গ্ৰন্থত মানৱ সমাজৰ বিৱৰ্তন
লেখক- অন্বেষা ফুকন
বিজ্ঞানীসকলৰ মতে আমাৰ গ্ৰহ পৃথিৱীৰ বয়স প্ৰায় ৪.৫ বিলিয়ন অৰ্থাৎ ৪৫০ কোটি বছৰ আৰু পৃথিৱীত জীৱনৰ উন্মেষ ঘটিছিল আজিৰ পৰা প্ৰায় ৩৮০ কোটি বছৰৰ আগেয়ে। এই দীঘলীয়া সময়ছোৱাৰ তুলনাত মানৱজাতিৰ পৰিক্ৰমা তেনেই চালুকীয়া বুলি ক’ব পাৰি। কাৰণ ২.৫ মিলিয়ন অৰ্থাৎ ২৫ লাখ বছৰৰ আগেয়েহে আফ্ৰিকাত আদিম মানৱে খোজ পেলাইছিল আৰু প্ৰস্তৰ যুগৰ আৰম্ভ হৈছিল। আধুনিক মানৱ প্ৰজাতি Homo sapiensৰ বিৱৰ্তন আৰম্ভ হৈছিল ২ লাখ বছৰৰ আগেয়ে পূৱ আফ্ৰিকাত। প্ৰকৃতাৰ্থত মানৱৰ বুদ্ধিমত্তা আৰু জ্ঞানৰ বৈপ্লৱিক বিকাশ— যাক গৱেষকসকলে Cognitive revolution আখ্যা দিছে— সেই বিপ্লৱৰ ইতিহাস আজিৰ পৰা প্ৰায় ৭০ হেজাৰ বছৰ পুৰণি।
আদিম যুগৰ পৰা আজিৰ গোলকীয় গাঁও পৰ্যায়লৈ মানৱ জাতিৰ বিৱৰ্তনৰ ইতিহাস অতি চিত্তাকৰ্ষক আৰু ভাৱোদ্দীপক। ইতিহাসবিদ য়ুভাল নোৱা হাৰাৰী (Yuval Noah Harari)য়ে মানৱ জাতিৰ বিৱৰ্তনক লৈ লিখা ‘Sapiens A Brief History of Humankind’ এখন বহুল পঠিত গ্ৰন্থ। তথ্যসমৃদ্ধতাৰ উপৰি সহজবোধ্য আৰু আকৰ্ষণীয় লিখনশৈলীৰ বাবে হাৰাৰীৰ প্ৰতিখন গ্ৰন্থই বিশ্বজুৰি পঢ়ুৱৈৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ‘Sapiens’ তাৰ ব্যতিক্ৰম নহয়।
হাৰাৰীৰ ‘Sapiens’খন প্ৰকাশ হৈছিল ২০১১ চনত। এটা কথা হয়তো আমাৰ বহুতৰেই অগোচৰ যে ‘Sapiens’ প্ৰকাশৰ সত্তৰ বছৰ আগেয়ে এজন বিচক্ষণ ভাৰতীয় বুৰঞ্জীবিদে খ্ৰীষ্টপূৰ্ব ছহেজাৰ বছৰৰ আগৰ পৰা আধুনিক যুগলৈকে মানৱ সমাজৰ ক্ৰমবিকাশৰ এক মনোৰম চিত্ৰ লিপিবদ্ধ কৰিছিল। ১৯৪১ চনত ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি হাজাৰীবাগ জেলত কাৰাৰুদ্ধ হৈ থকা সময়ত পণ্ডিত ৰাহুল সাংকৃত্যায়নে ৰচনা কৰিবলৈ আৰম্ভ কৰা এই গ্ৰন্থখন আছিল ‘ভলগা চে গংগা’ অৰ্থাৎ ‘ভলগাৰ পৰা গংগা’।
১৮৯৩ চনত উত্তৰ প্ৰদেশৰ (ইংৰাজ শাসনাধীন ভাৰতৰ উত্তৰ-পশ্চিম প্ৰদেশ) আজমগড়ত জন্মগ্ৰহণ কৰা সাংকৃত্যায়নৰ প্ৰকৃত নাম আছিল কেদাৰনাথ পাণ্ডে। বৌদ্ধ ধৰ্মৰ ভিক্ষুত্ব গ্ৰহণ কৰি তেওঁ ‘ৰাহুল সাংকৃত্যায়ন’ নাম লৈছিল। হিন্দী, পালি, প্ৰাকৃত, তিব্বতী, ভোজপুৰী আদি বিভিন্ন ভাষাত উপন্যাস, ব্যাকৰণ, শব্দকোষ, ভ্ৰমণকাহিনী, ৰাজনীতি, বিজ্ঞান, সাহিত্য, নাটক আদি বিবিধ বিষয়ৰ শতাধিক সাহিত্যকৃতিৰে মহিমণ্ডিত সাংকৃত্যায়ন আছিল এজন অক্লান্ত পৰিব্ৰাজক, বুৰঞ্জীবিদ, বৌদ্ধধৰ্ম আৰু দৰ্শন বিষয়ৰ খ্যাতিসম্পন্ন পণ্ডিত। ‘মধ্য এছিয়া কা ইতিহাস’ নামৰ গ্ৰন্থৰ বাবে ১৯৫৮ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। লেনিনগ্ৰেড বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগ আৰু কলম্বো বিশ্ববিদ্যালয়ৰ বৌদ্ধ দৰ্শন বিভাগৰ গুৰিয়াল হিচাপেও তেওঁ অধিষ্ঠিত হৈছিল।
‘ভলগাৰ পৰা গংগা’ হৈছে মানৱজাতিৰ প্ৰব্ৰজন সম্পৰ্কীয় ঐতিহাসিক কল্পকাহিনী। ১৯৪২ চনত মূল হিন্দী গ্ৰন্থ ‘ভলগা চে গংগা’খন প্ৰকাশ পাইছিল। ভিক্টৰ কিয়ৰ্নান(Victor Kiernan)-এ কৰা গ্ৰন্থখনৰ ইংৰাজী অনুবাদ ১৯৪৭ চনত ‘From Volga to Ganga’ নামেৰে প্ৰকাশ হয়।
‘ভলগাৰ পৰা গংগা’— ভলগাৰ লগত গংগাৰ যোগসূত্ৰ কেনেকৈ হ’ল? আনুমানিক ৬০০০ খ্ৰীষ্টপূৰ্বৰ কালছোৱাত ভাৰত, পাৰস্য আৰু ইউৰোপৰ জাতিসমূহ একেটা গোষ্ঠীৰে আছিল। উজনি ভলগাৰ পাৰত বাস কৰা সেই লোকসকলৰ সতি-সন্ততিয়ে বংশ বিস্তাৰ কৰি ক্ৰমান্বয়ে মধ্য ভলগা (এওঁলোকক কোৱা হয় ইণ্ডোশ্লাভ) আৰু কোনো কোনোৱে মধ্য এছিয়া পালেহি (এওঁলোক হ’ল ইণ্ডো-ইৰাণী)। সময়ৰ সোঁতত ইণ্ডো-ইৰাণী গোষ্ঠীৰ বহুতো লোকে প্ৰব্ৰজনসূত্ৰে স্বাত, তাজিকিস্তান আৰু আক্সাছ উপত্যকাইদি গান্ধাৰত পদাৰ্পণ কৰিলে। এওঁলোকৰে একাংশই সিন্ধু উপত্যকা অতিক্ৰম কৰি আহি গংগা উপত্যকাত আৰ্য সভ্যতাৰ ধ্বজা উৰুৱালে। এনেকৈয়ে স্থাপন হ’ল ভলগা আৰু গংগাৰ যোগসূত্ৰ। কিতাপখনৰ প্ৰথম সংস্কৰণৰ মুখবন্ধত সাংকৃত্যায়নে লিখিছিল— “বহুকালৰ আগৰ মানৱ সমাজখন আজিকালিৰ নিচিনা নাছিল। আজিৰ অৱস্থাত উপনীত হ’বলৈ মানৱ এই সমাজে নানা ঘাত-প্ৰতিঘাত অতিক্ৰম কৰিবলগীয়া হৈছিল। …. সমাজখনৰ সৰল চিত্ৰণ আৰু সেই সমাজখনে প্ৰগতিৰ পথত গঢ় দিয়া নানা সংস্কাৰ আৰু গতিপথত পোৱা নানা বাধা-বিঘিনিৰ বিৱৰণেই এই ‘ভলগাৰ পৰা গংগা ‘ত মই ৰূপায়িত কৰিবলৈ প্ৰয়াস কৰিছো।”
‘নিশা’, ‘দিবা’, ‘অমৃতাশ্ব’, ‘পুৰুহুত’ আদি কৰি বিছটা কাহিনীৰ মাধ্যমত প্ৰাগৈতিহাসিক যুগৰ পৰা বৰ্তমানলৈকে মানৱ সভ্যতাৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিৱৰ্তনৰ স্বৰূপ ধাৰাবাহিক ৰূপত সাংকৃত্যায়নে অতি মনোগ্ৰাহীকৈ উপস্থাপন কৰিছে। সহজবোধ্য আৰু সাৱলীল ভাষাৰে বৰ্ণনা কৰিছে মাতৃতান্ত্ৰিক সমাজৰ পৰা পিতৃতান্ত্ৰিক সমাজলৈ ক্ৰমান্বয়ে পৰিৱৰ্তন, দাস প্ৰথাৰ ইতিহাস, পৰিৱৰ্তনৰ প্ৰতি মানুহৰ ভীতি, শিলৰ সঁজুলিৰ পৰা উন্নত অস্ত্ৰ-শস্ত্ৰলৈ উত্থান আৰু যুদ্ধৰ জৰিয়তে ধন-সম্পত্তি সংগ্ৰহৰ প্ৰতিযোগিতা ইত্যাদি মানৱ ইতিহাসৰ বিৱৰ্তনৰ প্ৰতিটো স্তৰ। তদুপৰি আমি সাংস্কৃতিক ইতিহাসৰো আভাস পাওঁ – চাণক্য আৰু আলেকজেণ্ডাৰৰ সময়ৰ পৰা ভাৰতবৰ্ষ, গ্ৰীচ আৰু মধ্য প্ৰাচ্যৰ সাংস্কৃতিক আদান প্ৰদানৰ কাহিনী, চুফীবাদৰ উত্থানৰ কাহিনী আদিৰ মাজত। ভাৰতবৰ্ষলৈ ইংৰাজৰ আগমন আৰু স্বাধীনতা সংগ্ৰামকো কিতাপখনে সামৰি লৈছে।
সাংকৃত্যায়নৰ ভাষাত ‘মোৰ ইচ্ছা প্ৰতিটো কাহিনীক একোটা ৰঙীণ চিত্ৰ যেন কৰি তোলা।’ এই ক্ষেত্ৰত লেখক সফল হৈছে। অধ্যয়নপ্ৰসূত বিশ্লেষণেৰে সাংকৃত্যায়নে ঠায়ে ঠায়ে যি বলিষ্ঠ আৰু নিৰ্মোহ মতামত প্ৰক্ষেপণ কৰিছে তাতেই পোৱা যায় তেওঁৰ প্ৰগতিশীল আৰু বৈপ্লৱিক মতাদৰ্শৰ পৰিচয়। ক্ষমতাশালী উচ্চ শ্ৰেণীয়ে নিজৰ ন্যস্ত স্বাৰ্থৰ বাবে ধৰ্মক ব্যৱহাৰ কৰি মানুহক অজ্ঞানতাৰ আন্ধাৰত ৰখাৰ ষড়যন্ত্ৰ কৰাৰ কথা তেওঁ কাহিনীত বৰ্ণনা কৰিছে–
“সকলো ভণ্ডামি – সকলোবোৰেই প্ৰৱঞ্চনা! কি ৰাজতন্ত্ৰ, কি ব্ৰাহ্মণ্যবাদ, কি যাগ-যজ্ঞ, কি ক্ৰিয়া-কাণ্ড বোলা— সকলো মাত্ৰ আন হাড়ভঙা খাটনিৰে গোটোৱা আৰ্জনৰ ফল বিনা আয়াসে ভোগ কৰাৰ পথহে..।”
পুনৰ্জন্মবাদৰ বিষয়ে দুটা চৰিত্ৰৰ কথোপকথন এনে ধৰণৰ —
: “আভুৱা ভৰাৰো এটা নিকৃষ্ট পন্থা।”
: “আৰু অতি কাৰ্যকৰী পন্থা। ইয়াৰ বলতে ৰজা, পুৰোহিত, সদাগৰে অপাৰ সুখ-সম্ভোগৰ দৌল বান্ধিছে— ইয়াৰ পৰিণামস্বৰূপে সাধাৰণ প্ৰজা ভিকহু হৈ গৈছে।”
“এনে এদিন আহিব সিদিনা দৰিদ্ৰ সৰ্বহাৰাহঁতে পুনৰ্জন্মৰ আশাৰে গোটেই জীৱন দুখ-কষ্টৰ তিক্ততা আৰু অন্যায়ক স্বেচ্ছাই মূৰ পাতি ল’ব।”
কল্পনাৰ ৰহণ সানিলেও সাংকৃত্যায়নে কাহিনীৰ বিষয়বস্তু বিভিন্ন গ্ৰন্থৰ তথ্যৰ ওপৰত ভিত্তি কৰি লৈছিল। প্ৰাক ঐতিহাসিক যুগক প্ৰতিনিধিত্ব কৰা প্ৰথম চাৰিটা কাহিনীৰ সমল আছিল লুই মৰ্গানৰ ‘Ancient Society’, এংগেলচৰ ‘The Origin of the Family, Private Property and the State’, ৰবাৰ্ট ব্ৰিফলৰ ‘The Mothers’ আদি গ্ৰন্থৰ সমাজ-বিজ্ঞান সম্পৰ্কীয় তত্ত্ব আৰু তথ্য। বাকীকেইটা কাহিনীৰ বাবে তেওঁ বেদ, পুৰাণ, ‘অৰ্থশাস্ত্ৰ’, ‘অভিজ্ঞানম শকুন্তলম’, চীনা পৰিব্ৰাজক ফাহিয়ানৰ ভ্ৰমণকাহিনী, বিভিন্ন বৌদ্ধগ্ৰন্থ, গ্ৰীক পৰিব্ৰাজকৰ ভ্ৰমণ বৃত্তান্ত ইত্যাদিৰ উপৰি বিভিন্ন শিলালিপিৰ তথ্যৰো আশ্ৰয় লৈছিল।
‘Sapiens’ কিতাপখন মই ২০২১ বৰ্ষত পঢ়িছিলো। তাৰ এবছৰৰ পাছত মই সংগ্ৰহ কৰা ‘ভলগাৰ পৰা গংগা’খনৰ যিমানেই গভীৰতালৈ গৈছিলো, সিমানেই মানসপটত ভাহি উঠিছিল একবিংশ শতিকাৰ ইতিহাসবিদ হাৰাৰীৰ কিতাপৰ তথ্যসমৃদ্ধ অধ্যায়বোৰৰ কথা। দুয়োখন কিতাপৰ বিষয়বস্তুৰ মূলভাবৰ সাদৃশ্য উপলব্ধি কৰি শিহৰিত হৈ উঠিছিলো। সাংকৃত্যায়নৰ প্ৰজ্ঞা আৰু সাহিত্যিক প্ৰতিভাই অভিভূত কৰি তুলিছিল। অসমীয়া ভাষাৰ এখন উৎকৃষ্ট অনুবাদ গ্ৰন্থ উপহাৰ দিয়াৰ বাবে অনুবাদক শক্তিনাথ বৰুৱাও সমানেই কৃতিত্বৰ অধিকাৰী।
‘ভলগাৰ পৰা গংগা’ কিতাপখন দেশী-বিদেশী একাধিক ভাষালৈ অনূদিত হৈছে। ভাৰতীয় সাহিত্যৰ ইতিহাসত এক ধ্ৰুপদী গ্ৰন্থ হিচাপে গণ্য কৰা হয় ‘ভলগাৰ পৰা গংগা’ক। The Hindu কাকতত প্ৰকাশিত এক গ্ৰন্থালোচনাত কোৱা হৈছে— “There have been books written on a grand, epic scale about peoples and cultures linked to rivers – such as Mikhail Sholokhov’s ‘And Quiet Flows the Don’ or Qurratulain Hyder’s ‘Aag Ka Darya’ (The River of Fire)- and about journeys from one river to another signfying journeys across civilisations, such as Canrad’s ‘Heart of Darkness’. But none can match the scale and magnitude, the erudition and fine detail, the sheer sweep of terrain and ideas of Rahul Sankrityayan’s Hindi Classic Volga se Ganga.” আগ্ৰহী, অনুসন্ধিৎসু পঢ়ুৱৈৰ বাবে ‘ভলগাৰ পৰা গংগা’ এখন অৱশ্য পঠনীয় গ্ৰন্থ বুলি মই অনুভৱ কৰোঁ।