সুধাকণ্ঠৰ সৃষ্টিত অপূৰ্ব শব্দচয়নৰ সমাহাৰ

লেখক- --পুষ্পাঞ্জলি শিৱম শৰ্মা

 সুধাকণ্ঠই তেওঁৰ সৃষ্টিত যিবোৰ শব্দৰে গীত, কবিতাবোৰ আলফুলে সজাই-পৰাই তুলি পৰিৱেশন কৰিছিল, বিনাদ্বিধাই ক’ব পাৰি সেই শব্দবোৰে তেওঁক শাসন কৰা নাছিল বৰঞ্চ তেওঁহে এটি এটি শব্দক সুনিপুণতাৰে নিয়ন্ত্ৰণ কৰি তাৰ সুযোগ্য ব্যৱহাৰেৰে ভাবৰ লাস্যময়ী প্ৰকাশ ঘটাবলৈ সক্ষম হৈছিল। 

প্ৰতিটো গীততে তাৰ ভাব অনুযায়ী সঠিক শব্দ প্ৰয়োগত তেওঁ অদ্বিতীয়। 

 

 গীতি সাহিত্যৰ ৰচনাৰ ক্ষেত্ৰত সেইখিনি সময়ত যি মূল ধাৰাৰ প্ৰচলন আছিল তাক তেওঁ প্ৰত্যাহ্বান জনাই শব্দৰ প্ৰয়োগত প্ৰচলিত শৃংখল গঠনেৰে ৰচনাৰ নিৰ্দিষ্ট বিধিক ভাঙি য’ত যি শব্দ লাগে সেইটোহে প্ৰয়োগ কৰিছিল। 

 

 উদাহৰণস্বৰূপে, ঋতু সম্পৰ্কীয় তেওঁৰ বিভিন্ন সৃষ্টিত এই নিপুণতা পূৰাদমে প্ৰকাশিত হৈছে। 

অসমীয়াৰ অতি আদৰৰ বুকুৰ আপোন বাপটি-সাহোন বিহু তিনিটাৰ অন্যতম বহাগ বিহুক লৈ ৰচনা কৰা তেওঁৰ গীতবোৰে এক সুকীয়া খ্যাতি লাভ কৰিছিল। তাৰ ভিতৰত এটি  উল্লেখনীয়  গীত হৈছে-

 

”নৱ নৱ বহাগ আহে

সৰু ফুলে মিচিকি হাঁহে

মনে তােমাক ধিয়ায়। ‘’

 

বহাগৰ আগমনৰ লগে লগে সৰু সৰু ফুলবোৰৰ মিচিকিয়া হাঁহিত তেওঁ বিচাৰি পাইছিল তেওঁৰ প্ৰিয়তমাৰ প্ৰতি থকা মিলনৰ হেঁপাহটোক। সেইবাবে তেওঁ লিখিছিল-

“নৱ নৱ মােৰ ৰচনাকে

শুনােতাই গুণগুণায়। 

মনে তােমাক ধিয়ায়। 

স্বপ্ন হৈ ৰচনাত

মেদিনীৰ হাঁহি বঢ়ালো

তুমিয়েই মােৰ আপােন বৰ

সৰগৰ সুৰ সজালাঁ। 

নৱ নৱ মিলন নিশাৰ

সৰু তৰা জকেমকায়। 

মনে তােমাক ধিয়ায়। ‘’

বহাগৰ আগমনত তেওঁৰ সৰগৰ আৱাহনী সুৰৰো যেন সম্ভেদ পায়। মিলন পিয়াসী সৰু তৰাবোৰ আৰু উজ্জ্বল হৈ তিমতিমায়। 

তেওঁ মনপ্ৰাণ ঢালি গাইছিল-

 

“ইযে ভাগ্য সু আৱাহনী

শতবাৰ মানি ল’লোঁ

অভিজ্ঞতা উপচি পৰে

জলধিত মানসৰাে

অ’ লেখি লহৰ যে ধুনীয়া

হিয়া যে ৰূপতে নাচে। 

মনে তােমাক ধিয়ায়। ”



এই গীতটিত স্পষ্টকৈ প্ৰকাশিত হৈছে যে, বহাগৰ আগমনে তেওঁৰ মন ব্যাকুল কৰি পাৰ কৰি অহা সেই দিনবোৰৰ স্মৃতিৰ সোঁৱৰণীৰ পৃষ্ঠাবোৰ লুটিয়াই চাবলৈ প্ৰেৰণা দিছিল আৰু মিলন পিয়াসী মনে বাৰে বাৰে প্ৰিয়তমাক ধিয়ায় বিৰহত পমি গৈছিল। 

ৰিক্ত গানৰ সুৰেও ভবাই তোলে তেওঁক; বিচাৰিলেও সেই দিন ঘূৰি নাহে। 

বহাগৰ আলম লৈ ইয়াত ড° হাজৰিকাই এক বিৰহৰ ছবিক অতি কুশলতাৰে অঙ্কন কৰিছে। এই গীতটি তেতিয়াৰ সমানে আজিও জনপ্ৰিয়। 

 

 তেওঁৰ গীতবোৰত যে সুনিপুণ গৱেষণাৰ দক্ষ হাতৰ পৰশ নিহিত হৈ আছে, এটি এটি শব্দচয়নে তাৰ উৎকৃষ্টতম উদাহৰণ দাঙি ধৰে। 

ড° হাজৰিকাদেৱে গদ্য শৈলীতো কিছুমান গীত ৰচনা কৰি অতি সাৱলীলভাৱে তাক ভিন্ন শৈলীৰ সুৰেৰে বান্ধি পেলাইছিল। 

 

তদুপৰি গদ্য আকাৰত লিখা তেওঁৰ কিছু যাউতিযুগীয়া গীতে আমাক আশ্চৰ্যচকিত কৰি আহিছে। বহাগক লৈ লিখা তেনে এটি গীত হৈছে, ‘বৰদৈচিলা’। উক্ত সৃষ্টিত তেওঁ এক চমৎকাৰী প্ৰভাৱেৰে সকলোকে আচৰিত কৰি তুলছিল। যেনে,

 

ককাই, অসমৰ আকাশত

সেয়া কাকতৰ চিলানে, বৰদৈচিলা? 

বৰদৈচিলানে সৰুদৈচিলানে অসমৰ আকাশত বৰ বৰ চিলা?

চিলাৰায়ৰ চিলানে, কাকতৰ চিলানে, কাকতত থকা ভুৱা পৰিকল্পনা? 

চিলানে, শেননে ৰঙা নীলা চিলা

নে হাঁহিয়াতৰ পাত্ৰ ধােদৰ পচলা? সৌবােৰ ঠোঁট যেন তেজহে সনা, শেন যেন লাগিছে চকুৰে নমনা। 

 অসমীয়াই এইবােৰ ভাবি চাবৰ বহাগেই বতৰ কিজানি? 

বােলো হয় হয় হয় হয়। এ হয়নে? 

 

নতুন পুৰুষে কিছু কাম কৰাৰ বহাগতে বতৰ কিজানি।

বােলো হয় হয় হয় হয়—হয়নে?

বােলোঁ হয় হয় হয় হয় হয়নে? 

বােলোঁ হয় হয় হয় হয়। ‘’

 

 নতুন পুৰুষলৈ তেওঁৰ আহ্বান, বহাগতে যেন কিছু কাম হওক। অকল ঢোলত ছেও উঠালেই নহ’ব; তাৰ লগে লগে তেওঁ অসমীয়া ডেকাক আহ্বান জনাইছে হাতে কামে লাগিবলৈ। প্ৰকৃত বহাগৰ ৰং-ৰহইচ তেতিয়াহে ফলপ্ৰসূ হ’ব, যেতিয়া ধনে ধানে কামে-কাজে প্ৰতিজন অসমীয়া নদন-বদন হ’ব। 

 

শব্দবোৰ যেনেকৈ যি ঠাইত খাপ খুৱালে ভাবৰ মুক্ত সঞ্চাৰ আৰু প্ৰকাশ সুন্দৰ হয়, তেওঁ সেইবোৰ শব্দ বাচি লৈ প্ৰয়োগ কৰে। অৱশ্যে কেতিয়াবা সেই শব্দবোৰৰ ভিতৰত কঠিন শব্দও প্ৰয়োগ কৰিছিল। অৱশ্যে তাক উপযুক্ত সুৰৰ বান্ধোনেৰে বান্ধি ওজঃগুণসম্পন্ন কৰাত গুৰুত্ব দিছিল। সেয়ে তাক গুণগুণাবলৈ সকলো স্তৰৰ মানুহে সহজ পাইছিল। 

 

‘চেনাই মোৰ ঐ’’ত বহাগৰ মাদকতা বৰ্ণনা কৰি তেওঁ লিখিছে-

 

“ৰৈ ৰৈ ৰৈ ৰৈ মাতে কুলি কেতেকী

ৰৈ ৰৈ ৰৈ ৰৈ মই নাচো হৈ ৰচকী? 

সােণ তই ওলালিহি মিঠা বহাগত

খােপাতে কপৌফুল কঁপে উলাহত

অ’ কপৌফুলৰ লগতে

মােৰে কলাফুলতে

মৰম মৰম লগাকৈ ঢৌবােৰে নাচিছে।”

 

কেতেকীৰ মাতত ৰচকী নাচনীৰ তৎ নাইকিয়া হয়। কিয়নো প্ৰিয়জন আহিব বুলি। 

উধনীয়া খোপাত কপৌফুলে শুৱনি কৰিছে লগতে নাচনীৰ কলাফুলত ঢৌবোৰে মৰমলগাকৈ নাচিছে। 

 

দিখৌ নৈ এৰিবহে পাৰোঁ মই লাহৰি

 অ’ মোৰ সোণ সোনাই ঐ

 হাতত গামে খাৰু কোনে পিন্ধাই দিব। 

  অ’ মোৰ সোণ সোনাই ঐ ..

  হাতত জেতুকাৰ বোল। 

কোনে বোলাই দিব

 খোপাতে ঐ কপৌ ফুল

কোনে গুজি দিব/ খোপাতে ঐ কপৌ ফুল/ কোনে গুজি দিব/ মোৰ সোণ সোনাই ঐ / বিহুতলি শুৱনি/ বিহুতলি শুৱনি কৰি

মোৰ সোণ সোনাই ঐ / পাহাৰৰেপৰা/

 আইজ’

 

 কপৌ ফুল আনিবা/ মোৰ সোণ সোনাই ঐ / বিহুৰে তলিত মোকে পিন্ধাই দিবা

…ইত্যাদি।      

 

উপৰোক্ত গীতটিত লক্ষ্য কৰিলে দেখা যায় যে যিদৰে অসমীয়া গীতি সাহিত্যৰ ক্ষেত্ৰত গীত হ’বলৈ কিছুমান বিশেষ উপাদানৰাজি থাকিব লাগে, যেনে শব্দচয়নৰ দিশত কোমলতা আৰু মধুৰতাৰ দৰকাৰ, সেয়া ইয়াত সুন্দৰকৈ প্ৰতিফলিত হোৱা দেখা গৈছে। 

তেওঁ ইমান সাৱলীলভাৱে গীতৰ কথাত সুৰ আৰোপণ কৰিছিল যে প্ৰতিটো গীতেই শ্ৰুতিমধুৰ হৈ পৰিছিল। 

 হাজৰিকাদেৱে শব্দৰ ক্ষেত্ৰত থকা কঠিনতাৰ শৃংখলবোৰক উপযুক্তভাৱে ভাঙি তাক নিজৰ আয়ত্ত্বলৈ আনি গীতত সুন্দৰ প্ৰয়োগ কৰিছিল আৰু সেইবাবেই গীতিকাৰ আৰু সুৰকাৰ হিচাপে ভূপেন হাজৰিকাদেৱ অদ্বিতীয়। 

অৱশ্যে তেওঁ সৰহভাগ গীতৰ শব্দচয়ন সহজ কৰি ৰচনা কৰিছিল আৰু তাত যুক্তাক্ষৰযুক্ত কঠিন শব্দৰ প্ৰয়োগ সিমান কৰা হোৱা নাছিল। 

‘বহাগ’ক লৈ তেওঁৰ তেনে এটি জনপ্ৰিয় গীত হৈছে ‘মিঠা মিঠা বহাগ’’। 

 

যেনে_

 

“মিঠা মিঠা বহাগৰ

গীত এটিকে ৰচোঁ বুলি ভাবিলোঁ, 

তেনেতে চুচুক-চামাককৈ কাষ চাপিলা

মই যেন ভাষা পালোঁ। 

লুইতত তিওৱা আমাৰে দেহা, 

মাহ আৰু হালধিৰ সুবাস ঘঁহা, নিচেই কাষতে পোৱাৰ পিছত, 

সুৰ যেন হাততে পালোঁ। 

মোৰ বহাগ যেন এটি সৰু বিহুগীত

ক’ৰবাত হেৰাই যোৱা। ‘’

 

 উপৰোক্ত গীতটোত প্ৰয়োগ হোৱা ৬৬ টা শব্দৰ মাজত কঠিন শব্দ প্ৰায় নাই বুলিবই পাৰি। সুন্দৰ শ্ৰুতিমধুৰ সাৱলীল শব্দৰ প্ৰয়োগেৰে গীতটো অতি সুনিপুণতাৰে ৰচনা কৰা হৈছে। 

ইয়াৰ বিপৰীতে “স্নেহেই আমাৰ শত শ্ৰাৱণ” গীতটিৰ প্ৰায় প্ৰতিটো শব্দই জটিল,যুক্তাক্ষৰ থকা হ’লেও শ্ৰুতিমধুৰ আৰু তেওঁৰ কণ্ঠ আৰু উচ্চাৰণত সুস্পষ্ট৷ 

 

আকৌ বহাগৰ সুবাসত প্ৰিয়জনৰ অনুভৱক এইদৰে ব্যাখ্যা কৰি গাইছিলঃ

 

“লুইতত তিওৱা আমাৰে দেহা, 

মাহ আৰু হালধিৰ সুবাস ঘঁহা, 

নিচেই কাষতে পোৱাৰ পিছত, 

সুৰ যেন হাততে পালোঁ। 

মোৰ বহাগ যেন এটি সৰু বিহুগীত

ক’ৰবাত হেৰাই যোৱা, 

আজি যেন হঠাতে পোৱা। 

এক জাক গাভৰুৱে হঠাতে হঁহা, 

এক জাক বগলী বলিয়া হোৱা, 

বিহুৱা আৱেশে আজি মোক জোকোৱাত, 

মই যেন ধুমুহা হ’লোঁ।” 

 

 হাজৰিকাদেৱৰ ৰচনা, সুৰ আৰু অনুকৰণীয় গায়নশৈলীৰে শ্ৰোতাক আপ্লুত কৰি তোলা এইটো এটা অন্যতম গীত । 

 

বিভিন্ন কোমল কোমল তদ্ভৱ শব্দৰ সাৰ্থক প্ৰয়োগেৰে তেওঁ জাতিটোক অমৰ সৃষ্টি উপহাৰ দি থৈ গৈছে । তেওঁৰ এই বিনন্দীয়া সৃষ্টিৰাজিয়ে আমাৰ অসমীয়া জাতিৰ কলা-সংস্কৃতিৰ ক্ষেত্ৰখনক যথেষ্ট সমৃদ্ধিশালী কৰিছে। যিকোনো ভাষা এটাক সমৃদ্ধ কৰা অন্যতম গুৰুত্বপূৰ্ণ দিশটো হৈছে তাৰ জতুৱা প্ৰকাশভংগী। যাক ভাষাৰ কালিকা বুলি কোৱা হয়। ড° ভূপেন হাজৰিকাদেৱে এই দিশটোক অতিকৈ গুৰুত্ব দিছিল। প্ৰধানকৈ ভাষা এটি যেতিয়া অনুবাদ কৰা হয় তেতিয়া এই জতুৱা প্ৰকাশভংগীৰ অনুবাদ কেতিয়াবা সম্ভৱ হৈ নপৰাও দেখা যায়। কিন্তু এই ক্ষেত্ৰত হাজৰিকাদেৱৰ পাণ্ডিত্য প্ৰকাশ পাইছিল। প্ৰধানকৈ বাংলা আৰু হিন্দী ভাষাত ৰচিত সাৱলীল গীতবোৰ তাৰেই অন্যতম উদাহৰণ বুলি ক’ব পাৰি। যিবোৰ চিৰসেউজ। 

 

তেওঁৰ কালজয়ী গীতবোৰ, তাৰ সুৰ, শব্দ আৰু সংগীতৰ যি অনুপম সৃষ্টি তাৰবাবে অসমৰ কলা-সাহিত্যৰ জগতখনৰ লগতে সংগীতৰ ক্ষেত্ৰখনে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধাৰে সুঁৱৰি থাকিব অনন্তকালজুৰি। 

 

 ————————————————————

 

প্ৰধান প্ৰসংগ পুথি: 

 

১. ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ; ডঃ দিলীপ দত্ত

 

২. মৃত্যু়ঞ্জয়ী দুৰন্ত তৰুণ ভূপেন হাজৰিকা; অনুভৱ পৰাশৰ, সমীৰণ গোস্বামী

 

৩.ইণ্টাৰনেট। 

 

————————————————————




শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!