হেঁপাহ

লেখক- --উজ্জ্বল দিপ্লু গগৈ

অফিচৰ ডিউটী সমাপ্ত কৰি ওলাই আহোঁতে পলম হ’ল। মনটোও বৰ এটা ফৰকাল লাগি থকা নাছিল। কেইবাদিনো ধৰি কৰি থকা কাম এটা আধা কৰাৰ পাছত পুনৰাই আৰম্ভ কৰিবলগীয়া হ’ল। ঘৰলৈ বুলি যিকেইখন ট্ৰেইনত চাৰ্চগেট ষ্টেচনত উঠোঁ, আটাইকেইখন ট্ৰেইনেই ইতিমধ্যে বৰিভলীৰ দিশে ৰাওনা হৈছিল। ফলত মই আনদিনা নোযোৱা সময়ৰ ট্ৰেইন এখনত উঠি ঘৰমুৱা হ’বলগীয়া হ’ল। 

 ষ্টেচন আহি পাওঁতে মই উঠিবলগীয়া ট্ৰেইনখনো আহি পাইছিলহি মাত্ৰ। নিৰ্দিষ্ট ডবাটোত উঠোগৈ মানে আন যাত্ৰীসকলে ঠেলা-হেঁচাকৈ উঠি চীটবোৰ দখল কৰিছিলেগৈ। ডবাটোলৈ বুলি দৌৰি গৈ কোনোমতে ময়ো চীট এটাত বহিবলৈ পালোঁ। খিৰিকীৰ কাষৰ চীট এটা মোৰ সদায় কাম্য যদিও আজি সেই চীটটো নোপোৱাত তিনিজনীয়া চীটটোত আন দুজনৰ মাজত বহিবলগীয়া হ’ল। কামৰ ভাগৰ, ষ্টেচনলৈ বুলি লৰাঢপৰা কৰি ইতিমধ্যে পিন্ধি থকা চোলাটো ঘামত তিতি গৈছিল। মূৰৰ ওপৰত ঘূৰি থকা পাংখাখনে যৎপৰোনাস্তি চেষ্টা কৰিছিল ঠাইটুকুৰা যিমান পাৰি শীতল কৰিবলৈ। ইতিমধ্যে ট্ৰেইনখনো এৰিছিল বৰিভলী অভিমুখে। 

 ভাগৰৰ কোবত কোন তলকত টোপনি আহিল মই ক’বই নোৱাৰিলো। জাপ খাই থকা চকুকেইটা কোনোবা এপাকত মেল খাওঁতে বাহিৰলৈ চাই দেখা পালোঁ চাণ্টাক্ৰুজ নামৰ ষ্টেচনটো ট্ৰেইনখন পাৰ হৈছে। হঠাৎ মই শ্বক্ খাই উঠিলো! কাষত বহা মানুহজনলৈ মোৰ চকু গ’ল। দেখাত সেই একেই মানুহজন! বগা আৰু অলপ আধা পকা চুলিৰে মানুহজনৰ মুখখন পৃথিৱীৰ সকলো মানুহৰ বাবে কোনোবাদিনা অপৰিচিত হৈ গ’লেও আমাৰ পৰিয়ালটোৰ বাবে কেতিয়াও অপৰিচিত হৈ যাব নোৱাৰে। দেউতা! হঠাতে তেওঁক এনেদৰে দেখা পাই মোৰ বৰ কিবাকিবি লাগিল। সেই সময়ৰ মোৰ মনৰ ভাব লিখি প্ৰকাশ কৰিবলৈ মই অসমৰ্থ। এইটো জনমত দেউতাক আকৌ এবাৰ এনেকৈ কাষত পাম, কেতিয়াও ভবা নাছিলোঁ। মোৰ তেওঁক চুই চাবলৈ মন গ’ল। মোৰ হাতৰ কঁপনি মই থৰ লাগি চাই থাকিলোঁ। হঠাতে মোৰ টোপনিৰ জাল আঁতৰিল আৰু মই প্ৰত্যক্ষ কৰিলোঁ অবিকল দেউতাৰ দৰে এজন মানুহ। দুজন মানুহ ইমান একে হ’ব পাৰেনে? এইবাৰ মই জোৰ কৈ চকু দুটা অলপ ডাঙৰকৈ মেলিলো আৰু মোৰ কাষৰ চীটটোত বহি টোপনিয়াই থকা মানুহজনলৈ চালোঁ। তেওঁ মোৰ দেউতা নহয়, কিন্তু দেউতাৰ দৰে। তেওঁ মোৰ কাষতে বহি আহি আছে। আমি দুয়ো অচিনাকি। মই আঁৰ চকুৰে মানুহজনলৈ চালোঁ, ট্ৰেইনৰ খিৰিকীখনত এখন হাতেৰে ভেঁজা দি মূৰটো তাতে থৈ তেখেত শুই আছে। চুলিৰ ৰঙৰপৰা সেওঁতাৰ ভাঁজটো সম্পূৰ্ণ দেউতাৰ দৰে একেই। মুখখনলৈ মন কৰিলোঁ, সেই একেই পাতল চেলাউৰি, কপাল, গাল, মুখ, নাক, চকু সকলো একেই। মানুহজনৰ পিন্ধনত এটা পাতল নীলাৰঙী হাত দীঘল চোলা। দেউতাৰ প্ৰিয় ৰঙৰ চোলাকেইটাও আছিল ঠিক তেনেকুৱা হাত দীঘল পাতল নীলা ৰঙৰ। মানুহজনৰ চোলাৰ পকেটত নোটবুক এখন, কলম এটা আৰু চশমাৰ বাকচ এটা সোমাই আছিল। দেউতালৈ মনত পৰিল, তেখেতেও ক’ৰবালৈ ওলাই গ’লে সেইকেইটা বস্তু ঠিক একেধৰণেই চোলাৰ জেপত সুমৱাুই নিছিল। মনতে ভাবিলো -মোৰ কাষত বহি থকা মানুহজন হয়তো আন কাৰোবাৰ দেউতাক। দেউতাকবোৰ একেই। ক’ৰবাত এতিয়া ময়ো একেই, ময়ো দেউতাক। 

  মনটোৰ কোনোবা খিনিত শোক এটাই খুন্দা মাৰি ধৰিলে। ট্ৰেইনত দেখা অচিনাকি মানুহ এজনৰ দেউতাৰ অৱয়বৰ লগত যে ইমান সাদৃশ্য থাকিব তেনেকুৱা ধৰণৰ কথা কোনোদিনে মনলৈ অহা নাছিল। মোৰ নামিবৰ সময় হৈছিল। মানুহজন তেতিয়াও টোপনিতে আছিল। থিয় হৈ এবাৰ তেখেতলৈ ভালদৰে চাই নামিবলৈ বুলি আঁতৰি আহিলোঁ। দেউতাক শেষবাৰৰ বাবে দেখা পাওঁতেও তেনেদৰেই এদিন ওচৰৰপৰা আঁতৰি আহিছিলোঁ। মনটোত গধুৰ ভাব এটাই লগ লৈ আছে। এই গধুৰ ভাবটো সদায় থাকিব। কেতিয়াবা আজিৰ দৰে জাগি উঠিব। 

দেউতাকবোৰ আকাশ। সকলো দেউতাক কুশলে থাকক। 

————————

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!