ভূপেন হাজৰিকাৰ গীততেই লুকাই আছে অসমীয়া জাতিৰ সত্তা

লেখক- প্ৰদীপ বৈশ্য

 যাৰ বলিষ্ঠ কণ্ঠই আছিল অস্ত্ৰ, গীততেই আছিল সুধা তথা জাতিটোৰ প্ৰাণ, তেৱেঁই হ’ল আমাৰ চিৰনমস্য ড: ভূপেন হাজৰিকা৷ নিজকে কেতিয়াবা জংলী, যাযাবৰ বুলি উল্লেখ কৰিলেও কালজয়ী শিল্পীজনে অসমীয়া জাতিটোক অনন্ত কাললৈ জীয়াই ৰাখিবলৈ যি শিকনি আৰু প্ৰেৰণা দি থৈ গ’ল, সেয়া তেওঁৰ গীত মাথোঁ এবাৰ শুনিলেই প্ৰতিজন চেতনাবান অসমীয়াৰ শিৰাই শিৰাই প্ৰৱাহিত হ’ব৷ বিশ্বৰ দৰবাৰত মূৰ তুলি জীয়াই থাকিবলৈ জাতিটোৰ বাবে যিখিনি কৰণীয়, সেইখিনি গীতৰ মাধ্যমত আমাক কৈ থৈ গৈছে৷ ন-পুৰুষক শংকৰদেৱ, মাধৱদেৱে শিকাই থৈ যোৱা একতা, লাচিতৰ স্বদেশপ্ৰীতি, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ জাতীয়তাবাদৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ বাৰে বাৰে আহ্বান জনাই গৈছে৷ অম্বিকাগিৰিৰ উদাত্ত ভাষ্য “অসম মৰিলে, আমিও মৰিম”- কথাষাৰ গীতৰ মাধ্যমেৰে পুনৰ সোঁৱৰাই জাতীয় চেতনাৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনাইছে৷ ড: দিলীপ দত্তই “ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰথ” গ্ৰন্থৰ আগকথাত সেয়েহে লিখিছে এইদৰে–“তেখেতে অসমৰ আকাশে বতাহে এনে ঢৌ তুলি আহিছে যে তেওঁৰ গীতে কাহানিও আলোড়িত নকৰা এখন অসমীয়া হৃদয় বিচাৰি উলিওৱা হয়তো অসম্ভৱ৷ ”
ভূপেন হাজৰিকাই সৰুৰে পৰা অসমৰ বিভিন্ন ঠাইত থাকিবলৈ সুযোগ পোৱাৰ উপৰিও বিশ্বৰ বিভিন্ন দেশ পৰিভ্ৰমণ কৰি ফুৰিছিল৷ তেওঁ হাড়ে-হিমজুৱে বুজি পাইছিল যে অসমখনৰ পাহাৰ-ভৈয়ামৰ লোকসকলৰ উমৈহতীয়া সম্প্ৰীতি অবিহনে বৃহত্তৰ অসমীয়া জাতিটোৰ কোনো অস্তিত্ব বা পৰিচয় নাই৷ সেয়েহে তেওঁৰ দৃষ্টিত – “অসমৰ পৰ্বতে ভৈয়ামে বাস কৰা থলুৱা লোকসকল আৰু অসমকে মাতৃভূমি বুলি গ্ৰহণ কৰা নতুন লোকসকলকো অসমীয়া বুলি গ্ৰহণ কৰে৷ ” [‘ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰথ’ গ্ৰন্থৰ দ্ৰষ্টব্য: ড: দিলীপ দত্ত]
নিশ্চয় অত্যুক্তি কৰা নহ’ব যে বৃহৎ অসমীয়া জাতিটোৰ সত্তা ভূপেন হাজৰিকাৰ গীতসমূহৰ মাজতেই লুকাই আছে৷ অলপ ভালকৈ অনুধাৱন কৰিলেই এই কথাত সৈমান যাব পাৰি৷ অসমীয়াসকল নো কোন, ক’ৰপৰা আহিল, জাতিটোৰ ভেটি কোনে প্ৰতিষ্ঠা কৰি থৈ গৈছে, অসমৰ জাতীয় সমস্যাবোৰত কেনেদৰে সাহসেৰে থিয় দিলে প্ৰাণ সঞ্চাৰ হ’ব, এই সকলোবোৰ বিষয়ৰ সম্যক ধাৰণা তেওঁৰ সহজ-সৰল গীতসমূহৰ মাধ্যমেদিয়েই পোৱা যায়৷ তলৰ লেখাত তাৰেই প্ৰমাণ হিচাপে দুটামান গীতৰ উল্লেখযোগ্য অংশ তুলি ধৰা হৈছে৷
‘আমি অসমীয়া নহওঁ দুখীয়া’ – শীৰ্ষক গীতটোত তেওঁ উল্লেখ কৰিছে এইদৰে-
নানা জাতি উপজাতি
ৰহণীয়া কৃষ্টি
আঁকোৱালি লৈ হৈছিল সৃষ্টি
………………………
……………………..
প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়
আৰু দূৰণিৰ পৰা আহি
লুইতৰ পাৰৰে মাটিক
মাতৃ বোলা প্ৰতি ভাৰতীয় হ’ল
নতুন ৰূপৰ অসমীয়া৷
‘মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ’ গীতটোত গাইছে এইদৰে –
সুদূৰ কাণ্য ভোগজৰে পৰা
বাৰভূঞা আহিছিলে
সেই বংশতে শংকৰদেউ
ইয়াতে জনমিলে,
মৰুৰ দেশৰে আজান ফকিৰে
মধুৰ জিকিৰ ৰচিলে,
……………………..
একশৰণ নাম ধৰ্ম প্ৰচাৰৰ লগতে অসংখ্য গীত, পদ, নাট ৰচনাৰ যোগেদি এসময়ত ব্যভিচাৰ হৈ পৰা অসমীয়া সমাজখনক একত্ৰিত কৰাত দুইজনা মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ গুৰুত্ব অপৰিসীম৷ মহাপুৰুষ দুজনাৰ কীৰ্তি আৰু তেওঁলোকে গঢ়ি থৈ যোৱা জাতিটোৰ সুদৃঢ় ভেটি আৰু অৱদান প্ৰতিজন অসমীয়াই আজিও অনুভৱ কৰে৷ সেয়েহে, এই অৱদানৰ কথা সুঁ‌ৱৰিয়েই তলৰ গীতটোত সুধাকণ্ঠই গীতিকাৰ জীৱনৰ পাতনি মেলিছিল এইদৰে-
কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে ধৰিছিল নামৰে তান,
নামৰ সুৰতে আনন্দত নাচিছিল পৱিত্ৰ বৰদোৱা থান
মোৰ গুৰু ঐ, পৱিত্ৰ বৰদোৱা থান৷
অশেষ যাতনা ভুঞ্জিলা শ্ৰীশঙ্কৰ ধৰমৰ নামতে তুমি
সকলো দুখলৈ পিঠি দিলা গুৰু, ধন্য অসম ভূমি
মোৰ গুৰু ঐ, ধন্য অসম ভূমি৷
অসমীয়া জাতিটোৰ প্ৰতিটো সংকটকালত তেওঁ বলিষ্ঠভাবে গীত গাই সকলোকে অনুপ্ৰাণিত কৰিছিল৷ দেশৰ স্বাধীনতা আন্দোলন, অসমৰ ভাষা আন্দোলন, বিদেশী বিতাড়ন আন্দোলন আদিৰ দৰে প্ৰতিটো আন্দোলনত জনতাক সংঘবদ্ধ হ’বলৈ আহ্বান জনাইছিল৷
১৯৭৯ চনত আৰম্ভ হোৱা ভাষা আন্দোলনত জাতিটোক উৎসাহ দিবলৈ গাইছিল এইদৰে-
আমি অসমীয়া নহওঁ দুখীয়া
…………………….
কোনোবা কাপুৰুষক
পুৰুষ কৰিবলে
জ্যোতিপ্ৰসাদো যে আছে
অসম মৰিলে, আমিও মৰিম
বুলি ক’বলৈ শ্বহীদো আছে৷
আজি অম্বিকাগিৰীৰ চিঞৰক হেজাৰে
হাতে কামে নৱৰূপ দিব,
আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে
অসমতে ভগনীয়া হ’ব৷
একেদৰে ১৯৮০ চনত অসম আন্দোলনত গ্ৰেপ্তাৰ হোৱা বহু যুৱকক প্ৰেৰণা দিবলৈ গীত ৰচি গাইছিল এইদৰে –
লুইতপৰীয়া ডেকা বন্ধু
তোমাৰ তুলনা নাই
জীয়াই থকাৰ যুঁজত নামিছা
মৃত্যু শপত খাই৷
একত্ৰিত হৈ থাকিলে শৃগালকো সিংহই ভয় কৰে৷ সাধাৰণ জনতাক হিংসাৰ বিপক্ষে আন্দোলনত যুঁজিবলৈ, ইয়াতকৈ হয়তো সুন্দৰ উদাহৰণৰ প্ৰয়োজন নাই৷ তেওঁ গাইছিল এইদৰে–
কাল ৰাত্ৰিৰ বুকুতে লুকাই
আছেই প্ৰভাত বুজিলানে নাই?
……………………………..
ৰাইজ সিংহক শৃঙ্খল শৃগালে
সদা কৰে ভয় বুজিলানে নাই?
গাৱঁৰ ছন পৰা মাটিখিনিত নিজহাতে সোণগুটি চপাব পাৰিলে আনন্দৰ সীমা নোহোৱা হয়৷ সেয়েহে চহা খেতিয়কক মহাজনৰ নিষ্ঠুৰ হাতোৰাৰ পৰা মুক্ত হ’বলৈ আহ্বান কৰিছে এইদৰে –
বহুদিনৰে পৰা ছন পৰা
মোৰ গাঁৱৰ মাটি ডৰা
চহ কৰি সেউজ কৰিম আনন্দে নধৰে৷
ধান নিদিওঁ
ঋণ নলওঁ
সুদ নিদিওঁ আৰু
মহাজনৰ নিষ্ঠুৰ বুদ্ধি সহোঁ কেলেই বাৰু?
ৰূপহী অসমখনৰ গুণ বখানি তেওঁ কৰা প্ৰশংসাৰ সীমা নাছিল৷ তলৰ গীতটোলৈ লক্ষ্য কৰিলেই তাৰ প্ৰমাণ পোৱা যায় –
অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ
…………………….
জন্ম ল’লোঁ ইয়াতেই, ইয়াতেই যেন মৰোঁ৷
..…………………….
পাম ক’ত এনে মধুৰ ৰূপৰ সমাৱেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ৷
সুধাকণ্ঠই অসমখনক কিমান উদাৰভাবে ভাল পাইছিল তাৰ প্ৰকাশ কৰিছে এইদৰে –
অসমী আইৰে লালিতা পালিতা
মই তোলনীয়া জী
অসমীৰ সন্মান সদায়ে ৰাখিমে
আৰুনো কওঁ মই কি?
মৰণ বা মৃত্যুক পাহৰি হাঁহিৰে জীৱনটো আঁকোৱালি ল’বলৈ প্ৰেৰিত কৰিছে এইদৰে-
আজি জীৱন বুটলিবি
হাঁহি হাঁহি আহ
আজি মৰণ পাহৰিবি
হাঁহি হাঁহি আহ
বাঁহীটি লৈ আহ
আৰু হাঁহিটিলৈ আহ
আজি যুগৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ৷
অসমীয়া জাতিটোৱে অসমখনত নাই(নাইকিয়া)বুলি ক’বলৈ জানো কিবা আছে? শিল্পীজনাৰ মতে আমাৰ ৰূপহী অসমখনত সকলো আছে৷ অসমখন চহকী কৰিবলৈ আছে মহাবাহু ব্ৰহ্মপুত্ৰ(যাক তেওঁ মহামিলনৰ তীৰ্থ বুলি কৈছে) আৰু আছে চিৰসেউজ পাহাৰ-ভৈয়ামেৰে আৱৰি থকা তাৰেই দুয়োটি পাৰ৷ তলৰ গীতটোত তাৰ স্পষ্ট প্ৰকাশ ঘটিছে৷
ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণে
নেপুৰ বজায় ক’ত, ক’ত?
গিৰ গিৰ ডাৱৰেনো
মাদল বজাই ক’ত?
……………………
কাৰ পদূলিতে কেতেকীয়ে
মলে মলাই ক’ত?
এই অসম দেশত, অসম দেশত৷
গীতবোৰে যাতে নিৰাশা কঢ়িয়াই অনাৰ সলনি সঞ্চাৰ কৰে গভীৰ আশাৰ বতৰা, সেয়াই তেওঁ ইচ্ছা কৰিছিল৷ তলৰ গীতটোত এই কথাৰ স্পষ্ট প্ৰমাণ দিছে এইদৰে –
মোৰ গান হওক
বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান৷
মোৰ সুৰ বিন্যাসত মূৰ্ত্ত হওক
অতীত বৰ্তমান
চিৰ উজ্জ্বল ভৱিষ্যতে যেন তাতেই কৰে নিতে স্নান৷
অসমখনক ভালকৈ জীয়াই ৰাখিবলৈ হ’লে ভূপেন হাজৰিকাক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিব লাগিব৷ তেওঁৰ গীতৰ অমিয়াখিনি পান কৰি,ল’ব লাগিব দৃঢ় পণ, অসমখনক ভাল পোৱাৰ পণ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!