মানুহবোৰ দেখোন প্ৰকৃতিৰ ৰাজ্যত
লেখক- দিবাকৰ বৰদলৈ
হব্চে অঁকা ছবিখন
ক্ৰমাৎ আকৌ জী উঠা যেন লাগিছে।
আজিকালি ওলাই যাবলৈ ভয়
কিজানিবা ঘূৰিয়েই অহা নহয়!
শান্তি শৃংখলাৰ কথা কোৱা মানুহবোৰেই দেখোন
কাৰ্যত ওলোটা।
সুধিবলৈ মন যায়
ক’ত শান্তি?
ক’ত শৃংখলা?
মানুহবোৰ দেখোন প্ৰকৃতিৰ ৰাজ্যত
হব্চে অঁকা ৰাজ্যত!
অনিশ্চয়তাৰ অম্লজান টানি প্ৰাতঃভ্ৰমণ কৰোঁ
কৰ্মস্থলীলৈ যাওঁ
কৰোঁ বজাৰ-সমাৰ
কেতিয়াবা ফুৰিবলৈ যাওঁ মুকলি আকাশৰ তলত
পোনে পোনে যাওঁ
পোনে পোনে ঘূৰি আহোঁ
ঘূৰি আহি নেদেখাজনক প্ৰণাম জনাও।
বাটৰ কচু গাত নঘহোঁ বুলিয়েই
’আপোন ভালেই জগত ভাল’ মন্ত্ৰ
জপ কৰিছোঁ
এখন সামাজিক চুক্তিৰ
প্ৰয়োজন হ’ব নেকি আকৌ?
মানুহবোৰ দেখোন প্ৰকৃতিৰ ৰাজ্যত!
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments