ক’তেনো হেৰাল শৈশৱৰে সেই সুমধুৰ সোনালী দিন

লেখক- বৰ্ণালী দেৱী

 আমাৰ শৈশৱ আৰু আজি আমাৰ সন্তানৰ শৈশৱৰ মাজত আকাশ পাতাল পাৰ্থক্য থকা যেন অনুভৱ হয়। আগতে আমি পুৱা সোনকালে শুই উঠি প্ৰয়োজনীয় কামবোৰ কৰি মা-দেউতাকো কিছু  কামত সহায় কৰি দিছিলোঁ। শেৱালি ফুল ফুলাৰ দিনত পুৱা সোনকালে শুই উঠি খোজকাঢ়িবলৈ যাওঁতে য’তে শেৱালি ফুল দেখা পাওঁ তাৰেপৰাই কোঁচ ভৰাই লৈ আহিছিলোঁ। প্ৰয়োজনত পিন্ধি থকা ফ্ৰকটোৱে যে কিমান বস্তু কঢ়িয়ালে তাৰ ঠিকনা নাই। আনকি এনেকৈয়ে বিভিন্ন ফলমূল গোটাই লৈ স্কুলত সখীসকলৰ লগত ভগাই খাইছিলোঁ। তেতিয়াৰ দিনত আজিকালিৰ দৰে চিপছ্‌, চকলেটৰ পয়োভৰ দেখা নগৈছিল। সেয়ে যাৰ ঘৰত যি বস্তু আছিল সেয়া সমনীয়াক দিবলৈ সকলোৱে ভাল পাইছিল। এনেকৈ লগে-ভাগে খাওঁতে নিজে বেয়া পোৱা বস্তুবোৰো বৰ  ভাল লাগিছিল। উদাহৰণস্বৰূপে, মই কেঁচা চানা খায় বৰ ভাল নাপাইছিলোঁ যদিও হাইস্কুলত পঢ়ি থকাৰ দিনত বিদ্যালয়ৰ ওচৰতে থকা দাইদৌৰ দোকানৰ চানাকেইটাৰ সোৱাদ অপূৰ্ব আছিল। বিদ্যালয়ৰ সহপাঠীসকলে তেওঁলোকৰ ঘৰত হোৱা ফলমূল কোনে কোন দিনা আনিব, নিমখ জলকীয়া কোনে আনিব সেয়া আগতেই ঠিক কৰা হৈছিল। তেনেদৰে প্ৰত্যেকেই কিবা নহয় কিবা প্ৰকাৰে নিজৰ অংশ আদায় কৰিছিল। এনেবোৰ কামৰ বাবে আটাইতকৈ উপযুক্ত সময় আছিল বিদ্যালয়ৰ জিৰণিৰ সময়ছোৱা। আগদিনাৰ মৌখিক তালিকাখনেই পিছদিনাৰ কামটো সম্পূৰ্ণ কৰাত সহায় কৰিছিল। তাৰ উপৰিও বিদ্যালয়ৰপৰা ঘৰলৈ ঘূৰি আহোঁতে কাৰ কাৰ বাৰীত পিটপিটাই ফুৰিছিলোঁ তাৰো কোনো হিচাপ নাছিল। মুঠতে আমি একপ্ৰকাৰৰ স্বাধীনতা উপভোগ কৰিছিলোঁ; যিটো আজি আমাৰ সন্তানে উপভোগ কৰাৰ অলপো সুবিধা পোৱা নাই। কিয়নো আজিকালি আমাৰ অভিভাৱকসকলে (বিশেষকৈ ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহৰ ) সন্তানক বিভিন্ন ঠাইলৈ অকলে যাবলৈ নিদি নিজেই অনা-নিয়া কৰে। সিহঁতক লগ সমনীয়াৰ লগত যাবলৈ দিলেও একপ্ৰকাৰ নিৰাপত্তাহীনতাত ভোগে। যিটোৱে আমাৰ শৈশৱৰ ওলোটা ছবি এখনহে দাঙি ধৰে। তদুপৰি নিজ ইচ্ছামতে যিকোনো ঠাইলৈ যোৱাৰ স্বাধীনতা একেবাৰে নোহোৱা হোৱাৰ বাবেই আজিৰ ল’ৰা-ছোৱালীৰ বুদ্ধিমত্তাৰ বিকাশতো ইয়াৰ প্ৰভাৱ পৰিছে৷ এই ক্ষেত্ৰত অৱশ্যে আজিৰ সমাজ ব্যৱস্থা আৰু পৰিবেশৰো প্ৰভাৱ একেষাৰে নুই কৰিব নোৱাৰি। সমাজত অপৰাধ আৰু অপৰাধীৰ সংখ্যা বঢ়াৰ বাবেও অভিভাৱকসকলে এনে পদক্ষেপ ল’বলৈ বাধ্য হৈছে। পৰিৱৰ্তনশীল সময়ত এই পৰিৱৰ্তন স্বাভাৱিক বুলিয়ে সকলোৱে গ্ৰহন কৰিছে। ল’ৰা-ছোৱালীৰ আজৰি পৰৰ কামবোৰটো ৰূপান্তৰৰ  প্ৰলেপ পৰিছে। আমি আজৰি পৰত খেলা কুটকুট, কাবাডী, ৰজাই হুকুম দিছে, লুকা-ভাকু, দৰা-কইনা আদি 

বিভিন্ন খেল-ধেমালিয়ে আমাৰ শাৰীৰিক 

মানসিক স্বাস্থ্য অটুত ৰখাৰ উপৰিও সামাজিকীকৰণতো আমাক সহায় কৰিছিল বুলি আজি অনুভৱ কৰিছোঁ। কাৰণ প্ৰতিটো দলত থকা বন্ধু-বান্ধৱী বা ভাইটি-ভন্তী বা দাদা-বাইদেউহঁতৰ লগত মিলিজুলি খেলিলেহে পাছতো খেলিবলৈ পাম সেই কথা সকলোৱে বুজি পাইছিলোঁ। আনহাতে ঘৰৰ ভিতৰতে বহি খেলিব পৰা খেলসমূহৰ ভিতৰত বিভিন্ন বৰ্ণৰ ঠাইৰ নাম, জীৱ-জন্তু, চৰাই, মানুহৰ নাম, ফলমূল আদিৰ নাম লিখিব লগা খেলবিধে আমাৰ শব্দভাণ্ডাৰ বৃদ্ধি কৰাৰ উপৰিও জ্ঞান, বোধ, প্ৰয়োগৰ দৰে প্ৰজ্ঞানাত্মক বিকাশতো সহায়ক হৈছিল বুলি এতিয়াহে বুজি পাইছোঁ। ইয়াৰ বাহিৰেও আন বহুতো খেল-ধেমালি আছিল যদিও আটাইবোৰৰ বিষয়ে এই লেখাত উল্লেখ কৰাটো সম্ভৱ নহয়। কাৰণ মই বেলেগ এটা দৃষ্টিকোণৰ পৰাহে কথাখিনি বুজাব বিচাৰিছোঁ।

 

 আমাৰ ল’ৰালি কালত আজিৰ দৰে দূৰদৰ্শন বা ম’বাইলৰ ব্যৱহাৰ নাছিল বাবে আমি কিতাপ পঢ়াৰ অভ্যাস গঢ়াৰ সুবিধা পাইছিলোঁ। অৱশ্যে বহুত পঢ়িছিলোঁ বুলি বা আজিৰ প্ৰজন্মই একেবাৰে নপঢ়ে বুলিও মই ক’বলৈ যোৱা নাই ৷

      আমি আজৰি সময়ত খেলা-ধূলাৰ উপৰিও ওচৰ চুবুৰীয়া বা চিনাকি লোকৰ সৈতে বিভিন্ন কিতাপ আদান-প্ৰদান কৰিছিলোঁ। তাৰ ভিতৰত ৰহস্য উপন্যাস (ৰঞ্জু হাজৰিকাদেৱৰে আটাইতকৈ বেছি ), বিভিন্ন চিৰিজ যেনে-ভাস্কৰ চিৰিজ ,জেচন চিৰিজ, জিতু -নিতুৰ চিৰিজ, নাগৰাজ, চন্দামামা , চাচা চৌধুৰী, টিংকল, অমৰ চিত্ৰ কথাৰ লগতে অকনিৰ সচিত্ৰ  মহাভাৰত, ৰামায়ন আদিয়ে প্ৰধান আছিল। অৱশ্যে মা-দেউতাই বহু কিতাপ কিনিও দিছিল। মোৰ জীৱনৰ প্ৰথমখন সাধু কিতাপ আছিল ‘মধুসুদন মামা’। এই কিতাপখনত “বিশ্বাসে মিলয় হৰি,তৰ্কে বহু দূৰ “- এই কথাষাৰকেই যেন বুজাব বিচাৰিছিল। অৱশ্যে সেই সময়ত এই কথা বুজিব পৰাকৈ ময়ো পৰিপক্ব নাছিলোঁ। এতিয়াহে কথাষাৰ উপলব্ধি কৰিব পাৰিছোঁ। তাৰ লগতে ককা-আইতাৰ মুখেৰে সাধু শুনাৰ মাদকতা আছেই। গৰমদিনত চোতালত বহি আইতাৰ বিচনিৰ বা লৈ শুনা সাধুবোৰে কেতিয়াবা ভয়, কেতিয়াবা আনন্দৰ মিশ্ৰিত আৱেগৰ সৃষ্টি কৰিছিল। এই কথা শুনোতাইহে অনুভৱ কৰিব পাৰিব। সেই সময়ত আমি আত্মকেন্দ্ৰিক হৈ থকাৰ সুবিধা পোৱা নাছিলোঁ। ঘৰখনৰ ল’ৰা-ছোৱালীবোৰে ইটোৱে সিটোৰ কথা শুনিবলৈ বাধ্য আছিল। আমাতকৈ আগৰ প্ৰজন্মৰপৰা শুনা মতে তেওঁলোকৰ ল’ৰালি কালত একেখন থালতে ঘৰখনৰ আটাইকেইটা ল’ৰা-ছোৱালীলৈ ভাত বাঢ়ি থৈছিল আৰু প্ৰত্যেকেই নিজে ভালদৰে খায় আনজনৰ বাবেও থৈ গৈছিল। কিন্তু আজি ইয়াৰ সম্পূৰ্ণ ওলোটা ছবি এখনহে দেখা পোৱা যায়। ভাল ভাল বস্তুবোৰ কেনেকৈ নিজৰ বাবে ৰাখিব পাৰে তাৰহে যেন প্ৰতিযোগিতা চলে। ঘৰ এখনত প্ৰতিজন সদস্যই এজনে আনজনৰ লগত কথা এষাৰ পাতিবলৈয়ো যেন আজি সময়ৰ অভাৱ। ককাক আইতাকৰ কথা নকওঁৱে। তেওঁলোকৰ মৰমৰ সোৱাদ কেনে আজিৰ প্ৰজন্মই নাজানে। মোৰ মনত পৰে, গৰমৰ দিনবোৰত আইতাৰ লগত শুবলৈ কৰা কাজিয়াবোৰৰ কথা। ভাইটি-ভন্টীহঁতেও আইতাৰ লগত শুবলৈ ভাল পাইছিল বাবেই এই কাজিয়া সৃষ্টি হৈছিল। কাৰণ আইতাই গোটেই ৰাতি বিচনি মাৰি আমাক শুৱাই থৈছিল। অৱশ্যে সেই সময়ত আমি যে স্বাৰ্থপৰ আছিলোঁ তেনে অনুভৱ এটাই আজি বৰকৈ আমনি দি থাকে ৷

 

২০২০ চনৰ ২৩ জানুৱাৰী তাৰিখে গুৱাহাটীত সংঘটিত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণত জীৱন্তে দগ্ধ হৈ মৃত্যুবৰণ কৰা কণমানি দুটিৰ কথাবোৰ বাতৰিত দেখি শুনি বৰ দুখ লাগিছিল। লগতে এই ঘটনাই আমাক দি গ’ল অনেক শিকনি। প্ৰথমে নাতিয়েক আইতাকৰ সম্পৰ্কক লৈয়ো অনেকেই আঙুলি টোঁৱাইছিল যদিও পাছত আচল কথাটো আমি গম পাইছিলোঁ। আত্মকেন্দ্ৰিকতা আঁতৰাই পৰিয়ালৰ  সদস্যসকলৰ লগতে ওচৰ চুবুৰীয়াৰ লগতো ভাল সম্পৰ্ক ৰক্ষা কৰাটো আমাৰ বাবে অতি প্ৰয়োজনীয় ৷ সেই ক্ষেত্ৰত মাক-দেউতাকৰ লগতে পৰিয়ালৰ সকলোৰে যথেষ্ট কৰণীয় আছে বুলি মই ভাবোঁ ৷ অমাৰ ফকৰা যোজনাত এনেয়ে নকয় “ওলায়ে দেখিবা যাক ,শতৰু নুবুলিবা তাক।” আনসময়ত নহ’লেও উৎসৱ-পাৰ্বনৰ সময়ত সকলোৱে একত্ৰিত হৈ সৰুৱে ডাঙৰক উপযুক্ত সন্মান আৰু ডাঙৰে সৰুক মৰমেৰে আশীৰ্বাদ দিলেহে নতুন প্ৰজন্মই ইয়াক হৃদয়ঙ্গম কৰিব পাৰিব। তেনেদৰে ওচৰ চুবুৰীয়াৰ লগতো সদ্ভাৱ ৰাখিবলৈ নৱপ্ৰজন্মক উৎসাহিত কৰিব লাগে। আমাৰ দিনত বিহুৰ সময়ত আমি ওচৰ চুবুৰীয়া ল’ৰা-ছোৱালীবোৰে মিলি হুঁচৰি গোৱা, ফাকুৱাৰ সময়ত ফাকুৱাৰ ৰঙৰ লগত আটা আৰু হালধি মিহলাই বেছি কৰি খেলিবলৈ দৌৰিছিলোঁ। মায়ে এবাৰ বিহু মাৰিবলৈ যাবলৈ নিদিয়াত কাপোৰ নি আনৰ ঘৰত নাচনী সাজি বিহু মাৰিছিলোঁ। এনেবোৰ মাধ্যমেৰে আমাৰ স্ফূৰ্তিৰ যেন অন্ত নাছিল। তেনেদৰে কোনে কিমান সৰুতেই চাইকেল চলাবলৈ শিকিব পাৰে তাৰো যেন অঘোষিত প্ৰতিযোগিতা চলিছিল। মই নিজে দ্বিতীয় নে তৃতীয়মান শ্ৰেণীৰপৰা পুৰুষৰ চাইকেলখন  হাফ পেদেল মাৰি চলাবলৈ শিকিছিলোঁ। সেই সময়ত আমাৰ এখন গেলামালৰ দোকান আছিল। মোৰ চাইকেল শিকনত সহায় কৰিছিল সেই সময়ত আমাৰ দোকানলৈ অহা চাইকেল আৰোহী গ্ৰাহকসকলে। তেওঁলোকে দোকানত কিনিবলগীয়া বস্তুৰ তালিকা দিলে কি নিদিলে, মই চাইকেল লৈ উধাও। পাছত চাইকেল বিচাৰি এক হাহাকাৰ অৱস্থা। কিমান দিন যে এই কাৰণে পিটন খাইছোঁ তাৰ হিচাপ কৰিবলৈ বাদ দিলোঁ। কিন্ত আজিকালি গ্ৰাম্যাঞ্চলৰ কিছু সংখ্যকে আৰু নগৰীয়া লোকসকলৰ বেছিভাগে সন্তানক সৰুতে চাইকেল কিনি দিয়ে। পিছে তেওঁলোকৰ সন্তানৰহে চাইকেল চলোৱাৰ সময় আৰু আনন্দ উপভোগৰ মানসিকতা বৰ কম থাকে। বেছিভাগ ল’ৰা-ছোৱালীয়ে (মোৰ সন্তানো ব্যতিক্ৰম নহয়) টিভি বা ম’বাইলত ব্যস্ত হৈ থাকে। খেলাৰ লগৰীয়া পালেও কথা পতাৰ আগ্ৰহ নেদেখুৱায়। শাৰিৰীক ব্যায়ামৰ প্ৰতিও একপ্ৰকাৰ অনীহা প্ৰকাশ কৰে। সন্তান বাহিৰত খেলি থাকিলে বিপদ হোৱাৰ আশংকাত পিতৃ-মাতৃয়েও সন্তানক ঘৰতে এনেদৰে ব্যস্ত হৈ থাকিলে বেয়া নাপায় যেন লাগে। অৱশ্যে গাঁও  অঞ্চলৰ পৰিবেশ এইক্ষেত্ৰত কিছু পৰিমানে ভাল হৈ আছে যেন লাগে। নগৰতকৈ গাঁৱৰ ল’ৰা-ছোৱালীবোৰ কিছুমান খেলৰ প্ৰতি অধিক আগ্ৰহী। নগৰৰ কিছুসংখ্যক অভিভাৱকে অৱশ্যে খেল-ধেমালিৰ প্ৰতি আগ্ৰহী হৈ সন্তানকো আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে। ল’ৰা-ছোৱালীৰ সৰ্বাংগীন বিকাশত খেল-ধেমালিৰ উল্লেখযোগ্য ভুমিকা আছে। সুস্বাস্থ্যৰ বাবে শৰীৰ আৰু মন দুয়োটা স্বাস্থ্যবান হোৱাটো অতি প্ৰয়োজনীয় বুলি আমি সকলোৱে জানো। যেনেদৰে সুস্থ বীজৰপৰাহে স্বাস্থ্যবান উদ্ভিদৰ অংকুৰণ হ’ব পাৰে, তেনেদৰে সুস্থ দেহ আৰু মনৰ সন্মিলিত প্ৰচেষ্টাতহে শিশু এটিয়ে ভৱিষ্যতৰ সুনাগৰিকৰূপে নিজকে গঢ়ি তুলিব পাৰে ৷

 

      আজিকালি অৱশ্যে সকলো লোকৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে। যোগ, ব্যায়াম ,বিভিন্ন ধৰণৰ খেল-ধেমালি, বিভিন্ন সমৰকলাৰ অণুশীলনৰ লগতে নৃত্যৰ দৰে সুকুমাৰ কলাৰ বিকাশত বহু ল’ৰা-ছোৱালী ব্যস্ত হৈ থকাটো শুভ লক্ষণ ৷

 

    তদুপৰি আমাৰ শৈশৱকালৰ তুলনাত আজি আমাৰ সন্তানে বিভিন্ন ধৰণৰ সম্পৰ্কৰ মাদকতা উপলব্ধি কৰাত ব্যৰ্থ হৈছে যেন লাগে। আমি আমাৰ অঞ্চলৰ প্ৰতিজন জেষ্ঠ ব্যক্তিকে আমাৰ অভিভাৱক বুলি ভাবিছিলোঁ। তেওঁলোকৰ সন্মুখতো কোনো দোষণীয় কাম কৰাৰ সাহস কৰিব নোৱাৰিছিলোঁ। কাৰণ আমাৰ মা-দেউতাই আমাতকৈ তেখেতসকলকহে বেছি বিশ্বাস কৰিছিল। কিন্তু  আজি সম্পূৰ্ণ এখন বিপৰীত ছবিহে দেখা যায়। মোৰ সন্তানৰ বেয়া দেখি কোনোৱে যদি মোক কিবা কয়, তেন্তে মই ভাবিম “তেওঁ মোৰ সন্তানৰ ভাল হোৱাতো নিবিচাৰে নাইবা মোক ঈৰ্ষা কৰে। সেয়ে এনেকৈ কৈছে ৷” ফলত উদণ্ড সন্তানে কাকো কেৰেপ নকৰা হয়৷ আনকি বৃদ্ধকালত মাক-দেউতাকো সিহঁতৰ বাবে এক বব নোৱৰা বোজা হৈ পৰে। যি মাক-দেউতাকে নিজৰ কান্ধ বেঁকা হৈ যোৱাকৈ ভাৰ বৈ সিহঁতক পোনকৈ থিয় দি থকাত সহায় কৰিলে, সেয়া অনুভৱ কৰিবলৈ অনুভৱী অন্তৰবোৰো যেন আজি শিলৰ দৰে কঠিন হ’ল। অৱশ্যে ব্যতিক্ৰম ইয়াতো আছে। সেই সুসন্তাসকলৰ বাবেই আজিও পৃথিৱীখন সুন্দৰ হৈ আছে ৷

     

এনেদৰে ল’ৰালিৰ সুবাস বুটলোঁতে অকস্মাৎ আহি পৰা দুৰ্গন্ধৰ বাবে সমগ্ৰ চৌপাশকে জগৰীয়া কৰা যায়। সেয়ে সকলোৰে বাবে এক সুবাসিত অতীত এৰি থৈ যাব পৰাকৈ আমাৰ মনবোৰত আৱৰ্জনা জমা হ’বলৈ নিদি পূৰ্বৰ সুসংস্কাৰবোৰ পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কৰোঁ আহকচোন

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!