মাৰ্জাৰ কাহিনী
লেখক- পংকজ কুমাৰ নেওগ।
Those who’ll play with cats must expect to be scratched.
Miguel de Cervantes
আমি থকা চুবুৰীটোত মেকুৰীৰ উপদ্ৰৱ অলপ বেচি বুলিয়েই ক’ব পাৰি। এনে উপদ্ৰৱ আগতে ক’তো পোৱা মনত নপৰে। ইয়াৰ কাৰণ মূলতঃ সিহঁতে সহজে খাবলৈ পোৱা দামী ‘কেট-ফুড’। চুবুৰীৰ ওমানী মহিলাসকলে মেকুৰীবোৰক ঘৰৰ সন্মুখৰ বাটত বা ফুটপাথত সন্ধিয়া সময়ত কাগজৰ প্লেটত আথে-বেথে খাবলৈ দিয়ে। এই খাদ্য আমি ঘৰত খাবলৈ দিয়া গাখীৰ-ভাত বা মাছৰ কাঁইট জাতীয় সাধাৰণ খাদ্য নহয়, আমদানিকৃত টেমা বা কাগজৰ মোনাত কিনিবলৈ পোৱা দামী ব্ৰেণ্ডৰ বিলাতী ‘কেট ফুড’। সম্ভৱতঃ সেইবোৰ খাদ্যত ভিটামিন ‘এ’ৰ পৰা ভিটামিন ‘জেদ’লৈ সকলো ধৰণৰ খাদ্যপ্ৰাণেই লভ্য! চুবুৰীৰ একো একোটা মেকুৰীৰ চেহেৰাই সেই কথা সগৌৰৱেৰে ঘোষণা কৰে। স্থানীয় মানুহখিনিয়ে কুকুৰতকৈ মেকুৰী বেছি পছন্দ কৰে যেন লাগে। প্ৰবাসীসকলক বাদ দি ওমানী লোকসকলৰ ঘৰত পোহনীয়া জন্তু হিচাপে কুকুৰ দেখিবলৈ পোৱা বিৰল। সেয়েহে পোহনীয়াই হওক বা বনৰীয়াই হওক তেওঁলোকৰ মাৰ্জাৰ-প্ৰীতি বৰ বেছি।
এই মাৰ্জাৰ-প্ৰীতিৰ ফলস্বৰূপে দিনে দিনে চুবুৰীত সিহঁতৰ সাম্ৰাজ্যৰ অবাধ বিস্তৃতি। সৰুতে ফেঁচা-নগৰ নামেৰে গল্প কিতাপ এখন পঢ়া মনত পৰে। কিতাপখনত ফেঁচাবোৰে মানুহবোৰক এটা এটাকৈ ফেঁচালৈ পৰিৱৰ্তিত কৰি ফেঁচা-নগৰ এখন গঢ়ি তোলাৰ অভিসন্ধি কৰিছিল। কাহিনীটোৰ শেষত কি হ’ল এতিয়া মোৰ মনত নাই কিন্তু আমাৰ চুবুৰীটোও সেইদৰে এদিন মাৰ্জাৰ-নগৰলৈ পৰ্যবসিত হয় বুলিহে চিন্তা। মেকুৰীৰ কেনে ধৰণৰ উপদ্ৰৱ বুলি বহুতে হয়তো মোক প্ৰশ্ন কৰিব পাৰে। আমাৰ তাত মেকুৰীৰ উপদ্ৰৱ মানে ঢাকোন পেলাই পঁইতা ভাত খোৱা, গাখীৰৰ বাচনত মুখ দিয়া, বজাৰৰ পৰা আনি বাছিবলৈ থোৱা মাছ চুৰি কৰা এইবোৰ কথাৰ বিষয়েহে আমি অৱগত। ইয়াত সেইবোৰৰ চিন্তা নাই। ইয়াৰ মেকুৰীয়ে নিগনি, এন্দুৰ চিনি নাপায়, গছত বগাই চৰাই পোৱালি ধৰিব নাজানে, গাখীৰ-মাছ চুৰি কৰি খোৱাৰ প্ৰতিও সিহঁতৰ অনীহা। সৰুতে পঢ়া সাধুকথা এটাত কোনোবা এজন ৰজাই হতদৰিদ্ৰ কবি এজনক ৰাজসভাত ৰজাৰ প্ৰশংসা কৰি কবিতা এটা ৰচিবলৈ দিছিল। কবিয়ে হেনো ৰজাক উত্তৰ দিছিল – ‘অন্নচিন্তা চমৎকাৰা, কাতৰে কবিতা কুতঃ? ‘ এই কথাৰ ঠিক বিপৰীতে ইয়াৰ মেকুৰীবোৰৰ এনে এটা অৱস্থা – ‘আমাৰ উদৰ সদায়েই পৰিপূৰ্ণ, আমি অবাবত চুৰি কৰিম কিয়? এন্দুৰ-নিগনি, চৰাই-চিৰিকতি নিধন কৰিম কিয়? ‘
চুবুৰীত মেকুৰীকেইটাৰ উপদ্ৰৱ অলপ ভিন্ন প্ৰকৃতিৰ। বহুতে হয়তো উপদ্ৰৱ বুলি নক’ব পাৰে কিন্তু মোৰ বাবে ই একপ্ৰকাৰ মূৰৰ কামোৰণিত পৰিণত হৈছে। দুটামান মেকুৰীয়ে আমাৰ গাড়ীখনৰ বনেট আৰু গাড়ীৰ ওপৰখন দিনে-ৰাতি সিহঁতৰ সুখশয্যালৈ পৰ্যবসিত কৰিছে। ফলস্বৰূপে, গাড়ীখনৰ বনেটৰ পৰা উইণ্ডশ্বীল্ড, ৰুফ আৰু পিছফালৰ গ্লাচ আৰু ডিকিৰ কভাৰ সকলো সময়তে মেকুৰীৰ ধূলি আৰু বোকাত খোজকঢ়া পদচিহ্নৰে দৃষ্টিকটুভাৱে জিলিকি থাকে। গাড়ীখনৰ বডীটো সিহঁতৰ বাবে যেন চৰণীয়া পথাৰহে! কি যে এক অদ্ভুত বিড়ম্বনা বুজাবলৈ টান! ফেণ্টমৰ ঘোচাই দস্যুৰ মুখত আঙুঠিৰ লাওখোলাৰ চাপ এৰি থৈ যোৱাৰ দৰে গাড়ীখনৰ ওপৰত এৰি থৈ যোৱা মেকুৰীৰ ভৰিৰ চাপবোৰেও মোক অসহায় কৰি তোলে। এইখিনিতে উনুকিয়াব বিচাৰিছো যে আমাৰ ঘৰবোৰত গাড়ী থ’বলৈ উপযুক্ত গেৰেজ নাই। প্ৰায়বোৰ মানুহে বিশেষকৈ এপাৰ্টমেণ্ট বিল্ডিঙত থকাসকলে বিল্ডিঙৰ বাহিৰত মুকলি ঠাইতে গাড়ী পাৰ্ক কৰে। ঘৰৰ বাহিৰত পথৰ কাষতে গাড়ী পাৰ্ক কৰি থোৱা ইয়াত সাধাৰণ কথা। চুৰি-তাৰি বা গাড়ীৰ আইনা ভঙা, বডীত আঁক-বাক কৰি নষ্ট কৰা আদি সমস্যা কোনোদিনে ইয়াত দেখা নাই। আমাৰ ঘৰতো গেৰেজ এটা নামত আছে যদিও আঁৰ-বেৰ একো নাই। ওপৰৰ চালখনে ৰ’দৰ পৰা গাড়ীখন অলপ ৰক্ষা কৰে যদিও বৰষুণত বিশেষ ৰক্ষা কৰিব নোৱাৰে। ইটাৰ মজিয়াখন এজাক বৰষুণতে পানীত বুৰ যায়। গতিকে মাৰ্জাৰবৃন্দৰ সকলো সময়তে গাড়ীৰ ওপৰত মহাৰজা বা মহাৰাণীৰ দৰে উঠি বহিবলৈ অবাধ স্বাধীনতা। গাড়ীত কেৱল ধূলি আৰু বোকালগা হাতোৰাৰ চাপেই নহয়, জাপ মাৰি গাড়ীখনৰ ওপৰলৈ উঠোঁতে আৰু নামোতে ভৰিৰ নখ লগাই গোটেইখন আঁচোৰৰ দাগো বহাইছে। ঘৰ পৰিষ্কাৰ কৰা সহায়ক ল’ৰাজন সপ্তাহত দুদিন ঘৰলৈ আহে আৰু শনিবাৰে এদিনহে গাড়ীখন ধুৱে। গতিকে মেকুৰীৰ ভৰিৰ দাগ আঁতৰাবলৈ প্ৰত্যেক দিনা গাড়ীখন ধুওৱা আমাৰ বাবে সম্ভৱ নহয়। আনহাতে গাড়ীখন সকলো সময়তে হুড বা কাপোৰেৰে ঢাকি-ঢুকি থোৱাও সমস্যা। ৰাতি কাপোৰেৰে ঢাকি-ঢুকি থলেও ৰাতিপুৱা ৭ বজাত গাড়ীখন অফিচলৈ উলিয়াবলৈ লৰা-লৰি আৰু আবেলি সদায় ইফালে-সিফালে ওলাই যোৱাৰ আৱশ্যকতা থাকেই। গতিকে দস্যু ভাস্কৰৰ ‘কটা হাতৰ ৰঙা চাপ’ পৰাৰ দৰে ময়ো মেকুৰীৰ হাতোৰাৰ দাগেৰে সজ্জিত অপৰিষ্কাৰ গাড়ীখন গোটেই চহৰতে চলাই ফুৰোঁ।
এই সমস্যা অকল যে মোৰেই তেনে নহয়। প্ৰাতঃ আৰু সান্ধ্য ভ্ৰমণলৈ যাওঁতে বাটে বাটে ঘৰৰ আগত মানুহে থোৱা প্ৰায়বোৰ গাড়ীৰ ওপৰত মেকুৰী বহি বা শুই থকা দেখা পাওঁ। সাধাৰণতে ঘৰৰ ভিতৰত থকা পোহনীয়া মেকুৰীবোৰৰ এই অভ্যাস দেখা নাই; বাহিৰত ঘূৰি ফুৰা গৰাকীবিহীন (Stray Cats) মেকুৰীবোৰৰহে এইটো স্বভাৱ আছে যেন লাগে। প্ৰথমতে ভাৱিছিলো গাড়ীৰ ইঞ্জিনৰ বাবে বনেট গৰম হৈ থকা বাবে বা গোটেই দিন ৰ’দত গাড়ীখন থকা বাবেহে উম ল’বলৈ সেইদৰে গাড়ীৰ ওপৰলৈ বগাই তাত বহিবলৈ বা শুবলৈ মেকুৰীবোৰে ভাল পায়। পিছে ওমানৰ ৪৫-৫০ ডিগ্ৰী ছেলচিয়াচৰ ভৰ গ্ৰীষ্মকালতো গধূলি আৰু ৰাতি গাড়ীৰ ওপৰত থাকিবলৈ ভাল পোৱা মেকুৰীকেইটাক দেখিহে মোৰ সন্দেহ হ’ল। সিহঁতৰ এই স্বভাৱৰ কথা জানিবলৈ উৎসুক হৈ এইবাৰ গুগলৰ জ্ঞানভাণ্ডাৰৰ শৰণাপন্ন হ’লোঁ। মাৰ্জাৰগোষ্ঠীৰ স্বভাৱৰ কিছু ৰহস্য আৰু কথা তেতিয়াহে ধীৰে ধীৰে বোধগম্য হ’ল। জীৱ-জন্তুৰ আচৰণ বিশেষজ্ঞসকলৰ মতে বেছিভাগ মেকুৰীয়ে সুবিধাজনক ওখ (Vantage point) ঠাইত জিৰণি ল’বলৈ আৰু শুবলৈ ভাল পায়। এই গুণ সিহঁতৰ নিজকে ৰক্ষা কৰাৰ প্ৰবৃত্তিৰ পৰাই আহিছে। শুবলৈ বা জিৰণি লোৱাৰ বাবে উচ্চ অৱস্থানে মেকুৰী আৰু মেকুৰী জাতীয় প্ৰাণীক চাৰিওফালৰ যিকোনো সম্ভাৱ্য বিপদ ধৰা পেলাবলৈ আকাশী সুবিধা (Aerial advantage) প্ৰদান কৰে। এই প্ৰবৃত্তিৰ বহুখিনি সিহঁতে বংশানুক্ৰমে লাভ কৰিছে। প্ৰাথমিক অৱস্থাত মেকুৰীবোৰ আছিল বন্যপ্ৰাণী আৰু চিকাৰী। ইহঁতে বৰ বেগাই দৌৰিব পৰাৰ উপৰি গছ বগোৱাতো পাৰ্গত আছিল আৰু এইদৰে ডাঙৰ চিকাৰীৰ পৰা নিজকে ৰক্ষা কৰাৰ ক্ষমতা আছিল। তদুপৰি গছৰ ডাল বগাই ইহঁতে সৰু সুৰা চিকাৰো আক্ৰমণ কৰিছিল আৰু ভক্ষণ কৰিছিল। গতিকে গছ বগাই ওপৰলৈ উঠা আৰু ওখ ঠাইত থাকি ভাল পোৱা আছিল মেকুৰীজাতীয় প্ৰাণীৰ প্ৰকৃতি আৰু এই স্বভাৱ আজি আমি পোহনীয়া জন্তু হিচাপে ৰখা মেকুৰীবোৰলৈকো আহিছে। মেকুৰীয়ে শুই থকাৰ সময়ত সৰু, বন্ধ ঠায়ো পছন্দ কৰিব পাৰে। পুনৰ এই প্ৰবৃত্তি সুৰক্ষিত অনুভৱ কৰাৰ প্ৰয়োজনীয়তাৰ পৰাই আহিছে। বহুতো মেকুৰীয়ে কাৰ্ডব’ৰ্ডৰ বাকচত শুই ভাল পায়, কাৰণ এই বাকচবোৰ চাৰিওফালে আবদ্ধ। ইয়াৰ অৰ্থ হ’ল টোপনি যোৱাৰ সময়তো ইহঁতে মাত্ৰ এটা দিশে সতৰ্ক দৃষ্টি ৰাখি নিজকে শত্ৰুৰ আক্ৰমণৰ বাবে সাজু ৰাখিব পাৰে। অৱশেষত বিশেষজ্ঞসকলে এইবুলিও মন্তব্য কৰিছে – ‘মেকুৰীবোৰ ভেম থকা খেয়ালী স্বভাৱৰ জীৱ বুলি জনা যায়। সময়-সুবিধা বুজি সিহঁতে কেতিয়াবা মানুহৰ মনোযোগ দাবী কৰে কিন্তু মন নাথাকিলে মালিকৰ মৰম-ভালপোৱাও নাকচ কৰে। সিহঁতে নিজৰ ইচ্ছামতে খোৱা-বোৱা কৰে, মালিকৰ প্ৰতি উদাসীনতা দেখাব পাৰে আৰু বেছিভাগ সময়তে অকলে থাকিয়েই ভাল পায় যেন ভাৱ হয়। ‘
মাৰ্জাৰ-পুৰাণখন পঢ়ি ইয়াকে বুজিলো যে এই চুবুৰীত মেকুৰীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পোৱাৰ সৌভাগ্য মোৰ কপালত নাই। ওখ ঠাই বিচাৰি সকলোতে বগাই ফুৰা সিহঁতৰ জন্মগত প্ৰবৃত্তি যেতিয়া গাড়ীৰ বাহিৰখন সদায় পৰিষ্কাৰ কৰি চিকচিকীয়াকৈ ৰখা সপোন মোৰ কেতিয়াও পূৰণ নহ’ব। তথাপি অন্তিম প্ৰচেষ্টা হিচাপে চুবুৰীৰ ভুক্তভোগী কেইজনমানক একত্ৰিত কৰি এই বিষয়ে জৰুৰী কেবাং এখনৰ আহ্বান জনাম বুলি ভাৱি থৈছোঁ। যদি কেনেবাকৈ সমস্যাৰ সমাধান হয় তাতোকৈ আনন্দৰ বতৰা আৰু কি হ’ব পাৰে! ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কোৱা কথাষাৰ নিশ্চয় ফলিয়াব। অৱশ্যে সমস্যাৰ সমাধান নহ’লে মোৰ বাবে এটাই পথ বাকী। ঘৰৰ মালিকক তিনিমাহৰ জাননী দি চোং সলোৱাৰ বাহিৰে মোৰ গত্যন্তৰ নাই। আশাকৰোঁ চহৰখনৰ কোনোবা নহয় কোনোবা চুকত নিশ্চয় মাৰ্জাৰ-বিহীন, নিৰিবিলি আৰু শান্তিপূৰ্ণ এটা চুবুৰী মোৰ বাবে এতিয়াও অপেক্ষাৰত।