সুৰীয়া শৈশৱৰ উপলব্ধিঃ এয়া আকাশবাণী গুৱাহাটী

লেখক- - উৎপল বাদল বৰুৱা

পঞ্চাশৰ আশে পাশে বয়স হোৱা প্ৰজন্মৰ বাবে আকাশবাণী হৈছে শৈশৱ আৰু কৈশোৰৰ সুৰীয়া উপলব্ধি। আমি যেতিয়া সৰু আছিলো, গণ-মাধ্যমৰ প্ৰধান উপাদান আছিল বাতৰি কাগজ আৰু আলোচনীসমূহ। প্ৰধানকৈ গুৱাহাটীৰ পৰাই প্ৰকাশ হোৱা অসমীয়া বাতৰি কাকতসমূহ আমি ডাঙৰ হবলৈ সুবিধা পোৱা মফচলীয়া নগৰসমূহত পাওঁতে প্ৰায়েই গধূলি হৈছিলগৈ। লক্ষ্মীমপুৰৰ কোনো কোনো ঠাইত হেনো পাছদিনাহে দৈনিক কাকতখন পাইছিলগৈ। আমাৰ ঘৰখন গুৱাহাটী আৰু কলিকতাৰ পৰা প্ৰকাশ হোৱা কেইবাখনো অসমীয়া আৰু বাংলা কাকত আলোচনীৰ নিয়মীয়া গ্ৰাহক আছিল। অনাতাঁৰ সেৱা অসমত স্বাধীনতাৰ ঠিক পাছতে প্ৰসাৰ ঘটে যদিও সি সকলোৰে বাবে সমানে উপলব্ধ হোৱা নাছিল। ৰেডিঅ’ এটাৰ দাম সেইসময়ৰ মূল্য হিচাপে যথেষ্ট আছিল আৰু সকলোৱে কিনিব পৰাৰ সামৰ্থৰ ভিতৰত নাছিল। সত্তৰৰ দশকৰ পাছতহে অনাতাৰ সেৱাৰ প্ৰচুৰ প্ৰসাৰ হোৱা দেখিছিলো। 

শৈশৱ আৰু কৈশোৰৰ দিনবোৰত ৰেডিঅ’টোৱেই আছিল আমাৰ সৰু সৰু পঁজাবোৰৰ পৰা বিশ্বখনলৈ জুমি চাব পৰা একমাত্ৰ নিৰ্ভৰযোগ্য খিৰিকি, গণসংযোগৰ হাততে পোৱা শক্তিশালী মাধ্যম। ১৯৭৭ চনত জৰুৰীকালিন অৱস্থাৰ সময়ছোৱাত দেশৰ খবৰ লোৱাৰ উৎকণ্ঠাত হঠাতে দেউতাই আমাৰ ঘৰলৈও কিনি আনিছিল ফিলিপছ্‌ কোম্বানিৰ এটা সৰু ৰেডিঅ’ ছেট, মডেলটোৰ নাম আছিল ‘জোৱান’। এফ. এম. বেণ্ড নাছিল, তেতিয়া আৰম্ভ হোৱাই নাছিল। মিডিয়াম আৰু ছৰ্ট ৱেভ্‌ৰ সুবিধা থকা সেই অকণমানি যন্ত্ৰটোৱেই আছিল আমাৰ বাবে বিশ্বকোষ, সাংস্কৃতিক কেন্দ্ৰ আৰু মনোৰঞ্জনৰ প্ৰধান আহিলা। ইমান মগন আছিলো যে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা ‘সুৰৰ সাতসৰী’ আৰু গুৱাহাটীৰ পৰা প্ৰচাৰ হোৱা ‘কল্পতৰু’ শুনাৰ পৰা বঞ্চিত হ’ম বুলি ৰবিবাৰে ঘৰৰ পৰা আতঁৰিবলৈকে বেয়া পাইছিলো। ‘আইদেউৰ বুলনি’-ত ডেৰ বজাত কেতিয়াবা নাটকো আহে যদিও আচলতে দুই বজাতহে নিৰ্ধাৰিত হৈ থাকে – আজিৰ নাট্যানুষ্ঠানৰ নিবেদন ….। চকুমুদি আপোনাভোলা হৈ শুনো, কল্পনাৰ জিয়াঁ ভ্ৰমি ফুৰে ৰেডিঅ’টোৰ মাতে মাতে। ৰাতিপুৱা চাৰে আঠ বজাত ‘গীতি-মালিকা’ আৰম্ভ হ’ল মানে স্কুললৈ ওলোৱাৰ প্ৰথম পৰ্যায়ৰ সময় হ’ল, অন্তত গা-ধোৱা কামটো ইয়াৰ আগে আগে হৈ যাব লাগে। তাৰপাছতে আঞ্চলিক বাতৰি। তেতিয়ালৈকে যদি খোৱা হোৱা নাই –স্কুললৈ দেৰি হ’বই হব। বেলিটো বা ঘড়ীটোতকৈ ৰেডিঅ’টো আছিল বেছি বিশ্বস্ত, বেছি নিৰ্ভৰযোগ্য। গুৱাহাটীৰ পৰা প্ৰচাৰ হোৱা আঞ্চলিক বাতৰি পঢ়িছিল প্ৰধানকৈ দুজনলোকে – নীৰেন বৰুৱা আৰু অৱন বৰপূজাৰীয়ে। দিল্লীৰ পৰা বাতৰি পঢ়াসকল আছিল – লিলিদাস মালিক, গুণ বৰুৱা, হিৰণ দত্ত, বিভা গোস্বামী আদি। তেখেতসকলৰ মাতবোৰ ইমানেই চিনাকি আছিল যে প্ৰথম শব্দ ‘এয়া আকাশবাণী’ বুলি কোৱাৰ লগে লগে পৰিৱেশকজনৰ নামটো আমি কৈ দিব পাৰিছিলো। ভবেন্দ্ৰনাথ শইকীয়া আৰু তৰুণ শইকীয়াৰ ৰেডিঅ’ নাটক শুনিবৰ বাবে চুবুৰীয়াসকলো একেঠাইতে গোট খাইছিলহি। নাটক, সংগীতালেখ্য আৰু আন অনুষ্ঠানবোৰো সজাই পৰাই শ্ৰোতাৰ আগলৈ উলিয়াই আনিবৰ বাবে আকাশবাণীৰ কৰ্মকৰ্তাসকলে যে প্ৰচুৰ শ্ৰম কৰিছিল সেইকথা শ্ৰোতাই মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছিল। মই মেট্ৰিক পৰীক্ষাৰ বাবে সাজু হোৱাৰ সময়ত বিদ্যাৰ্থীৰ অনুষ্ঠানৰ পৰা যথেষ্ট উপকৃত হৈছিলো। 

পিছে, সুদিন সদায় সুদিন হৈয়েই নাথাকে। 

১৯৮২ চনত নতুন দিল্লীত ‘এছিয়াদ গেইমছ’ অনুষ্ঠিত হোৱাৰ সময়ত দূৰদৰ্শন সেৱাৰ প্ৰচুৰ প্ৰসাৰ ঘটে। তাৰ কিছুদিনৰ পিছতে ৰামায়ন চিৰিয়েলখন আৰম্ভ হোৱাৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষতে দূৰদৰ্শন অত্যন্ত জনপ্ৰিয় হবলৈ আৰম্ভ কৰিলে। ইয়াৰ আগতে দক্ষিণৰ ৰাজ্যকেইখনত হিন্দী ভাষাৰ অনুষ্ঠান কোনেও নাচাইছিল। লগে লগে ঘৰে ঘৰে থকা ৰেডিঅ’বোৰৰ ওপৰত ধূলি পৰিবলৈ ল’লে। ভিতৰত থকা বেটাৰী গেলি গ’ল। বহুতে ঘৰত কাম কৰা বা লাচনি-পাচনি কৰি সহায় কৰালোকক ৰেডিঅ’টো দান দিলে। এইখিনি সময়তে বহুতে অনাতাঁৰ সেৱাৰ মানৰ ওপৰতো প্ৰশ্ন তুলিলে। যিহওক, ৰেডিঅ’ হেৰাই নগ’ল। আমাৰ সমাজৰ অৰ্থনৈতিক বৈষম্যই সকলোকে সকলো সুবিধা সমানে নিদিয়ে। এচাম মানুহে ৰেডিঅ’ শুনিয়েই থাকিল। এচাম মানুহৰ মাজত ৰেডিঅ’ এতিয়াও গণসংযোগৰ এক শক্তিশালী মাধ্যম। টেলিভিছন, কেবল টিভি, ডি-টি-এইছ্‌ সেৱাত ছেনেলৰ পয়োভৰ, মোবাইল, ফে’চবুক, ৱাটছ্‌আপে অনাতাঁৰ সেৱালৈ যুগমীয়া বাধা কঢ়িয়াই আনিলে হয়, কিন্তু নিঃশেষ কৰিব পৰা নাই আৰু নোৱাৰেও। ইতিমধ্যে অনাতাঁৰ সেৱাইও নৱৰূপ পাইছে। আগতে বতৰ বেয়া বা বিজুলী মাৰিলে ৰেডিঅ’ৰ মাতটোত প্ৰভাৱ পৰিছিল। এতিয়া নতুন পদ্ধতি আহিল। কম্পনাংকৰ দ্বাৰা এফ্‌ এম্‌ প্ৰেৰিত মাত কথাত বতৰৰ প্ৰভাৱ নপৰে, সেয়ে ৰেডিঅ’ৰ মাত কথা এতিয়া পৰিষ্কাৰ। ৰেডিঅ’ শুনিবলৈ অকল কাণদুখন হলেই হয়, চকুৰ দৰকাৰ নাই। গাড়ী চলাই গৈ থাকোতে যানজঁটত ঘণ্টাৰ পাছত ঘণ্টা আৱদ্ধ হৈ পৰিলে টেলিভিছন চাব নোৱাৰি, ফে’চবুক ৱাটছআপ কৰাটো বিপদজনক কিন্তু নিৰাপদে শুনি থাকিব পাৰি ৰেডিঅ’ৰ এফ্‌ এম্‌ বেণ্ড। সাম্প্ৰতিক এফ্‌ এম্‌ সেৱা এটা লাভজনক ব্যৱসায়। ক্ৰমশঃ ম্লান হবলৈ ধৰা ৰেডিঅ’ৰ গৰিমা যেন আকৌ ঘূৰি আহিছে। আকাশবাণী বিভাগেও এই ছেনেলসমূহৰ লগত ফেৰ মাৰি আগবাঢ়ি যাব পৰাকৈ আমোদজনক, চিন্তাকৰ্ষক, তথ্যপুৰ্ণ অনুষ্ঠান প্ৰস্তুত কৰিবলৈ লৈছে। এই অনুষ্ঠানসমূহ সমগ্ৰ বিশ্বতে ইণ্টাৰনেটৰ দ্বাৰা শুনিব পৰাৰ সহজলভ্য হৈ পৰিছে। 

এসময়ত আমাৰ দিনটোৱেই আৰম্ভ হৈছিল ৰেডিঅৰ পুৱাৰ বন্দনাৰে। বৰগীত- লোকগীতে দিনটোলৈ মনটোক এটা পৱিত্ৰতাৰ আৱেশ সানি দিছিল। ৰাতিপুৱাৰ কিছুমান সংবাদ আছিল অত্যন্ত তথ্যপূৰ্ণ, সাম্প্ৰতিক সময় বা ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত। আন প্ৰয়োজনীয় অনুষ্ঠানসমূহ আছিল কৃষিৰ দিহা, বিজ্ঞান, সাহিত্য আৰু স্বাস্থ্য সম্পৰ্কীয়। তাৰোপৰি অসমৰ পাহাৰ-ভৈয়ামৰ জাতি জনজাতিৰ থলুৱা মাত-কথাৰে ৰেডিঅটোৱে দিনে নিশাই টক-টকাই আছিল। মনোৰঞ্জনধৰ্মী অনুষ্ঠানৰ ভিতৰত আছিল – মহেন্দ্ৰ বৰঠাকুৰৰ ৰচনা কৰা আৰু দুৰ্গেশ্বৰ বৰঠাকুৰে কৰা অভিনয়েৰে ‘নোকোৱাই ভাল’। ৰেডিঅ’ৰ ‘গোৱৰ্দ্ধন চৰিত’ শুনিয়েই মানুহে ইন্দ্ৰ বনিয়া আৰু চেতনা দাসক পতি-পত্নী বুলি ভাবিবলৈ লৈছিল। তৰুণ শইকীয়াৰ অপূৰ্ব স্বাদৰ আন এখন নাটক আছিল ‘ঘিনাই সাতোলাৰ ইতিবৃত্ত’। সেইখন নাটকত মূল চৰিত্ৰত দিলীপ শৰ্মাই কৰা অভিনয় আৰু তেখেতে দিয়া কণ্ঠ পাহৰিব পৰা কথাই নহয়। ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ নাটক (জোনাকীৰ বিয়া, শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট, আগন্তুক আদি) শুনিবলৈ সেই সময়ৰ শ্ৰোতাসকলে যি আগ্ৰহ দেখুৱাইছিল সেয়া আছিল জনপ্ৰিয়তাৰ বিৰল উদাহৰণ। নীলু চক্ৰৱৰ্তী আছিল বেছিভাগ নাটকৰে প্ৰযোজক, অসমীয়া সমাজ জীৱনৰ ওপৰত গভীৰ জ্ঞান থকা চক্ৰৱতীৱে ৰেডিঅ’ৰ নাটকৰ চৰিত্ৰ একোটাক প্ৰায় জীৱন্ত ৰূপ দিব পাৰিছিল। যুৱ-বাণী, চেমনীয়াৰ চঁৰা, অকণিৰ মেল আদি অনুষ্ঠান নিৰ্দিষ্ট বয়সৰ শ্ৰোতাৰ বাবে বৰ উপযুক্ত আৰু ব্যৱহাৰিক দিশৰ পৰা অতি প্ৰয়োজনীয় আছিল। অৱনী বৰাৰ গলগলীয়া কণ্ঠস্বৰ আৰু বন্তি বৰপূজাৰীৰ অমিয়া মাত এতিয়াও কাণত বাজি থাকে। পিছৰ ফাললৈ অসীম কাজিৰ নেতৃত্বত ‘ফোন-ইন-কল্পতৰু’ আৰম্ভ হৈছিল। এইটো অনুষ্ঠানেও শ্ৰোতা সকলৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেনেকৈ নিয়মীয়াকৈ ৰেডিঅ’ শুনা অনেকেই কৌস্তুভমণি শইকীয়াৰ আমোদজনক ৰচনাৰ কথা মনত পেলায়। 

শৈশৱ আৰু কৈশোৰতে এৰি থৈ অহা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ মই আকৌ শুনিবলৈ ল’লো ইণ্টাৰনেট যোগে ৰেডিঅ’ শুনিব পৰা হোৱাৰে পৰা। কিছুদিন ধৰি আকাশবাণীৰ এটা এপ্লিকেচন যোগে কেইবাটাও অনুষ্ঠান মই প্ৰায় নিয়মীয়াকৈ শুনিবলৈ লৈছো। তাৰে এটা অনুষ্ঠানৰ নাম “অভিলেখাগাৰৰ পৰা।” অভিলেখাগাৰ মানে – Archive, এটা সুন্দৰ অসমীয়া প্ৰতিশব্দ। অনুষ্ঠানটো শুনিলে গম পোৱা যায় তাত নিহিত থকা কৰ্মকৰ্তাসকলৰ পৰিশ্ৰমৰ কথা। বিশেষকৈ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা কেইবাটাও অনুষ্ঠান প্ৰতিজন অসমীয়া মানুহে শুনা উচিত। বুৰঞ্জীয়ে সহজেই সত্যৰ অপলাপ কৰিব পাৰে। আত্মকথা প্ৰায়েই অতিৰঞ্জিত হোৱা দেখা যায়। কিন্তু এই অনুষ্ঠানটো তেনে সংকীৰ্ণতাৰ পৰা বাহিৰত থকা যেন লাগে। কামৰ নমুনা, নিজেই নিজৰ বিষয়ে কোৱা কথা, তৃতীয় ব্যক্তিৰ অভিমত আদিৰ সন্তুলিত সংমিশ্ৰণে অনুষ্ঠানটো সুখশ্ৰাৱ্য, তথ্যপূৰ্ণ আৰু ৰুচীপূৰ্ণ কৰাৰ লগতে মিথ্যাচাৰৰ পৰা দূৰত ৰাখিছে বুলি কব পাৰি। ইতিমধ্যেই প্ৰচাৰ হোৱা পাৰ্বতী প্ৰসাদ বৰুৱা, ব্ৰজেন বৰুৱা, বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, হীৰেন ভট্টাচাৰ্য, তচদ্দুক ইউচুফ, ভবেন্দ্ৰনাথ শইকীয়া, লক্ষ্যধৰ চৌধূৰী, যোগেশ চন্দ্ৰ ভৰালী, চন্দ্ৰ চৌধুৰী, নলিনীধৰ ভট্টাচাৰ্য, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, মিহিৰ বৰদলৈ আৰু আব্দুল মজিদৰ জন্ম বা মৃত্যুৰ তাৰিখৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা আটাইকেইটা খণ্ড বৰ শ্ৰুতিমধুৰ হৈছিল। এখন নিখুঁত আঁচনি আৰু নিৰ্ধাৰিত কৰ্মসীমাৰ (Framework) ভিতৰত এই অনুষ্ঠানটোৱে অসমীয়া ভাষা-সাহিত্যৰ বাবে এক গুৰুত্বপূৰ্ণ কাম কৰিব পাৰিব বুলি মোৰ বিশ্বাস হৈছে। 

সুখৰ কথা যে আকাশবাণীৰ অনুষ্ঠানসমূহ শুনিবৰ বাবে শ্ৰোতাই আকৌ আগ্ৰহ প্ৰকাশ কৰিবলৈ লৈছে। ব্যক্তিগত ৰেডিঅ’ চেনেলৰ লগত হোৱা প্ৰতিযোগিতাত এক নিদ্দিৰ্ষ্ট মানদণ্ডৰ তললৈ ননমাকৈয়ো আকাশবাণীয়ে নিজৰ গৰিমা অক্ষুণ্ণ ৰাখিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। অপ্ৰিয় হলেও সত্য যে ব্যক্তিগত মালিকৰ অধীনত থকা দুৰদৰ্শনৰ ব্যক্তিগত চেনেলসমূহে ক্ৰমান্বয়ে বিশ্বাসযোগ্যতা হেৰুৱাবলৈ আৰম্ভ কৰিছে। খবৰৰ প্ৰকৃত সত্যাসত্য নিৰূপণ কৰিবলৈ কেইবাটাও চেনেল একেলগে চোৱাটো অপৰিহাৰ্য হৈ পৰিছে। আকাশবাণীয়ে এই সুযোগতে নিজকে আকৌ গণ সংযোগৰ এক অপ্ৰমাদী নিৰ্ভৰযোগ্য মাধ্যম হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব পাৰে। লাখ লাখ নাগৰিকৰ বাবে ৰেডিঅ’টো আকৌ গণ মাধ্যমৰ নিৰ্ভৰযোগ্য আহিলা হৈ পৰিব পাৰে। 

(এই লেখাটো গৱেষণামূলক প্ৰবন্ধ নহয়, মোৰ নিজৰ উপলব্ধি আৰু নিজ চিন্তাৰে প্ৰকাশ কৰা আত্মকথা বা অভিমতহে – লেখক)

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!