স্বাৰ্থপৰতাৰ পাঠ

লেখক- অতনু ভট্টাচাৰ্য

সূৰ্যাস্তৰ আগে আগে ঘৰৰ সন্মুখৰ মুকলি ঠাইডোখৰত কেইটিমান শিশুৱে উমলি থকাৰ কথা আছিল৷ হয়তো নিচেই কাষেৰে বৈ গৈছে এখন নৈ– কাৰোবাৰ আঙুলিত ধৰি সেই নৈৰ পাৰলৈ যোৱাৰ কথা আছিল শিশুহঁতৰ৷ নিশা একো একোটি পৰীৰ দেশৰ কাহিনীৰ হাত ধৰি তেওঁলোকৰ মনলৈ অহাৰ কথা আছিল বিচিত্ৰ বৰ্ণিল কল্পনাৰ জগত৷
নহ’ল৷ কাৰ্যতঃ দেখা গ’ল, তেওঁলোকৰ সন্মুখত নদী আৰু সূৰ্যাস্তৰ দৃশ্যৰ সলনি বিপুলায়তন পাঠ্যকিতাপ, জ্যামিতি বাকচ, প্ৰাইভেট টিউটৰ৷ কল্পনাৰ এখন পৃথিৱী উন্মোচিত কৰিব পৰা সাধুকথাৰ সলনি ভিডিঅ’ গে’ম্‌ আৰু সৰ্বক্ষণ আঙুলিৰে হেচুকি থাকিব পৰাকৈ মোবাইল ফোন, ইলেকট্ৰ’নিক গেজেট৷
সৰ্বক্ষণ তেওঁলোকৰ পৰীক্ষা– ক্লাছ টেষ্ট, উইক্‌লী টেষ্ট, ইউনিট টেষ্ট, ফাইনেল৷ পৰীক্ষা নথকা সময়ছোৱাত থাকে প্ৰজেক্ট ৱৰ্ক্‌৷ অভিভাৱকৰ সৈতে যুগ্ম প্ৰচেষ্টাৰে শিশু আৰু কিশোৰহঁত পৰীক্ষাত অৱতীৰ্ণ হয়৷ ঘৰখনৰ কোনগৰাকী সদস্য পৰীক্ষাৰ্থী– বাহিৰৰ পৰা কথাটো যেন ধৰিব নোৱাৰি৷ ক’ৰবাত শতকৰা আঠানব্বৈ নম্বৰৰ সলনি সাতানব্বৈ হ’ব– এনে এক আশংকাত এটা কৰুণ দৃশ্যৰ অৱতাৰণা কৰি নিশা এপৰলৈ পঢ়া-টেবুলৰ কাষত পৰ দি থাকে সন্তানৰ মাতৃ৷ কাইলৈ স্কুলত সন্তানৰ ‘প্ৰজেক্ট ছাবমিট’ কৰিব লাগিব– সেই উৎকণ্ঠাৰে হাতত ব্লেড্‌-কেঁচী-থাৰ্ম’ক’ল্‌ লৈ ইটো কোঠাৰ পৰা সিটো কোঠালৈ ঢপলিয়াই ফুৰে সন্তানৰ পিতা৷
কোনো আলহী-দুলহীৰ ঘৰলৈ এওঁলোকে গধূলি এপাক ফুৰিবলৈ যাব নোৱৰে৷ কোনো আলহী-দুলহী মুকলি মনেৰে আহি এওঁলোকৰ ঘৰত বহিব নোৱাৰে৷ আহিব পাৰে মাথোন প্ৰাইভেট টিউটৰ৷
এনেদৰে এওঁলোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ হয়৷ কলেজ জীৱন শেষ হয়৷ শিক্ষা জীৱনৰ সেই সমগ্ৰ সময়ছোৱাত কোনো অসুস্থ প্ৰতিৱেশীৰ খবৰ ল’বলৈ এওঁলোকৰ এখন্তেক হাস্পতাললৈ যাবলগীয়া নহয়৷ সামাজিক কোনো কামত এদিনৰ বাবেও অংশ ল’বলগীয়া নহয়৷ কোনো ওচৰ সম্পৰ্কীয় ব্যক্তিৰ শ্মশানযাত্ৰাত এওঁলোক দৃশ্যমান নহয়৷ এওঁলোকক কোৱা হয়– পঢ়ায়, পঢ়ে, ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন৷
আন একো চিন্তা কৰিব নলগাকৈ ডাঙৰ হোৱা যুৱকজনে দেউতাকৰ পৰা ডকা-হকা দি বাইকখন কিনোতেও চিন্তা কৰিবলগীয়া নহয়৷ জীৱন-যাপনৰ শৈলী হঠাতে সলনি কৰি পেলোৱা যুৱতীগৰাকীয়ে অভিভাৱকৰ অৰ্থনৈতিক অৱস্থাটোৰ বিষয়ে চিন্তা কৰিবলগীয়া নহয়৷
চিটীবাছৰ খিৰিকীৰ কাষৰ আসনত বহি যোৱা যুৱতীগৰাকীয়ে নিবিষ্টমনে মোবাইল ফোনত অনৰ্গল কথা পাতি গৈছে৷ একো একোবাৰ চকু দুটা মুদি, কাণত ইয়েৰ-ফোন গুজি শুনি গৈছে অবান্তৰ ‘ৰীল্‌’, ইউ-টিউবৰ সস্তীয়া কমেডী নতুবা বাণিজ্যিক ৰেডিঅ’ৰ ফিল্মী সংগীত৷ বাছৰ খিৰিকীৰে দৃশ্যমান হোৱা এখন নীলা আকাশ, এচমকা ডাৱৰ, ওখ গছবোৰৰ আগবোৰ যুৱতীৰ চকুত নপৰে৷ পদপথেৰে ব্যস্ততাৰে পাৰ হৈ যোৱা মানুহবোৰৰ জীৱনযুদ্ধৰ এডুখৰি দৃশ্য যুৱতীৰ চকুত নপৰে৷ যুৱতী নিজৰ ভিতৰতে মগ্ন৷ যুৱতী আত্মবিভোৰ৷
মানুহ আৰু প্ৰকৃতিৰ পৰা বিচ্ছিন্ন হোৱাৰ পৰিণতিস্বৰূপে এওঁলোকৰ অনুভূতিবোৰ ভোটা হৈ আহিছে৷ কোনো উৎসৱ-পাৰ্বনত এওঁলোকে ‘উইশ্ব্‌’ কৰে, উদ্‌যাপন কৰে৷ কিন্তু ঋতুৰ পৰিৱৰ্তনে এওঁলোকৰ মনত পুলক নজগায়৷ ‘তুমি স্নিগ্ধ জোনাকৰ দৰে’ জাতীয় গান এটাৰ তালে তালে মূৰটো দুপিয়ায়, অথচ হায়, এওঁলোকে বহুদিন মূৰ তুলি জোনাক দেখা নাই৷ জগতৰ অজস্ৰ তথ্যভাণ্ডাৰ এওঁলোকৰ হাতত (অথবা হাতৰ মোবাইল ফোনটোত) হয়তো মজুত আছে, অথচ কোনো ভাবগধুৰ কবিতা অথবা এখন চিত্ৰকৰ্মৰ ভিতৰ সোমাবলৈ সেই সূক্ষ্ম অনুভূতিকণ নাই৷ গোলাপ অথবা শেৱালি– এওঁলোকৰ বাবে যেন একে হৈ পৰে৷ সকলো স্পৰ্শ যেন একে হৈ পৰে৷
তেওঁলোকৰ দৈনন্দিন জীৱন-যাপনত নাছিল ভগাই খোৱা আৰু পোৱাৰ আনন্দ৷ নাছিল সহনশীলতা আৰু অপেক্ষাৰ পাঠ৷ অন্য মানুহৰ যন্ত্ৰণা উপলব্ধি কৰাৰ সামান্যতম সুযোগ অথবা অৱকাশ এওঁলোকৰ নাছিল৷ যিদিনা নিজৰ জীৱনলৈ দুৰ্যোগ আহিল তেতিয়া যেন খোলা থাকিল দুটা মাথো পথ–আত্মহত্যা নতুবা ড্ৰাগছ্‌৷
এই পৰিণতিৰ বাবে এওঁলোকেই জগৰীয়া নহয়৷
এওঁলোকক অহৰ্নিশে শিকোৱা হৈছিল স্বাৰ্থপৰতাৰ পাঠ৷ ঘৰ, স্কুল, সমাজ আৰু ৰাষ্ট্ৰব্যৱস্থাই এওঁলোকক শিকাই আছিল স্বাৰ্থপৰতাৰ একো একোটা অধ্যায়৷
অথচ এই সমাজ ব্যৱস্থাত পিষ্ট এই নতুন প্ৰজন্মটোৰ অন্ততঃ দুটা ইতিবাচক দিশো আছিল– এওঁলোকৰ আছে বিপদাশংকা মূৰ পাতি ল’ব পৰা সাহস আৰু পৰিৱৰ্তনৰ প্ৰতি মন৷
এই মন সমাজ জীৱনৰ পৰা বিচ্ছিন্ন হৈ সমৃদ্ধ নহয়৷

 

অতনু ভট্টাচাৰ্য
লেখক তথা কাৰ্যবাহী সম্পাদক, সাতসৰী

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!