লিমাৰিক/ ধেমেলীয়া পদ্য
লেখক- যোগানন্দ মহন্ত
(০০১)
বাপুকণে হাঁহি বোলে ককাও যে বেচ
অম্লজান এঙাৰকো ভাবে একে গেছ
উশাহ আৰু নিশাহ
নোৱাৰে হ’ব বিবাহ
নাকেৰে যাতায়াত, শেঙুনে ধৰে পেঁচ।
(০০২)
গেলিলিওক সকলোৱে সোঁৱৰে আজি
তাহানি ভাবিছিলে মিছাহে কয় সাজি
ঘূৰে বুলি ৰঙা বেলি
মানুহৰে খেলি-মেলি
গেলিলিওক ভাবিছিলে পগলা পাজি।
(০০৩)
মানুহৰ দেহাতো দুশ ছডাল হাড়
বেঢ়ি থকা ছালৰহে জহ আৰু জাৰ
দুফালে দুখন কাণ
পকালে হেৰায় মান
নাকতো ধৰিলে লাজে, ৰঙা ৰং তাৰ।
(০০৪)
হাইড্ৰ’জেন অক্সিজেন মিলিয়ে পানী
যোজ্যতাৰে বোকোচাত উঠে সূত্ৰ মানি
তাকে শুনি বাপুকণে
ভাবে হেনো মনে মনে
জোখেৰে মিলিবলৈ পৰমাণুও জ্ঞানী।
(০০৫)
পানীও ভাপ হৈ আকাশ পায়গৈ উৰি
বৰষুণ বুলি সৰে খালে ঠলামূৰি
ৰ’দৰো পালেই তাপ
পানীয়েও দেখে বাপ
আকাশতে ডাৱৰ হৈ থাকে ঘূৰি ফুৰি।
(০০৬)
ভাল লাগে ছবিতো দেখি সৌৰজগত
ছবিত ভাবোঁ গ্ৰহো একোজন ভকত
সূৰ্যই ল’লেই নাম
গ্ৰহেও বুলিব ৰাম
বৃহস্পতিৰো চেহেৰা দেখাতে শকত।
(০০৭)
হৃদয়ৰো আছে হেনো চাৰিটা কোঠালি
বিন্ধেও দুখে-সুখে হ’লেও জা-জোৱালি
তাতেই আছে কপাট
নসহে খালে ধঁপাত
নিকটিনো কলিজাৰে শতৰু পোৱালি।
(০০৮)
গ্ৰহৰো ঘূৰিবলৈ আছেই কক্ষপথ
গ্ৰহো যেন দেৱতাহে চলে নিজা ৰথ
জ্যোতিৰ্বিদে থাকে চাই
কোন গ্ৰহ কেনি যায়
আকাশত দেখা নাই মন্দিৰ বা মঠ।
(০০৯)
ৰাৱণে চলাইছিলে পুষ্পক বিমান
হাবিতেই উঠি নামি উৰিলে কিমান
নাই বুলি হেলিপেড্
ৰাৱণৰো নাই খেদ
মহাকাব্য আছিলে যাদুকৰী বিজ্ঞান।
(০১০)
বিজ্ঞানৰ সকলোতেই জয়েই জয়
তথাপি ডাইনীলৈ কতখন ভয়
কৰা দেখোঁ জৰা-ফুকা
কথা ক’লে ভাবে ভুকা
ঘিউত সেকিলে নেজো ভাবে চিধা হয়।
=======================