সেউজী সেউজী অ'

লেখক- কলচুম বিবি

শৰৎ ঋতু। চৌদিশে কুঁৱলীৰ পাতল আচ্ছাদন। সাতঘৰাপেনীয়ে আজানৰ মাততে সাৰ পাইছিল। পোহৰ হোৱালৈকে বিচনাখনতে ইফাল-সিফাল কৰি আছিল। আন্ধাৰ আঁতৰাত গায়ে-মূৰে চাদৰখন মেৰিয়াই চাংখনৰ তলৰপৰা দাখন হাতত লৈ ওলাই গ’ল। কিছুদূৰ যোৱাৰ পাছতে তাইক চুমাপেনীয়ে লগ দিলে। আজিকালি ঘৰে ঘৰে ৰন্ধন গেছ। দুয়োজনী বাঁৰী। ল’ৰা-ছোৱালীও নাই। ইঘৰে-সিঘৰে এখন-দুখন লাচনি-পাচনি কৰি পেটটো পুহি আছে। কেনেকৈনো ৰন্ধন গেছ এটাৰ যোগাৰ কৰে। আঁচনি-চাচনিয়ে ঢুকি নোপোৱা মানুহ সিহঁত। সেয়ে পুৱাই উঠি দুডালমান খৰিকে বিচাৰি আনি থয়। পথৰ দুয়োকাষে ধাননি পথাৰ। দুয়ো হনহনাই গৈ মুখ থেকেচা খাই পৰি থকা সোণাৰু আৰু আমজোপাৰ কাষতে ৰ’ল। লগত লৈ অনা দাখনেৰে দুয়ো ঠানিবোৰ টুকুৰা-টুকুৰকৈ কাটিবলৈ ধৰিলে। 

 

 নিজান পথটো, ধাননি পথাৰখন মানুহৰ গুণগুণনি আৰু খুট্ খাট্ শব্দত লাহে লাহে মুখৰিত হৈ পৰিল। কোমল ৰ’দে আৱৰি ধৰিলে চৌদিশ। পুৱাৰ ঠাণ্ডা ঠাণ্ডা ভাবটো এতিয়া নাইকিয়া হ’ল। এই সকলোবোৰৰপৰা কিছু নিলগত পথৰ দাঁতিত এজনী ছোৱালী কৰ্ফাল খাই পৰি থকা বকুল এজোপাৰ কাষত ৰৈ আছিল। দুচকু বিষাদভৰা। 

 

আহিনৰ হাতত ধৰি সন্তৰ্পণে শৰৎ অহাৰ সময়ৰ কথা। সেউজ ৰঙা আৰু হালধীয়া ফুলবোৰৰ মাজত প্ৰসাধনবিহীন ছোৱালী এজনী পখিলা এজনী হৈ পৰিছিল। ফুলবোৰ আলফুলে হেঁপাহ পলুৱাই চুইছিল। চকুৱে-মুখে হাঁহি বিৰিঙিছিল। শাকনিৰপৰা অতি সাৱধানে এডাল দুডালকৈ অপতৃণ আঁতৰাই দিছিল। তাইৰ হাতৰ পৰশ পাই প্ৰতিজোপা গছ ঠন ধৰি উঠিছিল। তাই খৰাহী ভৰাই ভোল, জিকা, কৰদৈ, জলকীয়া, বিলাহী, বেঙেনা, নেমু আদি চিঙিছিল।

 

শনিবাৰটো আহিলেই প্ৰৌঢ় মানুহজনৰ খদমদম লাগে। ফটিকক চিঞৰে-”ঐ ফটিক ৰিক্সাখান লৈ আহ।”

 

ফটিকে ৰিক্সাখন ফটাকানি এখনৰে মচি টিনৰ চালিখনৰ তলৰপৰা চোতাললৈ লৈ আহে। ছোৱালীজনীয়ে খৰাহীটোৰপৰা পাচলিবোৰ মোনা এখনত ভৰাই ৰিক্সাখনত তুলি দিয়ে আৰু মাকে তপতাই দিয়া ৰঙা চাহটুপি তিনিও ফুৱাই ফুৱাই খায়। তাৰপাছত ফটিকৰ লগত শনিবৰীয়া মহিলা হাটলৈ ঢাপলি মেলে। তাইৰ পিছে পিছে এজাক ল’ৰা-ছোৱালী গাঁৱৰ তিনিআলিটোৰ মূৰলৈকে কিৰিলিয়াই যায়। মূল পথত উঠাৰ পাছত ফটিকে ৰিক্সাখন বেগেৰে চলাবলৈ ধৰে। তেনে দিনত পুৱাৰ কোমল বতাহজাকে তাইক বৰকৈ আমনি দিয়ে। কুহুৰ কুহুৰকৈ কাহে।

 

তাই গৈ পোৱাৰ আগতেই প্ৰায়ে কলাইগাঁৱৰ ফালৰ পোহাৰী এজনী আহি পায়। দুয়ো দুয়োৰে মুখলৈ চাই মিচিকিয়াই হাঁহি কামত ধৰে। মানুহজনীয়ে হাতীগড়ৰ পৰা অনা ডাঙৰ ডাঙৰ গোল নেমু, কাজি নেমু, নীল কচু, ক’লা কচু, কলমৌ শাক, কচুৰ লতিৰ মুঠাকেইটা ভাগে ভাগে সজাই থয়। মানুহজনীৰ কাষতে তাই নিজৰ বাবে ঠাই অকণ চাফ-চিকুণ কৰি লয় আৰু মোনাৰপৰা পাচলিবোৰ উলিয়াই এফালৰ পৰা সজাবলৈ আৰম্ভ কৰে। লাহে লাহে এজনী-দুজনীকৈ কেইবাজনীও পোহাৰী আহি নিজৰ নিজৰ ঠাই দখল কৰাৰ লগে লগে গ্ৰাহকৰো আগমন হয়। তাইৰ কাষতে থকা জোনটি বাইদেউৰপৰা টেকেলি মুখত দিয়া পিঠা এটাৰে চাহ একাপ খায় আৰু পিঠাকেইটামান ঘৰলৈকো বান্ধি লয়। জোনটি বাইদেউৰ পিঠাকেইটা নিমিষতে শেষ হয়। বাইদেউৰ কাষতে মানুহ এজনীয়ে চৰুধৰা কাপোৰ কেইখনমান লৈ উদাস মনেৰে প্ৰায়ে বহি থাকে। দুই এজন গ্ৰাহকক উপযাচি সোধে। কোনেও নলয়। তাকে দেখি তাইৰ মনটো সেমেকি উঠে। মানুহজনীৰ মনটো মৰা। তাই ঘৰলৈ আহিবৰ পৰত সদায়ে মানুহজনীৰপৰা চৰুধৰা কাপোৰ কিনে। মাকে পাৰে মানে বকে। তথাপিও কিনে। কিয় জানো মানুহজনীৰ মুখখন উজ্বলি উঠা দেখিলে তাই বৰ সুখ পায়। 

 

বেলি ভাটি দিয়াৰ পাছতে ছোৱালীজনী ফটিকৰ সৈতে ঘৰলৈ উভতে। তাইক দেখিয়েই দেউতাকৰ মুখখন এচমকা পোহৰে আৱৰি ধৰে। 

 

দেউতাকে মাকক চিঞৰে—”শুনছানে, সমৃদ্ধি আহিল।”

 

সমৃদ্ধিৰ মাকো আহি ওলায়। জীয়েকে অনা বজাৰৰ মোনাটো হাতত লৈ তাইক কয়—”তই গাটো ধুই লগে। মই ভাত বাঢ়োঁ।”

 

ফটিকে ৰিক্সাখন ফটাকানিখনেৰে মচি টিনৰ চালিখনৰ তলত থয়। সমৃদ্ধিৰ দেউতাকে আনদিনাৰ দৰে ফটিকক কয়—”তোৰ দোখোন বৰ লৰালৰি। বহচোন। চাহোকে একাপ খাই যাবি।” 

 

ফটিকে গামোচাখন কান্ধত লৈ কলৰ পাৰলৈ গৈ মুখ-হাত ধুই সমৃদ্ধিৰ মাকে যতনাই দিয়া চাহটুপি খাই ঘৰলৈ বাট পোনায়। 

 

 মানুহজনৰ নাৰ্চাৰীখন এসময়ত সৰু আছিল। পুৱা-গধূলি নাৰ্চাৰীখনৰ আপডাল কৰিছিল। বাকী সময়ছোৱা স্কুলত ব্যস্ত আছিল। বিভিন্ন প্ৰজাতিৰ ফুল, ফল-মূলৰ পুলি আৰু শাক-পাচলিৰে ভৰি আছিল। তাতে তেওঁৰ সপোনবোৰে পোখা মেলিছিল। ৰংচঙীয়া পখিলাবোৰ যেতিয়া বাগিছাখনত উৰি ফুৰে তেওঁৰ মনটো অনাবিল আনন্দত নাচি উঠে। সেই সৰু বাগিছাখনত উমলি-জামলি ডাঙৰ হোৱা সমৃদ্ধিৰ হাতৰ পৰশত নাৰ্চাৰীখনে এতিয়া এখন ডাঙৰ বাগিছাৰ ৰূপ লৈছে। তাই ছিজনেল ফুলৰ লগতে স্থানীয় ফল-মূল, শাক-পাচলিৰো খেতি কৰিবলৈ আৰম্ভ কৰিছে। সৰু সৰু ভিডিঅ’ প্ৰস্তুত কৰি ছচিয়েল মিডিয়াত আপলোড কৰাৰ  লগে লগে লাখৰ ঘৰত ভিউজ আহে।

 

 এটি ভিডিঅ’ৰ জৰিয়তে সমৰৰ সৈতে তাইৰ চিনাকী হৈছিল। সমৰৰ প্ৰকৃতিপ্ৰীতি ছচিয়েল মিডিয়াৰ জৰিয়তে সকলোৰে পৰিচিত। সি বিপন্ন চৰাই শগুণৰ সংৰক্ষণৰ বাবে যুঁজ এখন দি আছে। বছৰে বছৰে শগুণৰ মৃত্যুৰ হাৰ বাঢ়িব ধৰিছে। বাঢ়ি অহা প্ৰদূষণৰ লগতে মানুহৰ কিছুমান অজ্ঞানতাৰ বাবে এনে হৈছে বুলি বিজ্ঞজনে শংকা প্ৰকাশ কৰিছে। সেইবাবে সমৰে সজাগতা সৃষ্টিৰ বাবে গাঁৱে-ভূঞে ঘূৰি ফুৰিছে। 

 

সমৰ আৰু সমৃদ্ধি দুয়োৰে মাজত লাহে লাহে বন্ধুত্ব গাঢ় হ’বলৈ আৰম্ভ কৰিছিল। কিন্তু সেই বন্ধুত্বৰ সীমাৰেখাডাল গৰকি এখোজ আগবাঢ়িবলৈ সমৰৰ এদিন মন যোৱাত সি সমৃদ্ধিৰ “সেউজ সমৃদ্ধি গাৰ্ডেন”লৈ যোৱাৰ বাবে মন পাঙিলে আৰু সকলো কাম এৰি সমৃদ্ধিৰ ওচৰ পালেগৈ। বাগিছাখনৰ সেউজীয়াৰ বুকুত মুখ গুজি সমৰ এক মূহূৰ্তৰ বাবে হেৰাই গৈছিল। সি সমৃদ্ধিক মনৰ কথা জনাবলৈ চেগ চাই আছিল। দুয়োৰে মাজত কথাৰ উজান উঠে। কথাবোৰে সোণাৰু হৈ হাঁহিছিল, এজাৰ হৈ বেজাৰ লগাইছিল, হাছনাহানা হৈ চৌদিশ আমোলমোলাইছিল। সমৰৰ মোবাইলত মৃত শগুণবোৰৰ ফটো চাই সমৃদ্ধি প্ৰায়ে উচুপি উঠিছিল। ফ’ৰলেনৰ নামত জধে-মধে গছ-গছনি ধ্বংস বন্ধ কৰাৰ বাবে সমৰে প্ৰতিবাদ কৰে। তাৰ মাজতে দুয়ো গাঁওখনত পাক এটা মাৰে। য’তে ৰয় তাতে কথাৰ নদী এখন বৈ যায়। ‘ডাইক্লোফেনা’ক দূৰতে বিদুৰ কৰিবলৈ সকলোকে দঢ়াই দঢ়াই কৈছিল। 

 

 সমৰৰ উভতি যোৱাৰ সময় হৈছিল। মনৰ কথা ক’ব নোৱাৰি তাৰ বুকুখন জুয়ে পোৰাৰ দৰে পুৰিছিল। সি চটফটাই আছিল। যাবৰ পৰত সমৃদ্ধিয়ে তাক এপাহ অৰ্কিড উপহাৰ দিছিল। সি চেগ বুজি অৰ্কিডপাহ তাইৰ আঙুলিত পিন্ধাই দিছিল। তাই তাতেই দৰক লাগিছিল। যেন বিনা মেঘে বজ্ৰপাত।  

 

 বন্ধুৰ উচ্চ আসনত আলফুলে বহাই থোৱা সমৰক তাই কি ক’ব কি নক’ব একো ভাবি পোৱা নাছিল। সমৰ মাক-দেউতাকৰো পচন্দ। সি যোৱাৰ পিছৰে পৰা দুয়োৰে মুখত হাঁহি। তাকে দেখি তাইৰ চৌপাশৰ পৃথিৱীখন কিছুপৰ থমকি ৰৈছিল। তাই স্মৃতিৰ জখলা বগুৱাবাই উভতি গৈছিল মহানগৰৰ এটি যন্ত্ৰনাকাতৰ আবেলিলৈ। 

 

মহানগৰখনৰ সেই শেষ আবেলিটো সমৃদ্ধিৰ কাৰণে বিশেষ আছিল। কাৰণ এই আবেলিটোত সমৃদ্ধিয়ে মহানগৰখনক বিদায় দিয়াৰ সিদ্ধান্ত লৈছিল। এই আবেলিটোৱে সমৃদ্ধিক তাই নভবা কিছু সত্যৰ সৈতে মুখামুখি কৰাইছিল। 

 

 পদপথত থকা ৰূপালী বাইদেউৰ হাতত তেল, চাবোন, অলপ কাপোৰ, খোৱাবস্তু আৰু গম্বুলৈ নিয়া কিতাপ দুখন গুজি দিয়াৰ সময়ত ৰূপালী বাইদেউৰ দুচকুত ভৰা বাৰিষাৰ নৈ এখন ওফন্দি উঠিছিল। সেই নৈত সমৃদ্ধিও উটি-ভাহি যোৱাৰ ভয়তে পাহৰি নোযোৱাৰ প্ৰতিশ্ৰুতি দি খৰধৰকৈ আঁতৰি আহিছিল। 

 

 চিটিবাছৰ খিৰিকীৰে আবেলিৰ দৃশ্য উপভোগ কৰি গৈ থাকোঁতে পথৰ দাঁতিত থকা পাৰ্ক এখনত ৰাঘৱক এজন অচিনাকী যুৱকৰ সৈতে অন্তৰংগ মূহূৰ্তত আৱিষ্কাৰ কৰিছিল। ৰাঘৱক তেনেকৈ দেখি সমৃদ্ধিৰ এঞ্জেলিনালৈ মনত পৰিছিল। এঞ্জেলিনা আৰু ৰাঘৱৰ বিয়া কিমান যে ধুমধামেৰে হৈছিল। এবছৰে হ’ল। কিছুদিন আগতে দুয়োৰে প্ৰথম বিবাহ বাৰ্ষিকীৰ ফটো ফেচবুকত পাইছিল। দুয়োকে বেছ ধুনীয়া লাগিছিল। হঠাতে এঞ্জেলিনাক এবাৰ লগ কৰিবলৈ সমৃদ্ধি ব্যাকুল হৈ উঠিল। সেয়ে পলম নকৰি তাইলৈ মেচেজ কৰিছিল।

 

 সুবিস্তৃত কোঠাৰ আৰামদায়ক চোফাখনত বহি সমৃদ্ধিয়ে এঞ্জেলিনাৰ পুৱাৰ বেলিটোৰ দৰে মুখখনলৈ চাই ভাবিছিল তাই একেদৰেই আছে। তাইৰ চকু-মুখত দুখ-যন্ত্ৰনাৰ লেশমানো চিন-চাব নাই। নাই কোনো অভিযোগ, নাই অভিমান। তাইক দেখি এঞ্জেলিনাই চিঞৰ-বাখৰ কৰি একপ্ৰকাৰ সাৱটিয়েই ধৰিছিল।

 

 শীতল পানীয়ৰ গিলাচটো সমৃদ্ধিৰ হাতত গুজি দি এঞ্জেলিনাই তাই বিচাৰি অহা গল্পটো ক’বলৈ আৰম্ভ কৰিছিল—”মই ৰাঘৱক ডিভৰ্চ দিলোঁ। ৰাঘৱ ইজ আ ভেৰী গুড গাই। বাট হি ইজ আ গে’। এণ্ড হি লাভছ  সমীৰ। মাক-দেউতাকে জোৰ কৰা বাবে মোক বিয়া কৰাইছিল। সেইবাবে মিছাতে তাক এনে এটা বান্ধোনত বান্ধি ৰাখিব বিচৰা নাছিলোঁ। সি মোৰ লগত সহজ হ’ব পৰা নাছিল। সেয়ে তাক মুকলি কৰি দিলোঁ। ময়ো মুকলি হ’লোঁ। মই ভাবোঁ ইয়াত দুখ কৰিবলগীয়া একো নাই। সহানুভূতি লোৱাৰো কোনো কাৰণ নাই। সেয়ে কাকো একো জনোৱা নাই। এতিয়া এটা নতুন ৰিলেশ্ব্যনশ্বিপত আছোঁ। অভীকৰ সৈতে। এই বিয়া বোলা বস্তুটোৰ একদম ভৰসা নাই। এনেকৈয়ে সুখী মই। তোকো কওঁ বিয়া হৈ লাইফটো হেল নবনাবি।”

 

সমৃদ্ধি অন্যমনস্ক হৈ পৰিছিল। মহানগৰীত এজাক আবতৰীয়া ধুমুহা বলিবলৈ ধৰিছিল। সেই ধুমুহাত নিজকে খুব সাৱধানে চম্ভালিছিল তাই। অভীক আৰু এঞ্জেলিনা লিভ ইনত আছে! ইমানেই ঠুনুকা নে সম্পৰ্কবোৰ? তাই এই কংক্ৰিতৰ মহানগৰীত দহ বছৰ পাৰ কৰিলে। পাঁচ বছৰ অভীকৰ সৈতে ৰিলেশ্ব্যনশ্বিপত কটালে। দুয়োৰে মাজত বাঢ়ি অহা মনোমালিন্যৰ বাবে সমৃদ্ধি পৃথক হোৱাটোৱেই উচিত বুলি ভাবিলে। হয়তো এই অভীকৰ সৈতে হোৱা বিচ্ছেদৰ বাবেই তাইৰ মনত এই মহানগৰীৰ প্ৰতি বিতৃষ্ণা ওপজিছে। কিন্তু অভীকৰ ওপৰত ইয়াৰ তিলমানো প্ৰভাৱ নপৰিল। অভীকে অকণো পলম নকৰি আন এজনী নাৰীৰ সৈতে সম্বন্ধ গঢ়িলে। হয়তো অভীকৰ তাইৰ প্ৰতি কৰা ৰুক্ষ ব্যৱহাৰৰ কাৰণ এঞ্জেলিনা। সঁচাকৈ তাইৰ প্ৰতি অভীকৰ কোনো অনুকম্পা নাছিলেইনে? কৃত্ৰিম সম্পৰ্ক এটাৰ কাৰণে তাই পাঁচটা বছৰ নষ্ট কৰিলে। পাঁচটা বছৰ তাই এখন ভ্ৰমৰ পৃথিৱীত জীয়াই আছিল। সেই লৈ তাই মাজে মাজে হতাশাতো ভুগিছিল।

 

 তাই ভাবিছিল এঞ্জেলিনাৰ সুখত তায়ো সুখী হ’ব। অভীকৰ প্ৰতি এতিয়া তাইৰ কোনো ধৰণৰ আবেগ নাই। অনুভূতি নাই। নাই কোনো অভিমান, বিদ্বেষ। নাই কোনো ভ্ৰম। কিন্তু সকলো যেন ফুটুকাৰ ফেন। তাই কষ্ট পাইছিল। বুকুখন বৰকৈ ধৰফৰাইছিল। সেই যন্ত্ৰণাৰপৰা বৰ কষ্টৰে মুক্ত হৈছিল। সেয়ে তাই এতিয়া এই ধৰণৰ কোনো সম্পৰ্কত বান্ধ খাব বিচৰা নাছিল। এতিয়া তাই মুকলি আকাশত উৰি ফুৰা এটি চৰাই। তাইক কোনেও সজাত ভৰাব নোৱাৰে। 

 

পিছদিনাখনে তাই ঘৰলৈ গুছি আহিছিল। তাইক দেখি মাক-দেউতাকৰ আনন্দৰ সীমা নাছিল। একেবাৰে গুছি অহা বুলি জানি দুয়ো ভাল পাইছিল, যদিও অলপ চিন্তিত হৈছিল। চিন্তিত হোৱাৰে কথা। কাৰণ তাই মহানগৰলৈ পঢ়িবলৈ যোৱাৰ পাছত খুব কমেই ঘৰলৈ আহিছিল। ঘনকৈ ফোন কৰিলে, বন্ধত ঘৰলৈ মাতি পঠিয়ালেও খং কৰিছিল। অভীকৰ লগত একেলগে থাকিবলৈ লোৱা বুলি তেওঁলোকে গম পাই মনত বৰ দুখ পাইছিল। গাঁওখনেও কথাটো সহজভাৱে ল’ব পৰা নাছিল। কথাৰে থকা-সৰকা কৰিছিল দুয়োকে। তাৰ লগত কিবা মনোমালিন্য হৈছে বুলি দুয়ো পৃথকে তাইৰ লগত কথাও পাতিছিল। সমৃদ্ধিয়ে দুয়োকে একো লুক-ঢাক নকৰাকৈ পোনে পোনে কৈছিল—

 

“আমি ছেপাৰেট হৈছোঁ মা। তাৰ বাবে মোৰ অকণো দুখ নাই। বৰঞ্চ মই মোৰ ভুল শুধৰাব বিচাৰিছোঁ। তোমালোকৰ লগত থাকি নতুন জীৱন এটা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ।”

 

দুয়োৰে বুকুৰ বোজাটো পাতল হৈছিল। ভাবিছিল, ইমান সহজনে? তেওঁলোকৰ সময়ত দেখোন এইবোৰ একেবাৰে সহজ নাছিল। এতিয়া এই সম্পৰ্কবোৰ যে ইমান ঠুনুকা হৈ পৰিল। সুলভ হৈ পৰিল প্ৰেম। সলনি হৈ পৰিল প্ৰেমৰ সংজ্ঞা। 

 

 তাই বেছিভাগ সময় দেউতাকৰ নাৰ্চাৰীখনতে সোমাই থাকিবলৈ ধৰিলে। পুৱা-গধূলি পুলিবোৰৰ আপডাল কৰে। দেউতাকে আঁতৰৰ পৰাই চায়। তেওঁ যি সপোন দেখিছিল সেই সপোন এদিন মৰি ছাই হ’ব বুলি ভাবিছিল। কিন্তু সেই মৰিবলৈ ধৰা সপোনটোক তেওঁৰ দুহিতাই লালন কৰিবলৈ আগুৱাই অহাত পুনৰ লহপহকৈ বাঢ়িব ধৰিছে। থুপুক-থাপাককৈ আঙুলিত ধৰি খোজকঢ়া ছোৱালীজনীয়ে তেওঁৰ সপোনটোক সাকাৰ কৰিবলৈ আগবাঢ়িছে। 

 

গধূলি চাহ খোৱাৰ পৰত তাই মাক-দেউতাক দুয়োকে কৈছিল—”অ’ দেউতা কথা এটা ভাবিছোঁ।

 

—”কিনো ভাবচা।”

 

 —”নাৰ্চাৰীখন অলপ ডাঙৰ কৰিম।”

 

— “বৰ ভাল কথা ভাবচা। আমিও বহুত দিনোৰপে ভাবি আইছিলোঁ। কৰবাহে পাৰা নাছিলোঁ। ইটা তই আইছা যেতিয়া চিন্তা নাই।”

 

সমৃদ্ধিয়ে দেউতাকৰ নাৰ্চাৰীখন ডাঙৰ কৰিবলৈ দিনে-ৰাতিয়ে খাটিবলৈ ধৰে। তাই বিভিন্ন প্ৰজাতিৰ অৰ্কিড সংগ্ৰহ কৰিছিল। ইয়াৰ লগতে বিভিন্নজনৰ লগত কথাপাতি অসমৰ চুকে-কোণে পোৱা ঔষধি গছবোৰো সংগ্ৰহ কৰিছিল। হেৰাই যাবলৈ ধৰা স্থানীয় ফল-মূলৰ গছৰ এখন তালিকা প্ৰস্তুত কৰিছিল আৰু বহুতৰে লগত যোগাযোগ কৰি তাৰে বেছিখিনিয়েই সংগ্ৰহ কৰিছিল। 

 

মঙলদৈত শনিবৰীয়া মহিলা হাট এখন বহে। সপ্তাহে সপ্তাহে ৰিক্সাৰে ফুলৰ পুলি, ফল-মূল, শাক-পাচলি লৈ যায়। ৰিক্সাখন দেউতাকে হাত-খৰচ উলিয়াবৰ বাবে কিনি ফটিকক দিছিল। সি ভাৰা মাৰি নিজেও চলে সমৃদ্ধিৰ দেউতাককো কিবা এটা দিছিল। পুলিবোৰ অনলাইন বেচা-কিনাৰ ব্যৱস্থাও কৰে। প্ৰথমে অৰ্ডাৰ কমকৈ হৈছিল, যদিও লাহে লাহে বাঢ়ি আহে। তাৰ পৰাই যথেষ্ট উপাৰ্জন হয়।

 

 সমৃদ্ধিৰ উৎসাহ দেখি তাইক সহায় কৰিবলৈ দোচোৰা গাঁও এখনৰ জিনা আৰু নজীম আগবাঢ়ি আহিছিল। বাগানখন চোৱা-চিতাৰ বাবে কৰ্মচাৰীও ৰাখিছে। তাতে মাজে-সময়ে সাতঘৰাপেনী আৰু চুমাপেনীয়ে নিকনিৰ কাম কৰিছিল। আটায়ে লগ-লাগি বাগিছাখনৰ নামকৰণ কৰিছে “সেউজ সমৃদ্ধি গাৰ্ডেন”।

 

 “সেউজ সমৃদ্ধি গাৰ্ডেন” সমৃদ্ধিৰ সন্তানৰ দৰে। সমৰৰ বিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰি সেই সন্তানৰ প্ৰতিপালনত যদি ব্যাঘাত হয়! এই কথাটোৱে তাইক এক মুহূৰ্তৰ বাবে ভাবিবলৈ বাধ্য কৰিলে। বিবাহৰ দৰে সম্বন্ধ এটাত সোমোৱাৰ আগতে সকলো কথা মুকলিকৈ কৈ দিয়া উচিত। সমৰে তাইৰ মনৰ কথা বুজিছিল। সেয়ে তাইক অভয়দান কৰি কৈছিল—”তুমি বিয়াৰ পাছতো “সেউজ সমৃদ্ধি”ৰ সৈতে জড়িত হৈ থাকিব পাৰিবা। তাত মই কোনোদিনে আপত্তি নকৰোঁ। কাৰণ ময়ো মোৰ প্ৰকল্পৰ কামত লাগি থাকিব লাগিব।”

 

সমৃদ্ধিয়ে একো নক’লে, যদিও ভাবিবলৈ সময় বিচাৰিলে। মাক-দেউতাকৰ মুখলৈ চাই তাই সমৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে। 

 

সমৰে ক’ৰ্ট মেৰিজৰ আগতে সকলোকে বুজাই ক’লে—”সমৃদ্ধিৰ সৈতে মোৰ বিয়া হ’লেও তাই ইয়াতে থাকি “সেউজ সমৃদ্ধি গাৰ্ডেন” চলাব। পৰম্পৰাগত নিয়ম অনুসৰি তাই বোৱাৰীৰ দায়িত্ব পালন কৰিবলৈ আমাৰ ঘৰত নাথাকিলেও হ’ব।” 

 

দুয়োৰে পৰিয়াল সন্মত হৈছিল যদিও সমৰৰ মাকক অলপ অসন্তুষ্ট দেখা গৈছিল। কিন্তু পাছত তেৱোঁ সন্মত হৈছিল। সকলোৰে উপস্থিতিত ক’ৰ্ট মেৰিজ কৰি দুয়ো বৈবাহিক জীৱনৰ শুভাৰম্ভ কৰিছিল। আত্মীয়-স্বজনৰ সৈতে লগে-ভাগে এসাঁজ খাইছিল। তাৰপাছত দুয়ো লগলাগি গাঁওখনৰপৰা যিটো পথ চহৰলৈ গৈছে, সেই পথৰ দাঁতিত পঞ্চাশজোপা গছ ৰুইছিল। গৰু-ছাগলীৰপৰা ৰক্ষা কৰিবলৈ বাঁহেৰে চেকৰ দিছিল। গছকেইজোপা সমৃদ্ধিয়ে নিজে আপডাল কৰিছিল। পথৰ কাষেৰে বৈ যোৱা ডোঙৰ পৰা পানী তুলি প্ৰতিজোপা গছত ঢালি দিছিল। 

 

তাই প্ৰায়ে এটি সপোন দেখিছিল। তাইৰ হাতত এজোপা ছাঁ দিয়া গছ। সমৰৰ দুই কান্ধত দুটা শগুণ। “সেউজ সমৃদ্ধি গাৰ্ডেন” “সেউজ সমৃদ্ধি” নগৰ হৈ পৰিছে। সেই নগৰৰ মাজেদি পখিলাবোৰে জাক পাতি পাতি উৰি ফুৰে। চৰাইবোৰে নিশ্চিন্তমনে কিৰিলিয়াই কিৰিলিয়াই পুৱা-গধূলি কোৰ্হাল কৰে। মানুহবোৰে কেতিয়াবা কংক্ৰিতৰ মহানগৰীৰপৰা চৰাই হ’বলৈ, কেতিয়াবা পখিলা হ’বলৈ, কেতিয়াবা লতা হৈ বগাবলৈ, বৃক্ষ হৈ ছাঁ দিবলৈ, ফুল হৈ সুগন্ধি বিলাবলৈ এই নগৰলৈকে আহিছে। সমৃদ্ধিৰ এই সপোনটো ফলিয়াবলৈ বেছি পৰ নাছিল। 

 

 গাঁওখনৰপৰা মূল পথৰ সৈতে সংযোগী পথটো পকীকৰণৰ বাবে প্ৰশাসনে কাম আৰম্ভ কৰে। গাঁৱৰ মানুহবোৰ সুখী হৈছিল। জুম বান্ধি বান্ধি ৰাস্তাটোক লৈ আলোচনা কৰিছিল। শাসকীয় দলটোৰ ভুৰি ভুৰি প্ৰশংসা কৰিছিল। এটা ভাল ৰাস্তা সকলোৱে বিচাৰে। ভাল ৰাস্তা মানেই সকলো উন্নত। কেৰেখিয়া, ডেকা, বুঢ়া সকলোৰে সুবিধা। চাইকেল, ৰিক্সা, দুচকীয়া, চাৰিচকীয়া গাড়ী সোঁ-সোঁৱাই যাব পাৰে। পিছে ঠিকাৰ কামটো পাবলৈ দুই তিনিখন গাঁৱৰ হেতা-ওপৰা লাগিবলৈ ধৰিলে। সেই লৈ দুজন ডেকাৰ মাজত অৰিয়া-অৰি লাগিল। দুয়োখন গাঁৱৰ গাঁওবাসীৰ হস্তক্ষেপত কাজিয়া থামিল। বহুত জল্পনা-কল্পনাৰ অন্তত শাসকীয় দলৰ সদস্য হৰেণে ৰাস্তাটোৰ ঠিকা পালে। ৰাস্তাৰ কাম আৰম্ভ হ’ল। 

 

তেনে সময়তে সমৃদ্ধি সমৰৰ সৈতে শগুণ সংৰক্ষণ সম্বন্ধীয় ছেমিনাৰ এখনত ভাগ লবলৈ এসপ্তাহৰ কাৰণে অসমৰ বাহিৰলৈ গৈছিল। ছেমিনাৰৰ অন্তত দুয়ো উভতি আহিছিল। সমৰৰ গুৱাহাটীৰ ঘৰত থাকি পিছদিনা ৰাণীত থকা শগুণৰ প্ৰজনন তথা সংৰক্ষণ কেন্দ্ৰটোলৈ গৈছিল। ৰাণীৰপৰা উভতি অহাত পলম হোৱা বাবে ৰাতিটো কটাই পুৱাই মঙলদৈলৈ উভতিছিল।

 

 সাতঘৰাপেনী আৰু চুমাপেনীয়ে টুকুৰা-টুকুৰ কৰা ঠানিকেইটা বান্ধি মূৰত তুলি ল’লে আৰু এখন হাতেৰে বোজাটোৰ ওপৰত ধৰি আনখন হাতেৰে অলপ ডাঙৰ ডাল এটা ঝৰঝৰাই টানি টানি লৈ গ’ল। পিছে পিছে দুটামান কেৰেখীয়া ল’ৰা। সিহঁতৰ হাতে হাতে একোটা ঠানি। আজি সিহঁত সুখী। কিছুদিন সিহঁতৰ চৌকাত ভালদৰে জুই জ্বলিব। কিছুদিন সিহঁতে খৰি বিচাৰি হাহাকাৰ কৰিব নালাগে। চকুপানী মচিব নালাগে। সিহঁতৰ খোজত সেই সম্ভ্ৰম ফুটি উঠিছে। ঠানিকেইটা ধূলি উৰুৱাই সিহঁতে টানি টানি লৈ গ’ল। বকুলডালৰ কাষত নতজানু হৈ সমৃদ্ধি বহি ৰ’ল। সমৃদ্ধিক আওকাণ কৰি ঠানিকেইটা টানি নিওঁতে হোৱা ঝৰঝৰ শব্দটোৱে তাইক বুকু ভেদি আঘাত কৰিবলৈ ধৰিলে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!