চিলাৰ ইতিহাস

লেখক- শুভলক্ষ্মী বুঢ়াগোহাঁই

 

এতিয়া ফাগুনৰ বতৰ। ফাগুন! নামেই যাৰ পৰিচয়। ই কেৱল এটি মাহেই নহয়, ফাগুন এক আৱেগ। ফাগুনে কথা কয়। ৰিঙা ৰিঙা মনত হেঁপাহে দীঘলকৈ উশাহ টানিবলৈ শিকে এই ফাগুনতে। মৌ-মাখিৰ গুণগুণনিত সপোনে পাখি মেলে। ৰঙা ৰঙা পলাশে প্ৰেমৰ আবিৰ সানে। এই সময় পছোৱাৰ। আৰু, আৰু সময় পছোৱাৰ সতে উৰি চিলাৰ নেজত ধৰি আকাশ চুমাৰ। হয়, এয়া যে সময় চিলা উৰুৱাৰ। 

চিলা উৰুৱাইছেনে কেতিয়াবা? চিলাৰ সতে মনৰ ডেউকা মেলি উৰিছেনে কেতিয়াবা আকাশত খেলাৰ লগৰীৰ সতে? মই কিন্তু উৰিছো। চিলা উৰুৱাও এটা সুন্দৰ কলা। আজৰি সময় সুন্দৰভাৱে আৰু আনন্দেৰে অতিবাহিত কৰিব পৰা এটা আমোদজনক খেলা। আৰম্ভণিতে অৱশ্যে ই ৰজা-মহাৰজা, ডা-ডাঙৰীয়া বা ৰাজকীয় পৰিয়ালৰহে খেলা আছিল। য’ত তেওঁলোকে তেওঁলোকৰ শৌৰ্য আৰু নিপুন কলাৰ প্ৰদৰ্শন কৰিছিল। লাহে লাহে সময়ৰ সোঁতত এই খেলা সাধাৰণ প্ৰজাৰ মাজত সোমাই পৰিল আৰু কালক্ৰমত জনপ্ৰিয়তাৰ লগতে সংস্কৃতি আৰু পৰম্পৰাতো ইয়াৰ প্ৰৱেশ ঘটিল। অৱশ্যে ৰামায়ণ আৰু মহাভাৰততো শ্ৰীৰামচন্দ্ৰ আৰু শ্ৰীকৃষ্ণই চিলা উৰুৱাৰ কথা জানিবলৈ পোৱা যায়। 

এই চিলা বাৰু কেনেকৈ উদ্ভাৱন হ’ল? ই বাৰু প্ৰকৃততে ভাৰতৰে সৃষ্টি নে? নে ইও এক সংস্কৃতিৰ আদান-প্ৰদানৰ পৰিণাম? আজি এই বিষয়ে অকণমান কথা পাতো আহক। 

চিলাৰ ব্যৱহাৰ কিমান পুৰণি তাৰ সঠিক বিৱৰণ পোৱা নাযায় যদিও ইণ্ডুনেচিয়াত পোৱা প্ৰস্তৰ যুগৰ এটা গুহাত খ্ৰীঃপূঃ ৯০০০ বছৰৰো আগৰ কিছুমান চিলাৰ ছবি উদ্ধাৰ কৰা হৈছে। ইয়াৰ পৰা এইটোৱেই অনুমান কৰিব পাৰি যে সভ্যতাৰ পোহৰ পৰাৰ পাছৰ পৰাই হয়তো চিলাৰ ব্যৱহাৰ আৰম্ভ হৈছিল। ব্যৱহাৰৰ কাৰণ হয়তো বেলেগ আছিল। 

বুৰঞ্জীয়ে কয়, পঞ্চম শতিকাতে ভৌগোলিক দূৰত্ব জোখাৰ উদ্দেশ্যেৰে দুজন চীনা দাৰ্শনিক ‘ম জি’ আৰু ‘লু বেনে’ প্ৰথম চিলা আবিষ্কাৰ কৰে। প্ৰাচীন আৰু মধ্য যুগৰ চীনা বুৰঞ্জীৰ পৰা এইটোও জনা গৈছে যে দূৰত্ব জোখাৰ উপৰি বতাহৰ গতি নিৰ্ধাৰণ, মানুহ বা বস্তু ওপৰলৈ উঠোৱা, সংকেত পঠোৱা আৰু সামৰিক বাহিনীৰ মাজত যোগোযোগৰ মাধ্যম হিচাপেও চিলাৰ ব্যৱহাৰ কৰা হৈছিল। আৰম্ভণিতে চিলাবোৰ চেপেটা আৰু আয়তাকাৰহে আছিল। চিলাৰ নেজডালো পাছৰহে সংযোজন। সময়ৰ সোঁতত বিভিন্ন দেশৰ মাজত সংস্কৃতি আৰু সামগ্ৰীৰ আদান-প্ৰদান হ’ল আৰু তেনেকৈয়ে এদিন চিলাইও দেশ বাগৰি ভাৰতত প্ৰবেশ কৰিলে। কোৱা হয়, চীনা পৰিব্ৰাজক হিউয়েনচাঙে তেওঁৰ পৰিভ্ৰমণৰ কালত এই চিলা ভাৰতলৈ আনিছিল। আজি ভাৰতীয় সংস্কৃতিত চিলা এক এৰাব নোৱাৰা অংগ আৰু পৰম্পৰা। 

ওঠৰশ শতিকাত দিল্লীৰ নৱাব শ্বাহ আলম (প্ৰথম)ৰ ৰাজত্ব কালত ৰাজ পৰিয়ালৰ মাজত চিলা উৰুৱাৰ ধেমালিয়ে এক আড়ম্বৰপূৰ্ণ খেলা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰে। লাহে লাহে কলা-কুশলী আৰু কাৰিকৰসকলৰ প্ৰব্ৰজনৰ ফলস্বৰূপে এই চিলাৰ জনপ্ৰিয়তা দিল্লী আৰু লক্ষ্ণৌৰ পৰা ক্ৰমে আহমদাবাদ আৰু হায়দৰাবাদলৈ বিয়পি পৰে। 

মোগল ৰাজত্বৰ পতনৰ পাছতো চিলা উৰুৱাৰ পৰম্পৰা ভাৰতত পূৰ্ণোদ্যমে চলি থাকিল। মুখ্যতঃ ই এক ঋতুকালীন উৎসৱ। উত্তৰায়ণ বা মকৰ সংক্ৰান্তিত বিশেষভাৱে চিলা উৰুওৱা হয়। মকৰ সংক্ৰান্তি এটা হিন্দু উৎসৱ। এই সংক্ৰান্তিৰ দিনা সূৰ্যই ধনু ৰাশিৰ পৰা মকৰ ৰাশিত প্ৰৱেশ কৰে আৰু সেইদিনাৰ পৰাই সূৰ্যৰ উত্তৰৰ দিশে গতি আৰম্ভ হয়। সেয়েহে ইয়াক উত্তৰায়ণ বুলিও কোৱা হয়। প্ৰতি বছৰে জানুৱাৰী মাহৰ ১৪ তাৰিখে মকৰ সংক্ৰান্তি পালন কৰা হয়। বিশ্বাস কৰা হয়, সেইদিনাই এটা দীঘলীয়া নিদ্ৰাৰ পৰা সূৰ্য দেৱতা সাৰ পায় আৰু তেতিয়াই দোৱা-কটা শেষ কৰি কৃষকৰো পুনৰ সাজু হোৱাৰ সময় আহে আগন্তুক খেতিৰ বাবে। তাৰ আগতে যেন অলপ ধেমালি। চিলা উৰুৱায়। চিলাত বান্ধি ঈশ্বৰলৈ খবৰ পঠায়। ৰাতিপুৱাৰ সূৰ্যৰ ৰশ্মি ছাল আৰু শৰীৰৰ বাবে অতি উপকাৰী। সেয়েহে খুউব ৰাতিপুৱাই এই চিলা উৰুওৱা কাৰ্য আৰম্ভ হয়। 

ভাৰতত চিলা উৰুওৱা এতিয়া কেৱল এক পৰম্পৰাই নহয়, ই এক ডাঙৰ উৎসৱো — প্ৰতিযোগিতাৰ খেলা। ভাৰতৰ সকলো প্ৰদেশতেই চিলা উৰুওৱা হয় যদিও বিশেষকৈ গুজৰাট, বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, হাৰিয়ানা, পাঞ্জাৱ আৰু তেলেংগানাত ইয়াৰ আমেজ সুকীয়া। হায়দৰাবাদত সংক্ৰান্তিৰ এমাহৰ আগৰ পৰাই আকাশত ৰঙীন চিলাৰ খেলা চলে। ঘৰে ঘৰে ৰছী টানি চিলা উৰুৱাই থকা ই এক একেবাৰে সাধাৰণ দৃশ্য। কোনে কিমান উৰুৱাব পাৰে, কোনে কিমান চিলা কাটিব পাৰে তাৰেই যেন অঘোষিত প্ৰতিযোগিতা চলে। 

আধুনিক ভাৰতত চিলা উৰুৱাৰ পৰম্পৰা বৃটিছ শাসনৰ দিনৰ পৰাই আৰম্ভ হয়। কোৱা হয়, ভাৰতত ‘চাইমন কমিছন’ যেতিয়া আৰম্ভ কৰা হৈছিল, তাৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকল সোচ্চাৰ হৈ পৰিছিল আৰু ‘Go back Simon’ ধ্বনিৰে আন্দোলন কৰি slogan লিখি শ শ চিলা আকাশত উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰেই প্ৰতিকী স্বৰূপে প্ৰতি বছৰে স্বাধীনতা দিৱসৰ দিনা চিলা উৰুৱাৰ পৰম্পৰা আৰম্ভ হয়। তদুপৰি গণতন্ত্ৰ দিৱস, বসন্ত পঞ্চমী আৰু বৈষাসীৰ দিনাও (বিশেষকৈ পাঞ্জাৱত) চিলা উৰুৱাৰ পৰম্পৰা চলি আছে। 

সময়ৰ লগে লগে এই পৰম্পৰা উৎসৱৰ পৰা প্ৰতিযোগিতালৈ আৰু ক্ৰমে ৰাষ্ট্ৰীয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত হয়। আহমদাবাদ আৰু হায়দৰাবাদত প্ৰতি বছৰে ৰাজ্যিক পৰ্যটন বিভাগে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিলা উৰুৱাৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। দেশ-বিদেশৰ পৰ্যটক আৰু কলা-কুশলীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁলোকৰ নিপুন কলাৰ সুন্দৰ প্ৰদৰ্শন কৰে। ৰঙ-বিৰঙী বিভিন্ন আকাৰ, ৰূপ আৰু কৌশলেৰে পৰিপূৰ্ণ উন্নত প্ৰযুক্তিৰ চিলাই আকাশ ছানি ধৰে। ৰঙীন, ফুটফুটীয়া আকাশ চাবলৈ দৰ্শকৰ ভিৰ লাগে। চিলাৰ লগতে বিভিন্ন স্থানীয় খোৱা বস্তুৰ প্ৰদৰ্শনীও হয় তাত। প্ৰদৰ্শনী, আনন্দৰ লগতে এই প্ৰতিযোগিতাই দেশলৈ কঢ়িয়াই আনে বহু আয়। সেয়েহে এই উৎসৱৰ আকৰ্ষণ আৰু প্ৰাধান্যই বেলেগ। 

চিলাৰ জন্ম আৰু প্ৰগতিৰ এয়া আমি থূলমূল আভাসহে দিলো মাথোন। সময় পালে এবাৰ চিলা উৰুৱাই চাব। চিলাৰ লগতে মনো এৰি দিব বিশাল আকাশৰ বুকুত। আকাশৰ বিশালতাত আপোনাৰ মন মিলি যাওক। মনে দূৰ দৃষ্টি পাওঁক। এয়েই কামনা কৰিলো। চিলালৈ বহুত মৰম! 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!