শিশুৰ মানসিক অসুস্থতা আৰু ইয়াৰ কাৰণ

লেখক- পল্লৱী শৰ্মা

এই বিষয়টোৰ বিষয়ে বহলাই লিখিবলৈ যোৱাৰ আগতে আমি মানসিক স্বাস্থ্যনো কি সেই কথা প্ৰথমে জানিব লাগিব। কিয়নো মানসিক স্বাস্থ্যৰ লগত মানসিক অসুস্থতাৰ ওতপ্ৰোত সম্পৰ্ক আছে। এজন মানুহৰ বা এটা শিশুৰ মানসিক স্বাস্থ্য বুলি ক’লে তেওঁৰ মনৰ অৱস্থাটোৰ কথা বুজোৱা নাযায়; কিয়নো মানসিক স্বাস্থ্যই দেহ আৰু মন দুয়োটা সুস্থ হৈ থকাটোক বুজায়। অকল মনটো ভাল হৈ থাকিলে নহ’ব তাৰ লগে লগে দেহটোও সুস্থ হৈ থাকিব লাগিব। তেতিয়াহে সেই শিশুটিক মানসিক স্বাস্থ্যৱান বুলি ক’ব পৰা যাব। মানসিক অসুস্থ ব্যক্তিয়ে/শিশুৱে সমাজ তথা জীৱনত ভালদৰে সমাযোজন কৰিব নোৱাৰে। তেওঁলোক মানসিকভাৱে ৰোগত আক্ৰান্ত হৈ বিভিন্ন সমাযোজন সমস্যা, আৱেগিক সমস্যা আদিৰ সন্মুখীন হ’বলগীয়া হয়। এখন সুস্থ আৰু ভাৰসাম্যপূৰ্ণ সমাজ গঢ়িবলৈ শিশুৰ মানসিক স্বাস্থ্য অটুত ৰখাটো অতিকে জৰুৰী ।
এটা শিশু মানসিকভাৱে অসুস্থ হয় কিয়? ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে যেনে — বংশগত প্ৰভাৱো হ’ব পাৰে, অৰ্থনৈতিক কাৰণো হ’ব পাৰে, অতি বেছি কঠোৰ নীতি-নিয়মো হ’ব পাৰে, নৈতিক মূল্যবোধৰ অৱক্ষয় অৰ্থাৎ তেওঁলোকৰ মাজত কোনটো সত্য কোনটো অসত্য, কোনটো কৰা উচিত কোনটো কৰা অনুচিত আদিৰ সঠিক মূল্যবোধৰ চেতনা ক্ৰমে নোহোৱা হৈ যোৱাটোও হ’ব পাৰে। শিশুৱে জন্মসূত্ৰে পূৰ্ব-পুৰুষৰ পৰা লাভ কৰা জীন বা জীৱাণুকোষৰ জৈৱিক নিম্নমান বিশিষ্টতা মানসিক ৰোগাগ্ৰস্ততাৰ মৌলিক কাৰণ বুলিব পাৰি। দৰিদ্ৰতা, অভাৱ-অনাটনত ভোগা লোকসকলে দৰিদ্ৰতাৰ বাবে সামাজিক স্বীকৃতি, মান্যতা আদিৰ পৰা বঞ্চিত হৈ মানসিকভাৱে অসুস্থ বা অস্বাভাৱিক হৈ পৰে। তদুপৰি ল’ৰা-ছোৱালীক অতিমাত্ৰা শাসনত ৰখা, দৰকাৰী বস্তু প্ৰয়োজনত কিনি নিদিয়া, শিশুৰ বিভিন্ন প্ৰয়োজনীয়তাক আওকাণ কৰা, আন শিশুৰ লগত নিজ সন্তানক হতাশাৰ মনোভাবেৰে তুলনা কৰা, শিশুক অবহেলা কৰা, তেওঁলোকৰ প্ৰতিটো কথা মন দি নুশুনা, খেলা-ধূলা কৰিবলৈ মুক্ত পৰিবেশ নোপোৱা আদিয়ে তেওঁলোকৰ মনত মানসিক অশান্তিৰ সৃষ্টি কৰে।

বিদ্যালয়ৰ পৰিবেশো এটা শিশুৰ অসুস্থ মন সৃষ্টিৰ কাৰণ হ’ব পাৰে। উদাহৰণস্বৰূপে— স্কুলত খেলা-ধূলাৰ পৰিৱৰ্তে পুথিগত জ্ঞানৰ ওপৰত গুৰুত্ব বেছিকৈ দিয়া, পাঠ্যক্ৰম একঘেয়ামী বিধৰ, কামৰ অধিক হেঁচা, শিক্ষাৰ প্ৰতিযোগিতা মনোভাৱ আৰু পৰীক্ষাকেন্দ্ৰিক উদ্বিগ্নতা, শাসনধৰ্মী মনোভাৱ, শিক্ষকৰ গণতান্ত্ৰিক মনোভাৱৰ অভাৱ আদিয়েই প্ৰধান। শাৰীৰিক শিক্ষা, মূল্যবোধৰ শিক্ষা, যোগ শিক্ষা আদি বিষয়বোৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিব লাগে যিয়ে শিশুক মানসিকভাৱে সুস্থ ৰখাত সহায় কৰে। শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক, আধ্যাত্মিক দিশৰ বিকাশ সাধন কৰাটো স্কুলৰ এক গুৰুত্বপূৰ্ণ কাৰ্য। স্কুলৰ পৰা লাভ কৰা সামাজিক অভিজ্ঞতাই শিশুসকলক সমাজৰ লগত সুস্থ সমাযোজনত সহায় কৰে। সমাজ বা সম্প্ৰদায় হৈছে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান যিয়ে অসুস্থ মন এটা সৃষ্টি কৰাতো বিশেষ ভূমিকা লয়। সমাজত সঘনে হৈ থকা হত্যা, লুণ্ঠন, অন্যায়, শোষণ আদিৰ লগত জড়িত ঘটনাসমূহে কোমল মনত অতি সোনকালে প্ৰভাৱ পেলায়। আজিকালি ল’ৰা-ছোৱালীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰবোৰ তৎক্ষণাত লাভ কৰে। যাৰ ফলত তেওঁলোকৰ মনত অনেক প্ৰশ্নৰ উদয় হয়, যিবোৰৰ উত্তৰ হয়তো পিতৃ মাতৃৰ ওচৰত নাথাকে বা সেইবোৰৰ উত্তৰ দিবলৈ তেওঁলোক অপাৰগ। শিশুসকলৰ ইচ্ছা-আগ্ৰহ, বয়স, সুপ্ত প্ৰতিভা আদিৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত নিৰ্দেশনাৰহে ব্যৱস্থা কৰা উচিত। তেওঁলোকৰ মনৰ দৃষ্টিভংগী বুজি মৰম আৰু সহানুভূতিৰে আচৰণৰ সংশোধন কৰাৰ চেষ্টা কৰিব লাগে। বহু সময়ত দেখিবলৈ পোৱা যায় স্কুলৰ শিক্ষক, বন্ধু-বান্ধৱ আদিক লৈ বহু সময়ত বিভিন্ন ঘটনা আৰু পৰিস্থিতিৰ সৃষ্টি হয়। এনে কাৰ্যই ছাত্ৰ ছাত্ৰীৰ মনত বিশেষ প্ৰভাৱ পেলায়। যদি এইবোৰ উপযুক্ত সময়ত নিয়ন্ত্ৰিত কৰিব পৰা নাযায়, ইয়াৰ পৰিণাম ভয়াবহ হোৱাৰ লগতে শিশুৰ মানসিক স্বাস্থ্য বিশেষভাৱে প্ৰভাৱিত হয়। কেতিয়াবা আকৌ শিশুসকলৰ ওপৰত শিক্ষকসকলৰ ব্যক্তিগত আচৰণ ভাল নহ’লেও তেওঁলোকৰ মাজত মানসিক অশান্তিয়ে দেখা দিব পাৰে। কোনো কোনো শিক্ষকৰ ৰুঢ় আচৰণ, গালি-শপনি আদিয়ে শিশুৰ মানসিক ব্যাঘাত জন্মায় আৰু সেইবাবে কিছুমান শিশুৱে কেতিয়াবা ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ অপাৰগ হয়। শিশুসকলৰ গান-নাচ, খেলা-ধূলা আদিৰ প্ৰয়োজনো পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। স্কুলত বিভিন্ন ধৰণৰ সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ ব্যৱস্থা থাকিব লাগে আৰু তেতিয়াহে তেওঁলোকৰ সুপ্ত প্ৰতিভাৰ বিকাশ হোৱাত সহায়ক হ’ব। শিক্ষকসকলে শিশুৰ মনত আত্মবিশ্বাসৰ মনোভাৱ জগাই তুলিবলৈ চেষ্টা কৰিব লাগে। শিশুসকলক প্ৰতিটো মুহূৰ্ততে উৎসাহজনক মন্তব্যৰে উৎসাহিত কৰিবলৈ শিক্ষকসকলে চেষ্টা কৰিব লাগে। শিশুৰ ব্যক্তিত্ব হেয় প্ৰতিপন্ন কৰিব পৰা কোনো মনোভাৱ বা মন্তব্য তেওঁলোকে প্ৰকাশ কৰিব নালাগে। শিশুৰ কৌতূহলী মনৰ প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ আমি সদায় চেষ্টা কৰিব লাগে কিয়নো তেওঁলোকৰ চাৰিওফালৰ পৰিবেশ তেওঁলোকৰ বাবে কোনো কোনো সময়ত অচিনাকি হৈ পৰে।
এটি সুস্থ, স্বাভাৱিক শিশু গঢ় দি তোলাটো আমাৰ সকলোৰে কাম্য যদিও বাস্তৱ ক্ষেত্ৰত এইটো ইমান সহজ নহয়। তাৰবাবে আমাৰ সকলোৰে কৰণীয় বহুখিনি আছে। এটি শিশুৱে ঘৰুৱা পৰিবেশৰ পৰাই বিভিন্ন পৰিস্থিতিত বিভিন্ন জ্ঞান আহৰণ কৰে। সমাজৰ বিভিন্ন পৰিবেশৰ সৈতে খাপ খুৱাই চলিবলৈ শিশুৱে যেতিয়া কোনো বাধা নাপাই, কোনো অস্বস্তি, অসুবিধা নোহোৱাকৈ বিভিন্ন পৰিবেশ-পৰিস্থিতিৰ সৈতে সুস্থভাবে সমাযোজন কৰিব পাৰে তেতিয়াই সেই শিশুটোক মানসিকভাৱে সুস্থ শিশু বুলি কোৱা হয়। গতিকে শিশুক মানসিকভাৱে সুস্থ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। এটা শিশুৱে বাস্তৱ জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাটো স্বাভাৱিক কথা কিন্তু আমি কিমান গুৰুত্ব সহকাৰে তেওঁলোকৰ সমস্যাবোৰ শুনিছো বা মৰম ভালপোৱাৰে শিশুৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ? আমি প্ৰথমে নিজেই নিজক দোষ দিব লাগিব আৰু তেতিয়াহে এই সমস্যাবোৰৰ সমাধান হ’ব। প্ৰায়ে দেখিবলৈ পোৱা যায় যে শিশুসকলৰ ভয় ভাবৰ বাবেও নিজৰ মা-দেউতাকৰ পৰা বহুকথা লুকুৱাই ৰাখে। ফলত পিছলৈ সেই কথাবোৰ সমস্যা হৈ দেখা দিয়ে। তেওঁলোকৰ লগত আমি যিমান পাৰো বন্ধুৰ দৰে ব্যৱহাৰ কৰি সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। বহু সময়ত দেখা যায় যে প্ৰায় সংখ্যক চাকৰীয়া পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ বাবে সময় দিবলৈ সক্ষম নহয়। তেনেক্ষেত্ৰত বহু সন্তানে মাক-দেউতাকৰ ওচৰত মুকলিমূৰীয়াকৈ একো কথা ক’ব নোৱাৰি ভিতৰি ভিতৰি মানসিক অশান্তিত ভোগে। দামী দামী ব্ৰেণ্ডৰ বস্তু, অত্যাধুনিক সা-সুবিধায়ো শিশুটিক সুখী কৰিব নোৱাৰে; যদিহে মাক দেউতাকৰ প্ৰকৃত মৰম-ভালপোৱাৰ পৰা শিশুটি বঞ্চিত হয়। তদুপৰি পাৰিবাৰিক সংঘাত, ভাঙোনমুখী পৰিয়াল, সঘনে পিতৃ-মাতৃৰ মাজত হোৱা কাজিয়া — এই কথাবোৰেও শিশুটিৰ ওপৰত প্ৰভাৱ পেলায়। যাৰফলত শিশু মানসিকভাৱে অসুস্থ হৈ পৰে। কিছুমান শিশু আকৌ কেতিয়াবা শাৰীৰিক বেমাৰ-আজাৰ, দুৰ্বলতা, শাৰীৰিক অক্ষমতা, দক্ষতা আদিৰ বাবেও মানসিকভাৱে অসুস্থ হ’ব পাৰে। সুস্থ দেহতহে সুস্থ মনৰ সৃষ্টি হয়। দেহ অসুস্থ হ’লে মানসিক স্বাস্থ্য ৰক্ষা কৰিব পৰা নাযায়। মানসিক অসুস্থতা হৈছে প্ৰতিজন শিশুৰে ব্যক্তিগত সমস্যা আৰু সেইবাবে ইয়াৰ প্ৰতি ব্যক্তিগতভাৱে মনোযোগ দিয়াটো আৰু দিহা পৰামৰ্শ দিয়াটো প্ৰয়োজন। সুস্থ-সবল সমাজ এখন গঢ়াৰ বাবে শিশুসকল মানসিকভাৱে স্বাস্থ্যৱান হোৱাটো খুবেই প্ৰয়োজন। সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী নোহোৱাকৈ আমি কেতিয়াও শান্তিপূৰ্ণ জীৱন এটা অতিবাহিত কৰিব নোৱাৰোঁ।
আহক আমি সকলোৱে ওপৰৰ কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি শিশুসকলক ঘৰ, বিদ্যালয়, সমাজ উভয়তে এক সুস্থ, আনন্দময় পৰিবেশ দি মানসিক স্বাস্থ্য অটুত ৰাখিবলৈ চেষ্টা কৰাৰ লগতে সমাজৰ একো একোজন সু-নাগৰিক কৰি গঢ়ি তুলিবলৈ প্ৰতিজ্ঞাবদ্ধ হওঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!