সাধু সাধু সাধু
লেখক- ---ভক্তি দেবী চহৰীয়া
আজি এটা সাধু ক’ম।
সকলোৱে বক্তাৰ মুখলৈ আচৰিত হৈ চালে। আজিৰ দিনত কোনোবাই সাধু কয় নে শুনে?
কিয় নুশুনে? সাধু শুনাৰ বাবে কালৰ প্ৰয়োজন নাই। অতীতৰ পৰা বৰ্তমানলৈকে ঘটি থকা সকলোবোৰেই সাধু কথা। আজিৰ বাস্তব কালিলৈ সাধু হব।
যিয়েই নহওক, সাধু শুনিবৰ কাৰো মন নাছিল। সকলোৱে নিজৰ নিজৰ মবাইল ফোনত নিজৰ পছন্দৰ বিষয়বোৰত আত্মনিয়োগ কৰিলে।
ৰাজকন্যা হেৰোৱা বাবে গোটেইখন হুৱাদুৱা লাগিল।
শ্ৰোতাৰ মনোযোগ আকৰ্ষণ কৰিবৰ বাবে কওঁতাই হঠাতে কাহিনীটো কবলৈ ধৰিলে। সকলোৱে তেওঁৰ ফালে মূৰ দাঙি চালে।
ৰজা ক’ত? ৰাজ্য ক’ত? এইবোৰ নোহোৱাকৈ ৰাজকন্যা হব পাৰেনেকি? সাধুটো আৰম্ভ হ’ব লাগিছিল এনেকৈ- এসময়ত এজন ৰজা আছিল। – শ্ৰোতা এজনে ক’লে।
বক্তাই ৰহস্যপূৰ্ণ ভাৱে দেখ-নেদেখ হাঁহি এটা মাৰিলে।
আছিল, সকলো আছিল। ৰজা, মন্ত্ৰী, প্ৰজা, বিষয়া সকলো আছিল। কিন্তু তাত এক শ্ৰেণীৰ মানুহ নাছিল।
সকলোৱে প্ৰশ্নবোধক দৃষ্টিৰে বক্তাৰ ফালে চালে। বক্তাই সকলোৰে ওপৰত চকু বুলালে।
এইটো এটা এডাল্ট সাধু। প্ৰাপ্ত-বয়স্ক নহ’লে সাধুটো শুনিব নোৱাৰিব, মই কৈ থ’লো। পিচত মোক দোষ নিদিব।
মানুহবোৰে প্ৰথমৰ বাক্যটোহে শুনিলে। সাধুও এ গ্ৰেডৰ থাকিব পাৰেনেকি?
থাকিব পাৰে নিশ্চয়; হয়তো এইটো এটা ভয় লগা সাধু, সেয়েহে কওঁতাই আগতে সাৱধান কৰি দিছে যাতে পিচত দোষত নপৰে।
Disclaimer – কোনোবা এজনে ক’লে।
হ’ল কি -ৰাজ্য খনত থকা একমাত্ৰ ছোৱালীজনীও নোহোৱা হ’ল। -বক্তাই আৰম্ভ কৰিলে।
এখন দেশত এজন ৰজা আছিল। ৰাজ্যখনৰ প্ৰজাবোৰ শান্তিতেই আছিল বুলিব পাৰি, কাৰণ কাৰো লগতে বহুত দিন ধৰি যুদ্ধ-বিগ্ৰহ লগা নাছিল। তাৰো এটা কাৰণ আছিলঃ ৰাজ্যখনৰ নীতি অনুযায়ী ৰজাই আগবাঢ়ি গৈ আগে-ভাগে কোনো ৰাজ্য আক্ৰমণ নকৰিছিল। অৱশ্যে বহিঃশত্ৰুক ভেঁটিবলৈ বিশাল সৈন্যদল সাজু আছিল। চুবুৰীয়া ৰাজ্য দুই-এখনে কেতিয়াবা খেদি আহি আক্ৰমণ নকৰা নহয়, কিন্তু ৰজাৰ পৰাক্ৰমী সৈন্যই সেই আক্ৰমণ প্ৰতিহত কৰিছিল। বাহিৰৰ নহয়, দেশৰ ভিতৰৰ কিছুমান সমস্যাইহে দেশখন মাজে মাজে অস্থিৰ কৰি তুলিবলৈ চেষ্টা কৰিছিল। হয়তো কোনো যুদ্ধ আদিৰ সম্ভাৱনা নথকা বাবে আঢ্যৱন্ত সকল, পাৰিষদ সকল, উচ্চ মধ্যবিত্তসকল আৰু বুদ্ধিজীৱীসকলে মাজে-মধ্যে কিছুমান বিষয় উলিয়াই দেশখন অস্থিৰ কৰিবলৈ চেষ্টা কৰিছিল। প্ৰজা কিছুমানে অভ্যন্তৰীণ কথা কিছুমান খুচৰি উলিয়াই ন্যায় বিচাৰি আন্দোলন কৰিছিল। কেতিয়াবা কিছুমান উপদ্ৰবীৰো আবিৰ্ভাব হৈছিল। এনে কিছুমান কাৰণত মাজে মাজে ৰজা ভঙা-পতাও হৈছিল।
ৰাজ্যত এইবোৰ থাকেই। ৰজাৰ জীয়েক কেনেকৈ নোহোৱা হ’ল সেইটোহে আচল কথা আছিল-
কিছুমান শ্ৰোতাৰ ধৈৰ্য নোহোৱা হ’ল।
সাধু কওঁতাই অকণমান বিৰক্তিৰে মন্তব্য দিয়া জনৰ দিশে দৃষ্টি দিলে।
খেতি কৰিলে মাটিডৰা চহ কৰি, সাৰ দি সাজু কৰি লোৱা হয়নে নহয়? কাহিনীটো কোৱাৰ আগতে পটভূমি প্ৰস্তুত কৰি ল’ব নালাগিব জানো?
শ্ৰোতা নীৰৱ হ’ল।
সেই ৰাজ্যত এবাৰ কিছুমান ঘটনা ঘটিবলৈ ধৰিলে। দেশৰ নাৰী সকলৰ সন্মান ভূ-লুণ্ঠিত হবলৈ ধৰিলে।
সেইটোতো একো নতুন কথা নহয়। নাৰীচোন যুগে যুগে লাঞ্ছিত। সীতাৰ পৰা আৰম্ভ কৰি—-
কথাটো হয়। এইবাৰ এই কাণ্ডই সকলো সীমা অতিক্ৰম কৰিলে। ৰাজ্যত নাৰী সকলৰ শ্লীলতা এনেকৈ হানি হবলৈ ধৰিলে যে তেওঁলোক ঘৰৰ বাহিৰেই ওলাব নোৱাৰা হ’ল। ধৰ্ষণ, গণধৰ্ষণ, হত্যা আদি প্ৰাত্যহিক কাৰ্যত পৰিণত হ’ল। ৰজা ঘৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰয়োগ কৰিও নাৰীসকলক ৰক্ষণাবেক্ষণ দিব নোৱাৰা হ’ল। দেশৰ সুৰক্ষাবাহিনী, ৰাজবিষয়া, প্ৰভাৱশালী লোকসকলো এনে জঘন্য কাৰ্যত জড়িত হবলৈ ধৰিলে। যৌন নিৰ্যাতনৰ দৰে ঘৃণনীয় কাৰ্যৰ চিকাৰ অকল যে পৰিপক্ব শৰীৰৰ স্ত্ৰী সকলেই হ’ল এনে নহয়, শিশু কন্যা, নাবালিকা, বয়স্কা-কোনো নাৰীয়েই পুৰুষৰ কামনাৰ পৰা হাত সাৰিব নোৱাৰিলে। এনে জঘন্য কাৰ্য যে অকল অচিনাকি, বাটৰ মানুহে কৰিছিল এনে নহয়, আনকি পৰিয়ালৰ পুৰুষবোৰেও মহিলা সকলক, বিশেষকৈ শিশু, অবোধ কন্যা সন্তানবোৰক নিৰ্যাতন চলালে। কিছুমান নিষ্পেষিত শিশুৰ মৃত্যু হ’ল, কিছুমানে অকাল মাতৃত্বৰ বোজা ল’ব লগা হ’ল। এনে কিছুমান শিশু সন্মান ৰক্ষাৰ নামত পিতৃ-মাতৃৰ জিঘাংষাৰ বলি হ’ল। ঘৰ, পথ, অনুষ্ঠান -সকলো ঠাইতে কেৱল নাৰীক অত্যাচাৰ, উৎপীড়ন। নাৰীৰ অস্তিত্বই সংকতাপূৰ্ণ হ’ল। মানুহে কন্যা সন্তান জন্ম হ’লে দুশ্চিন্তাত পৰা হ’ল।
সঁচাকৈয়ে চিন্তনীয়—
শ্ৰোতাৰ মাজতো এটা গুণগুণনি উঠিল।
সেই সময়তে এটা নাভূত-নাশ্ৰুত ঘটনা ঘটিল।
শ্ৰোতাই অতি আগ্ৰহৰে সাধু কওঁতাৰ মুখলৈ চালে।
সেই ৰাজ্যৰ সকলো কন্যাৰ ৰূপ পৰিবৰ্তন হবলৈ ধৰিলে।
কেনে পৰিৱৰ্তন?
সেই ৰাজ্যৰ নাৰী সকলৰ সৌন্দৰ্য নোহোৱা হ’ল, সকলো কুৎসিত, কুৰূপা হবলৈ ধৰিলে। নাৰীসকলক দেখি আকৰ্ষিত হবলৈ, সন্মোহিত হবলৈ তেওঁলোকৰ দৈহিক ৰূপ নোহোৱা হ’ল।
সেইটো কেনেকৈ হ’ব পাৰে?
কেনেকৈ হ’ব পাৰে মই কেনেকৈ জানিম? কিন্তু সাধুটো তেনেকুৱাই।
তাৰ পিচত?
বক্তাই নিঃশব্দে এটা হাঁহি মাৰিলে। হাঁহিত বিদ্ৰূপ ফুটি উঠিল।
তাৰপিচত কি হ’ল-সেই কুৰূপা নাৰী সকলো পুৰুষ সকলৰ কামনাৰ চিকাৰ হ’ল। সেই ৰাজ্যৰ পুৰুষ বিলাকৰ বাবে নাৰীৰ নামত কেৱল এটা নাৰী দেহা হ’লেই যথেষ্ট আছিল। গতিকে সুন্দৰী বা কুৎসিত তাৰ বিচাৰ সিহঁতে কৰা নাছিল। সিহঁতে নাৰীৰ সৌন্দৰ্য কি সেইকথা অনুভৱ কৰাৰ বৌদ্ধিক শক্তি হেৰুৱাই পেলাইছিল। কেৱল যৌন ক্ষুধা নিবাৰণৰ আহিলা হিচাপেই নাৰী পৰিগণিত হবলৈ ধৰিলে। আৰু ইয়াৰ বাবে কেৱল যৌনাঙ্গযুক্ত এটা শৰীৰৰ প্ৰয়োজন, লাগিলে সেয়া এটা মৃতদেহেই হওক।
কি ক’লে, কি ক’লে?
কৈছো এটা মৃতদেহ হ’লেও হওক!
কিছুমানে হাঁ হাঁ কৈ হাঁহিলে আৰু কিছুমানে মুখ ঢাকিলে। কিছুমানে কথাটোৰ তৎ ধৰিব নোৱাৰিলে।
ইয়াৰ পিচত আৰু এটা ডাঙৰ ঘটনা ঘটিল।
শ্ৰোতাই মনোযোগ দিবলৈ ধৰিলে। তেওঁলোকৰ মনত উৎকণ্ঠা বাঢ়িল- এইবাৰ বা কেনে কাণ্ড হয়! কিছুমানৰ কল্পনাই পাখি মেলি আকাশ পালেগৈ-মানুহবোৰে গৰু-ছাগলীৰ দৰে জন্তুবোৰৰ লগতো——
সেই ৰাজ্যত কন্যা সন্তান নোহোৱা হ’ল।
বক্তাই ঘোষণা কৰা সুৰেৰে কথাটো ক’লে।
সেইটো কেনেকৈ হ’ব পাৰে?
বক্তা নিতাল মাৰি ক্ষন্তেক ৰ’ল। তাৰপিচত ক’লেঃ
কন্যা সন্তানৰ জন্ম হ’ল, কিন্তু জন্মৰ কিছুদিন পিচতে আচৰিত ভাবে শৰীৰৰ পুৰুষ-মহিলা বিভক্ত কৰিব পৰা অঙ্গবোৰ নোহোৱা হৈ পৰিল।
সকলো আকৌ নিতাল মাৰিলে। মানুহবোৰ আচৰিতো হ’ল-এয়া কেনেকৈ সম্ভৱ হব পাৰে!
কিন্তু ৰাজকন্যাকতো কোনোবাই অপহৰণ কৰিছিল! ৰাজকন্যাতো ছোৱালী হৈ থাকিল।
ৰাজকন্যা ব্যতিক্ৰম। কেৱল ৰজাৰ ঘৰতহে দুই-এগৰাকী নাৰী বাচি ৰ’ল। সেই নাৰী সকলো ৰাজমহলৰ ভিতৰতে আৱদ্ধ হৈ থাকিব লগা হ’ল। ঘৰৰ চাৰিবেৰৰ পৰা ওলাই যাবলৈ কাৰো সাহ নোহোৱা হ’ল, কোন মুহূৰ্তত ৰখীয়া-পৰীয়া সকলোকে আক্ৰমণ কৰি ৰজা-ঘৰৰ নাৰী সকলকো নিৰ্যাতিত কৰে তাৰ নিশ্চয়তা নোহোৱা হ’ল। আনকি প্ৰহৰী সকলৰ ওপৰতো ভৰসা নোহোৱা হ’ল।
এতিয়া ৰাজ্যত কিছুমান পৰিৱৰ্তন আহিলঃ গোটেই ৰাজ্যখনত নিৰানন্দময় পৰিৱেশে বিৰাজ কৰিলে। নাৰী-কণ্ঠ, নাৰীৰ হাঁহি বা কান্দোনৰ শব্দ শুনিবলৈ নোপোৱা হ’ল। বতাহ যেন গৰম আৰু গধুৰ হৈ পৰিল। ফুল নুফুলা হ’ল, চৰাইবিলাক ৰাজ্য এৰি গুছি গ’ল, ভোমোৰা মৌ মাখি আদি সুৰীয়া পতঙ্গবোৰ অন্তৰ্ধান হ’ল। সৰ্বত্ৰ এক নিৰানন্দ, বিষাদময় পৰিৱেশ বিয়পি পৰিল, যেন মৰূভূমি এখনহে লাহে লাহে আগুৱাই আহিছে।
আটাইতকৈ ভয়ঙ্কৰ সমস্যাটো আহি দেখা দিলেহি যেতিয়া ৰাজ্যত নৱজাতকৰ কান্দোনৰ মাত নোহোৱা হ’ল। ৰাজ্যত নাৰী নোহোৱা হ’ল আৰু সন্তানো জন্ম নোহোৱা হ’ল। ইপিনে নাৰী-মাংসৰ সোৱাদ লবলৈ নোপোৱা পুৰুষসকল বলিয়াৰ দৰে হ’ল। নিচাসক্ত লোকে নিচা সেৱন কৰিবলৈ নাপালে যি আচৰণ কৰে এই মানুহবোৰেও তেনে আচৰণ কৰিবলৈ ধৰিলে। সেই সময়তে ৰাজকন্যা অপহৃতা হ’ল।
হ’ল কি-ৰাজ প্ৰাসাদৰ চৌহদতে সোমাই থাকি থাকি ৰাজকন্যাৰ আমনি লাগিল। দিনৰ পিচত দিন একেখন আকাশকে চাই চাই তেওঁ বিৰক্ত হ’ল। বহুত দিন অকণমান মুকলি বতাহ সেৱন কৰিবলৈ নাপাই তেওঁ অস্থিৰ হৈ পৰিল। তেওঁ মনতে ভাবিলে- পুৰুষে পাপ কাৰ্য কৰিলে বাবেই নাৰী গৃহবন্দী হৈ ৰ’ব লাগিবনে? আকাশখন, বতাহবোৰ, সেউজীয়াবোৰৰ ওপৰত পুৰুষৰ যিমান অধিকাৰ নাৰীৰো সিমানেই অধিকাৰ। এই অধিকাৰ প্ৰতিপন্ন কৰিবলৈ প্ৰয়োজন হ’লে নিজেও শক্তি প্ৰদৰ্শন কৰিব লাগিব। আত্মৰক্ষাৰ বাবে প্ৰস্তুত হৈ অকণমান সময়ৰ বাবে তেওঁ বাহিৰলৈ ওলাই গ’ল। অৱশ্যে তেওঁৰ লগত পালি-পহৰীয়াও বহুত গ’ল। কিন্তু ভোকাতুৰ জন্তুয়ে চিকাৰ ধৰিবলৈ চোপ লৈ থকাদি ৰাজপ্ৰাসাদৰ চাৰিওফালে কিছুমান লুভীয়া পুৰুষেও চোপ লৈ আছিল। গতিকে ৰাজকুমাৰীয়ে আত্মৰক্ষাৰ বাবে কৰা প্ৰচেষ্টা ব্যৰ্থ হ’ল আৰু ৰাজকুমাৰী অপহৃতা হ’ল।
শ্ৰোতাৰ মাজত আকৌ গুণগণনি উঠিল। কিছুমানে ছুঃ ছুঃ কৰিবলৈ ধৰিলে, কিছুমান উৎকণ্ঠিত হ’ল।
ৰাজকুমাৰীকো বলাৎকাৰ কৰিলেনেকি?
ৰাজকুমাৰীকো হত্যা কৰিলেনেকি?
বক্তাই উত্তৰ নিদিলে। মানুহবোৰক নিজা নিজা ধৰণে ভাৱিবলৈ সুযোগ দি কিছুসময় নীৰৱে থাকিল।
ৰাজপ্ৰাসাদত হুৱাদুৱা লাগিল। ইমান দিনে ৰাজ্যৰ প্ৰচলিত দণ্ডবিধি মতে নাৰীৰ প্ৰতি কৰা এনে দূৰাচাৰ দমন কৰিবলৈ ব্যৰ্থ হওঁতে, ৰাজ্যৰ পৰা নাৰী নিশ্ছিন্ন হৈ যাওঁতে ৰজা যিমান বিচলিত হৈছিল এতিয়া তাতকৈ শ গুণ অধিক বিচলিত হ’ল। কাৰণ তেওঁ এই কন্যা সন্তান লাভ কৰাৰ অন্তৰালত এটা কাহিনী আছিল।
সকলোৱে ভাৱিলে -সাধুটোৱে এইবাৰ ৰাজকন্যাৰ জন্ম-কাহিনী বৰ্ণনা কৰিব। তেওঁলোকে কল্পনা কৰিবলৈ ধৰিলে- জনক ৰজাই হাল বাওতে সীতাক পোৱাদি এইজন ৰজাইও ৰাজকন্যাক লাভ কৰিছিলনেকি? নে যজ্ঞৰ ধোঁৱাৰ মাজৰ পৰা যাজ্ঞসেনীৰ আবিৰ্ভাৱ হোৱাদি ৰাজকন্যাৰ আবিৰ্ভাৱ হৈছিল? নাইবা ৰাজকন্যা তোলনীয়া জীয়াৰী আছিল?
সাধু কওঁতাই এই প্ৰশ্নৰ উত্তৰ নিদিলে। তেওঁ এক নতুন পটভূমিলৈ গ’লঃ
ৰাজ্যৰ সীমাত গভীৰ অৰণ্যৰ মাজত এটা পুৰণি, জৰাজীৰ্ণ মন্দিৰ আছিল। ঠাইখন বৰ জয়াল হোৱা বাবে তালৈ বৰ কম দৰ্শণাৰ্থীহে গৈছিল। শুনা গৈছিল সেই ঠাই দুষ্কৃতিকাৰীৰ ঘাটি আছিল। মন্দিৰৰ বেদীত আছিল এক বিশালকায় দেবী-মূৰ্তি। সেই মূৰ্তি আছিল দেবী কালিকাৰ। ডিঙিত নৰমুণ্ড, হাতত উন্মুক্ত খাণ্ডা, ওলমি থকা ৰক্ত- বৰ্ণ জিভা-সকলো মিলি দেৱীক এক ভয়ঙ্কৰ ৰূপ দিছিল। দেবীৰ উৰ্দ্ধাংশ আছিল উন্মুক্ত। নিম্নাংশ ক্ষুদ্ৰ আৱৰণৰে আবৃত্ত কৰি থোৱা আছিল। ৰাজকন্যা অপহৃত হোৱাৰ খবৰ পাই ৰজা যি অৱস্থাত আছিল সেই অৱস্থাৰেই দৌৰি দৌৰি গৈ দেৱীৰ চৰণত দীঘল দি পৰিলগৈ। ৰজাৰ পিচে পিচে পাৰিষদবৰ্গ, ৰজাঘৰীয়া আন মানুহবিলাকো দৌৰিবলৈ ধৰিলে আৰু একেদৰেই দেৱীৰ শৰণাগত হ’ল। ৰাজ্যৰ আন প্ৰজা, যিসকল আছিল প্ৰধানকৈ পুৰুষবোৰ আৰু কন্যা সন্তানৰ পৰা ৰূপান্তৰিত হোৱা, নাৰী বা পুৰুষৰ লিঙ্গ নিৰ্ণয় নোহোৱা মানুহবোৰ। দেবীৰ প্ৰাৰ্থনাত চৌদিশ মুখৰিত হ’ল। ৰজাই কাতৰ কণ্ঠৰে দেবীক মিনতি কৰি ক’বলৈ ধৰিলে, “মহামায়া, মোক ক্ষমা কৰা, মোক ৰক্ষা কৰা। তোমাক দিয়া বচন মই ৰাখিব নোৱাৰিলো, তোমাৰ দানক মই সুৰক্ষা দিব নোৱাৰিলো। হে মাতৃ——–”
ৰজাৰ প্ৰাৰ্থনাৰ, এই অধীৰতাৰ গূঢ়াৰ্থ সাধাৰণ প্ৰজাই বুজি নাপালে। ৰাণী আৰু ৰাজপুৰোহিতেহে ধৰিব পাৰিলে আৰু ভয়ত ত্ৰস্তমান হ’ল। তেওঁলোকে বুজি পালে যে দেশৰ মহা বিপৰ্যয় একেবাৰে সন্নিকত।
এনেকুৱা কি কথা আছিল?
শ্ৰোতাই নিজৰ মনৰ মাজতে চিন্তা কৰিবলৈ ধৰিলে। সকলোৱে বুজি পালে ৰাজকন্যাৰ লগত দেৱীৰ গভীৰ সম্পৰ্ক আছে।
ৰজা-ৰাণীয়ে বহুত দিন সন্তানৰ মুখ দেখা নাছিল। তেওঁলোকে সন্তান প্ৰাপ্তিৰ বাবে বহুত বছৰ দেৱীক আৰাধনা কৰিছিল। কিন্তু তেওঁলোকৰ পূজাই কোনো ফল নধৰিলে। দুয়ো নিৰাশ হ’ল, অৱশ্যে দেৱীৰ ওপৰত আস্থা হেৰুৱাই নেপেলালে। এদিন মন্দিৰলৈ পূজা কৰিবলৈ গৈ তেওঁলোকে নৱজাতক কন্যা সন্তানটি দেখা পালে। শিশুটিৰ ওচৰত কোনো গৰাকী নাছিল। তেওঁলোকৰ মনত আশাৰ উদয় হ’ল। তথাপি শিশুটিৰ কোনোবা অভিভাৱক ওলাইহি বুলি তেওঁলোকে বাট চালে। বহুত সময় অপেক্ষা কৰাৰ অন্ততো কোনো নহা বাবে কন্যাটি দেৱীৰ দান বুলি তেওঁলোকে গ্ৰহণ কৰিলে। সেই ৰাতি ৰজাই স্বপ্ন দেখিলে- দেবীয়ে ৰজাক কৈছে- কন্যাটি ৰক্ষা কৰাৰ দায়িত্ব তোৰ। যিদিনাই এই কন্যাৰ আলাই-আথানি হ’ব সেইদিনাই তোৰ ৰাজ্যৰ ধ্বংস অনিবাৰ্য।
সাধু শুনোতাই গম পালে ৰজাৰ বিহ্বলতাৰ কাৰণ কি। সকলো চিন্তিত হ’ল-ৰাজ্যখন এফালৰ পৰা মাটিৰ তলত পোত গ’লনেকি? কেওফালে কাঁহপৰা নিৰ্জনতা। শ্ৰোতাক অনিশ্চয়তাত ডুবাই বক্তা অলপ সময় মনে মনে থাকিল।
ৰজাৰ প্ৰাৰ্থনা অবিৰাম চলি থাকিল। প্ৰজা সকলেও ৰজাৰ লগতে দিন-ৰাতি একেকাৰ কৰি ভগৱতী বন্দনাত নিমজ্জিত হ’ল। কেইবা দিনো পাৰ হ’ল। সপ্তম দিনা এটা অভূতপূৰ্ব ঘটনা ঘটিল।
শ্ৰোতা উৎকণ্ঠিত হ’ল।
হঠাতে মন্দিৰৰ চোতালত প্ৰচণ্ড ঘূৰ্ণি বতাহৰ সৃষ্টি হ’ল। গোটেইখন বিজুলী- ঢেৰেকনীয়ে চাটি ধৰিলে। আকাশখন যেন ফাটি মূৰতে পৰিব! শূন্যতে জুই জ্বলিবলৈ ধৰিলে। মানুহবোৰে ভয়ত ইফালে-সিফালে দৌৰিবলৈ ধৰিলে। কিন্তু জুইৰ বেষ্টনী এটাই এটা বৃত্তৰ ৰূপ ল’লে আৰু মানুহবোৰক বন্দী কৰি পেলালে।
এইবাৰ দেখা গ’ল দেবীৰ জিভাখন দীঘল হৈ মানুহবোৰৰ ফালে আগুৱাই আহিছে। তেওঁৰ মুখখন খোল খাই তল ফালে মাটি স্পৰ্শ কৰিলে আৰু ওপৰৰ ফালে আকাশ চোৱাৰ উপক্ৰম হ’ল। দীঘল জিভাখনৰে সকলো মানুহকে সামৰি আনি তেওঁ মুখ-গহ্বৰলৈ সুমুৱাই দিলে আৰু উদৰলৈ নিক্ষেপ কৰিলে। এই দুৰ্যোগৰ সাক্ষী হৈ তাত থাকিল ৰজা, ৰাজপুৰোহিত, ৰাজমহিষী আৰু কন্যা ৰূপৰ পৰা ক্লীবলৈ ৰূপান্তৰিত হোৱা লোকসকল। দেৱীৰ উদৰে বিশাল আকাৰ ধাৰণ কৰিলে। উদৰ-গহ্বৰৰ প্ৰচণ্ড উত্তাপত পুৰুষসকল দেই-পুৰি যাবলৈ ধৰিলে। সিহঁতৰ সংজ্ঞা বিলুপ্ত হবৰ উপক্ৰম হ’ল; আচৰিত ধৰণে সিহঁতৰ কিন্তু মৃত্যু নহ’ল। বৰঞ্চ বাহিৰত ঘটি থকা সমষ্ট ঘটনা সিহঁতৰ অৱগত হৈ থাকিল।
এটা ভয়ানক, গাৰ নোম শিঞৰি উঠা দৃশ্য। সকলোৱে কৰযোৰে ভগৱতীক শান্ত হ’বলৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। উগ্ৰৰূপা দেৱীৰ দুনয়নে জুই বৰষিবলৈ ধৰিলে। দুপাৰি দাঁতে কৰকৰাবলৈ ধৰিলে। তাৰপিচত ঘটিল এক ভয়ানক ঘটনা। দেবীৰ দুই পদৰ মাজেৰে ধাৰাসাৰে ৰক্তবৰ্ণৰ সোঁত প্ৰৱাহিত হৈ ভূমিত পতিত হ’ল। সেই সোঁতত ক্ষুদ্ৰ ক্ষুদ্ৰ আকৃতিৰ মানব-দেহ কিছুমান নিৰ্গত হৈ লালুকীৰ দৰে কিলবিলাবলৈ ধৰিলে। সিহঁতৰ যন্ত্ৰণা-কাতৰ আৰ্তনাদে কেউদিশ চাটি ধৰিলে। সেই আৰ্তনাদ শুনি সকলোৰে কলিজা স্তব্ধ হোৱাৰ উপক্ৰম হ’ল।
সাধু কওঁতা ক্ষন্তেক নীৰৱ হ’ল। শ্ৰোতা তেতিয়া চৰম আতংকগ্ৰস্ত। সকলোৰে ডিঙি গ’ল। শ্ৰোতাক পৰিৱেশটো উপলব্ধি কৰাৰ সুযোগ দি কওঁতাই ক্ষণিক বিশ্ৰাম ল’লে।
পানীৰ পৰা উঠাই মাটিত থলে মাছৰ যেনে ধৰফৰণি উঠে মানুহবোৰেও একেদৰে চটফটাই থাকিল। এইবাৰ চৰম আশ্চৰ্যজনক ঘটনাটো ঘটিল। দেৱীৰ স্তনযুগলৰে শ্বেত তৰল পদাৰ্থ নিঃসৰণ হবলৈ ধৰিলে। সেই তৰলৰ সোঁত আহি ক্ষুদ্ৰ মানুহবোৰক স্পৰ্শ কৰিলে আৰু মানুহবোৰে সেই পদাৰ্থ জন্তুয়ে চেলেকাদি চেলেকি চেলেকি খাবলৈ ধৰিলে। হঠাৎ দেৱীয়ে অট্টহাস্য কৰিবলৈ ধৰিলে।
মূৰ্খ মানুহ, তহঁতৰ অৱস্থাটো নিজে উপলব্ধি কৰিব পাৰিছনে? তহঁত কিমান দুৰ্বল, কিমান নিঃকিণ বুজি পাইছনে? যি নাৰীক তহঁতে কেৱল ভোগৰ বস্তু বুলি ভাব, যি নাৰীৰ কেৱল যৌনাঙ্গতহে তহঁতৰ দৃষ্টি, সেই নাৰী যে তহঁতৰ জননী, তহঁতৰ ধাত্ৰী তহঁতে বুজি পাৱনে? নাৰী অবিহনে তহঁতৰ সন্তান ধাৰণ কৰিব কোনে? তহঁতৰ ভগ্নী, পত্নী, মাতৃ -সকলোতো নাৰীয়েই। তথাপি তহঁতে নাৰীক লৈ খেলা খেল। তহঁতে কৰা পাপৰ বাবে যিমান শাস্তি দিলেও যথেষ্ট নহয়। তথাপি তহঁতক এটা সুযোগ দিলো জীয়াই থকাৰ। মনত ৰাখিবি-সকলোৰে এটা শেষ পৰিণতি থাকে।
দেৱীৰ গৰ্জণৰ দৰে কণ্ঠ আকাশ-পাতাল ভেদি গ’ল। তাৰপিচত সকলো পূৰ্বৰ দৰে হৈ পৰিল। দেৱীৰ প্ৰাচীন মূৰ্তিটো যথাস্থানত একেদৰেই প্ৰতিষ্ঠিত হৈ আছিল। ধ্যানমগ্ন হৈ ৰজা আৰু পুৰোহিত বহি আছিল। কেৱল বৰ্বৰ পুৰুষবোৰেহে নতজানু হৈ দেৱীৰ মহিমা গাই আছিল। তেতিয়া আৰু এটা আচৰিত ঘটনা ঘটিল-ইমানদিনে কন্যা ৰূপৰ পৰা ক্লীৱলৈ ৰূপান্তৰিত হোৱাসকলে পূৰ্বৰ শাৰীৰিক অৱস্থা ধাৰণ কৰি একোজনী সুন্দৰী ৰমণীত পৰিণত হ’ল। হঠাৎ কোমল বতাহ এজাক বলিবলৈ ধৰিলে, বতাহত সুগন্ধি বিয়পি পৰিল। চৰাই কিছুমানে চিঁ চিঁয়াবলৈ আৰম্ভ কৰিলে।
এনে আকস্মিক পৰিবৰ্তনত সকলো অভিভূত হ’ল। বিস্ময়কৰ কথাটো হ’ল-ক্ষন্তেক আগতে যিবোৰ ঘটনা ঘটি গ’ল সেই সকলোবোৰ মাথোঁ এটা অতিশয় ভয় লগা সপোনৰ দৰে মানুহবোৰৰ মন আৰু মগজুত সোমাই থাকিল। অৱশ্যে সকলোৰে এনে অনুভৱ হ’ল যেন সঁচাকৈ বাস্তবতে সকলো ঘটি গ’ল। আশংকাত সকলো কঁপিবলৈ ধৰিলে। পুৰুষবিলাকে বুজি পালে যে সেই সপোনটো আছিল এক বিৰাট সকিয়নী। যুৱতী সকলৰ প্ৰতি সিহঁতৰ দৃষ্টিকোণ সলনি হ’ল। নাৰীৰ প্ৰতি ভয় আৰু সন্মানৰ ভাৱ জাগ্ৰত হ’ল, সম্ভ্ৰমপূৰ্ণ মনোভাৱৰ সৃষ্টি হ’ল।
ইয়াতে সাধুটো শেষ হ’ল- সাধু কওঁতাই ক’লে।
মানুহবোৰে মনে মনে থাকি সাধুটো বুজিবলৈ চেষ্টা কৰিলে।
ৰাজকুমাৰী? ৰাজকুমাৰীৰ কি হ’ল?
সেইসময়তে ৰাজকুমাৰী উভতি আহিল। কিন্তু তেওঁৰ আভৰণ তেজৰে ৰাঙলী হৈ আহিছিল।
তাৰমানে?
ৰাজকুমাৰীয়ে ক’লেঃবনৰীয়া প্ৰাণী এজাকে তেওঁক আক্ৰমণ কৰিছিল। সিহঁতৰ পৰা বাচিবৰ বাবে এখন যুদ্ধ কৰিব লগা হ’ল। আত্মৰক্ষাৰ বাবে লগত লৈ ফুৰোৱা অস্ত্ৰপাতৰে তেওঁ সেই প্ৰাণীবোৰক নিধন কৰিলে। সেই ৰক্তৰে তেওঁৰ আভৰণ ৰক্তাক্ত হ’ল।
ৰাজকন্যাক ঘূৰাই পাই ৰজাই স্বস্তিৰ নিস্বাস পেলালে। দেৱীৰ চৰণত প্ৰণিপাত জনাই ৰজা ৰাজপ্ৰাসাদলৈ উভতি গ’ল।
সাধুটো শেষ হ’ল। শ্ৰোতাক বিস্মৃত কৰি সাধু কোৱা মানুহজনে সেই ঠাইৰ পৰা নতুন এখন ঠাইলৈ নতুন শ্ৰোতাৰ সন্ধানত যাত্ৰা কৰিলে।