সাগৰ-অৰণ্যই আঁকোৱালি ধৰি থকা ভেঙ্কুভাৰ দ্বীপৰ এখন সৰু ঠাইত এভুমুকি
লেখক- ৰঞ্জনা দত্ত
আমি কেনাডাৰ ভেঙ্কুভাৰ চহৰত থকা জী জোঁৱাইৰ ঘৰলৈ অহা ২০ দিন মানেই হ’লহি। গুড ফ্ৰাইডে আৰু ইষ্টাৰৰ বন্ধ মিলাই ইয়াৰ অফিচ কোম্পানীবোৰ ২৯ মাৰ্চৰ পৰা ৪ দিন বন্ধ। ছোৱালী আৰু জোঁৱায়ে দুমাহমান আগতেই চুক (Sooke) নামৰ ঠাইখনলৈ আহিবৰ বাবে বন্দোবস্ত কৰি থৈছিল। চুক নামৰ সৰু ঠাইখন ভিক্টোৰিয়াৰ পৰা গাড়ীৰে আধাঘণ্টামান লাগে। ভিক্টোৰিয়া কেনাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰভিন্সৰ ৰাজধানী। ভেঙ্কুভাৰ চহৰৰ জাহাজ ঘাটৰ পৰা ভিক্টোৰিয়ালৈ ডাঙৰ ফেৰীত এঘণ্টা ৪৯ মিনিটৰ বাট। ফেৰীবোৰ ছয় সাত মহলীয়া। প্ৰায় ২০০খন মান গাড়ী এবাৰত আহিব পাৰে। ভিতৰত ৰেষ্টুৰেণ্ট, ল’ৰা ছোৱালীৰ খেল ধেমালি কৰা ঠাই সকলো আছে। সাগৰৰ চাৰিওকাষে বৰফে আবৃত পাহাৰৰ চূড়া আৰু পানীৰ মাজত ছবিৰ দৰে ধুনীয়া সৰু সৰু দ্বীপৰ শোভা চাই অভিভূত হৈ পৰিছিলোঁ। মাজতে এবাৰ ভালকৈ চাওঁ বুলি ওপৰৰ খোলা ডেকলৈ উঠি গৈছিলো যদিও হিমশীতল বতাহত হাত ভৰি কঁপি গ’ল।
কেনাডাত মুঠ ১৩খন প্ৰভিন্স আছে। একোখন প্ৰভিন্স আমাৰ ৰাজ্যবোৰতকৈ আকাৰত বহুত ডাঙৰ। কেনাডাৰ তৃতীয় বৃহৎ প্ৰভিন্স ব্ৰিটিছ কলম্বিয়া খনেই আয়তনত ভাৰতবৰ্ষৰ এক তৃতীয়াংশ। অৱশ্যে জনসংখ্যা ভাৰতবৰ্ষৰ তুলনাত বহুত কম। ২০১৮ চনত ভিক্টোৰিয়ালৈ চাৰিদিনমান থকাকৈ আহিছিলোঁ। ব্ৰিটিছ শৈলীৰ ঘৰ-দুৱাৰ আৰু বিতোপন প্ৰকৃতিৰ সতে বৰ ধুনীয়া এখন ঠাই। ভিক্টোৰিয়াত আগতে থাকি যোৱা বাবে এইবাৰ ভিক্টোৰিয়াৰ পৰা কিছু দূৰৰ চুক নামৰ ঠাই এখনত দুদিনৰ বাবে ঘৰ এটা ভাৰালৈ লৈছে।
আটোমটোকাৰি ঘৰটোৰ লাইব্ৰেৰীটো কিতাপেৰে ভৰা। ইয়াৰোপৰি তৰহে তৰহে সৰু ডাঙৰৰ খেলা বস্তু, সুসজ্জিত ড্ৰইংৰূম, আৰু বাচনে বৰ্তনে ভৰা পাকঘৰ। এই ঘৰটোৰ মূল বাসিন্দা দূজনৰ বয়স এতিয়া নব্বৈ বছৰৰ ওপৰ। বয়সৰ বাবে তেওঁলোকে বেছি সা সুবিধা থকা আন এটা ঘৰত থাকে। আমি থকা ঘৰটোৰ গাতে লগাই কল কল শব্দ কৰি জুৰি এটা বৈ গৈছে। জুৰিটোৰ পাৰে পাৰে ঘূৰণীয়া শিল বুটলি বুটলি ফুৰিবৰ মন গৈছে যদিও বাহিৰত বৰফ চেঁচা বতাহ আৰু শিলত পিচল খাই পৰাৰ ভয়ত জুৰিৰ পানীত খেলিবলৈ ওলাই যাবলৈ সাহস কৰিব পৰা নাই। বনৰীয়া হাঁহ জাতীয় চৰাইবোৰে ঠাণ্ডা পানীবোৰত ধেমালি কৰি আছে। চাৰিওফালে আইনা লগোৱা ঘৰটোৰ ভিতৰৰ পৰা বাহিৰৰ সৌন্দৰ্য্য উপভোগ কৰি কৰি ভাৱ হৈছে যেন এই ধুনীয়া ঠাইবোৰ মোৰ চিনাকি মানুহ সকলোকে আনি দেখুৱাওঁ!
সিদিনা আবেলি সাগৰৰ পাৰলৈ ফুৰিবলৈ ওলাই গ’লো। পাৰটো বৰ ধুনীয়াকৈ ৰাখিছে। দুফালে সাগৰ, পাহাৰ আৰু আকাশৰ অপূৰ্ব সৌন্দৰ্য্য লৈ শিল পেলোৱা বাট এটাৰে এঘণ্টামান খোজ কাঢ়িলোঁ। বহুতো মানুহে লগত বিভিন্ন ধৰণৰ পোহনীয়া কুকুৰ লগত লৈ ফুৰিবলৈ আহিছে। সাগৰৰ মাজৰ কিছু আঁতৰতে ইউএছএ বৰ্ডাৰ। দুখন দেশৰ সীমা বুজাবলৈ সাগৰৰ মাজত সৰু সৰু বগা খুঁটাৰ দৰে বস্তু কিছুমান পুতি থোৱা দেখিলোঁ। দেখি এনেকুৱা ভাৱ হয় যেন অনুপ্ৰৱেশকাৰীয়ে অতি সহজেই বিশাল সাগৰৰ মাজৰ কোনোবা ফাঁকেৰে সীমা পাৰ হৈ আহিব পাৰে। কিন্তু আমি ভবাৰ দৰে কথাটো ইমান সহজ নহয়, আমেৰিকা আৰু কেনাডাৰ সীমা সুৰক্ষা দলে বিশেষ নাৱত উঠি অবৈধ অনুপ্ৰৱেশকাৰী বোৰৰ ওপৰত অনবৰতে ওপৰত চকু ৰাখে।
আমাৰ ছোৱালীজনীয়ে পিছদিনা কি কি ঠাই চাবলৈ যাব ঠিক ঠাক কৰি থৈছিল। নাতিনীজনীৰ দুবছৰ হোৱাই নাই। তাইক পানী কেঁচুৱাৰ পৰাই ইফালে সিফালে লৈ ফুৰে বাবে তায়ো মাক দেউতাকৰ লগত সমানে ফুৰাৰ আনন্দ লয়। পিছদিনা ঘৰতে পেটভৰাই ৰাতিপুৱাৰ আহাৰ কৰি দিনটোৰ বাবে ওলাই গ’লো।
প্ৰথমেই গ’লো নেচনেল হেৰিটেজ লাইটহাউছ এটা চাবলৈ। শেৰিংহাম( Sheringham) পইণ্ট লাইটহাউছটো ভেঙ্কুভাৰ দ্বীপৰ শাৰ্লে নামৰ ঠাইত অৱস্থিত। ভেঙ্কুভাৰ চহৰ আৰু ভেঙ্কুভাৰ দ্বীপ একে ঠাইতে নহয়। আমি বৰ্তমান থকা ভেঙ্কুভাৰ চহৰৰ পৰা ভেঙ্কুভাৰ দ্বীপলৈ জাহাজেৰে ডেৰ ঘণ্টামান লাগে। এই ভেঙ্কুভাৰ দ্বীপতে ভিক্টোৰিয়া, নানাইমো, টফিনো আদি সৰু ডাঙৰ কেইবাখনো চহৰ আছে। আমি থকা চুক নামৰ ঠাইখনৰ পৰা শাৰ্লেলৈ প্ৰায় ২০ কিলোমিটাৰ দূৰ।
নিৰ্জন সাগৰৰ পাৰত লাইটহাউচবোৰ চাই সদায়েই মোৰ ভাব হয় যেন এক অকলশৰীয়া বৃদ্ধই উত্তাল সাগৰৰ মাজত ধুমুহা বৰষুণ, বৰফপাতৰ মাজত থিয় হৈ দিকহাৰা নাবিকসকলক সঠিক পথ দেখুৱাই আছে!
উনবিংশ শতিকাৰ শেহৰ কালছোৱা আৰু বিংশ শতিকাৰ প্ৰথম ভাগত ভেঙ্কুভাৰ দ্বীপৰ দক্ষিণ অংশত বহুতো মালবাহী আৰু যাত্ৰীবাহী জাহাজ দুৰ্ঘটনাত পতিত হৈছিল। তথ্য অনুযায়ী প্ৰায় ২৪০ খনতকৈও অধিক জাহাজ দুৰ্ঘটনাত পতিত হোৱা এই অংশক “গ্ৰেভয়াৰ্ড অফ পেচিফিক” নামেৰে জনা গৈছিল।
১৯০৬ চনৰ ২০ জানুৱাৰী তাৰিখে চানফ্ৰানচিক্সোৰ পৰা ভিক্টোৰিয়া আৰু চিয়াটেললৈ ১৭৩জন যাত্ৰী আৰু নাবিক কৰ্মচাৰী কঢ়িয়াই অহা এচএচ ভেলেন্সিয়া নামৰ জাহাজখন এই অঞ্চলত প্ৰতিকূল বতৰ আৰু প্ৰচণ্ড সোঁতত দিকহাৰা হৈ শিলাময় পাৰত খুন্দা মাৰে। দুৰ্ঘটনাত ১৩৭ পুৰুষ মহিলা আৰু শিশু নিখোজ হয়। ইয়াৰ পাছতেই কেনাডা আৰু ইউ এছ চৰকাৰে প্ৰায় ১২টা লাইটহাউছ স্থাপন কৰাৰ সিদ্ধান্ত লয়। শেৰিংহাম লাইটহাউছটো ইয়াৰ অন্যতম।
এই লাইট হাউছটোৰ ডিজাইনাৰ আৰ্কিটেক্ট পি এণ্ডাৰছনে আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰৰ পাৰত থকা ৩৬৫টা লাইটহাউছৰ ডিজাইন কৰিছিল।
গাড়ীৰ পাৰ্কিঙ স্থলীৰ পৰা দহ মিনিটমান তললৈ নামি যোৱা এঢলীয়া খোজকঢ়া শিলগুটি পেলোৱা ৰাস্তা। ঠায়ে ঠায়ে লাইটহাউছটোৰ বিষয়ে লিখা কিছুমান ফলক। প্ৰৱেশ মূল্য নাই কিন্তু ইচ্ছুক লোকে দান কৰিবৰ বাবে ডনেশ্বন বক্স ৰখা আছে। তললৈ নামি যোৱা ৰাস্তাত ভৰিদুখনত টান মাৰি ধৰে বাবে মই সদায়েই পিছ পৰি যাওঁ। তাতে চৌপাশৰ বিতোপন দৃশ্য আদিৰ ফটো তোলাৰ অভ্যাস এটাও আছে। ওপৰৰ পৰা লাইট হাউছটো আৰু সাগৰৰ বহু দূৰলৈকে দৃষ্টিগোচৰ হ’ল। প্ৰকাণ্ড ডাঙৰ আৰু ওখ শিলেৰে ভৰা শিলাময় সাগৰৰ পাৰত সগৰ্বে ঠিয় হৈ থকা ছয়কোণীয়া পকী লাইটহাউছটো ১২.৫ মিটাৰ ওখ। ৰঙা ৰঙৰ লেম্প থকা কোঠাটো ৭ মিটাৰ ওখ আৰু এইটো লোহা আৰু তামেৰে নিৰ্মিত। ১৯১২ চনত প্ৰথমে তেলেৰে জ্বলোৱা লেম্পটো পিছলৈ বৈদ্যুতিক লেম্পলৈ পৰিবৰ্তন কৰা হয়। লেম্পৰ ফালে ফকাছ কৰা বিশেষ ফ্ৰেছনেল লেন্সৰ সহায়ত লাইটৰ তীব্ৰতা বহুগুণে বৃদ্ধি হয় আৰু ফলত ২৫ কিলোমিটাৰ দূৰৰ পৰাও এই পোহৰ স্পষ্টকৈ দেখা যায়।
আজিকালি বিজ্ঞান আৰু প্ৰযুক্তিৰ নতুন নতুন উদ্ভাৱনৰ বাবে লাইটহাউছ বোৰৰ ব্যৱহাৰ একেবাৰেই নোহোৱা হ’ল। অব্যৱহৃত এই লাইট হাউছটো ২০১৫ চনৰ পৰা কেনাডাৰ নেছনেল হেৰিটেজ হিচাপে সংৰক্ষিত কৰা হয়।
লাইট হাউছটো চাই এইবাৰ চমব্ৰিয় বিচ্চলৈ গ’লো। গাড়ীৰে আহোঁতে কেইবাটাও বেলেগ বেলগ বিচ্চলৈ যোৱা নামফলক দেখি আহিছো। এইটো বিচ্চলৈ ইমান দূৰ কষ্ট কৰি অহাৰ কাৰণ পিছত হে বুজিলোঁ। চুক( Sooke)ৰ পৰা এঘণ্টামান গাড়ীৰ দূৰত্বৰ এইটো অৰণ্যই আঁকোৱালি ধৰি থকা এটা মনোমোহা সাগৰৰ পাৰ। গাড়ী ৰখা ঠাই টুকুৰাৰ পৰা পৰা ওখ ওখ চেডাৰ, ডগলাছ ফৰ( doughlas fir) আদি প্ৰকাণ্ড ওখ ওখ পাইন জাতীয় গছৰবোৰৰ মাজেৰে যথেষ্ট তললৈ নামি অহা এটা লুঙলুঙীয়া বাটেৰে বিছ মিনিট মান খোজকাঢ়ি সৰু সৰু ঘূৰণীয়া শিলৰ বিচ্চটো পালোহি। পাহাৰীয়া গছৰ ইমান কাষতে এই ধৰণৰ বিচ্চ থাকিব পাৰে বুলি ভবাই নাছিলোঁ। পাৰত আহি দেখিলো ঠায়ে ঠায়ে সৰু সৰু বহুতো দল। সকলোৱে বিভিন্ন ধৰণে আনন্দ কৰি আছে। বহুতে লগত নিজৰ পোহনীয়া কুকুৰবোৰ লৈ আনিছে। ইয়াৰ পৰা আধাঘণ্টামান খোজকঢ়াৰ দূৰত্বত বৰ ধুনীয়া জলপ্ৰপাত এটা আছে। আটাইবোৰে পাথৰৰ গুহাৰ মাজত লুকাই থকা জলপ্ৰপাতটো চাবলৈ গ’ল। বিছ মিনিট মান সময় বালি আৰু ওখোৰা মোখোৰা শিলগুটিৰ বাট। শ্বেৰিংহাম লাইটহাউছটো চাই আহি সাগৰৰ পাৰলৈ এইডোখৰ বাট আহোতেই মোৰ ভৰিৰ বিষ উঠি যোৱাত মই জলপ্ৰপাত চাবলৈ নগ’লো। সাগৰৰ পানীত উটি অহা পাৰত থকা গছ এজোপাত বহি মানুহবোৰৰ আলেখলেখ চাই বহি থাকিলোঁ। ৰ’দ আছে যদিও বলি থকা বতাহ ভীষণ ঠাণ্ডা। এই ঠাণ্ডাত ল’ৰা কিছুমানে খালি গাৰে সাগৰ পাৰত ভলীবল খেলি আছে। সৰু সৰু ল’ৰা ছোৱালী আৰু মাক দেউতাক কিছুমানে সাঁতোৰৰ পোছাক পিন্ধি সাগৰৰ পানীত খেলা কৰিছে। ওচৰত কোনোবাই জুই ধৰি মাংস পুৰিছে। বতাহৰ লগত পোৰা মঙহৰ মলমলীয়া গোন্ধ এটা বিয়পি পৰিছে। সৰুতে ভূগোলত পঢ়া প্ৰশান্ত মহাসাগৰৰ পাৰত এইদৰে অকলশৰে বহি থাকিব পাৰিম বুলি কেতিয়াও সপোনতো ভবা নাছিলো। গীত কবিতা লিখা মানুহে চাগৈ ইয়াতে বহি বহি ধুনীয়া কবিতা বা গীত এটাকে লিখি পেলালেহেঁতেন। ইয়াত মোক চিনি পোৱা মানুহ কোনো নাই বাবে মোৰ বেসুৰা মাতেৰে সাগৰৰ গৰ্জনৰ লগত সুৰ মিলাই ডঃ ভূপেন হাজৰিকাৰ সাগৰ সঙ্গমত গাই আছো… “সাগৰ সংগমত কতনা সাতুৰিলো …প্ৰশান্ত সাগৰৰ উৰ্মিমালা অশান্ত…” সাঁতুৰিব নাজানিলে কি হ’ব, মনটো যে বিশাল সাগৰত সাঁতুৰি আছে! আন্ধাৰ হোৱাৰ আগে আগে জলপ্ৰপাত চাই ক্লান্ত হৈ আটাইবোৰ ঘূৰি অহাৰ পিছতেই আমি চুকলৈ ঘূৰি আহিলো। গুহাৰ দৰে সুৰঙ্গৰ মাজেৰে গৈ দেখা ধুনীয়া জলপ্ৰপাতটোৰ ফটোবোৰ দেখিয়েই মন ভৰি গ’ল।
ঘৰটোত ৰন্ধা পঢ়াৰ সম্পূৰ্ণ সুবিধা আছে বাবে আমি ঘৰতেই ৰাতিৰ সাঁজ ৰান্ধি খালোঁ। পিছদিনা ৰাতিপুৱা জলপান খায়েই ওভতনি যাত্ৰা আৰম্ভ কৰাৰ কথা। ভিক্টোৰিয়াৰ পৰা ভেঙ্কুভাৰলৈ ঘূৰি যোৱা জাহাজখন আবেলি ৫ বজাত আছে। ৰাতিপুৱাৰ আহাৰ কৰি ঘৰ-দুৱাৰ আগৰ দৰে পৰিষ্কাৰকৈ ৰাখি চাৰে এঘাৰমান বজাত ঘৰটোৰ পৰা ওলাই আহিলোঁ। ইয়াত ভাৰালৈ লোৱা ঘৰত সোমোৱাৰ বা ওলোৱাৰ সময়ত ঘৰৰ মালিকৰ লগত দেখা নকৰিলেও হয়। ঘৰৰ চাবিটো ক’ত আছে আগতেই জনাই দিয়ে। ঘৰৰ পৰা ওলাই আহোতে যিমান পাৰি ঘৰটো চাফ চিকুণ কৰি বস্তুবোৰ থান থিত লগাই থৈ অহাটো নিয়ম। মাৰ্চ- এপ্ৰিল মাহৰ এই সময়ছোৱা ৰ’দে বৰষুণে লুকাভাকু খেলাৰ সময়। ইয়াত গুগলে দিয়া বতৰৰ আগজাননী যথেষ্ট শুদ্ধ থাকে। সিদিনা বতৰটো ফৰকাল থাকিব বুলি গম পাই ছোৱালীজনীয়ে ভিক্টোৰিয়াৰ প্ৰায় ৩২ কিলোমিটাৰ আগতে পোৱা মালাহাট নামৰ ঠাইখনত থকা স্কাইৱে( sky way) এটাত টিকেট কাটি থৈছিল। স্কাই-ৱেবোৰ অৰণ্য বা নদীৰ বহু ওপৰেৰে সজা কাঠৰ খোজকঢ়া বাট। ভিক্টোৰিয়াৰ পাঁচটা উপকুলীয় চানিচ আদিবাসী জাতিৰ ভিতৰত অন্যতম মালাহাট আদিবাসী সকলৰ নামৰে এই মালাহাট স্কাইৱেটোৰ নামকৰণ হৈছে। ব্ৰিটিছসকল অহাৰো বহু আগতে এই অঞ্চলত তেওঁলোকৰ আদি বাসস্থান আছিল। টিকেটৰ দাম বৰ বেছি বাবে মই নেযাওঁ বুলিয়েই কৈছিলো যদিও নোযোৱা হ’লে সুন্দৰ বিৰল অভিজ্ঞতা এটাৰ পৰা বঞ্চিত হলোহেঁতেন! ওখ ওখ গছেৰে আবৃত ঘন জঙ্ঘলৰ মাজেৰে মাটিৰ পৰা ২০ মিটাৰ ওপৰেৰে সজা ৬০০ মিটাৰ দীঘল এই ওলোমা কাঠৰ দলঙ খনেৰে প্ৰায় বিশ পঁছিশ মিনিট মান খোজকাঢ়ি গৈ স্পাইৰেল টাৱাৰ এটাৰ তিনি নম্বৰ খলপত উঠিলোগৈ। দুফালে বহুদূৰলৈকে দেখা পোৱা বিস্তৃত ঘন নীলা সাগৰ আৰু আন দুফালে ওখ ওখ প্ৰাচীন গছৰ অৰণ্য। টাৱাৰটোৰ বিশেষত্ব এয়াই যে চাৰিওকাষৰ বিতোপন দৃশ্য চাই চাই প্ৰায় ৩৫৬ মিটাৰ( ১১৬৮ ফুট)ওখ এই টাৱাৰটোৰ ওপৰলৈকে অকণো ভাগৰ নলগাকৈ উঠি যাব পাৰি। সাগৰৰ নীলা পানীৰ সিপাৰে কেনাডা আমেৰিকাৰ সীমাত বগাকৈ জিলিকি থকা মাউণ্ট বেকাৰ, চানিচ উপদ্বীপ, কোভিচান উপত্যকাৰ উপৰিও আমেৰিকাৰ ৱাশ্বিংটন আৰু ব্ৰিটিছ কলম্বিয়াৰ মাজত থকা কিছুমান দ্বীপো স্পষ্ট ভাৱে দেখিবলৈ পালো। তাত লগাই থোৱা ডাঙৰ ডাঙৰ ফলকত সেই ঠাইৰ পৰা দেখা পাহাৰ দ্বীপ আদিৰ ফটো নামেৰে সতে সুন্দৰ ভাৱে দেখুৱাই থোৱা আছিল বাবে আমাৰ বুজিবলৈ সহজ হৈছিল। প্ৰকৃতাৰ্থত এই বিৰল অভিজ্ঞতাৰে আমি একেখন ঠাইৰ পৰা দুখন দেশৰ শোভা একেসময়তে উপভোগ কৰিব পাৰিলোঁ। হিচাপতকৈ বহু বেছি সময় ইয়াত কটোৱা বাবে দুপৰীয়া খোৱাৰ বাবে হাতত যথেষ্ট কম সময় হে আছিল। ভিক্টোৰিয়াত খোৱা বোৱা কৰি জাহাজঘাটটো পোৱাৰ পিছতহে স্বস্তিৰ নিঃশ্বাস পেলালো। ওভতনি যাত্ৰাত সাগৰৰ সিপাৰে বৰফৰ মুকুট পিন্ধা পাহাৰৰ ওপৰত পৰা সূৰ্য্যাস্তৰ হেঙুলী আভাৰ অপৰূপ দৃশ্যই মন প্ৰাণ হৰি নিছিল। মনলৈ আহিছিল লুইতৰ বুকুত অস্ত যোৱা সূৰুযৰ ৰাঙলী আভাৰ ছবি। পৃথিৱীৰ প্ৰতিটো কোণত একেখন আকাশ আৰু একেটা সূৰুযৰ সূৰ্য্যাস্তৰ কিমান যে বিনন্দীয়া দৃশ্য!