মহিলাৰ স্বাস্থ্য আৰু সজাগতা
লেখক- মল্লিকা দেৱী
স্বাস্থ্যই পৰম ধন। আমি প্ৰত্যেকে ভাবো আমাৰ স্বাস্থ্য ভালে থাকক। স্বাস্থ্য ভালে ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টাও কৰোঁ। কিন্তু তথাপিও আমাৰ স্বাস্থ্যৰ সমস্যাৰো যেন শেষ নাই। হয়তো কৰবাত আমাৰ সজাগতাৰ অভাৱ অথবা কৰবাত আমি নিজকে অলপ অৱহেলা কৰোঁ অথবা কেতিয়াবা অৱহেলিত হ’বলগীয়া হৈ যায় যাৰ কাৰণে আমি বিচৰা ধৰণে সুস্বাস্থ্যৰ অধিকাৰী হ’ব পৰা নাই।
এগৰাকী নাৰীয়ে জীৱন কালত বহু কেইটা স্তৰ পাৰ কৰিবলগীয়া হয়; যেনে— কন্যাকাল (শিশুকাল+বাল্যকাল), কিশোৰীকাল, গৰ্ভধাৰণ, মাহেকীয়া বন্ধ হোৱাৰ সময় ইত্যাদি। এই বিভিন্ন স্তৰসমূহ পাৰ কৰোঁতে বাস্তৱিকতেই নাৰী এগৰাকীয়ে বহুতো সমস্যাৰ সন্মূখীন হ’বলগীয়া হয়, যিবোৰে মহিলাৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। প্ৰকাশ কৰিব নোৱাৰা কাৰণে পৰিয়াল অথবা অন্য ব্যক্তি এই বিষয়ে অৱগত হোৱাও দেখা নাযায়। বিশেষকৈ ছোৱালী এজনীৰ শৈশৱ আৰু বাল্যকাল পাৰ হৈ কৈশোৰকাল আৰম্ভ হোৱাৰ পৰাই কিছুমান নিৰ্দিষ্ট স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। এইখিনি সময়তে ছোৱালী এজনীৰ জীৱনত শাৰীৰিক, মানসিক, আৱেগিক তথা সামাজিক পৰিৱৰ্তনে দেখা দিয়ে। শাৰীৰিক পৰিৱৰ্তন হোৱাৰ লগে লগে মানসিক উদ্বেগতা আৰু উৎসুকতা বাঢ়িবলৈ আৰম্ভ কৰে; যিয়ে আৱেগত প্ৰভাৱ পেলায়। আৱেগিক পৰিৱৰ্তনৰ কাৰণে তেওঁলোকে সমাজ অথবা পৰিয়ালৰ ডাঙৰৰ লগত ভাব বিনিময় কৰাত দ্বিধাবোধ কৰে; আৰু ইয়াৰ ফলত মানসিক চাপৰ সৃষ্টি হৈ কেতিয়াবা হতাশাত ভোগাও দেখা যায়। সাধাৰণতে প্ৰায় ১১–১২ বছৰ বয়সত ছোৱালী এজনীৰ মাহেকীয়া আৰম্ভ হয়, যিটো সময়ত ছোৱালীজনীক মানসিক সমৰ্থনৰ বিশেষ প্ৰয়োজন। কিন্তু আমাৰ সমাজৰ কিছুমান সামাজিক বাধা (social stigma) তথা প্ৰচলিত কিছু ৰীতি–নীতিৰ কাৰণে ছোৱালীজনীৰ মন সংকূচিত হৈ থাকে, যাৰ কাৰণে মাক-দেউতাক অথবা সমনীয়াৰ লগতো মুকলিকৈ কথা পাতিব নোৱাৰে। আনহাতে আমাৰ সমাজত যৌন শিক্ষাৰো প্ৰচলন নাই। গতিকে ছোৱলীজনীয়ে মাহেকীয়াৰ সময়ৰ পৰিস্কাৰ-পৰিচ্ছন্নতা (menstrual hygiene)ৰ বিষয়ে বহুত কথা নজনাকৈয়ে থাকি যায়। ফলস্বৰূপে নিজৰ অজানিতেই প্ৰজনন অঞ্চলৰ সংক্রমণ (Reproductive Tract Infection) অথবা বিভিন্ন ধৰণৰ যৌন সংক্রমণে (Sexually Transmitted Infection) আক্রমণ কৰিবলৈ ধৰে। এনেকুৱা সংক্রমণ এটা সময়ত মহিলা এগৰাকীৰ জটিল ৰোগ; যেনে— চিফিলিছ, জৰায়ুৰ কৰ্কট ৰোগ আদিৰো কাৰণ হ’ব পাৰে। ইয়াৰ উপৰি ছোৱালী অৱস্থাৰ পৰাই এনেধৰণৰ সংক্রমণে আক্রমণ কৰিলে বিয়াৰ পিছত যেতিয়া গৰ্ভধাৰণ কৰিব তেতিয়া সময়তকৈ আগতেই সন্তান জন্ম দিয়া, কম ওজনৰ শিশু অথবা ব্যাধিগ্ৰস্থ শিশু জন্ম দিয়াৰো আশংকা থাকে।
গৰ্ভাৱস্থা হৈছে নাৰীজীৱনৰ বিশেষ প্ৰত্যাহ্বানৰ সময়। এই বিষয়ে বিস্তীৰ্ণ আলোচনাৰো প্ৰয়োজন নাই। ছোৱালী এজনীয়ে নিজৰ মাকৰ ঘৰখন এৰি আহি আন এটা অচিনাকী পৰিয়ালৰ লগত খাপ খোৱাবলৈ নিজকে বহুত সলনি কৰিবলগীয়া হয়। সকলোৰে মন বুজি লৈ ঘৰ এখনৰ দায়িত্ব ল’বলগীয়া হোৱাত কিছু পৰিমাণে হ’লেও মানসিক ভাৰসাম্য হেৰুৱাটো স্বাভাৱিক; যিটো শাৰীৰিক স্বাস্থ্যৰ কাৰণেও ক্ষতিকাৰক। মানসিক চাপ গৰ্ভাৱস্থাৰ আটাইতকৈ ক্ষতিকাৰক ব্যাধি। আনহাতে এইখিনি সময়ত মহিলা গৰাকীৰ শৰীৰত হোৱা বিভিন্ন ধৰণৰ হৰম’নৰ পৰিৱৰ্তনৰ কাৰণে কেতিয়াবা তাৰ প্ৰভাৱ তেওঁলোকৰ ব্যৱহাৰিক আচৰণত পৰাও দেখা যায়। গতিকে এই সময়খিনিত একমাত্র পৰিয়ালৰ লোকেহে মহিলা এগৰাকীক মানসিকভাৱে সন্তুলিত কৰি ৰখাৰ লগতে শাৰীৰিকভাৱেও সুস্থ কৰি তুলিব পাৰে। যদিহে পৰিয়ালৰ লোকে মহিলা গৰাকীৰ তেনে অনাকাংক্ষিত আচৰণ সমূহ বুজি নাপায় আৰু তেওঁৰ লগতো একে আচৰণ প্ৰদৰ্শন কৰে তেতিয়া এনে পৰিস্থিতিয়ে গৰ্ভস্থ সন্তানৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে। যাৰ পৰিণতিত অনাকাংক্ষিত প্ৰসৱ হ’ব পাৰে।
যেতিয়া মহিলা এগৰাকীৰ মাহেকীয়া বন্ধৰ সময় আহি পৰে তেতিয়া আৰু কিছু সমস্যাই দেখা দিয়ে। এই সময়খিনিক মহিলাৰ দ্বিতীয় জীৱন বুলিও ধৰা হয়। বিভিন্ন ধৰণৰ হৰম’নৰ পৰিৱৰ্তন হোৱাৰ ফলত শৰীৰত নানান ৰোগে আক্রমণ কৰিবলৈ ধৰে। ফলস্বৰূপে নাৰী এগৰাকীয়ে জীয়াতু ভুগিবলগীয়া হয়। দেখা যায় যে বহু সময়ত নাৰীয়ে স্বাস্থ্যৰ ক্ষেত্রত নিজক লৈ অৱহেলা কৰে আৰু প্ৰকাশ নকৰাকৈয়ে নিজৰ ভিতৰতেই বহু কথাই ৰাখি থয়। নিজক লৈ অৱহেলা কৰাটো নাৰী জীৱনৰ এটা স্বভাৱ সুলভ প্ৰৱণতা বুলিও ক’ব পাৰি যদিও সময়ত চিকিৎসকৰ পৰামৰ্শ নল’লে জটিল সমস্যা হোৱাৰ আশংকা থাকে।
পৰোক্ষভাৱে হ’লেও লিংগ-বৈষম্যও মহিলাৰ স্বাস্থ্য সমস্যাৰ আন এটা কাৰণ হ’ব পাৰে। ল’ৰা-ছোৱালীৰ ভেদাভেদে শিশুকালৰ পৰাই ছোৱালী এজনীৰ মনক প্ৰভাৱিত কৰে যাৰফলত কলিতেই ছোৱালীজনীৰ মনত মানসিক চাপৰ সৃষ্টি হয়। আমি কোনো কাৰণতেই লিংগ-বৈষম্যৰ কথা অস্বীকাৰ কৰিব নোৱাৰোঁ। লিংগ-বৈষম্য নাথাকিলে সমাজখন বেছি উচ্ছৃখংল হ’ব। গতিকে কেতিয়া আৰু ক’ত লিংগ-বৈষম্যৰ দৰকাৰ সেইখিনি বিশ্লেষণ কৰি শৈশৱকালৰ পৰাই ছোৱালীসকলক শিকোৱা দৰকাৰ। এইক্ষেত্রত পিতৃ-মাতৃয়ে আগভাগ ল’ব লাগিব। যিহেতু শিশুৱে নিজৰ ঘৰখনৰ পৰাই মৌলিক শিক্ষা লাভ কৰে গতিকে পিতৃ-মাতৃ সজাগ হ’লেহে ছোৱালীবোৰ নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ’ব পাৰিব। মাহেকীয়া (Puberty) আৰম্ভ হোৱাৰ লগে লগেই সেইখিনি সময়ত ল’বলগীয়া পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা অভিভাৱকেই নিজৰ ছোৱালীক মুকলিকৈ শিকাব লাগিব। কিবা সংক্রমণৰ লক্ষণ দেখা পালে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লবলৈ কুন্ঠাবোধ কৰিব নালাগিব। ইয়াৰ উপৰি সামাজিক ৰীতি-নীতিসমূহৰ বৈজ্ঞানিক ভিত্তিৰে বিশ্লেষণ কৰি সৰুৰে পৰাই ছোৱালীসকলক শিকাব লাগিব আৰু সামাজিক বাধা তথা দ্বিধাগ্ৰস্ততাৰ পৰা ছোৱালীৰ মন মুক্ত কৰিব লাগিব।
যদিহে আমাৰ অভিভাৱকসকল স্বাস্থ্যৰ দিশত নিজেই সজাগ হয় তেনে হ’লে সমাজখনো সজাগ হ’ব আৰু নিজৰ ছোৱালীজনীক সুস্বাস্থ্যৰ গৰাকী হিচাপে গঢ় দিব পাৰিব। সজাগতা আৰু উপযুক্ত সময়ত চিকিৎসকৰ পৰামৰ্শই মহিলাৰ স্বাস্থ্য ৰক্ষাৰ একমাত্র উপায়।