অ’লা -উবেৰৰ তিতা-কেঁহা
লেখক- ডলি বৰা
আজি অন্যায়ৰ বিৰুদ্ধে জীৱনত অকলে যুঁজা যুঁজ এখনত জিকিলোঁ৷ নিজকে সমাজৰ বাবে, নিজৰ বাবে, মহিলা সুৰক্ষাৰ বাবে কিবা এটা ভাল পদক্ষেপ লৈ সফল হোৱা যেন লাগিল৷ ঘটনাটো কোৱাৰ আগতে এই চেগতে আজাৰা পুলিচ থানাৰ উপ-পৰিদৰ্শকগৰাকীক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ৷ দুৰ্বলীৰ লগত যদি ন্যায় ৰক্ষকসকল থাকে তেন্তে সমাজৰপৰা ঠগ-প্ৰৱঞ্চনা এদিন উঠি যাব বুলি মোৰ এই ব্যক্তিগত অভিজ্ঞতাই বিশ্বাস সুদৃঢ় কৰিলে৷
কেতিয়াবা কিবা পৰাস্হিতিত পৰি অ’লা, উবেৰৰ
সহায় ল’বলগীয়া হয় ইঠাইৰপৰা সিঠাইলৈ যাওঁতে৷ এই অ’লা-উবেৰত যাত্ৰা কৰোঁতে প্ৰায়বোৰ ক্ষেত্ৰতে মানুহে বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হয়৷ বিশেষকৈ চালকৰ ব্যৱহাৰ আৰু গাড়ীৰ ভাড়াকলৈ৷ মোৰ ক্ষেত্ৰতো এনে এক অবাঞ্চিত পৰস্হিতি অ’লাৰে যাত্ৰা কৰোঁতে আহি পৰিল৷ ক’বই লাগিব, ই মোৰ জীৱনৰ সকলোতকৈ নিকৃষ্ট অভিজ্ঞতা। অৱশ্যে স্বীকাৰ্য যে সকলো ক্ষেত্ৰতে মানুহৰ এনে অভিজ্ঞতা নহয়৷ সকলো কেবচালকৰ ব্যৱহাৰ বেয়া নহয়৷
সেইদিনা মই ৰাতিপুৱা প্ৰায় ৮.২০ মানত এখন অ’লা বুক কৰিলোঁ৷ চালকজনে কিছু সময়ৰ পাছতে মোক সঁহাৰি দিলে। মই যিহেতু ধাৰাপুৰ, গৰলস্হিত ৰংহোমচ্ এপাৰ্টমেন্টচত থাকোঁ। তালৈকে অ’লা কেবখন মাতি পঠিয়ালোঁ৷ অৰ্থাৎ সেইটো হ’ল মোৰ পিক আপ ল’কেশ্যন। মোৰ ডেষ্টিনেশ্যন আছিল জালুকবাৰী বাইপাছ। য’ত মোৰ বাবে এগৰাকী সহকৰ্মীয়ে তেওঁৰ গাড়ী লৈ ৮.৪৫ বজাত ৰৈ থকাৰ কথা৷ মোৰ লগত আছিল মই দাঙিব নোৱৰা ওজনৰ এটা বেগ। যাৰ বাবে মই কম দুৰত্বৰ বাবেও কেব বুক কৰিছিলোঁ৷
মোক চালকে ফোন কৰি ক’লে “বাইদেউ জালুকবাৰীৰ কোনখিনিলৈ যাব আৰু ভাড়া কিমান আহিছে?” মই মোৰ লক্ষ্যস্হান কোৱাৰ লগতে ভাড়াটো ১৩৯ টকা দেখুৱাইছে বুলি ক’লোঁ৷ সি ক’লে “ বাইদেউ ভাড়াটো কম হয়৷ কিবা এটা বেছি কৰি মিলাই দিব৷”
মই ভাবিলোঁ বেগটো যিহেতু গধুৰ, তাৰ হতুৱাই সেইটো উঠোৱা নমোৱা কৰিব লাগিব৷ সেয়েহে ভাবিলোঁ তাক ১৫০ টকা দিম৷ মই তাক ক’লোঁ “হ’ব দিয়া ভাইতি; কিবা এটা মিলাই দিম৷” যথা সময়ত সি আহি মোৰ ফ্লেটৰ গেটৰ বাহিৰৰপৰা ফোন কৰাত মই বেগটো টানি চোঁচৰাই লিফ্টলৈকে লৈ গ’লোঁ৷ মই যিহেতু ছয় মহলাত থাকোঁ, লিফ্ট ব্যৱহাৰ নকৰাকৈ তললৈ সাধাৰণতে মোৰ নামি অহা নহয়৷ সেইদিনা কপাল বেয়া আছিল। লিফ্টত উঠাৰ লগে লগে কাৰেণ্ট গ’ল৷ লগে লগে লিফ্ট বন্ধ হোৱাত পাঁচ সাত মিনিটমান আৱদ্ধ হৈ থাকিলোঁ চিকিউৰিটিয়ে জেনেৰেটৰ অন কৰি লিফ্ট চলোৱালৈকে৷ ইতিমধ্যে দুই তিনিবাৰ ফোন কৰি অ’লা চালকজনে তাৰ বিৰক্তি প্ৰকাশ কৰিবলৈ ধৰিলে৷ মোৰ পৰিস্হিতি বুজাই কোৱাৰ পাছতো সি মোক ফোন কৰি থাকিল৷ মই তাক কেনচেলো কৰিব নোৱাৰো, কাৰণ ইতিমধ্যে মোৰ দেৰি হৈছে৷
যি কি নহওক দুজন মানে ধৰাধৰি কৰি মোৰ বেগটো কেবখনলৈ লৈ গ’ল৷ মই উঠিয়েই ক’লোঁ “ভাইটি দেৰি হৈছে; ব’লা অলপ স্পীদত৷” কিন্তু মোৰ অনুৰোধ উপেক্ষা কৰি প্ৰথমৰপৰাই সি এক মন্থৰ গতিত গাড়ী চলাবলৈ ধৰিলে৷ ইতিমধ্যে মোৰ ধৈৰ্যৰ মিটাৰ কাঁটা নামিবলৈ আৰম্ভ কৰিছে৷ তাক বেগ দিবলৈ ক’লেও সি নিৰ্বিকাৰ হৈ মন্থৰ গতিত গৈ থাকিল৷
ধাৰাপুৰ পাৰহৈ লংকেশ্বৰ নাপাওঁতেই সি মোক ক’লে “বাইদেউ আাপুনিতো আপোনাৰ ডেষ্টিনেশ্যন পাৰহৈ আহিল!” মই বোলো “কি কোৱাহে ? কেনেকৈ হ’ব? মইতো জালুকবাৰীলৈ যাম আৰু প্ৰথমেই সেইটো তুমি গম পাইছা৷”
সি ক’লে “নাই আপুনি ধাৰাপুৰ ডেষ্টিনেশ্যন দিছে৷ “মোৰ মূৰটো বেয়াহৈ আহিল৷ ক’লোঁ “মই ধাৰাপুৰত থাকি ধাৰাপুৰকেই কিয় ডেষ্টিনেশ্যন দিমহে? সেইটো মোৰ পিক আপ ল’কেশ্যন। আকৌ ক’লোঁ, “চোৱা এই অপশ্যনকেইটাত ধাৰাপুৰ ক’ত দেখিছা তুমি? ইয়াতটো ডেষ্টিনেশ্যন ধাৰাপুৰ দেখুওৱাই নাই আৰু এটা কথা কেব বুক কৰোঁতে যদি মই পিক আপ আৰু ডেষ্টিনেশ্যনৰ অপশ্যনকেইটা সম্পূৰ্ণকৈ নিদিও তেন্তে অ’ টি পি আৰু অ’লা ফেয়াৰটো নাহে৷ তুমি কাক বুৰ্বক বনাবলৈ আহিছা?” সি আকোঁৰগোজ৷ তাৰ মতে মই ডেষ্টিনেশ্যন ভুলকৈ দিছোঁ আৰু জালুকবাৰীলৈ যাবলৈ হ’লে পুনৰ অ’লাখন বুক কৰিব লাগিব লঙ্কেশ্বৰৰপৰা জালুকবাৰীলৈ৷ তাৰমানে দুটা বুকিঙত তাক তিনিশ টকা লাগে৷ যি ক্ষেত্ৰত মাত্ৰ ধাৰাপুৰৰপৰা জালুকবাৰীলৈকে মাত্ৰ ১৩৯ টকা দেখুৱাইছে, তেনে ক্ষেত্ৰত একেটা জার্নীতে তাক মই দুবাৰ বুকিং কিয় কৰিম? মুঠতে তাৰ নাভূত-নাশ্ৰুত কথা৷
দেৰি হৈ গৈ থকাৰ বাবে আৰু মোৰ সহকৰ্মীগৰাকীয়ে ফোন কৰি থকাৰ বাবে মই তাক ক’লোঁ “ব’ল যি লাগে দিম তোক, ব’ল এতিয়া৷ সি লাগি থাকিল- “কিমান দিব?” ধৈৰ্য হেৰুৱাই মই ক’লোঁ, “ৰহ্ পুলিচ চাওঁ। তোক আজি পুলিচকে ধৰাই দিওঁ মই৷” পুলিচৰ কথা শুনি ৰুদ্ৰ মুৰ্তি ধৰি সি ক’লে, “নামক আপুনি৷ নামি যাওক মোৰ গাড়ীৰপৰা৷” সি জালুকবাৰী নাপাওঁতেই গাড়ী গাঁওতে তাৰ কেবখন ৰখাই দিলে৷ ময়ো সময় নাই দেখি গাড়ীৰপৰা নামি পিচে পিচে আহি থকা অট’ এখন ৰখালোঁ৷ য‘ত ইতিমধ্যে দুজন যাত্ৰী বহি আছিল৷ মই কেব চালকজনক কিমান লাগে বুলি সোধাত তিনিশ দিয়ক বুলি ক’লে৷ মই ১৩৯ টকাতকৈ এপইচাও বেছি নিদিওঁ বুলি কোৱাত সি মোৰ বেগটো এৰি নিদিয়া হ’ল আৰু অট’খনৰো বাট আগচি থাকিল৷ অট’চালকজনৰ অনুৰোধো সি উপেক্ষা কৰিলে৷ তাৰ লগত কাজিয়া লাগিবলৈও মোৰ সময় নাছিল। তিনিশ টকা অনলাইন কৰি মই কেনেবাকৈ অট‘খনত বেগটো উঠাই মোৰ বাবে ইমান পৰে (আধা ঘন্টাতকৈয়ো বেছি) ৰৈ থকা সহকৰ্মীগৰাকীৰ ওচৰ পালোঁহি৷
অ’লাচালকজনে মোৰ প্ৰতি কৰা বদমাচি আৰু দুৰ্ব্যৱহাৰে সেইদিনা মোক বাৰুকৈয়ে জোঁকাৰি থৈ গ’ল৷ তাৰমানে এয়াই হৈছে প্ৰায়বোৰ অ’লা, উবেৰৰ ক্ষেত্ৰতে সচৰাচৰ হৈ থকা অভিজ্ঞতা৷ মোৰ মনত এক দৃঢ়তা জাগিল৷ ভাবিলোঁ আজি এই অ’লা চালকজনৰ দুৰ্ব্যৱহাৰৰ পোতক তুলি আছোঁ মই৷ তাক এনে এক শিক্ষা দিম যে সি দ্বিতীয়বাৰ বেলেগৰ লগত এনে কৰিবলৈ দুবাৰ চিন্তা কৰিব৷
মোৰ উকীল দাদাৰ পৰামৰ্শ মতে মই আজাৰা থানালৈ গৈ এখন এজাহাৰ দিলোঁ। সেইদিনাই স্কুলৰপৰা উভতি আহোঁতে বাহিৰে বাহিৰে থানাত সোমাই ঘটনাটো উপ-পৰিদৰ্শকগৰাকীক অৱগত কৰিলোঁ। তেওঁ সহায় কৰাৰ কথা দিয়াত মই সেইদিনা আবেলি ছয়মান বজাত ঘৰ পালোঁহি৷
মাজত এদিন থাকি ২৪ এপ্ৰিলৰ দিনা মোক উপ-পৰিদৰ্শকগৰাকীয়ে থানালৈ মাতি পঠিয়ালে। মই বাহিৰে বাহিৰে থানলৈ গৈ দেখিলোঁ কেবচালকজন ইতিমধ্যে থানাত হাজিৰ হৈছে। তাৰ মুখত নাই সেই বদমাচ, ঠগ-প্ৰবঞ্চকৰ ৰূপ। যেন তাতকৈ আৰু সত্য শুদ্ধ কোনো নাই, এনে ৰূপত সি থানাত বহি আছিল। মই গৈ পোনেই উপ-পৰিদৰ্শক বাইদেউগৰাকীক লগ কৰিলোঁ৷ তাক আমাৰ সন্মুখলৈ মাতি অনা হ’ল৷ প্ৰথমে সি তাৰ নাভূত-নাশ্ৰুত যুক্তি আৰম্ভ কৰিছিল৷ কিন্তু মোৰ ৰেকৰ্ডেদ হিষ্ট্ৰী চাই অফিচাৰগৰাকীয়ে মোৰ পক্ষ ল’লে৷ তেওঁ মোক সুধিলে-“বাইদেউ আপুনি কি বিচাৰে এতিয়া?“ মই ক’লোঁ-”সি মোক কৰা দুৰ্ব্যৱহাৰ আৰু ডেষ্টিনেশ্যন পোৱাৰ আগতেই মোক এৰি দিয়াৰ বাবে মোৰপৰা লোৱা অতিৰিক্ত পইচাখিনি মই ঘূৰাই বিছাৰিছোঁ৷” অফিচাৰে তাক ইংগিত দিলে৷ সি বাটৰ সিংহটোৱে থানাত ভিজা মেকুৰী হৈ সুৰসুৰকৈ ২oo টকা মোক ঘূৰাই দিলে৷
সমাজৰ একোটাহঁত সেৱা প্ৰদানকাৰী সংস্হাবোৰ বদনামী হয় তাত জড়িত হৈ থকা এনেবোৰ মানুহৰ বাবে৷ অলপ সাহস আৰু ধৈৰ্য ধৰি যুঁজিবলৈ শিকিলে নিশ্চয় বহুখিনি সমস্যা তথা অন্যায় সমাজৰপৰা আঁতৰি যাব ৷