কুঁহিলা শিল্পী কৰেন মালাকাৰৰ সাক্ষাৎকাৰ
লেখক- শ্ৰী ৰীতাঞ্জলি ৰাজবংশী
‘ সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সাক্ষাৎকাৰটিৰ বাবে লগ ধৰা হৈছিল কুঁহিলা শিল্পী কৰেন মালাকাৰ ডাঙৰীয়া’ক । কুঁহিলা শিল্পী শ্ৰী কৰেন মালাকাৰৰ জন্ম ধুবুৰী জিলাৰ গৌৰীপুৰত ।তেওঁৰ দেউতাক প্ৰয়াত সুধীৰ চন্দ্ৰ মালাকাৰ আৰু মাক প্ৰয়াত যশোদা মালাকাৰ ।পৰম্পৰাগত বৃত্তি হিচাপে কুঁহিলা শিল্পক আকোঁৱালি লোৱা মালাকাৰ ডাঙৰীয়াই ২০০৩ চনত ৰাজ্যিক শিল্পী বঁটা লাভ কৰে । দিল্লী ,হাৰিয়ানা আদিকে কৰি দেশৰ বিভিন্ন ঠাইত তেওঁ কুঁহিলা শিল্প প্ৰদৰ্শন কৰি আহিছে ।উল্লেখযোগ্য যে মালাকাৰ দেৱৰ দেউতাকে কুঁহিলা শিল্পৰ ক্ষেত্ৰত দেখুওৱা দক্ষতাৰ বাবে চৰকাৰৰ ফালৰ পৰা বিদেশতো যোৱাৰ সুযোগ পাইছিল ।
‘সাহিত্য ডট অৰ্গ’ৰ হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ই-আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰী ৰীতাঞ্জলি ৰাজবংশীয়ে। সম্পাদকে অনুলেখন আৰু বৰ্ণাশুদ্ধি নিবাৰণ কৰা এই সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে অসমীয়াত কথা বতৰা’ গোটৰ সদস্য ডাঃ হিতেশ্বৰ শৰ্মা আৰু ডঃ দীপজ্যোতি বৰাই।
সাহিত্য ডট অৰ্গ – নমস্কাৰ দাদা ।সাহিত্য ডট অৰ্গৰ মজিয়ালৈ আপোনাক স্বাগতম জনাইছোঁ ।প্ৰথমেই আমি জানিব খুজিম আপোনাৰ কিমান পুৰুষ ধৰি এই শিল্পত জড়িত বা এই শিল্পৰ লগত আপুনি কেনেকৈ কেনেকৈ জড়িত হৈ পৰিল ?
কৰেন মালাকাৰ :- নমস্কাৰ । সৰুৰে পৰা ঘৰখনত কুঁহিলা শিল্প দেখি আহিছো। মোৰ ,মা দেউতা ,ককা ,আজোককা সকলোৱে এই শিল্পৰ লগত জড়িত ।মোৰ দেউতা এই কুঁহিলা শিল্পৰ বাবেই বিদেশলৈ গৈছিল। এই বোৰ সৰুৰেপৰা দেখি কুঁহিলাৰে গঢ়া সামগ্ৰী বোৰলৈ মোৰ আগ্ৰহ জন্মিছিল ।মোৰো মন গৈছিল দেউতাৰ দৰে এদিন দেশ বিদেশলৈ যাম । দেশ বিদেশত কুঁহিলা শিল্পক চিনাকি কৰাই দিম। এনেদৰেই দেখি শুনি সৰুৰে পৰাই কুঁহিলা শিল্পৰ লগত জড়িত হৈ পৰিলোঁ।
সাহিত্য ডট অৰ্গ :- এই কুহিলা শিল্প আগতে ৰজা/জমিদাৰৰ পৃষ্ঠপোষকতাত আছিল নেকি ?
কৰেন মালাকাৰ – হয়। আগতে ৰজা মহাৰাজ আৰু জমিদাৰৰ পৃষ্ঠপোষকতাত কুঁহিলা শিল্প ঠন ধৰি উঠিছিল।ৰজাঘৰৰ পূজা পাঠ আৰু ধৰ্মীয় অনুষ্ঠান সমূহত কুঁহিলাৰে নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল ।
সাহিত্য ডট অৰ্গ – অসম, পশ্চিমবঙ্গ আৰু উৰিষ্যাৰ কুঁহিলা শিল্পৰ মাজত কিবা তাৰতম্য আছে নেকি ?
কৰেন মালাকাৰ – অসম ,বংগ আৰু উৰিষ্যাত কুঁহিলা শিল্পৰ প্ৰচলন অতীজৰে পৰা চলি আহিছে । তিনিও স্থানৰ শিল্পৰ মাজত বিশেষ তেনে তাৰতম্য নাই । পশ্চিমবঙ্গত সাধাৰণতে দূৰ্গা পূজাৰ সময়তহে কুঁহিলাৰ সামগ্ৰী গঢ়া হয় ।আমাৰ অসমত বিশেষ সময় নাই। বিভিন্ন সময়ত আমি কুঁহিলাৰে সামগ্ৰী তৈয়াৰ কৰো । কুঁহিলা শিল্পত যিবোৰ ৰং ব্যৱহাৰ কৰা হয় সেইবোৰ অসমত প্ৰাকৃতিকভাবে বনাই লোৱা হয় ।কিন্তু আন ঠাইত ‘আৰ্টিফিচিয়েল’ ৰং ব্যৱহাৰ কৰে ।
সাহিত্য ডট অৰ্গ – বৰ্তমান আশাৰিকান্দি গাঁৱৰ “টেৰাকোটা ” শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰ বিভিন্ন মহলত হোৱাৰ ফলত সেই শিল্পৰ বজাৰ সম্প্ৰসাৰিত হোৱাৰ লেখিয়াকৈ কুঁহিলা শিল্পৰ সাম্প্ৰতিক ব্যৱসায়িক স্থান কি ?
কৰেন মালাকাৰ – আশাৰীকান্দিৰ দৰে বিভিন্ন মহলত কুঁহিলা শিল্পই প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰা নাই ।মৃৎ শিল্পৰ বাবে যি মাটিৰ দৰকাৰ সেয়া সহজে পোৱা যায় । কিন্তু কুঁহিলা সহজতে পোৱা নাযায় ।ইয়াৰ বাবে খেতি কৰিব লাগে ।আগতে স্থানীয় ভাবে খেতি কৰা হৈছিল যদিও এতিয়া বাওধানৰ খেতি কৰাৰ ফলত কুঁহিলা খেতি কৰাৰ ক্ষেত্ৰত বাধা আহি পৰে ।বেছি দাম দি কুঁহিলা ক্ৰয় কৰাও সম্ভৱ নহয় । আৰু ক্ৰয় কৰি সামগ্ৰী গঢ়িলেও বিক্ৰী কম । বিশেষ ধৰ্মীয় অনুষ্ঠান ,উৎসৱ পাৰ্বণ প্ৰয়োজন সাপেক্ষেহে কুঁহিলাৰ সামগ্ৰী মানুহে বিচাৰে ।ফলত এই শিল্পত জড়িত লোকসকলে জীৱন ধাৰণৰ বাবে অন্য বৃত্তিৰ প্ৰতি আগবাঢ়ি গৈছে ।ফলত ইয়াৰ ব্যৱসায়িক ভিত্তিও কমি গৈছে ।
সাহিত্য ডট অৰ্গ – এই লুপ্তপ্ৰায় শিল্পৰ সংৰক্ষণৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি ?
কৰেন মালাকাৰ – নাই, তেনেকৈ বিশেষ ব্যৱস্থা লোৱা হোৱা নাই । বিভিন্ন সময়ত বিভিন্ন লোকে প্ৰয়োজন অনুসৰি সামগ্ৰী সমূহ ক্ৰয় কৰি নিজাকৈ সংগ্ৰহ কৰি ৰাখিছে ।কিন্তু স্থায়ী ভাৱে কোনো সংগ্ৰাহালয়ৰ ব্যৱস্থা কৰা হোৱা নাই ।চৰকাৰে পদক্ষেপ ল’লে নিশ্চয় সংৰক্ষণ কৰা যাব ।মই নিজেও ব্যক্তিগত ভাবেও সংৰক্ষণ কৰিব পৰাকৈ আৰ্থিক ভাবে টনকিয়াল নহয়।
সাহিত্য ডট অৰ্গ – সাম্প্ৰতিক সময়ত এই শিল্পৰ লগত জড়িত পৰিয়াল কিমান আছে ? অকল এই শিল্পৰ উৰ্পাজন পৰিয়ালৰ পোহপালৰ বাবে পৰ্যপ্ত হয় নে ?
কৰেন মালাকাৰ :- সাম্প্ৰতিক সময়ত গৌৰিপুৰত কেৱল মইয়েই আছো। কিন্তু ওচৰৰ দেৱত্তৰ গাৱঁত প্ৰায় ২০০/মান পৰিয়াল এই শিল্পৰ লগত জড়িত হৈ আছে ।
এই শিল্পৰ পৰা যি উপাৰ্জন হয় সেয়া পৰিয়াল পোহপালৰ বাবে যথেষ্ঠ আছিল ।কিন্তু আজিৰ সময়ত যিহেতু কুঁহিলাৰ প্ৰচলন লাহে লাহে কমি আহিছে সেয়ে উৰ্পাজনো কমি গৈছে ।আগতে ঘৰ সজোৱা সামগ্ৰী হওক বা উপহাৰ বা সৰু ল’ৰা ছোৱালীৰ খেলনাৰ ভিতৰত এই কুঁহিলাৰে নিৰ্মিত সামগ্ৰীয়ে স্থান পাইছিল ।আজিকালি পিছে প্লাষ্টিক আৰু চাইনিজ সামগ্ৰীয়ে সেই স্থান ল’লে। ফলত বিক্ৰী কমি গ’ল ।লগতে উৎপাদনো কমি গ’ল ।কুঁহিলা শিল্পী সমূহৰো আগ্ৰহ কমি গ’ল ।ঘৰ সংসাৰ চলাবৰ বাবে তেওঁলোক আন বৃত্তিৰ প্ৰতি আগুৱাই গ’ল ।সেয়ে আজিৰ দিনত যদি চাহিদা থাকিলহেতেন, তেন্তে অকল কুঁহিলাৰে উপাৰ্জন কৰি ঘৰ চলোৱাও সম্ভৱ হ’ল হ’লহেতেন । ।
সাহিত্য ডট অৰ্গ :- কুঁহিলা শিল্পীসকলে চৰকাৰৰ তৰফৰ পৰা শিল্পী পেঞ্চন পাবলৈ সক্ষম হৈছে নে ?
কৰেন মালাকাৰ – মোৰ ককাই শিল্পী পেঞ্চন পাইছিল যদিও মা দেউতা আৰু আন আন শিল্পী সকলে শিল্পী পেঞ্চন পোৱা নাই ।
সাহিত্য ডট অৰ্গ :- এই মৃতপ্ৰায় শিল্পৰ বিকাশৰ বাবে স্থানীয় কোনো সংগঠন বা কোনো সৰবৰাহী লোক আগবাঢ়ি আহিছে নেকি ?
কৰেন মালাকাৰ :- স্থানীয় সংস্থা বুলি কলে ২০০২ চনত এখন হস্ততাত সমবায় সমিতি আছিল ।যিয়ে এই শিল্পৰ বাবে যথেষ্ট সহায় সহযোগ আগবঢ়াইছিল ।যাৰ সহায়ত মই দিল্লী ,হাৰিয়ানা আদি ঠাইত গৈ বিভিন্ন অনুস্থানত ভাগ লৈছিলো ।কুঁহিলা সামগ্ৰীসমূহ বাহিৰলৈ নি প্ৰদৰ্শন তথা বিক্ৰীৰ সুযোগ পাইছিলো । কিন্তু ২০১৯চনত কৰণাৰ সময়ত এই সমিতি খন বন্ধ হৈ পৰে ।বৰ্তমান “ভয়েচ অৱ কোচ ” বুলি এখন সমিতিৰ সভাপতি যতিন্দ্ৰ প্ৰমোদ জৈন ডাঙৰীয়াই এই ক্ষেত্ৰত আগভাগ লৈছে ।তেওঁৰ সহযোগত স্থানীয় কলেজ সমূহত কৰ্মশালা আদি কৰাৰ সুযোগ পাইছো ।
বিশেষ ব্যক্তি বুলি কলে সৰুপেটাৰ বি.এইচ.ভি কলেজৰ অধ্যক্ষ ড° নয়নজ্যোতি দাস ডাঙৰীয়াই বিশেষ ভাবে সহায়ৰ হাত আগবঢ়াইছে ।তেওঁ নিজৰ মহাবিদ্যালয়ৰ সংগ্ৰাহলয়ত কুঁহিলাৰ
সামগ্ৰী সমূহ সংৰক্ষণৰ দিহা কৰিছে ।সময়ে সময়ে সামগ্ৰী ক্ৰয় কৰি আৰ্থিক ভাবেও তেওঁ সহায় আগবঢ়াইছে ।লগতে বিভিন্ন অনুস্থান প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰি কুঁহিলা শিল্পক আগুৱাই নিয়াৰ বাবে সহযোগ কৰি আছে ।
সাহিত্য ডট অৰ্গ -: চৰকাৰৰ পৰা কোনো অনুদান লাভ কৰিছে নেকি?
কৰেন মালাকাৰ :- বৰ্তমান চৰকাৰৰ ফালৰ পৰা বিশেষ অনুদান লাভ কৰা নাই । সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত এককালিন পঞ্চাছ হেজাৰ টকাৰ অনুদান লাভ কৰিবলৈ সক্ষম হৈছিলো ।বৰ্তমান সময়ত এবাৰ “skill and development ” ৰ ফালৰ পৰা এখন পচিশ দিনীয়া কৰ্মশালা কৰাৰ সুযোগ পাইছিলো । লগতে ধুবুৰী জিলা হস্তকলা কেন্দ্ৰৰ পৰা যোৱা বছৰ মহাবিদ্যালয় দুই এখনত কৰ্মশালা কৰাৰ সুযোগ পাইছো ।কিন্তু আৰ্থিক অনুদান পোৱা নাই ।
সাহিত্য ডট অৰ্গ :- চৰকাৰ বা জনসাধাৰণৰ প্ৰতি আপোনাৰ কিবা আবেদন আছে নেকি ?
কৰেন মালাকাৰ – জনসাধাৰণ লৈ আমাৰ বিনম্ৰ অনুৰোধ যাতে তেওঁলোকে পূজা পাৰ্বন , বিয়া সবাহ আদিত প্লাষ্টিক বা থাৰ্মকল ৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰিবৰ্তে কুঁহিলাৰ সামগ্ৰী ব্যৱহাৰ আৰম্ভ কৰে আৰু চৰকাৰলৈ আমাৰ অনুৰোধ যিহেতু অসমত এতিয়া কুঁহিলা ৰ নাটনি হৈছে পশ্চিম বংগ ৰ পৰা কুঁহিলা সুলভ মূল্যত লাভ কৰাৰ ব্যবস্থা গ্ৰহণ কৰে আৰু কুঁহিলা শিল্পৰ সৈতে জড়িত পৰিয়াল সকলক আৰ্থিক অনুদান প্ৰদান কৰে যাতে মৃত্যুমুখী এই শিল্প উদ্যোগ টো জীয়াই ৰাখিব পৰা যায়।
সাহিত্য ডট অৰ্গ :- কুঁহিলা শিল্পই কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে? এই সমস্যাসমূহ কেনেদৰে আৰু ইয়াৰ সমাধান কৰিব পাৰি?
কৰেন মালাকাৰ :- কুঁহিলা শিল্পৰ মূল প্ৰত্যাহ্বান হ’ল কেচাঁমালৰ অভাৱ ।কুঁহিলাৰ খেতি কৰাৰ সময়ত আমি বাওধানৰ খেতি কৰা আৰম্ভ কৰিলো ।যিহেতু অকল কুঁহিলাৰে এখন ঘৰ চলিব নোৱাৰি সেয়ে খেতি কৰা বন্ধ কৰা হ’ল ।প্ৰয়োজনত উচ্চ দামত কুঁহিলা কিনিব লগা হয় । তাৰ ওপৰি উঠি অহা প্ৰজন্মৰ আগ্ৰহৰ অভাৱ , আধুনিক বজাৰত যোগাযোগৰ অভাৱ এই সকলোবোৰৰ বাবেই লাহে লাহে কুঁহিলা শিল্প লোপ পাবলৈ ধৰিছে ।পৰম্পৰাগত বৃত্তি হিচাবে মুষ্টিমেয় মানুহে শিল্পটোক আগবঢ়াই লৈ আছে যদিও সেয়া যথেষ্ট নহয় ।প্ৰায় সংখ্যক শিল্পীৰেই আৰ্থিক দিশ দুৰ্বল ।নিজাকৈ আগ্ৰহ থাকিলেও অৰ্থৰ অভাৱত বা পৰিয়ালৰ পোহপালৰ বাবে বেলেগ কামৰ বাবে ওলাই যাব লগা হৈছে ।
এই সমস্যা সমূহৰ সমাধানৰ বাবে আমাক লাগিব পৰ্য্যাপ্ত কেঁচামাল , উৎপাদন আৰু বিতৰণৰ বাবে বজাৰ আৰু উঠি অহা ন- প্ৰজন্মৰ আগ্ৰহ। কুঁহিলা শিল্পৰ প্ৰচাৰ বিশ্বব্যাপি হব লাগিব ।চৰকাৰে উপযুক্ত আচনিৰ জৰিয়তে কুঁহিলা উৎপাদনৰ ব্যৱস্থা কৰিলে আমাৰ শিল্পীসকল আগবাঢ়ি আহিব । চাইনিজ সামগ্ৰীৰ পৰিৱৰ্তে স্থানীয় শিল্প সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি হ’লে বিক্ৰী বাঢ়িব আৰু শিল্পী সকলৰো উপাৰ্জন বাঢ়িব ।ফলত আৰ্থিক অনাটনত ভোগা এই সকল শিল্পীৰ অভাৱ দূৰ হ’ব ।তেওঁলোকে অন্য বিকল্প বৃত্তিৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰিব ।
সা.ডট.অগ -: কুঁহিলা শিল্পৰ ভৱিষ্যৎ কি ? আপুনি বিচাৰেনে আপোনাৰ সন্তানে এই শিল্পক আগুৱাই নিয়ক ?
কৰেন মালাকাৰ : কুঁহিলা শিল্পৰ ভৱিষ্যৎ খুবেই নিৰাশাজনক ।এনেদৰে যদি থাকে তেন্তে লাহে লাহে হয়তো এই শিল্পটো আমাৰ মাজৰ পৰা লুপ্ত হৈ পৰিব ।চৰকাৰ আৰু সংগঠন সমূহ আগবাঢ়ি আহিলে নিশ্চয় এই শিল্পটোক জীয়াই ৰাখিব পাৰিম ।
মই বিচাৰোঁ মোৰ সন্তান বা উঠি অহা নতুন প্ৰজন্ম আগবাঢ়ি আহক, এই শিল্পটোক আগুৱাই লৈ যাওক ।চৰকাৰ আৰু জনসাধাৰণৰ সদিচ্ছাৰ অবিহনে এইটো সম্ভৱ নহয় ।তাৰোপৰি আজিৰ এই যুগত কম আয়ৰ এই শিল্পটোৰ প্ৰতি আগ্ৰহ সকলোৰেই কমি গৈছে । তথাপিও মই আশা কৰোঁ কুঁহিলা শিল্প এদিন গোটেই বিশ্বতে উজ্বলি উঠিব ।
সাহিত্য ডট অৰ্গ – আপুনি আমাক আপোনাৰ কামৰ মাজতে ইমান সময় দিয়া বাবে ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো। কুঁহিলা শিল্পক লৈ আপোনাৰ যি সপোন সেয়া পূৰণ হ’ব বুলি আমিও আশা কৰিলো।
কৰেন মালাকাৰ – মোৰ মনৰ কথাখিনি কোৱাৰ সুযোগ দিয়া বাবে সাহিত্য ডট অৰ্গলৈ মোৰো ধন্যবাদ থাকিল।