মূল হিন্দী কবিতা:প্ৰেম ৰসায়ন, কবি: जय नारायण बधवार

লেখক- নমিতা তালুকদাৰ

না তেওঁ কেতিয়াবা সুধিছে 

না মই কৈছোঁ

না তেওঁ কেতিয়াবা কৈছে 

না মই কেতিয়াবা লিখিছোঁ

 

দেৱাল আৰু চালি বিহীন 

এখন ঘৰত আমি বাস কৰি আহিছোঁ

অৰ্ধশক্তিৰে বছৰ বছৰ ধৰি

না সাক্ষাত হৈছে 

না সম্ভাষণ, সম্বোধন 

এজনে আনজনৰ কোনো 

খা- খবৰো পোৱা নাই 

 

এক অঘোষিত চুক্তি 

আছিল আমাৰ মাজত

যে আমি কেতিয়াও

 কোনো অভিযোগ নকৰিম

 অথবা কাৰণ বিচাৰি 

 প্ৰশ্ন নকৰিম 

 যাৰ যেতিয়াই মন যাব

 মাত লগাব, কথা হ’ব

 বিপৰীত পক্ষলৈ নাথাকিব

 কোনো প্ৰত্যাশা

 

আচলতে প্ৰেম কৰা নাযায়

প্ৰেম জীয়াবহে পাৰি 

প্ৰতিটো উশাহৰ লগত 

আৰু উশাহ থকালৈ

ই জীয়াই থাকে 

ই আপোনাৰ পৰা 

কোনো শব্দও নিবিচাৰে 

কোনো উছৰ্গাও নিবিচাৰে

ই সমিধ বিহীন হোমৰ

অহৰ্নিশ যজ্ঞ

এই যজ্ঞৰ বিষয়ে কোনো দেৱতা 

অথবা পুৰোহিতে নাজানে

ই মাথোঁ হৈ থাকে

নিৰৱে নিতালে

 

কেতিয়াবা ভাৱোঁ

আমাৰ মাজত কি এনে

ৰসায়ন আছে

যে বিগত পঞ্চাশ বছৰে

এখিলা পাতো শুকান নহ’ল

এই জাৰণিৰ..! 

 

হয়তো তাৰেই নাম প্ৰেম

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!