ৰচম, মেডু বড়া আৰু নাৰিকলৰ চাটনি
লেখক- অংকিনী
দাক্ষিনাত্যৰ বহুত প্ৰচলিত খাদ্য চাম্বাৰৰ লগতে আন এটা জনপ্ৰিয় ৰেচিপি হ’ল ৰচম। বৰ্তমান পুনেত খুব বৰষুণ, ঠাণ্ডাও পৰিছে। সেয়ে আজি বনালো ৰচম, চাম্বাৰ, বড়া আৰু নাৰিকলৰ চাটনি.
ৰচম আচলতে চুপৰ দৰে এবিধ খাদ্য। ঠাণ্ডা বতৰত ৰচম খালে গাটো বৰ ভাল লাগে। ৰচম ভাত, ডোচা, পুত্তু, ইডিয়াপ্পমৰ লগত খোৱা হয়। দক্ষিণৰ মানুহে প্ৰতি সাজৰ লগত ৰচম খাই বুলি ক’লেও ভুল নহয়। ৰচম একেবাৰে ঢেঙঢেঙিয়া পানীৰ দৰে। ৰচম শব্দটো আহিছে তামিল শব্দ ইৰাচমৰ পৰা যাৰ অৰ্থ নিৰ্য্যাস। প্ৰচলিত কথা মতে ৰচম ১৬ শ শতিকাত মাদুৰাইত প্ৰথমে সৌৰাষ্ট্ৰিয়ান নামৰ পমুৱা জাতিয়ে উদ্ভাৱন কৰিছিল। তেওঁলোকে ৰচমক পুলিচাৰ বুলিছিল যাৰ অৰ্থ তেতেলি। ৰচম তেতেলীৰ পানীৰ লগত মচলাৰে ৰন্ধা হয়। ৰচমৰ বহুতো ঔষধি গুন আছে, বিশেষকৈ জ্বৰ পানীলগাত বৰ ভাল।
চাম্বাৰৰ দৰে ৰচমৰো বহুত প্ৰকাৰ আছে, যেনে টমেট’ ৰচম, জালুকৰ ৰচম, তেতেলীৰ ৰচম, মাটিকঠালৰ ৰচম, নহৰুৰ ৰচম আৰু বহুটো।
টমেট’ ৰচমৰ ৰেচিপিঃ
উপকৰণঃ
ৰচম পাউডাৰঃ ৰচম পাউডাৰ বজাৰত কিনিবলৈ পাই যদিও মই ঘৰত বনাই ল’লে বেছি ভাল পাঁও।
- ১ চাহ চামুচ ঘি
- ১/২ টেবুল চামোচ বাকলি গুচোৱা মাটি দাইল
- ১/২ টোবুল চামোচ বুট দাইল
- ১ ১/২ টেবুল চামোচ ধনীয়া গুটি
- ১ টেবুল চামোচ জিৰা গুটি
- ১০-১৫টা জালুক
- ১/৪ টেবুল চামোচ মেথি গুটি
- ২-৩টা শুকান জলকীয়া, জ্বলা বেছি খালে বেছি দিব।
- ১০/১৫খিলা নৰসিংহৰ পাত
সকলোখিনি গোটা মচলা কেৰাহি এখনত ঘি গৰম কৰি ভাজি লৈ সুগন্ধ ওলালে মিক্সিত গুৰি কৰি ল’ব।
ৰচমৰ বাবে
- ১ টেবুল চামোচ তেল
- ১/২ চাহচামোচ সৰিয়হ
- ২০-২৫টা নৰসিংহৰ পাত
- ২টা শুকান জলকীয়া, টুকুৰা কৰা
- ৩ফুটা নহৰু, খৰচীয়াকৈ পিচি লোৱা
- ২টা বিলাহী টুকুৰা কৰা
- ১/২ চাহ চামুচ হালধিগুৰি
- ১ ১/২ টেবুল চামোচ পুৰ্বতে বনাই লোৱা ৰচম পাউডাৰ
- ২ কাপ ৰহৰ দাইলৰ পানী। ( দাইল বনাওতে অলপ বেছিকৈ পানী লৈ ওপৰৰ জলঙা পানীখিনি কাঢ়ি ল’ব)
- ২/৩ টেবুল চামোচ তেতেলিৰ মণ্ড( তেতেলিখিনি পানীত তিয়াই, খচি ল’ব)
- ২ টেবুল চামোচ গুৰ
- ১ টেবুল চামোচ ধনীয়া পাত
- নিমখ সোৱাদ মতে
এখন দ তলিৰ কেৰাহিত এচামুচ তেল গৰম কৰি ল’ব। তাত সৰিয়হ আৰু নৰসিংহ পাত দি ফুটাই ল’ব। ৰঙা শুকান জলকীয়া, নহৰু আৰু বিলাহী দি লৰাব। হালধি আৰু ৰচম পাউডাৰ দি ভালদৰে ভাজিব ২ মিনিট। ৰহৰ দাইলৰ পানীখিনি দি ভালদৰে মিলাই তাত তেতেলি আৰু গুৰ মিহলাই ভালদৰে উতল আহিবলৈ দিব। ভালদৰে উতলিলে ধনীয়াৰ পাত দি পৰিবেশন কৰিব।
ইয়াৰ লগত খাবলৈ বনোৱা মেডু বড়াৰ ৰেচিপি। মেডু বড়া কৰ্নাটকৰ মাডুড় নামে ঠাইত উদ্ভাৱন হৈছিল বুলি জনা যায়।
প্ৰণালীঃ
বাকলি নথকা মাটি দাইল ২ কাপ এৰাতি পানীত ভিজাই থৈ কোমল হোৱাত পিচি ল’লো। দাইল পিচা খিনিত একচাহচামুচ জিৰা, ১০/১২খিলা নৰসিংহৰ পাত কুটা, মিহি মিহিকৈ কটা নাৰিকল আৰু নিমখ মিহলাই ভালদৰে ফেটি ল’লো। মাজত ফুটা ৰাখি বড়া বনাই তেলত ডুব যোৱাকৈ ভাজি ল’লো।
এনেই খুব সহজ, কিন্তু ইয়াৰ আটাইতকৈ ট্ৰিকি কামটো হ’ল বড়াৰ শ্বেপ দিয়াতো। থুপথুপীয়া দাইলৰ মিশ্ৰণেৰে মাজত ফুটা ৰাখি বড়া ভজাটো অলপ কঠিন।
বড়া বনালো যেতিয়া তাৰ লগত খাবলৈ নাৰিকলৰ চাটনি লাগিবই।
নাৰিকলৰ চাটনি বনোৱা বিধিঃ
আধা ফাল নাৰিকল, ৩/৪টা কেঁচা জলকীয়া, ৬/৭ কোঁহ নহৰু, ১ চেঃমিঃ আদা, ১চাহ চামুহ চেনি, ১ টেবুল চামুচ তেতেলীৰ মণ্ড, নিমখ একেলগে ভালদৰে পিহি ল’ব। এখন কেৰাহিত সৰিয়হ আৰু নৰসিংহ পাত ফুটাই সেইখিনি পিহি লোৱা চাটনি খিনিত দি মিলাই ল’ব। হৈ গ’ল চাটনি।