সাঁথৰ
সংগ্ৰাহক: পংকজ বৰা
- “চুই চা চুই চা, চুই দিলে পইছা”=কেৰেলুৱা
- “ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ” =আমৰলি পৰুৱা।
- “টিঁ টিঁ কৈ টিঞা, ককালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় ” =বৰল।
- “মাকে বৰশী বায়, পুতেকে সৰগ চায়” = বাঁহ গছ আৰু বাঁহ গাজ।
- “মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা?”=জলকীয়া গছ (মাক) আৰু জলকীয়া (পুতেক)।
- “টুপ টুপ টুপলি, সময় গ’ল উকলি”/”টুপ টুপ টুপলি পানী পালে মুকলি”=জাল
- “বগা বগা চাহাবে ৰঙা-ক’লা টুপি পিন্ধে,এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে”=দিয়াচলাই (জুইশলা)
- “কাণত ধৰি নাকত বহে?”=বিতচকু,চশমা
- “এজনী কলী গাই ঘাটে ঘাটে পানী খায়?”=বৰশী
- “ওপৰৰ পৰা পৰিল চিলা, গোটে গোটে মানুহ গিলা”=
- “ওপৰৰ পৰা পৰিল বাঘিনী, চাৰি ঠেং মেলি হ’ল গাভিনী”=আঠুৱা
- ” কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয় ?”=বিড়ি
- “কি বস্তু কাটিলে দীঘল হয়?”=নলা (drain)
- “চিত পখিলা..চিত পখিলা..তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা. ” =হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু
- “এডাল মাৰলি দুখন চাল, নবন্ধাকৈ থাকে সর্বতিকাল”=কলাপাত
- ‘হাবিত কাঁহে ওলাই নাহে’=কুঠাৰ
- “ৰজাৰ লাঠি ঘন ঘন গাঠি”=কুহিয়াঁৰ
- “এঠেঙীয়া বগলী,নিতৌ নাচে গধু্লি”= বিচনী
- “এডাল খেৰে ঘৰটো বেৰে” =চাকি নাইবা মমবাতি
- “ৰজাৰ বাৰীলৈ গলো, ফুল দেখি চমক খালো, ফুললৈকে মেলিলো হাত, ফুল গ’ল ১৮ হাত” =জোনাকী পৰুৱা
- “আগ তিতা গুৰি মৌ, কি কৰিছা ভাবুলী বৌ”=কুহিয়াৰ
- ওপজিয়ে লৰ মাৰে কোন=’জেঠী পোৱালি
- ওপজিয়ে জপিয়ায় কোনে? = আখৈ
- এনু এনু এনু, ধৈইৰবান্নাই ঠেনু=ডিমা/কণী (নলবাৰী অঞ্চলত প্ৰচলিত)
- মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই/ঘৰ আছে দুৱাৰ নাই,মাত আছে মানুহ নাই= ৰেডিঅ’
- উপৰোৰ পাই পৰিল টেকলী, টেকলীৰ ভিতৰোত সাতগাণ্ডা ভেকলী্= কঁঠাল (নলবাৰী অঞ্চলত প্ৰচলিত)
- ‘কনকৰ নকৰ কাটি পাঠাৰ কাটি পা, লবংগৰ বংগ কাটি নাচি নাচি খা/লবংগৰ বংগ কাটি মজা মাৰি খা” =কঁঠাল
- “জলত জন্ম স্থলত বাস, মাকে চুলে হয় সর্বনাশ?”=নিমখ
- “পেট আছে পেটু নাই, মুখ আছে জিভা নাই”= কলহ
- তিনিফালে তিনিজন, মাজতে নিৰঞ্জন, নিৰঞ্জনে কণী পাৰে কোনে কিমান খাব পাৰে?=চৌকা
- ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন=বুঢ়া আঙুলি, কিনা (কেঞা) আঙুলি
- “এক জোপা হন্যা,তাতেই আছে বন্যা,হন্যাই কণী পাৰে কোনে কিমান গণিব পাৰে?”=ওকণি
- “গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয়?”=যঁতৰ
- “আমাৰ ঘৰত এজনী বুঢ়ী আছে, যাওঁতে এগোৰ, আহোঁতে এগো্ৰ?” =দুৱাৰডলি
- “ৰজাৰ দলিছা…..দুয়োফালে বাগিছা”=ৰাস্তা?
- “২ গছৰ গছৰ ২ ঠাল কজিয়া কৰি হয় লাল?”
- “ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন=বুঢ়া আঙুলি, কিনা (কেঞা) আঙুলি”
- “উপজিয়ে বুঢ়া হয় কোন, উপজিয়ে ৰঙা হয় কোন?=বুঢ়া আঙুলি, ৰঙআ বেলি
- “ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি “= জিভা
- “২ গছৰ গছৰ ২ ঠাল কজিয়া কৰি হয় লাল? এই সাঁথৰটোৰ উত্তৰ কি ?”=তামোল-পান
- “ইয়াতে মাৰিলো টিপা, গড়গা ঁও পালেগে শিপা” =ভূ ঁইকপ/ অনাতা ঁৰ
- “কৈ মৰিল কোন নকৈ মৰিল কোন, দি মৰিল কোন, নিদি মৰিল কোন”=কৈ মৰিল জটায়ু (সীতাৰ বার্তা ৰামক), নকৈ মৰিল জয়মতী (গদাপাণিৰ কথা ল’ৰা ৰজাক), দি মৰিল দধিচী (বৃত্রাসুৰ বধৰ বাবে নিজৰ হাড়), নিদি মৰিল দুর্যোধন (ৰাজ্য পাণ্ডৱক)
- “উপি উপি বাটত আছে চুপি”=জোক
- “ৰজাৰ আলিবাট মেলিব পাৰি জপাব নো ঁৱাৰি” = চোতাল
- “পেট আছে পেটু নাই, মুখ আছে জিভা নাই”= কলহ/টেকেলী
- “কাৰাক-কুৰুক কৰে, হেণ্ডচেক কইল্লি বমি কৰে”=দমকল/টিউবেল (নলবৰী অঞ্চলত প্ৰচলিত)
- “খাল বিল শুকাই গ’ল, গছৰ আগত পানী ৰ’ল”= নাৰিকল
- “য’লৈ যোৱা মোক লগত লৈ যোৱা”=ছাঁ/ছাঁয়া
- “নদী আছে পানী নাই, চহৰ আছে মানুহ নাই”= মানচিত্ৰ
- “ঘৰৰ ভিতৰত ঘৰ, তাতে পৰি মৰ”= আঁঠুৱা
- “ক’লৈ যোৱা মোক মাৰি থৈ যোৱা”= দুৱাৰ
- “লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত”= তামোল গছ
- “গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এদাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি”=-আনাৰস/মাটিকঁঠাল/সফুঁৰিকঠাল/কেতেকীকঁঠাল ।
- “আহিছ আহ ,যাৱ কেলেই , গৈছ যা , আহ কেলেই”=কেচুঁৱাৰ দাঁত
- “ইলিলিত্ চৰাইটোৱে বিলিলিত্ কৰে,সাগৰ দেখিলে পাংখা মেলে”=জাল
- “কেচাত তাল তোল পকাত গৰম, কবা নৰা যদি গালত চৰম৷”=