মোৰ ভেনিছ ভ্ৰমণ
লেখক- দেৱীকা বৰপূজাৰী
জীৱন অদ্ভুত ধৰণৰ এক সাঁথৰ, কেতিয়া কোন ক’লৈ যায়, কি হ’ব? –
ক’ত কাৰ কি হয়, কোন ক’ত থাকিব লগীয়া হয়, কোন ক’লৈ যাবলগীয়া হয় — একোকেই পূৰ্ব নিৰ্ধাৰিত নহয়। মোৰ বেলিকাও সেয়েই হৈছিল। পুত্ৰই পেৰিছত মাষ্টাৰচ কৰি আছিল, চেমিনাৰ এখনত যোগ দিবলৈ গৈছিল — আমেৰিকালৈ। চেমিনাৰৰ অন্তত, পেৰিছলৈ ঘূৰি যোৱাৰ আগদিনা সকলোবোৰ মিলি ৰেষ্টোৰাত খাবলৈ বহি, অৰ্ডাৰ দিয়া খোৱা আহি পায় মানে তাৰ লগৰ লেবানীজ ছাত্ৰ এজনে প্ৰস্তাৱ দিলে বোলে ৰৈ থকাত কৈ আহ পাঞ্জাকে খেলো। মোৰ পুত্ৰৰ এটা বেয়া অভ্যাস যে, যি কোনো খেল বুলিলে পাগল, লাগিলে ভালকৈ নাজানকেই! অনবৰতে সাজু, কোনোবাই খেলিবলৈ মাতিলেই হ’ল…!
খেল আৰম্ভ হ’ল আৰু সি জিকিবলৈ বুলি চেষ্টা কৰোঁতেই তাৰ সোঁহাতখন মেটেক কৈ শব্দ এটা কৰি ভাগিল, ৰেষ্টোৰাত থকা আন মানুহবোৰেও হেনো সেই শব্দ শুনিছিল।
ভাগ্য ভাল যে ছাত্ৰ বোৰৰ লগত সিহঁতৰ Programme Directorজন আছিল, তেঁৱেই আগভাগ লৈ তাক ততালিকে হস্পিতাললৈ নিলে। এক্সৰে’ কৰি ডাক্তৰে ক’লে, হে! বৰ বেয়াকৈ ভাগিছে, দুদিনৰ ভিতৰতে অস্ত্ৰোপ্ৰচাৰ কৰিবই লাগিব। কিন্তু, আমেৰিকাত চিকিৎসা কৰা মানে দেউলীয়া হোৱা। গতিকে, সেই ‘ চাৰ ‘জনে ডাক্তৰৰ লগত পৰামৰ্শ কৰি মোৰ পুত্ৰক মুম্বাইলৈ পঠিয়াই দিলে। সি বেচেৰা বিষ নিৰাময়ৰ ঔষধ খাই খাই, ভগা হাতেৰে, বাইশ ঘণ্টা ভ্ৰমণ কৰি মুম্বাই আহি পালেহি। তাৰ লগৰ ল’ৰা এটাৰ সৈতে মই তাক আনিবলৈ গৈ, হুইল চেয়াৰত বহি অহা মোৰ পুত্ৰক দেখি শোকে খুন্দা মাৰি ধৰিলে।
মই ইতিমধ্যেই মুম্বাইৰ নানাৱতী হস্পিতালৰ শল্য চিকিৎসকৰ পৰামৰ্শ কৰি থৈছিলোঁৱেই, গতিকে সি আহি পোৱাৰ পাছদিনাই তাৰ অস্ত্ৰোপ্ৰচাৰ কৰা হ’ল। এমাহৰ পাছত ল’ৰাৰ তত নোহোৱা হ’ল পেৰিছলৈ ঘূৰি যাবলৈ, কাৰণ পৰীক্ষা দিবলৈ আছেই! সোঁহাতৰ তাৰ হাতৰ অবস্থা ঠিক নোহোৱালৈকে ডাক্তৰে তাক কোনোমতেই অকলে যাবলৈ অনুমতি নিদিলে, কিয়নো তেতিয়াও হাতৰ মস্ত প্লাষ্টৰৰ সৈতে নিজে সি একো কৰিব নোৱাৰে। গতিকে পৰিকল্পনাবিহীন ভাৱে ময়েই তাৰ লগত পেৰিছলৈ যাব লগীয়া হৈছিল।
দুমাহৰ পাছত সি ক্ৰমান্বয়ে ভাললৈ অহাত আৰু এসপ্তাহ কিবা কাৰণে তাৰ ক্লাছ নথকাত আমি ইটালীৰ মিলান, Lake Como আৰু ভেনিছলৈ গ’লো।
he Merchant of Venice স্কুলত থাকোঁতে পঢ়িছিলোঁ কিন্তু কেতিয়াও ভবা নাছিলোঁ যে কেতিয়াবা এই আজব চহৰখন দেখিবলৈ পাম! উত্তৰ ইটালীৰ ভেনিছৰ ৰাজধানী ভেনিছেই, এড্ৰিয়াতিক সাগৰৰ পৰা বিচ্ছিন্ন হোৱা ভেনিছ চহৰ এশতকৈও অধিক দ্বীপেৰে পৰিবেষ্টিত ; য’ত কোনো বাট পথ নাই, কেৱল বিয়াগোম খাল ( canal), নিজে নেদেখিলে বৰ্ণনা কৰিবলৈ অসুবিধা, পানীৰ মাজত কিদৰে ঠিয় দি আছে – ৰেনেছা যুগৰ ভাস্কৰ্য্য সমূহ।
ভেনিছৰ চাব লগীয়া ঠাইবোৰ – St Marks Square বা Piazza San Marco — এই ঠাইখিনি ভেনিছৰ সঙ্গম স্থল বুলি ক’ব পাৰি। কিয়নো ন-পুৰণি ট্যুৰিষ্ট ইয়ালৈ আহেই! ইয়াৰ আশে-পাশে থকা নানা তৰহৰ দোকান, কেফে, ৰেস্তোৰা আৰু বিশ্বৰ বিভিন্ন লোক যেন এই ঠাইতে থুপ খাইছেহি! সেয়েহে নেপোলিয়ন বোনাপাৰ্তে এই square ক আখ্যা দিছিল –
’Drawing room of Europe ‘..
Rialto Bridge — ১২ শতিকাত সজা এই দলং সবাতোকৈ পুৰণি, মাজে সময়ে ইয়াক অৱশ্যে মেৰামতিও কৰি থকা হয়। এই দলং যদিও প্ৰায়েই জনবহুল হৈ থাকে, কিন্তু ইয়াৰ পৰা ভেনিছ আৰু গ্ৰেণ্ড কেনেল চাবলৈ বৰ ভাল লগা। ইয়াৰ কাষতে আছে Rialto market, ভেনিছৰ সকলো ধৰণৰ বস্তু ইয়াত পোৱা যায়।
St Marks Basilica — এই গীৰ্জা চালে চাই থাকিব মন যোৱা – ইয়াৰ ৰং বিৰঙৰ স্তম্ভ, সোণালী ৰং বোলোৱা mosaic আৰু এই গীৰ্জালৈ চাই থকা চাৰিটা তাম বৰণীয়া ঘোঁৰা, সোণালী ৰঙৰ সিংহই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।
Doge’s Palace- ভেনিছৰ এক অতি প্ৰসিদ্ধ প্ৰাসাদ। ইয়াতেই সকলো চৰকাৰী কাম কৰা হৈছিল আৰু এইখন পৃথিৱীৰ ভিতৰতে এক শক্তিশালী ‘ চহৰ – ৰাজ্য ‘ বুলি পৰিগণিত হৈছিল। কাৰণ ভেনিছিয়ান গণৰাজ্যই শতিকা জুৰি ভূমধ্য সাগৰীয় দেশবোৰক তলতীয়া কৰি ৰাখিছিল। বগা আৰু গোলাপী মাৰ্বলৰ এই প্ৰাসাদ নিশা হ’লে ভেনিছৰ পানীত এক অপৰূপ সুন্দৰ হৈ দেখা দিয়ে। বৰ্তমান ইয়াক ভেনিছৰ অন্যতম মিউজিয়াম হিচাপে ব্যৱহাৰ কৰা হৈছে। খ্ৰীষ্টমাছৰ আগে আগে ইয়াত বেছ ডাঙৰ এক carnival হয় য’ত ভেনিছৰ ৰঙ-ৰহৈচ ভালপোৱাসকলে নানা তৰহৰ পোছাক আৰু হৰেক ৰকমৰ মুখা পিন্ধি আনন্দ কৰে। ভেনিছত ভ্ৰমণকাৰীৰ সোঁত আটাইতকৈ বেছি হয় – জুন মাহৰ পৰা আগষ্ট মাহলৈকে।
ভেনিছৰ বহুকেইটা নাম — পানীৰ চহৰ, মুখাৰ চহৰ, দলঙৰ চহৰ, ওপঙা চহৰ, খালৰ চহৰ আৰু এড্ৰিয়াটিকৰ ৰাণী।
ভেনিছত এটাই মাথোঁ মুখ্য আৰু দুটা কাষৰীয়া পথ। এশ সত্তৰটা খাল এই চহৰৰ মাজত আছে, বাকীবোৰ সৰু সৰু দলং আৰু অতি ঠেক গলি।
ভাবিলে আচৰিত লাগে যে, পানীৰ ওপৰত থকা এই প্ৰকাণ্ড অট্টালিকা সমূহৰ মূল ভেঁটি হৈছে একপ্ৰকাৰৰ কাঠ। ভেনিছৰ বুৰঞ্জী জানিবলৈ হ’লে বহু বছৰ পিছুৱাই যাব লাগিব, সৰু সৰু দ্বীপত বোকা, বালি আৰু কাঠৰ সংমিশ্ৰণত এই অট্টালিকা সমূহ সজা হৈছিল। কিন্তু প্ৰশ্ন আহে – যিহেতু কাঠ পচি যায়, কিদৰে ভেনেছিয়ানসকলে এই কাম হাতত ল’বলৈ সাহ কৰিছিল? কাঠে অক্সিজেন ল’ব নোৱাৰে, কাৰণ এইবোৰ বোকা আৰু পানীৰ তলত, তদুপৰি খনিজ পদাৰ্থৰে ভৰা পানীৰ অহৰহ সৰবৰাহ হৈ থকাৰ কাৰণে কাঠবোৰ আজিও শিলৰ দৰেই মজবুত। ভাবিলে অতি আচৰিত হ’বলগীয়া কাৰিকৰী আৰু স্থাপত্য বিদ্যাৰ উদাহৰণ এই ভেনিছ।
ভেনিছৰ পুৰণি আৰু বিখ্যাত খাদ্য হ’ল, Risi Bisi, সকলো ৰেস্তোৰা আৰু মানুহৰ ঘৰে ঘৰে এই খাদ্য চলে। অতি সাধাৰণ আৰু সুস্বাদু এই খাদ্য চাউল আৰু সেউজীয়া মটৰৰ সংমিশ্ৰণ, লগতে ডাঠ কৈ কটা বেকন।
ভেনিছ যদিও সুৰক্ষিত, তথাপি তাত পিক পকেটৰ অভাৱ নাই, যিহেতু ভ্ৰমণকাৰীৰ স্বৰ্গ এই ভেনিছ। ভেনিছক সম্পূৰ্ণকৈ উপভোগ কৰিবলৈ হ’লে ত্ৰিশ মিনিটৰ Gondola ride লোৱাটো আন এক আকৰ্ষণ।
পানী চহৰৰ মুখ্য যাতায়াত। ইয়াত শ শ চৰকাৰী বেচৰকাৰী ফেৰী, মেট্ৰো বুলিও কোৱা হয়, এইবোৰ চলায়। Rialto দলংখনে সমগ্ৰ ভেনিছ চহৰখনক কিদৰে সাঙুৰি লৈছে, নেদেখিলে বৰ্ণনা কৰিব নোৱাৰি। পাৰিলে আকৌ এবাৰ এই চহৰলৈ আহিব লাগিব বুলি বিদায় বেলিকা মনটো গধূৰ হৈ পৰিছিল।
০০০০০০