'শ্ব'ষ্টপাৰ' শীৰ্ষক গল্প সংকলনখনৰ এটি চমু আলোচনা

লেখক- কলচুম বিবি

মুনমী দত্ত হাজৰিকা নৱ প্ৰজন্মৰ লেখক। তেখেতৰ গল্প সংকলন ‘শ্ব’ষ্টপাৰ’ত ১৯ টা গল্প সন্নিৱিষ্ট কৰা হৈছে। গ্ৰাম্য পটভূমিত ৰচিত গল্পসমূহ সহজ-সৰল, নিভাঁজ চহা ভাষাত ৰচিত। পৰম্পৰাগত শৈলীত ৰচিত যদিও গল্পকাৰে নতুন কৌশল অৱলম্বন কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়। গল্পসমূহ পঠনযোগ্য, মনোৰম আৰু এক সুকীয়া বৈশিষ্ট্য দেখা যায়।
‘জুয়ে পোৰা সোণ’ শীৰ্ষক গল্পটি সংকলনখনৰ প্ৰথমটো গল্প। প্ৰথম পুৰুষত গ্ৰাম্য পটভূমিত ৰচিত গল্পটিত আধুনিক শিক্ষাৰে শিক্ষিত নতুন প্ৰজন্মৰ প্ৰতিনিধি দুই ভাই-ভনী সোণ আৰু পাৰিজাত। সোণক লৈ গাঁওখনে যি আশা কৰিছিল সেই আশা আশা হৈয়েই ৰ’ল। সোণৰ ছুপাৰমাৰ্টখন থলুৱা বেপাৰীসকলৰ জীৱিকাৰ পথত হেঙাৰ হৈ থিয় দিলে যদিও পাৰিজাতে অনলাইনত থলুৱা সামগ্ৰীসমূহ বিক্ৰীৰ ব্যৱস্থা কৰি দিয়াত তাই জুয়ে পোৰা সোণলৈ ৰূপান্তৰিত হ’ল। তাই প্ৰমাণ কৰি দিলে যে নাৰী পুৰুষতকৈ কোনো গুণে কম নহয়। ভনীয়েকৰ এই কাৰ্যই উচ্চ ডিগ্ৰীধাৰী সোণৰ দুচকু মুকলি কৰে। সোণ অনুতপ্ত হয়। গল্পটোৱে এটি সুন্দৰ বাৰ্তা বহন কৰিছে।
‘দশমিকৰ পিছত’ শীৰ্ষক গল্পটিত গুণীন বৰুৱা এজন আদৰ্শবান শিক্ষক। আধুনিক শিক্ষাৰে শিক্ষিত উচ্চ ডিগ্ৰীধাৰী অনুভৱ ডেকাৰ ব্যক্তিত্ব তেওঁৰ ব্যক্তিত্বৰ সন্মুখত ম্লান পৰিছে। অনুভৱ ডেকা আত্মগৌৰৱী, স্বাৰ্থপৰ। তেওঁ বক্ৰ পথ অৱলম্বন কৰি প্ৰধান শিক্ষক হৈছে, যাৰ বাবে মানসিক অন্তৰ্দ্বন্দ্বত ভুগিছে। অৱশ্যে গল্পটোৰ শেষত চৰিত্ৰটিৰ উত্তৰণ ঘটিছে।
‘শ্ব’ষ্টপাৰ’ শীৰ্ষক গল্পটিত দোষ আৰু গুণক দুটা চৰিত্ৰ হিচাপে উপস্থাপন কৰা হৈছে। মানুহে জীৱিত কালত আদৰ-সন্মানতকৈ বেছিকৈ সমালোচিত হোৱা দেখা যায়। গুণৰ তুলনাত দোষৰ চৰ্চা বেছিকৈ কৰা দেখা যায়। ‘মাইনা’ নামৰ মূল চৰিত্ৰটিৰ জৰিয়তে সমাজ এখনৰ ফোপোলা স্বৰূপ উদঙাই দিয়া হৈছে। জীৱিত অৱস্থাত এজন ব্যক্তিক তেওঁৰ কৰ্মৰ বাবে স্বীকৃতি দিবলৈ টান পোৱা সমাজখনে তেওঁক মৃত্যুৰ সময়ত গুণানুকীৰ্তন কৰিবলৈ উঠিপৰি লাগে।
‘এটাই মাথো কামিজ তাৰো ছিগো ছিগো চিলাই’ গল্পটিৰ বিষয়বস্তু ৰাজনৈতিক। গল্পটিৰ মূল চৰিত্ৰ সোণ সাম্প্ৰতিক সময়ৰ এগৰাকী আদৰ্শহীন যুৱ নেতাৰ প্ৰতিনিধি। যিয়ে কামিজ সলোৱাৰ দৰে নিজৰ আদৰ্শ সলোৱাত পাকৈত।
‘আবেলিৰ আলাপ-বিয়লিৰ বিলাপ’ শীৰ্ষক গল্পটিত এগৰাকী পিতৃ আৰু এগৰাকী জীয়ৰীৰ মৰ্মস্পৰ্শী ছবি এখন ফুটি উঠিছে। পিতৃয়ে নিজৰ একমাত্ৰ জীয়ৰী মাইনীক সকলো সুখ দিব বিচাৰে। বৃদ্ধ হ’বলৈ ধৰা পিতৃৰ শ্ৰম দেখি মাইনীৰ মনে হাহাকাৰ কৰি উঠে আৰু পিতৃৰ কান্ধৰ ভাৰখন নিজৰ কান্ধত ল’বলৈ উচপিচাই উঠে। অৱশ্যে মাইনী চৰিত্ৰটিক অসহায় আৰু নিৰ্ভৰশীল চৰিত্ৰৰূপে উপস্থাপন কৰাৰ সলনি আত্মনিৰ্ভৰশীল শক্তিশালী চৰিত্ৰ হিচাপে উপস্থাপন কৰাৰ থল আছিল।
প্ৰথম পুৰুষত ৰচিত ‘দেৱত্ব’ শীৰ্ষক গল্পটিত এগৰাকী মাতৃৰ মৰ্মবেদনা প্ৰকাশ পাইছে। ‘ক’ৰনাৰ বাবে এটা মতবাদ(ইজম)’ শীৰ্ষক গল্পটিত ক’ৰনাৰ ভয়াবহতাই কিদৰে নিম্নবৰ্গীয় শ্ৰেণীলৈ দুৰ্দিন কঢ়িয়াই আনিছিল, তাকে প্ৰেমকাই চৰিত্ৰটিৰ জৰিয়তে ফুটি উঠিছে।
‘সেঁতু’ শীৰ্ষক গল্পটিত ঠিকাৰ ধন মুকলি কৰিবলৈ গৈ ৰঙাফিটাৰ মেৰপাকত সোমাই পৰা সজ ঠিকাদাৰ কৌশিক নামৰ চৰিত্ৰটিৰ জীৱন দুৰ্বিসহ হৈ পৰিছে আৰু মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰিছে আৰু সংসাৰতো আউল লগাৰ উপক্ৰম হৈছে।
‘হালধীয়া বাটৰ ফেঁহুজালি’ শীৰ্ষক গল্পটিৰ বিষয়বস্তু সাঁচিপাতৰ পুথি সংৰক্ষণ।
‘মেখেলা’ গল্পটিত আধুনিক শিক্ষাৰে শিক্ষিত কথক চৰিত্ৰটিৰ স্বাৰ্থপৰ মনোভাৱক উদঙাই দিয়া হৈছে। ‘সুহৃদ’ গল্পটিত ‘আত্মজ, আন্তৰিক আৰু আনুভূতিক’ত নাৰীৰ তিনিটা ভিন্ন ৰূপ প্ৰতিফলিত হৈছে। ‘সাউদৰ বেহা’ গল্পটিত আধুনিক জীৱনৰ জটিলতা প্ৰকাশ পাইছে। পিতৃৰ খবৰ ল’বলৈ, সুখ-দুখৰ কথা এষাৰ পাতিবলৈ সময় নোপোৱা সোণপোনাই নিজৰ হোটেলৰ কৰ্মচাৰী এজনৰ অভাৱ হোৱাত পিতাকক কামত খটাইছে আৰু আনক দেখুৱাবলৈ সামাজিক মাধ্যমত ফটো আপলোড কৰিছে।
পৰম্পৰাগত শৈলীৰপৰা কিছু ফালৰি কাটি আহি ৰচনা কৰা ‘জলধিতৰংগ’ত ফুটি উঠিছে অকন্তী জেঠাইৰ অৱদমিত মনৰ আশা-আকাংক্ষা, একাকীত্ব। এই একাকীত্বই জেঠাইক মানসিকভাৱে আৰু শাৰীৰিকভাৱে ৰুগীয়া কৰি তুলিছে। অৱশ্যে জেঠাইৰ চৰিত্ৰটিৰ মনস্তাত্বিক দিশটো আৰু অলপ উন্নতভাৱে উপস্থাপন কৰাৰ থল আছিল।
‘লাই হালে জালে আবেলি বতাহ’ শীৰ্ষক গল্পটিত শাসকীয় দলৰ তৃণমূল পৰ্যায়ত কাম কৰা এগৰাকী নাৰীৰ চৰিত্ৰ চিত্ৰিত কৰা হৈছে। ৰাজনৈতিক কাম-কাজত ঘূৰি ফুৰা চৰিত্ৰটিৰ নৈতিক স্খলন ঘটিছে। যাৰ ফলত অন্তঃসত্বা হৈছে আৰু অৱশেষত আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লৈছে।
‘পুৰুষ’, ‘সুবলনন্দিনী’, ‘মহাৰথী হয়তো–মহামতি’, ‘সমাধিৰ সাঁথৰ’ শীৰ্ষক গল্পকেইটা পৌৰাণিক আখ্যানৰ আধাৰত পুনৰ্নিৰ্মাণ কৰা হৈছে। গল্পকেইটাত উপস্থাপন কৰা মূল চৰিত্ৰকেইটিৰ মনস্তাত্বিক দিশটো সুন্দৰকৈ প্ৰতিফলিত হৈছে।
মুনমী দত্ত হাজৰিকাৰ গল্পসমূহৰ কথনশৈলী আকৰ্ষণীয়। গল্পসমূহত চহা শব্দ তথা বিভিন্ন ধৰণৰ ৰূপক, কল্পচিত্ৰ, পটন্তৰ আদিৰ ব্যৱহাৰে গল্পসমূহৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। মাজুলীৰ বাসিন্দা হোৱা হেতুকে গল্পসমূহত মাজুলীৰ লোকসংস্কৃতি, ভৌগোলিক পৰিৱেশ তথা সমাজ জীৱন প্ৰতিফলিত হোৱা দেখা গৈছে।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!