স্মৃতিভ্ৰংশৰোগত আক্ৰান্ত হ’লে কিদৰে গ’ম পাম?
লেখক- ডাঃ কমল কৃষ্ণ নাথ
কল্পনা কৰকচোন আপোনাৰ এনে কোনো আপোন ব্যক্তি যিয়ে আপোনাৰ নামটোকো মনত পেলাব পৰা নাই। আনকি আপোনাক চিনি পাওঁতেও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। খুবেই অস্বস্তিকৰ আৰু বেদনাদায়ক পৰিস্থিতি নহয়নে? তেনেকুৱা পৰিস্থিতি আমাৰ কাৰোৰে কাম্য নহয়। কিন্তু অসম্ভৱো বুলিও ক’ব নোৱাৰোঁ। জীৱনৰ গতিপথত কাৰ সন্মুখত কেনেকুৱা পৰিস্থিতি আহে কোনেও ন-দি ক’ব নোৱাৰে! আজি যিটো অৱস্থাৰ কথা কব বিচাৰিছোঁ সেইটো হৈছে মগজুৰ এনে এক জটিল ব্যাধি যত ভুক্তভোগী ব্যক্তিজনৰ স্মৃতিশক্তি লোপ পাব ধৰে। তেখেতৰ ব্যক্তিত্ব চকুত লগাকৈ সলনি হয়। আচাৰ-ব্যৱহাৰত বিভিন্ন পৰিৱৰ্তন দেখা দিয়ে। তেখেতৰ যুক্তি, বিচাৰ-বিবেচনা শক্তি বহুত কমি যায়। ক্ৰমান্বয়ে তেখেত সম্পূৰ্ণৰূপে আনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। সবাতোকৈ ডাঙৰ কথা তেখেতৰ ব্যক্তিসত্তা লোপ পোৱাটো তেওঁ নিজে অনুভৱ কৰিব ধৰে। এই অৱস্থাটো তেখেতৰ বাবে এক সঁচাকৈয়ে এক অসহনীয় অৱস্থাত পৰিণত হয়। ক’ব বিচৰা এই অৱস্থাটো হৈছে স্মৃতিভ্ৰংশ বা চিত্তভ্ৰংশ (dementia)। এইৰোগত ব্যক্তিজনৰ স্মৃতিশক্তি নাশ হোৱাৰ লগতে বিচাৰ-বিবেচনা আৰু বুদ্ধিও ক্ৰমান্বয়ে লোপ পাবলৈ ধৰে।
স্মৃতিভ্ৰংশৰ প্ৰকাৰ:
দৰাচলতে স্মৃতিভ্ৰংশ কোনো এবিধ ৰোগ নহয়, বৰং বহুতো এনে ৰোগৰ সমষ্টি য’ত স্মৃতিৰ লগতে বোধশক্তিও লক্ষণীয়ভাৱে কমি আহিবলৈ ধৰে। কাৰণ অনুসৰি স্মৃতিভ্ৰংশ কেবাপ্ৰকাৰৰ। কিন্তু এলঝে’মেৰ’ছ ডিজিছ (Alzheimer’s disease) সবাতোকৈ বেছিকৈ দেখা পোৱা যায়। ই স্মৃতিভ্ৰংশৰ প্ৰায় ৬০% অধিকাৰ কৰে। এই ৰোগত এমল’ইড বেটা প্লেগ (Amloid beta plaque) কিছুমান প্ৰথমে মগজুৰ গ্ৰে’ মেটাৰ (grey matter) আৰু ক্ৰমান্বয়ে সম্পূৰ্ণ মগজুতেই বিয়পি পৰে। এই প্লেগবোৰে স্নায়ুকোষ লাহে লাহে ধ্বংস কৰাৰ উপৰি স্নায়ুসংকেত পৰিবহণ কৰাত বাধা দিয়ে। ফলত ব্যক্তিৰ স্মৃতিশক্তি হ্ৰাস পাবলৈ ধৰে। চিন্তাশক্তিও কমি আহে। তাৰ উপৰি স্মৃতিভ্ৰংশৰ প্ৰায় ১০% হৈছে লিৱি ব’ডি ডিমেনচিয়া (Lewy body dementia) য’ত স্মৃতিনাশৰ উপৰি পাৰ্কিনছন্ নামৰ এবিধ জটিল স্নায়ুৰোগো সাধাৰণতে দেখিবলৈ পোৱা যায়। আনহাতে ১০% হৈছে ভাছ্কুলাৰ ডিমেনচিয়া (vascular) য’ত মগজুত তেজ কঢ়িওৱা ৰক্তনলীসমূহত হোৱা ক্ষতিৰ ফলত স্মৃতিভ্ৰংশ ৰোগ দেখা দিয়ে। এই ভাছ্কুলাৰ ডিমেনচিয়াৰ মূল কাৰণ হৈছে অনিয়ন্ত্ৰিত উচ্চৰক্তচাপ আৰু হঠাতে হোৱা ষ্ট্ৰ’ক। তাৰ বাহিৰেও ফ্ৰনট’টেম্প’ৰেল (frontotemporal) ডিমেনচিয়া, মাদক দ্ৰব্যৰ প্ৰভাৱৰ বাবে স্মৃতিভ্ৰংশ (alcohol related dementia) আৰু অন্য বহুতোপ্ৰকাৰৰ স্মৃতিভ্ৰংশৰোগ দেখা পোৱা যায়। পূৰ্বতে বয়স বৃদ্ধিৰ লগে লগে স্মৃতিভ্ৰংশ অৱধাৰিত বুলি ভবা হৈছিল। কিন্তু এই কথাষাৰ অশুদ্ধ প্ৰমাণিত হৈছে। তাৰ প্ৰমাণ হিচাপে ৯০ বছৰ উৰ্ধৰ বহু ব্যক্তিৰ স্মৃতি অতি সুন্দৰ অৱস্থাত থকাটো। তৎসত্ত্বেও বয়স বৃদ্ধিৰ লগে লগে যে স্মৃতিভ্ৰংশ সম্ভাৱনা বৃদ্ধি হয় সেয়া শুদ্ধ।
স্মৃতিভ্ৰংশ ৰোগ ঠিক হয় নে?
স্মৃতিভ্ৰংশ ৰোগৰ লক্ষণ প্ৰাৰম্ভিক অৱস্থাত ধৰিব পাৰিলে তাক নিৰাময় কৰা বহু পৰিমাণে সম্ভৱ। তাৰ কাৰণটো হৈছে তেতিয়াও মগজুৰ এনে বহু অংশ সক্ৰিয় হৈ থাকে যিয়ে সঠিক কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰাত আমাক সহায় কৰে। কিন্তু ই যদি এবাৰ জটিল পৰ্যায়লৈ গতি কৰে তেন্তে তাক পুনৰাই আগৰ অৱস্থালৈ অনা একপ্ৰকাৰ অসম্ভৱ হৈ পৰে। সেই অৱস্থাত মগজুৰ বুজন অংশ প্ৰভাৱিত হয় যাৰ বাবে এই ৰোগটোৰ বিপক্ষে যুঁজিবলৈ যিটো উদ্দীপনাৰ প্ৰয়োজন হয় সেয়া ব্যক্তিজনে হেৰুৱাই পেলায়। সেয়েহে আমি প্ৰাৰম্ভিক অৱস্থাতে এই ৰোগটোৰ বিষয়ে সাৱধান হোৱা অত্যন্ত দৰকাৰ। স্মৃতিভ্ৰংশ সাধাৰণতে ৭টা পৰ্যায়ত হোৱাদেখা যায়। প্ৰথম ৩টা পৰ্যায়লৈ স্মৃতিক স্বাভাৱিক কৰা সহজসাধ্য যদিও ৫টা পৰ্যায়লৈ ই কিছু সম্ভৱ। কিন্তু অন্তিম ২টা পৰ্যায়ত ই যথেষ্ট জটিল পৰ্যায়লৈ গতি কৰে। এই পৰ্যায়ত ই প্ৰায় অসম্ভৱ হৈ দেখা দিয়ে।
স্মৃতিভ্ৰংশৰ লক্ষণ (একাদিক্ৰমে)
স্মৃতিভ্ৰংশ ৰোগৰ লক্ষণ সাধাৰণতে লাহে লাহে প্ৰকট হোৱা দেখা যায়। সেইবাবে প্ৰথম অৱস্থাত দেখা পোৱা লক্ষণসমূহ স্বাভাৱিক যেনো লাগিব পাৰে। এনেকুৱা প্ৰাৰম্ভিক লক্ষণ কিছুমান হ’ল মনোযোগ ক্ষমতা কমি যোৱা, মানসিক অৱসাদগ্ৰস্ততাত ভোগা, নিজকে মানসিকভাৱে ঠিকে ৰাখিবলৈ চাহ, ক’ফি বা কোনো নিচাযুক্ত সামগ্ৰীৰ সহায় লোৱা, মানুহজন সন্মুখৰপিনে বেছিকৈ হালি যোৱা বা খোজকাঢ়োঁতে এখন হাত বেছি বা কমকৈ লৰচৰ কৰা, খোৱাবস্তুৰ গোন্ধ কমকৈ অনুভৱ কৰা, টোপনিৰ মান কমি যোৱা ইত্যাদি। এই লক্ষণবোৰ স্বাভাৱিকভাৱেও দেখা পোৱা যায় যদিও এই লক্ষণবোৰ প্ৰায়ে দেখা দিলে তাক এক সতৰ্কবাণী বুলিব পাৰি। এতিয়া আহিছোঁ মূল কথালৈ। ক’ব বিচাৰিছোঁ স্মৃতিহ্ৰাসৰ ১০টা লক্ষণৰ বিষয়ে। এই লক্ষণবোৰ সাধাৰণতে একাদিক্ৰমে দেখা পোৱা যায়।
১) প্ৰথম লক্ষণটো হৈছে মাজে-সময়ে কিছুমান গুৰুত্বপূৰ্ণ বা সদা ব্যৱহৃত নাম বা কথা পাহৰিব ধৰা। যেনে ধৰক সদায় ব্যৱহাৰ কৰা বস্তুবোৰৰ নাম, সদা পৰিচিত কিছুমান শব্দ। কেতিয়াবা ই স্বাভাৱিক যদিও প্ৰায়ে হ’ব লাগিলে যথেষ্ট চিন্তনীয়। যেনে দাঁত ব্ৰাছ কৰোঁতে ব্যৱহাৰ কৰা টুথপেষ্টটোৰ নাম, চাবোনটোৰ নাম, পিন্ধা পোছাকযোৰৰ নাম ইত্যাদি।
২) প্ৰতিদিনে লগ পোৱা মানুহৰ নামবোৰ পাহৰিব ধৰা। লগতে নতুনকৈ চিনাকি হোৱা পিছত মুহূৰ্তৰ ভিতৰতে নামটো পাহৰিব ধৰা। নতুবা মানুহজনৰ প্ৰতিচ্ছবিটো মনত পেলাওঁতে যথেষ্ট কঠিনতাৰ সন্মুখীন হোৱা।
৩) কিছুসময় আগত কি পঢ়িলে সেয়া মনত পেলাব নোৱাৰা। নতুবা অকমান আগতে উপভোগ কৰা ইউটিউৱ ভিডিঅ’, টিভিৰ ধাৰাবাহিক নতুবা চিনেমাখনৰ নাম, তাত অভিনয় কৰা অভিনেতাসমূহৰ নাম মনত পেলাব নোৱাৰা। এনেকুৱাও হব পাৰে যে কিছুসময় আগত পঢ়া কিতাপ বা লিপিবদ্ধ কৰা টোকাটোৰ বিষয়-বস্তু সঠিকভাৱে মনত পেলাব নোৱাৰা। এনেকুৱা হোৱাৰ ফলত তেওঁলোকে কৰা কামবোৰ লিখি ৰখা আৱশ্যক হয় যাতে পিছত সেইবোৰ মনত পেলাব পাৰে। সেই বাবে কোনো কামৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাত তেওঁ বাৰুকৈয়ে অসুবিধাৰ সন্মুখীন হয়। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যিহেতু এইখিনি সময়লৈ মগজুৰ কাৰ্যকলাপ মোটামুটি ঠিকেই থাকে, আমি স্মৃতিশক্তিৰ এই দুৰ্বলতাখিনি ঠিক কৰি ল’ব লবলৈ সমৰ্থবান হওঁ।
৪) তেখেতৰ লগত সংঘটিত হোৱা শেহতীয়া কৰ্ম-কাণ্ড আৰু ঘটনা প্ৰৱাহ তেখেতে পাহৰিব ধৰে। যোৱা কিছুদিনত তেখেতে কি কি কৰিলে, ক’ত গ’ল, কাৰ লগত কথা পাতিলে, কি কি কথা পাতিলে সেই সকলোবোৰ মনত পেলাব অসুবিধা হয়। এইটো পৰ্যায়ত মগজুৰ কাৰ্য্যক্ষমতা ভালেখিনি কমি আহে। দৈনন্দিন ঘটনা প্ৰৱাহৰ লগত সামঞ্জস্য ৰাখিবলৈ তেখেত বাৰুকৈয়ে অসুবিধাৰ সন্মুখীন হয়।
৫) লাহে লাহে তেওঁলোকৰ গণনা কৰাত অসুবিধা হয়। সাধাৰণ কিছুমান অংক কৰোঁতে সমস্যা আহি পৰে। যেনে ধৰক ১০০ ৰপৰা ৭ বিয়োগ কৰি যাব দিয়া হয় সেয়া তেওঁৰ বাবে অতি কঠিন হৈ পৰে।
৬) টকা-পইচাৰ হিচাপ ৰখা, বিলবোৰ পৰিশোধ কৰা, ঘৰুৱা কামবোৰ নিয়াৰিকৈ কৰা বা কোনো কাম নিয়াৰিকৈ কৰাত অসুবিধাৰ সন্মুখীন হয়।
৭) কিছুমান অতি সাধাৰণ কথা মনত পেলাব নোৱাৰা হয়। যেনে তেওঁ ক’ত বাস কৰে? তেওঁৰ বাসগৃহৰ অৱস্থান ক’ত ইত্যাদি। তেওঁৰ নিজা ফোন নম্বৰ আদি পাহৰে। দিন, সময় আৰু ঋতু ধৰিব নোৱৰা হয়।
৮) নিজৰ অতি আপোনজনৰ নাম যেনে পতি, পত্নী, পুত্ৰ বা জীয়ৰীৰ নামো মনত পেলোৱাত অসুবিধাৰ সৃষ্টি হয়।
9) তেখেত এখন বেলেগ পৃথিৱীত বাস কৰা আৰম্ভ কৰে। বাস্তৱৰ এই পৃথিৱীখনৰ লগত তেখেত কোনোপধ্যে জড়িত হব নোৱাৰে। আনৰ ওপৰত নিৰ্ভৰশীলতা সাংঘাতিকভাৱে বাঢ়ি যায়। যেনে খোৱা-বোৱা, পিন্ধা-উৰা ইত্যাদি। তেখেতে ব্যক্তিসত্তা সম্পূৰ্ণৰূপে হেৰুৱাই পেলোৱাৰ উপক্ৰম হয়।
১০) ই হৈছে স্মৃতিভ্ৰংশৰ অন্তিম অৱস্থা। তেখেতে নিজৰ আৰু বাহিৰৰ পৃথিৱীখনৰ লগত সম্পূৰ্ণ যোগাযোগ হেৰুৱাই পেলায়। কোনো কথাৰে সঁহাৰি নিদিয়ে। কেতিয়াবা কিছুমান কথা কয় যদিও তাক অৰ্থৱহ বুলি কব নোৱাৰি। কোনো কথায়ে তেখেতৰ জ্ঞাত নহয়। আনকি খোৱাবস্তু গিলিবও পাহৰি যায়।
আমি স্মৃতিভ্ৰংশৰ এই লক্ষণবোৰ নিজৰ বা অন্যৰ মাজত দেখা পাব আৰম্ভ কৰোঁ তেন্তে অত্যন্ত সাৱধান হোৱা প্ৰয়োজন। এই সময়ত কোনো অভিজ্ঞ চিকিৎসকক লগ ধৰি নিজৰ সমস্যাসমূহ আলোচনা কৰা ভাল কাৰণ ইতিপূৰ্বে কোৱাৰ দৰে প্ৰাৰম্ভিক অৱস্থাত তাৰ কাৰণবোৰ ধৰা পৰিলে তাক বিপৰীতমুখী কৰা সম্ভৱপৰ।