ইভিনিং শ্বেড
লেখক- ৰশ্মিতা শইকীয়া
”এইফালে আহচোন মাইনা।”
ৰ’দত মেলি দিয়া কাপোৰবোৰ সামৰি আনি জাপি আছিল পূৰৱীয়ে । মামীয়েকৰ মাত শুনি কাপোৰ আধাজপাতে থৈ কাষৰ কোঠালিলৈ আহিল।
“কোনযোৰ কাপোৰ পিন্ধিম ক’চোন!”
মামীয়েকৰ শোৱাকোঠালিৰ ডাঙৰ বিচনাখনত কেইবাযোৰো চাদৰ মেখেলা । বগাত ৰঙীন কাম কৰা আটাইকেইসাজ কাপোৰ দামী, ধুনীয়া।
”আটাইকেইযোৰেই ধুনীয়া মামী আৰু আপুনি যিয়েই নিপিন্ধক ধুনীয়াই লাগিব।”
পূৰৱীয়ে হাঁহি মাৰি ক’লে।
”ধেই এইজনী । ক’চোন সঁচাকৈ কোনযোৰ ভাল লাগিব?”
মৰমসনা ধমকি এটা দিলে তাইক মামীয়েকে ।
পূৰৱীয়ে লক্ষ্য কৰিছে যোৱা দুমাহমান ধৰি মামীয়েকৰ স্বভাৱলৈ অহা পৰিৱৰ্তন। গহীন গম্ভীৰ মামীয়েকজনীৰ মুখখনত সকলো সময়তে যেন সুখী সুখী ভাৱ। তাৰ কাৰণটো অৱশ্যে পূৰৱীয়ে সুধিবলগীয়া হোৱা নাছিল, প্ৰণৱী বৰুৱাই নিজেই তাইক কৈছিল তেওঁ পঢ়ি অহা কলেজখনত অনুষ্ঠিত হ’বলগীয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলনখনৰ কথা।
”জৱা, নিৰ্মলা, লাৱণ্যহঁত আহিবনে চাগে? আহিব পাৰিবনে সিহঁতবোৰো?”
”কেশৱ, নিত্য, ধৰ্মেশ্বৰহঁতে বা কি কৰি আছে এতিয়া? আৰু.. আৰু মতিউৰ…. সি বা ক’ত আছে?”
চকু মুদিলেই আজিকালি পুৰণি কথাবোৰে বুকুত
ভীৰ কৰেহি প্ৰণৱী বৰুৱাৰ।
আস! কিমান বছৰ হ’ল বাৰু সেই সময়খিনি এৰি থৈ অহা ?
ষাঠিবছৰীয়া মানুহজনীয়ে হিচাপ কৰে।
প্ৰায় চল্লিশবছৰেই হ’বৰ হ’ল কিজানি।
দুফালে দুডালকৈ বেণী গাঁঠি বুকুত কিতাপ সামৰি স্কুললৈ যোৱা প্ৰণৱী নামৰ দশম শ্ৰেণীৰ ছোৱালীজনী তেওঁৰ চকুৰ আগত ভাঁহি উঠে। লাহী গাটো আবুৰ কৰি পিন্ধা সেউজীয়া ব্লাউজ, সেউজীয়া পাৰিৰ চাদৰ, মুগাৰঙী মেখেলাখনেৰে তাইক বৰ শুৱায় ।
দলংখন পাৰ হৈয়েই সোঁফালে কলঙৰ পাৰে পাৰে সোমাই যোৱা ৰাস্তাটোলৈ তাই এবাৰ চায়। মতিউৰ আৰু চামচুলো কেতিয়াবা সেইখিনি সময়তে সেইটো ৰাস্তাৰে চাইকেল লৈ দলঙৰ মুখ পায়হি।
প্ৰণৱীৰ মন যিমান চঞ্চল হয়, খোজ সিমানেই গহীন হয়। মতিউৰ চোকা ল’ৰা। গৱৰ্ণমেণ্ট বয়জ আৰু গৱৰ্ণমেণ্ট গাৰ্লছখন তেনেই ওচৰা-ওচৰি হোৱাৰ বাবে আৰু চাংমাই ছাৰৰ ঘৰত একেলগে অংকৰ টিউশ্যন লোৱাৰ বাবে সিহঁত একেশ্ৰেণীৰে ল’ৰা-ছোৱালীবোৰৰ মাজত চিনা পৰিচয় আছে।
চাংমাই ছাৰে এবাৰ মাত্ৰ বুজাই দিয়াৰ পিছতেই জটিল সমীকৰণৰ অংক এটা মতিউৰে তৎক্ষণাৎ কৰি দিব পাৰে। ছাৰৰ প্ৰিয় ছাত্ৰ মতিউৰ। দেখনীয়াৰো সি। অজানিতে মতিউৰ প্ৰিয় হৈ উঠে প্ৰণৱীৰ মনতো। মুছলমান ল’ৰা এটাৰ প্ৰতি এনে ভাল লগাত দোষণীয় কি কথা থাকিব পাৰে, তাই যেন বুজিও বুজিব নোখোজে।
কেতিয়াবা ৰূপহীহাটৰপৰা লাওখোৱা ৰোড হৈ মতিউৰহঁত যেতিয়া নতুন বজাৰ তিনিআলি পায়হি, প্ৰণৱী আৰু নীলিমা লাৱণ্যৰ বাবে অলকা হোটেলৰ সন্মুখত ৰৈ থাকে। নাচায়, মতিউৰে কোনোফালেই নাচায়।
অসম আন্দোলনৰ ভৰপক সময় সেয়া। প্ৰণৱীহঁত দশম শ্ৰেণীত। ছাত্ৰসন্থাৰ আহ্বান ক্ৰমে সিহঁতেও যোগদান কৰে আন্দোলনৰ কাৰ্যসূচীত। স্কুলীয়া ছাত্ৰ-ছাত্ৰীক পথ অৱৰোধ কৰিবলৈ লগোৱা হয় । গৱৰ্ণমেণ্ট বয়জ আৰু গাৰ্লছৰ ল’ৰা-ছোৱালীবোৰেও সক্ৰিয়ভাৱে ভাৱে পথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
সেইদিনা পুৱাও প্ৰণৱী, নিৰ্মলা, জৱাকে ধৰি পাঁচ ছয়জনী ছোৱালী ওলাই আহে মৰিকলঙলৈ বুলি, ৰেল অৱৰোধ কাৰ্যসূচীত ভাগ ল’বলৈ। ঘৰৰ মানুহেও সিহঁতক বাধা নিদিয়ে । প্ৰায় প্ৰতিঘৰৰে কলেজীয়া ল’ৰাবোৰ ছাত্ৰসন্থাৰ বিষয়ববীয়া নহ’লেও সদস্য হিচাপে অসম আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ আছে।
প্ৰণৱীহঁত আহি পোৱালৈ গৱৰ্ণমেণ্ট বয়জৰ ল’ৰাবোৰ ইতিমধ্যেই আহি পথৰ ওপৰত বহি থাকেহি।
”মৰে অসম জীয়ে কোন?
জীয়ে অসম মৰে কোন??”
ধ্বনিৰে উত্তাল হৈ আছে ঠাইখিনি।
সৌটো মতিউৰ সকলোতকৈ আগৰশাৰীত বহি আছে । মংগলদৈত চিনাক্ত কৰা ৪৫০০০ অবৈধ অনুপ্ৰৱেশকাৰীৰ মাজত মতিউৰৰ মামাকো আছে বুলি প্ৰণৱীয়ে শুনিছে। মতিউৰৰ যেন ভয় নাই।
প্ৰণৱীহঁতো বহি পৰে বাকী অৱৰোধকাৰীৰ মাজত। সমস্বৰে চিঞৰে সিহঁতেও-
”মৰে অসম জীয়ে কোন
জীয়ে অসম মৰে কোন?”
হুলস্থূলৰ মাজতে পুলিচৰ জীপ এখন আহি সিহঁতৰ ওচৰত ৰয়হি। হঠাতে লাঠি চাৰ্জ আৰম্ভ কৰে পুলিচে। ল’ৰা- ছোৱালীবোৰে চিঞৰ বাখৰ কৰি দৌৰাদৌৰি কৰিবলৈ ধৰে ।
কিংকৰ্তব্যবিমূঢ় হৈ একে ঠাইতে ৰৈ থকা প্ৰণৱীক কোনোবাই হাতত ধৰি এফালে টানি নিয়ে।
সম্বিৎ পোৱাৰ দৰে প্ৰণৱীয়ে কোনোফালে নোচোৱাকৈ দৌৰিবলৈ ধৰে এইবাৰ। বহুদূৰ দৌৰি দৌৰি মানুহ এঘৰৰ চোতাল পাৰ হৈ বাৰীৰ পিছফালৰ কলঙলৈ যোৱা ৰাস্তাটোৰে প্ৰণৱীক টানি নিয়ে মতিউৰে।
পুলিচবোৰে ঘৰে ঘৰে সোমাই তালাচী লৈছে । মতিউৰে প্ৰণৱীক লৈ পিছফালৰ বাঁহতল পায়গৈ। ঘন বাঁহনি এডৰাৰ পিছফালে দুয়ো লুকাই ৰয়।
ফোঁপায় সিহঁতে। মতিউৰে তেতিয়াও তাইৰ হাতখনত ধৰি থাকে। হঠাতে হাতখনলৈ চকু যোৱাত সি খপজপাই এৰি দিয়ে। কিছুদূৰত পুনৰ খোজৰ দপদপনি শুনে সিহঁতে । প্ৰণৱীয়ে হঠাতে জোৰকৈ সাৱটি ধৰে তাক।
খোজৰ শব্দ নোহোৱা হয় যদিও দুয়ো দুয়োৰে বুকুৰ শব্দ স্পষ্টকৈ শুনা পায়। কিছুসময় নিশ্চল হৈ থাকি মতিউৰে প্ৰণৱীৰ পিঠিত লাহেকৈ চাপৰ এটা মাৰি কয়-
”গ’ল পুলিচ।”
প্ৰণৱীয়ে লাহে লাহে মূৰ দাঙে। ভয়াৰ্ত চকুৰ নোমবোৰৰ গুৰিত চকুপানী ।
মতিউৰে চায়। ইমান সুউজ্জ্বল ধুনীয়া চকু তাৰ সোতৰ বছৰীয়া জীৱনটোত যেন প্ৰথমবাৰৰ বাবে দেখে । সদায় দেখি থকা ছোৱালীজনীৰ আজি যেন এয়া নতুন ৰূপ। প্ৰণৱীয়ে সনা স্ন’ৰ সুগন্ধ এটা তাৰ নাকত লাগে । ক’ৰবাত বাঁহতলৰ মাজতেই হয়তো তগৰ ফুলিছে । দূৰৈত শান্তভাবে বৈ থকা কলংখনে দি পঠিওৱা বতাহজাকত তগৰ আৰু প্ৰণৱীৰ শৰীৰৰ সুগন্ধিখিনি মিলি হঠাতে তাক আচ্ছন্ন কৰি তোলে। প্ৰণৱীয়ে তাৰ চাৰ্টটোত খামুচি ধৰি থাকে তেতিয়াও। সি সংকোচেৰে কঁপা কঁপা ওঁঠেৰে তাইৰ কপালত লাহেকৈ স্পৰ্শ কৰে। সেই স্পৰ্শৰে তাইক আস্বস্ত কৰিবলৈহে যেন চেষ্টা কৰে সি। প্ৰণৱীয়ে চকু মুদি দিয়ে। দুটোপাল চকুলো বৈ আহে । মতিউৰে তাৰ খহটা হাত দুখনেৰে চুওঁ নুচুওঁকৈ প্ৰণৱীৰ সুকোমল গাল দুখনৰপৰা চকুপানীখিনি মচি দিয়ে।
কলঙৰ সিপাৰৰপৰা কোনোবাই কাৰোবাক ৰিঙিয়াই মাতে। সচকিত হৈ উঠে দুয়ো।
”যাওঁ ব’লা”
মতিউৰৰ পিছে পিছে বাঁহনিডৰাৰপৰা ওলাই আহে প্ৰণৱী।
সেইবছৰ আন্দোলনৰ কাৰণে মেট্ৰিক পৰীক্ষা বাতিল হয় । পিছৰ বছৰহে পৰীক্ষা দিয়ে প্ৰণৱীহঁতে।
কলেজত নাম ভৰ্তি কৰাৰ পিছত প্ৰণৱী মতিউৰৰ ঘনিষ্ঠতা বাঢ়ে। আন্দোলনৰ কাৰ্যসূচীবোৰত সাহসেৰে ভাগ ল’ব পৰা হয়। পুলিচে লাঠি চাৰ্জ কৰিলেও সিহঁত আৰু নপলায়। প্ৰাপ্তিৰ আকাংক্ষা নোহোৱাকৈ দুয়ো দুয়োকে ভালপাইছে। পৰিয়াল, সমাজৰ অবাধ্য হৈ এক হোৱাৰ দুঃসাহস নকৰে সিহঁতে।
ঈদত আন বন্ধু বান্ধৱীৰ লগত প্ৰণৱীও যায় মতিউৰৰ ঘৰলৈ, তাৰ নিমন্ত্ৰণক্ৰমে।
”কিয় গৈছিলি তই সেই গৰিয়াটোৰ ঘৰলৈ?”
ককায়েকৰ এক ধমকিত চুপ হয় প্ৰণৱী। কিছুদিনৰ বাবে কলেজলৈ যোৱা বন্ধ হয় তাইৰ।
নাপায়, মতিউৰৰ আৰু একো খবৰ নাপায় তাই।
হঠাতে এদিন বান্ধৱী লাৱণ্যই এখন চিঠি তুলি দিয়েহি তাইৰ হাতত।
”মই যাবলৈ ওলাইছোঁ, পৰিস্থিতিৰ ওচৰত আমাৰ পৰিয়ালটোও বাধ্য হৈ পৰিলোঁ প্ৰণৱী। তোমাৰ ঘৰত সকলো গম পালে বুলি জানিছোঁ। ভালকৈ পঢ়া শুনা কৰিবা। যদি মোৰ আল্লা আৰু তোমাৰ ভগৱানৰ ইচ্ছা থাকে, মৰাৰ আগত এবাৰ হ’লেও লগ পাম তোমাক।”
নেলীৰ হত্যাকাণ্ডৰ পিছত শংকিত ভীতিগ্ৰস্ত আন বহু পৰিয়ালৰ লগতে মতিউৰৰ পৰিয়ালো হঠাতে গুছি যায় অসমৰপৰা ।
ইয়াৰ পিছত কাৰোবাক কিবা ক’বলগীয়া বা সুধিবলগীয়া বুলি একো নাছিল প্ৰণৱীৰ।
গ্ৰেজুৱেশ্যনৰ পিছতেই প্ৰণৱীৰ বিয়া ঠিক হয় তাইতকৈ বাৰ বছৰ ডাঙৰ প্ৰভাত বৰুৱাৰ লগত, উজনি অসমৰ অতি আঢ্যৱন্ত পৰিয়াল এটাত।
নতুন ঘৰখনত ছমাহমানলৈ তাই অবাক হৈয়েই আছিল। ‘দৌতা ঈশ্বৰ’ বুলি মতা লগুৱা লিকচৌৰে ভৰি আছিল ঘৰখন। প্ৰকাণ্ড চৌহদটোত বতৰৰ ফুলেৰে ভৰি থকা বাগানখন চাবলৈ মালী আছিল। বগা ৰং দিয়া সুবৃহৎ অট্টালিকাটোৰ প্ৰতিটো চুক কোণতেই যেন আভিজাত্যৰ পৰশ লাগি আছিল।
প্ৰণৱীৰ অসুস্থ শাহুৱেক পুতেকৰ বিয়াৰ পিছৰ বছৰতেই ঢুকাইছিল।
স্বামী প্ৰভাত বৰুৱাৰ ব্যৱসায়িক ব্যস্ততাবোৰ প্ৰণৱীয়ে বুজিছিল। সকলোফালৰেপৰা পৰিপূৰ্ণ হৈয়ো ক’ৰবাত যেন কিবা এটা অভাৱ বুকুৰ মাজত ৰৈ গৈছিল। দিনটোৰ ব্যস্ততাৰ শেষত ৰাতিৰ আন্ধাৰত মানুহজনে তাইক কৰা আলিংগনত আদৰ আছিল, আৱেগো আছিল। কিন্তু সেই স্পৰ্শত প্ৰণৱীয়ে উন্মাদনা বিচাৰি পোৱা নাছিল। মানুহজনৰ প্ৰতি ভালপোৱাতকৈয়ো বেছি যেন শ্ৰদ্ধাবোধেৰেহে তাইৰ মন ভৰি আছিল।
বুদ্ধিমতী মানুহজনীয়ে ঘৰখনৰ সকলো আদৱ কায়দা আয়ত্ত্ব কৰি পেলাইছিল সোনকালেই। ব্যৱসায় সংক্ৰান্তত ঘৰলৈ আহ যাহ কৰি থকা মানুহবোৰৰ লগতো চা-চিনাকি হৈ লৈছিল। কলিকাতাৰ পৰা সুবিন্দু ৰয় আহিলে ‘ভাপ্পা ইলিছ কিমান খাব আৰু, ভাঙোন মাছৰ টেঙা খাওঁক’ বুলি ক’ব পৰাকৈ প্ৰণৱী মুকলি হৈ পৰিছিল। হিচাপ নিকাচকে ধৰি বহু কামত প্ৰভাত বৰুৱাক সহায় কৰিব পৰা হৈছিলগৈ। কিছু কিছু ক্ষেত্ৰত বৰঞ্চ বৰুৱাইহে পিছলৈ পত্নী প্ৰণৱীৰপৰা পৰামৰ্শ লোৱা হৈছিলগৈ।
লগুৱা লিকচৌবোৰেও কোৱা কুই কৰিছিল এইগৰাকী আমাৰ ‘আইদেউ’ নহয়,আপোন ‘বাইদেউ’হে , বুজিছ?
অৰুণাভ আৰু জ্যোতিৰ্ময় অৱশ্যে দেউতাকৰ দৰে ব্যৱসায়ী নহ’ল। উচ্চশিক্ষা লৈ বৰ্তমান কৰ্মসূত্ৰে দুয়ো ঘৰৰপৰা বহু দূৰৈত।
প্ৰণৱীৰ কাৰো প্ৰতি একো অভিযোগ, অভিমান নাই। দূৰৈত থাকিলেও, সংসাৰ কৰিলেও ল’ৰা দুটাই মাকৰ চিন্তা নকৰাকৈ নাথাকে। দেউতাক ঢুকুৱাৰ পিছত আৰ্থিকভাৱে কিছু অভাৱী দূৰ সম্পৰ্কীয় পেহীয়েকৰ জীয়েক পূৰৱীক আনি ৰাখিছে মাকৰ লগত। মেধাৱী পূৰৱীৰ পঢ়া শুনাৰ সমস্ত দায়িত্ব সিহঁতে মূৰ পাতি লৈছে মাকৰ স্বাৰ্থতে। ব্যৱসায়ৰ কামবোৰ চাব পৰাকৈ মাক এতিয়াও কাৰ্যক্ষম বুলি সিহঁতে জানে।
পূৰৱীয়েই প্ৰণৱীক ফেচবুকত একাউণ্ট এটা খুলি দিছে। পুৰণি বহু বন্ধু বান্ধৱীক প্ৰণৱীয়ে ফেচবুকত পাইছে, নাম্বাৰ আদান প্ৰদানো কৰিছে।
ৱাটছএপ্ চলাব জানেই প্ৰণৱীয়ে। ফুল ভালপোৱা মাৰাঠী ডাঙৰ বোৱাৰীজনীলৈ ফুলনিত নতুন অৰ্কিড ফুলিলেই ফটো পঠিয়ায়।
সৰু বোৱাৰীলৈ লিখি পঠিয়ায় অসমীয়া থলুৱা খাদ্যৰ বিভিন্ন ৰন্ধনপ্ৰণালী, বোৱাৰীয়ে নিজৰ ইউটিউব চেনেলত পৰিবেশন কৰে । অৱশ্যে ভিডিঅ’বোৰৰ শেষত শাহুমাকক ধন্যবাদ জনাবলৈ নাপাহৰে তাই।
তিনিমাহমানৰ আগতে কোনোবাই ৱাটছএপত ‘ৰি ইউনিয়ন’ নামৰ গ্ৰুপটোত প্ৰণৱীক এড কৰিছিল।প্ৰথমে একো বুজি পোৱা নাছিল তাই। পূৰৱীয়ে গ্ৰুপ ইনফ’টো খুলি মামীয়েকক দেখুৱাই দিয়াতহে বুজি পালে যে পঢ়ি অহা কলেজখনত অনুষ্ঠিত কৰিবলৈ লোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলনখনত তাইৰো সহযোগিতা কামনা কৰি গ্ৰুপটোত তাইক এড্ কৰা হৈছে।
এদিন গ্ৰুপটোতে প্ৰণৱীহঁতে গ্ৰেজুৱেশ্যন কৰা বছৰৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীবোৰৰ তালিকাখন দিছিল। চকু ফুৰাইছিল তাই।
‘মতিউৰ… মতিউৰ ৰহমান’
মতিউৰৰ নামটোত চকুযোৰ থমকি ৰৈছিল প্ৰণৱীৰ।
নাজানে তাই এতিয়া মতিউৰ ক’ত! যোৱা চল্লিশ বছৰে মতিউৰ নামৰ অতীতৰ সত্ত্বা এটাই মাজে মাজে তাইক এতিয়াও আন্মনা কৰি নোতোলেনে? এক লহমাৰ সেই স্পৰ্শটোৰে মতিউৰে তাইক সামৰি আস্বস্ত কৰি থ’ব খুজিছিল আজিৰপৰা চল্লিশ বছৰৰ আগতে।
স্পৰ্শৰো অতীত থাকে। কাহিনী এটাই হৃদয় স্পৰ্শ কৰাৰো সময় থাকে। কেতিয়াবা কাহিনীবোৰ অতীত হয়। সেই স্পৰ্শও অতীত হয়। স্পৰ্শৰ সৈতে স্পৰ্শৰ সম্পৰ্ক কেৱল সময় অসময়ৰ খেল।
অথচ সেই স্পৰ্শৰ অনুভৱখিনি ওৰেটো জীৱন কঢ়িয়াই ফুৰিব পাৰি। আলফুলে গোপনে জীৱনৰ এক মধুৰতম ক্ষণ আছিল বুলি বুকুৰ সুকীয়া কোঠালি এটাত সযতনে সাঁচি থ’ব পাৰি। প্ৰণৱীয়েও থৈছে সাঁচি।
মতিউৰ আহিব নে? আহিব জানো? আহকচোন, আহক এবাৰ!
কাতৰভাৱে বিচাৰিছে তাই।
বগাত সেউজীয়া বুটাবচা কাপোৰযোৰেই পিন্ধি ওলাল প্ৰণৱী। গাড়ীৰপৰা নামি মূল সভাঘৰৰ ফালে আগুৱাই গ’ল । সৌৱা নিৰ্মলা, লাৱণ্যহঁত তাইক দেখি আগুৱাই আহিছে। ইহঁত দুজনীৰ লগত যোগাযোগ আছে তাইৰ। সিহঁতে গ্ৰেজুৱেশ্যন কৰা বৰ্ষৰ সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বাবে কলেজ কৰ্তৃপক্ষই নিৰ্দিষ্ট কৰি থোৱা শ্ৰেণীকোঠাটোলৈ আগুৱাই গ’ল সিহঁত।
কোঠাটোত সোমায়েই থমকি ৰ’ল প্ৰণৱী, আৱেগিক হ’ল অলপ।
সৌটো হেমেন, প্ৰধান শিক্ষকৰূপে অৱসৰ লোৱা হেমেন নাথৰ চুলি এডালো নাই এতিয়া। হেমেনক ঘৰলৈ গ’লে কেতিয়াবা লগ পায় তাই। যোগাযোগ আছে তাৰ লগত।
তাৰ লগত ঢেকঢেকাই হাঁহি থকা সৌটোচোন ধৰ্মেশ্বৰ গগৈ। এসময়ৰ কেটেঙা ধৰ্মেশ্বৰৰ এতিয়াৰ প্ৰকাণ্ড পেটটো দেখি তাইৰ হাঁহি উঠিল।
নিৰ্মলা শিক্ষয়িত্ৰী, লাৱণ্য তাইৰ দৰেই সুগৃহিণী।
বয়সে চুই যোৱা , আঁচোৰ পেলোৱা মুখবোৰত হাঁহিবোৰে যেন পুনৰ এবাৰ সানি দিছে দুৰন্ত যৌৱন।
চাৰিওফালে চালে প্ৰণৱীয়ে।
হঠাতে এঠাইত ৰৈ গ’ল চকু।
হয়নে ? হয়নে নহয়?
ক’ভাৰ লগোৱা চকীবোৰৰ শেষৰ শাৰীটোৰ একেবাৰে কাষৰ চকীখনত বহি থকা মানুহজন। ওচৰতে নীলা শাৰী পিন্ধা ধুনীয়া মানুহ এগৰাকী। ওখ পাখ তেজগোৰা মানুহজনক চিনি পাওঁতে প্ৰণৱীৰ ভুল হ’ব নোৱাৰে!
মতিউৰ সেয়া, হয় মতিউৰেই হয়!
অনামী এক আৱেগত ভিতৰৰ পৰা যেন কঁপি উঠিল ষাঠিবছৰীয়া প্ৰণৱী বৰুৱা।
চকীবোৰৰ মাজে মাজে তাই আগুৱাই গ’ল।
চশমা পৰিহিত মতিউৰৰ দৃষ্টি দূৰ দিগন্তত যেন বিলীন হৈ গৈছে । কিন্তু সেই দৃষ্টিত উদাসীনতা কিয়??
প্ৰাক্তন সহপাঠীসকলৰ সৈতে কিয় সক্ৰিয়ভাৱে অংশ লোৱা নাই মতিউৰে ?
প্ৰণৱী মতিউৰৰ ওচৰ পালেগৈ, সন্মুখত ৰ’ল।
প্ৰণৱীৰ উপস্থিতিক একেবাৰে অগ্ৰাহ্য কৰিছে মানুহজনে।
হয়তো চিনি পোৱা নাই তাইক।
”মতিউৰ!”
মাত লগালে প্ৰণৱীয়ে।
হঠাতে যেন চমকি উঠিল মানুহজন।
”প্ৰণৱী!!”
এহাতেৰে কাষত থকা পত্নীৰ হাতত খেপিয়াই ধৰি খপজপকৈ থিয় হ’ল মানুহজন।
”তুমি আহিছা??”
আকুলতা আছিল মতিউৰৰ মাতত।
”আবিদা, তোমাক যে কৈছিলোঁ প্ৰণৱীৰ কথা।”
কাষত থকা কৌতুহলী পত্নীৰ ফালে সামান্য ঘূৰি ক’লে মানুহজনে। মানুহগৰাকীয়ে খন্তেক অবাক হৈ প্ৰণৱীলৈ চাই থাকি ধুনীয়াকৈ হাঁহি মাৰি নমস্কাৰ দিলে, প্ৰণৱীয়েও জনালে প্ৰতি নমস্কাৰ।
মতিউৰৰ পত্নীয়েও জানে প্ৰণৱীৰ কথা? স্বামীৰ এসময়ৰ প্ৰেমিকাৰ কথা?? সেই প্ৰেমক সন্মানো কৰিছে মানুহগৰাকীয়ে। ধুনীয়া মানুহগৰাকীৰ প্ৰতি শ্ৰদ্ধাৰে ভৰি পৰিল প্ৰণৱীৰ মন।
”জানিছিলোঁৱেই তুমি আহিবা বুলি। মই সকলোতকৈ আগতেই আহি পালোঁ। সকলোৰে লগত কথা বতৰা পাতি এই বহিছিলোঁহি। তোমাৰ দেৰি হ’ল।”
উল্লাস সোমাই আছিল মতিউৰ ৰহমানৰ মাতত।
ডায়েবেটিক ৰেটিন’পেথিত ভুগি সম্পূৰ্ণৰূপে দৃষ্টিশক্তি হেৰুৱাই পেলোৱা একষষ্ঠি বছৰীয়া মতিউৰ ৰহমান নামৰ মানুহজনে কেৱল মাতটো শুনিয়েই চিনি পালে প্ৰণৱীক, একালৰ প্ৰাক্তন প্ৰেমিকাক!
পত্নীৰ হাতত ধৰি খপজপকৈ চকীৰপৰা উঠি আগবাঢ়ি আহিব খোজা মতিউৰৰ আনখন হাতত ধৰিলেহি প্ৰণৱীয়ে।
পলকতে যেন দুয়ো কলঙৰ পাৰে পাৰে দৌৰি ফুৰা দুটা পখিলা হ’ল।
ৰ’দময়, সুখময় দুৰন্ত যৌৱন এটাক পুনৰায় পাই হাঁহিৰে আৱৰি সামৰি ৰাখিব খোজা এজাক প্ৰৌঢ় তৰুণ তৰুণীৰ ফালে সিহঁত আগুৱাই গ’ল।
(সমাপ্ত)