মানসিক স্বাস্থ্য: সজাগ হওঁক

লেখক- অমল দত্ত

মানসিক স্বাস্থ্য এক চিন্তনীয় বিষয়। ই ধনী- দুখীয়া চিনি নাপায়। গোলকীয়কৰণৰ ফলতেই হওঁক, সামাজিক শ্ৰেণীবিভাজনৰ বাবেই হওঁক বেছিভাগ মানুহৰে মানসিক অৱস্থা ভাল নহয়। আৰ্থ-সামাজিক অৱস্থা, একঘেয়ামী আৰু লক্ষ্যবিহীন জীবন, বিভিন্ন কাৰণত সমাজৰ পৰা নিজকে আঁতৰাই ৰখা, পাৰিবাৰিক অশান্তি, দীৰ্ঘদিন ৰুগীয়া হৈ থকা, ভবা মতে জীৱনত সফলতা নোপোৱা ইত্যাদিয়ে মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়। যিকোনো বয়সৰ মানুহ মানসিক বিকাৰৰ বলি হ’ব পাৰে। নব্য-আধুনিকতাই মানসিক বিকাৰৰ সংখ্যা বঢ়াইছে। 

 

ইতিবাচক প্ৰতিযোগিতাৰ অভাৱে আমাৰ মনত প্ৰভাব পেলায়। নিয়মানুবৰ্তিতা মানি, অভাৱবোৰ সীমিত কৰি, ওচৰ-চুবৰীয়াৰ সৈতে মিলিজুলি চলিলে জীৱনটো সহজ হৈ পৰে। আধ্যাত্মিকতা, সততা জীবনৰ আদৰ্শ হিচাবে মানি আগবাঢ়িব লাগিব। বয়সৰ পাৰ্থক্য পাহৰি ইজনে সিজনক সজ জীৱন নিৰ্বাহৰ বাবে উৎসাহিত কৰক। সজ কামত নিজকে ব্যস্ত ৰাখক। পঢ়াৰ অভ্যাস কৰক। শুনাৰ অভ্যাস কৰক। ইজনে সিজনক অলপ সময় দিয়ক।

 

 প্ৰতিযোগিতাৰ নামত সামাজিক সম্পৰ্কবোৰ বেয়া নকৰিব। সন্তানৰ ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি দেখুৱাব পৰাকৈ সৎ হৈ থাকক। প্ৰতিযোগিতাৰ নামত তেওঁলোকক মানসিক বিকাৰৰ বলি হ’বলৈ নিদিব। ব্যৰ্থতাক ইতিবাচক দিশেৰে মূল্যায়ন কৰক।

 

মানসিক স্বাস্থ্যৰ সমস্যা হ’লে লাজ নকৰি সোনকালে চিকিৎসাৰ ব্যৱস্থা কৰক। চিকিৎসাত অলপ দেৰি কৰিলে আপোনাৰ আপোনজনক হেৰুৱাবও লাগিব পাৰে। 




শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!