ৰেডিঅ’ আৰু আমাৰ শৈশৱ, কৈশোৰৰ কিছু নষ্টালজিয়া

লেখক- নাজিয়া চুলতানা

আমাৰ শৈশৱ তথা কৈশোৰৰ বিনোদনৰ একমাত্ৰ মাধ্যম আৰু অকলশৰীয়া সময়ৰ একমাত্ৰ লগৰী আছিল ৰেডিঅ’। ৰেডিঅ’ এটি এতিয়াও আছে আমাৰ ঘৰত যদিওবা সেইটো শুনা মানুহ বৰ্তমান কোনো নাই। সৰুৰেপৰা ঘৰখনত এতিয়ালৈ দুই তিনিটা ৰেডিঅ’ সলনি হোৱা দেখিলো। বৰকৈ মনত পৰে সৰু কালৰ কথাবোৰ। ৰেডিঅ’ বুলি ক’লেই নষ্টালজিয়াত ডুব যাওঁ। নব্বৈ দশকৰ শেষৰফালৰ কথা। আব্বা(দেউতা)ৰ পছন্দৰ অনুষ্ঠান আছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰদ্বাৰা প্ৰচাৰিত ৰাতিপুৱা ৭টা বজাৰ বাতৰি, ৭: ১৫ ৰ আজি পুৱা, দেওবাৰৰ দুপৰীয়াৰ নাটক, বাতৰি, ৰংচ’ৰা, সন্ধিয়া ৬: ৫০ নে ৭ টাৰ বাতৰি, ‘খেতিৰ দিহা’ আৰু ৰাতি ৯: ২৫ ৰ বাতৰি, সোমবাৰৰ ৰাতি ৯: ৩০ ৰ ‘নাট্যানুষ্ঠান’ ইত্যাদি। ৰেডিঅ’টো য’তেই বাজি নাথাকক কিয় বাতৰিৰ সময়ত আহি আব্বাৰ ওচৰ পাব লাগিব অথবা ৰান্ধনিঘৰত আম্মাই আগতে বেলেগ অনুষ্ঠান শুনি থাকিলেও বাতৰিৰ সময়ত ভলিউমটো বঢ়াই দিব লাগিব। বাতৰি পঢ়া পুৰুষ বা নাৰী উভয়ৰে কণ্ঠবোৰ ইমান গভীৰ, গাম্ভীৰ্যপূৰ্ণ আছিল। আব্বাই বাতৰিত ইমানেই মনোযোগ দিছিল যে বেলেগে ওচৰত মাতি থাকিলেও নুশুনে। নিজ ৰাজ্য তথা দেশ-বিদেশৰ অতি গুৰুত্বপূৰ্ণ কথাখিনিহে আছিল ৰেডিঅ’ৰ বাতৰিত। অলপো অতিৰঞ্জিত কৰা হোৱা নাছিল কথাবোৰ। বাতৰিৰ শেষত আছিল বতৰৰ আগজাননী। এতিয়া ব্যক্তিগত খণ্ডৰ মনোৰঞ্জনধৰ্মী টিভি চেনেল বা এফ এমৰ বাতৰি বা অন্য অনুষ্ঠান পৰিৱেশনৰ শৈলীৰ লগত আকাশ-পাতাল তফাৎ আছিল।

 

এতিয়াও মনত পৰে বাতৰি আৰম্ভ হ’লে আমি ধেমালিতে ৰেডিঅ’ৰ লগে লগে আওৰাও, “নমস্কাৰ। এয়া আকাশবাণী গুৱাহাটী। বাতৰি পঢ়িছে নীৰেন দত্তই।” অথবা, “নমস্কাৰ। এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছে বিভা গোস্বামীয়ে।।” আব্বাই চিঞৰি কয়, “ৰ’হ। মনে মনে থাক। বাতৰিটো শুনিবলৈ দে’।” জুলাই, আগষ্ট মাহৰ গৰমৰ দিনবোৰত আব্বাই চোতালত পাটী অথবা ফল্ডিং বিছনা পাৰি লয়। আম্মা আৰু আমি চাৰিওটা ল’ৰা-ছোৱালীয়ে আব্বাক আগুৰি বহি বা শুই থাকো। ওপৰফালে ৰাতিৰ ধুনীয়া আকাশখনৰ তৰা লেখি লেখি ৰেডিঅ’ৰ অনুষ্ঠান শুনি থাকো। আমাৰ মনবোৰ কল্পনাৰ দুনিয়া এখনলৈ উৰা মাৰে। এনে লাগে যেন শুকুলা ডাৱৰৰ সিপাৰে আছে অন্য এখন জগত, য’ত যাদূৰ কাঠিৰে সকলোবোৰ কাম নিয়ন্ত্ৰিত হয়। সেয়া পৰী আৰু ৰাজকুমাৰৰ দেশ। কেতিয়াবা ৰেডিঅ’ত বাজি উঠে “চিলমিল টোপনিতে …”, অথবা “জোনাকৰে ৰাতি অসমৰে মাটি…।” আম্মাই লগে লগে গুণগুণায়। আব্বাই এখন বিচনীৰে অনৱৰতে বা দি থাকে। আমি নিৰ্দিষ্ট সময়ত গৈ পঢ়া টেবুলত বহিব লাগে। তেতিয়া আমাৰ গাঁৱত বিদ্যুৎ সংযোগ হোৱা নাছিল বাবে লেম্পৰ পোহৰতে এই গৰমত বিচনী মাৰি মাৰি পঢ়িব লগা হৈছিল। ৰাতি ভাত খাই উঠি আকৌ বহিছিলোঁ চোতালত। বহু দেৰিলৈকে থাকিব মন গৈছিল। ৰাতিৰ আকাশখন এৰিবলৈ মোহ লাগিছিল। 

 

আম্মাই ৰান্ধনিঘৰত কাম কৰি থকাৰ সময়ত তেওঁৰ একমাত্ৰ লগৰী আছিল ৰেডিঅ’টো। ৰাতিপুৱা ৮ বাজি ৩০ মিনিটত আৰম্ভ হোৱা ‘গীতিমালিকা’ ৮ বাজি ৫৫ মিনিটত শেষ হয় আৰু আঞ্চলিক বাতৰি আৰম্ভ হয় মানে আমি স্কুললৈ যাবলৈ সাজু হওঁ। ৰেডিঅ’ত চলি থাকে ‘চিত্ৰগীত’, ধুনীয়া ধুনীয়া হিন্দী বোলছবি বা অসমীয়া বোলছবিৰ গীত। আমি ঘড়ী চোৱাৰ প্ৰয়োজনবোধ নকৰোঁ কাৰণ ৰেডিঅ’ৰ অনুষ্ঠানবোৰে সময়ৰ কথা সকীয়াই থাকে। এই যে শব্দবোৰ ‘বোলছবি’, ‘গীতিকাৰ’, ‘সুৰকাৰ’— এইবোৰৰ লগত আমাক ৰেডিঅ’ই চিনাকি কৰাই দিছিল। তেতিয়া তাৰ অৰ্থই নাজানিছিলোঁ। আমি আটায়ে আব্বাৰ লগত স্কুললৈ ওলায় যাওঁ। আম্মাই ৰাতিপুৱা ৯: ৪৫ লৈ অনুষ্ঠান শুনি চেণ্টাৰ বন্ধ হৈ দীঘলকৈ ‘টুং’ শব্দ হ’লেহে ৰেডিঅ’ বন্ধ কৰে।

 

অকলশৰীয়া ঘৰখনত আম্মাই দিনটো ঘৰ চাফা কৰা, কাপোৰ ধোৱা, ভাত ৰন্ধা সময়বোৰত ৰেডিঅ’টো অনৱৰতে বজাই থয়। কোনোবা এজন লগত থকা যেন অনুভৱ হয় হেনো। দুপৰীয়া ১২ বজাৰ কল্পতৰু অথবা ‘খ’ শাখাৰ ‘সৈন্য বাহিনীৰ উদ্দেশ্য প্ৰচাৰিত অনুষ্ঠান’ৰ হিন্দী বোলছবিৰ গীতসমূহ শুনে। ৰবিবাৰৰ মাৰ বিশেষ প্ৰিয় অনুষ্ঠান হ’ল ‘আইদেউৰ বুলনি’, ৰাতিৰ বিশেষ ‘ফোন ইন কল্পতৰু’ ইত্যাদি। এয়া দুহাজাৰ চনৰ আৰম্ভণিৰ কথা। আমাৰ ঘৰত তেতিয়া লেণ্ড লাইন ফোন আছিল। আমি এঘণ্টা চেষ্টা কৰিও তেনেকুৱা অনুষ্ঠানবোৰত ফোনটো লগাব পৰা নাছিলোঁ। বৰ দুখ লাগিছিল। যিসকল শ্ৰোতাৰ ফোনটো লাগিছিল তেওঁক বৰ ভাগ্যৱান অনুভৱ কৰিছিলোঁ। অনুষ্ঠানবোৰ শুনি শুনি আমাৰ ঘোষক-ঘোষিকাৰ নাম পৰ্যন্ত মুখস্থ হৈছিল। সৈন্য বাহিনীৰ অনুষ্ঠানসমূহ হিন্দীত প্ৰচাৰিত হৈছিল আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ‘খ’ শাখা যোগে দিল্লীৰপৰা ‘ৰিলে’ কৰি শুনোৱা হৈছিল। আমাৰ হিন্দী শিক্ষাৰো যেন এয়াই আৰম্ভণি আছিল।

 

দেওবাৰৰ ‘অকণিৰ মেল’ আমাৰ প্ৰিয় অনুষ্ঠান আছিল। ৰাতিপুৱা কোনোবা এটা সময়ত স্কুলীয়া শিক্ষাৰ পাঠদান অনুষ্ঠান এটিও প্ৰচাৰিত হৈছিল। জ্বৰ হৈ স্কুল ক্ষতি কৰিলে দিনৰ দিনটো ৰেডিঅ’টো কাষত বজাই শুই থাকিছিলোঁ। ৰেডিঅ’ শুনিবলৈ পালে যেন ভাত নাখালেও পেট ভৰিব। সাহিত্য অনুষ্ঠান যেনে— গল্প, কবিতা, উপন্যাস পাঠসমূহো খুব মন দি শুনিছিলোঁ। বিশেষকৈ নব্বৈ দশকৰ হিন্দী বোলছবিৰ প্ৰতিটো গীতেই পূৰাকৈ নহ’লেও আধা হ’লেও মুখস্থ হৈছিল। তেতিয়া ৰোমাণ্টিক গীতবিলাকৰ অৰ্থ বুজি পোৱাই নাছিলোঁ। এতিয়া এই গীতবোৰ শুনিলে সেই সোণোৱালী শৈশৱৰ দিনবোৰলৈ বৰকৈ মনত পৰে। আম্মাই আমাক চাৰিওজনকে মামাহঁতৰ ঘৰলৈ লৈ গ’লে দিনৰ দিনটো আব্বাই ৰেডিঅ’টো বজাই থৈছিল অকলশৰীয়া অনুভৱ নহ’বলৈ। 

 

একেবাৰে সৰু থাকোঁতে ভাবিছিলোঁ ৰেডিঅ’টোৰ ভিতৰত মানুহ সোমাই থাকে। পাছলৈ ভুল ভাঙিছিল। পাছলৈ বহুত কথাই সলনি হৈছিল। আম্মাই ৰেডিঅ’ শুনা বাদ দিছিল, আব্বাই ৰেডিঅ’ৰ সলনি টিভিৰ বাতৰিত বেছি গুৰুত্ব দিবলৈ লৈছিল। ঠিক তেনেকৈ আমিবোৰে টিভি আৰু মোবাইলত বেছি সময় অতিবাহিত কৰিবলৈ লৈছিলোঁ। তথাপি ৰেডিঅ’ৰ ঠাই কোনেও পূৰাব নোৱাৰে। ৰেডিঅ’ আমাৰ বাবে শৈশৱ কৈশোৰৰ একান্ত লগৰী আৰু মাৰ্গদৰ্শক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!