ইলাহী মোগলৰ বৰফ উৎপাদনৰ অভিনৱ কৌশল
লেখক- শুভলক্ষ্মী বুঢ়াগোহাঁই
গ্ৰীষ্মৰ প্ৰখৰ ৰ’দত ভাৰতৰ ভূমি যেতিয়া উত্তপ্ত হৈ উঠে আৰু গ্ৰীষ্ম প্ৰৱাহত সাধাৰণ জনতাই ইচাত-বিচাত কৰে, তেতিয়া বিলাসী মোগল ৰাজপৰিয়ালবোৰে মাৰ্বলৰ ৰাজপ্ৰসাদত বিশ্ৰাম কৰে, শীতল শ্বৰৱত পান কৰি আড়ম্বৰপূৰ্ণ জীৱন উপভোগ কৰে। কি যে বিলাসী জীৱন! সুগন্ধি বাগিচা, জকমক ৰেশমৰ কাপোৰ, ৰত্ন খচিত সিংহাসন, বতাহত সংগীতৰ মৃদু সুৰ, সুস্বাদু ভোজন, নৃত্য-গীত..! জীৱন যেন এক উদযাপন। কিন্তু তাৰ মাজতো কিবা এটা যেন পোৱা নাই। সকলো সুখৰ মাজত থাকিও গা যেন শাঁত পৰা নাই। এটা বিশেষ বস্তুৰ অভাৱ তেওঁলোকে অনুভৱ কৰিছে আৰু তাকে পাবলৈ তেওঁলোক যেন আকুল হৈ পৰিছে। কি বাৰু সেই বস্তু? আচলতে ই আন একো নহয়, সেয়া হ’ল বৰফৰ শীতল স্পৰ্শহে। মধ্য এছিয়াত থাকোঁতে এই বৰফ তেওঁলোকৰ বাবে নিত্য ব্যৱহাৰ্য দ্ৰব্য আছিল। কিন্তু ভাৰতৰ মাটিত ইয়াৰ অভাৱে তেওঁলোকক বাৰুকৈয়ে দহিলে। পিছে কথাতেই কয় নহয়—“অভাৱেই আৱিষ্কাৰৰ মূল।” সম্ৰাটসকল বহি নাথাকিল। ৰেফ্ৰিজাৰেচনৰ প্ৰাক যুগতো তেওঁলোকে উদ্ভাৱন কৰি উলিয়ালে এক অভিনৱ কৌশল। ভাৰত মাতৃৰ শিৰ শুৱনি কৰি হিমালয়ে মুকুট হৈ জলমলাই আছে। হিমালয়ৰ এই পৰ্বত শৃংখলা গোটেই বছৰ বৰফেৰে আবৃত হৈ থাকে। তাৰ পৰাই জানো তাক আনিব নোৱাৰি? নিশ্চয় পাৰি। মন কৰিলেই চন। আৰম্ভ হ’ল এক নতুন প্ৰকল্পৰ। আহক, আজি আমি কিছু উভতি গৈ ইতিহাসৰ এখন পাত লুটিয়াই চাওঁ। মোগলৰ বিলাসী জীৱনৰ এক অবিচ্ছেদ্য অংগ এই বৰফৰ কাহিনী আৰু তেওঁলোকৰ বুদ্ধিমত্তাৰ এটি আভাস লওঁ —
মোগল আভিজাত্যত এই বৰফ কেৱল এক বিলাসিতাই নহয়, ই ঐশ্বৰ্য, প্ৰতিষ্ঠা আৰু পৰিশীলিত আতিথ্যৰো প্ৰতীক আছিল। তীব্ৰ গৰমত অতিথিক শ্বৰৱত অথবা ঠাণ্ডা পানীয় পৰিৱেশন কৰিব পৰাটো অতিথি সৎকাৰৰ এক উত্তম আৰু সুন্দৰ নিদৰ্শন আছিল। অৱশ্যে এয়া সকলোৰে বাবে সম্ভৱ নাছিল। সেয়েহে বৰফৰ ব্যৱহাৰ আভিজাত্য আৰু ৰাজকীয় অহংকাৰৰ প্ৰতীক চিহ্নও হৈ পৰিছিল।
বৰফৰ এক সাংস্কৃতিক তাৎপৰ্যও আছিল। পাৰ্চী কবিতাবোৰত বৰফক স্বচ্ছতা, পবিত্ৰতা আৰু অভিজাত জীৱনৰ সুখৰ ৰূপক (Metaphor) হিচাপে ব্যৱহাৰ কৰিছিল। ইয়াৰ গঠন আৰু দীপ্ততাক খুউব মসৃণ কাপোৰ আৰু চকচকীয়া আইনাৰ সতে তুলনা কৰা হৈছিল। য়েই বৰফক আৰু আকৰ্ষণীয় আৰু মূল্যৱান কৰি তুলিছিল। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক সম্ৰাট বাবৰে তেওঁৰ আত্মজীৱনী ‘বাবৰনামা’ত ভাৰতত বৰফৰ অভাৱৰ কথা লিখি দুখ প্ৰকাশ কৰি গৈছে। অৱশ্যে তেওঁৰ উত্তৰসুৰীসকলে ইয়াক প্ৰত্যাহ্বানৰূপে লৈ তাৰ সমাধান বিচাৰি উলিয়ালে আৰু নিজ বুদ্ধিমত্তাৰে বৰফ সংগ্ৰহ আৰু ব্যৱহাৰ কৰি মোগলৰ ইলাহী জীৱন আৰু সূক্ষ্ম কলাৰো পৰিচয় দিলে।
তেওঁলোকে হিমালয়লৈ চকু দিলে। উত্তৰ ভাৰতৰ অঞ্চল বিশেষকৈ কাশ্মীৰ, পিৰ-পাঞ্জাল পৰ্বতমালা আৰু বৰ্তমানৰ হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ চাৰিওফালে থকা অঞ্চলসমূহ বৰফেৰে আবৃত হৈ থাকে। আনহাতে শীতৰ প্ৰচণ্ড ঠাণ্ডাত যেতিয়া তাপমাত্ৰা শূন্যলৈ নামি আহে, তেতিয়া বৰফেৰে ঢকা দাঁতি কাষৰীয়া হ্ৰদ, হিমবাহ আৰু নদীবোৰ বৰফৰ প্ৰাকৃতিক ভঁৰাল হৈ পৰে। এয়াই উৎস আছিল।
এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বৰ্তমানৰ হিমাচল প্ৰদেশৰ পাহাৰী ৰাজ্য সিৰমৌৰৰ ৰজা ‘বুদ্ধ প্ৰকাশ’ৰ দৰে আৰু বহুবোৰ আঞ্চলিক মিত্ৰ শক্তিয়ে। মোগল ৰাজপ্ৰসাদত বৰফৰ বিলাসিতাক সম্ভৱপৰ কৰি তোলাত মুখ্য ভূমিকা লোৱাৰ বাবে ৰজা বুদ্ধ প্ৰকাশক ‘ভাৰতৰ বৰফৰ ৰজা’ নামেৰে অভিহিত কৰা হৈছিল। সম্ৰাট ঔৰংগজেৱলৈ তেওঁ প্ৰতি বছৰে বৰফৰ এট মোটা পৰিমাণ আগবঢ়াইছিল যি তেওঁৰ ৰাজকীয় কৰৰ এক আনুষ্ঠানিক অংশও হৈ পৰিছিল। এই মিত্ৰতাৰ দোহাই দিয়েই ৰজা বুদ্ধ প্ৰকাশে দিল্লীৰ বজাৰত বৰফ বিক্ৰীৰ বাবেও সম্ৰাটৰ অনুমতি বিচাৰিছিল। কিন্তু সম্ৰাট ঔৰংগজেৱে তাক দৃঢ়ভাৱে অস্বীকাৰ কৰি বৰফক কেৱল ৰাজকীয় সম্পত্তি ৰূপে সংৰক্ষিত কৰিলে।
এতিয়া প্ৰশ্ন হ’ল—এই মূল্যৱান সম্পদবিধ তাৰ পৰা কেনেকৈ অনা যায়? কিয়নো তাক সংগ্ৰহ কৰিবলৈ কেৱল বুদ্ধিমত্তাই নহয়, সূক্ষ্ম পৰিকল্পনাৰো প্ৰয়োজন হ’ব। তাৰো সমাধান ওলাল। তাৰবাবে তেওঁলোকে সুদূৰ পৰ্বতৰপৰা ৰাজধানীলৈকে এক জটিল পৰিবহণ ব্যৱস্থা গঢ়ি তুলিলে। উঁট, হাতী, ঘোঁৰা আৰু খচ্চৰৰ দৰে ধৈৰ্য্য আৰু শক্তি থকা জন্তুবোৰ বাছনি কৰি সিহঁতৰ পিঠিত পাহাৰৰ পৰা কাটি অনা ডাঙৰ ডাঙৰ বৰফৰ টুকুৰাবোৰ বান্ধি দিলে। এই কামৰ বাবে ‘আবদাৰ’ নামেৰে এক বিশেষ কৰ্মীদলকো নিয়োগ কৰা হৈছিল। তেওঁলোকে বৰফৰ সৰু সৰু টুকুৰাবোৰ লৈ দ্ৰুতগতিত দৌৰি ৰিলেৰ দৰে ইজনে আনজনলৈ হাত বাগৰাই পৰিবহণ কৰিছিল। বৰফৰ নিৰাপদ আৰু নিশ্চিত পৰিবহণৰ লগতে বাটত যাতে বৰফ কমকৈ গলে তাৰ প্ৰতিও বিশেষ লক্ষ্য ৰাখিছিল এই আবদাৰ সকলেই।
বৰফ সহজে গলি নাযাবলৈ বৰফৰ টুকুৰাবোৰ তেওঁলোকে খেৰ আৰু কাঠৰ গুড়িৰ দৰে উত্তাপ ৰোধকাৰী দ্ৰব্যৰে বান্ধি ৰাখিছিল। এই প্ৰলেপবোৰে বৰফবোৰ সূৰ্য্যৰ তাপৰ পৰা ৰক্ষা কৰাৰ লগতে যাত্ৰা পথত তাক সুৰক্ষিতও কৰি ৰাখিছিল। পৰিবহণৰ সময়ো সুচিন্তিতভাৱে নিৰ্ধাৰণ কৰি লোৱা হৈছিল। সাধাৰণতে খুউব ৰাতিপুৱা অথবা নিশালৈ এই যাত্ৰা আৰম্ভ হৈছিল যাতে সূৰ্য্যৰ প্ৰখৰ তাপে তাক গলাব নোৱাৰে। এই জটিল পৰিবহণ ব্যৱস্থাৰ জৰিয়তেই মোগলৰ ৰাজ পৰিয়ালবোৰে ভাৰতৰ গ্ৰীষ্মকালীন দিনবোৰতো শীতল আবেশে ভৰা বিলাসী জীৱন উপভোগ কৰিব পাৰিছিল।
এই পৰিবহণৰ বাবে কিছুমান বিশেষ পথ নিৰ্মাণ কৰা হৈছিল। এটা পথ আহিছিল যমুনা নদীৰে চিধা দিল্লীলৈ। ঠাণ্ডা বতৰত বৰফৰ ডাঠ টুকুৰাবোৰ নাৱেৰে পাৰ কৰোৱা হৈছিল। ঐতিহাসিক নথিপত্ৰ মতে, সম্ৰাট হুমায়ুন আৰু আকবৰে এই বিশেষ পথ সমূহ নিৰ্মাণৰ আদেশ দিছিল। আনহাতে সম্ৰাট জাহাংগীৰে তেওঁৰ আত্মজীৱনী ‘তুজুক-ই-জাহাংগীৰি’ত বৰফ সংৰক্ষণৰ পদ্ধতিসমূহৰ বিষয়ে লিখি থৈ গৈছে।
পিছে পাহাৰৰ পৰা বৰফবোৰ কাটি আনি কেৱল গন্তব্যস্থান পোৱাতেই কামৰ শেষ নহয়, তাক সংৰক্ষণ কৰাটো তাতোকৈও জটিল আৰু সূক্ষ্ম কাম আছিল। তাৰো ব্যৱস্থা হ’ল। মোগলসকলে আকৌ এবাৰ অভূতপূৰ্ব বুদ্ধিমত্তাৰ পৰিচয় দিলে। তেওঁলোকে ৰাজপ্ৰসাদৰ গাতে লাগি থকা বাগিচা বা তেনে কোনো ছাঁ থকা ঠাইত মাটিৰ তলত কিছুমান কোঠা নিৰ্মাণ কৰিলে। এই কোঠাবোৰক ‘বৰফ খানা’ নামেৰে জনা যায়। কোঠাবোৰে যাতে প্ৰতি ক্ষণতে ছাঁ পাই থাকে, তাৰ বাবে বিশেষ মনোযোগ দিয়া হ’ল। এই কোঠাবোৰ চূণশিল আৰু পাথৰেৰে বিশেষভাৱে তৈয়াৰ কৰা হৈছিল।
চূণশিল আৰু পাথৰৰ ডাঠ দেৱালে মাটিৰ তলৰ কোঠাবোৰ শীত-তাপ নিয়ন্ত্ৰিত কৰি ৰাখিছিল। গলন প্ৰক্ৰিয়া ধীৰ কৰিবলৈ বৰফৰ টুকুৰাবোৰ ডাঙৰ ডাঙৰ আকাৰত ৰখা হৈছিল। টুকুৰাবোৰ খেৰ, কাঠৰ গুড়ি, ছাঁই অথবা কাপোৰেৰে বান্ধি তাক ইনচুলেটেড (Insulated) কৰা হৈছিল। কোঠাবোৰত বতাহ চলাচলৰ বাবে কিছুমান ফুটা ৰখা হৈছিল যি ফালেদি ভিতৰৰ সুপ্ত উত্তাপ বাহিৰ ওলাই অহাৰ লগতে গলি যোৱা পানীখিনিও নিষ্কাসিত হ’ব পাৰিছিল।
বহু সময়ত তেওঁলোকে পটাছিয়াম নাইট্ৰেতো ব্যৱহাৰ কৰিছিল। ই হ’ল একপ্ৰকাৰ প্ৰাকৃতিক ঠাণ্ডা বৰ্দ্ধক পদাৰ্থ যি বৰফক অধিক সময় গোট মাৰি থকাত সহায় কৰে। এনে প্ৰযুক্তিৰ ব্যৱহাৰে মোগল অভিযন্তা সকলৰ বিচক্ষণতা আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ সুন্দৰ পৰিচয় দাঙি ধৰে।
এই সুব্যৱস্থাৰ গুৰিতে আছিল ‘আবদাৰ’সকল, যাৰ দক্ষতা আৰু বিচক্ষণতাক আজিৰ ‘ৰেফ্ৰিজাৰেচন ইঞ্জিনিয়াৰ’ সকলৰ সৈতে তুলনা কৰিব পাৰি। তেওঁলোকে অতি নিখুঁতভাৱে উত্তাপ আৰু বতাহৰ পৰিবহণক নিয়ন্ত্ৰণ কৰি বৰফ সংৰক্ষণৰ লগতে ৰাজ পৰিয়ালত ইয়াৰ ব্যৱহাৰ আৰু বিতৰণৰ সুব্যৱস্থা কৰিছিল। তেওঁলোকৰ সাৱধান তত্ত্বাৱধানতেই এই বৰফ কেৱল পানীয়ৰ বাবেই নহয়, আনকি অধিক গৰমৰ দিনকেইটাত খাদ্য সংৰক্ষণ আৰু ঔষধি প্ৰয়োজনীয়তাৰ বাবেও সহজেই উপলব্ধ হৈছিল।
ইয়াৰ পাছৰ কালত উত্তৰ ভাৰতৰ দিল্লী, আগ্ৰা আৰু লাহোৰৰ দৰে চহৰবোৰত মোগল আৰু তাৰ পাছৰ শাসকসকলে স্থানীয়ভাৱে বৰফ উৎপাদনৰ আন এক অভিনৱ পদ্ধতি উদ্ভাৱন কৰে। শীত কালৰ ৰাতিবোৰত কিছুমান অগভীৰ মাটিৰ পাত্ৰত পানী ভৰাই তাক খেৰৰ ঢাপত তুলি মুকলি আকাশৰ তলত এৰি থৈ অহা হয়। ঠাণ্ডা নিশাৰ নিম্ন তাপমাত্ৰাত ‘ৰেডিয়েটিভ কুলিং’ (Radiative cooling) ৰ বাবে পানীৰ ওপৰত বৰফৰ এখন পাতল চামনি পৰে। ৰাতিপুৱা সূৰুয উঠাৰ আগতেই পূৰ্ব নিযুক্ত কৰ্মচাৰীসকলে সেই বৰফৰ চামনিবোৰ গোটাই আনি ‘বৰফ খানাত’ সংৰক্ষণ কৰে। হিমালয়ৰ পৰা আমদানি কৰি অনা বৰফৰ সমান উপযোগিতা নাথাকিলেও এই চামনিবোৰেও ৰাজ পৰিয়ালৰ প্ৰয়োজন পূৰোৱাত যথেষ্ট অৰিহণা যোগাইছিল।
এই পদ্ধতিৰ উদ্ভাৱনে কেৱল ৰাজ পৰিয়ালতে নহয়, সাধাৰণ প্ৰজাৰ মাজতো বৰফ সহজলভ্য কৰি তুলিলে। ফলত বৰফৰ বিলাসিতাই আভিজাত্যৰ বেঁহু ভাঙি জনসাধাৰণৰ মাজত সাধাৰণ হৈ পৰিল।
মোগলৰ আভিজাত্যিক বিলাসিতাৰ সমানে ভব্য নহ’লেও ভাৰতৰ অন্যান্য কিছুমান অঞ্চলেও সেই সময়ত নিজ নিজ সৃজনী প্ৰতিভাৰে তেনে কিছু কৌশল উদ্ভাৱন কৰি বৰফৰ দৰে দুষ্প্ৰাপ্য বিলাসিতাৰো সোৱাদ লৈছিল। দাক্ষিণাত্যৰ মহীশূৰ আৰু ত্ৰাভাঙ্কোৰ (Travancore)ৰ দৰে উষ্ণমণ্ডলীয় অঞ্চলৰ ৰাজ পৰিয়ালসমূহে বৰফৰ বাবে নীলগিৰি পাহাৰলৈ মন মেলিছিল। পাহাৰৰ উচ্চ ভূমিৰ পৰা সযত্নে আৰু সাৱধানে বৰফবোৰ কঢ়িয়াই আনি ৰাজপ্ৰসাদত ভৰোৱা হৈছিল। যাত্ৰা দীঘল আৰু কঠিন হ’লেও গোলাপী সোৱাদযুক্ত গাখীৰ আৰু অন্যান্য সুস্বাদু ঠাণ্ডা ব্যঞ্জনৰ তৃপ্তি আৰু আভিজাত্যৰ গৌৰৱ কণৰ আগত এই পৰিশ্ৰম সাৰ্থক যেনেই লাগিছিল।
আনহাতে ৰাজস্থানৰ উত্তপ্ত ভূমিতো ৰাজপুত পৰিয়ালসমূহে গৰমৰ পৰা পৰিত্ৰাণ আৰু আৰাম পাবলৈ সৃষ্টিশীল উপায় অৱলম্বন কৰিছিল। সাধাৰণতে শীতকালত মধ্য ভাৰতৰ পাহাৰীয়া অঞ্চলৰ পৰা বৰফ সংগ্ৰহ কৰা হৈছিল যদিও মোগলসকলৰ দৰে তেওঁলোকেও মাটিৰ পাত্ৰত শীতকালত বৰফৰ চামনি বা পাতল পাত তৈয়াৰ কৰি লৈছিল।
ৰাজ পৰিয়ালৰ এই মূল্যৱান সম্পদটিৰ পৰিচালনাৰ বাবে ‘বৰফৱালা’ নামেৰে এবিধ বিশেষ কৰ্মীক নিযুক্তি দিয়া হৈছিল। তেওঁলোকে বৰফ সংগ্ৰহ, সংৰক্ষণৰ পৰা আৰম্ভ কৰি ৰাজপ্ৰসাদত তাৰ বিশেষ ব্যৱহাৰলৈকে সকলোখিনি কাম খুউব সাৱধানে আৰু নিপুনতাৰে পালন কৰি গৈছিল। এই উষ্ম আৰু বৰফহীন ঠাইবোৰতো ৰাজকীয় আভিজাত্য বজাই ৰখাত এই কৰ্মীসকলে বিশেষ ভূমিকা পালন কৰিছিল।
প্ৰাক-আধুনিক যুগৰ ভাৰতৰ ইতিহাসত বৰফৰ কাহিনী মানৱ সভ্যতাৰ বুদ্ধিমত্তা আৰু অসাধাৰণ ধৈৰ্য্যৰ এক উৎকৃষ্ট নিদৰ্শন। গ্ৰীষ্মপ্ৰধান এই দেশখনত শাসক আৰু অভিজাত শ্ৰেণীৰ লোকসকলৰ এই ক্ষণস্থায়ী বিলাসিতাৰ বাবে এচাম লোকে অপৰিসীম কষ্ট আৰু পৰিশ্ৰম কৰিব লগা হৈছিল। কিন্তু এই প্ৰচেষ্টা আৰু পৰিশ্ৰমৰ আঁৰতো লুকাই আছিল বিচক্ষণ, পৰিশীলিত আৰু বিলাসপিয়াসী এচাম সংস্কৃতিবান মানুহৰ অন্বেষণী মনৰ প্ৰত্যাহ্বান। জীৱন উপভোগ কৰাৰ আকুলতা। সেয়েহে প্ৰতি টুকুৰা বৰফৰ শীতল পৰশেও তেওঁলোকক উপহাৰ দি গ’ল বিজ্ঞান আৰু কলাৰ সংমিশ্ৰণত গঢ় লৈ উঠা এটি আৰামদায়ক আৰু সুন্দৰ জীৱন। সকলোবোৰ সহজেই উপলব্ধ আজিৰ জীৱনত আমি হয়তো ইয়াক হৃদয়ঙ্গম কৰিব নোৱাৰিম। কিন্তু অন্বেষণী সেই মনবোৰে অসম্ভৱকো সম্ভৱ কৰি ইতিহাস ৰচনা কৰি গ’ল। সেয়েহে ই এক কাহিনীত পৰিণত হ’ল। তেওঁলোকৰ বুদ্ধিমত্তা আৰু পৰিশ্ৰমক আমি নমন কৰিছোঁ। শিকিবলৈ আমাৰ বহুত বাকী। সময় এনেকৈয়ে আগবাঢ়িছে—লাহে লাহে, খোজে খোজে অভিজ্ঞতাক সাৰথি কৰি নতুনৰ দিশে। আহক আমিও আগবাঢ়োঁ।