শীত

লেখক- যশোৱন্ত নিপুণ

পদূলিৰ পৰা ঘৰটো কিছু নিলগত৷ গাড়ীখন ৰাস্তাতে পাৰ্ক কৰি অৰুণে এবাৰ চাৰিওফালে চকু ফুৰালে৷ চিনাকি পথাৰখন এতিয়াও আগৰদৰেই আছে৷ কিন্তু ওচৰৰ টাউনলৈ পথাৰৰ মাজেৰে যোৱা পথটোৰ কাষে কাষে বহুতো মানুহৰ ঘৰ বহিছে৷ আগতে সেইফালে এঘৰো মানুহ নাছিল আৰু সন্ধিয়াৰ পাছত মানুহে তেনেকৈ সেইটোৰে চৰ্টকাট মাৰি যাবলৈ সাহস নকৰিছিল৷ সেইফালেৰে পথাৰৰ কিছু দূৰ গ’লেই জান এটা পাৰ হ’ব লাগে৷ জানটোৰ পাৰতেই গাঁৱৰ বহু মানুহক খৰি দিয়া হৈছিল৷ বহুতেই তাতে ভূত লগ পোৱাৰ কাহিনী গাঁৱৰ সকলোৱে জনা কথা৷

প্ৰায় ত্ৰিশ বছৰৰ পাছত অৰুণ গাঁৱলৈ আহিছে৷ গাঁৱৰ বহুতো সলনি হৈ গ’ল৷ অলপ টাউন-টাউন লগা এটা পৰিবেশ৷ ৰাস্তাবোৰত পিচ দিয়া হৈ গৈছে, ৰাস্তাবোৰ বহল কৰা হৈছে৷

বাঁহৰ জপনাখন খুলি অলপ দীঘলীয়া বাটটোৰে অৰুণ ঘৰটোলৈকে গ’ল৷ চোতালতে পুৰন্দৰ জেঠা পুৰণি কাঠৰ চকী এখনত আবেলিৰ ৰ’দ লগাই বহি আছে৷ ওচৰতে আন এখন হাতভগা চকীত বহি আছে নিৰজা জেঠী৷ অৰুণে ঘৰটোলৈ, ঘৰটোৰ পিছফালে আৰু চোতালখনৰ চাৰিওফালে এবাৰ চকু ফুৰালে৷ সম্মুখৰ ৰাস্তাটো পিচ হৈ গৈছে৷ ৰাস্তাটো আগতকৈ হৈছে৷ আগতে এখন-দুখন গাড়ী, মটৰ চাইকেল বা স্কুটাৰ ৰাস্তাটোৰে গ’লে খৰালিৰ সময়ত গোটেইখন ধূলিৰে ধোঁৱা-কোৱা কৰি থৈ যায়৷ ঘৰটোৰ সম্মুখৰ ফালে বহু কেইজোপা জোপোহাৰ দৰে ৰক্তজৱা ফুল আছিল৷ সেই কেইডালে ধূলিবোৰক চোতাললৈকে অহাত কিবাকৈ বাধা দিবলৈ চেষ্টা কৰিছিল৷

এতিয়া সেই ফুলৰ গছবোৰ নাই৷ তাৰ ঠাইত সম্মুখৰ উদং ফালটোত এখন পুৰণি ক’লা হৈ যোৱা জেওৰা থিয় হৈ আছে৷ মানুহ, গৰু-ছাগলী কাকোৱেই বাধা দি ৰাখিবলৈ সেইখনৰ শক্তি নাই বুলি সহজেই ধৰিব পাৰি৷ কিন্তু জেওৰা মানে জেওৰা আৰু৷ দেখাদেখিকৈ অমাত জন্তুবোৰে তাক ভাঙিব নোখোজে আৰু এই গেচ চিলিণ্ডাৰৰ যুগত আজিকালি কোনোৱে মনে মনে জেওৰা ভাঙি খৰি খোৱাৰ কষ্টও নকৰে৷

এফালে হালি যোৱা ঘৰটোও জেওৰাখনৰ দৰেই এই ভাগি পৰোঁ এই ভাগি পৰোঁকৈ থিয় হৈ আছে৷ ঘৰটো অৰুণে খুব ভালকৈয়ে চিনি পায়৷ আজি ত্ৰিশ বছৰৰ পাছতো সেইটো একেখিনি ঠাইতেই, প্ৰায় একেদৰেই কিন্তু কিছু দুৰ্বল হৈ থিয় হৈ আছে৷

পুৰন্দৰ জেঠাই ঢেলা চকুযুৰি তুলি অৰুণলৈ কিছু সময় চাই ৰ’ল৷ কিন্তু তাক চিনিব নোৱাৰিলে৷ :“কোননো? মই ধৰিব পৰা নাই দেখোন৷”

:“অ’ জেঠা, মই অৰুণ৷ চিনিব পৰা নাই?”

:“অৰুণ ? কোন অৰুণ?” পুৰন্দৰ জেঠাই চকু দুটা বেছি বহল কৰি চাবলৈ ধৰিলে৷ তেওঁৰ মূৰটো কঁপিছিল৷ কাষৰ চকীখনৰ পৰা জেঠীয়েও হাত এখন দাঙি অৰুণৰ ফালে চাই কিবা ক’বলৈ চেষ্টা কৰিছিল৷

অৰুণে অলপ সময় তেওঁলোক দুয়োজনকে কথাবোৰ ভালকৈ বুজাই ক’ব লগা হ’ল৷ জেঠাৰ কথাবোৰ মনত পৰিল আৰু অৰুণক কিজানি চিনিও পালে৷ জেঠীয়ে কিন্তু তেতিয়াও একো ধৰিব পৰা নাছিল৷

:“মই চকুৰে ভালকৈ নমনো৷ আৰু তোক কিমান বছৰ দেখা নাই৷ বহ, বহচোন৷” জেঠাৰ মূৰটোৰ লগতে মাতটোও কঁপিছিল৷

কিন্তু বহে ক’ত? বাৰাণ্ডাত টুল এখন আছিল৷ সেইখনকে লৈ আহি অৰুণো চোতালত বহিল৷ পচিমৰ আকাশখন তেতিয়া হেঙুলীয়া হ’বলৈ ধৰিছিল৷ পৰিষ্কাৰ ৰ’দজাকৰ কুহুমীয়া উত্তাপটো অৰুণৰ বৰ ভাল লাগিল৷ কিমান দিন যে সি এনেকৈ গাঁৱৰ চোতাল এখনত ৰ’দ লৈ বহা নাই!

:“ভালে আছা নহয় জেঠা৷ আৰু জেঠী তোমাৰোতো ভালেই কিজানি৷” অৰুণে সুধিব লাগে কাৰণে সুধিলে৷ মানুহ দুজনলৈ চালে আৰু ঘৰটোৰ অৱস্থা দেখিলে তেওঁলোক যে মুঠেই ভালে থকা নাই সেইটো বুজিবলৈ টান নহয়৷ জেঠীয়ে বোধহয় কিবা এটা আন্দাজ কৰিলে এইবাৰ৷ সোলা মুখখন মেলি নিঃশব্দ হাঁহি এটা মাৰি তেওঁ মূৰ দুপিয়ালে৷

:“আছোঁদে আৰু৷ আমাৰনো আৰু কি ভাল বেয়া এতিয়া৷ জীৱনটো পাৰেই হ’ল দেখোন এনেকৈয়ে৷” জেঠাই চকু মুদি মূৰটো অলপ তললৈ হলাই দীঘলকৈ উশাহ এটা এৰি দি ক’লে৷

:“আজিকালি জাৰটোৱেহে বৰ কষ্ট দিয়ে৷ গা সিমান ভাল নহয় অ’৷”

অৰুণে নিৰজা জেঠীৰ ফালে চালে৷ আগৰ সেই হৃষ্টপুষ্ট মানুহজনীৰ ঠাইত এটা খহি পৰোঁ পৰোঁকৈ থকা কংকালসাৰ শৰীৰ৷ বয়সত জেঠাতকৈ মানুহজনী বহুত সৰু৷ এতিয়া পিছে দেখাত দুয়োকে একে বয়সৰ যেনেই লাগে৷ জেঠাই যে তিনিবাৰ বিয়া কৰাইছিল সেইটো এদিন তেৱেঁই অৰুণৰ মাকক কিবা কথাত কৈছিল৷ বোলে- “মই তিনিবাৰ দৰা হৈছোঁতো বৌ, তোমালোকে নাজানা৷” তেওঁৰ আগৰ দুজনী ঘৈণীয়েক ঢুকাইছিল৷

গাঁওখনৰ বহুত সলনি হ’ল৷ ৰাস্তা-ঘাট আগতকৈ ভাল হ’ল৷ পিচ ৰাস্তাৰে ধূলি নুৰোৱাকৈ ঘনে ঘনে গাড়ী-মটৰ আহিছে-গৈছে৷ কিন্তু এই ঘৰখনৰ যেন একো উন্নতি হোৱা নাই৷ সেই ত্ৰিশ বছৰ আগৰ সৰু ঘৰটোৱেই এতিয়াও থৰকবৰককৈ থিয় হৈ আছে৷ অৰুণহঁতে যেতিয়া গাওঁ এৰি নগৰলৈ যায় তেতিয়া এই ঘৰটো সৰু হ’লেও বেৰবোৰত ৰং কৰা এটা ধুনীয়া ঘৰ আছিল৷ কিন্তু আগৰ সেই ৰংবোৰ হেৰাই গৈছে৷ ছাল-বাকলিবোৰ এৰাই ঘৰটো দেখিবলৈ অশুৱনি হৈছে৷ চোতালত ৰ’দ লৈ থকা বয়সীয়া মানুহ দুজনৰ দৰেই ঘৰটোও যেন অৱশ হৈ পৰিছে৷

:“ইয়াৰে বগৰীজোপা নাই এতিয়া?” অৰুণে ঘৰৰ পিছফাললৈ চাই ক’লে৷ তাতে আগতে এজোপা ডাঙৰ বগৰী আছিল৷ সৰুতে অৰুণহঁতে সেইজোপাৰ কিমান বগৰী খাইছিল!

:“নাই, নাই৷ কিবা হৈ কেতিয়াবাই মৰি গ’ল৷ এস্, কিমান কি নোহোৱা হৈ গ’ল৷ কি ক’ম আৰু৷” জেঠাই শুকান হাঁহি এটা মাৰি ক’লে৷

:“একো নাই দে পিতি৷ সব শেষ, সব শেষ৷” জেঠীয়ে হাত দুখন জোকাৰি সকলো যে গুচি গ’ল সেইটো দেখুৱাবলৈ চেষ্টা কৰি ক’লে৷ “ময়ো মৰিম৷ বেছি দিন নাই৷”

:”তেনেকৈ কিয় কোৱা, তেনে কথা ক’ব নাপায় নহয়”-এই জাতীয় দুষাৰমান ক’লেও জেঠীয়ে কোৱা কথাখিনি যে সঁচা সেইটো অৰুণে বুজি পাইছিল৷ খুবেই দুৰ্বল কংকালৰ দৰে হৈ পৰা মানুহজনী আৰু ক’তনো বেছি দিন থাকিব?

:“মোৰ আগতে গ’লে ভালেই হয় দে৷ নহ’লেবা এইজনীৰ আৰু কিমান কষ্ট হয় কোনে জানে?” জেঠাই যোগ দিলে৷

:“কি যে কোৱা জেঠা৷”

অলপ সময় কোনেও একো নোকোৱাকৈয়ে পাৰ হ’ল৷

:“মই এটা কামতহে আহিছিলোঁ জেঠা৷” অৰুণে মূল কথাটোলৈ আহিব খুজিছিল৷

সোলা মুখখন মেলি জেঠাই হাঁহিলে৷ ক’লে, “কাম নহ’লে এনেয়ে আহিবিনে? সেই যে গ’লি তাৰ পাছত দেখোন অহাই নাছিলি৷ আগতে আমাৰ দুই ঘৰৰ কিমান অহা-যোৱা৷ দেউতাৰাহঁতেতো আহিয়ে থকা আছিল৷”

অৰুণে হাঁহি মূৰ দুপিয়ালে৷ গাঁও এৰাৰ আগতে এই ঘৰখনো তাৰ নিজৰ ঘৰৰ দৰেই আছিল৷ দেউতাক আৰু বৰদেউতাকে তাক আগৰ কথাবোৰ কৈছিল৷ তাৰ আইতাক আৰু পুৰন্দৰ জেঠাহঁতৰ মাক একেখন গাঁৱৰে ছোৱালী আছিল ৷ সেই সূত্ৰেই আইতাকে তিনিওটা ল’ৰাকে লৈ পুৰন্দৰ জেঠাহঁতৰ আগৰ ঘৰলৈ সঘনাই গৈছিল আৰু দুদিন-তিনিদিন থাকিছিল ৷ তেতিয়া অৰুণৰ ককাকৰ ঘৰখনৰ অৱস্থা খুবেই শোচনীয়, দুসাজ ভাতো সদায় ভাগত নিমিলে৷ অৰুণৰ বৰদেউতাক আৰু কেতিয়াবা দেউতাকেও তাক কৈছিল-:”তেওঁলোকে পুৰন্দৰ জেঠাহঁতৰ ঘৰলৈ খাবলৈকে গৈছিল৷”

কিন্তু সেই কথাটো অৰুণহঁতক পুৰন্দৰ জেঠাহঁতৰ কোনেও কেতিয়াও কোৱা নাছিল৷ ক’লেও মাত্ৰ কয় যে আগতে অৰুণৰ আইতাক আৰু দেউতাক-খুৰাকহঁতে তেওঁলোকৰ ঘৰলৈ ঘনাই আহিছিল৷ দেউতাকহঁতে ঘৰলৈ ঘূৰাৰ দিনা যে পুৰন্দৰ জেঠাৰ মাকে ডাঙৰ ডাঙৰ টোপোলা ভৰাই চাউল, পিঠাগুৰি, শাক-পাচলি বান্ধি হাতত তুলি দিয়া আছিল-সেই কথাটোও পুৰন্দৰ জেঠাহঁতৰ কোনেও কেতিয়াও কাকো কোৱা অৰুণহঁতে শুনা নাছিল ৷

এইখন গাঁৱলৈ যেতিয়া অৰুণৰ ককাক উঠি আহিছিল, তেতিয়া অৰুণহঁতৰ বৰদেউতাক-দেউতাকহঁত সৰু৷ ককাকে তাতে অলপ মাটি লৈছিল, সৰুকৈ দোকান এখনো আৰম্ভ কৰিছিল৷ তেতিয়াও পুৰন্দৰ জেঠাহঁতৰ ঘৰখনে বৰ সহায় কৰিছিল৷ কথাটো সঁচানে মিছা কোনেও নাজানে- কিন্তু অৰুণৰ বৰদেউতাকে কোৱা মতে গাঁৱৰ মাটিখিনি পুৰন্দৰ জেঠাহঁতৰ দেউতাকেই কিনি দিছিল৷ আৰু সময়ৰ লগে লগে জীৱন-ৰথৰ চকৰি ঘূৰি গৈছিল৷ অৰুণহঁতৰ অৱস্থা টনকিয়াল হৈ আহিছিল আৰু পুৰন্দৰ জেঠাহঁতৰ ঘৰখন পৰি আহিবলৈ ধৰিছিল৷ অৰুণে এই মানুহঘৰৰ আঢ্যৱন্ত অৱস্থাটো দেখাই নাছিল; কিন্তু দেউতাকে আৰু কেতিয়াবা বৰদেউতাকেও কথাবোৰ বৰ দুখ কৰি কৈছিল- “কি সোণামুৱা গৃহস্থালিখন কি হৈ গ’ল?”

পুৰন্দৰ জেঠাহঁতৰ সেই অতীতৰ বদান্যতা অৰুণৰ দেউতাকহঁতে কেতিয়াও পাহৰা নাছিল৷ দুখীয়া হৈ যোৱা ঘৰখনক তেওঁলোকে পৰাখিনি সহায় কৰিব খুজিছিল৷ কিন্তু পুৰন্দৰ জেঠাহঁত কাৰো ওচৰত হাত নপতা ধৰণৰ মানুহ আৰু কোনোবাই যাচি কিবা সহায় কৰিব খুজিলেও তেওঁলোকে ভাল নাপাইছিল৷

আগৰ কথাবোৰ মনৰ পৰা জোকাৰি পেলাই অৰুণে ক’লে, “হৰকান্ত খুৰা মৰিল জেঠা৷ কাজলৈ মাতিবলৈ আহিলোঁ?”

এটা যেন খুব অপ্ৰত্যাশিত কথাহে শুনিলে জেঠাই৷ :“হা, কি কৱ?” তেওঁৰ সোলা মুখখন বহলকৈ মেল খাই গৈছিল৷

অৰুণে আকৌ কথাটো দোহাৰিলে আৰু যোগ দিলে, “এবছৰমান বৰ অসুখ খালে৷ কষ্টও পালে বহুত৷”

:“আমি একো গম নাপালোঁ অ’৷ পিছে গম পালেওনো কি কৰিলোঁ হয়৷” জেঠাই হাতৰ কাপোৰখনেৰে চকু দুটা ঢাকি ধৰিলে৷ তেওঁৰ মাতটো থোকাথুকি হৈছিল৷

:“সি বৰ সৰু আছিল৷ এতিয়াই যাব লাগেনে? প্ৰভু, দয়াময়!” জেঠীয়ে কথাটো ধৰিব পাৰিছিল৷ তেওঁৰ চকুহালো চলচলীয়া হৈছিল৷

অলপ সময় আকৌ তিনিওজনে মনে মনে ৰ’ল৷

অৰুণে খুৰাকৰ হঠাতে কেনেকৈ অসুখটো ধৰা পৰিল, ডাক্তৰে কেনেকৈ একো আশা নাই বুলি ঘোষণা কৰিলে, কেনেকৈ শেহৰ তিনিমাহ খুৰাকৰ লগতে ঘৰখনেও জীয়াতু ভুগিলে-তাৰ এটা বিশদ বিবৰণ দাঙি ধৰিলে৷

খুৰীয়েকে দীঘল হুমুনিয়াহ এৰি ক’লে, “যাওক দে বাপা৷ যাৰ যিখিনি চাউল আছিল, সেইমতেহে হ’ব৷”

:“তহঁতৰ এপুৰুষ শেষ হ’ল৷ আমাৰ ফালেও ময়ে আছোঁ বাকী৷ কোনদিনা পাল পৰে বা?” জেঠাই শুকানভাৱে ক’লে৷ “কিন্তু আমি কেনেকৈনো যাম অ’৷ নন্দেশ্বৰে যাচা লৈ যাব দে৷”

নন্দেশ্বৰ জেঠাৰ একমাত্ৰ পুতেক৷ অৰুণৰ কাণসমনীয়া৷ গাঁৱৰ আনটো মূৰত সৰু ঘৰ এটা বান্ধি লৈ আছে সি৷ মাক-বাপেকৰ লগত এই সময়ত সি কিয় থকা নাই বুলি আপত্তি কৰাৰো কোনো থল নাই৷ তাৰ ঘৰতো অৰুণে সোমাই আহিছিল৷ সৰু জুপুৰিৰ দৰে ঘৰটোৰ চাৰিওফালে কেৱল দৰিদ্ৰতা আৰু সংগ্ৰামৰ চিন৷ বোধহয় ৰিক্সাখন চলাই চলাই সি তাৰ সৰু সংসাৰখনকে ভালকৈ টানি লৈ ফুৰিব পৰা নাই৷

মালালৈ, মানে জেঠাৰ ছোৱালীজনীলৈ, অৰুণৰ মনত পৰিল৷ তাই এতিয়া ক’ত আছে? বিয়া হ’লনে তাইৰ? কিন্তু তাইৰ কথা সুধিবলৈ অৰুণৰ মন নগ’ল৷ অৰুণহঁতে যিদিনা গাঁও এৰি গুচি যায়, সেইদিনা সি জেঠাহঁতৰ ঘৰলৈ শেষবাৰলৈ আহিছিল৷ জেঠীৰ কিবা কাৰণত চকুপানী ওলাইছিল৷ মালাই কান্দি কান্দি একো ক’ব পৰা নাছিল৷ সেইদিনাও বৰ জাৰ পৰিছিল৷ আৰু সেই ঘৰখনত যেন শীতৰ প্ৰকোপটো অলপ বেছিকৈ অনুভূত হৈছিল৷ আজিও যেন ঘৰখনত সেই শীতৰ অন্ত পৰা নাই৷ ঘৰখনলৈ বসন্ত অহাৰ কিবা খবৰ অৰুণে আশাও কৰা নাছিল৷ মালাৰো কিবা ভাল খবৰ পাব বুলি সি আশা কৰা নাছিল আৰু ঠিক তেনেতেই পদূলিৰে কোনোবা সোমাই আহিল৷ অৰুণে চশমাৰেও দূৰলৈ ভালকৈ চিনিব নোৱাৰে৷ কিন্তু লাহে লাহে হাতত এখন সৰু মোনা লোৱা খীণ-মীন, চুটি-চাপৰ মানুহজনী সিহঁতৰ কাষলৈকে আগুৱাই আহিল৷

:“হাৰে, মালা তই? মোক চিনি পাইছনে?”

:“পাইছোঁ দে দাদা৷ তোক কিয় চিনি নাপাম?” শেঁতা, দুৰ্বল হাঁহি এটা মাৰি মালাই কৈছিল৷

:“তই মানুহ বহুত বদলি গৈছ কিন্তু দাদা৷”

অৰুণে কপালৰ চুলি নোহোৱা অংশত এবাৰ হাতখন ফুৰাই ডাঙৰকৈ হাঁহি এটা মাৰিলে৷ মালাও সলনি হৈছে৷ তাই আগতকৈও বেছি দুৰ্বল হৈছে৷ চুলিবোৰৰ আধাতকৈও বেছি পকি গৈছে৷ উজলা দাঁতবোৰ আগতকৈও বেছি বাহিৰ ওলাই আহিছে৷ অৰুণতকৈ তাই তিনি-চাৰি বছৰে সৰু হ’ব৷ কিন্তু এতিয়া দেখাত তাতকৈ বহু বেছি বয়সীয়া যেন লাগিছে৷

:“বদলিতো যাবই লাগিব৷ আধা বয়স পাৰ হৈ গ’ল৷ তয়োতো বহুত সলনি হ’লি মালা৷”

মালাই আকৌ শেঁতা হাঁহি এটা মাৰিলে৷ অৰুণে তাইৰ চকুলৈ চালে৷ তাইৰ চকু দুটাই হঁহা নাছিল ৷ অৰুণৰ হঠাতে এনে অনুভৱ হ’ল তাইৰ মুখৰ হাঁহিটোত যেন বহু কষ্ট সোমাই আছে, জীৱনৰ পৰা একোৱেই নোপোৱাৰ অনেক কিবাকিবি দুখ মিহলি হৈ আছে৷

:“ভালে আছ নহয় মালা?” অৰুণে তাইলৈ চাই সুধিলে এনেয়ে৷ তাৰ ভাব হৈছিল মালাৰ জীৱনলৈ হয়তো বসন্ত কেতিয়াও অহাই নাছিল৷ কেৱল শীতৰ ঋতুৱেই তাইক কোবাই আহিছে বছৰ বছৰ ধৰি৷ ভৱিষ্যতে সেই শীত আৰু বেছি কঠোৰ হ’ব পাৰে, কিন্তু বসন্ত তাইৰ জীৱনলৈ কেতিয়াও নাহে৷

:“আমাৰনো কি ভাল-বেয়া দাদা! নমৰাকৈ আছোঁ আৰু কিবাকৈ বাচি৷” মালাই মুখত শেঁতা হাঁহিটো লৈয়েই ক’লে৷

:“বগৰীজোপাৰ কথা সুধিছিলোঁ জেঠাক৷ কিমান যে বগৰী তই নি দিছিলি মোক! সেই বগৰীজোপাৰ কথাও বৰকৈ মনত পৰিছে দেখোন মোৰ আজি৷” অৰুণে পাতলকৈ হাঁহি ক’লে৷

:“দিবলৈতো আৰু বেলেগ একোৱেই নাছিল আমাৰ দাদা ৷ কথাবোৰো পাহৰিব নোৱাৰি৷ আৰু আমিতো পাহৰিব নোৱাৰোঁৱেই৷ আমি যে বৰ দুখীয়া মানুহ৷”

আমি যে বৰ দুখীয়া মানুহ- এই কথাষাৰে অৰুণৰ বুকুৰ ক’ৰবাত শেল এপাটৰ দৰে বিন্ধিলেগৈ৷

“বহচোন তই৷ মোৰ কিবা অলপ কাম আছে ৰহ৷” মালা ঘৰৰ ভিতৰলৈ গ’ল৷ তাইৰ খীণ হাত দুখনলৈ অৰুণে কেইমুহূৰ্তমানৰ বাবে চাই ৰৈছিল৷

:“ঘৰখন তাইৰ ওপৰতেই৷ কিবাকৈ টানি-আজুৰি চলাই আছে৷” কথাখিনি কওঁতে জেঠীৰ কান্দোন ওলাইছিল৷ “আমি নোহোৱা হ’লে কেনেকৈনো থাকিব তাই ক’ব নোৱাৰোঁ৷”

:“ভগৱন্তই চাব দে৷ তেৱেঁই চলাই নিছে ইমান দিন৷ চলি যাব পাৰিব দে৷” জেঠাই সান্ত্বনা দিবলৈ চেষ্টা কৰিছিল৷

অৰুণে কি ক’ব ভাবি পোৱা নাছিল৷ মালাই তাইৰ দুৰ্বল হাত দুখনেৰেই হালি পৰা ঘৰখনক একেবাৰ পৰি নোযোৱাকৈ ধৰি ৰাখিছে৷ কিন্তু তাইৰোতো এদিন ভাগৰ লাগিব আৰু তায়োতো এদিন অকলশৰীয়া হৈ পৰিব৷

অৰুণৰ মনটো আকৌ বহু বছৰ আগলৈ গুচি গ’ল৷

সৰুৰে পৰাই মালা যেন কিবা এক দুখৰ প্ৰতিমূৰ্তি আছিল৷ বাহিৰলৈ ওলাব খোজা দাঁতকেইটাৰে, ক্ষীণ, চুটি-চাপৰ ছোৱালীজনীৰ মাজত আকৰ্ষণীয় একোৱেই নাছিল৷ আছিল কিবা এক বিকৰ্ষণীয়তাহে৷ পঢ়া-শুনা কৰি আগুৱাই যাব পৰা বুদ্ধিকণো ঈশ্বৰে তাইৰ মগজুত দিয়া নাছিল৷ সেই কাৰণেই কিজানি মাক-দেউতাকৰ বাদে আন কাৰো পৰাই তাই মৰমৰ মাত খুব কমেই পাইছিল৷ অৰুণৰ তাইলৈ বেয়া লাগিছিল আৰু সি তাইক সদায়েই সহানুভূতিৰে চাইছিল৷ তাৰ সেই কণমান মৰম আৰু সহানুভূতিতেই মালা গলি গৈছিল৷ অৰুণে যি কয়, তাকে তাই কৰিব খুজিছিল৷ অৰুণে কেতিয়াবা তাইৰ মন ভাল লগাবলৈকে কৈছিল, “মালা, মোক দুটামান বগৰী আনি দিব পাৰিবি নে?”

কিয় নোৱাৰিব তাই? একে দৌৰতে ঘৰলৈ গৈ তাৰ কাৰণে বগৰী লৈ আহিব৷

কেতিয়াবা সি নোকোৱাকৈয়ে তাই জলফাই দুটা আনি তাৰ হাতত দিবহি আৰু অৰুণে ওচৰৰ মেলাৰ পৰা তাইলৈ এপদ-দুপদ বস্তু পাৰিলে লয়। জেঠীৰ হাতত দি সেইটো দি সি ক’ব, “এইটো মালাৰ কাৰণে আনিছোঁ জেঠী।” নাইবা মালাক ক’ব, “হো, এই ৰঙা বেণীডাল ল’৷ তোৰ কাৰণেই আনিছোঁ৷ পিন্ধিবিচোন৷ তোক বৰ ভাল লাগিব, তই চাবি৷”

মালাই কেতিয়াবা নতুন কাপোৰ এসাজ পিন্ধি আহিব আৰু অৰুণে তাইক দেখিলে জোকাই ক’ব, “বৰ ধুনীয়া হৈ আহিছ দেখোন অ’? চাবি কিন্তু, কোনোবাই পলুৱাই লৈ যাব তোক৷”

মালাই খং দেখুৱাই উত্তৰ দিয়ে, “মোক কোনেও পলুৱাই নিবলৈ নাহে দে৷”

:“কি কৱ তই? কিজানি ময়েই তোক কোনোবা দিনা টানি লৈ যাম৷ কি কৰিবি তেতিয়া?” অৰুণে হাঁহিটো সামৰি গহীনাই কয়৷ আৰু মায়াই লাজতে দৌৰি পলায়৷

সেইবোৰ আছিল তাৰ নিৰ্দোষ ধেমালি৷ কোনেও ভাল নোপোৱা, গুৰুত্ব দিব নোখোজা তেৰ-চৈধ্য বছৰীয়া ছোৱালীজনীৰো মনটো অলপ পাতল কৰিবলৈকে সি কথাবোৰ কৈছিল৷ কিন্তু মালাই কথাবোৰ অলপ বেলেগ দিশেৰে চাবলৈ আৰম্ভ কৰিছিল বুলি সি গমেই ধৰিব পৰা নাছিল৷

তেতিয়া অৰুণহঁতে নগৰত সজা ঘৰলৈ গুচি যাবলৈ যো-জা চলাইছিল৷ কথাবোৰ মালায়ো শুনিছিল। এদিন তাই অৰুণক সি সিহঁতৰ গাঁওখন ভাল নাপায় নেকি সুধিছিল৷

:“ভাল পাওঁ৷ নিজৰ গাঁওখনকো কোনোবাই বেয়া পায় নেকি?” অৰুণে পাতল সুৰত উত্তৰ দিছিল৷

:“তেনেহ’লে কিয় গাঁও এৰি যাবলৈ ওলাইছ?” তাইৰ মাতটো থোকাথুকি হৈছিল৷

অৰুণে ডাঙৰকৈ হাঁহি এটা মাৰি কিবা ক’ব খুজিছিল৷ কিন্তু মালাৰ পানীৰে উপচি পৰা চকুহাললৈ চাই সি ৰৈ গৈছিল৷ গাঁওখন এৰি যাব লাগিব বুলি তাৰ মনটোও গধুৰ হৈ আছিল৷ কিন্তু কথাবোৰ ভাবি চকুলৈ পানী আহিব লগা অৱস্থা এটাও তাৰ হোৱা নাছিল। এদিন সেই অপ্ৰত্যাশিত কাণ্ডটো ঘটিছিল৷ সি গোঁসাইঘৰৰ চোতালত অকলে বহি আছিল। মালা ক’ৰবাৰ পৰা আহি সেইখিনিতেই ওলাইছিল৷ তাৰ হাতত এটা সৰু টোপোলা দিছিল তাই৷

:“অ’ কি কথা? আৰু কি দিলি তই?” মালাই কি উপলক্ষত ভাল কাপোৰ এসাজ পিন্ধি, চুলিখিনি ভালকৈ ফণিয়াই “ধুনীয়া”জনী হৈ আহিছিল সি ধৰিব পৰা নাছিল৷

:“বগৰীৰ আচাৰ আছে আৰু এখন কাগজ আছে৷ পঢ়ি চাবি দে৷” তেনেকৈ কৈয়েই তাই খৰ খোজেৰে আঁতৰি গৈছিল৷

তাই তাক তেনেকৈ মাজে মাজে সৰু-সুৰা কিবা দি যায়৷ সি বগৰীৰ আচাৰ খুব ভাল পায় বুলিও তাই জানে৷ তাৰ আচৰিত হ’বলগীয়া একো নাছিল৷ লাহে লাহে সি টোপোলাটো খুলিছিল৷ গুৰত দিয়া বগৰি এটা মুখত ভৰাইছিল ৷ মিঠা সোৱাদটো তাৰ বৰ ভাল লাগিছিল৷ চাৰিকোণীয়াকৈ বৰ্গাকাৰে ভাঁজ কৰি থোৱা কাগজ এখন সি খুলি চাইছিল ৷ কাউৰীঠেঙীয়া ডাঙৰ ডাঙৰ আখৰেৰে বানান আৰু ব্যাকৰণৰ শ্ৰাদ্ধ কৰি লিখা কথাখিনি পঢ়ি তাৰ মুখখন মেল খাই গৈছিল৷ প্ৰথমতে তাৰ খং উঠিছিল৷ কিন্তু দুই-তিনিবাৰ সেইখন পঢ়াৰ পাছত তাৰ হাঁহি উঠিবলৈ আৰম্ভ কৰিছিল৷

তাই লিখিছিল– “আমি দুখীয়া মানুহ৷ ভাত খাওঁ পাতত৷ তুমি আহিবা বুলি চকু থাকে আলিবাটত৷ …”

চিঠিত তাক ’তই’ৰ পৰা ’তুমি’ কৰা হৈছিল৷ শেহৰ ফালে তাই লিখা কথাবোৰ এনে ধৰণৰ আছিল- অৰুণক তাইৰ বৰ ভাল লাগে৷ সি গুচি যোৱাৰ পাছত তাই কেনেকৈ কি চাই জীয়াই থাকিব ক’ব নোৱাৰে৷ অৰুণৰো তাইক ভাল লাগেনে? অৰুণৰো তাইলৈ মনত পৰি থাকিবনে?

অৰুণৰ হো-হোৱাই হাঁহিবৰ মন গৈছিল৷ সেই চুটি-চাপৰ, আপচু, খীণ-মীন ছোৱালীজনীকো কোনোবাই ভাল পাব পাৰে নে? গাঁৱৰে আৰু স্কুলৰো দুজনীমান ধুনীয়া ছোৱালী আছে যিয়ে তাৰ আগত কেতিয়াবা লাজ কৰে, কেতিয়াবা চঞ্চল হৈ পৰিব খোজে৷ সিহঁতৰ কথাকেই সি বিশেষকৈ ভাবিব খোজা নাই কোনোদিনে৷ আৰু এইজনীক তাৰ ভাল লাগিব লাগে! এইজনীলৈ মনত পৰিব লাগে!

দুদিনমান অৰুণে লগ পালেও তাইক খং দেখুৱাই একো মাত-বোল কৰা নাছিল৷ তাৰ পাছত গোঁসাইঘৰৰ সম্মুখত তাইক এদিন সি ডাবি মাৰি কৈছিল, “তই কি কৰিছ এইবোৰ? লাজ নালাগিল তোৰ মোক তেনেকুৱা এখন চিঠি দিবলৈ? কেনেকৈ মোৰ কথা তেনেকৈ ভাবিব পাৰিলি তই?”

খুব ডাঙৰ অপৰাধ কৰি ধৰা পৰি যোৱা মানুহ এজনীৰ দৰে তাই তলমূৰকৈ একো নোকোৱাকৈ অৰুণৰ কথাবোৰ শুনি গৈছিল৷ তাইলৈ চাই অৰুণৰ খংটো জামৰি আহিছিল৷ তাৰ পুতৌ উপজিছিল৷ কাৰো পৰাই ভাল মাত এষাৰ নোপোৱা ছোৱালীজনীক সি কথাখিনি অকণ কোমলকৈও ক’ব পাৰিলেহেঁতেন৷ বহুদিনৰ পাছত অৰুণৰ কথাবোৰ উপলব্ধিও হৈছিল৷ সকলোৰে জীৱনলৈ বসন্ত নাহে৷ এনেকুৱা বহুত আছে যাৰ জীৱনত কেৱল শীতৰ ঋতুৰ ৰুক্ষ কাহিনী থাকে৷ কিন্তু চাৰিওফালে বসন্ত অহাৰ বতৰা সিহঁতেও ঠিকেই পায়, ঠিক সময়তেই পায়৷ সিহঁতকো বসন্তৰ একেবোৰ সপোনেই সময়মতেই জোকাই থৈ যায়৷

অৰুণহঁত গাঁও এৰি অহাৰ দুদিনমান আগতে মালাই তাক আকৌ গোঁসাইঘৰটোৰ সম্মুখত কৈছিল, “মোক বেয়া পাই নাথাকিবি৷ মোৰ কথা বেয়াকৈও নাভাবিবি৷ ভগৱানে তোক ভালে ৰাখিব দে৷”

মালাৰ আপচু মুখখন অসম্ভৱ উদাস যেন লাগিছিল সেইদিনা৷ অৰুণে সেইটো সহ্য কৰিব পৰা নাছিল৷ সি অইনফালে মুখ ঘূৰাই কৈছিল, “মই আকৌ বেয়া পাম কিয়? তোক মই বেয়া পাব পাৰোঁ নেকি?”

:“মই তোৰ কাৰণে গোঁসাইঘৰত সদায় প্ৰাৰ্থনা কৰি থাকিম৷ তই ভালে থাকিবি দে৷ ভালকৈ পঢ়ি ডাঙৰ মানুহ হ’বি৷ আমাক আৰু একো নালাগে৷”

অৰুণে একো কোৱা নাছিল৷

:“আমাৰ গাঁওখন খুব ভাল৷ একো বেয়া নাভাবিবি৷ সময় পালে গাঁৱলৈ আহিবিয়েই নহয়৷ গাঁৱৰ খবৰ লৈ যাবি তেতিয়া৷” তাইৰ চকুহাল ভৰি আহিছিল৷

:“হ’ব দে৷ গাঁৱলৈ আহি থাকিম৷ খবৰ-পাতিও লৈ থাকিম৷“ অৰুণে হাঁহি পাতল সুৰত কথাখিনি ক’বলৈ চেষ্টা কৰিছিল৷

কিন্তু সি আকৌ এবাৰ গাঁৱলৈ ঘূৰি অহালৈকে প্ৰায় ত্ৰিশটা বছৰেই পাৰ হৈ গ’ল৷ অথচ তাৰ এনে লাগিছিল যেন সেই সকলোবোৰ সিদিনাহে ঘটি গ’ল৷

পুৰন্দৰ জেঠাই অৰুণক তাৰ ঘৰ-সংসাৰৰ কথা সুধিছিল৷

 :”কম্পুটাৰ চাইন্স পঢ়িছে৷ বৰ ভাল কৰিছে৷ আমি আকৌ চাইন্সৰ কথাহে শুনিছিলোঁ৷ এতিয়া আকৌ ‘কম্পুটাৰ চাইন্স’ আহি গ’ল। হাঃ হাঃ হাঃ!”

অৰুণেও হাঁহিলে। তাৰ জীয়েক কম্পিউটাৰ চায়েন্সত ইঞ্জিনিয়াৰিং কৰিছে।

টুল এখনত ষ্টীলৰ কাপত ৰঙা চাহ আৰু ষ্টীলৰ প্লেটত দুখন খোলাচপৰীয়া পিঠা থৈছিল মালাই৷

:“কিয় কৰিলি এইবোৰ৷ মই এই কেইদিন বাহিৰত একো খুৱাই নাই নহয়। খুৰা সিদিনা গ’লহে৷” অৰুণে কৈছিল৷

জেঠীয়ে আজিকালি সেইবোৰ নিয়ম উঠিয়েই গ’ল বুলি কৈছিল যদিও অৰুণে নামানিলে৷

:“কেতিয়াবা আকৌ আহিলে ভালকৈ খাই যাম তোমালোকৰ ঘৰত৷ চাহ কিয়, ভাতেই খাম৷”

:“তই ভাল আহিবি দে আৰু৷” মালাই নিজেই চাহৰ কাপটো উঠাই লৈছিল৷

:“ইমান বছৰ গাঁৱলৈ তোৰ মনতেই নপৰিল। পাছত আকৌ কেনেকৈ মনত পৰিব?”

অৰুণে তাৰ ব্যস্ততাপূৰ্ণ জীৱনটোৰ এটা খতিয়ান দাঙি ধৰি শেহত দীঘল হুমুনিয়াহ এটা এৰি দি ক’লে, “আহিবলৈ কেতিয়াবা বৰ ইচ্ছা হৈছিল৷ কিন্তু সময় উলিয়াবই নোৱাৰিলোঁ৷”

:“আৰু ইমান বছৰ পাৰ হৈ গ’ল ৷ আমি কিন্তু ইয়াতে ৰৈয়েই থাকিলোঁ৷” মালাই চাহ এঢোক গিলি যোগ দিছিল৷

যেতিয়া অৰুণ যাবলৈ ওলাইছিল তেতিয়া পচিমৰ আকাশৰ বেলিটো ৰঙা হৈ গৈছিল৷ মালা দীঘল বাটটোৰে অৰুণৰ লগতে ওলাই আহিছিল৷ কাগজেৰে বন্ধা সৰু পেকেট এটা তাই অৰুণৰ হাতত তুলি দিছিল৷

:“কি দিলি?” অৰুণে সুধিছিল ৷

:“গামোচা এখন৷ আৰুনো দিবলৈ কি আছে আমাৰ?” মালাই উদাসভাৱে উত্তৰ দিছিল৷

:“মোৰহে তোক দিবলৈ একো অনাই নহ’ল অ’ মালা।” কিবা এটা বিষাদে অৰুণৰ মাতটো গভীৰ কৰি আনিছিল৷

:“হ’ব দে৷ আমাক একো নালাগে৷ তই যে এবাৰ দেখা দি গ’লি, সেয়াই বহুত আমাৰ কাৰণে৷” মালাৰ চকুহাল চলচলীয়া হৈ আহিছিল ৷

:“বগৰী খোৱাৰ বয়স এতিয়া নাই৷ তথাপি আজিও দুটামান বগৰি পোৱা হ’লে।” অৰুণে পাতল সুৰত কথাখিনি ক’বলৈ চেষ্টা কৰিছিল৷

:“বগৰীৰ কথা তয়ো যে মনত ৰাখিছ৷ ভাবিছিলোঁ তই সকলো পাহৰি গৈছিলি৷” তাইৰ চকুপানী ওলাইছিল। বহু চেষ্টা কৰিও উচুপনি এটা তাই চেপি ৰাখিব পৰা নাছিল৷

অৰুণে কিবা ক’ব খুজিও ৰৈ গৈছিল৷ কিবা এটাই তাৰ ডিঙিটোত সোপা মাৰি ধৰিছিল৷ সি একোৱেই পাহৰি যোৱা নাই৷ কিছুমানৰ জীৱনলৈ বসন্ত কেতিয়াও নাহে। আৰু এই ক্ষেত্ৰত সি কিয়, গোটেই পৃথিৱীখনেই যেন অসহায়৷ কিন্তু সেইসকলৰ জীৱনলৈও বসন্তৰ সপোনবোৰ কিয় আহে যেতিয়া সেই সপোনে পূৰ্ণতা পোৱাৰ কোনো আশাই নাথাকে?

:“পাৰিলে এবাৰ বৌক লৈ আহিবিচোন৷ মোৰ চাবলৈ বৰ মন আছিল৷” থোকাথুকি মাতেৰে তাই কৈছিল৷

অৰুণে গাড়ীত বহি মূৰ দুপিয়াইছিল৷ গাড়ীখন ৰাস্তাটোৰ ভাঁজ এটাৰ পিছত হেৰাই যোৱাৰ আগতে সি এবাৰ ঘূৰি চাইছিল৷ কোনোকালে বসন্ত নহা কোনোবা নিৰ্জন দ্বীপ এটাত হেঙুলীয়া আকাশ এখনৰ বিপৰীতে ঠিক এটা ক’লা ছাঁৰ দৰে মালা তেতিয়াও থিয় হৈ ৰৈ আছিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!