সাক্ষাৎকাৰ: মৃণালজ্যোতি গোস্বামী

লেখক- সাহিত্য ডট্‌ অৰ্গ

এইমাহৰ সাহিত্যৰ সাক্ষাৎকাৰৰ বাবে যোগাযোগ কৰা হৈছিল অসমীয়া নাট্যচৰ্চাৰ লগত জড়িত আৰু সাহিত্য ডট্‌ অৰ্গৰ এজন সদস্য ড° মৃণালজ্যোতি গোস্বামীক৷ তাৰ লিখিত ৰূপ পাঠকসকললৈ আগবঢ়োৱা হ’ল৷

সাহিত্য ডট অৰ্গ: নমস্কাৰ! পোন প্ৰথমেই আপোনাক আজিৰ এই সাক্ষাৎকাৰলৈ স্বাগতম জনালোঁ।

মৃণাল জ্যোতি গোস্বামী: নমস্কাৰ! ধন্যবাদ।

সাহিত্য ডট অৰ্গ: অসমীয়াত কথা বতৰা, ভাষা-সাহিত্য সন্মিলনী, অসমৰ পৰা সাহিত্য ডট আৰ্গলৈকে গোটেই পৰিক্ৰমাটোত আপুনি জড়িত হৈ আছে। কিন্তু আপোনাক অসম-ভাৰত তথা বিদেশতো নাটকৰ লগত জড়িত ব্যক্তি বুলিয়েই চিনি পায়। কেনেদৰে এই পৰিক্ৰমা আৰম্ভ হৈছিল?

মৃণাল জ্যোতি গোস্বামী: মোৰ জন্ম সত্ৰীয়া সংস্কৃতিৰ কেন্দ্ৰস্বৰূপ মাজুলীৰ জেংৰাইমুখত। জেংৰাই মানে সেই অজিৎ বৰুৱা বিখ্যাত কবিতা ‘জেংৰাই ১৯৬৩’ৰ জেংৰাই। আমাৰ অঞ্চলটো মিচিং জনজাতি অধ্যুষিত অঞ্চল। সেই সময়ৰ মাজুলীতো এতিয়াৰ দৰে ব্যাপকভাৱে নহ’লেও বহু ঠাইত ‘‘ৰাস’’ৰ আয়োজন কৰা হৈছিল। জেংৰাইমুখটো আয়োজন কৰা হৈছিল। এই ৰাসখনি মূলতঃ গড়মূৰীয়া সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে মঞ্চক উপলক্ষ্য কৰি ৰচনা কৰা এখন নাটক। অনন্তশয্যাৰ পৰা আৰম্ভ কৰি মহাৰাসলৈকে কৃষ্ণৰ আখ্যানভাগ মঞ্চ উপযোগীকৈ ৰচনা কৰিছিল তেখেতে আৰু সেই নাটভাগিয়েই মাজুলীৰ বিভিন্ন মঞ্চত এতিয়াও মঞ্চস্থ হৈ আছে। অৱশ্যে সময়ৰ আঁচোৰ তাত পৰিছে।

এই ৰাসতে কৃষ্ণৰ শিশুলীলাৰ অংশটিও আছে। ডেৰ-দুই বছৰ বয়সতে শিশুলীলাত ‘‘ৰুণু জুনু, ৰুণু জুনু ঘুংঘুৰু বজায়’’ শীৰ্ষক গীত এটিত মাটিত চুচৰি চুচৰি ধেমালি কৰা অংশ এটি আছিল। সেই অংশটিতে মই শিশু-শিল্পী হিচাপে ভূমুকি মাৰিছিলোঁ। তাৰ পাচত শিশুলীলাৰ আন আন অংশত, গোষ্ঠলীলাৰ বকাসুৰ-অঘাসুৰ-পলম্বাসুৰ-ধেনুকাসুৰ বধ, কালীয় দমন আদি অংশত কৃষ্ণ-বলোৰাম আদি চৰিত্ৰত অভিনয় কৰিছিলোঁ।

সমান্তৰালভাৱে সেই সময়ত জেংৰাইমুখ কলেজৰ শিক্ষক-কৰ্মচাৰী-ছাত্ৰ-ছাত্ৰীসকলৰ সন্মিলীত প্ৰচেষ্টাত প্ৰায় প্ৰতি বছৰেই একোখনকৈ সামাজিক-ঐতিহাসিক বা পৌৰাণিক নাটক মঞ্চস্থ হৈছিল। বহু সময়ত ভ্ৰাম্যমাণৰ নাটকো। দেউতা জেংৰাইমুখ কলেজৰ শিক্ষক আছিল।

সাহিত্য ডট অৰ্গ: দেউতাৰ নাম?

মৃণাল জ্যোতি গোস্বামী: দেউতাৰ নাম থানেশ্বৰ গোস্বামী, জেংৰাইমুখ কলেজৰ অৰ্থনীতি বিভাগৰ শিক্ষক আছিল আৰু দেউতাও লিখা-মেলা আদিৰ লগত জড়িত আছিল। এবছৰ সদৌ অসম কবি সন্মিলনৰ সম্পাদকৰ ভাৰো দেউতাই সমাপন কৰিছিল। তেখেত ২০০২ চনত ঢুকাল। মা আছে। মাৰ নাম বীণা প্ৰভা দলে গোস্বামী। চিকিৎসালয়ত কাম কৰিছিল। চাকৰিকাল শেষ কৰি বৰ্তমান মাজুলীতে থাকে।

অ’ জেংৰাইমুখ কলেজৰ নাটকৰ কথা কৈ আছিলোঁ।

সাহিত্য ডট অৰ্গ: হয় কওক?

মৃণাল জ্যোতি গোস্বামী: জেংৰাইমুখ কলেজে আয়োজন কৰা এই নাট্যানুষ্ঠানবোৰতো মই শিশু শিল্পী হিচাপে অভিনয় কৰিছিলোঁ। মনত থকা নাটকৰ ভিতৰত ‘‘অভিষপ্ত চম্বল’’, ‘‘নদিৰচাহৰ ভাৰত আক্ৰমণ’’ আদি।

সেই সময়ত কবিতা আবৃত্তি, তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা আদিতো যোগদান কৰিছিল। সদৌ অসম মইনা পাৰিজাতৰ অধিৱেশনত অংশগ্ৰহণ কৰিছিলোঁ। এনেদৰেই নাটকৰ বীজ এটি বুকুৰ মাজত কঢ়িয়াই লৈ আহিছিলোঁ।

সাহিত্য ডট অৰ্গ: তাৰ পাছৰ পৰিক্ৰমাখিনি…

মৃণাল জ্যোতি গোস্বামী: উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্তীণ হৈ তেজপুৰৰ দৰং মহাবিদ্যালয়ত নাম ভৰ্তি কৰিলোহি। প্ৰথম বছৰ বিজ্ঞান শাখাত নামভৰ্তি কৰিছিলোঁ যদিও পৰৱৰ্তী সময়ত অসমীয়া প্ৰধান বিষয় হিচাপে লৈ নামভৰ্তি কৰিলোঁ। তেজপুৰতেই মোৰ নাটকৰ মূল ভিত্তিভূমি এটা তৈয়াৰ হয়। মই তেজপুৰত পঢ়িবলৈ আহি প্ৰথমতে ভাৰা ঘৰ লৈ আছিলোঁ যদিও পৰৱৰ্তী সময়ত খুড়াৰ লগত থাকিবলৈ ল’লো। খুড়াৰ নাম অৰ্পণ বেজবৰুৱা। মোৰ পেহী আইতাৰ সৰু ল’ৰা আছিল তেখেত। ডিপোটাত ঘৰ। খুড়াই নাটক কৰে, ঘৰতে চালি এখন তৈয়াৰ কৰি লৈছে আৰু তাতে নাটকৰ আখৰা কৰা হয়। কাষতে দিলীপ চৌধুৰীৰ ঘৰ। ভন্তি মাজুলীকো খুড়াই গান শিকাইছিল। সন্ধিয়া সন্ধিয়া ওচৰৰ-পাজৰৰ বহু ব্যক্তি আহি আমাৰ ঘৰখনত আড্ডা মৰে, নাটকৰ আখৰা কৰে, কেতিয়াবা হয়তো গানৰ মজলিছ।

প্ৰথমতে খুড়াই মোক নাটকত অভিনয় কৰিবলৈ দিয়া নাছিল। মই আছিলোঁ আখৰাৰ সময়ত প্ৰম্পটাৰ আৰু পৰিৱেশনৰ সময়ত সহায়কাৰী। দৰং মহাবিদ্যালয়ৰ ‘মহাবিদ্যালয় সপ্তাহ’ত আমি নাটক কৰাৰ সিদ্ধান্ত ল’লো। ডিপাটোৰ প্ৰায় ৬-৭জন ল’ৰা-ছোৱালী সেই সময়ত মোৰ সৈতে দৰং কলেজত পঢ়ি আছিল। আমি সকলোৱে নাটক কৰাৰ কথা ক’লো। খুড়াৰে নাটক ‘’১৫ আগষ্টৰ পাণ্ডুলিপি’’। মূল চৰিত্ৰটোৰ বাবে খুড়াই আমাক অভিনেতা বিচাৰিবলৈ ক’লে। আমি সকলোৱে বহুত বিচাৰ-খুচৰ কৰিলোঁ যদিও কাকো নাপালোঁ। লগৰখিনিয়ে মোকে সেই চৰিত্ৰটো কৰিবলৈ ক’লে। প্ৰথমতে খুড়াই মান্তি হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত কৰিবলৈ দিলে। আমি নাটকখন কৰিলোঁ। সেই বছৰ আমি শ্ৰেষ্ঠ নাট্যদল, মই শ্ৰেষ্ঠ অভিনেতা, আমাৰ দলৰে শ্ৰেষ্ঠ আভিনেত্ৰী এনদৰে কেইবটাও পুৰস্কাৰ লাভ কৰিলোঁ। ইয়াৰ পাচত চাগৈ খুড়াৰ মোৰ প্ৰতি বিশ্বাস জন্মিল আৰু পৰৱৰ্তী সময়ত মূল গ্ৰুপ (অসমীয়া সাংস্কৃতিক সমাজ)ৰ নাট পৰিৱেশনবোৰতো মোক নাটক কৰাৰ সুবিধা প্ৰদান কৰিলে।

এই সময়ছোৱাৰ আৰু দুটা-মান কথাই মোক তৈয়াৰ কৰিছিল।

সাহিত্য ডট অৰ্গ: হয় কওক…

মৃণাল জ্যোতি গোস্বামী: খুড়াৰ ঘৰত নাটকৰ বাবে প্ৰয়োজনীয় আলোকসজ্জাৰ বহু সামগ্ৰী আছিল— স্কেল ডিমাৰ, অট ডিমাৰ, পিচি লাইট, বেবী লাইট, ফ্ৰেজনেল লাইট, নিজাববীয়া কৈ কাঠৰ বাকচত তৈয়াৰ কৰি লোৱা প্ৰজেক্টৰ আদি। মিলন বাকৰি ৰাসত প্ৰতি বছৰে এখনি নৃত্য-নাটিকা প্ৰদৰ্শন কৰা হয়। সেইখন তেতিয়া ৰচনা কৰিছিল দিলীপ চৌধুৰীদেৱে। খুড়াই কাৰিকৰী কামখিনি কৰাৰ লগতে পোহৰ পৰিকল্পনা তথা প্ৰয়োগৰ কামখিনি কৰিছিল। সেই সময়তে হাতে-কামে লাগি মই লাইটবোৰ খুলি মেলি ঠিক কৰা, তাৰ প্ৰয়োগিক দিশবিলাক চালি-জাৰি চোৱা, বিভিন্ন ধৰণৰ লেন্স লৈ মিলাই মিলাই প্ৰজেক্টাৰবোৰৰ পৰীক্ষা-নিৰীক্ষা কৰা আদিৰ সুবিধা লাভ কৰিছিলোঁ। বিভিন্ন এম্পিয়েৰৰ মটৰ লগাই ঘৰতে তৈয়াৰী প্ৰজেক্টৰত ডাইনেমিক ছবি প্ৰক্ষেপণ কৰা আদি পৰীক্ষা-নিৰীক্ষা কৰিছিলোঁ। প্ৰথমতে খুড়াই ফ’ল লাইট কেনেদৰে ধৰিব লাগে সেয়া শিকোৱাৰ পৰা আৰম্ভ হৈছিল প্ৰক্ষেপণৰ আদি পাঠ। মোৰ এটা গুণ বুলিয়েই কওঁ যে মই অতি সোনকালে কথাবোৰ আয়ত্ত কৰিব পাৰিছিলোঁ আৰু প্ৰায়োগিক দিশটো সফল লৈছিলোঁ। কাৰণ দ্বিতীয় বছৰেই খুড়াই মোক ডিপোটা নামঘৰৰ ৰাসখনত সম্পূৰ্ণৰূপে পোহৰ পৰিকল্পনা আৰু প্ৰজেক্টৰেৰে নি কি নতুন কৰিব পৰি সেয়া কৰাৰ সুবিধা প্ৰদান কৰিলে।

সাহিত্য ডট অৰ্গ: সাম্প্ৰতিক সময়ৰ অসমৰ পোহৰ পৰিকল্পনাকাৰীসকলৰ ভিতৰত আপোনাৰ নামে লেখত ল’বলগীয়া। আনকি মোৰ মনত থকা মতে শিৱসাগৰত অনুষ্ঠিত এটি নাট মহোৎসৱত ছিগালৰ নাটক ‘শ্ৰীনিবাৰণ ভট্টাচাৰ্য’ মঞ্চস্থ হৈছিল। নাটকখন মঞ্চস্থ কৰাৰ পাছত আপোনাক চিনাকি কৰাই দিওঁতে নাটকখনৰ পৰিচালক বাহৰুল ইছলামে কৈছিল যে— মৃণাল নাটকৰ পোহৰৰ যাদুকৰ— পোহৰেৰে সপোন ৰচে মৃণালে।

মৃণাল জ্যোতি গোস্বামী: উম! চেষ্টা কৰি আছোঁ — পোহৰৰ কথাখিনি বুজিবলৈ। আচলতে সৰুতে ছবি অঁকাৰ বহু চখ আছিল। জেংৰাইমুখত সেয়া নাপলোঁ। পাচত আৰু ছবি অঁকা নহ’ল। সেয়ে এতিয়া মঞ্চখনতে আঁকিবলৈ চেষ্টা কৰোঁ। মোৰ বাবে মঞ্চখন এখন খোলা কেনভাচ, যত স্থিৰ কিছু দৃশ্যসজ্জা থাকে, মভেবল চৰিত্ৰ তথা বিভিন্ন ধৰণৰ মনোভংগী, পৰিৱেশ-পৰিস্থিতি থাকে। নাটকখনৰ মূল ভাব-ৰং, তাৰ টেক্সাৰ আদি সকলো ভালদৰে অনুধাৱন কৰি কৰি ছাঁ-পোহৰ, বিভিন্ন ৰঙেৰে মঞ্চৰ কেনভাচখনত ছবি আঁকিবলৈ চেষ্টা কৰোঁ। ইয়াৰ ভিত্তিভূমি তৈয়াৰ হৈছিল তেজপুৰতে।

খুড়াৰ লগত থাকোঁতে আৰু এটা কথা অতি গুৰুত্বপূৰ্ণভাৱে শিকিলোঁ— নাটকৰ বাবে অধ্যয়নৰ প্ৰয়োজনীয়তা। খুড়াৰ নাটক সম্পৰ্কীয় অসমীয়া-বংলা-ইংৰাজী কিতাপৰ সৰু সংগ্ৰহ এটি আছিল। ময়ো সেইবোৰ পঢ়িবলৈ ল’লো। পঢ়াৰ অভ্যাস এটি সৰু পৰাই আছিল। জেংৰাইমুখৰ ঘৰখনত সৰু পুথিভঁৰাল এটা আছিল। প্ৰায় ২০০০-৩০০০ কিতাপৰ। মই সৰুৰে পৰা সেই কিতাপবোৰৰ মাজতে বহু সময় পাৰ কৰিছিলোঁ। সেইবুলি বৰ ঠাণ্ডা-মুণ্ডাও মই নাছিলোঁ। উৎপাতো সমানে কৰিছিলোঁ। কিন্তু ঘৰখনতে পঢ়াৰ অভ্যাস এটি গঢ় লৈছিল— দেউতাৰ সৈতে পঢ়াৰ পাচত বিশ্লেষণ কৰাৰ, সৃষ্টিশীল যুক্ত-তৰ্ক কৰাৰ পৰিৱেশ এটা পাইছিলোঁ। তেজপুৰত খুড়াৰ সৈতে থাকি নাটক সম্পৰ্কীয় বিভিন্ন দিশ সম্পৰ্কে অধ্যয়ন কৰাৰ দিশটোও সংযোজিত হ’ল। আৰু তাতেই শিকিলোঁ নাটকৰ বাবে যে জীৱনৰ, সমাজৰ সকলো কথাই প্ৰয়োজনীয়। কাৰিকৰী কথাখিনি যেনেদৰে প্ৰয়োজনীয়, নাটকৰ মূল পাঠ পঢ়া-তাৰ সমালোচনা পঢ়া, সমাজ-সংস্কৃতি-সভ্যতা আদি কৰি সকলোখিনিয়েই অতি প্ৰয়োজনীয়। এক কথাত ক’ব পাৰোঁ খুড়া অৰ্পণ বেজবৰুৱাই মোক এটি ভেটি তৈয়াৰ কৰি দিলে। সেই বাবে মই তেখেতক মোৰ নাটকৰ আদি গুৰু হিচাপে বিবেচনা কৰোঁ।

 

সাহিত্য ডট অৰ্গ: অতি আকৰ্ষণীয় আপোনাৰ এই যাত্ৰা। ইয়াৰ পাছত…

মৃণাল জ্যোতি গোস্বামী: স্নাতক পৰীক্ষাত উৰ্তীণ হৈ গুৱাহাটী বিশ্ববিদালয়ত পঢ়িবলৈ আহিলোঁ। অ’ ইয়াৰ আগতেও কেইবাবাৰো ‘‘আন্তঃ মহাবিদ্যালয় যুৱ-মহোৎসৱত’’ দৰং মহাবিদ্যালয়ৰ হৈ যোগদান কৰিবলৈ সুবিধা পাইছিলোঁ। দৰং কলেজত পঢ়ি থাকোঁতেই নিজাকৈ এখন নাটক লিখি পৰিৱেশন কৰিছিলো আৰু সেইখন দৰং মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহৰ শ্ৰেষ্ঠ নাটক হিচাপেও বিবেচিত হৈছিল। নাটকখনৰ নাম— বিপন্ন সময়। দৰং কলেজত মই তিনি বছৰ শ্ৰেষ্ঠ অভিনেতা-পৰিচালক আছিলোঁ।

বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহাৰ পাচত গুৱাহাটীৰ নাট্য-চৰ্চা দেখাৰ সুবিধা লাভ কৰিলোঁ। নাটক চাওঁ, বহু হেঁপাহ কৰিবলৈ কিন্তু সুবিধা নাপাওঁ। বিশ্ববিদ্যালয় সপ্তাহত নাটক কৰিবলৈ প্ৰথম বছৰ নাপালোঁ কাৰণ খুড়াৰ লগত নাটক কৰিবলৈ বেলেগলৈ যাবলগীয়া হৈছিল। পিছৰ বছৰ কৰি দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা হ’লো। আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত বিশ্ববিদ্যালয়ৰ হৈ যোগদান কৰাৰ সুবিধা পালোঁ— যোগদান কৰিলোঁ— পুৰস্কাৰো লাভ কৰিলোঁ।

কিন্তু কিবা যেন মন নভৰিল। শান্তি নিকেতনলৈ গৈছিলোঁ— নাটক পঢ়িম। কিন্তু তাত তেতিয়া স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ হোৱা নাছিল। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত নামভৰ্তিৰ বাবে পৰীক্ষা দিলোঁ। (হাঁহি…) প্ৰাৰম্ভিক পৰীক্ষাটোকেই পাছ কৰিব নোৱাৰিলো দুবাৰ। গুৱাহাটীত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ কৰ্মশালা। বহুত শিক্ষাৰ্থী— আৱেদন কৰিলোঁ। ইণ্টাৰভিউ হ’ল— কৰ্মশালাত যোগদান কৰিবব বাবেও নিৰ্বাচিত নহ’লোঁ। বিচলিত হোৱা নাছিলোঁ— খুড়াই শিকাইছিল “A man can be destroyed but not defeated” (Ernest Hemingway)।

নাটক পাগল আছিলোঁ যেতিয়া কৰিবই লাগিব নাটক। বিশ্ববিদ্যালয়তে মনে মিলা কেইজনমান বন্ধু-বান্ধৱী— ত্ৰিদীপ শইকীয় (ৰাজ), দীপ্ত প্ৰসাদ গোস্বামী, প্ৰণৱ প্ৰিয়াংকু গগৈ, ৰাজু শৰ্মা, দিগন্ত, বিউটি, আইচেংফা আৰু বহুতৰ সৈতে মিলি বাটৰ নাটক কৰিবলৈ আৰম্ভ কৰিলোঁ। গুৱাহাটীৰ ভিন ভিন ঠাইত বাটৰ নাট কৰি ফুৰিলোঁ। কোনো গোষ্ঠীৰ বেনাৰত বা বিশেষ মতাদৰ্শ প্ৰচাৰৰ বাবে নহয়। মনৰ সন্তুষ্টিৰ বাবে। সেই সময়ছোৱাতো বহু ভিন ভিন অভিজ্ঞতা হ’ল।

তাৰ পাছতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক জ্যোতি নাৰায়ন নাথ দাদাৰ পৰামৰ্শ মৰ্মে তেজপুৰ ডিপোটাত এটি আৱাসীক নাট কৰ্মশালাৰ বাবে আৱেদন কৰিলোঁ। তেজপুৰৰ ডিপোটাত কৰ্মশালাটি অনুষ্ঠিত হ’ল। তাতেই লগ পালোঁ মণিপুৰৰ এন যদুমণি সিং চাৰক।

চাৰৰ লগত কাম কৰি বিশেষ ধৰণৰ অভিজ্ঞতা হ’ল আৰু ইয়াৰ পৰৱাৰ্তী সময়ত গুৱাহাটীত জিৰছং থিয়েটাৰৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ।

অ’ সেই কৰ্মশালাটোৰ পাছত গুৱাহাটীত জিৰছং থিয়েটাৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত ১৫ দিনীয়া এটি কৰ্মশালা পাতিছিল। শিক্ষক আছিল কেৱল এন যদুমণি সিং চাৰ। সেই সময়তেই নাটকৰ কাৰিকৰী দিশৰ লগত সম্পৰ্কীত বহু কথাই শিকিলোঁ। এন যদুমণি সিং চাৰক মোৰ নাট্য জীৱনৰ দ্বিতীয় গৰাকী গুৰু হিচাপে গ্ৰহণ কৰিলোঁ।

জিৰছং থিয়েটাৰৰ হৈ কেইবাখনো উল্লেখযোগ্য নাটকত অভিনয়ৰ লগত ব্যৱস্থাপনাৰ লগত জড়িত হ’লো। ৰবিজিতা গগৈ বাইদেউৰ সৈতে এখন নাটক লিখিলোঁ— নেওতা নিৰ্মাণ।

জিৰছং থিয়েটাৰে নতুন পৰিচালক আগুৱাই নিয়াৰ যি পৰিকল্পনা হাতত লৈছিল তাৰে অংশ হিচাপে ‘‘ৰজাই হুকুম দিছে’’ নামৰ নাটকখন কৰিলোঁ— ২০০৬ চনত। প্ৰসংগক্ৰমে উল্লেখ কৰি যাবলৈ ভাল পাম যে এই নাটকখন সূৰ্যৰ সহযোগত তেখেতসকলৰ অন্তৰংগ মঞ্চটোত মঞ্চস্থ কৰা হৈছিল। নাটকখনৰ পৰিৱেশন চাই সেই সময়ত গুৱাহাটীত কৰ্মশালা কৰি থকা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ভূতপূৰ্ব সঞ্চালক শ্ৰদ্ধাৰ ৰাম গোপাল বাজাজ ডাঙৰীয়াই বৰ ভাল পাইছিল আৰু এনে ধৰণৰ নাট্য-চৰ্চা যে অসমত হৈ আছে সেই কথা তেওঁ ভবাই নাছিল বুলি মত পোষণ কৰিছিল।

ঠিক সেইদৰে মোৰ নাটকখনৰ প্ৰদৰ্শনৰ দুদিনৰ পাছত গুৱাহাটীত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ৰেপাৰেটৰী গ্ৰুপৰ এটি নাট মহোৎসৱ আয়োজন হৈছিল। সেই মহোৎসৱ উদ্বোধন কৰি শ্ৰদ্ধাৰ অৰুণ শৰ্মাদেৱে মন্তব্য কৰিছিল যে— ৰাজাই হুকুম দিছে নাটকখনে অসমীয়া নাটকৰ পৰিৱেশনগত দিশত প্ৰকৃতাৰ্থত উত্তৰ-আধুনিকতাবাদী নাট্য-চৰ্চাৰ আৰম্ভ কৰে। সেইদিনা মই গুৱাহাটীত নাছিলোঁ যদিও দ্বিতীয় নিশা নাটক চাবলৈ আহোঁতে শৰ্মাচাৰে ৰবীন্দ্ৰ ভৱনৰ প্ৰৱেশদ্বাৰত মোক লগ পাই সেই কথাখিনি দোহাৰিছিল। সেয়া আছিল মোৰ বাবে পৰম প্ৰাপ্তি আৰু কাম কৰি যোৱাৰ অফুৰন্ত অনুপ্ৰেৰণা। ঠিক সেইদৰে জিৰছং থিয়েটাৰৰ আন এখন নাটক ‘নহয় কোন? ’ত মই পোনপ্ৰথমবাৰৰ বাবে লেপটপ ব্যৱহাৰ কৰি সংগীত সঞ্চালনা কৰিছিলোঁ। ইয়াৰ আগলৈকে কেচেট অথবা চিডি বা লাইভ মিউজিক হে ব্যৱহাৰ কৰা হৈছিল।

 

সাহিত্য ডট অৰ্গ: এৰা অসমীয়া নাট্যক্ষেত্ৰৰ মহীৰুহস্বৰূপ অৰুণ শৰ্মাৰ দৰে ব্যক্তিৰ এনে মন্তব্যই অনুপ্ৰেৰণা যোগাবই। আপুনি মণিপুৰৰ কিবংদন্তী নাট্যকাৰ-পৰিচালক হৈন্সাম কানহাইলাল চাৰৰ সৈতেও কাম কৰিছিল।

মৃণাল জ্যোতি গোস্বামী: অ’ সেই বছৰেই, ২০০৬ চনৰ শেষৰ ফালে কনহাইলাল চাৰে গোৱালপাৰাৰ ৰামপুৰৰ শুক্ৰাচাৰ্য ৰাভাৰ তাত এটি প্ৰকল্প হাতত লৈছিল— নেচাৰ ল’ৰ প্ৰজেক্ট। মোৰ গুৰু যদুমণি চাৰ কলাক্ষেত্ৰ মণিপুৰৰ লগত জড়িত আছিল বাবে মোকো সেই প্ৰকল্পত সমন্বয়ক হিচাপে ললে। শুক্ৰচাৰ্য, গৌৰৱ মই মই গোটেই কৰ্মশালাটোৰ সমন্বয়কৰ ভূমিকা পালন কৰাৰ লগতে এইচ টোম্বাই পৰিচালনা কৰা সতী নাটকখন (এইচ এচ শিৱপ্ৰকাশৰ) ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰোঁ। লগতে নাটকখনৰ পোহৰ পৰিকল্পনা আৰু প্ৰক্ষেপণ কৰিছিলোঁ মই। সেই সময়তেই তাতে কানহাইলাল চাৰৰ ‘দ্ৰৌপদী’ নাটকখনো তাত মঞ্চস্থ হৈছিল। সেইখন নাটকৰো পোহৰ সঞ্চালনা কৰাৰ দায়িত্ব চাৰে মোকেই প্ৰদান কৰিছিল।

সাহিত্য ডট অৰ্গ: দ্ৰৌপদী’ নাটকখনতে মূল অভিনেত্ৰী গৰাকীয়ে মঞ্চতে নিৰাভৰণ হৈ নিজৰ প্ৰটেষ্ট সাব্যস্ত কৰা নাছিল জনো?

মৃণাল জ্যোতি গোস্বামী: হয়। মহাশ্বেতা দেৱীৰ একে নামৰ গল্পৰ আধাৰত ৰচনা কৰা এই নাটকখনৰ শেষৰ ফালে ৰাষ্ট্ৰীয় সন্ত্ৰাসৰ প্ৰতিবাদ স্বৰূপে দ্ৰৌপদী নামৰ চৰিত্ৰটোৱে মঞ্চত নিৰাভৰণ হৈ যায়। অভিনয় কৰিছিল সাবিত্ৰী দেৱীয়ে— আমি ইমা মানে মা বুলি মাতো। যেতিয়াই কাপোৰ খুলি দিয়াৰ দৃশ্যটো আহে আমি সকলো কিবা হৈ যাওঁ। দৰ্শকে তেওঁক নিৰাভৰণ বুলি গম পাবও লাগিব, কিন্তু দেখা পাবও নোৱাৰিব। এগৰাকী পোহৰ প্ৰক্ষেপক হিচাপে সেয়া যে মোৰ বাবে বৰ কঠিন কাম আছিল। কঁপি থাকো দৃশ্যটোৰ আগে আগে। এই নাটকখনত তাৰ পাছতো কেইবাবাৰো পোহৰ প্ৰক্ষেপণৰ দায়িত্ব ল’বলগীয়া হৈছিল— সেই অনুভৱটো এতিয়াও সতেজ হৈয়েই আছে। কানহাইলাল চাৰৰ লগত কাম কৰি বহু কথাই শিকিলোঁ— ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি সেয়া। নতুন ধৰণে ভবাৰ সুবিধা পালোঁ।

সাহিত্য ডট অৰ্গ: কানহাইলাল চাৰৰ সৈতে নেডাৰলেণ্ডৰ এগৰাকী পাপেটিয়াৰৰ সৈতেও এটি প্ৰজেক্ট হৈছিল। তাত আপুনি…

মৃণাল জ্যোতি গোস্বামী: অ’— পাৱাৰ অফ পাপেট্ৰী। নেডাৰলেণ্ডৰ ইভলীন পলেন্সৰ সৈতে। মোকেই প্ৰকল্পটোৰ সমন্বয়ক হিচাপে নিৰ্বাচন কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন কৰিব বিছাৰিছিলোঁ— নহ’ল। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰটো— নহ’ল। শেষত কানহাইলাল চাৰে ক’লে শুক্ৰাচাৰ্যৰ বাদুংদুপ্পাতে কৰা হওক। ময়ো সেই সময়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চাকৰিত যোগদান কৰিছিলোঁ। ফলত সময় বেছি দিব নোৱাৰিছিলোঁ; বাদুংদুপ্পাতে অনুষ্ঠিত কৰাৰ কথা ঠিক হ’ল। সেই সময়তেই বৰ্তমান য’ত বাদুংদুপ্পা কলাক্ষেত্ৰৰ মূল ভৱন তথা ঠাইখিনি স্থাপন কৰা হৈছে— তাৰ শুভাৰম্ভ হয়।

মই সেই প্ৰজেক্টটোত দূৰৰ পৰাই সহযোগ কৰিলোঁ। কিন্তু পৰৱৰ্তী সময়ত ইভলীনে মোৰ ‘‘সোণৰ শিং থকা ঘৰিয়ালৰ চকু’ শীৰ্ষক নাটকখনত সহযোগ কৰিছিল। পাপেট শিকাইছিল মোৰ অভিনেতাসকলক। এই নাটকখন কৰাৰ বাবেই

সাহিত্য ডট অৰ্গ: আপুনি ভাষা সাহিত্য সন্মিলনী, অসমৰ সভাপতি হিচাপে থকাৰ লগতে কেইবাখনো শ্ৰব্য নাটক তথা মঞ্চ নাটকো কৰিছিল।

মৃণাল জ্যোতি গোস্বামী: চাকৰি তথা ঘৰুৱা বিভিন্ন কামৰ বাবে নাটকত সময় কমকৈ দিবলগীয়া হৈছিল— নিজাববীয়াকৈ নাটক কৰিব পৰা নাছিলোঁ। আনৰ নাটকত পোহৰ পৰিকল্পনা অথবা কাৰিকৰী শিল্পী হিচাপে কাম কৰি আছিলোঁ। লগতে নাটক সম্পৰ্কীয় পঢ়া-শুনা। ২০১২ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে নাটক কৰিবৰ বাবে প্ৰদান কৰা ধন লাভ কৰি নাটক এখন কৰাৰ কথা মন কৰিলোঁ। ‘অকব’ৰ লগতে ‘ভাষা সাহিত্য সন্মিলনী, অসম’ৰ মোৰ সহযোগীসকলক সুধিলোঁ। সকলোৱে হয়ভৰ দিলে আৰু ভাষা সাহিত্য সন্মিলনী, অসমৰ নামত মঞ্চস্থ কৰিলোঁ— ইমান ইমান পানী (We are Drowning)। এই নাটকখন গুৱাহাটীত মঞ্চস্থ কৰাৰ পাছত মামণি ৰয়ছম স্মাৰক সংস্থাই আয়োজন কৰা প্ৰথম বক্তৃতানুষ্ঠানৰ অংশ হিচাপে ২০১৪ চনত নতুন দিল্লীত মঞ্চস্থ কৰা হয়। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীয়ে ২০১৪ চনত আয়োজন কৰা ভাৰত ৰংগ মহোৎসৱটো আমি এই নাটকখন মঞ্চস্থ কৰিছিলোঁ ‘ভাষা সাহিত্য সন্মিলনী, অসম’ৰ প্ৰযোজনা হিচাপে।

পৰৱৰ্তী সময়ত বেলেগ নাট্যদলৰ হৈ শ্ৰীলংকাত মঞ্চস্থ কৰা হৈছিল।

‘ভাষা সাহিত্য সন্মিলনী, অসম’ৰ প্ৰযোজনা হিচাপে আৰু এখন নাটক আমি গুৱাহাটীত মঞ্চস্থ কৰিছিলোঁ। সমূদ্ৰ কাজল শইকীয়াৰ ‘টোপনিএ তোৰে কলাতলত ঘৰ’ শীৰ্ষক এটি লিখনিৰ আধাৰত একে নামেৰে এখন নাটক মঞ্চস্থ কৰিছিলোঁ। এই দুয়োখন নাটক youtubeত উপলব্ধ। ইয়াৰ উপৰি ‘ভাষা সাহিত্য সন্মিলনী, অসম’ৰ হৈ আমি কেইবাখনো শ্ৰব্য নাটকো কৰিছিলোঁ।

সাহিত্য ডট অৰ্গ: আপোনাৰ নাটকসমূহৰ বিষয়বস্তুৰ ক্ষেত্ৰত কিছু ভিন্নতা পৰিলক্ষিত হয়? কেনেদৰে চয়ন কৰে বিষয়বস্তু আপুনি? উপস্থাপনৰ ক্ষেত্ৰত কি কৰে?

মৃণাল জ্যোতি গোস্বামী: মই মোৰ নাটকৰ বিষয়বস্তু চয়ন কৰোঁ মোৰ জীৱনৰ পৰা। মূলতঃ সমসাময়িক বিশ্বৰ প্ৰেক্ষপট, আৰ্থ-সামাজিক-ৰাজনৈতিক ঘটনাৱলীৰ পৰাই মোৰ নাটকৰ মূল বিষয়বস্তু চয়ন কৰোঁ। পোনে পোনে কথাবোৰ ক’বলৈ বা কোনো ধৰণৰ কাহিনী প্ৰধান নাটক কৰিবলৈ ভাল নাপাওঁ। সেই বাবে মোৰ নাটকত কোনো কাহিনী নাথাকে। ঘটনাৰ ৰূপায়ণ বা বিভিন্ন ঘটনাৰ ক’লাজ বা ষ্ট্ৰিম অফ কনচিয়াচনেচ লৈ কাম কৰি ভাল পাওঁ। সাহিত্যৰ ছাত্ৰ হোৱাৰ বাবেই বিভিন্ন ‘ইজিম’ বা ‘বাদ’সমূহ পঢ়িবলগীয়া হয়ে। সেই বোৰে মোক প্ৰভাৱিত ক’ৰে। এখন নাটক কৰিবলৈ মোক প্ৰায় ৫ বছৰ সময় লাগে। ভাবি থাকোঁ, ভঙা-গঢ়া চলি থাকে মোৰ মনৰ মাজত। মূলতঃ মই উপস্থাপন কৰিবলগীয়া বিষয়বস্তুটোৰ দৃশ্য-শ্ৰব্য ৰূপ এটি কেনে হ’ব সেয়া মোৰ চকুৰ আগত ভালদৰে ভাহি থাকিব লাগিব। আৰু এটা কথা নাটকখন কৰাৰ আগতেই মই সেই নাটকখন কোনটো ‘ইজিম’ বা ‘বাদ’ৰ আধাৰত কৰিম সেয়া পূৰ্বেই থিক কৰি লওঁ। মই ভাল পোৱা ‘ইজিম’ বা ‘বাদ’ বুলি ক’ল ক’ব লাগিব— উত্তৰ-আধুনিকতাবাদ, যাদু-বস্তৱতাবাদ আদি। এই ধাৰণাসমূহ নাটক কেনেদৰে প্ৰয়োগ কৰিছে বিশ্বৰ বিভিন্ন নাট্যতাত্ত্বিক সেইবোৰৰ খৱৰ ৰাখিবলৈ যত্ন কৰোঁ আৰু তাৰ আধাৰতেই নিজৰ দৃশ্য-শ্ৰব্য ভাষা নিৰ্মাণ কৰিবলৈ ভাল পাওঁ। অ’ মই সাধু আৰু ফেণ্টাচী বৰ ভাল পাওঁ— সেইবোৰো আনো নাটকৰ মাজলৈ। মোৰ নাটকৰ মূল আধৰ হিচাপে লৈছোঁ— পেইণ্টিং, ফটো, সাধু, কাহিনী ইত্যাদি। ইমান ইমান পানী— নাটকখনৰ মূল আধাৰ আছিল ছালভাডৰ ডালিৰ ‘The Persistence of Memory’ আৰু এডৱাৰ্ড মুংকৰ ‘The Cry or The Scram’ নামৰ ছবি দুখন। এই দুখনকে আধাৰ হিচাপে লৈ সমসাময়িক সময়ৰ অসম-ভাৰত তথা সমগ্ৰ বিশ্বৰ ঘটনাৱলীৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছিলোঁ। ঠিক সেইদৰে সমূদ্ৰ কাজল শইকীয়াৰ ‘টোপনিএ তোৰে কলাতলত ঘৰ’ লিখনিটো আছিল এটি নন-লিনিয়েৰ ধৰণৰ লেখনি— অসমীয়া লোকজীৱন, সাধু সকলোৰে সংমিশ্ৰণ— সেইখন কৰিছিলোঁ তেনেদৰে। ‘ইৰিকতি মিৰিকটি-The Butterful Effect” নাটকখন আছিল বুঢ়ী আইৰ সাধুৰ বাঘ আৰু কেকোঁৰা সাধুটোৰ দ্বিতীয়টো অংশৰ আধাৰত— নিজৰ ধৰণে ফেণ্টাচিৰে সজাই লৈছিলোঁ— সাহিত্যত প্ৰয়োগ হোৱা যাদু-বাস্তৱতাবাদৰ প্ৰয়োগ কৰিছিলো উপস্থাপনত— জিবচিছ ভাষা বেছিলৈ প্ৰয়োগ কৰিছিলোঁ, সংলাপ বহু কম আছিল। ‘ইথাৰৰ ইড়িৰা-the Ethereal Epoch’খন আছিল মই নিজেই লিখা ‘জীৱনৰ ভংগ্নাশ’ নাটক নন-লিনিয়েৰ ধৰণৰ লিখনি এটাৰ আধাৰত। বহু কম সংলাপ ব্যৱহাৰ কৰি শাৰীৰী ভাষাক গুৰুত্ব দি নাটকখন কৰিছিলোঁ। ‘ভোকৰ সাধু-The Myth of Hunger’খন আছিল দুখন ফটো— নি ক’টৰ ‘The Napam Girl’ আৰু কেভিন কাৰ্টাৰৰ ‘The Vulture and the Little Girl’ নামৰ দুখন স্থিৰ চিত্ৰ আৰু লুই কেৰলৰ Through the Looking Glass What Alice Found Theirৰ এটি কবিতাৰ আধৰত। শেহতীয়াকৈ মই দুখন নাটক কৰিলোঁ— Eréndira’s Metamorphosis আৰু Alice in Assam. Eréndira’s Metamorphosis নাটকখন Gabriel García Márquezৰ ‘The Incredible and Sad Tale of Innocent Eréndira and Her Heartless Grandmother’ নামৰ নভেলাখনৰ আধাৰত। মই নভেলাখনৰ গোটেই কাহিনীভাগ ক’বলৈ যোৱা নাই— নভেলাখনৰ বিষয়ে বিভিন্ন গৱেষকে কি কি মন্তব্য কৰিছে— কেনেদৰে বিশ্লেষণ কৰিছে— এই সকলোবিলাক লৈ জাৰ্মান নাট্য-গৱেষক আৰু নিৰ্দেশক Hans-Thies Lehmannনে আৰম্ভ কৰা ‘‘প’ষ্ট-ড্ৰামাটিক থিয়েটাৰ’’ৰ যি ধাৰণা তাৰ আধৰত উপস্থাপন কৰিলোঁ। ঠিক সেইদৰে Alice in Assamত মাল্টি ভাৰ্চৰ ধাৰণাটি বাৱহাৰ কৰি টাইম ট্ৰেভেল কৰালোঁ— দুগৰাকী এচিল দুখন পৃথক পৃথিৱীৰ পৰা আহি অসমত উপস্থিত হয়হি। দুয়োজনীয়ে অসমত থাকোঁতে ভিন ভিন সময়লৈ ট্ৰেভেল কৰে— লাচিতক লগ পায়, জ্যোতিপ্ৰসাদৰ কুম্পুৰ সপোনৰ কুম্পুক লগ পায়— কুম্পু এতিয়া বুঢ়া হৈছে ইত্যাদি ইত্যাদি…— মূলতঃ যাদু-বাস্তৱতাবাদ বা Magic Realism নামৰ তাত্ত্বিক ধাৰণাটিক আধাৰ হিচাপে লৈয়েই তদানীন্তন কালৰ ছবি এখন আঁকিছিলো।

সাহিত্য ডট অৰ্গ: আপোনাৰ কথাখিনি শুনি এনে ভাব হ’ল যে সাম্প্ৰতিক সময়ত অসমত চলি থকা নাট্যচৰ্চাত কৈ আপোনাৰ নাটকৰ বিষয়বস্তু বা উপস্থাপন শৈলী পৃথক? ইয়াৰ মাজেদি আপুনি কি ক’ব বিচাৰে বাৰু?

মৃণাল জ্যোতি গোস্বামী: সম্প্ৰতি বিশ্বৰ নাট্যচৰ্চা কোন দিশত গৈ আছে— কেনে ধৰণৰ দৃশ্য-শ্ৰব্য ভাষা নিৰ্মাণ হৈ আছে— মই সেইবোৰৰ আধাৰত নাটক কৰিব বিছাৰোঁ। মই মোৰ নিজৰ ধৰণৰ দৃশ্য-শ্ৰব্য ভাষা এটি নিৰ্মাণ কৰিব বিচাৰো আৰু মোৰ নাটকৰ জৰিয়তে মানুহে কেৱল আমোদ পাওঁক সেয়া নিবিচাৰে— অলপ মগজুৰ কচৰৎ কৰাটো বিচাৰো— ভবাটো বিচাৰোঁ। সমাজলৈ কোনো বাৰ্তাও দিব নিবিচাৰোঁ— বিচাৰো কেৱল মানুহে অলপ ভাবক— চিন্তা কৰাৰ খোৰাক দিও। মই নাটকৰ দৃশ্য-শ্ৰব্য ভাষাটোহে অনুভৱ কৰাটো বিচাৰোঁ— নাটকৰ কাহিনী কি মোৰ বাবে বৰ বেছি ধৰ্তব্য বিষয় নহয়। এই কলাৰূপটোৰ সামগ্ৰিক প্ৰদৰ্শন মানুহৰ মনত কেনে দৃশ্য-শ্ৰব্য ৰূপত উদ্ভাসিত হয়— সেয়াহে উপস্থাপন কৰিব বিচাৰোঁ। আজি কালি সকলো মানুহেই সকলো জানে— ক’বলগীয়া একো নাথাকে সেইবাবে মোৰ।

সাহিত্য ডট অৰ্গ: এই বছৰৰ পৰা আপুনি Bhullung-Bhuthur International Theatre Festival শীৰ্ষক এক নাট-মহোৎসৱৰো আৰম্ভ কৰিলে? অসমতটো বহু নাট-মহোৎসৱ হৈ থাকে। সেইবোৰৰ তুলনাত আপোনাৰ নাট-মহোৎসৱটি কিয় পৃথক বা তাৎপৰ্য কি বুলি আপুনি ক’ব বিচাৰে?

মৃণাল জ্যোতি গোস্বামী: বহু বছৰৰ সপোন আছিল— অসমত নাট-মহোৎসৱ এটি আয়োজন কৰাৰ। আনে কৰি থকাত কৈ পৃথকভাৱে। এইবাৰ সেয়া আৰম্ভ কৰিলোঁ। অসমৰ সমাজ জীৱনৰ লগত ব্ৰহ্মপুত্ৰৰ সম্পৰ্ক কি সকলোৱেই জানে— সেই সম্পৰ্কৰ বাবেই নামকৰণ কৰিলে ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট-মহোৎসৱ নামেৰে। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে তেওঁৰ ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ শীৰ্ষক ভাষণটিত ব্ৰহ্মপুত্ৰৰ এই নামটি উল্লেখ কৰি গৈছে। নদী আৰু সভ্যতা-সংস্কৃতি একেলগেই গতি কৰি থাকে— সেইবাবেই ব্ৰহ্মপুত্ৰৰ সৈতে আমাৰ সভ্যতা-সংস্কৃতিৰ উদাযাপন কৰিব বিছাৰিলোঁ। নাট মহোৎসৱটিত কেইবাটাও অংশ আছিল— নাটকৰ প্ৰদৰ্শন, নাট-কৰ্মশাল, পৰিৱেশ সংৰক্ষণৰ সজাগতামূলক কৰ্মশালা আৰু থিয়েটাৰ ফৰাম। ৪ আক্টোৱৰৰ পৰা ১০ অক্টোৱৰলৈ এই আয়োজনটি চলিছিল। ৪-৫ তাৰিখে তিনিখন নাটক— Eréndira’s Metamorphosis আৰু শ্ৰীলংকাৰ দুখন নাটক— Untouched আৰু Love and Lockdown. তাৰ পাছত ৬-১০ লৈ নাট কৰ্মশাল। ৭ আৰু ৯ তাৰিখে আমাৰ নাট্যদলটিৰ Knowledge Partner হিচাপে থকা ‘আৰণ্যক’ নামৰ NGOটোৰ সহযোগত মায়ং আঞ্চলিক কলেজ আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত পৰিৱেশ সংৰক্ষণৰ সজাগতামূলক কৰ্মশালা আয়োজন কৰিলোঁ। মূলতঃ ব্ৰহ্মপুত্ৰ সম্পৰ্কে আমি কিমান সজাগ— কিয় ব্ৰহ্মপুত্ৰ আমাৰ আয়ুস ৰেখা স্বৰূপ সেয়া এই কৰ্মশালা দুখনৰ জৰিয়তে উস্থাপন কৰিবলৈ বিছাৰিলোঁ। ৮ তাৰিখে গুৱাহাটী কলেজত Theatre in Different Countries: Prospective and Challenges শীৰ্ষক এখন থিয়েটাৰ ফ’ৰাম আয়োজন কৰা হয়। মোৰ বন্ধু পুনেৰ ড° অজয় যোশী আৰু শ্ৰীলংকাৰ এম চাফিৰে বিশ্বৰ বিভিন্ন প্ৰান্ততনো কেনে ধৰণৰ নাট্যচৰ্চা হৈ আছে— প্ৰতিকূলতা কি এই দিশবোৰ উপস্থাপন কৰিলে। শেষত ২০ গৰাকী শিক্ষাৰ্থী লৈ নাট-কৰ্মশালটো আয়োজন কৰা হৈছিল— গোটেই কৰ্মশালাটো পৰিচালনা কৰিছিল শ্ৰীলংকাৰ নাট্যকাৰ-পৰিচালক এম চাফিৰ আৰু তেওঁৰ নাট্যদলটোৰ সদস্য সকলে।

এতিয়া মোৰ এই নাট-মহোৎসৱটি কিয় আনত কৈ পৃথক তাকে কওঁ— মই সদায় Outcome থকা কাম কৰি ভাল পাওঁ। এই নাট-মহোৎসৱটিতো সেয়া আছে— নদী সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলিয়েই পৰিৱেশ সংৰক্ষণৰ সজাগতামূলক কৰ্মশালা আয়োজন কৰিছিলোঁ। কাৰণ মৃত নদীয়ে সংস্কৃতি বহন কৰিব নোৱাৰে। ঠিক সেইদৰে নাটক কেইখনৰ জৰিয়তে নতুন ধৰণৰ নাট্য পৰিৱেশনৰ সোৱাদ লাভ কৰিছে বুলি মই বিবেচনা কৰোঁ। আমি নাটক সম্পৰ্কে পঢ়া-শুনা আদি বহু কমকৈ কৰোঁ। বিশ্বত কেনে কাম হৈ আছে সেয়া জানিলেহে আমিও সমানে আগুৱাই যাব পাৰিম। সেই বাবেই থিয়েটাৰ ফ’ৰাম। আনহাতে নাট-কৰ্মশালটোৰ জৰিয়তে ‘ফিজিকেল থিয়েটাৰ’ৰ পৰিভাষা কেনে সেয়া শিকাব বিছাৰিছিলোঁ। আমাৰ মূল আউটকামচ কেইটা হ’ল এনেধৰণৰ—

ভুল্লু-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট-মহোৎসৱ আৰু কলম্বো আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ মাজত সহযোগিতামূলক সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে পৰৱৰ্তী বছৰৰ অনুষ্ঠানৰ সংশোধিত সময়সূচী প্ৰৱৰ্তন কৰা যাব। আগন্তুক অনুষ্ঠানসমূহৰ বাবে যৌথভাৱে নাটকৰ আহ্বান কৰা হ’ব, যাতে কলম্বোত নাট প্ৰদৰ্শন কৰি নাট্যদলসমূহে অসমলৈ আহি নাট-প্ৰদৰ্শন কৰিব পাৰে।

নাট্য কৰ্মশালাৰ অংশগ্ৰহণকাৰীসকলক শ্ৰীলংকাত ইণ্টাৰ এক্ট আৰ্টে আয়োজন কৰা ‘‘কলম্বো আন্তঃৰাষ্ট্ৰীয় নাট-মহোৎসৱ’’ৰ নাট প্ৰতিযোগিতা খণ্ডত অংশগ্ৰহণ কৰাৰ এক বিশেষ সুযোগ প্ৰদান কৰা হ’ব। শ্ৰীলংকাত যুৱ প্ৰতিভাক উলিয়াই আনিবলৈ ‘‘কলম্বো আন্তঃৰাষ্ট্ৰীয় নাট-মহোৎসৱ’’ত ১০-১৫ মিনিটৰ নাট প্ৰতিযোগিতা আয়োজন কৰাৰ পৰম্পৰা আছে। অহা বছৰৰ পৰা আমাৰ এই নাট-মহোৎসৱৰ অংশ হিচাপে আয়োজন কৰা নাট কৰ্মশালাত যোগদান কৰা কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলৰ মাজৰ তিনিগৰাকীয়ে এই সন্মানীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। কৰ্মশালাত অংশগ্ৰহণ কৰা সকলোৱেই একোখনকৈ ছুটি নাটক প্ৰদৰ্শন কৰি জমা দিব আৰু তাৰে শ্ৰেষ্ঠ তিনিখনক কলম্বোৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰা হ’ব। ইয়াৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মক বিদেশত নাটক কৰাৰ সুবিধা তথা সুযোগ প্ৰদান কৰা হ’ব।

আগন্তুক বছৰত শ্ৰীলংকা আৰু অসমৰ শিল্পীসকলক একত্ৰিত কৰি এক সহযোগিতামূলক নাটক কৰাৰ পৰিকল্পনা কৰা হৈছ। কলম্বো আৰু অসমত সময় মিলাই নাটকখনৰ আখৰা কৰা হ’ব। এইখন নাটকতো কৰ্মশালাত যোগদান কৰা শিক্ষাৰ্থীয়েহে সুযোগ লাভ কৰিব। নাটকখন প্ৰস্তুত কৰি আমি দুয়োখন দেখে বিশ্বৰ বিভিন্ন ঠাইত অনুষ্ঠিত নাট-মহোৎসৱত প্ৰদৰ্শন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা যাব।

মূলতঃ এই কেইটাই আছিল আমাৰ Outcomes। সাধাৰণতে অসমত নাট-মহোৎসৱ অনুষ্ঠিত হয়, নাট-কৰ্মশালা হয়; কিন্তু সেইবোৰৰ মই কৰা ধৰণে Outcomes নাথাকে। মোৰ কথাটো হ’ল অসমীয়া নাটক বিশ্বৰ বিভিন্ন দেশত প্ৰদৰ্শন কৰিব লাগে।

সাহিত্য ডট অৰ্গ: বৰ ভাল লাগিল। আপোনাৰ এই নাট-মহোৎসৱৰ ভৱিষ্যৎ পৰিকল্পনাসমূহ দেখি। অভিনন্দন জনালোঁ।

মৃণাল জ্যোতি গোস্বামী: ধন্যবাদ।

সাহিত্য ডট অৰ্গ: এতিয়া আপুনি নিজে কি কি নাটকৰ পৰিকল্পনা কৰি আছে বাৰু?

মৃণাল জ্যোতি গোস্বামী: কেইবাখনো নাটকৰ পৰিকল্পনা চলি আছে— ইবছেনৰ এখন নাটক নন-ভাৰবেল ধৰণে কৰিবলৈ— নাম থৈছোঁ ‘ইলুটি-সিলুটি পাভলুটি’, আন কেইখন মান হ’ল— Romeo and Romeo_ভাৰতীয় প্ৰেম গাথা— এইখন Same sex Love story, জ্যোতিপ্ৰসাদৰ চিন্তা-দৰ্শন-ভাৱনা লৈ এখন কৰিম—Metamorphosis of Jyotiprasad, কাফকাৰ মেটামৰ্ফচিচ গল্পটোৰ আধাৰত — Kafka’s Metamorphosis on the Dissection Table। এইদৰে কেইবাখনো নাটকৰ বীজ বহু বছৰ ধৰি মনৰ মাজত কঢ়িয়াই লৈয়েই আছোঁ। কৰিম আৰু।

সাহিত্য ডট অৰ্গ: আপোনাৰ ভাৱনাবোৰে সাকাৰ ৰূপ পাওক। তাকেই কামনা কৰিলোঁ। অশেষ ধন্যবাদ। ইমান সময় আমাৰ দিয়াৰ বাবে আপোনাক পুনৰ ধন্যবাদ জনালোঁ। নমস্কাৰ।

মৃণাল জ্যোতি গোস্বামী: মোৰ ফালৰ পৰাও ধন্যবাদ। নমস্কাৰ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!