মোৰ বুকুত এজোপা গছ
লেখক- প্ৰণামিকা অধিকাৰী
আহাচোন বন্ধু! এখন্তেক নিৰিবিলিত বহি
মনৰ কথাকে পাতোঁ।
দৌৰি দৌৰি চুটি হোৱা উশাহ-নিশাহত
কলিজাই বৰ যাতনা পায়,
এপলক ৰৈ বুকু ভৰি উশাহ লওঁ।
কত দিন হ’ল, আমি হাতে হাত ধৰি খোজ নকঢ়া।
কত দিন হ’ল, দুয়ো দুয়োৰে চকুত চকু নোথোৱা।
কেতিয়াবা চকুত পৰিলেও চকু, ভাষা পঢ়িবলৈ আহৰি নোপোৱা।
আহা, ৰিব ৰিব মলয়াত সেউজ বননিত বহি
মোৰ মূৰটো তোমাৰ বাহুত থৈ
এপলক জিৰাওঁ।
মুখেৰে একো নোকোৱাকৈ দুয়ো দুয়োৰে কথাবোৰ
শুনো আৰু বুজোঁ আৰু ক্ষন্তেকৰ বাবে
মহাকাশত বিলীন কৰি দিওঁ আমাৰ হৃদয়।
পেপচি, কোক, বিয়েৰত শুকাই যোৱা আমাৰ ওঁঠ
হিমচেঁচা নিয়ঁৰত তিতি উঠক।
মোৰ হৃদস্পন্দন তোমাৰ কাণত সংগীত হৈ উঠক।
তোমাৰ কলিজাৰ উষ্ণতাই মোৰ বুকুৰ জুই নুমাওক।
জানানে,
আমি বহিলে পৃথিৱীও বহিব।
দৌৰবীৰসকলে খোজ কাঢ়ি কাঢ়ি আমাৰ কাষলৈ আহিব।
দেখাক দেখি দৌৰাসকলে বুজি পাব,
আচলতে, ইমান দৌৰাদৌৰিৰ কোনো প্ৰয়োজনেই নাই।
আহা বন্ধু!
এতিয়া মোৰ বুকুত গজি উঠিছে এজোপা বকুল।
তোমাৰ বুকুতো গুজিব খোজোঁ তাৰ বীজ।
তোমাৰ বুকুতো।