প্ৰতিষ্ঠিত প্ৰকাশক আৰু লেখক শ্ৰীযুত ক্ষীৰোদ কুমাৰ গোস্বামীৰ সাক্ষাৎকাৰ

লেখক- স্বপ্নালী কলিতা

‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সাক্ষাৎকাৰটিৰ বাবে এইবাৰ সাক্ষাৎ কৰা হৈছিল প্ৰতিষ্ঠিত প্ৰকাশক আৰু লেখক শ্ৰীযুত ক্ষীৰোদ কুমাৰ গোস্বামীক। ‘যদুমণি ছপাখনা’ৰ স্বত্বাধিকাৰী শ্ৰীযুত ক্ষীৰোদ কুমাৰ গোস্বামীৰ পৰিয়ালে স্থাপন কৰা এই ছপাশাল ইতিমধ্যেই ঐতিহাসিক বুলি পৰিগণিত হৈছে। ‘সাহিত্য ডট অৰ্গ’ৰ হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰী স্বপ্নালী কলিতাই আৰু বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে শ্ৰী কলচুম বিবিয়ে। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য ক্ৰমে ডাঃ হিতেশ্বৰ শৰ্মা আৰু ডঃ দীপজ্যোতি বৰাই।

সাহিত্য ডট অৰ্গ: নমস্কাৰ। ‘সাহিত্য ডট অৰ্গ’ৰ সাক্ষাৎকাৰ শিতানলৈ আপোনাক স্বাগতম জনাইছোঁ।

ক্ষীৰোদ কুমাৰ গোস্বামী: আদৰ-প্ৰীতি-সম্ভাষণ জনাইছোঁ। কওকচোন কি জানিব বিচাৰিছে? সাধ্যমতে জনাবৰ চেষ্টা কৰিম। 

সাহিত্য ডট অৰ্গ: আপোনাৰ শিক্ষাজীৱনৰ বিষয়ে চমুকৈ কওকচোন।

ক্ষীৰোদ কুমাৰ গোস্বামী: শিক্ষা গ্ৰহণ কৰিছিলোঁ ক) টাউন আদৰ্শ বুনিয়াদী বিদ্যালয় (গোলাঘাট) গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দেৱৰাজ ৰয় মহাবিদ্যালয়ত। গোলাঘাট, যোৰহাট আইন মহাবিদ্যালয়ৰ পৰা ১৯৭০ চনত মই স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছোঁ। 

সাহিত্য ডট অৰ্গ: বৰ্তমান আপুনি কি কামৰ লগত জড়িত হৈ আছে জনাওকচোন!

ক্ষীৰোদ কুমাৰ গোস্বামী: গ্ৰন্থ প্ৰকাশক, গ্ৰন্থ বিপনন আৰু মুদ্ৰন ব্যৱসায়ত মই জড়িত। ৫৮ বছৰ পূৰ্বে এই কামত মন দি লাগিছিলোঁ, আজিও কৰি আছোঁ।

সাহিত্য ডট অৰ্গ: আপুনি এজন প্রবীন প্রকাশক। সুদীর্ঘকাল আপুনি গ্রন্থ প্রকাশ আৰু বিক্রীৰ লগত জড়িত হৈ আছে। গ্রন্থ প্রকাশক হিচাপে নিজক দেখাৰ মানসিকতা প্রথম অৱস্থাত আপোনাৰ মনলৈ কেনেকৈ আহিল?

ক্ষীৰোদ কুমাৰ গোস্বামী: গ্ৰন্থৰ ব্যৱসায়ক পেচা ৰূপে গ্ৰহণ কৰাৰ আগ্ৰহ আমাৰ ঘৰখনেই সৃষ্টি কৰা। আমাৰ ককা শ্ৰীযুত তীৰ্থনাথ গোস্বামী(বৰ্তমান প্ৰয়াত) এজন গ্ৰন্থ প্ৰকাশক, সম্পাদক, সঙ্কলক হোৱাৰ উপৰি এজন লেখক আছিল। আমাৰ পিতৃপুৰুষ শ্ৰীযুত পূৰ্ণচন্দ্ৰ গোস্বামী (বৰ্তমান প্ৰয়াত) এজন গ্ৰন্থ প্ৰকাশক, মুদ্ৰক, শিশু-সাহিত্যিক হোৱাৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামৰ যোদ্ধা আছিল। গতিকে কৈশোৰ কালতে কিতাপৰ পৃথিৱীৰ স’তে চিনাকি হ’বলৈ সুযোগ পাইছিলোঁ। বোধহয় তেনেদৰেই মনত কিতাপে ছাপ পেলালে।

সাহিত্য ডট অৰ্গ: আপুনি বিশেষভাবে শিশু-সাহিত্য প্রকাশৰ লগত জড়িত। আপোনাৰ দৃষ্টি আৰু অভিজ্ঞতাত শিশু-সাহিত্যত কিবা পৰিবৰ্তন দেখা পাইছেনে? যদি পাইছে সেই পৰিবর্তন কেনেধৰণৰ?

ক্ষীৰোদ কুমাৰ গোস্বামী: শিশু-সাহিত্য প্ৰকাশ আৰু বিতৰণ ব্যৱস্থা আজিও পৈণত হৈ উঠা বুলি একে আষাৰে কোৱা টান। ছবি, ৰঙীণ বেটুপাত, আকৰ্ষণীয় ছপা আদিৰ অন্য আঞ্চলিক ভাষাৰ লেখিয়াকৈ আমাৰ ভাষাতো অলেখ শিশু-গ্ৰন্থ ওলাইছে। সেই বুলিয়েই সকলো কিতাপৰে গুণগত মান উন্নত স্তৰৰ বুলি কোৱাটো টান। গতিকে ছপা প্ৰযুক্তিৰ ধৰণ সলনি হৈ সৃষ্টি হোৱা পৰিবৰ্ত্তনে কেতিয়াবা যেন গুণ-মান-উপযোগিতা আদিক একাষৰীয়াকৈ থ’ব খোজে–তেনে ভাব হয়।

সাহিত্য ডট অৰ্গ: সুদীর্ঘ সময় প্রকাশনৰ লগত নিবিড় সম্পর্ক ৰাখি আপুনি একাত্ম হৈ পৰিছে। বর্তমান সময়ত আপুনিও নিশ্চয় মন কৰিছে অসমত প্রকাশন পৰিষদৰ সংখ্যা দ্রুতগতিত বাঢ়িছে। অৱশ্যে এইটো ইতিবাচক লক্ষণ। আপুনি বাৰু ভাবেনে–নতুনকৈ গঢ়ি উঠা প্রকাশনবিলাকে দায়ৱদ্ধতাৰে কাম কৰিছে বুলি ?

ক্ষীৰোদ কুমাৰ গোস্বামী: অসমীয়া ভাষাৰ কিতাপৰ পাঠক সীমিত বাবে কিতাপৰ বজাৰখনো কম পৰিসৰৰ। তামিল, কানাড়া, বাংলা, হিন্দী আদি ভাষাৰ বজাৰৰ ওচৰ চাপিব পৰাকৈ আমাৰ প্ৰকাশন ব্যৱস্থাই সুচল নাপায়। সেইহেতু প্ৰকৃততে প্ৰকাশন-গৃহৰ সংখ্যা দ্ৰুতগতিত বাঢ়িছে বুলি ধৰি লোৱাটো শুদ্ধ খবৰ নহয়। দ্বিতীয়তে, সকলো প্ৰকাশন গৃহৰে নিজা নিজা আঁচনি, পৰিকল্পনা আৰু কাম কৰাৰ ধৰণ থাকে। সেইবাবে দায়বদ্ধতাৰ লেখ-জোখ কৰা সম্ভৱ নহয়।

সাহিত্য ডট অৰ্গ: ‘পুথিতীৰ্থ প্রকাশন’ৰে এটা অবিচ্ছেদ্য অংগ হ’ল ‘যদুমণি ছপাখানা’। আপুনি ছপাখানাত বিৰামহীনভাবে কাম কৰা আৰু এজন গ্রাহকৰ লগত সুসম্পর্ক বৰ্ত্তাই ৰখা–এই দুয়োটা কাম নিয়াৰিকৈ কেনেকৈ সম্পন্ন কৰিব পাৰে?

ক্ষীৰোদ কুমাৰ গোস্বামী: ‘যদুমণি ছপাখানা’ক (প্ৰতিষ্ঠা-১৯২২চন) আমি প্ৰেছ আখ্যা নিদি ‘এক প্ৰবাহিত ঐতিহ্য’ বুলিব খোজো। এই শব্দদ্বয়– ‘যদুমণি ছপাখানা’ই মোৰ মন আৰু মেজাজক এনেভাবে প্ৰভাবিত কৰিলে যে ইয়াক এটি জীৱন্ত, প্ৰাণৱন্ত সত্ত্বা যেন লাগে। ৫৮ বছৰ ধৰি একেৰাহে একেখন টেবুলতে মই মুদ্ৰণ বিষয়ৰ কাম কৰিলোঁ, বিৰাম বা বিৰামৰহিত এনে প্ৰশ্ন মনলৈ নাহেই।

সাহিত্য ডট অৰ্গ: গ্ৰন্থ এখন প্ৰকাশৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ পন্থা অৱলম্বন কৰে?

ক্ষীৰোদ কুমাৰ গোস্বামী: সাধৰণতে আমি লেখক বা লেখিকাক একোটা বিষয় বা কাহিনী প্ৰস্তুতৰ সমল/দিহা দি পাণ্ডুলিপি লিখিবলৈ দিওঁ। পাণ্ডুলিপি হাতলৈ অহাৰ পাছত সম্পাদনা আৰু সংশোধনৰ প্ৰয়োজনীয় ব্যৱস্থাৰ মাজেৰে প্ৰেছ কপি সাজু কৰোৱাওঁ। ইয়াৰ পাছৰ পয্যায়ত গ্ৰন্থ নিৰ্মাণ প্ৰক্ৰিয়াৰ দ্বাৰা আগবঢ়া হয়।

সাহিত্য ডট অৰ্গ: গ্ৰন্থমেলা আপোনাৰ আবেগ।(অৱশ্যে আমাৰো) গ্ৰন্থমেলাৰ লগত আপুনি দীৰ্ঘকাল জড়িত হৈ আছে বুলি আমি জানো। সাম্প্ৰতিক কালৰ গ্ৰন্থমেলাবিলাকত আপুনি কেনেধৰণৰ পৰিবৰ্তন দেখা পাইছে? গ্ৰন্থমেলাবিলাকবিলাক একোটা বাৰ্ষিক উৎসৱলৈ পৰিবৰ্তন হোৱা যেন লাগে নেকি বাৰু?

ক্ষীৰোদ কুমাৰ গোস্বামী: গ্ৰন্থমেলাৰ আয়োজন আৰু প্ৰসাৰে অসমীয়া ভাষা, সাহিত্য, গ্ৰন্থ অধ্যয়নক আৰু লেখন কলাক উজ্জীৱিত কৰাত সহায় কৰিছে নিশ্চিতভাবে। ই শুভ লক্ষণ। ই বাৰ্ষিক উৎসৱলৈ ৰূপান্তৰ হোৱাটো ক্ষতিকাৰক হ’ব নোৱাৰে। আনহাতে আমি ভাবো গ্ৰন্থমেলা অসমৰ গ্ৰাম্য অঞ্চললৈও বিয়পি পৰিব লাগে, সৰু আয়তনৰ হ’লেও।

সাহিত্য ডট অৰ্গ: শিশু গ্ৰন্থৰ ক্ষেত্ৰত আপুনি শিশুসকলৰ মাজত গ্ৰন্থ সজাগতাৰ বাবে প্রতি বছৰে ‘পৰাগ প্রতিম গ্রন্থ যাত্রা’ নামে ভ্ৰাম্যমান গ্ৰন্থ প্ৰদৰ্শনীৰ আয়োজন কৰে। এই ‘পৰাগ প্রতিম গ্ৰন্থ যাত্রা’ৰ বিষয়ে আমাক কিছুকথা অৱগত কৰকচোন!

ক্ষীৰোদ কুমাৰ গোস্বামী: ই প্ৰকৃততে আমাৰ প্ৰয়াত পুত্ৰ পৰাগ প্ৰতিম গোস্বামীৰ (১৯৮২-২০০২) স্মৃতিত কৰা এক ভ্ৰাম্যমান গ্ৰন্থ-প্ৰদৰ্শনীৰ ব্যৱস্থা। ২০০৩ চনৰ ৩ নবেম্বৰৰ পৰা বৰ্ত্তমানলৈকে , বিশেষকৈ গ্ৰাম্য এলেকাৰ শিশু-গ্ৰন্থৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে ‘গ্ৰন্থযাত্ৰা’ই কাম কৰি আছে। ৫৪১খন গ্ৰন্থ প্ৰদৰ্শন-বিতৰণ ব্যৱস্থাৰ আয়োজন ইতিমধ্যে কৰা হৈছে। শিশু-সাহিত্যৰ ক্ষেত্ৰখনত উত্তৰ পূৰ্বাঞ্চলত ই একক গ্ৰন্থ-বাহন।

সাহিত্য ডট অৰ্গ: আপুনি নিজকে এজন প্রকাশক হিচাপে চিনাকি দি ভাল পায়। কিন্তু আপুনি এজন সুলেখক হিচাপেও সাহিত্যৰ পথাৰত সমাদৃত। আপোনাৰ সাহিত্য সাধনাৰ বিষয়ে অলপমান আমাক ক’বনেকি?

ক্ষীৰোদ কুমাৰ গোস্বামী: গ্ৰন্থৰ প্ৰকাশন-বিতৰণ আৰু নিৰ্মাণ ক্ষেত্ৰখনৰ এজন সাধাৰণ কৰ্মীৰূপে কৰ্মৰত হৈ আছোঁ। প্ৰেৰণাদায়ক এই কৰ্মকে বুকুৰ আপোন কৰি লৈছোঁ। সেই প্ৰকাশকৰ পৰিচয় মোৰ বাবে সুখকৰ। কেতিয়াবা দুই/চাৰিটা নিবন্ধ/ৰচনা/স্মৃতিকথা লিখিছোঁ–মূলতঃ সাতসৰী আলোচনীৰ পাতত। কিন্তু মই সাহিত্য সাধক বা লেখক নহওঁ। প্ৰয়োজনত গ্ৰন্থ সম্পাদনাৰ ভাৰো লৈছোঁ। 

সাহিত্য ডট অৰ্গ: আমি জানিব পাৰিছোঁ, আপুনি প্রতিবছৰে কলিকতা গ্ৰন্থমেলালৈ যায়। কলিকতাৰ প্রতিবাৰৰ দৰে এইবাৰো আপুনি গৈছে নিশ্চয়। এইবাৰৰ কলিকতা(গ্ৰন্থমেলা) ভ্ৰমণৰ অভিজ্ঞতা কেনেকুৱা ? অসমৰ গ্রন্থমেলাই কিবা শিকিবলগীয়া আছেনে?

ক্ষীৰোদ কুমাৰ গোস্বামী: গ্ৰন্থমেলাৰ প্ৰাচুৰ্যপূৰ্ণ ছবি ‘কলকতা বইমেলা’ত প্ৰতিফলিত হয়। ১৯৯১ চনৰ পৰা (দুই/চাৰিবছৰ বাদ পৰিছে) সেই গ্ৰন্থ তীৰ্থত উপস্থিত হোৱাৰ অভ্যাস হৈ পৰিছে। এইবাৰো ’৪৮ সংখ্যক আন্তজাৰ্তিক কলকতা পুস্তক মেলা’লৈ গৈছিলোঁ। ২৮ জানুৱাৰী ২০২৫ৰ পৰা ৯ ফেব্ৰুৱাৰী পৰ্য্যন্ত সৰ্ববৃহৎ এই গ্ৰন্থ পাৰ্বন চলিছিল। নানা দিশত এই গ্ৰন্থমেলাৰ পৰা শিকিবলগা থাকে। এটা সাধাৰণ অথচ গুৰুত্বপূৰ্ণ (এই বছৰৰ মেলাত মই অনুভৱ কৰিলোঁ) চিন্তাৰ প্ৰকাশ ঘটিছে–‘সম্পূৰ্ণ পলিথিনমুক্ত গ্ৰন্থমেলা’। গ্ৰন্থমেলাৰ বিচ্ছুৰণৰ কথা নকলোৱেইবা!

সাহিত্য ডট অৰ্গ: আপোনাৰ কৰ্ম আৰু কিতাপৰ পৃথিৱীলৈ আপুনি আগবঢ়োৱা আপোনাৰ অৱদানৰ বিষয়ে জানিব পাৰি আমি সঁচাই কৃতাৰ্থ হ’লোঁ। ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনালোঁ।

ক্ষীৰোদ কুমাৰ গোস্বামী: কথাবোৰ ক’বলৈ পাই মোৰো ভাল লাগিল। ‘সাহিত্য ডট অৰ্গ’-এ মোক সুবিধাকণ দিয়া বাবে আপোনালোককো কৃতজ্ঞতা জনালোঁ।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!