১৯ আগষ্ট , ২০০৭ চন

লেখক- নজিফ হাজৰিকা

“আৰু ক্ৰিকেট খেলগৈ যা। যাহ, এতিয়াই যা। বেটখন ল আৰু চিধা ওলাই যা……..” 

মাৰ্কশ্বিটখন হাতত লৈ চিঞৰি উঠিল বাপেকে।   

” ক্ৰিকেটে খুৱাব তোক? ক্ৰিকেটে চলাব তোক? হা?” …

ইমৰাণে তলমূৰ কৰিলে। 

” ইমান দূৰৈত থাকোঁ, তহঁতৰ কাৰণে ইমান কষ্ট কৰোঁ….., আৰু ৰিজাল্ট কৰিছ সেইখন……, যা ক্ৰিকেট খেলি থাকগৈ, নালাগে তই পঢ়ি ফলাব…..”

 

 বকি বকি তেওঁ  ভিতৰলৈ সোমাই গ’ল। তলমূৰ কৰি ইমৰাণ ৰৈ থাকিল। তাৰ চকুত তেতিয়া চকুলো……। বাপেকে গালি দিলে সি সহ্য কৰিব নোৱাৰে।

 

ক্লাছ টেনৰ টেষ্ট পৰীক্ষাৰ ৰিজাল্ট দিছে আজি। চুঁচৰি-বাগৰি, যেনেতেনে  থাৰ্ড ডিভিজনত পাছ কৰিছে সি। তাতেই বাপেকৰ দুখ, তাতেই তেওঁৰ খং।  ইমৰাণৰো দোষ আছে, পঢ়াতকৈ  যেন তাৰ ক্ৰিকেট খেলৰ ধান্দাহে বেছি….

 

কিছু সময়ৰ পাছত ভিতৰৰপৰা তেওঁ ওলাই আহিল। তলমূৰ কৰি তেতিয়াও ৰৈ থকা ইমৰাণক ওচৰলৈ মাতিলে- 

: চাওঁ এইফালে আহ! 

: ও! – ইমৰাণ আহিল। 

: চা বাবা, তই মোক একো “হাই-ফাই” ৰিজাল্ট কৰি দেখুৱাব নালাগে, মাত্ৰ পাৰ্চেন্টেজটো  অলপ ভাল কৰ, যাতে তোৰ  ইচ্ছামতেই কলেজ এখনত পঢ়িবলৈ চিট পাৱ……

: ও! 

:  ক্ৰিকেট খেলিবি বাৰু।  মই খেলিবলৈ মানা নকৰোঁ নহয় তোক। মাত্ৰ এইকেইটা দিন মেট্ৰিকলৈকে অলপ কষ্ট কৰচোন…..। তই ভাল কলেজ এখনত পঢ়িলে ময়েইতো শান্তিত থাকিম অলপ…..

: ও! 

 

ইমৰাণৰ ক’বলগীয়া একো নাছিল। বুজিছিল সি কি কৰিব লাগে। 

 

                                    *    *   *

 

২৭ মে’ , ২০০৮ চন। 

 

মেট্ৰিকৰ ৰিজাল্ট দিলে আজি। ভাল ৰিজাল্টেই কৰিলে সি। প্ৰথম বিভাগত, এটা ভাল পাৰ্চেন্টেজলৈ এখন ভাল কলেজত চিট পাব পৰাকৈ উত্তীৰ্ণ হ’ল। তাৰ কাৰণে, তাৰ ঘৰৰ কাৰণে সেইখিনিয়েই যথেষ্ট। 

 

ইতিমধ্যে ৰিজাল্টৰ খবৰ ল’বলৈ লাহে লাহে ঘৰলৈ মানুহ আহিবলৈ আৰম্ভ কৰিলে। পিছে ঘৰত এতিয়ালৈকে ইমৰাণ আৰু বাপেক কোনো এটাও আহি পোৱাহি  নাই। মাক আৰু বায়েকে আলহীক চাহ-নাষ্টাৰে আপ্যায়ন কৰি গৈছে।

দুই বাজি গ’ল; তিনি বাজি গ’ল; চাৰি বাজি গ’ল। নাই এতিয়ালৈকে এটাও আহি নোলাল। 

 

ঠিক ছয়বজাৰ ওচৰে-পাজৰে দুয়ো দুফালৰপৰা আহি ওলালহি, বাপেকৰ হাতত আছিল এটা মিঠাইৰ টোপোলা। গেটৰ মুখতে লগ পাই দুয়ো দুয়োৰে মুখলৈ আচৰিত হোৱাৰ দৰে চালে আৰু ভিতৰলৈ সোমাই গ’ল। 

 

ড্ৰয়িংৰুমত বহি থকা আলহীক মাত লগাই, মিচিকিয়া হাঁহিৰে কথা পাতি আকৌ দুয়ো ভিতৰলৈ সোমাই গ’ল। 

ইমৰাণলৈ চাই বাপেকে মৃদু ধমকি লগালে- 

: ৰিজাল্ট দিছে, ঘৰলৈ খবৰ কৰা মানুহ আহিছে, তই ইমান দেৰি ক’ত আছিলি ? 

: ৰিজাল্ট দিছে, ঘৰলৈ খবৰ কৰা মানুহ আহিছে, তুমি ইমান দেৰি ক’ত আছিলা? 

: ধেই , মুখে মুখে কথা নক’বি। মই অফিচৰ ষ্টাফকো চাহ-মিঠাই খুৱাই আহিব লগা হ’ল। তই কি কৰি আছিলি? 

: খেল আছিল,  শিঙিমাৰিত । ফাইনেল খেলি আহিছোঁ। 

: তাৰমানে ফাইনেল হাৰি আহিছ?

: অ। 

: হুহ! ক্ৰিকেট তাৰ। আজিৰ দিনটোতো ক্ৰিকেট তাৰ। 

: অঁ। 

 

তাক গালি দিলেও পেটে পেটে হাঁহি উঠিল তেওঁ। 

 

                                     *    *    * 

 

 ২৪ ফেব্ৰুৱাৰী , ২০১০ চন।

 

 অফিচৰপৰা আহি ঘৰত সোমায়েই টি.ভিত খেল চাই থকা ইমৰাণক দেখি বাপেকৰ খং উঠি গ’ল। 

 

: তোৰ অহা মাহত এইচ্ এচ্ ফাইনেল হয়নে? খেল চোৱাত লাগিলি যে? 

: হেই ৰ’বা, ই আজি দুশও মাৰি দিব পাৰে। 

: কোনে? 

: টেণ্ডুলকাৰে। 

: হৈছে থ’। কিমান মাৰিলে এতিয়ালৈকে ? 

: ১৫৮ । 

: যাবই ই অলপ পাছত, চাই থাক।

: হেই…..

 

খেল গৰম হৈছে। মুখ হাত ধুই বাপেকো আহি তাৰ লগত বহি ল’লে। ডেল ষ্টেইন, মৰকেলক এফালৰপৰা কোবাই গৈছে টেণ্ডুলকাৰে। 

অৱশেষত সেই বিশেষ মুহূৰ্তটো আহিল। ১৯৯ ত শচীন, লেঞ্জেভেল্টৰ হাতত বল। ইমৰাণ আৰু বাপেকৰ চকু একদম থৰ। 

ল’লে, এক ৰাণ লৈ শচীনে গঢ়িলে বিশ্ব অভিলেখ। স্ফূৰ্তিত জঁপিয়াই উঠিল ইমৰাণ, বাপেকৰো মুখত বিৰিঙি উঠিল হাঁহি। 

সেইদিনা সিহঁতৰ ঘৰত হাঁহৰ মাংস ৰন্ধা হ’ল। বাপেকে নিজেই ৰান্ধিলে। বৰ স্ফূৰ্তিৰে খালে সেইদিনা ইমৰাণে। 

 

পিছে ইমৰাণে গম নাপালে সেই খেলখনেই আছিল বাপেকৰ লগত একেলগে উপভোগ কৰা শেষ ক্ৰিকেট খেলখন আৰু একেলগে হাঁহৰ মাংস খোৱাৰ  শেষ দিন। 

 

                                   

                           *     *     * 

 

 ছেপ্টেম্বৰ  ২০১০ চন। 

 

সময় বহুত সলনি হ’ল। ইমৰাণ আহিল দেৰগাঁও কমল দুৱৰা কলেজত বি.এচ্ চি. পঢ়িবলৈ। ইফালে চাকৰিসূত্ৰে মাক-দেউতাক থাকিল তেজপুৰত, বায়েক ইউনিভাৰ্ছিটিত । ঘৰখনৰ মানুহবোৰ চেদেলি-ভেদেলি হ’ল। 

 

ইমৰাণে পিছে ক্ৰিকেট নেৰিলে। দেৰগাঁৱলৈ  আহিও  সি ক্ৰিকেটৰ পাৰ্টনাৰ বিচাৰি উলিয়ালে । পিছে  আৰম্ভণিতে সি বৰ লাজত পৰিল। তাৰ সমবয়সীয়া চাদ্দাম আৰু চিনিয়ৰ বাবুলদাই মিলি তাৰ “ভাল খেলোঁ” বুলি থকা অহংকাৰ শেষ কৰি দিলে। ইমৰাণৰ বলত দুয়ো মিলি “ধুলাই” দিয়ে, ইমৰাণ লাজত ৰঙা-ছিঙা পৰে। 

 

লাহে লাহে ইমৰাণৰ খেল আগতকৈ ভাল হ’ল। বন্ধু বিৰাজৰ লগত মিলি য’ত-ত’ত বাজি খেলিবলৈ যোৱা আৰম্ভ কৰিলে।

 

                                    *     *    * 

 

৩ ফেব্ৰুৱাৰী ২০১১ চন। 

 

ইতিমধ্যে  ইমৰাণৰ দেউতাক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ’ল। ডায়েলাইছিছ কৰিবলৈ সপ্তাহত দুই তিনিদিন গুৱাহাটীলৈ যাব লগাত পৰিল। ইমৰাণৰ ব্যস্ততা বাঢ়িল। পঢ়াৰ মাজতে সি এই দেৰগাঁও, এই তেজপুৰ, এই গুৱাহাটী তাঁতবাতি কৰিবলৈ আৰম্ভ কৰিলে। 

ইফালে যধে-মধে পইচা খৰছ কৰাৰ কাৰণে তাৰ হাতত পইচাও নথকা হ’ল। অৱশ্যে পইচা নাথাকিলেও সি নকয় কাকো, নোখোজেও কাকো। 

 

আজি ৰাতিপুৱাই তালৈ মাকৰ ফোন আহিল। 

: হেল্ল’ বাবা!

: অ’ মা কোৱা। 

: আব্বাৰ গাত পানী জমা হৈছে। ডায়েলাইছিছ আজিয়ে কৰিব লাগিব। তই পাছবেলা গুচি  আহিবিচোন। ডাক্তৰক ফোন কৰিছিলোঁ; গধূলি ৭   বজাত এপইণ্টমেণ্ট আছে। 

: হ’ব মই গৈ পাই যাম দিয়া। 

: তই তেজপুৰলৈকে  আহিব নালাগে, আমি নগাঁও হৈ যাম। বি.টি.এ.ডি ত গণ্ডগোল চলিছে, সেইফালে গাড়ী বন্ধ আজি। 

: অ ঠিক আছে হ’ব। 

: পাৰিলে বাটতে কিবা এটা খাই আহিবি। বিক্ৰমদাই কলিয়াবৰলৈকে আমাৰ গাড়ীখন লৈ যাব। তই তাতেই ৰৈ দিবি। 

:  ঠিক আছে মা। মই গৈ পাই যাম। 

 

ফোনটো ৰাখিয়ে ইমৰাণ চিন্তাত পৰিল। তাৰ হাতত গাড়ীভাড়া দিবলৈ বুলি আছে মাত্ৰ দহটকা। দহ টকা লৈ সি দেৰগাঁৱৰপৰা কলিয়াবৰলৈকে যাব!  কেনেকৈ! সি চিন্তাত পৰিল। 

 

ভাবি ভাবি অলপ পাছত সি ফোন লগালে বিৰাজলৈ। 

: হেল্ল’ বিৰাজ। 

: ক।

: বেটখন লৈ তহঁত  ওলাই আহ। 

: ক’লৈ ? 

: এফ.চি. আই গুদামৰ ফিল্ডলৈ । 

: লুটিবি ? 

: ব’ল লুটি আহোঁ। পইচা লাগে মোক। 

 

বিশ্ব, বিৰাজ, প্ৰাঞ্জল, ইমৰাণ গোটেইকেইটা গৈ এফ.চি. আই গুদামৰ ফিল্ড পালেগৈ। 

ভীম, বৰুণহঁতৰ লগত প্ৰথম মেচ খেলিলে গাইপতি  ১০ টকাকৈ বাজি লগাই। জিকিলে, 

আকৌ খেলিলে। এইবাৰ ২০ টকাকৈ। এইবাৰো জিকিলে। 

 

ইমৰাণৰ হাতত  এতিয়া ৪০ টকা হ’লগৈ। আৰু ১৫ টকা লাগে। দেৰগাঁৱৰপৰা কলিয়াবৰলৈকে ভাড়া ৫৫ টকা। কিন্তু “লুইত” নামৰ বাছখনত গলে তাৰ পৰা ৫০ টকা ল’ব, তাৰ চিনাকি। 

পিছে যদি হাৰি যায় পিছৰ খেলখন? তেতিয়া? নাই ২০ টকা খেলিব নোৱাৰি, ১০ টকাকৈয়ে খেলিব লাগিব। 

 

ভীমহঁতে  মনা নাছিল প্ৰথমে।  কেৰজেৰ কৰাত অৱশ্যে মানি ললে।  ভীমহঁতে টাৰ্গেট দিলে ৫ অভাৰত ৬১ ৰাণ। 

হাৰিবলৈ ধৰা খেলখনত অৱশেষত ইমৰাণে ৩৫ ৰাণ কৰি শেষ অভাৰত তিনিটা ছিক্স মাৰি যেনে তেনে জিকালে। হৈ গ’ল ৫০ টকা। 

” যাওঁ ব’ল, আৰু নেখেলোঁ দেই আজি। কাম আছে আমাৰ” 

: ঐ, ক’ত যাৱ বে? আৰু এখন খেলি যা। তহঁতৰ মন গ’লে খেলিবি, মন নগ’লে গুচি যাবি। সেইটো নহ’ব ভাই….

ইমৰাণে সিহঁতক বুজালে। নাই, লাহে লাহে কাজিয়াৰ পৰ্যায় পালেগৈ। ইমৰাণৰো খং উঠিল- 

” ঠিক আছে, খেলিম। পুৰা ২৫০ টকা খেলিম। খেল যদি ক, দম আছে যদি ক” ….

অৱশেষত সিহঁতে এৰি দিলে। ইতিমধ্যে ‘লুইত’ খন আহিছিল। দৌৰি দৌৰি ইমৰাণ বাছত উঠিলগৈ। 

 

                                     *      *     * 

 

ইমৰাণ আহি কলিয়াবৰ পাইহি মানে মাকহঁতো আহি পাইছিল। সি অহাৰ পাছত বিক্ৰমদা উভতি গ’ল। ইমৰাণে  মাক-বাপেকক লৈ গাড়ী চলাবলৈ  আৰম্ভ কৰিলে। মাকে সুধিলে – 

: কিবা খালিনে ? 

: উম , ভাল খালোঁ। 

: ক’ত ? 

: জখলাবন্ধাত । 

 

মিছা মাতিলে সি। ইফালে ভোকত তাৰ পেট পকাই উঠিছিল। ঠিক চামগুৰি পাওঁতে তাক বাপেকে গাড়ীখন ৰখাবলৈ ক’লে। 

: এইখিনিতে ৰখা অলপ। 

: কিয়? কি হ’ল? – গাড়ীখন ৰাখি সি সুধিলে। 

বাপেকে পকেটৰপৰা এশ টকা এখন  উলিয়াই তাক দি ক’লে- 

: আমি গাড়ীতে বহিছোঁ, তই ভাতকেইটা খাই ল যা। 

: ই ভাত খাই আহিছে দেখোন। – মাকে ক’লে। 

: নাইখোৱা ই , ফাঁকি দিছে।  হয়নে? 

: উম? – তাৰ চকু চলচলিয়া হৈ উঠিল। 

: যা, খাই ল গৈ। 

 

ভাত খাই আহি সি আকৌ গাড়ী চলাবলৈ আৰম্ভ কৰিলে। এইবাৰ গুৱাহাটী পোৱালৈকে তিনিওটা প্ৰাণী নীৰৱে থাকিল। 

 

                       *    *    * 

 

বাপেকৰ ডায়েলাইছিছ চলি আছে। তেজবোৰ মেচিনেদি সোমাই ৰিফাইন হৈ আকৌ বাপেকৰ গাত সোমাইছে। ইমৰাণে তাকেই চাই আছে। তাক বাপেকে ওচৰলৈ মাতিলে- 

: চাওঁ , এইফালে আহ । 

: উম। 

: কিয় মিছা কৈছিলি, ভাত খাই আহিছ বুলি? 

: খাবলৈ পইচা নাছিল। – তলমূৰ হৈ ক’লে সি। 

: আহিবলৈ পইচা ক’ত পালি? 

: ক্ৰিকেট খেলি উলিয়ালোঁ। 

: আয়ু….চাওঁ , এইফালে আহ বাবা। 

 

বাপেকে তাক বুকুৰ মাজলৈ টানি আনিলে। সি আৰু নিজকে ৰখাব নোৱাৰিলে। সঁচাকৈয়ে হুকহুকাই কান্দি উঠিল সি। তাৰ চকুলোৰে বাপেকৰ বুকুখন তিতি গ’ল। 

 

                         *      *     * 

 

৬ জানুৱাৰী ২০২৫। 

 

ইতিমধ্যে ইমৰাণৰ বাপেক পৃথিৱীৰপৰা গুচি যোৱা ১২ বছৰ পাৰ হৈ গ’ল। ইমৰাণেও শিক্ষা শেষ কৰি কামত সোমাল। জীৱন আগবাঢ়ি গ’ল, চাকৰি কৰি গ’ল। পিছে সি ক্ৰিকেট নেৰিলে। কৰ্মসূত্ৰে অসমৰ য’লৈকে গৈছে তাতেই ক্ৰিকেট খেলা ল’ৰা বিচাৰি উলিয়াই ক্ৰিকেট খেলি গৈছে। যেন ক্ৰিকেট তাৰ জীৱনৰ এক অভিন্ন অংগ । 

 

কৰ্মসূত্ৰে আহি এইবাৰ সি ডিব্ৰুগড়ত জইন কৰিলে।  

অচিনাকি ঠাই, অচিনাকি মানুহ! লগ নাই, সংগ নাই, ক’তো ক্ৰিকেট খেলাও কাকো দেখা নাই।

ভীষণ অকলশৰীয়া লাগিল তাৰ। কোনোফালেই যেন কোনো চিনাকি নাই; মনে মিলা লগ-বন্ধু নাই । 

 

আজি ছাইট অফিচৰ কাম সামৰি নতুনকৈ গঠন হোৱা এফ.পি.অ’ এটাৰ প্ৰেচিডেন্টজনৰ লগত সি ওলাই আহিল। ইফালে সিফালে চাই সি সুধিলে- 

: হেৰি নহয় উৎপলদা, 

: কি ? 

: এইফালৰ ল’ৰাবোৰে ক্ৰিকেট-চ্ৰিকেট নেখেলে নেকি? 

: কি ? তই খেল নেকি বে? 

: খেলোঁ আকৌ। 

: আৰে কাইলৈ ওলাবি মোৰ লগত। আমাৰ টিমৰ লগত খেলিবি। 

: আপোনাৰ টিম? 

: আৰে ময়ো খেলোঁতো।

 

ইমৰাণৰ মুখত হাঁহি বিৰিঙি উঠিল। 

 

পাছদিনাখন উৎপলে তাক লৈ গ’ল খেলিবলৈ। প্ৰথম খেলতে সি মাৰিলে ৭২ ৰাণ। কেৱল ছিক্স……ফ’ৰ……ছিক্স……ছিক্স …..মাৰিয়ে থাকিল সি। তাৰ খেল দেখি টীমৰ কেপ্তেইনে চিঞৰিলে- 

: ঐ ল’ৰা, তোৰ নাম নাজানো, কাইলৈ তই মোৰ টীমত খেলিব লাগিব। ৰেডি থাকিবি ১১ বজাত।

: নাই দাদা কাইলৈ অফিচত কাম আছে দিনত।

: আবে তোৰ বছ কোন? নাম ক? মই কৈ দিম তাক।

: হেই হেই দাদা, তেনেকৈ নহয়। বেয়া হ’ব।

: তোৰ নামটো কি? 

: ইমৰাণ, ইমৰাণ হাজৰিকা। 

: ঠিক আছে। 

 

পাছদিনাখন কামৰ মাজতে সময় উলিয়াই সি  ১,০০০ টকীয়া মেচ এখন খেলি আহিল। জিকায়ো আহিল। 

                                

লাহে লাহে অঞ্চলটোত ইমৰাণ অলপ-চলপ বিখ্যাত হৈ পৰিল। বেলেগ বেলেগ সময়ত, বেলেগ ল’ৰাই আহি আহি তাক ডিউটিৰ মাজৰপৰাই উঠাই লৈ গুচি যায়, খেল খেলাবলৈ। আজি বোলে চৰাইহাবিত খেল, কালিলৈ বোলে ন-খাতত খেল, পৰহিলৈ বোলে বামুণবাৰীত খেল.

কিমান যে অচিনাকি ঠাই ! 

 

মুঠতে সি কামৰ মাজতে  সময় উলিয়াই খেলি গ’ল। তাক নিবলৈ অহা বেছিভাগ ল’ৰাক ইফালে সি চিনিয়েই নাপায়। 

   

                        *     *    * 

 

২৬ জানুৱাৰী ২০২৫ চন। 

 

আজি বন্ধ, কাম নাই। ৰুমতে সি বাহিৰা কিতাপ এখন উলিয়াই লৈছে পঢ়িবলৈ। তেনেকুৱাতে বাইক এখন আহি তাৰ ৰুমৰ সন্মুখত ৰৈ হৰ্ণ মাৰিলে। সি ওলাই গ’ল। 

: হাজৰিকা দা ব’লক। 

: ক’ত? 

: শালমাৰিত খেল এখন আছে ৬০০০ টকীয়া। খেলি দিব লাগে। 

: হয় নেকি? ৰ’বা ওলাই লওঁ। 

 

ট্ৰেকপেন্ট  আৰু জোতাজোৰ পিন্ধি ইমৰাণ ওলাই গ’ল তাৰ লগত। কি নাম,  ক’ৰ ল’ৰা, ক’ত টীম একো নাজানে সি। শালমাৰিনো কোনফালে তাকো নাজানে। 

গৈ গৈ একদম ভিতৰুৱা বাগানৰ ফিল্ড এখন পালেগৈ সি। ডাঙৰ খেলেই চলি আছে। ৬০০০ টকীয়া খেল যদিও দৰ্শক কিন্তু হাজাৰৰ ওপৰত। 

 

দিনটো খেলিলে সিহঁতে। তিনিটা ৰাউণ্ডৰ তিনিখন মেচ খেলি ফাইনেল জিকিলে সিহঁতে। আটাইকেইখন খেলত সিয়েই মাৰিলে। এখন ৬২, এখনত ৭৫ , এখনত ৫৭। 

 

ফাইনেল জিকি ল’ৰাখিনিয়ে ইমৰাণক সাৱটি ধৰিলে। 

“হাজৰিকা দা আপুনি সদায় আমাৰ হৈ খেলিব” ……”হাজৰিকা দা কিছু মাৰে দেই আপুনি”  …..”হাজৰিকা দা আপোনাৰ কাৰণেই জিকিলোঁ আজি”….।

কিমান যে কথা সিহঁতৰ। ভিতৰুৱা গাঁৱৰ নিভাঁজ মৰম সেইবোৰ। ইমৰাণৰ মনটো কিবা ভাল লাগি গ’ল। 

সিহঁতে পইচা দিছিল তাক, সি নল’লে। ক’লে- 

” নালাগে দিয়া। মই প্ৰফেচনেলি নেখেলোঁ নহয়, খেলি ভাল লাগে কাৰণে খেলোঁ আৰু ” 

 

সন্ধ্যা নামি আহিল। ল’ৰাখিনিয়ে তাক আনি থৈ গ’লহি ৰুমত। আহোঁতে বাটতে এখন দোকান খোলা পাই সিহঁতে গাহৰি মাংস তিনি কেজি লৈ  ল’লে। 

: হাজৰিকাদা,  আপুনি ৰাতি আঠটা বজাত ৰেডি থাকিব। খানা এটা খাম। আপোনাক লৈ যামহি। 

: মই গাহৰি নাখাওঁ নহয়। হ’ব দিয়া একো নাই। বেলেগ এদিন খাম কেতিয়াবা তোমালোকৰ লগত। – সি মিচিকিয়াই হাঁহি ক’লে সিহঁতক। 

: ইছ, ইছ আপুনি গাহৰি নাখায় ন। আমি একদম মন নকৰিলোঁ নহয়….

 

ল’ৰাখিনিৰ যেন মনটো মৰহি গ’ল। সিহঁত যেন অনুতপ্ত হৈ পৰিল। এইখিনি অঞ্চলত গাহৰিৰ বাহিৰে বেলেগ মাংসও নাপায় একো। 

: আৰে একো নাই দিয়া। তোমালোকে খোৱাগৈ। আকৌ এদিন জিকিম কেতিয়াবা। তেতিয়া বেলেগকৈ আকৌ পাৰ্টি কৰিম দিয়া। 

 আমন-জিমনকৈ অৱশেষত ল’ৰাখিনি গুচি গ’ল। 

 

মুখ হাত ধুই ইমৰাণ লাহেকৈ বিচনাত বাগৰি পৰিল। তাৰ মগজুৰ ভিতৰত এতিয়া এখন যুদ্ধ আৰম্ভ হ’ব। 

 

ৰন্ধা বঢ়াৰ ক্ষেত্ৰত “মহা এলেহুৱা”ৰ লিষ্ট বনালে হয়তো সি এক নম্বৰত থাকিব। অকল মেগী,  পাষ্টা খাই খাইয়ে চলি থাকে সি। দহদিনৰ মূৰত এদিন ভাত ৰান্ধে। নহ’লে ওলাই গৈ চিনাকি ধাবা এখনত ভাত খাই আহে। তথাপিও ভাত নাৰান্ধে। কেতিয়াবা সি ভোকতে শুই দিয়ে। তেতিয়া এসাঁজ ভাতৰ চিন্তাই তাক বাপেকলৈ মনত পেলায়। 

“ভোকত থাকিলেও আব্বাই গম পাইছিল।” 

 

চিলিংখনলৈ চাই সি নিজকে কৈ উঠিল- 

” এতিয়া? এতিয়া পিছে কি কৰা যায়?

তাৰ সোঁফালৰ মগজুৱে ক’লে- মেগীকে বনাই দে, খাই শুই থাক। 

বাওঁফালৰ মগজুৱে ক’লে- ধেই মেগী বনালে আকৌ কেৰাহী, বাটি, চামুচ ধুব লাগিব। নালাগে, ধাবাতে খা। 

বাওঁফালৰ মগজু-  “আকৌ  স্কুটি লৈ ওলাই গৈ ১০০ টকা খৰচ কৰি খাব নালাগে থ। মেগী বনা” 

সোঁফালৰ মগজু- “আৰে বাচনবোৰ কোনে ধুব ?”  

 

মুঠতে ভীষণ যুদ্ধ চলি থাকিল। ইমৰাণৰ কাণ-মূৰ গৰম উঠি গ’ল। 

 

তেনেকুৱাতে তাৰ ফোনটো বাজি উঠিল। 

: হেল্ল’ 

: হাজৰিকাদা। আপোনাৰ কাৰণে আমাৰ ইহঁতকেইটাই হাঁহ এটা মাৰিলে। আপুনি ওলাই থাকক , আমি নিবলৈ গৈ আছোঁ। 

: কি? তোমালোকো যে আৰু! 

: এ নাই, আমাৰ পাৰ্টিত আপুনি থাকিবই লাগিব। 

: হ’ব দিয়া। তোমালোক আহিব নালাগে। ময়েই গৈ আছোঁ ৰ’বা। নিগমৰ ওচৰত গ’লেই হ’ব ন? 

: অ হ’ব, আপুনি নিগমলৈকে আহি যাওক। আমি সেইখিনিতে খাম পাৰ্টি। 

: হ’ব তেন্তে। 

 

” উফফ , শান্তি! ” 

 

দীঘলকৈ এইবাৰ সি স্বস্তিৰ নিশ্বাস পেলালে। কাপোৰ কানি পিন্ধি সি এইবাৰ স্কুটি লৈ ওলাই গ’ল নিগমলৈ। গৈ গৈ সি নিগম পালেগৈ। 

 “হাজৰিকাদা আহি গ’ল” …..

ল’ৰাখিনিৰ যেন মনবোৰলৈ ফূৰ্তি ঘূৰি আহিল। সি গৈ পোৱাৰ পাছতে খানাৰ আয়োজন চলিল। মাটিত গোলকৈ বহি সকলোৱে খোৱাত লাগিল। গাহৰি আৰু হাঁহ সমানে চলিল। ইমৰাণে কেৱল হাঁহ খালে। 

 

খাই থাকোঁতে হঠাৎ কিবা এটা শোকে তাক খুন্দা মাৰি ধৰিলে। সেই একেই সোৱাদ, শচীনে ২০০ মাৰোঁতে বাপেকে যে ৰান্ধিছিল, সেই একেই সোৱাদ। 

চকুলো নিগৰি আহিল তাৰ। 

অৱশেষত ল’ৰাখিনিৰপৰা বিদায় লৈ সি ঘূৰি আহিল। 

 

নিৰ্জন ৰাস্তাটোত কুঁৱলী ফালি ফালি স্কুটি চলাই ঘূৰি আহি থাকোঁতে তাক এদিন বাপেকে খঙতে কোৱা কথা এষাৰলৈ বৰকৈ মনত পৰিল। 

“ক্ৰিকেটে খুৱাব তোক? ক্ৰিকেটে চলাব তোক? হাঁ ?”

 

কুঁৱলীৰ মাজেৰে যেন তালৈ আব্বাকে চাই আছে। সি কৈ উঠিল- 

” আব্বা, ক্ৰিকেটে আজি মোক এসাঁজ ভাত খুৱালে। ঠিক তুমি ৰন্ধা হাঁহৰ মাংসৰ দৰেই । অচিন ঠাইত, অচিন মানুহৰ মাজত এসাঁজ ভোকৰ ভাত খুৱাইছে। 

এচাম মানুহৰ মৰম দিছে। দিছে আব্বা,  ক্ৰিকেটে মোক কিবা অলপ দিছে।” 

 

ধাৰাসাৰে চকুলো বৈ থাকিল তাৰ। লাহে লাহে সি নিজেও কুঁৱলীৰ মাজত বিলীন হৈ গ’ল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!