ইচ্ছাপত্ৰ

লেখক- নিখিল কুমাৰ ভট্টাচাৰ্য্য

যদি আপুনি পঢ়িব খোজে

মোৰ ইচ্ছাপত্ৰখন

মন অনুভৱৰ দুৰ্বাৰ হেঁপাহত

তেন্তে 

অনুভৱ কৰিব আপুনি

এটা শব্দ

জীৱন। 

আৰু যদি সোধে মোক

জীৱন মানে কি! 

তেনেহ’লে

মই ক’ম

মোৰ গাঁওখনৰ কথা

য’ত মেলিছিলোঁ

প্ৰথম চকু 

নিজক বুজি পোৱাৰ আগতেই। 

লৈছিলোঁ

প্ৰথম উশাহ

নিজক বুজি পোৱাৰ আগতেই 

যিটো আজিও লৈ আছোঁ

আৰু 

লৈ থাকিম আমৃত্যু। 

জীৱন বুলিলেই আৰু ক’ম

মই

মোৰ গাঁওখনৰ কথা

য’ত উমলিছিলোঁ 

আইৰ কোচত 

সুখী হোৱাৰ জোখাৰে

নিজক বুজি উঠাৰ আগৰেপৰাই। 

নতুবা

য’ত আছে

দেউতাৰ

তেজক মাটি কৰা

দিনবোৰৰ দস্তাবেজৰ কথা

একমাত্ৰ

মোৰ আব্দাৰ পুৰোৱাৰ স্বাৰ্থতেই। 

জীৱন বুলিলেই হয়তো ক’ম

মই

মোৰ গাঁওখনৰ কথা

য’ত আছে মোৰ

তেজৰ আপোন সম্পৰ্কবোৰ

এতিয়াও

কেঁচা

ঘাৰ দৰে

যাক

মই

নিবিচাৰোঁ

শুকাই যোৱাটো 

কোনোদিন

কোনোকালেই। 

আৰু আছে য’ত 

মাটিক ভাল পাব পৰা 

মোৰ 

আৱেগিক মনৰ 

আকুলতা

নতুবা

মাটিতেই বিলীন হৈ যাব খোজা

মোৰ সৰল মনৰ বাসনা।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!