ভোগালীৰ হেৰুৱা দিনবোৰ
লেখক- -প্ৰীতিলেখা বৰা
পুহমহীয়া ঠেঁটুৱৈ লগা জাৰ আৰু জাপে জাপে পিন্ধা উমাল কাপোৰৰ মাজেৰে প্ৰতিবাৰৰ দৰেই ইংৰাজী নৱবৰ্ষটো আহিল। কুঁৱলীয়ে আবৰা সন্ধিয়াবোৰত চুৱেটাৰ, জেকেট আৰু ডিঙিত আৰনাই মেৰিয়াই গ্ৰন্থমেলাত টহল দি থাকোঁতেই মাঘৰ বিহুটো পাবহি। তাৰে মাজৰ আঙুলিৰ পাবত গণিব পৰা দিনকেইটাতে খুউব বেছি তিল পিঠা কেইটামান, ঘিলা পিঠা আৰু বৰ পিঠা কেইটামানৰ লগত নাৰিকলৰ লাড়ু কেইটামান হ’লেই মোৰ ভোগালীৰ প্ৰস্তুতিও হৈ যাব। বিহুৰ দিনা খাব পৰাকৈ জলপান এভাগৰ ব্যৱস্থাও বজাৰৰ পৰাই কৰা হ’ব। হওঁতে গুৱাহাটীৰ আৱাসিক বিল্ডিঙত ভোগালীৰ অনুভৱ এটা হোৱাকৈ উৰুকাৰ ভোজ এটা সমূহীয়াকৈ হ’ব। বিহুৰ দিনা পুৱাতেই চাদৰ মেখেলা পিন্ধি তলত সাজু কৰি থোৱা অকণমান ৰেডিমেড মেজিটো জ্বলাই টেবুল ভৰ্তিকৈ সজোৱা পিঠা পনা আৰু জলপান খোৱা পৰ্ব এটাও হৈ যাব। তাৰপাছত দিনৰ ভাগত বিহু বুলিয়েই আৱাসৰ কণ কণ মইনাহঁতৰ বাবে খেল-ধেমালি দুটামানৰ আয়োজন কৰি শেষত ডাঙৰ কেইগৰাকীমানে দুপাকমান বিহু মাৰি সন্ধিয়ালৈ ভোগালী মেলা এখন চাই অহালৈ বছৰেকৰ বিহুটো শেষ হ’ব।
ভোগালী বিহুৰ সম্যক ধাৰণা এটা আমাৰ উঠি অহা নতুন প্ৰজন্মখিনিয়ে এনেকৈ
য়ে কৰি ল’ব। ভোগালী মানেই যে ভোগ আৰু প্ৰাচুৰ্য্যৰ উৎসৱ আৰু তাৰ আনন্দময় পৰিৱেশ সিহঁতে বুজিব পৰাকৈ বৰ্তমান আছেই বা কি! অথচ ভোগালী বুলিলেই তাহানি আঘোণৰ খেতি চপোৱাৰে পৰাই কতযে আয়োজন!
পাছে কথাটো হ’ল কৰ্মসূত্ৰেই চহৰমুখী হোৱা আমাৰ ঘৰখনত মা-দেউতা দুয়োজনৰেই কৰ্মব্যস্ততাত আঘোণৰ খেতি চপোৱা আৰু ন-খোৱা আদি গাঁৱৰ ঘৰখনত গৈ প্ৰতি বছৰেই উপভোগ কৰিবলৈ সুবিধাটো নাছিল। সেয়েহে মোৰ সৰু কালছোৱাত আমাৰ ঘৰত ভোগালীৰ আয়োজন আৰম্ভ হৈছিল দেউতাই মাটিৰ চৰুত দৈ পতাৰ দিনাৰে পৰা। ঠাণ্ডাৰ দিন যিহেতু গতিকে দৈ বান্ধোতে দহ দিনো লাগিব পাৰে। সেয়েহে দহ দিন আগেয়েই দেউতাই মাটিৰ মলা আনি এন্ধাৰি এটাৰে সৈতে সাজু কৰি ৰাখিছিল। গুৱালে দিয়া গাখীৰ-পানীৰ মিশ্ৰণখিনিৰে দৈৰ শোচনীয় অৱস্থাটো আগেয়েই অনুমান কৰি পুৱা চাৰে সাত বজাতে কুঁৱলীৰ মাজেৰে গৈ মূল পকীপথৰ কাষত সীতাজখলাৰ গাড়ীখনলৈ বুলি খাপ পিতিছিল। সেইটো কাম কৰিবলৈ যাওঁতে দেউতাৰ উথপথপখিনি যেন গোটেই ঘৰখনতে উপচি পৰিছিল।
আনহাতে ঘৰৰ বাৰাণ্ডতে চাইকেলত দুয়োফালে মোনা ওলমাই অনা মানুহজনে উলিয়াই দিয়া বৰা চাউল, কোমল চাউল, তিল আদিবোৰ সামৰি থকা মাৰ মুখখনৰ পোহৰখিনি মোৰ মুখলৈকেতো বিয়পি পৰিছিল। তাৰপিছৰ কোনোবা এটা আবেলি আমি মাক জীয়েক দুয়োজনী নিজ নিজ স্কুলৰ পৰা আহি পোৱাৰ পাছত চুবুৰীয়া শইকীয়ানী বৰমাহঁতৰ ঘৰৰ ঢেঁকীত পিঠাগুড়ি খুন্দিবলৈ বুলি যোৱাৰ সমান আনন্দ সেইকেইদিনত যেন আন একোৱেই দিব পৰা নাছিল। অথচ ঢেঁকী মায়ে দিছিল আৰু বৰমাগৰাকীয়ে পিতলৰ চৰিয়াটোত চালনিৰে চালি পিঠাগুড়িবোৰ হাতেৰে হেঁচি হেঁচি থৈ গৈছিল। আৰু মই ওচৰতে পীৰা এখনতে বহি গোটেই কাণ্ডটো কেৱল নিৰীক্ষণ কৰিহে আছিলোঁ। সেইকেইটাদিনত চুবুৰীটোত ঢেঁকীৰ শব্দবোৰ যেন তেনেই পৰিচিত হৈ পৰিছিল। সেইকেইদিনৰ আন এটা পৰিচিত শব্দ আছিল পুৱাতেই আটাইৰে ঘৰত কাপোৰ আছাৰা শব্দবোৰ। অৱশ্যে বিহু যিয়েই নহওক আয়োজনৰ দিনবোৰত তেতিয়াৰ ঘৰবোৰৰ আগফাল পাছফালৰ টাটী, চকোৱা, কাপোৰ মেলা ডাঁৰ সকলোতে কাপোৰে ৰঙা বগা হৈ থকাটোও এটা যেন অলিখিত ধৰাবন্ধা পৰম্পৰাই আছিল।
তাৰ সমানে সমানে চুবুৰীটোত ওপঙি ফুৰা সেই ভজা তিল নাইবা ভজা নাৰিকলৰ সুগন্ধটোৱেও ভোগালী ভোগালী পৰিৱেশ একোটা সৃষ্টি কৰাত জানো কৃপণালি কৰিছিল?
আটাইবোৰৰ মাজত আটাইতকৈ বেছি উলাহে নধৰা হৈছিল আমাৰ দৰে চেমনীয়াখিনিৰ। ইঘৰ সিঘৰত খেলি ফুৰোঁতে কোনোবা এজনীৰ মাকে দিয়া পিঠা এটা টুপুককৈ খাবলৈ পোৱাটোও কমটি আমেজৰ কথানে! মোৰ মনত আছে এবাৰ এঘৰত হাতৰ মুঠিটোত নধৰা সমান একেবাৰে দাঁতত দিলেই পমি যোৱা বিধৰ পিঠা এটা দিছিল। খাই ইমানেই ভাল পাইছিলোঁ যে ঘৰত আহি মাক খাটনি ধৰিছিলোঁ তেনেকুৱা পিঠা আমাৰ ঘৰতো ভাজিবলৈ। হওঁতে দেখাত তেনেকুৱা ধৰণৰ পিঠা এবিধ মায়েও ভাজিছিল। কিন্তু ইমান কোমল হোৱা নাছিল। যিটো মই খাবলৈকো বৰ এটা ভাল পোৱা নাছিলোঁ। মোৰ খাটনিত মায়ে সিহঁতৰ ঘৰলৈ গৈ সুধি আহিবলৈ বাধ্য হৈছিল। আৰু উৰহি গছৰ ওৰটো তেতিয়াহে ধৰিব পাৰিছিল। মায়ে ভজা পিঠাটো আৰু সেইটো পিঠা হওঁতে একেটাই আছিল। মায়ে যেনিবা কোমল চাউলৰ সলনি ভাত খোৱা আৰৈ চাউলৰ পিঠাগুড়ি লৈছিল। বাকীখিনিনো কি! গুলি লোৱা মিঠৈ আৰু পিঠাগুড়িৰ ঘোলত নাৰিকল ৰোকা অকণমান, চফ গুটি আৰু এচিকুট নিমখ মিহলাই গৰম মিঠাতেলত এটা এটাকৈ ভজা কাৰবাৰটো একেটাই আছিল। আৰু সেই তেতিয়াৰে পৰা অকল কোমল চাউলৰ পিঠাগুড়িৰে কৰা বৰ পিঠাটো মোৰ আজিলৈকে সলনি নোহোৱা ৰুচিবোধত পৰে বুলিলেও অত্যুক্তি কৰা নহ’ব। অৱশ্যে মোৰ পছন্দৰ মুখৰোচক বুলিলে লোহাৰ কেৰাহীৰ ওপৰৰ বাঁহৰ শলি দুডালত সজাই যোৱা গৰম গৰম তিলপিঠাকেইটা, ৰোকা নাৰিকলেৰে মিঠৈ দি কৰা লাড়ুকেইটা, ঘীউ দি কোমলকৈ কৰা পকা মিঠৈকেইটা আৰু একেবাৰে উনি উনি মিঠা হোৱাকৈ কৰা চচ পিঠাটোৰ নাম উল্লেখ নকৰিলে লেখাটোৱে আধৰুৱা হ’ব।
অঃ পিঠাৰ কথা কৈ থাকোঁতে মনত পৰিল। সামাজিক মাধ্যমৰ এগৰাকী প্ৰতিভাৱান লেখা মেলা কৰা ব্যক্তিয়ে এবাৰ লিখিছিল “অসমীয়া পিঠাপনাবোৰত ইমান মিঠাৰ পয়োভৰ কিয়?”
তেখেতে তিলপিঠা, বৰপিঠা, সুতুলী পিঠা আদি আটাইবোৰকে সাঙুৰি ঢেৰ আপত্তিজনক ব্যাখ্যা এটা দাঙি ধৰিছিল। তাৰ সলনি তেখেতে দক্ষিণৰ ইডলি ডোচাকে খাবলৈ ভালপায় বুলি মতামত ৰাখিছিল। লেখাটোত অহা কমেণ্টবোৰতো বহুতৰে একেখিনিয়ে মনৰ কথা হেনো।
এতিয়া কথাটো হ’ল ইডলি ডোচা বাৰু ময়ো বেয়া নাপাওঁ। কিন্তু ভাবিবলগীয়া কথা যে আমাৰ থলুৱা নিমখীয়া পিঠা নাইবা চেনি নিমখ একো নিদিয়াকৈ কৰা পিঠাবোৰৰ বিষয়ে তেখেত হয়তো অনভিজ্ঞ। কাৰণ আমাৰ ঘৰতে দেখিছিলোঁ দেউতা মধুমেহ ৰোগী আছিল বাবেই মায়ে নিমখীয়া ঘিলা পিঠা এবিধ ভাজিছিল। আৰৈ চাউল আৰু কোমল চাউলৰ পিঠাগুড়ি মিহলাই কৰা এইকেইটা ঘিলাপিঠাৰ বৰ সোৱাদ আছিল। আৰু কেটলী মুখত দিয়া পিঠাকেইটা! মাজতে নাৰিকল আৰু গুৰৰ পূৰ দিয়া হ’লে কেটলী পিঠা খাবলৈ সোৱাদ হয়। যদিও আমাৰ ঘৰত সৰহভাগেই এচিকুট নিমখ মিহলাই পিঠাগুড়িখিনি কেটলী মুখত দিবলৈ সাজু কৰিছিল। খাবলৈ দেখোন তেতিয়াও ভাল হৈছিল। তদুপৰি আমাৰ সকলোৰে পৰিচিত পানী পিঠা বা খোলাচপৰীয়া পিঠাখনৰ কথা ন কৈ কোৱাৰ প্ৰয়োজন আছে জানো?
আৰু চুঙা পিঠা! সেয়াটো দৈ বা ক্ৰীমৰ লগতে খাব লাগিব বুলি ধৰাবন্ধা কথা নাই। ভজা কুকুৰাৰ মাংসৰ লগত জুইত পোৰা এইবিধ চুঙা পিঠাৰ জুতি আমি পহিলা মাঘত প্ৰায়েই লৈছিলোঁ। তদুপৰি কৰাইগুৰিত গৰমপানী ঢালি নিমখ এচিকুট দি (সামান্য পৰিমাণে চেনি বা গুৰ অকণমানো দিব খুজিলে দিব পাৰি) সনা লাড়ুটোৰ জুতি লোৱাসকলেও জানে খাবলৈ কিমান সোৱাদ। এইবোৰৰ উপৰিও বিহু বুলি মামাৰ ঘৰৰ পৰা প্ৰতিবছৰে উৰুকাৰ দিনাই মামীয়ে দি পঠিওৱা টোপোলাটোত বৰা চাউলৰ নিমখীয়া ঘিলা পিঠা কেইটামান আচুতীয়াকৈ বান্ধি দিছিল কেৱল দেউতাৰ বাবেই। দাঁতত লিকটিয়াকৈ লগা অথচ কোমল পিঠাকেইটা দেউতাতকৈ বেচি মইহে খাইছিলোঁ। কি যে সোৱাদ! আহ!
একেদৰে জলপানো কিবা নিমখীয়াকৈ খোৱাৰ উপায় নাই নে?
কোমল চাউল কেৰাহীত শুকানে ভাজি “ভজা চাউল” কৰি টেমা এটাত কাহানিও তলি পাব নোৱাৰাকৈ মায়ে প্ৰায়েই থৈ যায়। বছৰটোত যেতিয়াই তেতিয়াই বা যিকোনো বন্ধৰ বাৰত সেয়া অকণমান গৰমপানীত তিয়াই টুকি ৰাখি নিমখ, তেল, কেঁচা জলকীয়া, আদা এচকল, কেঁচা বুট কেইটামানো দি লগতে ঠাণ্ডাৰ দিন হ’লেতো জুইত পোৰা আলুৰ পিতিকা অকণমানো লগতে লৈ খোৱাৰ জুতিটো হয়তো অসমীয়া মানুহৰ প্ৰায়বোৰ ঘৰতে চলে। ঘৰ বুলিয়েনে হোষ্টেলীয়া ল’ৰা-ছোৱালীবোৰৰো যে কিমান সকাহ এইবিধ জলপান!
তাৰ বাহিৰেও তিয়াই ৰখা বৰাচাউল কেৰাহীত অকণমান ঘীউ দি ভাজি ( নিমখ, চেনি, মিঠৈ একোৱেই নিদিয়াকৈ) গৰম পানী জোখমতে দি ঢাকোন মাৰি সিজালেই একেবাৰে মজাৰ জলপান এবিধৰ যোগাৰ হয়। নিমখ তেল কাষতে লৈ আলুৰ শুকান ভাজিখনৰ লগত এইবিধ জলপান যিয়েই খাইছে এবাৰ তেওঁহে ইয়াৰ সোৱাদটো ক’ব পাৰিব।
বাকী ক্ৰীম গুৰৰ লগত এইবিধ জলপান মই হ’লে যেতিয়াই তেতিয়াই খাব পাৰোঁ। কোনোবাই বেয়াও পাব পাৰে কথাটোহে দেখোন মই ভাবিব নাজানো।
বাৰু নিমখীয়া জলপানৰ বিষয়টো এইবাৰলৈ থৈছোঁ। কৈ আছিলোঁ ক্ৰমাৎ হেৰাই যাবলৈ ধৰা তাহানি দিনৰ ভোগালীৰ আয়োজন, ইয়াৰ পৰিৱেশ আৰু ভোগময় প্ৰাচুৰ্য্যখিনিৰ কথাহে।
ভোগৰ উৎসৱৰ কথা লিখিবলৈ হ’লে উৰুকাৰ নিশাৰ ভোজ ভাতৰ কথাটো লিখিবই লাগিব। তাতে নতুন নতুন মাহ, চাউল আৰু পাচলিৰে বজাৰখন উভৈনদী হৈ পৰা সময়।
অৱশ্যে কলঙৰ বাকৰিত ভেলাঘৰ সাজি ডেকাহঁতে খোৱা “খানা”ৰ উলাহ এখিনিত ভোজভাতৰ ৰকম ৰকম আয়োজন আছিল বুলি কোৱাটো বৰকৈ সঠিক নহ’ব। কেৱল স্ফূৰ্তি তামাচা কৰি ৰাতিটো জুই পোৱাই ঘৰৰ বাহিৰত কটাবলৈকে সিহঁতজাক লগ হৈছিল। প্ৰকৃত ভূৰি-ভোজন হৈছিল চুবুৰীটোৰ দুঘৰমানে মিলি কোনোবা এঘৰৰ চোতালতে আয়োজন কৰা ভোজটোতহে। ভোজ মানে আক্ষৰিক অৰ্থতেই ভোজ। কাঠ আলু আৰু বিলাহীৰে চিতল মাছৰ জোলখনেই খাবানে, হাঁহ কোমোৰাৰ গোটা ভজাকে খাবা, পটাত পিচা জিৰা জালুক দি নতুন আলুৰ লগত ৰন্ধা ছাগলী মাংসৰ একেবাৰে পাতলীয়া সেই জোলখনৰ সোৱাদটো আজিলৈকে মই গেছৰ জুইত উঠাবলৈকে নিশিকিলো। তদুপৰি আটাইৰে ঘৰৰ বাৰীৰ পৰা উঠাই অনা ন ন পাচলিৰে ৰন্ধা মিহলি পাচলিৰ ভাজিখনো আনকি খৰিৰ জুইত ৰন্ধা বাবেই নেকি কেনেকৈ বা ইমান সোৱাদ লগা হৈছিল!
তেতিয়াৰ দিনত আকৌ এতিয়াৰ দৰে মাংস পুৰি খোৱা কথাটো আমি নাজানিছিলোৱে। আচলতে তেতিয়া এইটো প্ৰচলনেই নাছিল বুলি ক’লেও ভুল কোৱা নহ’ব।
আলু, বেঙেনা, বিলাহী নাইবা গৰৈ মাছ আদি পোৰাটো অৱশ্যে কোনোবা নহয় কোনোবা এজনৰ দায়িত্বত নিশ্চয়কৈ পৰিছিল। জুই পুৱাই থকাৰ মাজতে চাহ পিঠাৰ পৰ্বটোও চলি থাকিছিল। মুঠতে কৈ শেষ কৰিব নোৱাৰা ভোগালীৰ উৎসৱমুখৰ পৰিৱেশ।
কেৱল খোৱা-লোৱাতে উৰুকা শেষ নাছিল। নিজ নিজ ঘৰৰ নঙলা, টাটী, চকোৱাবোৰো পাল পাতি ৰখীয়া দিয়া কাৰবাৰ এটাও আছিল। কাৰণ ভেলাঘৰত ভোজ খোৱা ডেকাহঁতে আনৰ বাৰীৰ পাচলি, হাঁহ-কুকুৰা চুৰ কৰাৰ লগতে টাটী চকোৱা চুৰ কৰা পৰম্পৰা এটাও তেতিয়াৰ দিনত চলিছিল। লোকবিশ্বাস অনুসৰি মান্যতা আছিল যে তেনে কৰিলে বাৰীৰ পাচলি হেনো দুগুণে লাগে আৰু বছৰটোলৈ চুৰতাৰিও নহয়। অৱশ্যে এয়া মই শুনা কথাহে। কাৰোবাৰ ঘৰৰ নতুনকৈ বোৱা জেওৰা এখন উঠাই ৰাস্তাৰ কাষতে দপদপকৈ জ্বলাই দিয়াত গৃহস্থ ঘৰৰ কিহৰ কিটো ভাল হয় তেতিয়াৰ দিনত মই মান্তি হ’লেও দেখোন এতিয়া মান্তি হ’বলৈ মনটোৱে নকয়।
যিকি নহওক এতিয়া আহো বিহুৰ দিনটোলৈ। পুৱা ভেলাঘৰৰ ল’ৰাহঁতে হৰিধ্বনি দি মেজিত জুই দিয়ালৈ আমাৰ ঘৰৰ চোতালতো অগ্নি সেৱাৰ পৰম্পৰাটো বৰ উথপথপকৈ আয়োজন কৰা হৈছিল। তাৰবাবে পুৱাতেই উঠি মায়ে মাহ প্ৰসাদৰ যোগাৰ কৰিছিল। আগনিশাই জুইত পুৰি থোৱা মোৱা আলু, গোট কৰাই( শুকানে ভজা বৰাচাউল, গোটা মগু আৰু তিল) আৰু কেইবাবিধো পিঠা, লাড়ু জুইত দিবলৈ বুলি সাজু কৰি তুলিছিল। চাকি বন্তি জ্বলাই ঘোষা গাবলৈ আমিও ঘৰৰ আটায়ে গা পা ধুই অগ্নিৰ সন্মুখত আঁঠু লৈছিলোঁ।
তাৰপাছতে আৰম্ভ হৈছিল চাহ আৰু পিঠা খোৱা পৰ্ব। এঘণ্টামান যায়হে সেইবাৰ আকৌ জলপান খোৱা পৰ্ব আহে। অৱশ্যে যিমানেই আখৈ, কৰাই, চিৰা, দৈ, ক্ৰীমৰ ব্যৱস্থা নাথাকক বৰাচাউল কেইটামানো ক্ৰীম গুৰৰ লগত খাবলৈ কেৱল মোৰ বাবেই মায়ে সিজাইছিল। বিহু যোৱাৰ পাছতো কেতিয়াবা বৰাচাউলৰ জলপান সিজাই শুকানে শুকানে চেনি অকণমান ছটিয়াই দাঁতত চেনিৰ দানা ভাঙি যোৱাকৈ খোৱাৰ আমেজটোও কিযে মজা!
বিহুৰ দিনা দিনত অৱশ্যে ভাত খোৱা নহৈছিল। গোঁসাই ঘৰত দিয়া মাহ-প্ৰসাদ খাই দুপৰীয়া সেইদিনা লুচি, বুটৰ দাইল নাইবা মটৰৰ ঘূগনি চলিছিল। সেয়াও নিয়মটোহে। পুৱাৰে পৰা পালিয়ে পালিয়ে চাহ, পিঠা, জলপান, মাহ-প্ৰসাদ খাই পেটত খালী জেগা বুলিবলৈ কমেইহে আছিল। বিহুৰ দিনা ৰাতিলৈহে মাছ নাইবা মাংসৰে ভাত খোৱা হৈছিল।
পাছে বিহুৰ পাছদিনাৰ পৰাহে ভোগৰ অতিশয়টো আৰম্ভ হৈছিল। প্ৰথমে চুবুৰীৰ প্ৰতিঘৰতে জলপান পিঠা পনা, আলহী ঘৰলৈ ফুৰিবলৈ গ’লে তাতো মাছে মাংসই দগৰি খোৱা। এবাৰৰ কথা, পহিলা মাঘৰ দিনাই মৰিগাঁৱত থকা জেঠাই ঘৰলৈ গৈছিলোঁ। উদ্দেশ্য এদিনলৈকো চাই নোপোৱা ম’হৰ যুঁজ চোৱা। পিছে ম’হৰ যুঁজখন চোৱা নহ’ল যদিও ম’হৰ এঠা দৈৰ সোৱাদ অৱশ্যেই ল’বলৈ পালোঁ। কোমল চাউলৰ জলপানৰ লগত জুলীয়া গুৰ আৰু ম’হৰ এঠা দৈৰ সোৱাদটো মোৰ জিভাখনত যে তাহানিৰে পৰা ৰৈয়েই গ’ল।
মুঠতে ভোগালীৰ সেই তাহানিৰ ভোগ বিলাস আখৰেৰে লিখি নেলাগে মুখেৰে কৈয়ো শেষ কৰিব নোৱাৰি।
হওঁতে ভোগালী বুলি লিখিবলৈ আৰম্ভ কৰোঁতে পৰম্পৰাগত ম’হৰ যুঁজ, বুলবুলি চৰাইৰ যুঁজ, কণী যুঁজ, কুকুৰা যুঁজ আৰু সেই বিহুৰ দিনা আবেলি গাঁৱৰ স্কুলঘৰত ৰাইজে মিলি অনুষ্ঠিত কৰা মইনাহঁতৰ এঠেঙীয়া দৌৰ, টেকেলী ভগা, বেজিত বটীয়া লগোৱা, মুখত চামোচ লৈ মাৰ্বল কঢ়িওৱা আদি ভিন ভিন খেল-ধেমালিবোৰৰ কথাও মনলৈ আহিছিল। পাছে খাদ্যৰসিক মানুহৰ খোৱা-বোৱাতে ধান্দা। অৱশ্য লেখাটোত পাঠকে খাদ্যৰস পাইছে নে নাই সেয়া তেওঁলোকেহে নিৰ্ণয় কৰিব। মোৰ মনলৈ অন্য কথা এটাহে আহিছে। এইযে পৰম্পৰাগত বিশেষ খেলসমূহৰ আভাস এটাও দিয়া নহ’ল বুলি আক্ষেপ এটাকে মনলৈ আহিছে দিয়া হ’লেওনো কিনো হ’ল হয়!
এনেও আধুনিক সমাজখনে সেই সমূহ পৰম্পৰা বৰ্তমান পাহৰিবলৈকে আৰম্ভ কৰিছে। আদালতে ম’হৰ যুঁজখন পাতিব পৰাকৈ অনুমতি দিলেই যেনিবা নতুন প্ৰজন্মৰ কিমানে চাবলৈ যায়! তদুপৰি বাকীবোৰ খেল-ধেমালিও ক্ৰমাৎ হেৰাই যাবলৈকে ধৰিছে। বৰ্তমানৰ মাঘৰ বিহু মানে টেলিভিছনৰ পৰ্দাত দেখিবলৈ পোৱা ৰঙালী নে ভোগালী ধৰিব নোৱাৰা এক পৰিৱেশ। “মাঘৰ বিহু আহিল মইনা“ বিহুগীতৰ চেৱত হুঁচৰি মৰাৰ প্ৰতিযোগিতা।
ভোগালীক ভোগালী কৰিয়ে ৰাখিব নোৱাৰিনে?
এনেকৈয়ে থাকিলে এসময়ত গৈ ভৱিষ্যত প্ৰজন্মই মিউজিয়ামতহে অসমৰ বিহু প্ৰত্যক্ষ কৰিব লাগিবযে সেয়া নিশ্চিত।