ভোক
লেখক- পাৰ্থ জ্যোতি বৰুৱা
চাওকচোন, ইমান অকণমানি এটি শব্দ, অথচ কেনেকৈ যে বোকোচাত বান্ধি লৈ ফুৰে, আকাশৰ দৰে বিশাল, সাগৰৰ দৰে গভীৰ তাৎপৰ্য, বিৰাট এটা অনুভৱ। এটা বয়স আছিল— ভোকৰ সৈতে মুঠেও পৰিচিত নাছিলোঁ। আচলতে, পৰিচয় হোৱাৰ সুবিধাই পোৱা নাছিলোঁ। ঠিক তেনেকুৱা এটা বয়সতেই ‘ভোক কেনেকৈনো লাগে’ বুলি সুধি মা-দেউতাক বোধকৰো বিপাঙতেই পেলাইছিলোঁ। লাহে লাহে ডাঙৰ হ’লোঁ, বুজন হ’লোঁ। নোখোৱা-নোবোৱাকৈ লগ-সমনীয়াৰ লগত দিনৰ দিনটো ক্ৰিকেট খেলি থকাৰ পৰত, সময়মতে স্কুলবাছ আহি নোপোৱাৰ বাবে সামান্য পলমকৈ ঘৰ সোমোৱাৰ পৰত, পেটত এটা অদ্ভুত যন্ত্ৰণা অনুভৱ কৰিবলৈ শিকিলোঁ। সেয়াই চাগে’ ভোক। নিজৰ ৰুচি অনুযায়ী খোৱাৰ পাতত বহি মাক আব্দাৰ ধৰাৰ অন্য এটি নাম— ‘ভোক’। সেই বয়সত ‘ভোক’ বুলিলে ঠিক এনেদৰেই অনুভৱ কৰিছিলোঁ।
লাহে লাহে জীৱনটো আগবাঢ়িল, জ্ঞান-বুদ্ধি-দায়িত্ববোধ পূৰঠ হ’ল, সময়বোৰ প্ৰয়োজনতকৈ সামান্য বেছিকৈয়ে কঠিন হৈ পৰিল। জীৱন সম্পৰ্কীয় বহুবিলাক প্ৰত্যাহ্বানৰ সন্মুখীন হ’লোঁ। যোগ্যতা আৰু সুযোগৰ কান্ধত ভেজা দি জীৱনৰ অনেক দিশ নিৰ্দ্ধাৰণ কৰাৰ তাগিদাত একে সময়তে গধুৰ হৈ পৰিল মন আৰু মস্তিষ্ক। তাৰপাছত আৰু ‘ভোক’ বোধকৰো খোৱাৰ পাতত বহি মাক আব্দাৰ ধৰাৰ তাড়নাৰ অন্য এটা নাম হৈ নাথাকিল। কিছু কিছুৰ কথা সুকীয়া যদিও প্ৰায়বোৰৰ বাবেই কিন্তু ‘ভোক’ হৈ পৰিল লাজ, হতাশা, কুণ্ঠাবোধ, সংগ্ৰাম অথবা সমস্যাৰ অন্য এটি নাম। আপুনি কি ভাবে নাজানো, এই বয়সত থিয় হৈ আমাৰ কেতিয়াবা এনেকুৱা লাগে যেন ‘ভোক’ বোলা শব্দটো পৃথিৱীত নথকা হ’লেই আমিবোৰ শান্তিৰে থাকিব পাৰিলোহেঁতেন, হৈ-হাল্লা নহ’লহেঁতেন, যুঁজ-বাগৰ, খোৱা-কামোৰা, হিংসা-হত্যা ইত্যাদিৰ দৰে অকটা শব্দবোৰো নাথাকিলহেঁতেন, মুঠতে জীৱনটোক মহা আৰামেৰে উপভোগ কৰাৰ অৱকাশ পালোঁহেঁতেন। কিন্তু আকৌ ভাবোঁ— এয়া জানো সঁচা? ভোক অবিহনে সম্পূৰ্ণ হ’ব পাৰে জানো একোটা জীৱন? মানি লৈছোঁ, ভোক একুৰা জুই আৰু এই জুইতেই বহু সময়ত আপুনি, মই আৰু তেওঁ পুৰি মৰিছোঁ। কিন্তু অন্যহাতে, এইকুৰা জুইতেই দেখোন আমি দুহাত সেকি উমাল কৰি লৈছোঁ জীৱন-যাপনৰ বহুবোৰ জঠৰ সময়। ভোকেইতো আমাক জীবলৈ শিকাইছে।
জীৱন বুলি ক’লে আমি এটা কথাই খুব স্পষ্টকৈ জানো, সেয়া হ’ল, আমি প্ৰত্যেকেই চেকুৰিছোঁ। খুউব চেকুৰিছোঁ। পিছলৈ নোচোৱাকৈ চেকুৰিছোঁ আৰু চেকুৰিছোঁ। চেঁকুৰিবৰ বেলিকা, আপুনি-মই বাৰু ভাবি চাইছোঁনে, কিহৰ তাড়নাত চেঁকুৰিছোঁ আমি? ভোকৰ তাড়নাত নহয়নে? হয়, ভোক আছে বাবেই চেকুৰিছোঁ আমি। আৰু চেকুৰিছোঁ বাবেই আগবাঢ়িছোঁ। এয়াইতো জীৱন, জীৱনৰ দৌৰ। আচল কথা— ভোক আছে বাবেইতো জীছোঁ এই জীৱন, ভোক আছে বাবেইতো জীৱনৰ ৰাগীত মাতাল হোৱাৰ সুবিধা পাইছোঁ। । ভোকে আমাক জীয়াই থকাৰ বাট দেখুৱায়। এই অকণমানি শব্দটোতেই মজুত থাকে সংগ্ৰামৰ প্ৰচুৰ ইন্ধন। ভোক আছে বাবেইতো পেটভৰাই এসাঁজ যোগাৰ কৰাৰ গৰ্বেৰে চপচপীয়া হৈ থাকে আমাৰ বুকুৰ শাওণীয়া পথাৰ।
তেতিয়াহ’লে, কিয় সমাজৰ এই পংকিলতা? কিয় এই দুৰ্নীতি-অনিয়ম? কিয় আমি নিতৌ আন্তৰিকতাৰে শিকিছোঁ পিছফালৰপৰা ছুৰীকাঘাত কৰাৰ জঘন্য কিটিপ? আমি নিজে নিজকে কিয় বাৰে বাৰে বেচিছোঁ বা কিয় বাৰে বাৰে সলাইছোঁ মুখা? কেৱল ভোকৰ বাবে? ভোকেই যদি দেখুৱায় জীৱনৰ বাট, তেতিয়াহ’লে কিয় আমি দিক্ভ্ৰান্ত, কক্ষচ্যুত হৈ পৰিছোঁ এই আজৱ পৃথিৱীত? কিয় অশান্তিৰে পাৰ কৰিছোঁ প্ৰতিটো দিন, প্ৰতিটো ৰাতি? কিয়? কেৱল ভোকৰ বাবে? হয়, কেৱল ভোকৰ বাবে। আপুনি হয়তো অস্বীকাৰ নকৰে। এমুঠি অন্নৰে এবেলাৰ ‘পেটৰ ভোক’ সামৰি থোৱাৰ দৰে আমি সামৰিব নোখোজোঁ ‘মনৰ ভোক’। আমি প্ৰত্যেকে জীৱনটোক আটকধুনীয়াকৈ সজাব খোজোঁ আৰু পৃথিৱীৰ সমস্ত সুখ আঁজুৰি আনিব খোজোঁ। আৰু সেইবাবেই আমি সুখত থাকিব নোৱাৰোঁ, সুখেৰে থকাৰ কথা কেতিয়াও চিন্তাই নকৰোঁ। কৰিবলৈ আহৰিয়েই নাই। জীয়াই থাকিবৰ জোখাৰে আমাক যিমান সুখ লাগে, তাৰো ঊৰ্ধ্বত আমি সুখ আহৰণৰ যত্ন কৰোঁ। হেঁপাহ নপলায়। সেয়াই ‘মনৰ ভোক’।
কিন্তু আপুনি বাৰু নাভাবেনে কেতিয়াবা যে, আজিৰ তাৰিখত ‘মনৰ ভোক’ সামৰি থ’ব পৰা মানসিকতাৰ আঁৰতেই লুকাই থাকে সুখৰ আকৰ? নিশ্চয় ভাবে। এয়া আমাৰ সকলোৰে উপলব্ধি। কিন্তু জানিও নজনাৰ, শুনিও নুশুনাৰ ভাও ধৰোঁ আমি। গতিকে আহকচোন, আমি ‘মনৰ ভোক’ সামৰি থোৱাৰ অভ্যাস কৰোঁ। প্ৰথমে আপুনি আৰু মই। তাৰ পাছত তেওঁক ক’ম। আহকচোন, এবৰ চেষ্টা কৰি চাওঁ। ভোক সামৰি থোৱাৰ এটা আন্দোলনৰ ব্লু-প্ৰিণ্ট ৰচনা কৰোঁ। কিজানিবা সুন্দৰ হয় পৃথিৱীখন, কিজানিবা ভাল পাব পাৰো জীৱন, কিজানিবা সাবটিব পাৰো সুখ! হ’বওতো পাৰে! নোৱাৰেনে?