱে তাইৰ লগত ধুনীয়াকৈ কথা পতাৰ সলনি অ’ত-ত’ত থু পেলাই সময় নষ্ট কৰি আছে!” 

ককাক খন্তেক ৰ’ল। জুইকুৰা নুমাইছিল যদিও অঙঠাবোৰ তেতিয়াও ৰঙা, তপত হৈ আছিল। তেওঁ বেঙেনা এটা গৰম ছাইৰ মাজত সুমুৱাই, ওপৰত আৰু অলপ ছাই দি দিলে যাতে বেঙেনাটো সিজিব পাৰে। 

”তাৰ পাছত, ককা?”ডেৰ্হাই সুধিলে। 

”এক্সৌৰ খোজ খৰ হ’বলৈ ধৰিলে। সি ডিঙিত ঘামৰ টোপাল আৰু ৰাজহাড়ৰ তললৈ সিৰসিৰীয়া ঠাণ্ডা কিবা বৈ যোৱা যেন অনুভৱ কৰিলে। তাৰ পাছত, হঠাতে এক্সৌৱে থু পেলোৱা বন্ধ কৰিলে। যিটো ৰাস্তা শেষ নহয় যেন লাগিছিল, সেয়া অৱশেষত শেষ হ’ল। সিহঁত নিজৰ ঘৰ পালেগৈ। নিজৰ কোঠাৰ ভিতৰলৈ সোমাই এক্সৌ আৰু তাৰ পত্নী বিছনাত বহিল। সি তাইলৈ চাই হাঁহি এটা মাৰিলে, কিন্তু তাই তালৈ পোন্দোৱাকৈ চালে। সি কিয় থু পেলাইছিল তহঁতে গম পালি নে?”-ককাকে তিনিওটাক সুধিলে। 

”কিয় ককা?”-বাৰচাওৱে সুধিলে। 

ককাকে মাতটো অলপ সৰু কৰি ক’লে, ”এক্সৌ আৰু মৰমলগা কইনাজনী যিডোখৰ ঠাই পাইছিলগৈ, সেইখিনিতে ছবছৰৰ আগতে মৃত্যু হোৱা এক্সৌৰ মাকৰ মৰিশালিটো আছিল। এক্সৌৱে জানিছিল যে তাৰ মাকে বোৱাৰীয়েকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ কিবা এটা নিশ্চয় কৰিব। হয়তো তেওঁ বতাহ এছাটি হৈ আহিব অথবা শহা এটা হৈ ক’ৰবাৰপৰা জঁপিয়াই আহি এক্সৌৰ কইনাজনীক ভৰিতে জপটিয়াই ধৰিব অথবা বোৱাৰীয়েকৰ পিছে পিছে কোনোবা গৈ থকাৰ শব্দ শুনা পোৱা যাবএক্সৌৱে চৰকাৰী চাকৰি কৰে, ডাঙৰ নীলা জীপ এখন চলাই ফুৰে, চহৰতে পঢ়া-শুনা কৰিলে। তথাপি সি বিশ্বাস কৰে যে থু পেলালে অশৰীৰী আত্মাই জীৱিতসকলৰ ওচৰলৈ আহিব নোৱাৰে”-ককাকে ক’লে। 

ল’ৰাকেইটাই একো নমতাকৈ বহি আছিল। হঠাৎ, ক’ৰবাত কিবা এটা শব্দ হ’ল-“ফ্ত্থুপ! তিনিওটাই উচপ্ খাই জঁপিয়াই উঠিল। বাৰচাওৱে ঘৰৰ ভিতৰৰফালে দৌৰি গ’ল। 

”ঐ ল’ৰাহঁত!”, ককাকে হাঁহিলে, “সেয়া হৈছে পোৰা বেঙেনা ফুটাৰ শব্দ।” 

তিনিওটাই ঢেকঢেকাই হাঁহিলে। কিন্তু তেতিয়াও, সিহঁতৰ বুকু ঢপঢপাই আছিল। ককাকৰ কাহিনীয়ে সিহঁতক বেছ ভয় খুৱাইছিল। 

পাছদিনা, সন্ধিয়াৰ আন্ধাৰ ঘন হ’বলৈ ধৰোঁতেই সিহঁত তিনিওটা পুনৰ নতুন কাহিনী শুনিবলৈ ককাকৰ ওচৰত মেৰ খাই বহিলগৈ। 

”এতিয়া শুন, এবাৰ সৌ হাব্ৰুবিলত”, ককাকে বাঁওহাতেৰে হাব্ৰুবিলৰফালে আঙুলিয়াই, সোঁহাতেৰে জুইত খৰি কেইডালমান জাপি দি ক’লে, “এটা টকলা, উলংগ, বাওনা মানুহ দেখা গৈছিল। সি মানুহৰ আগত হঠাতে ধৰা দিছিল, আকৌ হঠাতে অদৃশ্য হৈ পৰিছিল। সি সেই ডাইনীজনীৰ দৰে আছিল, যিজনীয়ে কাৰোবাৰ আগত দেখা দি কান্দি কান্দি তেওঁৰ মৃত্যুৰ বিষয়ে কৈছিল। যিজনক কৈছিল, পাছত তেওঁৰ, অথবা তেওঁৰ পৰিয়ালৰ কাৰোবাৰ সঁচাকৈয়ে মৃত্যু হৈছিল। 

তিনিওটাই ককাকৰফালে হাওলি, মনোযোগেৰে কাহিনীটো শুনিলে। 

”সি বাৰু কেনেবাকৈ ইয়াতো ওলাবহি পাৰে নেকি ককা?”-বাৰচাওৱে সুধিলে। 

মেৰগাও আৰু ডেৰ্হাই আন্ধাৰ চোতালখনত এনেয়ে এবাৰ চকু ফুৰালে। 

”কেনেকৈ জানিবি? ওলাবহিও পাৰে। কিন্তু বোপাই, তেনেকুৱা কথা নক’বি। আমাৰ চাৰিওটিৰ ভিতৰত ময়েই আটাইতকৈ বয়সীয়া…. আৰু মই মৰিবলৈ নিবিচাৰো দেই…ইমান সোনকালে নিবিচাৰোঁ…”-ককাকৰ মুখখন বেজাৰমুৱা হৈ পৰিল। 

”অ’ ককা, তোমাৰ একো নহয়, চিন্তা নকৰিবা!”-ডেৰ্হাই ককাকক সাহস দি ক’লে। ককাকক সিহঁতে সঁচাকৈয়ে খুব ভাল পায়। 

”হাব্ৰুবিলত কি হ’ল ককা?”-মেৰগাওৱে হঠাতে সুধিলে। 

”অঁ কৈছোঁ!”, ককাকে চাইকেলৰ পুৰণি চকা এটাৰ চকৰিৰ তাঁৰ একোডালত সৰু মাছ চাৰিটা লাহে লাহে গুঁজি ক’লে, “সেই বাওনা মানুহটো…মানে বাওনা ভূতটো ওলোৱাৰেপৰা আমাৰ ওচৰৰ গাঁওবোৰত আৰু আন ঠাইবোৰত, মানুহবোৰ মৰি নোহোৱা হৈছিল। গাঁৱৰ কিছুমান মানুহে কৈছিল-দুজনমানুহ যদি একেলগে ক’ৰবালৈ গৈ আছে, যদি সিহঁতৰ সন্মুখত বাওনা ভূতটো ওলাই, তাক যিজনে দেখিব, তেওঁৰহে মৃত্যু হ’ব।” 

”সিও চিঞৰি কান্দে নেকি?” 

”ওঁহো, নাকান্দে”-ককাকে উত্তৰ দিলে। জ্বলি থকা খৰি এডাল শব্দ কৰি ফুটি গ’ল আৰু সৰু সৰু ফিৰিঙতিবোৰ ওপৰলৈ উৰি গ’ল। 

”তাৰ পাছত হাব্ৰুবিলত কি হ’ল ককা?”-বাৰচাওৱে লাহেকৈ সুধিলে। 

”এটা আবেলিৰ কথা। হয়তো আবেলিটোও শেষ হ’বলৈ ধৰিছিল, কাৰণ বেলি প্ৰায় মাৰ গৈছিল, তথাপি সামান্য দূৰত থকা বস্তু এটা মনিব পৰাকৈ অকণমান পোহৰ হৈ আছিল। জিবে খুড়াৰক তহঁতে চিনি পাৱ নহয়, হাব্ৰুবিলৰ এমূৰে থকা হৃষ্টপুষ্ট মানুহজন যে?” 

”জিবে খুড়া? তেওঁ নিজচকুৰে বাওনা ভূতটো দেখিছিল নেকি?”-ডেৰ্হাই সুধিলে। 

”অঁ, দেখিছিল। তেওঁ গে’টৰ বাহিৰত ৰৈ থাকোঁতে বাওনা ভূতটোৱে হঠাৎ দেখা দি তেওঁৰ ঘৰৰ আগেৰে পাৰ হৈ গুচি গ’ল। তেওঁ ভাবিলে-সৰু ল’ৰাটোৱে চাগে ঘৰৰপৰা ওলাই ৰাস্তাত ঘূৰি-ফুৰিছে। সিনো অকলে কেনি যায় বুলি তেওঁ সুধিবলৈ লওঁতেই বাওনা ভূতটো হঠাতে অদৃশ্য হৈ গ’ল!” 

”য়ে ৰাম!”-তিনিওটাৰে গা সিৰসিৰাই গ’ল। বাৰচাওৱে লাহেকৈ ককাকৰ ওচৰ চাপিল আৰু ডেৰ্হাই ভয়ে ভয়ে পিছলৈ ঘূৰি চালে, যেন পিছফালে ক’ৰবাত চুটি, চাপৰ কোনোবা এটা ৰৈহে আছে। ককাকে লাহেকৈ চকৰিটো ঘূৰাই মাছৰ নিসিজা ফালকেইটা জুইৰ ওপৰত থ’লে। 

”জিবে আচৰিত হ’ল”, ককাকে কৈ গ’ল, “তেওঁ অলপ সময় তভক মাৰি ৰ’ল। তেনেতে সেইটো ৰাস্তাৰেই ৰিক্সা এখন আহিল। ৰিক্সাৱালাজনে গুণগুণাই কিবা এটা গাই আহিছিল। জিবেই তাক সুধিলে-কাপোৰ-কানি নিপিন্ধা সৰু ল’ৰা এটাক ৰাস্তাত সি দেখিছিল নেকি…”

”সি দেখিছিল নে…?”-বাৰচাওৱে সুধিলে। 

”ৰিক্সাৱালাজনে বাওনা ভূতটোক দেখিছিল নে?”-ডেৰ্হাই বাৰচাওক বাধা দি সুধিলে। 

ককাকে নাতিহঁতলৈ মৰমেৰে চালে আৰু তাৰ পাছত এবাৰ পোৰা মাছকেইটালৈ চালে। সদায় কাহিনীটোৰ শেষৰচোৱা জানিবলৈ ল’ৰাকেইটা যেতিয়াই আগ্ৰহী হৈ পৰে, ঠিক তেতিয়াই ককাকে কাহিনী শেষ কৰে! 

”ৰিক্সাৱালাজনে বাওনা ভূতটো দেখিছিল নে ককা?”-মেৰগাওৱে অধৈৰ্য্য হৈ সুধিলে। 

ককাকে হাঁহি এটা মাৰি ক’লে, “ওহোঁ, সি দেখা নাছিল। সেইদিনা বাওনা ভূতটোক কেৱল জিবেইহে দেখা পাইছিল।” 

”কিন্তু ককা, জিবে খুড়া দেখোন এতিয়াও জীয়াই আছে আৰু তেওঁৰ স্বাস্থ্যও ভাল”-বাৰচাওৱে টপৰাই ক’লে। 

”হয় সোণটো, তেওঁ জীয়াই আছে। কিন্তু এই বাওনা ভূতবোৰৰ ভৱিষ্যৎবাণী ভুল হোৱাটো খুব কমেইহে হয়। জিবেৰ ভনী জোঁৱায়েকৰ মৃত্যু হোৱাৰ কথা মনত নাই নেকি? আৰু তাৰ বেছি দিন নৌহওঁতেই দেউতাকৰো যে মৃত্যু হ’ল?” 

পট্ পটকৈ শব্দ কৰি জ্বলি থকা জুইকুৰালৈ চাই চাৰিওজন অলপ সময় মনে মনে বহি থাকিল। সেইদিনাৰ কাহিনী যে ইতিমধ্যে শেষ হৈছে, তাকে ক’বলৈ ডেৰ্হাই হঠাতে বাৰচাওক হেঁচুকি দিলে। কিন্তু বাৰচাওৱে এনেকৈ উচপ্ খাই উঠিল যে সি চিঞৰ এটা মাৰি, হাত আচাৰি, জঁপিয়াই উঠি চোতালৰপৰা দৌৰি গৈ পাকঘৰত সোমালগৈ। বেচেৰা বাৰচাও! তাৰ চিঞৰে বাকী দুটাকো বেছ ভয় খুৱালে। সিহঁতেও পাকঘৰত থকা মাকৰ ওচৰলৈ বুলি দুপদুপকৈ দৌৰ মাৰিলে। 

তাৰ পাছদিনা, মাড্লাগামিৰ ওচৰৰ গোসাঁইগাঁৱত বজাৰ বহাৰ দিন। বাৰচাওক দেউতাকে স্কুলৰ নতুন শ্ৰেণীৰ কিতাপ কেইখনমান কিনি দিবলৈ বজাৰলৈ লৈ যাব বুলি কৈছিল। দুপৰীয়া ভাত-পানী খাই বাৰচাওৱে দেউতাকৰ লগত বজাৰলৈ যাবলৈ ওলাল। বজাৰখনত সোমোৱাৰ লগে লগে বাৰচাওৱে বজাৰলৈ যোৱাৰ কাৰণটোকে পাহৰি গ’ল। মাটিত আৰু দোকানবোৰত তৰহে তৰহে চকুতলগা বস্তুবোৰ সজাই থোৱা আছিল… জোতা, ৰ’দ-চালি, টুপী, মুখত ঘঁহা ক্ৰীম, জেলেপী, পেণ্টত লগোৱা পেটি… তাৰ হাতখন আপোনা আপুনি খাকী পেণ্টটো বান্ধি থোৱা মৰাপাটৰ ৰছীডাললৈ গ’ল। সেই ৰছীডালৰ সলনি পেণ্টটো পেটি এডালেৰে বান্ধিবলৈ বাৰচাওৰ বৰকৈ মন গ’ল। 

তেনেতে সি দেউতাকৰ মাত শুনিলে-“কিতাপৰ দোকান পালোহি দেই বাৰচাও।” তেওঁ তামোল-পাণৰ গুমতি এখনৰ কাষত থকা সৰু কিতাপৰ দোকান এখনলৈ আঙুলিয়াই দেখুৱালে। 

কিতাপৰ দোকানখনত ছাত্ৰ এজনৰ প্ৰয়োজনীয় প্ৰায় সকলো কিতাপ মজুত আছিল। কলম আৰু পেঞ্চিলো আছিল। বাৰচাওৰ হাতত পৰা যিকেইখন কিতাপ মুঠেও পঢ়িব পৰা অৱস্থাত নাই, কেৱল সেইকেইখন কিতাপহে দেউতাকে তাক কিনি দিব। বাৰচাওৰ বাকীবোৰ কিতাপ অন্য ল’ৰা-ছোৱালীয়ে ইতিমধ্যে বহুবাৰ পঢ়ি আহিছে। বাৰচাওৰ দেউতাকে চোলাৰ জেপৰপৰা পৰিপাটিকৈ ভাঁজ কৰা সৰু কাগজ এখন উলিয়াই আনিলে। কাগজখন খুলি তেওঁ লিখি অনা কিতাপবোৰৰ নাম দোকানীজনক কৈ গ’ল। 

ইফালে বাৰচাওৰ চকু দুটা আছিল বাৰে-ৰহণীয়া দৃশ্যৰাজি আৰু কোলাহলেৰে ব্যস্ত বজাৰখনৰ ওপৰত। হঠাতে তামোল-পাণৰ সৰু গুমতিখনৰপৰা ওলাই অহা মানুহ এজনৰ ওপৰত তাৰ চকু পৰিল। মানুহজনে বাৰচাওক দেখা নাছিল। কিন্তু তেওঁ কি কৰি আছে, সেয়া বাৰচাওৱে লক্ষ্য কৰিলে। মানুহজনে তামোলৰ ৰঙা পিক এসোপা পেলালে। 

”মানুহজনে থু পেলাইছে”-এই কথাটোৱে বাৰচাওৰ অকণমানি মনটোত টোকৰ এটা মাৰিলে। হঠাতে তাৰ বাউসীৰ নোমবোৰ দাং খাই উঠা যেন অনুভৱ হ’ল। “তেতিয়াহ’লে এইখিনিতে ক’ৰবাত অশৰীৰী আত্মা এটা ঘূৰি-ফুৰিছে”-কথাটো ভাবি বাৰচাও ভয়তে কঁপি উঠিল। 

আৰু তাৰ পিছত, কেৱল এনিয়ে তেনিয়ে থু পেলোৱা মানুহবোৰহে বাৰচাওৰ চকুত পৰিবলৈ ধৰিলে… গেলা-পঁচা পাচলিৰ দ’মটোৰ কাষেৰে পাৰ হৈ যোৱা মানুহজনী….ঘেকেৰ ঘেকেৰকৈ কাহি থকা অসুখীয়া মানুহজন… বাৰচাওৰ পিঠিৰ ওপৰৰপৰা তললৈ সিৰসিৰনি এটা বাগৰি গ’ল। সি খাটাং হ’ল, যে কোনো অশৰীৰী আত্মা বজাৰত ঘূৰি-ফুৰিছে। এক্সৌৰ মাকৰ দৰেই কিজানি নতুন বোৱাৰী নাইবা জোঁৱায়েকক বিচাৰি আত্মাটো ঘূৰি-ফুৰিছে। বাৰচাওৱে দেউতাকৰ হাতখন টানকৈ ধৰিলে। 

তেনেতে কণমানি ল’ৰা এটা কিতাপৰ দোকানলৈ সোমাই আহিল। ল’ৰাটো বাৰচাওতকৈ চাপৰ আছিল আৰু তাৰ মূৰৰ চুলিখিনি খুৰাই থোৱা আছিল। তাৰ মূৰৰ ছালত চকলা-চকল ৰঙা দাগ কিছুমান দেখা গৈছিল, সেই দাগবোৰৰ কাৰণেই চাগে তাৰ চুলিখিনি খুৰাই দিয়া হৈছিল। 

”বাওনা ভূত!”-দেউতাকৰ হাতখন আগতকৈও টানকৈ ধৰি বাৰচাওৱে ভাবিলে। 

দেউতাকে তাৰ মুখলৈ চালে। “কি হ’ল বাৰচাও! তোৰ মুখখন দেখোন শেঁতা পৰি গৈছে! গা-মূৰ ঠিকে আছে নে?”-দেউতাক চিন্তিত হ’ল। “চাচোন, তোক দৰকাৰ হোৱা কিতাপ এইকেইখন হয়নে?” 

বাৰচাওৱে কিতাপবোৰ চাওঁতেই চুলি নথকা সৰু ল’ৰাটো দোকানৰপৰা ওলাই গ’ল। বাৰচাওৱে যেতিয়া আকৌ দোকানখনৰ চাৰিওফালে চালে, সৰু ল’ৰাটোক দেখা নাপালে। 

‘”হে ভগৱান! হে ভগৱান! ল’ৰাটো দেখোন নাই! তাক কেৱল মইহে দেখিলো! ইচ্ ৰাম! মোৰ পৰিয়ালৰ কাৰোৰে মৃত্যু হোৱাটো মই নিবিচাৰো।” বাৰচাওৰ চকুপানী ওলাই আহোঁ যেন হ’ল। তাৰ মাতটো কিছু ডাঙৰকৈয়ে ওলাল-“মই মৰিবলৈ নিবিচাৰো দেই!” 

”কি?”-বাৰচাওৰ দেউতাকে আচৰিত হৈ সুধিলে। 

”ল’ৰাটোৰ গাটো বেয়া যেন লাগিছে। তাক ঘৰলৈ লৈ যাওক”-বয়সস্থ দোকানীজনে ক’লে। 

বাৰচাওৰ দেউতাকে মূৰ দুপিয়ালে। তেওঁ কিতাপৰ পইচা দি বাৰচাওক দোকানৰপৰা উলিয়াই আনিলে। 

”তই ঘৰলৈ যাবি নেকি?”, বাৰচাওক দেউতাকে সুধিলে, “মোৰ বজাৰ কৰিবলৈ এতিয়াও বাকী আছে। তোৰ গাটো বেছিকৈ বেয়া লাগিছে নেকি?”, দেউতাকে আকৌ সুধিলে। “তোৰ কি হৈছেনো সোণ? কচোন….”

বাৰচাওৱে সেই মুহূৰ্তটোলৈ ৰৈ আছিল। সি ভাবিলে-“দেউতাৰ কথা শেষ হ’লেই মই কথাটো ক’ব পাৰিম।” 

”তই নক’লে মই কেনেকৈ জানিম বাৰু! তোৰ কি হৈছে, মোক কচোন সোণ।” 

অৱশেষত বাৰচাওৱে কথাটো কোৱাৰ সুযোগ পালে। সি ক’লে-“মই… ঠিকেই আছোঁ…দেউতা। এতিয়া গা ভালেই। মই অকলেই খোজ কাঢ়ি যাবগৈ পাৰিম, কিন্তু পোহৰে পোহৰেই ঘৰ পোৱাকৈ যাবলৈ মন গৈছে।” 

বাৰচাওৰ দেউতাকে ভাবিলে-“মানুহ এতিয়া অহা-যোৱা কৰিয়েই আছে। তাতে ৰাস্তাবোৰো বাৰচাওৰ কাৰণে চিনাকি। বেলি মাৰ যাবলৈ এতিয়াও ভালেমান পৰ…গতিকে চিন্তাৰ কাৰণ নাই।” 

”তই অকলে যাবলৈ দিগদাৰ নাপাৱ নহয়?”-তেওঁ নিশ্চিন্ত হ’বলৈ সুধিলে। 

বাৰচাওৱে আৰু দেৰি নকৰিলে-“মই যাওঁ দেউতা, মোৰ গা ভাল হ’ল, চিন্তা নকৰিবা।” 

বাৰচাওৱে দেউতাকৰপৰা কিতাপৰ টোপোলাটো লৈ বজাৰৰপৰা ওলাই মাড্লাগামিৰফালে খোজ দিলে। সেইদিনা বজাৰ বহাৰ দিন কাৰণে সি ৰাস্তাত বহুতো মানুহ লগ পালে। যেতিয়াই সি ৰাস্তাত অকলশৰীয়া হ’ল, তেতিয়া ডাঙৰকৈ গান গাবলৈ ধৰিলে। ইমান ডাঙৰকৈ গালে যাতে তাৰ নিজৰ মাতটোৱে দেউতাক লগত থকাৰ দৰে তাক সাহস দিয়ে। 

বেলি মাৰ যাবলৈ ধৰিছিল যদিও সিহঁতৰ গাঁৱৰ ওপৰত ওলমি থকা ডাৱৰবোৰৰ ফাঁকেৰে পোহৰখিনি বিৰিঙি আছিল। সেই পোহৰত বাৰচাওৱে দূৰৈৰপৰাই মাড্লাগামিৰ সীমাত থকা বাঁহনিখন দেখা পালে। সি দৌৰিবলৈ ধৰিলে, কিন্তু তাৰ এনে লাগিল-তাৰ গাঁওখন আৰু মাকৰ ওচৰলৈ যোৱা ৰাস্তাটো যেন কেতিয়াও শেষ নহ’ব। 

”অ’ বাৰচাও!” 

বাৰচাওক কোনোবাই পিছফালৰপৰা মতা যেন লাগিল। সি ফটকৈ ৰৈ চাওঁ নাচাওকৈ চকুৰ কোণ এটাৰে পিছফাললৈ চালে। পিছফালে চাই সি যি দেখিলে, সেয়া দেখি সি গাই থকা গানটো যেন বৰফৰ দৰে গোট মাৰি তাৰ ডিঙিত ৰৈ গ’ল। তাৰ পিছে পিছে কিবা এটা আহি আছিল! বাৰচাওৱে সেই ছয়াময়া কিবাটোৰপৰা চকু আঁতৰাই ঘৰৰফালে দৌৰ মাৰিলে। সি মুখত জমা হোৱা সেপ অলপ সৰহকৈ গিলি দিলে যাতে ডিঙিত জমা হৈ থকা গোটা বস্তুটো পেটলৈ গুচি যায়। তাৰ ডিঙিটো সঁচাকৈয়ে চাফা হৈ পৰিল আৰু সি আগতকৈও ডাঙৰকৈ গান গাই গাই টোপাকাঁড় যোৱাদি ঘৰলৈ দৌৰি গ’ল। 

সি দেখা বস্তুটো আচলতে কি আছিল….দৌৰি থাকোঁতেও সি সেই কথাটোকে ভাবি থাকিল। সেইটো মানুহ হয় নে? মৰা নে জীয়া মানুহ বাৰু? নে বজাৰত ঘূৰি ফুৰা আত্মাটোৱে তাৰ পিছে পিছে ঘৰলৈকে আহি আছিল? সি বাৰচাওৰ নামটো কেনেকৈ জানিলে? এই ভাবনাবোৰে বাৰচাওৰ অকণমানি মনটোৰ মাজত খেলি থাকোঁতেই সেই বস্তুটোৱে তাক আকৌ মাতিলে-“ঐ বাৰচাও…!” 

বাৰচাওৱে তাতকৈ বেছি বেগেৰে দৌৰিব নোৱাৰিলে। আচৰিত কথাটো হ’ল-তাৰ পিছে পিছে অহা সেই বস্তুটোৰ দৌৰৰ গতি বাৰচাওৰ সৈতে একেই আছিল। বাৰচাওৱে যেতিয়া বেগেৰে দৌৰে, সিও সিমান বেগেৰে দৌৰে। আৰু বাৰচাওৱে লাহে লাহে দৌৰিলে তাৰ গতিও লেহেমীয়া হয়। বাৰচাওৱে গম পোৱা নাছিল, যে এই দৌৰা-দৌৰিৰ কোবত, কোনো সময়ত সি গাই থকা গানটো চিঞৰি কন্দাৰ দৰে শুনা হৈছিল। আৰু বাৰচাওৰ কান্দোন ডাঙৰ হৈ অহাৰ লগে লগে সেই ছয়াময়া কিবাটোৱে তাক আগতকৈও ডাঙৰকৈ মাতিলে-“বাৰচাও! বাৰচাও!” 

বাৰচাওৱে মাতটো শুনিলে। আৰু এইবোৰ খেলিমেলিৰ মাজত বাৰচাওৰ মনটোৱে তাৰ ভৰি দুটাক ঘৰলৈ যোৱা ৰাস্তাটোৰ কথা ক’বলৈ পাহৰি গ’ল। অৱশ্যে বাৰচাওৰ ভৰি দুটাই ৰাস্তাটো চিনি নোপোৱাৰ কথাই নাছিল। কাহানিও শেষ নহ’ব যেন লগা সময়খিনি পাৰ কৰি অৱশেষত তাৰ ভৰি দুটা চিনাকি ঘৰখনৰ চোতালত ৰ’লগৈ। কমি আহিবলৈ ধৰা বেলিৰ পোহৰত সি হাওলি কিবা এটা কৰি থকা মাকৰ অৱয়বটো দেখিলে। ঘৰ পালেহি বুলি গম পাই সি বৰ সকাহ পালে। তাৰ ভয়টো পলাই ফাট মাৰিলে। শান্তি আৰু সকাহৰ অনুভৱটোৰ ওজন ইমানেই বেছি আছিল, যে তাৰ অকণমানি শৰীৰ-মনে সেই ভৰ সহিব নোৱাৰিলে। বাৰচাও মাকৰ কাষতে মূৰ ঘূৰাই সৰি পৰিল। 

বাৰচাওৰ যেতিয়া জ্ঞান ঘূৰি আহে, সি মাকৰ কোলাত শুই আছিল আৰু তাৰ মূৰত ঠাণ্ডা পানী সানি থোৱা আছিল। 

”উস্! এতিয়াহে ভাল লাগিছে!”-সি ভাবিলে। 

”বাৰচাও”, মাকে তাক মাতি আছিল। “কি হ’ল সোণটো? তইনো কি দেখিলি? দেউতাৰৰ লগত নাহিলি কিয়? আৰু কিবা ভূত-প্ৰেতে খেদাৰ দৰে তেনেকৈ দৌৰি আহিছিলি কিয়?” 

ভূত-প্ৰেতৰ নাম শুনিয়েই বাৰচাও উঠি বহিল। “তুমি কেনেকৈ গম পালা মা?”-সি সুধিলে। তাৰ গা তেতিয়াও অৱশ হৈ আছিল। 

”কিয়, তোৰ পিছে পিছে দেখোন বৰ্তা ঘৰলৈ আহি আছিল। তেওঁ কৈছে-তোক ইমানকৈ মাতোঁতেও তই নামাতিলি আৰু ৰৈ নিদিলি। খন্তেক ৰৈ আকৌ দৌৰি গুচি আহিলি। তই অকলে অহা দেখি তেওঁ তোক লগতে লৈ আহিব বুলি ভাবিছিল। কিন্তু তই হেনো শহা এটাই ভয় খাই দৌৰাৰ দৰে দৌৰ মাৰিলি। তোৰ যাতে ৰাস্তাত একো বিপদ নহয়, সেইকাৰণে তেৱোঁ তোৰ পিছে পিছে দৌৰি আহিল।” 

”হাঁ! সেয়া বৰ্তাহে আছিল নেকি?”-বাৰচাওৱে টপৰকৈ সুধিলে। 

”অঁ সোণ, সেয়া মইহে আছিলোঁ”-বৰ্তাকে বাৰচাওৰ ওচৰলৈ আহি, তাৰ মূৰত লাহেকৈ হাত ফুৰাই ক’লে। 

”তাৰমানে সেয়া কোনো অশৰীৰী আত্মা বা বাওনা ভূত নাছিল?”-বাৰচাওৱে সুধিলে। 

”মুঠেও নাছিল”-ককাকে বাৰচাওলৈ চাই হাঁহি এটা মাৰি ক’লে। তেওঁ মনতে ভাবিলে-ল’ৰাহঁতক অশৰীৰী আত্মাবোৰৰ কাহিনী আৰু নোকোৱাই ভাল হ’ব। “অন্ততঃ গা সিৰসিৰাই উঠা নতুন কাহিনী এটা মনলৈ নহালৈকে একো নোকোৱাই ভাল হ’ব”-কথাটো ভাবি তেওঁ মিচিকিয়া হাঁহি এটা মাৰিলে

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!