মানালী ভ্ৰমণ
লেখক- যুতিকা সভাপণ্ডিত
২০০৯ চনৰ এপ্ৰিলৰ ১ তাৰিখে আমাৰ পৰিয়ালটো চিমলা, মানালী, অমৃতসৰ ভ্ৰমণলৈ ওলালোঁ। মানালীৰ ৰোহটাংপাছৰ বিষয়ে অ’ত ত’ ত পঢ়ি বা শুনি চোৱাৰ যি আগ্ৰহ হৈছিল তাক দমন কৰিব নোৱাৰিলোঁ। লগতে ল’ৰা ছোৱালী কেইটাৰ ‘টয়’ ট্ৰেইনত উঠাৰ অদম্য ইচ্ছা।
প্ৰথমতে আমি দিল্লীলৈ ৰাজধানী এক্সপ্ৰেছেৰে যাত্ৰা আৰম্ভ কৰিলোঁ। দিল্লী ষ্টেচন পাই আমি পেকেজ ট্যুৰ লব পৰা কাৰ্য্যলয় পালোঁগৈ। কাৰ্য্যলয়ত চিমলা, মানালী, মনিকৰ্ণ, জ্বালামুখী, অমৃতসৰ সামৰি এটা পেকেজ ট্যুৰ ল’লো।
যিদিনাখন দিল্লী পালোঁগৈ এখন হোটেলত অলপ জিৰাই লৈ আকৌ ৰেলেৰে যাত্ৰা আৰম্ভ কৰি ৰাতি ৯ বজাত কালকা পালোঁগৈ। কালকা ষ্টেচনৰ ওচৰতে এখন হোটেলত ৰাতিটো কটাই পিছদিনা ৰাতিপুৱা ৰেল ষ্টেচনলৈ আহি টয় ট্ৰেইনত উঠিলোঁ। টয় ট্ৰেইনত উঠাৰ কি মজা ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি।
পাহাৰৰ অকোৱা পকোৱা বাটেদি ট্ৰেইনখন গৈ যেতিয়া সুৰংগত সোমাই তেতিয়া লৰা ছোৱালী কেইটাৰ কি যে স্ফুৰ্তি। লগতে ট্ৰেইনৰ অন্য মানুহেও যি স্ফুৰ্তি কৰে সেইয়া যে ইমান ভাল লাগে! পাহাৰৰ নৈসৰ্গিক সৌন্দৰ্য্যৰ লগতে পাহাৰৰ কাষে কাষে ‘ৰডডেনড্ৰন’ অৰ্থাৎ ৰঙা গছৰ ৰক্তাভ ফুলৰ সমাহাৰে পাহাৰবোৰ যেনে এখন ৰঙা দলিছাৰে ঢাকি ৰাখিছে তেনে লাগিল । ৰঙা ফুলবোৰ ফুলি সেই সৌন্দৰ্য্যত আৰু ৰহণ সানিছিল। প্ৰকৃতিৰ এই মনোমোহা সৌন্দৰ্য্যই মনত এক অনাবিল আনন্দৰ জোৱাৰ তুলিলে। সেই সৌন্দৰ্য্য উপভোগ কৰি কেতিয়া চিমলা পালোঁহি কবই নোৱাৰিলো।
চিমলা ৰেল ষ্টেচনত ৰেলৰ পৰা নামি আমাৰ বাবে অপেক্ষা কৰি থকা গাড়ীত উঠি আগৰ পৰা ‘বুক’ কৰি থোৱা হোটেল পালোঁহি। হোটেলত ফ্ৰেচ হৈ লৈ ওচৰতে থকা ‘মল’লৈ যাওঁতে চিমলাৰ অপৰূপ সৌন্দৰ্য্য উপভোগ কৰিলোঁ।
পিছদিনাখন চিমলাৰ কুৰ্ফি নামৰ ঠাইখনলৈ ঘোঁৰাত উঠি গলো। কি যে ঠেক ৰাস্তা, অকল ঘোঁৰাৰেহে বা খোজ কাঢ়ি তালৈ যাব পাৰি। সেইখিনিৰ পৰা চীনৰ সীমা দেখা পোৱা যায়।
চিমলাত দুদিন থাকি আমি গাড়ীৰে মানালীলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। চিমলাৰ পৰা ব্যাস নদীৰ পাৰে পাৰে আহি থাকোঁতে ১২১৯ মিটাৰ উচ্চতাত অৱস্থিত কুলু পালোঁহি। কুলু এক অপৰূপ নৈসৰ্গিক সৌন্দৰ্য্যমণ্ডিত অকল এক ‘টুৰিষ্ট স্পট’ নহয়, হিন্দুসকলৰ কাৰণে এক পবিত্ৰ দেৱভূমিও। আমি কুলুত বৈষ্ণোদেৱীৰ মন্দিৰ দৰ্শন কৰিলোঁ।
হিমাচল প্ৰদেশ তথা ভাৰতৰ অন্যতম জনপ্ৰিয় শৈলচহৰ মানালী। পৌৰাণিক আখ্যান মতে প্ৰথম মানৱ মনুয়ে ইয়াতে নিজৰ আশ্ৰম পাতিছিল। তেতিয়াৰেপৰা এই ঠাইৰ নাম হয় মনু আলয়। পিছত এই ঠাইৰ মানালী হয়।
কুলু উপত্যকাৰ শেষ প্ৰান্তত প্ৰায় ২০৫০ মিটাৰ উচ্চতাত অৱস্থিত মানালীৰ ৰূপত মুগ্ধ হৈছিল পাণ্ডৱসকল। ব্যাস আৰু মানালসু নদীৰ পাৰত অৱস্থিত মানালী যেন সচাঁকৈ প্ৰকৃতিৰ মানসকন্যা। প্ৰকৃতিয়ে যেন নিজৰ ছোৱালীজনীক সজাই যাৱতীয় ৰূপ-ৰস-গন্ধ উজাৰ কৰি দিছে। মানালীয়ে নিজৰ সৌন্দৰ্য্যৰে যিকোনো পৰ্য্যটককেই আকৰ্ষিত কৰে। চাৰিওফালে বৰফে ঢকা হিমশৃঙ্গ ৰাজি। পাইন, ওক, দেৱদাৰুৰ অস্ফুট গুঞ্জন, সৰু সৰু পাহাৰী গাঁও আৰু তাৰ মাজে মাজে আপেল চেৰিৰ বাগান।
এই অপৰূপ নৈসৰ্গিক দৃশ্য প্ৰাণভৰি উপভোগ কৰাৰ লগে লগেই মানালীৰ পৰা দুই কিলোমিটাৰ ম
আঁতৰত থকা ভীমৰ পত্নী হিড়িম্বাৰ মন্দিৰ চাবলৈ গলো। মন্দিৰটিৰ শিল্প শৈলী দৰ্শনীয়। হিড়িম্বা মন্দিৰটোৰ চাৰিওফালে ওক, দেবদাৰু গছেৰে ভৰপুৰ।
এই অপৰূপ সৌন্দৰ্য্যৰ মাজত মন্দিৰটোৰ বাহিৰত লৰা ছোৱালী কেইটাই য়াকৰ পিঠিত উঠি ফটো তুলিবলৈ আৰম্ভ কৰিলে। তাৰপিছত হিড়িম্বা মন্দিৰৰ কাষতে থকা মিউজিয়ামটো চাই ওচৰতে খোৱা-বোৱা কৰি হোটেললৈ উভতি আহোঁ।
পাছদিনাখন আমি ৰাতিপুৱাই ৰোহটাংপাছ চাবলৈ ওলালোঁ। হিমাচল ভ্ৰমণলৈ গলে ৰোহটাংপাছ এক চাবলগীয়া ঠাই। মানালীৰ পৰা ৫১ কিলোমিটাৰ দূৰত প্ৰায় ১২৩০ মিটাৰ উচ্চতাত অৱস্থিত।
ৰোহটাংপাছলৈ যাওঁতে ৰাস্তাৰ দুয়োকাষে পাহাৰ বিলাকত বৰফৰ খেলা। পাহাৰৰ গাত বৰফবোৰত সূৰ্য্যৰ কিৰণ পৰি এক অপূৰ্ব সৌন্দৰ্য্যৰ সৃষ্টি কৰিছিল। এই ৰোহটাংপাছত বছৰৰ বেছি ভাগ সময় বৰফ পৰি থাকে। চাৰিওফালে কেৱল বগা চাদৰ এখন পাৰি থোৱাৰ নিছিনা লাগে। যেন এখন স্বপ্নৰ জগত। ৰোহটাংপাছত আমি সকলোৱে ‘স্কি’ কৰিলোঁ। ৰোহটাংৰ বিয়াসকুণ্ডৰ পানীৰ পৰাই সৃষ্টি হৈছে ব্যাস নদীৰ। দুপৰীয়াৰ পৰা ইয়াত ঘনে ঘনে বতৰ পৰিবৰ্তন হৈ থাকে। সেইকাৰণে তাৰ পৰা দিনে পোহৰে ঘূৰি অহাই ভাল।
আমি মানালীৰ ৰোহটাংপাছত বৰফৰ লগত খেলা কৰি গধূলি হোৱাৰ আগে আগে ঘূৰি আহি হোটেল পালোঁহি। হোটেলত গা পা ধুই অলপ জিৰাই লৈ বজাৰৰ ফালে ওলাই আহিলোঁ। বজাৰত গৰম কাপোৰ আৰু অলপ সৰু সৰু বস্তু কিনি খোৱা বোৱা কৰি হোটেললৈ উভতি আহোঁ। কাপোৰ কানি সলাই নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিলোঁ।
মানালী ভ্ৰমণ কৰি পিছদিনাখন পুৱা আগতে সিদ্ধান্ত কৰি থোৱা মতে আমি মনিকৰ্ণ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। হিন্দুৰ পবিত্ৰ তীৰ্থ এই মনিকৰ্ণ।
কথিত আছে যে দেবী পাৰ্বতীয়ে নদীত স্নান কৰোঁতে কানফুলি যোৰ নদীৰ পানীত হেৰাই যায়। তেতিয়া নয়না দেৱীয়ে পাতাললৈ গৈ বাসুকী নাগৰ হাতৰপৰা সেই কানফুলি যোৰ উদ্ধাৰ কৰি আনে। পাৰ্বতী নদীৰ পাৰত অৱস্থিত পাৰ্বতী মন্দিৰ, নয়না দেৱীৰ মন্দিৰ, মহাদেৱ মন্দিৰ।
আকৌ শিখ ধৰ্মাৱলম্বীৰ কাৰণেও মনিকৰ্ণ পুন্যভূমি। ইয়ালৈ আহিছিল গুৰু নানক আৰু গুৰু গোবিন্দ সিং। মনিকৰ্ণত গুৰুদ্বাৰ আৰু গৰম পানীৰ উহ ওচৰা ওচৰিকৈ আছে। এই গৰম পানীত স্থান কৰিলে বহু বেমাৰৰ পৰা উদ্ধাৰ পায় বুলি বহুতেই বিশ্বাস কৰে।
মনিকৰ্ণ পাই আমি হোটেলত অলপ জিৰাই খোৱা বোৱা কৰি যত মন্দিৰ আৰু গুৰুদ্বাৰ একেলগে আছে তালৈ যাত্ৰা আৰম্ভ কৰিলোঁ। পাৰ্বতী নদীৰ ওপৰেদি যোৱা দলংখন পাৰ হওঁতে বতাহৰ হোহোৱনি আৰু নদীৰ পানীৰ শব্দই কাৰো মাত কোনেওঁ নুশুনা অৱস্থা হৈছিল।
প্ৰথমতে আমি গুৰুদ্বাৰৰ ফালে গৈ দৰ্শন কৰিলোঁ। তাত দেখিছিলো বহুতো শিখ লোকে কাম কৰি আছে। লংগৰত বহুতো লোকে একেলগে বহি খোৱা বোৱা কৰি আছে। বহুতো শিখ লোকে বাচন বৰ্তন ধুই আছে আৰু বহুতে বেলেগ বেলেগ ঠাইত চাফ চিকুনতাৰ কাম কৰি আছে।
এই গুৰুদ্বাৰত কাম কৰিবলৈকে অমৃতসৰৰ ফালৰ পৰা বহুতো শিখ লোক মটৰচাইকেলত আহি থকা দেখিছিলো। এইয়া তেখেত সকলে বহুত পবিত্ৰ কাম বুলি গণ্য কৰে। সেইকাৰণে এনেকৈ কাম কৰিবলৈকে মানুহবোৰ আহি থাকে।
তাৰপিছত লগতে থকা গৰম পানীৰ উহ আৰু মন্দিৰটোলৈ গলো। মন্দিৰত সেৱা কৰি গৰম পানীৰ উহটো চালোঁ। তাৰ পানীবোৰ এনেকৈ বগবগকৈ উতলি আছিল যেন তলত প্ৰচণ্ড জুই একুৰা দি থোৱা আছে। পুৰোহিত এজনে এটা বতুৱাত চাউল লৈ আহি তাৰ ওপৰতে দি দিলত খন্তেক সময়তে চাউল খিনি ভাত হৈ যোৱা আমাক দেখুৱালে। প্ৰকৃতিৰ কি খেলা।
তাৰপৰা আমি ওচৰতে বাথটাবৰ
নিছিনা কৰি লোৱা এটা টাবত বহুতো লোকে গা ধুই থকা দেখিলোঁ আৰু ওচৰৰ চাপৰ শিলৰ ঘৰ এটাত বহুতো লোক বহি থকা দেখি আমিওঁ সোমাই গলো। সেই ঘৰটো গৰম। সেই ঘৰটোত সোমাই বহিলে নহলে সেই পানী খিনিত গা ধুলে গাৰ বিষ বেমাৰৰ পৰা মুক্ত হয় বুলি কথিত আছে।
পিছদিনাখন আমি জ্বালামুখী অভিমুখে যাত্ৰা কৰোঁ। জ্বালামুখীত সাত গৰাকী আইৰ এগৰাকী আইৰ ডাঙৰ মন্দিৰ আছে। আমি জ্বালামুখীত সেইদিনা ৰাতিটো কটাই পিছদিনা ৰাতিপুৱা মন্দিৰত সেৱা কৰিলোঁ। এই মন্দিৰটো বেছ ডাঙৰ মন্দিৰ। মন্দিৰটো চাই অমৃতসৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ।
মানালীৰ পৰা অমৃতসৰলৈকে অতি মনোমোহা কাংৰা ভেলি অতিক্ৰম কৰি আহি থাকোতে মনত এক অজান পুলক অনুভৱ হৈছিল। শাৰী শাৰী পৰ্বতৰ সৌন্দৰ্য্য ৰাশিয়ে মন ভৰাই তুলিছিল। অমৃতসৰ আহি পাই হোটেলত গা পা ধুই খোৱা বোৱা কৰি কিছু সময় জিৰণি লৈ ওচৰতে থকা ‘গল্ডেন টেম্পল’ চাবলৈ গলো। ‘গল্ডেন টেম্পল’ত মানুহৰ কি যে ভিৰ! কি অপূৰ্ব! তাতো দেখিলো যে শিখসকলে মন্দিৰটোলৈ অহা যোৱা কৰা মানুহৰ যি শুশ্ৰূষা কৰিছে সেয়া অতুলনীয়।
পিছদিনাখন আমি জালিৱানাবাগলৈ গলো। যত ডায়াৰে বহুতো শিখ লোকক একেলগে হত্যা কৰিছিল। তালৈ সোমাই যোৱা ৰাস্তাটো ঠেক। দুফালে ওখ দেৱাল। বৃটিছসকলে আমাৰ দেশ শাসন কৰি থাকোঁতে বৃটিছৰ বিৰুদ্ধে বহুতো শিখ লোক একত্ৰিত হৈ এই ঠাইতে মিটিং কৰিছিল। জেনেৰেল ডায়াৰে এই খবৰ পাই বহুতো সৈন্য সামন্ত লৈ তাত প্ৰৱেশ কৰি জধে মধে গুলী কৰাত বহুতো শিখ লোকৰ মৃত্যু হয়। তাত থকা এটা কুঁৱাত বহুতো শিখ লোক একেলগে জপিয়াই দিয়াত বহু লোকৰ মৃত্যু হয়। মানুহৰ গালৈ গুলিওৱা গুলীবোৰ এখন বেৰত লাগি অসংখ্য বিন্ধা হৈ গৈছিল। এই সকলোবোৰ সংৰক্ষণ কৰি এখন পাৰ্কৰ নিচিনা কৰি তোলা হৈছে। তাত বেছ কিছু সময় থকাত মনটো দুখ আৰু প্ৰশান্তিৰে ভৰি পৰিল।
তাৰ পৰা ওলাই আহি আমি ৱাঘা সীমান্তলৈ গলো। ৱাঘা সীমান্তত এফালে ভাৰতৰ সীমা আৰু আনফালে পাকিস্তানৰ সীমা। তালৈ গলে সীমান্ত সুৰক্ষা বাহিনীৰ পেৰেড দেখিলে দেশপ্ৰেম আপোনা আপুনি উদ্বুদ্ধ হৈ উঠে। দুয়োখন দেশৰ গেট একেলগে খোলে। পেৰেড একেলগে হয়। কি যে অপূৰ্ব সমাহাৰ।
অমৃতসৰত দুৰাতি কটাই দিল্লীলৈ ঘূৰি আহি তাত এৰাতি কটাই অসম অভিমুখে ঘূৰি আহোঁ।