সম্পাদকীয় - একবিংশ শতিকা : সকলো প্ৰত্যাহ্বান নেওচি আগুৱাই যোৱাৰ সময়
সম্পাদক --চিমি কোঁৱৰ
একবিংশ শতিকাৰ সমাজখনৰ সৈতে খোজ মিলাই আগুৱাই যাওঁতে ভাব হয় আমি ক’ত আছিলোঁ? ক’লৈ আহিলোঁ? ক’লৈ গৈ আছোঁ? মনৰ মাজতে জুকিয়াই চাওঁ আমাৰ অতীত ,বৰ্তমান আৰু ভৱিষ্যত। দৈনন্দিন জীৱন যাত্ৰাত লগ পোৱা অজস্ৰ মানুহৰ ভিন্ন জীৱনগাথা ! প্ৰেক্ষাপট বেলেগ ,জীৱনৰ সংগ্ৰামখনো বেলেগ। মানুহবোৰ পঢ়িবলৈ যত্ন কৰোঁ ; পৰ্যবেক্ষণ কৰোঁ নেপথ্যৰ কাহিনীবোৰ ! …”এদিন আমি শিশু আছিলোঁ। লাহে লাহে ডাঙৰ হৈ পঢ়াশালিলৈ গ’লোঁ। গুৰুৱে আঙুলিত ধৰি শিকাই গ’ল জীৱনৰ বুনীয়াদ । ” কিন্তু আটায়ে জানো পঢ়াশালিলৈ যোৱাৰ সুযোগ পায়? আটায়ে জানো থাকিবলৈ এখন ঘৰ পায়? মৰম আৰু নিৰাপত্তাৰে আৱৰি ৰাখিবলৈ পাইনে আটায়ে পিতা -মাতা ,অভিভাৱকৰ চেনেহ স্পৰ্শ ?
ভাৰতবৰ্ষৰ দৰে এখন পিতৃতান্ত্ৰিক সমাজত প্ৰায়ভাগ সিদ্ধান্তই য’ত পুৰুষ অৱদমিত ; ‘লাও সদায় পাতৰ তল’ বুলি আগুৱাই যাব খোজা মহিলাসকলক হেয় প্ৰতিপন্ন কৰা হৈছিল, তেনে এখন সমাজৰপৰাই সকলো প্ৰত্যাহ্বানৰ শিকলি ছিঙি ঘৰৰ চাৰিবেৰৰপৰা মহিলাসকল বাহিৰলৈ ওলাই আহিল। উপযুক্ত শিক্ষা-দীক্ষাৰে নিজকে সাজু কৰি তুলিলে। সমাজ ,ৰাজনীতি ,অৰ্থনীতি ,সাহিত্য ,বিজ্ঞান,ব্যৱসায়-বাণিজ্য সকলো ক্ষেত্ৰতে পুৰুষৰ সমানে মহিলাসকলো জিলিকি উঠিল ।
পঢ়াশালিৰ মুখ নেদেখা শিশুবোৰ পঢ়াশালিলৈ আহিল। আইনৰ ধাৰাই কল-কাৰখানাত শ্ৰমিক হিচাপে কাম কৰা শিশুসকলক নতুন জীৱন দিলে। শিশুৰ ওপৰত হোৱা আটাইবোৰ শোষণৰ বিৰুদ্ধে একবিংশ শতিকাৰ সমাজখন একত্ৰিত হ’ল ।
তথাপিও আজিৰ সমাজখন শোষণমুক্ত নহয় । ধনী-দুখীয়াৰ বিভাজনৰ মাজত মধ্যবিত্ত শ্ৰেণীটোৱে মুখ ঠেকেছা খায়। চৰকাৰী আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰটো কেতিয়াবা বেমেজালি দেখা যায়। তৃণমূল পৰ্যায়ৰ মানুহৰ সুখ দুখ নুবুজা জনপ্ৰতিনিধিয়ে দুৰ্নীতিৰ পাহাৰ গঢ়ে আৰু আনফালে দুখ কোলাই পাচিয়ে নধৰা হয় একাংশ পৰিয়ালৰ। উৰুখা পঁজাৰে আকাশ চাই আকাশৰ তৰা গণি ভোকাতুৰ পেটেৰে টোপনি যাব লগা হয় এচাম শিশু। পেটৰ ভোক নিবাৰণৰ বাবে যি শিশুৱে কাম কৰিবলৈ বাধ্য হয়, কেৱল মধ্যাহ্ণ ভোজন কাৰ্যসূচীয়ে যি শিশুক বান্ধি ৰাখিব নোৱাৰে পঢ়াশালিৰ চাৰিবেৰৰ ভিতৰত, সহজনে এনে শিশুৰ বুনীয়াদ বনোৱা? সহজনে তেওঁলোকক মানৱ সম্পদৰূপে আশা কৰা ?
অন্ধবিশ্বাস, কুসংস্কাৰৰ পৰাও আমাৰ সমাজখন সম্পূৰ্ণৰূপে মুক্ত নহয়। শিক্ষিত সমাজখনৰ প্ৰায় সংখ্যক লোকৰ মাজতে বৈজ্ঞানিক মানসিকতাৰ অভাৱ। এতিয়াও অন্ধবিশ্বাসৰ নামত মহিলাসকলক ডাইনী সজোৱা হয়। ডাইনী হত্যাৰ বিৰুদ্ধে বহু সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছতো সৌ সিদিনা ডিব্ৰুগড় জিলাৰ এগৰাকী আদিবাসী মহিলাক ডাইনী বুলি নিৰ্যাতন কৰা হ’ল। শিশুৰপৰা বৃদ্ধালৈকে যৌন নিৰ্যাতনৰ ঘটনাও এইখন সমাজত সততে হোৱা দেখা পাওঁ ।
প্ৰশ্ন হয় একৈশ শতিকাৰ তৃতীয় দশকতো শিক্ষাই কিয় মানুহৰ আচৰণৰ সংশোধন কৰিব পৰা নাই ? মানুহৰ মাজত দিনে দিনে আন্তৰিকতাবোৰ কমিছে নে বাঢ়িছে? ডিজিটেল পৃথিৱী এখনত যেন মানুহবোৰ ক্ৰমশঃ বস্তুবাদী হৈ উঠিছে। মানুহতকৈ বস্তুৰ মূল্য বেছি। প্ৰতিযোগিতামুখী ভোগবাদী সমাজখনত কেতিয়াবা ঊশাহ বন্ধ হ’ব খোজে। আন্তৰিকতাবোৰ বিচাৰি হাবাথুৰি খাওঁ। নৈতিকতাৰ স্খলনে আমাক কষ্ট দিয়ে। চৌপাশৰ দুৰ্নীতিবোৰে আমাক বিমুখ কৰে ।
তাৰ মাজতে সঞ্জীৱনী সুধা পাওঁ মানুহৰ মাজতে। জীয়াই থকাৰ মনোবল পাওঁ মানুহৰ মাজতে । সকলো প্ৰত্যাহ্বান নেওচি লক্ষ্যস্থান পোৱা স্বাভিমানী মানুহবোৰ আমাৰ সমাজৰ বাবে প্ৰেৰণা। বৰ্তমান কৰ্মসংস্কৃতিৰ প্ৰতিও নতুন প্ৰজন্ম আগ্ৰহী হৈছে। এয়া আমাৰ সমাজৰ বাবে শুভ লক্ষণ। দেশ এখনৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ হ’বলৈ হ’লে আমি সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ নেওচি আমি আগুৱাই যাব লাগিব। আমি আশাবাদী যে একবিংশ শতিকা হ’ব সকলো প্ৰত্যাহ্বান দূৰ কৰি আগুৱাই যোৱাৰ সময়। নৱপ্ৰজন্মৰ সুস্থ মানসিকতাই সমাজৰ নেতিবাচক দিশবোৰ দূৰ কৰি ইতিবাচক দিশেৰে সমাজখন পৰিচালিত কৰিব ।