মাখানা (Makhana)

লেখক- —পাৰ্থ প্ৰতিম বৰা

“বিহাৰত মাখানা (বোৰ্ড) পৰিষদ! ইয়াৰ বাবে বিহাৰৰ জনসাধাৰণে এক বিশেষ সুযোগ লাভ কৰিব। মাখানাৰ উৎপাদন, প্ৰক্ৰিয়াকৰণ, মূল্য-সংস্কৰণ আৰু ইয়াৰ বিপণন উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্যখনত এখন মাখানা পৰিষদৰ স্থাপন কৰা হ’ব। ইয়াৰ সৈতে নিয়োজিত লোকসকলক এফপিঅ’এছৰ জৰিয়তে সংগঠিত কৰা হ’ব। পৰিষদখনে মাখানাৰ খেতি কৰা কৃষকসকলক প্ৰশিক্ষণ আদি প্ৰদান কৰিব আৰু লগতে তেওঁলোকে সকলো প্ৰাসঙ্গিক চৰকাৰী আঁচনিৰ লাভালাভ প্ৰাপ্ত কৰাটো নিশ্চিত কৰাৰ অৰ্থে কাম কৰিব।” নিৰ্মলা সীতাৰমণ—(বিত্ত মন্ত্ৰী ০১ ফেব্ৰুৱাৰী ২০২৫)

এইবাৰৰ বাজেটত আন কিছু ঘোষণাৰ সৈতে, একেৰাহে অষ্টমবাৰৰ বাজেট উত্থাপন কৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আগবঢ়োৱা ভাষণত স্থান পোৱা এটা বিশেষ শব্দই আছিল—‘মাখানা’।

পিছে আমাৰ বহুতৰে প্ৰশ্ন হ’ব পাৰে— মাখানানো আচলতে কি? আৰু চৰকাৰে কিয় এই বিষয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে? ময়ো এই মাখানা শব্দৰ সৈতে পৰিচিত নাছিলোঁ; অতি শেহতীয়াকৈহে ইয়াৰ বিষয়ে শুনিছোঁ। মাখানা, যাক ইংৰাজীত সাধাৰণতে ফক্স নাট (fox nuts) বোলে, ইয়াৰ অসমীয়া প্ৰতিশব্দ কিবা আছে নেকি মই নাজানো, সেয়েহে এই লেখনিত ইয়াক মাখানা বুলিয়েই উল্লেখ কৰিম। মাখানা বুলিলে ভেঁটফুলৰ চকাৰ মাজত থকা বীজৰ পৰা তৈয়াৰ হোৱা এক জলপান জাতীয় খাদ্যক বুজা যায়। ই বিহাৰৰ এক জনপ্ৰিয় জলপান আৰু বিহাৰেই বিশ্বৰ ৮০% মাখানাৰ উৎপাদন কৰে।

ভেঁটফুল পত্ৰৰ সৈতে এই বীজৰ চকাবোৰ ক্ৰমান্বয়ে পানীত ভাহি বাঢ়িবলৈ ধৰে। একোটা এনে পূৰঠ বীজৰ চকায়ে ৭০ৰ পৰা ১০০ৰো অধিক বীজ উৎপাদন কৰিব পাৰে। এইবিধ জলজ উদ্ভিদক প্ৰচুৰ পৰিমাণৰ বৰষুণৰ প্ৰয়োজন। ভাল বৰষুণৰ বতৰত লহপহকৈ বাঢ়ি গ্ৰীষ্মকালৰ লগে লগেই, ভেঁটফুলৰ চকাবোৰ পূৰঠ হৈ গেলিবলৈ আৰম্ভ কৰে আৰু বীজবোৰ চকাটোৰ পৰা সৰি পৰে। যদিও শুকান বীজবোৰ প্ৰথম অৱস্থাত, পানীত কিছুদিনলৈ ভাহি থাকে। অৱশ্যেই, ৰ’দৰ পৰা অধিক পৰিমাণত তাপ শোষণ কৰি, বীজবোৰ লাহে লাহে পানীত ডুব যায় আৰু মাটিত আৱদ্ধ হৈ পৰে। মাটিত প্ৰায় এমাহ মান সময় এনেদৰে থকাৰ পিছত, বীজবোৰ সম্পূৰ্ণৰূপে চপোৱাৰ যোগ্য হয়। দ-মাটিত এনেদৰে বহু সময় পৰি ৰ’লে বীজবোৰ গেলিবও পাৰে আকৌ কম সময়ত চপালে বীজবোৰ পূৰঠ নোহোৱাৰ ভয় থাকে। সেয়েহে সময় বুজি অভিজ্ঞ কৃষকে বীজবোৰ চপাবলৈ লয়। চপোৱাৰ সময়ত কৃষকে আমাৰ সেই সাইলাখ উখনৰ দৰে এবিধ সঁজুলিৰ ব্যৱহাৰ কৰে। যাৰ সহায়ত বোকাখিনি উখনিয়াই শেষত হাতেৰেই বীজবোৰ বুটলে। অসমীয়া সমাজত প্ৰচলিত সঁজুলি উভতিটোৰ দৰে আন এক প্ৰকাৰৰ সঁজুলিত বীজখিনি ভৰাই চালে, যাতে বোকামাটিৰে একাকাৰ হৈ থকা বীজবোৰ পৰিষ্কাৰ কৰিব পাৰি।

বতৰৰ দ্বাৰা যথেষ্টৰূপে প্ৰভাৱিত এই খেতিয়ে শস্যৰ ফুলৰ আকাৰ আৰু ফলস্বৰূপে, সেইবোৰৰ বীজ আৰু মাখানাৰ মানদণ্ডও প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে। এই খেতি বছৰত দুবাৰকৈ চপোৱা হয়। পানীৰ পৰা চপাই অনাৰ পিছত, কৃষকসকলে গুটিবোৰ আকৌ এবাৰ ভালদৰে ধুই পৰিষ্কাৰ কৰে। পাছত পানীখিনি শুকোৱাৰ নিমিত্তে ৰ’দত দিয়ে। ৰ’দত শুকোৱাৰ পৰিমাণ আৰু সূৰ্যৰ তাপেও মাখানাৰ মানদণ্ড আৰু ই ফুটি মাখানাৰ ৰূপ পাব নে নিৰ্ধাৰণ কৰে। এইক্ষেত্ৰত বিজ্ঞজনে বীজবোৰ কামুৰি চায়েই ইয়াৰ বিষয়ে জানিব পাৰে। ভালদৰে এনেদৰে ৰ’দত দিয়াৰ পিছত, বীজবোৰৰ আকাৰ অনুসৰি ইয়াক ভাগ ভাগ কৰা হয়।

এনেদৰে ভগোৱা শুকান বীজবোৰ মাটিৰ কলহৰ দৰে এটা পাত্ৰত কম তাপত ভাজি কাঢ়ি ৰাখে। এইটো এটা দীঘল প্ৰক্ৰিয়া; প্ৰথমবাৰ ভজাৰ পিছত, বীজবোৰ (১৫ ঘণ্টাৰ বাবে) ৰাতিটোলৈ কাঢ়ি ৰাখে। পিছদিনা, সেই একেখিনি বীজকে এইবাৰ লোৰে তৈয়াৰী বাচনত পুনৰ ভাজিব। কিয়নো বীজবোৰ ইমানপৰে প্ৰয়োজনীয় নিৰ্দিষ্ট তাপ ধৰি ৰাখিবলৈ সক্ষম হৈছে। এনেকৈ সাৱধানে গৰম কৰাৰ পিছত বীজবোৰৰ পৰা এটা বিশেষ ফট্ ফট্ কৰা শব্দ শুনিবলৈ পোৱা যায়। শেষত এই চিনাকি শব্দৰ জৰিয়তে এডাল বিশেষ লাঠীৰে কোৱাই মাখানাক বীজৰ পৰা বাহিৰ কৰে। মাখানা হোৱাৰ পিছত, এটা যন্ত্ৰৰ সহায়ত সেইবোৰক চালি-জাৰি আকাৰ অনুসৰি ভগোৱা হয়।

এই প্ৰ’টিন, এণ্টিঅক্সিডেণ্ট আদিৰে সমৃদ্ধ মাখানাৰ মূল্য এতিয়া প্ৰতি কিলোগ্ৰামত ন্যূনতম ৫০০ৰ পৰা ১০০০ টকালৈকে উঠিব পাৰে আৰু বিদেশলৈ ৰপ্তানি হোৱাখিনি ডলাৰৰ দৰত। বিদেশ বুলিলে বিশেষকৈ আমেৰিকাৰ বজাৰত ইয়াৰ দৰ বহু বেছি, মাখানাৰ দ্ৰুত জনপ্ৰিয়তা ইয়াৰে পৰিচায়ক।

শেহতীয়া বছৰবোৰত, গোলকীয় উষ্ণতাৰ প্ৰভাৱ ক্ৰমান্বয়ে দৃশ্যমান হৈছে, বৰষুণৰ পৰিমাণত হোৱা কম-বেছিয়ে। প্ৰায় সকলো স্তৰৰ খেতিকেই প্ৰত্যাহ্বানজনক কৰি তুলিছে। কেতিয়াবা যদি পানীৰ অভাৱ, আনকালে আকৌ বানপানীৰ প্ৰভাৱ ফলস্বৰূপে, কিছুমান কৃষকে বিহাৰৰ নতুনকৈ প্লাৱিত অঞ্চলবোৰক ভেঁটফুলৰ খেতিলৈ ৰূপান্তৰ কৰিছে। স্থানীয় বিহাৰ চৰকাৰেও এই খেতিৰ বাবে হাজাৰ হাজাৰ হেক্টৰ পৰিত্যক্ত জলাশয়ক পুনৰ কৃষি উপযোগী কৰাৰ আঁচনি আৰম্ভ কৰিছে। শেহতীয়াকৈ মাখানা (বোৰ্ড) পৰিষদ স্থাপনৰ ঘোষণাই এই শস্যৰ খেতি আৰু ইয়াৰ উপলব্ধতা উন্নত কৰাৰ প্ৰচেষ্টাত সাৰ-পানী যোগাব। আশা কৰোঁ, অধিক লোকে মাাখানা কি আৰু ইয়াৰ সোৱাদনো কেনেকুৱা এই বিষয়ে জানিবলৈ পাব।

শেষত, বিচাৰিলে অসম চৰকাৰেও হয়তো এই আঁচনিৰ পৰা লাভান্বিত হ’বলৈ উদ্যোগ ল’ব পাৰে, কিয়নো আমাৰ চাৰিওফালৰ বহুতো জলাশয়-পিটনি ভেঁটফুলেৰে ভৰি আছে। যিয়ে দৰ্শায় যে সঠিক পৰিকল্পনা আৰু চৰকাৰী উদ্যোগৰ দ্বাৰা, আমাৰ সাপ-বেং ভৰ্তি জলাশয়-পিটনিবোৰো উচ্চাকাংক্ষী কৃষকসকলক আয়ৰ এক বিকল্প উৎস হৈ উঠিব পাৰে।

 

বিঃদ্ৰঃ—ছবিৰ উৎস ইণ্টাৰনেট আৰু কাহিনীটো বৰ্ণনা কৰাৰ ক্ষেত্ৰত ইয়াৰ প্ৰতীকমূলক ব্যৱহাৰ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!