কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয় অনুবাদক আৰু ভাষা তথা ভাষীৰ ভৱিষ্যত: ড০ দীপশিখা ভাগৱতী

লেখক- ড০ দীপশিখা ভাগৱতী

যোৱাটো মাহৰ পৰা আৰম্ভ কৰি আজিলৈকে কেইবাগৰাকীও সুপ্ৰাণ অসমীয়াই আমাক এৰি গ সাহিত্য ডট অৰ্গ পৰিয়ালৰ পৰা তেখেতসকললৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ

অসমীয়া ভাষা সংস্কৃতিক দুখীয়া কৰি আঁতৰি যোৱা পণ্ডিত, গৱেষক, লোক সংস্কৃতিৰ বিদ্বান ধ্বজাবাহক, গায়ক, অধ্যাপক ড০ বীৰেন্দ্ৰনাথ দত্ত দেৱ

ভ্ৰাম্যমাণ থিয়েটাৰৰ নমস্য সংগীত পৰিচালক, গায়ক দশৰথ দাস দেৱ

ৰজত কমল বঁটা বিজয়ী চলচ্চিত্ৰ পৰিচালক হেমেন দাস দেৱ।

প্ৰসিদ্ধ চিত্ৰ সাংবাদিক অৰুণ লোচন দাস দেৱ।

 

 

মাৰ্কিন কম্পিউটাৰ বিজ্ঞানী জন মেককাৰ্থীয়ে ১৯৫o ৰ দশকত কৃত্ৰিম বুদ্ধিমত্তা শব্দটো নিৰ্মাণ কৰিছিল। সেই সময়ত গৱেষকসকলে একত্ৰিত হৈ চিন্তাযন্ত্ৰসমূহে সামৰি লোৱা বিভিন্ন বিক্ষিপ্ত ধাৰণাক এক স্পষ্ট আৰু বিকশিত আকাৰ দিবলৈ চেষ্টা কৰিছিল, যিসমূহ তেতিয়ালৈ অ সংগঠিত ৰূপত আছিল। চিন্তাযন্ত্ৰৰ ক্ষেত্ৰখনে সেই সময়ত অনুসৰণ কৰা বিজ্ঞানৰ সাধাৰণ দিশসমূহ আছিল চাইবাৰনেটিক্স, অটোমেটা তত্ত্ব আৰু জটিল তথ্যৰ প্ৰক্ৰিয়াকৰণ। এই দিশসমূহৰ সামূহিক আওতাত যাতে কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে বিশাল আৰু জৰুৰী বিষয় এটা হেৰাই নাযায়, সেইবাবেই ইয়াক এটা সম্পূৰ্ণ স্বাধীন বিষয় হিচাপে বিদ্যায়তনিক ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে মেককাৰ্থীয়ে এই সবল পদক্ষেপ লৈছিল। কৃত্ৰিম বুদ্ধিমত্তাই বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত বহু বৈপ্লৱিক ভূমিকা লৈছে, কিন্তু ভাষা শিক্ষণৰ লেখীয়া, মানবিক অনুষদৰ এটা বিশাল বিষয়ৰ অধ্যয়নৰ দিশত কৃত্ৰিম বুদ্ধিমত্তা কিমান দূৰলৈকে ধনাত্মকভাৱে প্ৰভাৱশালী – ই বিতৰ্ক আৰু গৱেষণাৰ উৰ্দ্ধত নহয়।

ভাষা শিক্ষণত কৃত্ৰিম বুদ্ধিমত্তাৰ এটা মূল প্ৰত্যাহ্বান হৈছে মানৱ ভাষাৰ সূক্ষ্মতা আৰু জটিলতা সম্পূৰ্ণৰূপে বুজিব বা অনুভৱ কৰিব নোৱাৰাটো। কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱস্থাই একোটা স্বাধীন শব্দ আৰু বাক্যাংশ চিনাক্ত আৰু বিশ্লেষণ কৰিব পাৰে, কিন্তু প্ৰবচনমূলক প্ৰকাশ, আলংকাৰিক ভাষা, বা দ্বৰ্থক উক্তি বুজিবলৈ ভালদৰে সক্ষম নহয়, ফলত ভাষা শিক্ষণৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিলে ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্বপূৰ্ণ সাংস্কৃতিক প্ৰসংগ হেৰুৱাব পাৰে বা ভাষাৰ মূল উদ্দেশ্য – যোগাযোগমূলক প্ৰসঙ্গতো ভুল কৰিব পাৰে। উদাহৰণস্বৰূপে:

এইটো এটা সেউজীয়া আপেল, এই বাক্যটো স্বয়ংক্ৰিয় অনুবাদকৰ যোগেৰে অনুবাদ কৰিলে “This is a green apple” বুলি শুদ্ধকৈ ওলাব; কিন্তু যদি এই বাক্যটো দিয়া হয়, “তুমি যিয়েই নোকোৱা কিয়, তাৰ সিয়ান বুধিয়ে কিন্তু আনৰ অপকাৰ কৰি আছে”, তেতিয়া বাক্যটো এনেকৈ ওলায় – “Whatever you say, his wisdom is harming others.”

ভাষাবিজ্ঞানৰ সুদীৰ্ঘ ইতিহাসত ইয়াক সদায় এক মানৱিক বা প্ৰাকৃতিক বিজ্ঞান হিচাপেই গণ্য কৰি অহা হৈছে। একোটা বৰ্ণৰ আকাৰ, বিস্তাৰ তথা ভাঁজসমূহৰ সন্মিলিত গোটক আখ্যা দিব পাৰি ভাষাৰ পদাৰ্থ বিজ্ঞান বুলি। একোটা শব্দ, তাৰপৰা সৃষ্ট বাক্য- এইসমূহে একোজন লেখকৰ মানসিক অন্তৰ্জগতৰ একোখন ছবি পাঠকৰ সমুখত ঠিয় কৰায়। কিন্তু মন কৰিলে অনুভৱ কৰিম, যে বৰ্ণৰ (alphabet) ভাঁজবোৰে সুদক্ষ স্থপতিৰ দৰেএই ছবিখন গঠন কৰি তোলে। উদাহৰণস্বৰূপে – নীলা, ওখ, আকাশ, মৃত্যু, জীৱন– ইত্যাদি বিভিন্ন শব্দত বৰ্ণবোৰৰ যি ৰচনাত্মক ভাঁজ, সিয়ে শব্দটোৱে বুজাব খোজা ইমেজটোৰ এটা আভাসী প্ৰতিফলনৰ সৃষ্টি কৰে, যাৰ ফলত আমাৰ মগজুত সেই শব্দবোৰৰ এক মূৰ্ত আকাৰ গঢ়ি উঠে। ধাৰণা যিমানেই কঠিন জটিল বা এবচাৰ্ড নহওক, সি সৃষ্টি কৰা ছবিখন পৰিচ্ছন্ন হ’লেহে ই পাঠকৰ বোধগম্য হব। সেইবাবেই প্ৰত্যেক ভাষাৰ, প্ৰতিটো বৰ্ণৰ আকৃতি, আকাৰ আৰু ৰৈখিক গঠন (shape, size, curve) বেলেগ বেলেগ হয়। শিশুৰ আখৰ শিকাৰ প্ৰাৰম্ভিক সময়চোৱাত সেইবাবেই নিজৰ ভাষাৰ বৰ্ণমালাৰ লগত মিলাকৈ বিভিন্ন ছবি দেখুওৱা হয়, যাতে বৰ্ণটোৰ লগতে ছবিখনৰ ডাইমেনশ্যনটোৱে মিলি শিশুটিৰ মগজুত সেই বৰ্ণটোৰ এক ইমেজ গঠন কৰিব পাৰে। দৃষ্টিবঞ্চিত শিশুক এইক্ষেত্ৰত একেদৰেই সহায় কৰে ব্ৰেইল পদ্ধতিত, embossed শৈলীত লিখিত বৰ্ণৰ স্পৰ্শগম্য আকাৰে। আইজাক নিউটনে গুৰুত্ব আৰোপ কৰিছিল ভাষাৰ উচ্চাৰণৰ প্ৰণালীৰ ওপৰত আৰু আইনষ্টাইনে বিশেষভাৱে কৈছিল সংৰচনাবাদৰ কথা। এই দুয়োটাৰ শুদ্ধ শিক্ষা অবিহনে ভাষাশিক্ষাৰ বিশুদ্ধতা সংকটৰ সমুখীন হয়। ভৌগোলিক ক্ষেত্ৰৰ বিভিন্ন অঞ্চলবিশেষে একেটা ভাষাই ভিন্ন দ্বন্দ্বমূলক অৰ্থাৎ দোৱানজনিত প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত হয়, কিন্তু আক্ৰান্ত নহয়। ইয়াৰ ভাষাৰ পাৰম্পৰিক নিদানতত্ত্বৰ আওতাতে শুদ্ধ বুলি মানি লব পাৰি।

Absurd (উদ্ভট) নাটকৰ সুন্দৰতম উদাহৰণ হৈছে চেমুৱেল বেকেটৰ কালজয়ী নাট “ৱেটিং ফৰ গড’, ‘গড’ নহয় কিন্তু। কিয়নো গড বুলি লিখাৰ লগে লগে এই বৰ্ণ দুটাৰ আকৃতিয়ে মানুহক এজন নিৰাকাৰ ঈশ্বৰৰ ধাৰণা দিয়ে, কিন্তু নাটখনত ঈশ্বৰ এটা চৰিত্ৰ, এজন ত্ৰানকৰ্তা। যদিও তেওঁ নাটখনৰ কতোৱেই দৃশ্যমান নহয়, তথাপিও গড’ বুলি লিখাৰ লগে লগেই দৰ্শকে এজন শান্ত, সৌম্য ত্ৰাণকৰ্তাক মনৰ দৃষ্টিৰে কল্পনা কৰি লয়। গড’ ৰ সমগ্ৰ ধাৰণাটোৱেই উদ্ভট, কিন্তু তেওঁ দৰ্শকৰ মনত সৃষ্টি কৰা ছবিখন মূৰ্ত। ইয়াত সুসংপৃক্ত নাটকীয় নেৰেটিভৰ লগতে বৰ্ণ দুটাৰ ভূমিকাও অতি গুৰুত্বপুৰ্ণ। ন’হলে ‘গড’ বুলি লিখিলেওতো হ’লহেতেন!

এটা দীৰ্ঘম্যাদী বিভাজনে মস্তিষ্কক দুটা পৃথক হেমিষ্ফিয়েৰত বিভাজিত কৰে, যি কৰ্পাছ কেলোচম নামৰ এক স্নায়ুসংগঠনৰ দ্বাৰা সংযোজিত হৈ থাকে। মস্তিষ্কৰ বাওঁ হেমিষ্ফিয়েৰে বৰ্ণমালাৰ আকৃতি আৰু আকাৰ চিনাক্ত কৰে আৰু সেই কোষীয় স্থাপত্যৰ পৰা এক নিৰ্দিষ্ট ছবি সৃষ্টি কৰিবলৈ সোঁ হেমিষ্ফিয়েৰলৈ প্ৰেৰণ কৰে। ভাষাতত্ত্ব এক বিশুদ্ধ বিজ্ঞান, যাৰ অবিহনে কোনো ভাষাৰেই শিক্ষা সম্পূৰ্ণ নহয়।

বৰ্ণৰ আকাৰ, ভাঁজ– এই সকলোবোৰ নীৰৱ, কিন্তু ই নীৰৱে থাকিয়েই মূৰ্তমান কথকতাৰ উৰ্দ্ধত বহু বেছি কথা কৈ যায়।

এজৰা পাউন্দে কৈছিল, “Great literature is simply language charged with meaning to the utmost possible degree.”

এটা ভাষাৰ যেতিয়া লিখিত ৰূপত জন্ম হয়, তেতিয়া সি কিছু গ্ৰাম্য বিন্যাসত থাকে, কিন্তু সেই ভাষীক গোষ্ঠীৰ মাজত তাৰ আবেদন (appeal) নকমে। এ্যংল’ চেক্সন যুগত চচাৰৰ যি ভাষা আছিল, বেটল্ অফ হেষ্টিংছৰ পাছত এ্যংলো নৰ্মান যুগত যি ফঁৰাচী প্ৰভাৱিত, একধৰণৰ সন্মিলিত ভাষাৰ সৃষ্টি হৈছিল (জন্ম নহয়), বা তাৰ পাছৰ যুগত শ্বেইক্সপীয়েৰৰ যি আধুনিক আৰু সমৃদ্ধিশালী ইংৰাজী ভাষা আছিল, সকলোতে একোটা বিশেষ যুগসম্বলিত শক্তি আছিল। মন কৰিলে দেখা যায়, সংস্কৃতৰ বাহিৰে পৃথিৱীৰ অধিকাংশ ভাষাই ভাষিক প্ৰব্ৰজনৰ সৃষ্টি আৰু সমষ্টি। তেনেকৈ অসমীয়া ভাষাত, মহাপুৰুষ দুজনাৰ যি বজ্ৰাৱলী ভাষা আছিল, বা তাৰ পিছত বিভিন্ন সাংস্কৃতিক, ভাষীক বা সামাজিক সংস্পৰ্শ তথা উত্তৰণৰ মাধ্যমেৰে অসমীয়া ভাষাৰ যি পৰিবৰ্তন হ’ল, সেয়া বিভিন্ন সময়ৰ, বিভিন্ন লেখকৰ লিখনিত স্পষ্ট ৰূপত ধৰা দিয়ে। উদাহৰণস্বৰূপে মিৰি জীয়ৰীৰ যি ভাষা, অসীমত যাৰ হেৰাল সীমাৰ ভাষা তাতকৈ বেলেগ। তেনেকৈ সৌৰভ চলিহাৰ ভাষাৰ যি উত্তৰ আধুনিক আৰবান স্বাচ্ছন্দ্য, ড• ভবেন্দ্ৰনাথ শইকীয়াৰ তাতকৈ বেলেগ, নব্যৰমন্যাসবাদ, চেতনাস্ৰোত ধাৰা আৰু ইউৰোপীয় সাহিত্যৰ কফি হাউচ সংস্কৃতিৰ লগতে, থলুৱা সংস্কৃতিৰ উপাদান আৰু বিষয়বস্তুৰে ভৰা, মহানগৰীয় ৰূপকৰ সাৱলীল প্ৰকাশেৰে নৱকান্ত বৰুৱাৰ সৃষ্টিসমূহৰ যি ভাষিক লালিত্য, তাৰ সৈতে মহেন্দ্ৰ বৰা ছাৰৰ মিল আছে, কিন্তু হোমেন বৰগোহাঞি দেৱৰ নাই। এই সকলো সংগঠিত বৈচিত্ৰ্যৰ মাজত যি শক্তিয়ে এটা ভাষাক সমৃদ্ধ কৰি ৰাখে, সি হৈছে তাৰ চৰিত্ৰ বা অনুভৱলব্দ্ধ লিংগ। কোনোৰ ভাষা বিশুদ্ধ পৌৰুষপূৰ্ণ (masculine), কোনোৰ feminine (স্ত্ৰীলৈঙ্গী), কোনোৰ আকৌ কোমলতাৰে ভৰা মেচক্যুলিন. এই ক্ৰছ কালচাৰেল যুগত কথিত ভাষাৰ লিখিত ব্যৱহাৰকে ধৰি সুস্থ ভাষিক সংমিশ্ৰণৰ গ্ৰহণযোগ্যতা নিশ্চয় উলাই কৰিবলগীয়া বিষয় নহয়। ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ “শান্ত শিষ্ট হৃষ্ট পুষ্ট মহা দুষ্ট” শীৰ্ষক শিশু উপন্যাসখনত তেখেতে কেইবাবাৰো মাংসৰ সলনি ‘মাংচ’ বুলি লেখিছে, সুশ্ৰাব্য শ্ৰুতি প্ৰভাবৰ বাবে। ভাষাৰ acceptance and essence (গ্ৰহণযোগ্যতা আৰু সাৰ), দুটা সম্পূৰ্ণ বেলেগ কথা, কাৰণ ইয়াত পাঠকগৰাকীৰ নিজস্ব ভাৱনাৰ স্তৰ জড়িত হৈ থাকে, যাৰ কাৰণে কোনোৱে ৰাতিৰ কোমল নক্ষত্ৰ সংগীতৰ বৰ্ণনা ভাল পোৱাৰ বিপৰীতে কোনোবাই সেই একেই নক্ষত্ৰত মৃত প্ৰিয়জনৰ মুখ দেখা পায়। এই সকলো ভাষিক ট্ৰিটমেণ্টৰ ফল। এই সকলো বৰণ আৰু ভাষীক উষ্ণতা কিন্তু ভাষা এটাৰ লিংগীয় আৰু চাৰিত্ৰিক বৈশিষ্ট্যই নিৰ্ধাৰণ কৰে যাৰ বাবেই যেতিয়ালৈকে ভ্ৰষ্ট বা maltreated নহয়, উত্তৰাধুনিক যুগৰ ভাষা স্বকীয়তাৰে শক্তিশালী।

কবিতা, গল্প, উপন্যাস, যিয়েই নিলিখক বা নপঢ়ক, লাগিলে এখন চলচ্চিত্ৰই নিৰ্মাণ কৰক, তাৰ প্ৰথম চৰ্তটো হ’ল ইসমূহৰ ভাষিক ট্ৰিটমেণ্টত পাঠক আৰু দৰ্শকে উজুটি খাব নালাগিব। এনেকুৱা লাগিব নালাগিব যে লেখক বা চিত্ৰনিৰ্মাতাজনে পাঠক বা দৰ্শকক শব্দ বা ভিজুৱেলৰ জৰিয়তে মুৰত হাতুৰীৰে কোবাইছে। বৰঞ্চ এনে অনুভৱ হ’ব লাগিব, যে আমি দুৰ্গম গন্তব্যস্থানলৈ এটা ৰোমাঞ্চকৰ অভিযানৰ মাজেৰে গৈ আছোঁ, য’ত যাত্ৰাপথৰ অলেখ কঠিনতায়ো আমাক আঘাত হানিব পৰা নাই।

 যদি ভালকৈ মন কৰা যায়, দেখিবলৈ পোৱা যাব যে পৃথিৱীৰ সমাদৃত মাষ্টাৰপিছসমূহ (গ্ৰন্থ/ ফিল্ম) ইসমূহৰ অসামান্য বিষয়বস্তুৰ বাবে বিখ্যাত হোৱা নাই, কাৰণ বিষয় সময়সৃষ্ট, পৰিবেশৰ অৱদান, কিন্তু তাৰ অভিক্ৰিয়াৰ সৃষ্টি কৰে লেখকে। কোনো বিষয় অসাধাৰণ নহয়, তাৰ ট্ৰিটমেণ্টৰ অভিগম্যতা যেতিয়া অসাধাৰণ হয়, তাৰ আধাৰত সৃষ্টি হয় মহান সাহিত্যৰ। যুদ্ধোত্তৰ ইউৰোপৰ বুৰঞ্জীসৃষ্ট সময়ৰ জটিল বাগধাৰাক এলিয়টে সৃষ্টি কৰা নাছিল, তেওঁ তেওঁৰ অসামান্য ট্ৰিটমেণ্টেৰে এই ইতিহাসক এক মহাকাব্যলৈ অধিৰূপান্তৰিত কৰিছিল। এটুকুৰা শুকান কাঠক এজনে “শুষ্কং কাষ্ঠং” বুলি কৈছিল আৰু মহাকবি কালিদাসে কৈছিল “নীৰস তৰুবৰ” বুলি। কাঠটুকুৰাৰ কনটেণ্ট কোনো এজনেই সৃষ্টি কৰা নাছিল, পাৰ্থক্য আছিল ট্ৰিটমেণ্টৰ, যিয়ে সৃষ্টি কৰিছিল সকলো অসাধাৰণত্বৰ।

ভাষা শিক্ষণত কৃত্ৰিম বুদ্ধিমত্তাৰ আন এটা সীমাবদ্ধতা হ’ল ইয়াৰ নিৰ্দেশনা ব্যক্তিগতকৰণ কৰাৰ ক্ষমতা। কিছুমান কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰগ্ৰেমে ছাত্ৰৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি নিজৰ পাঠসমূহ খাপ খুৱাব পাৰে যদিও মানৱ শিক্ষকৰ সৈতে কাম কৰাৰ ফলত হোৱা ব্যক্তিগতকৰণৰ স্তৰটো সম্পূৰ্ণৰূপে আয়ত্ত কৰিব নোৱাৰে। প্ৰত্যেগৰাকী শিক্ষাৰ্থীৰ শিকাৰ ধৰণ আৰু ক্ষমতা বেলেগ বেলেগ। এজন শিক্ষকে অনবৰতে তেওঁলোকক পাই থাকে আৰু সেইবাবে তেওঁলোকৰ মনস্তত্ত্ব তথা বিকাশৰ গতি সম্বন্ধে ভালদৰে অনুধাৱন কৰিব পাৰে, যি কাম কৃত্ৰিম বুদ্ধিমত্তাই পোনছাতেই নোৱাৰে। সকলো ছাত্ৰ-ছাত্ৰীয়ে যিহেতু একে ধৰণেৰে নিশিকে, গতিকে এক ধৰণৰ শিক্ষাৰ্থীৰ বাবে ডিজাইন কৰা AI প্ৰগ্ৰেম আন এক ধৰণৰ শিক্ষাৰ্থীৰ বাবে ফলপ্ৰসূ নহ’বও পাৰে।

শেষত মন কৰিবলগীয়া যে ভাষা শিক্ষণত এআইৰ সফল ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিৰ সুবিধা সকলো শিক্ষাৰ্থীয়েই নাপায়। নিৰ্ভৰযোগ্য ইণ্টাৰনেটৰ ব্যৱহাৰ বা প্ৰয়োজনীয় হাৰ্ডৱেৰ (যেনে স্মাৰ্টফোন বা কম্পিউটাৰ) অবিহনে ছাত্ৰ-ছাত্ৰীসকলে এই সঁজুলিসমূহৰ সুবিধা ল’ব নোৱাৰে। ইয়াৰ ফলত উন্নত প্ৰযুক্তিৰ সুবিধা থকা আৰু নথকাৰ মাজত আৰু অধিক বিভাজনৰ সৃষ্টি হ’ব পাৰে, যাৰ ফলত শৈক্ষিক বৈষম্যৰ সৃষ্টি হ’ব পাৰে।

মানুহৰ কথোপকথনে অধিক ব্যক্তিগতকৃত আৰু অভিযোজিত শিক্ষণ অভিজ্ঞতাৰ সৃষ্টি কৰে। এজন শিক্ষকে তেওঁলোকৰ পাঠসমূহ ছাত্ৰৰ শিক্ষণ শৈলী আৰু গতিৰ সৈতে মিল ৰাখিব পাৰে আৰু লগতে উচ্চাৰণ আৰু ব্যাকৰণৰ ওপৰতো তাৎক্ষণিক মতামত দিব পাৰে। ইয়াৰ উপৰিও, স্থানীয় ভাষীসকলৰ সৈতে কথা পাতিলে শিক্ষাৰ্থীসকলে বাস্তৱ জীৱনৰ যোগাযোগ দক্ষতা অনুশীলন কৰিব পাৰে আৰু সাংস্কৃতিক সূক্ষ্মতাসমূহো আহৰণ কৰিব পাৰে যিবোৰ হয়তো কৃত্ৰিম বুদ্ধিমত্তাই ধৰিব নোৱাৰে।

কৃত্ৰিম বুদ্ধিমত্তাই ভাষা শিক্ষণ অভিজ্ঞতা বহু দিশত স্পষ্টভাৱে উন্নত কৰিব পাৰে। ই সূত্ৰগত দিশৰ পৰা ভাষা শিক্ষণত ধুৰূপকৈ সহায় কৰিব পাৰে, কিন্তু ব্যাকৰণগত বিশুদ্ধতা আৰু আৱেগিক মাধুৰ্যই এটা ভাষাক যি মধুৰ ৰূপ দিয়ে, সেয়া সৃষ্টি কৰিবলৈ আজিকোপতি মানুহ হে সক্ষম হৈছে। মানুহে সৃষ্টি কৰিছে চুপাৰ কম্পিউটাৰৰ, ৰকেট বিজ্ঞানৰ দৰে অত্যন্ত কঠিন বিজ্ঞানো মানুহেই গৱেষণা কৰি বিকশিত আৰু সম্প্ৰসাৰিত কৰিছে, কোনো যন্ত্ৰই মানুহৰ সহজাত বুদ্ধিমত্তাক “সৃষ্টি” কৰিব পৰা নাই।

অসমক কিৰণকেন্দ্ৰ হিচাপে লৈ এইসংখ্যাৰ সাহিত্য ডট অৰ্গ আমি বিষয়নিষ্ঠ কৰিবলৈ মনস্থ কৰিছিলোঁ আৰু সেইহিচাপেই লেখক ৰাইজৰ সঁহাৰিত আনন্দিত হৈছোঁহক। সকলোৰে সহায় সহযোগিতাৰে, সাহিত্য ডট অৰ্গৰ ত্ৰয়োদশ বৰ্ষৰ চতুৰ্থ সংখ্যাটি আপোনাসৱৰ হাতত তুলি দিলোঁ।

                                                                      ধন্যবাদ আৰু কৃতজ্ঞতাৰে

                                                                       ড০ দীপশিখা ভাগৱতী

                                                         সম্পাদক, সাহিত্য ডট অৰ্গ,  ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা

এই সংখ্যাটোৰ আঁৰত-

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!