লোকশিল্পৰ পৰা থলুৱা উদ্যোগলৈ
লেখক- চিত্তৰঞ্জন ওজা
নৱপ্ৰস্তৰ যুগৰ পৰাই (অৰ্থাৎ ৮০০০ খ্ৰী:পূ:) হেনো পৃথিৱীত লোকশিল্পৰ ব্যৱহাৰ আৰম্ভ হয়। গ্ৰাম্য সমাজৰ মাজত গ্ৰাম্য জনজীৱনক কেন্দ্ৰ কৰি যিবোৰ শিল্পকলাৰ সৃষ্টি হয় তাকেই লোক-শিল্পকলা বুলি কোৱা হয়। লোকশিল্পৰ সৃষ্টি মানুহৰ জীৱনৰ নিত্য প্ৰয়োজনীয় বস্তুখিনিৰ অভাৱ পূৰাবৰ ববেই হৈছিল যদিও ইয়াৰ যোগেদি মানৱজাতিৰ শিল্পীসত্তা প্ৰকাশ পাইছিল। ইয়াৰ মূল কাৰণ আছিল ব্যৱহাৰ্য বস্তুকেইবিধ ধুনীয়াকৈ নিৰ্মাণ কৰি আনৰ পৰাও আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হ’বলৈ মানুহে চেষ্টা কৰিছিল। মানুহজনে ধুনীয়া বস্তু এটা সাজোঁতে যিমান আনন্দ পায়, ব্যৱহাৰকাৰীজনেও সিমানে আনন্দ পায়। ধুনীয়াকৈ সজোৱা মানুহজনেই হ’ল হস্তশিল্পী বা কাৰু শিল্পী। জানপীঠ বঁটাবিজয়ী নীলমনি ফুকনদেৱে লিখা ‘লোককল্প দৃষ্টি’ নামৰ গ্ৰন্থখনত লিখিছে, “লোকশিল্পকলা বিমূৰ্তধৰ্মী। লোকশিল্পকলাৰ বিমূৰ্ততাৰ প্ৰধান বৈশিষ্ট্য হ’ল— ই প্ৰতীকী, নৈৰ্ব্যক্তিক, লোকাচাৰমূলক, যাদুভিত্তিক আৰু যৌথভাৱে লোকজনে পালন কৰা ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ ঐতিহ্যবাহী। সেয়েহে স্থানভেদে, ধৰ্মভেদে লোকশিল্পৰ স্বৰূপ ভিন্ন হোৱা দেখা যায়।”
লোক বুলি কওঁতে আমি গাঁৱৰ চহা, অনাখৰী মানুহকে বুজো। তেনে মানুহৰ সম্পৰ্ক মৃত্তিৰ লগতে বেছি। সেয়েহে মৃৎ শিল্পই হ’ল সকলোতকৈ পুৰণি লোকশিল্প। অসমত হাজাৰ বছৰ আগৰ পৰাই লোকশিল্পৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়। অসমত দেখিবলৈ পোৱা লোকশিল্পসমূহ হ’ল বয়ন শিল্প, কমাৰ শিল্প, কুমাৰ শিল্প, হীৰা শিল্প, কঁহাৰ শিল্প, কাঠ শিল্প, হাতী দাঁতৰ শিল্প, আতচবাজী শিল্প, স্বৰ্ণ শিল্প যি শতিকা জুৰি চলি আহিছে। গুণাভিৰাম বৰুৱাৰমতে আহোমসকলৰ দিনৰ পৰাই অসমত ভিন ভিন শিল্পকাৰ্য ভিন ভিন খেলৰ মানুহে কৰিছিল। এই খেল বিভাগ ব্যৱসায়ানুসাৰে হৈছিল আৰু সেই খেলৰ লোকসকলে নিজে ব্যৱসায় কৰিছিল। তাৰ পৰাই অসমীয়া সমাজত সৃষ্টি হ’ল বিভিন্ন বৃত্তিয়াল সম্প্ৰদায়ৰ। কঁহাৰ, কুমাৰ, সোণাৰি, হীৰাই হ’ল অসমৰ প্ৰধান বৃত্তিয়াল কাৰুশিল্পী। অসমীয়া সমাজৰ অধিকাংশ কাৰুশিল্পীয়ে আছিল কৃষিজীৱী আৰু দৰিদ্ৰ। প্ৰতিটো সম্প্ৰদায়ে নিজৰ শিল্পকলাৰ জ্ঞান পুত্ৰপৌত্ৰাদিক্ৰমে হাত বাগৰি লাভ কৰিছিল। সেই সম্প্ৰদায়ে নিজৰ জীৱিকা অৰ্জনৰ পথ বাচি লৈছিল নিজৰ পিতৃৰ পৰা লাভ কৰা শিল্পকলাৰ পৰা।
এই লোকশিল্পৰ মাজেৰে অসমীয়া সমাজৰ এক বৃহৎ অংশই নিজৰ আৰু লগতে পৰিয়ালৰ জীৱিকাৰ উপায় হিচাপে গ্ৰহণ কৰিছিল। তেনেদৰেই বহু সম্প্ৰদায়ৰ মানুহে পৰিয়ালৰ ভাত-কাপোৰৰ ব্যৱস্থা কৰিছিল। পিছে বিংশ শতিকাৰ শেষৰ ফালে প্ৰযুক্তিৰ ন ন উত্তৰণত লোকশিল্পৰ অৱস্থা আজি শোচনীয় হৈ পৰে। মৃৎ শিল্প আজি মৃতপ্ৰায়। প্লাষ্টিক, চীনামাটিৰ বাচন কম দামত উপলব্ধ হোৱাৰ লগে লগে মানুহে কাঁহ, পিতলেৰে নিৰ্মিত কাঁহি, বাটি বা অন্যান্য সঁজুলি ব্যৱহাৰ কৰা কমাই দিছে। ইয়াৰ প্ৰধান কাৰণ হ’ল কাঁহ, পিতলৰ অত্যধিক মূল্যবৃদ্ধি। তেনেকৈ অসমত থলুৱাভাৱে নিৰ্মিত সোণ বা ৰূপৰ গহনাই আজি মানুহৰ মাজত সমাদৰ লাভ কৰিব পৰা নাই। ফলত অসমীয়া সোণাৰিৰ সংখ্যা কমি গৈছে। এটা সময়ত অসমৰ প্ৰতিটো পৰিয়ালৰ অতি কমেও এখনকৈ শাল আছিল। মহাত্মা গান্ধীয়ে প্ৰথমবাৰ অসমলৈ আহি তাঁতশালত বোৱা বস্ত্ৰ দেখি এনেদৰে প্ৰশংসা কৰিছিল যে অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত বৰপেটাত নিৰ্মিত বৃন্দাবনী বস্ত্ৰই বিশ্ব দৰবাৰত আজি জিলিকি আছে। আজি এই তাঁত শিল্প মৃত্যুৰ গৰাহত। লোকশিল্পৰ সকলো বস্তু পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰিহে প্ৰস্তুত কৰা হৈছিল। সেই পদ্ধতি শ শ বছৰৰ পৰা চলি আছিল, বিশেষ উন্নতি নোহোৱাকৈ। উন্নত প্ৰযুক্তিৰ লগে লগে বস্তুবোৰৰ নিৰ্মাণৰ খৰচ আৰু সময় দুয়োটাই কমি গ’ল। ফলত লোকশিল্প আজি এলাগী হৈ পৰিল।
লোকশিল্পকলাৰ মৃতপ্ৰায় অৱস্থাৰ ফলত এই শিল্পৰ লগত জড়িত লোকসকলে জীৱিকাৰ বাবে নতুন পথ বিচাৰি ল’বলগীয়া হৈছে। কিছুমান পৰিয়ালে জীৱিকাৰ সংস্থাপন হেৰুৱাই পথৰ ভিখাৰী হৈ পৰিছে, আন কিছুমানে জীৱন-মৃত্যুৰ লগত সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। থলুৱা অসমীয়া সমাজৰ এক বৃহৎ সংখ্যকৰ সন্মুখত আজি জীৱিকাৰ পথ ৰূদ্ধ হৈ পৰিছে। সেই মানুহখিনিৰ বাবে জীৱিকাৰ বিকল্প পথ হিচাপে আমি অসমৰ থলুৱা উদ্যোগক প্ৰক্ষেপ কৰিব পাৰোঁ। ইয়াৰ বাবে প্ৰয়োজন হ’ব দুখীয়া পৰিয়ালসমূহক থলুৱা উদ্যোগ সম্পৰ্কে অৱগত কৰা, চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে জনোৱা আৰু তেওঁলোকক থলুৱা উদ্যোগত নামিবলৈ আৰ্থিকভাৱে সহায়-সহযোগ আগবঢ়োৱা। সেই উদ্দেশ্য আগত ৰাখি সাহিত্য ডট অৰ্গৰ এই সংখ্যাৰ মুখ্য বিষয় হিচাপে ‘থলুৱা উদ্যোগ’ক নিৰ্বাচন কৰা হৈছে। ইয়াত আমি আলোচনা কৰিবলৈ বিচাৰিছোঁ কৃষিভিত্তিক থলুৱা উদ্যোগে অসমীয়া পৰিয়ালক কেনেদৰে পুনৰসংস্থাপন দিব পাৰে, শোধানাগাৰসমূহৰ উপজাত সামগ্ৰীৰপৰা গঢ়িব পৰা থলুৱা উদ্যোগ গঢ়ি উঠাৰ সম্ভাৱনীয়তা, পশুধন আৰু থলুৱা উদ্যোগ গঢ় ল’বলৈ চেষ্টা কৰা, থলুৱা উদ্যোগক সহায় কৰিবলৈ চৰকাৰে লোৱা আঁচনিসমূহ আৰু বেঙ্ক আৰু নাবাৰ্ডৰ পৰা ল’ব পৰা আৰ্থিক সাহায্যৰ বিষয়ে আলোচনা কৰা ইত্যাদি। এই সংখ্যাটো পঢ়ি মুষ্টিমেয় কেইজনমান ব্যক্তিও যদি জীৱিকাৰ বিকল্প পথ বিচাৰি লৈ উপকৃত হয় সেয়াই হ’ব সাহিত্য ডট অৰ্গৰ সৈতে জড়িতসকলৰ বাবে বিশেষ প্ৰাপ্তি।
এই সংখ্যাটোৰ আঁৰত-
এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….
এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….
এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….