চিকেন কোৰমা

লেখক- ৰূপলেখা দেৱী

উপকৰণ:-

 

মূৰ্গীৰ মাংস ৭৫০গ্ৰাম

 

গোটা দৈ একাপ

 

মজলীয়া আকাৰৰ পিঁয়াজ চাৰিটা

 

আধা নহৰু পেষ্ট দুচামুচকৈ

 

জিৰা ধনীয়াৰ গুড়ি এচামুচকৈ

 

কাশ্মিৰী জলকীয়াৰ গুড়ি দুচামুচ

 

কাজু দহটামান

 

নিমখ, হালধি আৰু তেল জোখমতে। 

 

কেওৰা জল আধাচামুচ (ঐচ্ছিক)

 

গৰম মচলা জোখমতে

 

 

প্ৰণালী: —

 

প্ৰথমে এটা পাত্ৰত দৈখিনি লৈ ভালকৈ ফেটি তাত ওপৰত দিয়া খোজমতে আটাইখিনি গুৰি মচলা ভালকৈ মিহলাই ল’ব। জুইত কেৰাহী পাতি গৰম হ’লে একাপতকৈ অলপ কম মিঠাতেল বা ৰিফাইন দি পিঁয়াজ চাৰিটা মিহিকৈ কাটি ৰঙচুৱাকৈ ভাজি বেৰিষ্টা বনাই লৈ উঠাই থব। সেই তেলতে কাজু কেইটা অলপ ভাজি উঠাই ভজা পিঁয়াজ খিনিৰ লগত ঠাণ্ডা হ’বলৈ দিব। কেৰাহীৰ বাকী থকা তেল খিনিত প্ৰয়োজন হ’লে আৰু অলপ তেল দি চেনি এচামুচ, ইলাচি চাৰিটা, লং কেইটামান, দালচেনি অলপ আৰু তেজপাত দুখিলা দি লৰাই আদা নহৰুৰ পেষ্টখিনি দি নহৰুৰ কেঁচা গোন্ধটো নোহোৱা হোৱালৈ ভাজি ধুই থোৱা মাংসখিনি দি লৰাই থাকিব। স্বাদ অনুসৰি নিমখ দিব। মাংসখিনি মধ্যমীয়া জুইত কিছু সময় ভাজি অলপ ৰঙচুৱা হ’লে ফেটি থোৱা দৈ আৰু মচলাৰ মিশ্ৰণটো মাংসৰ ওপৰত বাকি দি দহ মিনিটমান ভালকৈ লৰাই ভাজিব। মাংসৰ পানী আৰু দৈৰ মিশ্ৰণখিনি লাহে লাহে শুকাই আহিলে ইতিমধ্যে ঠাণ্ডা হোৱা পিঁয়াজৰ বেৰিষ্টা আৰু কাজুখিনি মিক্সিত পেষ্ট কৰি মাংসখিনিত দি দিব। নিজৰ আন্দাজ মতে অলপ পানীও দিব। মাংস সিজি তেল বাহিৰ হ’লে তাত আধা চামুচ কেওৰা জল দি দিব। তাৰপিছত মাংসৰ জোল‌খন ঠুপঠুপীয়া হ’লে বটি থোৱা গৰম মচলা অলপ আৰু কেইটামান কেঁচা জলকীয়া ফালি দি পুনৰ অলপ লৰাই, নমাই গৰমে গৰমে ভাত বা ৰুটিনৰ লগত পৰিবেশন কৰিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!