মিছামাছৰ লগত ৰন্ধা জাতিলাওৰ ভাজি, আম আৰু দৈৰ পুডিং

লেখক-- পিংকি বৰুৱা

১) মিছামাছৰ লগত ৰন্ধা জাতিলাওৰ ভাজি 

উপকৰণঃ

ডাঙৰ মিছামাছ ১৬ টা 

জাতিলাও এটুকুৰা 

আলু এটা

বিলাহী এটা

পিঁয়াজ এটা

কেঁচা জলকীয়া তিনিটা

ধনিয়া এমুঠি

মিঠাতেল জোখমতে

গোটা জিৰা আধা চাহ চামুচ

শুকান জলকীয়া দুটা

তেজপাত এখিলা

নিমখ জোখমতে

চেনি এক চাহ চামুচ

হালধি এক চাহ চামুচ

জলকীয়া গুড়ি এক চাহ চামুচ

জিৰাগুড়ি এক চাহ চামুচ

গৰম মচলা আধা চাহ চামুচ

প্ৰণালীঃ

জাতিলাওৰ বাকলি গুচাই ধুই ল’ব৷ তাৰপাছত জাতিলাও টুকুৰা মিহি মিহিকে কাটি ল’ব৷  আলু, বিলাহী, পিঁয়াজ, কেঁচা জলকীয়া বেলেগে বেলেগে জোখত কাটি ল’ব৷ মিছামাছকেইটাৰ শুংকেইডাল আৰু ওপৰৰ বাকলিটো এৰুৱাই ধুই লৈ পানী টুকি ল’ব৷ তাৰপাছত মিছামাছকেইটাত জোখমতে নিমখ আৰু হালধি সানি ল’ব৷ এতিয়া কেৰাহীখন গৰম কৰি তাত জোখমতে তেল দি তেলখিনি গৰম হ’বলৈ দিব৷ এতিয়া গৰম তেলত মিছামাছকেইটা দি সামান্য ভাজি নমাই থ’ব৷ (বেছিকৈ নাভাজিব) কেৰাহীত মাছ ভাজি ৰৈ যোৱা তেলত তেজপাত, শুকান জলকীয়া আৰু গোটা জিৰাৰ ফোৰণ দি তাত কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি দি অলপ  সময় ভাজিব৷ পিঁয়াজখিনি ৰঙচুৱা হ’বলৈ ধৰিলে তাত গৰম মচলাখিনি দি লৰাই দিব৷ তাৰপিছত তাত আলু আৰু জাতিলাওখিনি দি জোখমতে নিমখ-হালধি দি লৰাই ঢাকি দিব৷ মাজে মাজে লৰাই জাতিলাওখিনি প্ৰায় দহ মিনিটমান সময় ভাজিব৷ তাৰপিছত তাত বিলাহী, জিৰাগুড়ি, জলকীয়া গুড়ি আৰু চেনি দি ভালদৰে লৰাই ঢাকি  দিব৷ আলু আৰু বিলাহী সিজিলে তাত ভজা মিছামাছখিনি দি ভালদৰে লৰাই ঢাকি দিব৷ মাজে মাজে লৰাই প্ৰায় দহ মিনিটমান সময় জাতিলাওখিনি ভাজিব৷ তাৰপিছত তাত কুটি লোৱা ধনিয়া পাতখিনি দি ভালদৰে লৰাই নমাই থ’ব৷ গৰমে গৰমে ভাতৰ লগত জাতিলাওৰ লগত ৰন্ধা মিছামাছৰ ভাজি পৰিৱেশন কৰক৷ মিছামাছ জাতিলাওৰ লগত এনেকৈ ৰান্ধিলে খাবলৈ বৰ সোৱাদ হয়৷

 

২) আম আৰু দৈৰ পুডিং

উপকৰণঃ

পকা আম দুটা

দৈ আধা লিটাৰ

কনডেন্স মিল্ক দুশ গ্ৰাম

ইলাচি গুড়ি ১/৩ চাহ চামুচ

চেৰী আৰু পেষ্টা কেইটামান

পানী প্ৰয়োজনমতে

 

প্ৰণালীঃ

পকা আম এটাৰ বাকলি গুচাই টুকুৰা কৰি মিক্সিত পেষ্ট কৰি ল’ব৷ আনটো আম সৰু সৰুকৈ কুটি ল’ব৷ পাত্ৰ এটাৰ ওপৰত চেকনি এখন ৰাখি তাৰ ওপৰত কপাহী কাপোৰ এখন পাৰি তাতে দৈখিনি ঢালি পানী নিগৰিবলৈ দিব৷ পাত্ৰ এটাত আমৰ পেষ্টখিনি ঢালি তাতে কনডেন্স মিল্কখিনি যোগ কৰি ভালদৰে মিহলাই ল’ব৷ এতিয়া আমৰ পেষ্টখিনিত দৈ আৰু ইলাচি গুড়িখিনি দি খুউব ভালদৰে ফেটি লৈ সৰু চচপেন এটাত মিশ্ৰণটো ঢালি সমান কৰিব৷ তাৰপিছত চচপেনটোৰ ভিতৰত পানী সোমাব নোৱৰাকৈ এলুমিনিয়ামৰ ফইল পেপাৰ এখনেৰে চচপেনটো ঢাকি দিব৷ কেৰাহী এখনত ষ্টীলৰ ষ্টেণ্ড এডাল পাৰি ষ্টেণ্ডডাল ডুব যোৱাকৈ পানী দি কেৰাহীখন ঢাকি জুইৰ ওপৰত দিব৷ পানীখিনি উতলিবলৈ ধৰিলে ষ্টেণ্ডডালৰ ওপৰত চচপেনটো বহাই কেৰাহীখন ঢাকি দিব৷ প্ৰায় আধা ঘণ্টামানৰ পিছত গেছৰ জুই নুমুৱাই দিব৷ চচপেনটো ঠাণ্ডা হোৱাৰ পিছত ফ্ৰিজত প্ৰায় দুই ঘণ্টামান সময় ৰাখিব৷ তাৰপিছত চচপেনটো উলিয়াই আনি ফইল পেপাৰখন আঁতৰাই পুডিংখিনিৰ চাৰিওকাষে ছুৰীৰে আঁক মাৰি দিব৷ এতিয়া প্লেট এখনত চচপেনটো লুটিয়াই দিলে পুডিংখিনি ধুনীয়াকে ওলাই আহিব৷ এতিয়া পুডিংখিনি নিজৰ পছন্দমতে সজাই পৰিৱেশন কৰক৷ মই কুটি লোৱা আম, পেষ্টা আৰু চেৰীৰে সজাই দিছোঁ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!