ৰেডিঅ’ আৰু নষ্টালজিয়া

লেখক- অশোক ভট্টাচাৰ্য্য

আজিৰ পৰা প্ৰায় দহ বছৰমান আগৰ কথা। পুৱা অফিচলৈ যোৱাৰ বাবে সাজু হৈছোঁ। এনেতে পুৰণি বন্ধু এজন আহি ওলালহি। তেৱোঁ কামলৈ ওলাই আহিছে আৰু বাটতে মোৰ ঘৰত সোমাইছে এটি বিশেষ প্ৰয়োজনত। তেওঁক এটা ভাল ৰেডিঅ’ ছেট লাগে কিন্তু ৰেডিঅ’ এটা ক’ত পাব তেওঁ নাজানে। নজনা কথাই। এতিয়াৰ ইলেক্ট্ৰনিক বয়-বস্তুৰ দোকানবোৰত ৰেডিঅ’ পোৱা নাযায়। মই বন্ধুজনক গুৱাহাটীৰ লাখটকীয়া অঞ্চলৰ এখন দোকানৰ কথা ক’লো- মোৰ বিশ্বাস আছিল সেইখনত নহ’লেও ওচৰে-পাজৰে থকা কোনোবা দোকানত ৰেডিঅ’ এটা পোৱা যাবই। মই লগতে কৈছিলো যে কেৱল ৰেডিঅ’ এটাই নহয়, লগতে DC Adapter এটাও কিনি ল’ব কাৰণ আজিকালি ৰেডিঅ’ৰ বেটেৰী পোৱাও কঠিন হৈ পৰিছে। সন্ধিয়াপৰত বন্ধুৰ ফোন আহিল। বন্ধু বেছ উৎফুল্ল। মই কোৱা ধৰণে তেওঁ ৰেডিঅ’ আৰু Adapter কিনি আনিলে আৰু অফিচৰ পৰা উভতি আহিয়েই মাকক ৰেডিঅ’টো বজাই শুনালে। আকাশবাণী, গুৱাহাটী কেন্দ্ৰৰ পৰা এটি অসমীয়া গীত ভাঁহি আহিল আৰু মাকৰ মুখত ফুটি উঠিল এটি প্ৰশান্তিৰ হাঁহি। 

 

‘‘হেৰা মাত্ৰ ডেৰ হেজাৰ টকাৰ ৰেডিঅ’টো পাই মাৰ মুখত একেবাৰে শিশু এটাৰ হাঁহি জিলিকি উঠিল বুজিছা?’’ মোৰ বন্ধুৱে ক’লে। তাৰ পাছত মোক তেওঁ কৈছিল কিয় ইমান ততাতৈয়াকৈ তেওঁক ৰেডিঅ’ এটাৰ প্ৰয়োজন হ’ল। তেওঁৰ মাকৰ বয়স সত্তৰ পাৰ হৈ গৈছে। ওচৰৰ দুই-চাৰিগৰাকী মহিলাৰ সৈতে লগ হৈ নিতৌ প্ৰাতঃভ্ৰমণলৈ যায়। সেইদিনা পুৱা পুৱাৰ ভ্ৰমণৰ পৰা উভতি আহোঁতে হঠাৎ কাৰোবাৰ ঘৰৰ পৰা ৰেডিঅ’ৰ এটি অনুষ্ঠানৰ সংকেত ধবনি শুনিবলৈ পায়। মানুহগৰাকীৰ মনটো উৰা মাৰিছিল অতীতলৈ। ঘৰলৈ আহিয়েই পুত্ৰক খাটনি ধৰিলে ৰেডিঅ’ এটিৰ বাবে। ‘‘এয়াই নষ্টালজিয়া বুজিছা’’– মই বন্ধুক কৈছিলোঁ। 

 

এৰা, নষ্টালজিয়া। অতীতৰ সুখদায়ক স্মৃতিৰ আৱেগিক অনুভূতি। অতীত সদায়ে সোণালী- এনেকি কষ্টকৰ সংগ্ৰামৰ দিনবোৰ স্মৃতিও সোণালী। সেই স্মৃতিবোৰৰ মাজত বহু কথাই থাকে- নীলা নীলা চিঠিবোৰ, সৰু সৰু কাগজৰ টুকুৰাত অহা টেলিগ্ৰামবোৰ, হালধীয়া পোহৰেৰে জ্বলা ইলেক্ট্ৰিক বাল্ববোৰ, কয়লাৰ ইঞ্জিনেৰে চলা ৰে’লগাড়ীবোৰ– আমাৰ জীৱনৰ পৰা খহি পৰা এই উপাদানবোৰে আমাক নষ্টালজিক কৰি তোলে। পিছে আজিও আমাৰ জীৱনৰ পৰা খহি নপৰা অথচ বহু বিকাশৰ মাজত গৌণ হৈ পৰা ৰেডিঅ’ ছেটবোৰতো জড়িত আছে বহু আৱেগিক স্মৃতি। বিভিন্নজনৰ বাবে এই স্মৃতি আৰু নষ্টালজিয়া ভিন্ন ধৰণৰ। আজি কিছুদিন আগেয়ে গুৱাহাটীৰ এগৰাকী চিকিৎসকৰ এটি সাক্ষাৎকাৰ আকাশবাণী যোগে প্ৰচাৰ হৈছিল। পাছত চিকিৎসকগৰাকীয়ে মোক জনাইছিল যে তেওঁ নিজে সেই অনুষ্ঠানটি শুনাৰ সুবিধা নহ’ল যদিও তেখেতৰ মাতৃয়ে অনুষ্ঠানটি শুনি বৰ আনন্দ পালে আৰু কিছুদিন পিছতেই নব্বৈ বছৰত ভৰি দিব সেই মাতৃগৰাকীয়ে। ৰেডিঅ’ৰ হেনো নিয়মীয়া শ্ৰোতা। 

 

এই কথাটোৱে মোক মনত পেলাই দিয়ে মোৰ নিজৰ আইৰ কথা। মোৰ মাৰ একান্ত সঙ্গী আছিল ৰেডিঅ’ ছেটটো। এখন নিৰ্দিষ্ট আসনত বহি এটি নিৰ্দিষ্ট স্থানত ৰেডিঅ’টো থৈ পুৱা, বিয়লি আৰু সন্ধিয়াৰ সময়কণ তেওঁ অতিবাহিত কৰিছিল ৰেডিঅ’ৰ অনুষ্ঠান শুনি। মাৰ অবৰ্তমানত এতিয়াও তেওঁ সদায়ে বহি থকা আসনখনত মোৰ ভণ্টিয়ে সুন্দৰকৈ থৈছে মাৰ ফটো এখন- কাষতে ৰেডিঅ’টো। কেতিয়াবা ৰেডিঅ’টো অন কৰি মোৰ অনুভৱ হয় মা যেন বহি আছে নিচেই কাষতে। এনে পৰিৱেশ হয়তো আন বহুতৰে ঘৰত আছে। আজি যিসকলৰ বয়স ৪০, ৫০ বা ৬০ বছৰ, তেওঁলোকেও কৈশোৰ, যৌৱনৰ বহু সময় পাৰ কৰিছে ৰেডিঅ’ৰ সান্নিধ্যত। ৰাতিপুৱা সাৰ পাই উঠিয়েই শুনিছিলো ৰেডিঅ’ৰ পৰা ভাহি অহা গীতবোৰ, কথাবোৰ আমাৰ স্কুলীয়া, কলেজীয়া দিনবোৰ পাৰ হৈছিল ৰেডিঅ’ৰ অনুষ্ঠানসমূহৰ পৰা ভাঁহি অহা গীত আৰু কথাৰ উপধাৰাৰ মাজেৰে। মূল শ্ৰোতা আছিল মা। পঢ়া-শুনাৰ মাজে মাজে আমিও কাণ পাতি শুনিছিলোঁ অনুষ্ঠান বা গীতৰ অংশবিশেষ। কলেজীয়া জীৱনত দূৰদৰ্শনৰ আগমন ঘটিছিল যদিও মই ব্যক্তিগতভাৱে ৰেডিঅ’ৰ শ্ৰোতা আছিলোঁ। বিশেষকৈ সন্ধিয়া আৰু নিশাৰ ভাগত অধ্যয়নৰ মাজতে টুকুৰা-টুকুৰকৈ শুনিছিলো BBC, VOA, Radio Moscow, Radio Austratia আদি বিদেশী কেন্দ্ৰবোৰৰ প্ৰচাৰণ। টেবুলৰ এটি কোণত ৰেডিঅ’টো অতি কম শব্দেৰে বাজিয়েই থাকে। সেই সময়ত ঘৰখনত সৰু-বৰ কেইবাটিও ৰেডিঅ’ ছেট আছিল। BBCৰ পোন্ধৰ মিনিটৰ স্পৰ্টছ ৰাউণ্ড আপ, আধাঘন্টীয়া বাতৰি, ব্ৰেইন অৱ বৃটেইন কুইড প্ৰতিযোগিতা আদিবোৰ আমাৰ বাবে অতি আকৰ্ষণীয় অনুষ্ঠান আছিল। সেইদৰে ৰেডিঅ’ ভয়েচ্ছৱেলে বা ৰেডিঅ’ মস্কোৰ অনুষ্ঠানবোৰো আছিল অতি ভিন্নসুৰীয়া। ৰেডিঅ’ অষ্ট্ৰেলিয়াৰ পৰা নিশা একমান বজাত বোধকৰো আহিছিল Propagation Report। মোৰ বাবে সেয়া আছিল অধ্যয়ন সামৰি বিছনালৈ যোৱাৰ সময়। কিন্তু ডব্ৰা মেকেঞ্জি, ফিয়না মেকডনাল্ড আদিৰ বাতৰি পৰিৱেশন আৰু ‘Hello, I am Mike Burk with Propagation Report’ বুলি কোৱা বাক্যবোৰ আজিও প্ৰতিধ্বনিত হৈ থাকে মোৰ কৰ্ণ পটহত। শ্ৰোতা হোৱাৰ লগতে বিজ্ঞানৰ ছাত্ৰ হিচাপে আমি ৰেডিঅ’ প্ৰচাৰৰ প্ৰযুক্তিগত দিশবোৰ অধ্যয়ন কৰিবলগীয়া হৈছিল। বিদ্যুৎ চুম্বকীয় তৰংগৰ সৃষ্টি, তাত শব্দ তৰংগৰ আৰোপণ, এই তৰংগৰ সঞ্চালন আৰু গ্ৰাহক যন্ত্ৰত তাৰ সংকেত গ্ৰহণৰ সমগ্ৰ প্ৰক্ৰিয়াটো আমাৰ বাবে অতি আকৰ্ষণৰ বিষয় আছিল। কৌতূহল পূৰণৰ বাবে অধ্যয়ন কৰিছিলো মাৰ্কনি, হাণ্টৰ্জ আদি বিজ্ঞানীৰ গৱেষণাৰ কথা। অধ্যয়ন কৰিছিলোঁ ৰেডিঅ’ প্ৰচাৰণৰ ইতিহাস। এই অধ্যয়নবোৰেও আমাৰ বাবে আকৰ্ষণীয় কৰি তুলিছিল ৰেডিঅ’ নামৰ যন্ত্ৰবিধ। 

 

এই স্মৃতিবোৰেই নষ্টালজিয়া। মনোৰঞ্জন আৰু জ্ঞান বদ্ধৰ্নৰ আহিলা আৰু অধ্যয়নৰ বিষয়বস্তু। এই দুয়োটা স্বৰূপতেই ৰেডিঅ’ৰ সান্নিধ্যই সৃষ্টি কৰিছে এই নষ্টালজিয়া। আজিৰ টেলিভিশ্যন, ম’বাইল টেলিফোন সেৱা অথবা অনাতাঁৰ ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱাৰ মূল ধাৰণা কিন্তু একেটাই। প্ৰযুক্তিগতসদৃশ। মাথোঁ গ্ৰাহক মন্ত্ৰবোৰ পৃথক প্ৰযুক্তিৰ আৰু বেছি সূক্ষ্ম। পিছে, ৰেডিঅ’ৰ প্ৰযুক্তিগত দিশটো বিজ্ঞানৰ এটি জটিল বিষয়। ৰেডিঅ’ৰ প্ৰসংগ লৈ নষ্টালজিক হোৱা অধিকসংখ্যকেই হৈছে ৰেডিঅ’ৰ অনুষ্ঠানৰ শ্ৰোতা। ইয়াৰ বহুতেই হয়তো অৱগত নহয় ৰেডিঅ’ প্ৰচাৰৰ ইতিহাসৰ বিষয়ে। 

 

এইবাৰ চমুকৈ এই ইতিহাসত ভূমুকি মাৰো আহক। ১৮৯৫ চনত ইটালীৰ বিজ্ঞানী গুগলিয়েলনো মাৰ্কনিয়ে বৃটেইনৰ Isle of Wight ত পৰীক্ষামূলকভাৱে স্থাপন কৰা এটা অনাতাঁৰ কেন্দ্ৰৰ পৰা কৰা প্ৰচাৰেই বিশ্বৰ প্ৰথম ৰেডিঅ’ প্ৰচাৰণৰূপে গণ্য কৰা হয়। ১৯০৫-০৬ চন মানলৈ বিভিন্ন ঠাইত ৰেডিঅ’ প্ৰচাৰণ পৰীক্ষামূলকভাৱে চলাৰ পাছত লাহে লাহে স্থায়ী কেন্দ্ৰ কেতবোৰ গঢ় লৈ উঠে আৰু ১৯২০-২৩ চনৰ পৰা ৰেডিঅ’ প্ৰচাৰণ বাণিজ্যিকভাৱে আৰম্ভ হয়। অৰ্থাৎ এতিয়াৰ পৰা প্ৰায় এটা শতিকা আগেয়ে ব্যাপক ৰূপত আৰম্ভ হৈছিল ৰেডিঅ’ প্ৰচাৰ। ইউৰোপ আৰু উত্তৰ আমেৰিকাত আৰম্ভ হোৱা ৰেডিঅ’ প্ৰচাৰণ প্ৰযুক্তি অতি কম সময়ৰ ভিতৰতে এছিয়া, আফ্ৰিকা, দক্ষিণ আমেৰিকা আদি মহাদেশলৈ বিয়পি পৰে। অৱশ্যে ১৯৬০ চন মানলৈ ৰেডিঅ’ এটি বিলাসী সামগ্ৰী হৈ থাকে। সেই সময়ৰ ৰেডিঅ’ ছেটবোৰ আকৃতিত ডাঙৰ প্ৰায় বৰ্তমানৰ টেলিভিশ্যন ছেটৰ সমান আছিল আৰু এইবোৰ চলাবলৈ দীঘলীয়া এণ্টেনা আৰু অধিক বিজুলী শক্তিৰ প্ৰয়োজন হৈছিল। ১৯৪৭ চনত ট্ৰেনজিষ্টৰ উদ্ভাৱন হোৱাৰ পাছত ৰেডিঅ’ ছেটবোৰৰ আয়তন হ্ৰাস পাবলৈ ধৰে আৰু তাৰ মূল্য সাধাৰণ মানুহৰ বাবে ঢুকি পোৱা সীমালৈ নামি আহে। সংগীত, নাটক, বাতৰি– এই তিনিটা আছিল ৰেডিঅ’ অনুষ্ঠানৰ মূল আকৰ্ষণ। প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত বিশেষকৈ ইউৰোপত ৰেডিঅ’ৰ চাহিদাৰ প্ৰায় বিস্ফোৰণ ঘটিছিল। ১৯৩০ চনমানৰ পৰা ১৯৯০ চন পৰ্যন্ত এই ষাঠিটা বছৰ বিশ্বৰ বৃহত্তম বৈদ্যুতিক গণ মাধ্যমৰূপে চিহ্নিত হয় ৰেডিঅ’– শব্দটো আহিছে লেটিন শব্দ ৰেডিয়াচৰ পৰা। সমসাময়িকভাৱে টেলিভিশ্যনৰ প্ৰচাৰেও ক্ৰমাগতভাৱে খোপনি পুতিবলৈ লয়। ১৯৪০-৫০ চনত অতি ব্যয়বহুল সামগ্ৰীৰূপে চিহ্নিত হোৱা টেলিভিশ্যন ছেটবোৰ ১৯৯০ চনলৈ মধ্যবিত্তসকলৰ আৰ্থিক আয়ত্তৰ ভিতৰলৈ আহে। ঠিক সেই সময়তে আহি পৰা Cable TV আৰু Dish TV ব্যৱস্থাই টেলিভিশ্যনক মানুহৰ দৈনিক জীৱনপঞ্জীৰ অংগ কৰি তোলে। ৰেডিঅ’ৰ অনুষ্ঠানৰ চাহিদা যেন কিছু ম্লান হৈ পৰে। বৰ্তমান ম’বাইল ইণ্টাৰনেট সেৱাৰ সম্প্ৰসাৰণৰ লগে লগে টেলিভিশ্যনো সমাগতভাৱে গৌণ আহিলা হ’বলৈ ধৰিছে। ম’বাইল হেণ্ডছেটবোৰৰ সৰু সৰু পৰ্দাবোৰতেই মানুহে অন্বেষণ কৰিছে মনোৰঞ্জনৰ খোৰাক আৰু বিশ্বৰ সৈতে সান্নিধ্যৰ। টেলিভিশ্যন এতিয়া একান্ত ব্যক্তিগত ম’বাইল টিভি, ৰেডিঅ’ আজি ম’বাইল FM অথবা ইণ্টাৰনেট ৰেডিঅ’। পিছে সেই ৰেডিঅ’ ছেট হ’ব ক্লাউড সংযোগী প্ৰত্যক্ষ ডিজিটেল ৰেডিঅ’। আজিৰ প্ৰশ্ন ৰেডিঅ’ প্ৰচাৰণৰ ভৱিষ্যতক লৈ নহয়, ৰেডিঅ’ ছেটটোৰ ভৱিষ্যতক লৈহে!

 

(লেখক অনাতাঁৰ কেন্দ্ৰ, গুৱাহাটীৰ প্ৰগ্ৰেম একজিকিউটিভ হিচাপে কৰ্মৰত আছিল। ২০২৪ চনত তেখেতে অৱসৰ গ্ৰহণ কৰে)

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!