মনোবৈজ্ঞানিক কাউন্সেলিঙৰ প্ৰয়োজনীয়তা

লেখক- আৰাধনা বৰুৱা

কাউন্সেলিং কি? 

ধৰক আপুনি নতুন এখন ঠাইত এজন বন্ধুৰ ঘৰলৈ ফুৰিবলৈ গৈছে। বন্ধুৰ ঘৰ বা গাওঁখন আপোনাৰ চিনাকি নহয়। ৰাস্তাৰে গৈ থাকোঁতে শেষত এটা চাৰিআলি পালে। তেনেস্থলত কি কৰিব? 

১) প্ৰত্যেকটো ৰাস্তাৰে গৈ বন্ধুৰ ঘৰটো বিচাৰি উলিয়াবৰ চেষ্টা কৰিব? 

২) স্থানীয় মানুহক সুধি/সহায় লৈ সঠিক পথটো বিচাৰিবৰ চেষ্টা কৰিব? 

সাধাৰণতে সকলোৱে এই দ্বিতীয় উপায়টোৱেই অৱলম্বন কৰিব। কাউন্সেলিং বুলি ক’লে সহজ অৰ্থত এনে ধৰণৰ এটা কথাকে বুজা যায়। আমাৰ জীৱনত বিভিন্ন সমস্যা থাকিব পাৰে। জৰুৰী নহয় যে প্ৰতিটো সমস্যাৰ সমাধান আমাৰ হাতত থাকিব। বহুসময়ত আমি সমাধানৰ পথেই দেখা নাপাওঁ। বহুসময়ত আকৌ সমাধানৰ পথটো নিজে জানিও আত্মবিশ্বাসৰ অভাৱৰ বাবে বা অসফল হোৱাৰ চিন্তাত আমি সেই পথ বাচি ল’বলৈ ভয় কৰোঁ। যেনেকৈ অচিনাকি ৰাস্তা এটাত স্থানীয় লোক এজনে বাট দেখাব পাৰে তেনে সময়ত এজন কাউন্সেলৰে পথ প্ৰদৰ্শক হিচাপে সহায় কৰিব পাৰে। 

প্ৰকৃততে কাউন্সেলিং হৈছে এনে এক প্ৰণালীবদ্ধ আৰু নৈদানিক প্ৰক্ৰিয়া য’ত কাউন্সেলৰ আৰু ক্লায়েণ্টে আলোচনাৰ মাধ্যমেৰে ক্লায়েণ্টৰ সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰে। কাউন্সেলিং আৰু পৰামৰ্শ এই দুটা শব্দই সম্পূৰ্ণ পৃথক অৰ্থ বহন কৰে। যেতিয়া কোনোবা এজন ব্যক্তিক যিকোনো বিষয়ে পৰামৰ্শ বা উপদেশ দিয়া হয় তেতিয়া বিষয়টোত পৰামৰ্শদাতাৰ নিজা দৃষ্টিভংগী সমাধান হিচাপে প্ৰক্ষেপ কৰা যায়। আনহাতে কাউন্সেলিঙত আন্তৰিকতা আৰু বিশ্বাসৰ মাধ্যমত আলোচনাৰ জৰিয়তে সমস্যাটোক গভীৰতালৈকে চালি জাৰি চাই সাম্ভাৱ্য সমাধানৰ পথ নিজে বিচাৰি উলিয়াই নিজা ভাৱে সিদ্ধান্ত লোৱাত মানুহজনক সহায় কৰা হয়। 

বহু সময়ত বিভিন্ন বিষয়ত বহুলোকে কোৱা শুনোঁ,- “এই সমস্যাটোৰ কাৰণে আমি তেওঁক বহুত কাউন্সেলিং কৰিলোঁ, বুজালোঁ। কিন্তু আমাৰ কথা মতে একো নুশুনে, নকৰে। একো লাভ হোৱা নাই” ইত্যাদি। এনেক্ষেত্ৰত কওঁতাই উপদেশ দিয়া কামটোকে কাউন্সেলিং কৰা বুলি কোৱা দেখা যায়। যিটো প্ৰকৃততে নহয়। নিজা মত আনৰ ওপৰত জাপি দিলে সেয়া সমস্যাটোৰ প্ৰকৃত সমাধান নহয়। সমস্যাক বুজি, নিজৰ ভুল ত্ৰুটী আৰু সামৰ্থক অনুধাৱন কৰি সমস্যা সমাধান কৰিবলৈ নিজে আগ্ৰহী হৈ সিদ্ধান্ত লোৱাত ক্লায়েণ্টক সহায় কৰাহে কাউন্সেলৰ এজনৰ কৰ্তব্য। 

কাউন্সেলিং কোনে কৰিব পাৰে? 

মনোবৈজ্ঞানিক সমস্যা সমূহৰ ক্ষেত্ৰত মনোবৈজ্ঞানিক কাউন্সেলিঙৰ প্ৰশিক্ষণ প্ৰাপ্ত প্ৰফেশ্যনেল কাউন্সেলৰ সকলেহে কাউন্সেলিং প্ৰদান কৰিব পাৰে। আন ক্ষেত্ৰ যেনে শিক্ষানুষ্ঠান, ঔদ্যোগিক প্ৰতিষ্ঠান আদিত বৰ্তমান সময়ত প্ৰশিক্ষণ প্ৰাপ্ত কাউন্সেলৰ নিযুক্ত কৰা হয়। 

প্ৰফেশ্যনেল কাউন্সেলৰ সকলৰ উপৰিও জীৱনৰ বিভিন্ন জটিল সময়ত পিতৃ মাতৃ, শিক্ষাগুৰু, সম্পৰ্কীয় ব্যক্তি বা বন্ধু বান্ধৱেও বহু সময়ত কাউন্সেলৰৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। 

কাউন্সেলিং প্ৰক্ৰিয়াটোক ফলপ্ৰসূ আৰু পক্ষপাতশূন্য কৰি তুলিবৰ বাবে কিছুমান কথাত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। দক্ষতা আহৰণ কৰিবলৈ কাউন্সেলৰ এজনে ক্লায়েণ্টৰ প্ৰতি চৰ্তহীন সন্মান প্ৰদৰ্শন কৰাটো অতি প্ৰয়োজন। কোনো সময়ত ক্লায়েণ্টজন অপৰাধী হ’লেও তাৰ উৰ্দ্ধত তেওঁৰ প্ৰতি এজন ব্যক্তি/মানুহ হিচাপে থাকিব লগা সন্মান দিবলৈ শিকাটো কাউন্সেলৰৰ কাৰণে দৰকাৰ। ক্নায়েণ্টৰ স্থানত নিজক ৰাখি সমস্যাবোৰ তেওঁৰ দৃষ্টিৰে চাবলৈ আৰু বুজিবলৈ শিকাটো বৰ প্ৰয়োজনীয় কথা। এজন ব্যক্তিয়ে গোপনতম কথাবোৰো মুকলিকৈ প্ৰকাশ কৰিবলৈ দ্বিধাবোধ নকৰাৰ এটা পৰিৱেশ সৃষ্টি কৰাটো কাউন্সেলৰজনৰ কাৰণে জৰুৰী। তাৰ বাবে প্ৰয়োজন আন্তৰিকতাপূৰ্ণ ব্যৱহাৰ আৰু গভীৰ বিশ্বাসযোগ্যতা। কেতিয়াবা ক্লায়েণ্টে প্ৰকাশ কৰা কোনো গোপন কথাই হতবাক কৰিলেও সেই কথা আনৰ আগত প্ৰকাশ নকৰা বা নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ শিকাটো দৰকাৰ। 

কাউন্সেলিং কাৰ প্ৰয়োজন? 

কিছুদিনৰ আগৰ কথা। ২০/২১ বছৰীয়া সপ্ৰতিভ এজন ল’ৰা আমাৰ ওচৰলৈ আহিছিল। ল’ৰাজন দীঘলীয়াকৈ এংজাইটিৰ সমস্যাত ভুগি আছিল। এটা পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাৰ পিছৰ পৰা তেওঁৰ এই সমস্যাটো দেখা দিছিল। মনোৰোগ বিশেষজ্ঞ চিকিৎসকে দৰৱৰ উপৰিও কাউন্সেলিঙৰ পৰামৰ্শ দিলে। আমি কাউনচেলিং আৰম্ভ কৰিলোঁ। প্ৰথম দুটা ছেচনৰ পিছত ল’ৰাজনে খুব দুখেৰে জনালে যে তেওঁ আৰু চিকিৎসা গ্ৰহণ কৰিবলৈ অপাৰগ। তেওঁৰ মাক আৰু দাদাকে কোনো কাৰণে এনে ধৰণৰ সমস্যাত ঔষধ বা কাউন্সেলিং আদিৰ প্ৰয়োজনীয়তা আছে বুলি নাভাৱে, মানসিকভাৱে দুৰ্বল লোকৰহে এইবোৰ প্ৰয়োজন বুলি কয় ইত্যাদি। এয়া পৰিয়ালৰ বাবে লাজৰ কথা। কেৱল সেয়ে নহয়, তেওঁলোকে ল’ৰাজনৰ হাত খৰচৰ উপৰিও স্কুটাৰৰ চাবিও কাঢ়ি ৰাখিলে যাতে তেওঁ কোনো কাৰণে কাউন্সেলিঙৰ বাবে আহিব নোৱাৰে। 

এনেধৰণৰ বহুত মানুহ আমি সততে লগ পাই থাকোঁ যিসকল মন, মনৰ সমস্যা, চিকিৎসা, কাউন্সেলিং আদিৰ বিষয়ে ন্যূনতম সজাগতাও নাই। 

যিকোনো বয়সত, যিকোনো সময়ত, যিকোনো পৰিস্থিতিত একো একোজন ব্যক্তিক মনোবৈজ্ঞানিক কাউন্সেলিঙৰ প্ৰয়োজনীয়তা আহি পৰিব পাৰে আৰু সেই ব্যক্তিজন আপুনি বা মই, আমি সকলো হ’ব পাৰোঁ। এংজাইটি, ডিপ্ৰেছন, ৰিলেছনশ্বিপৰ সমস্যা, ফ’বিয়া, নিচাগ্ৰস্ততা, বিভিন্ন জটিল মানসিক আৰু শাৰীৰিক ৰোগত ভুগি থকা লোকৰ তথা পৰিয়ালৰ Psycho Education/কাউন্সেলিঙ, Adjustment ৰ সমস্যা, শিশুৰ আচৰণ তথা শৈক্ষিক দিশত সমস্যা, বিশেষ ভাৱে সক্ষম শিশুৰ বিশেষ প্ৰশিক্ষণ তথা অভিভাৱকৰ বাবে কাউন্সেলিংৰ প্ৰয়োজনীয়তা যথেষ্ট। 

এনে নহয় যে কাউন্সেলিঙৰ দৰকাৰ হোৱা মানেই মানুহজন দুৰ্বল মনৰ। এইবোৰ একো একোটা ভুল ধাৰণা। পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰে কিছুমান শাৰীৰিক, মানসিক বা পৰিৱেশিক সীমাবদ্ধতা থাকে। এই সীমাবদ্ধতা সমূহ থকাৰ বাবেই আন বিষয়ত সফল কোনো ব্যক্তিয়েও আন কিছুমান ক্ষেত্ৰত বিশেষজ্ঞ বা অভিজ্ঞতাসম্পন্ন লোকৰ সহায় ল’ব লগা হোৱাটো ডাঙৰ কথা বা লাজৰ কথা নহয়। দেশৰ আটাইতকৈ শ্ৰেষ্ঠ চেফজনে অসমীয়া তিলপিঠা বনাব নজনা বা প্ৰয়োজন হ’লে তেওঁ অভিজ্ঞ জনৰ পৰা শিকাটোত জানো কিবা অস্বাভাৱিকতা থাকিব পাৰে? কথাটো ঠিক তেনেধৰণৰ। 

বৰ্তমান সময়ত মানুহৰ জীৱনশৈলী বৰ জটিল। ব্যস্ততা আৰু প্ৰতিযোগিতাৰ মাজত নিজৰ খোপনি ৰখাৰ দৌৰত সকলো কম বেছি পৰিমাণে মানসিক চাপত ভুক্তভোগী। ব্যস্ততাই সম্পৰ্কবোৰৰ মাজত তিক্ততা বঢ়াইছে, আন্তৰিকতা কমাইছে। একাকিত্ব বাঢ়িছে। বিভিন্ন ধৰণৰ মানসিক সমস্যা বৃদ্ধি হৈছে। যেনেকৈ আমি প্ৰেচাৰ কুকাৰত ৰান্ধোতে কুকাৰটোৰ চাপ বৃদ্ধি হৈ ফাটি নাযাবলৈ হুইছেল মৰাটো জৰুৰী তেনেকৈ মানুহৰ মনৰ চাপৰ ক্ষেত্ৰতো কোনো কোনো সময়ত কষ্টবোৰ বিশ্বাসী কাৰোবাৰ আগত প্ৰকাশ কৰাটো জৰুৰী। কিন্তু এনে ধৰণৰ বিশ্বাসযোগ্য সংগী বা বন্ধুৰ অভাৱ বহুতৰ ক্ষেত্ৰত দেখা যায়। বহুসময়ত মনত চলি থকা শংকা, দ্বিধা আদিবোৰ কেৱল কাৰোবাৰ আগত মুকলিকৈ প্ৰকাশ কৰাৰ লগে লগেই তাৰ ভাৰ কেইবা শতাংশও কমি যায়। কিন্তু আজিৰ তাৰিখত মানুহৰ কথা ‘শুনোতা’ৰো অভাৱ। ফলত প্ৰফেশ্যনেল কাউন্সেলৰৰ প্ৰয়োজনীয়ত অতি বৃদ্ধি হৈছে। 

লাহে লাহে মানুহৰ সজাগতা বাঢ়িছে। কোনোবাজন হয়তো নিজে আগ্ৰহী হৈ আহিছে, কোনোবাজন দোধোৰমোধোৰ অৱস্থাত আহিছে। কিন্তু যেতিয়া পদ্ধতিগতভাৱে তেওঁলোকৰ লগত কথা পাতিবলৈ আৰম্ভ কৰা হয় তাৰ পিছত তেওঁলোকক যথেষ্ট আগ্ৰহী হৈ উঠা দেখা পোৱা যায়। সমান্তৰালকৈ উপশম লাভ কৰাও দেখা পাওঁ। 

জীৱনত কেতিয়াবা চাৰিওপিনে দেখা পোৱা আটাইবোৰ দুৱাৰেই বন্ধ যেন লাগিব পাৰে। ৰুদ্ধ দুৱাৰবোৰৰ মাজত মুকলি দুৱাৰখন চকুত নপৰিব পাৰে। কাৰোবাৰ এখন বিশ্বাসযোগ্য, অভিজ্ঞ হাতে ৰুদ্ধ দুৱাৰবিলাকৰ মাজত বাট দেখুৱাই মুকলি দুৱাৰখনলৈ আগবাঢ়ি যোৱাত কিছু সহায় কৰিব পাৰে। কাউন্সেলিঙৰ প্ৰয়োজনীয়তা তাতেই।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!