চীন ভাৰতৰ যুদ্ধৰ স্মৃতি; মূলঃ টেৰেন্স মৰিছ।

অনুবাদঃ পংকজ কুমাৰ নেওগ।

১৯৬২ চনত মই ডিগবৈ অঞ্চলৰ পেঙেৰী চাহ বাগিচাত কর্মৰত আছিলোঁ। ১৯৬২ চনৰ পিছৰছোৱা উত্তৰ-পূৱ ভাৰতৰ বাবে খুবেই ঘটনাবহুল সময় আছিল। ঐতিহাসিকভাৱে চীনৰ সৈতে সকলো সময়তে সীমান্তৰ সমস্যা আছিল। কিন্তু ১৯৬২ চনৰ চেপ্টেম্বৰত ভাৰতে যেতিয়া ৱালঙৰ নিকটৱৰ্তী বিবদমান ভূমিত অধিগ্ৰহণ বন্ধ কৰিবলৈ সীমান্তলৈ হাজাৰ হাজাৰ সৈন্য পঠিয়াই, পৰিস্থিতি তেতিয়া অত্যন্ত গম্ভীৰ হৈ উঠে। ভাৰতীয় সৈন্য চীনৰ ৫০টা পদাতিক বাহিনীৰ প্রতিৰোধৰ সন্মুখীন হ’বলগীয়া হৈছিল। প্রতিটো বাহিনীতে সৈন্য আছিল প্রায় ৫০,০০০। এদিন ৰাতিপুৱা দূৰৈত গুলিৰ শব্দ আৰু মানুহৰ চিঞৰ-বাখৰৰ শব্দত মই টোপনিৰপৰা সাৰ পাওঁ। বাংলোৰ বিয়েৰাৰজনে দৌৰি আহি খবৰ দিলে – “চাহেব, চাহেব, চিনী আদমি হেই” (চীনাসকল আহিছে)। ইমানেই চিঞৰ-বাখৰ আৰু আতঙ্কৰ সৃষ্টি হৈছিল যে প্ৰকৃততে কি হৈছে বুজি পোৱা কঠিন হৈ পৰিছিল। সেই সময়ত যোগাযোগ ব্যৱস্থাৰ নামত এটা মাত্ৰ লেণ্ডলাইন ফোন আছিল। গতিকে ফোনৰ লাইন কিভাৱে ব্যস্ত আছিল তাক সহজেই অনুমান কৰিব পাৰিব। 

 

আতঙ্কিত জনতাৰ ভিৰৰ মাজেৰে মই গাড়ী চলাই বাগানৰ মূল অফিছত উপস্থিত হ’লোঁ আৰু তাত কেইবাজনো মেনেজাৰক লগ পাওঁ। সকলো মোৰ দৰে বিভ্রান্ত হৈ পৰিছিল। আমি অল ইণ্ডিয়া ৰেডিঅ’ আৰু বিবিচি ৱৰ্ল্ড চাৰ্ভিছৰ মাধ্যমেৰে টুকুৰা-টুকুৰ খবৰ লাভ কৰিছিলোঁ। কিন্তু মূল খবৰ আছিল কিউবাৰ সংকটৰ বিষয়ে। সেইদিনা সন্ধিয়া পৰত উচ্চপদস্থ ভাৰতীয় সেনাবাহিনীৰ এদল কর্মকর্তা ক্লাবলৈ আহি আমাৰ স্থিতিৰ বিষয়ে আমাক অৱগত কৰে। চীনা সেনাবাহিনী ব্রহ্মপুত্র নদীৰ উত্তৰে মাত্ৰ ২০ মাইল দূৰৈত আহি উপস্থিত হৈছিল আৰু ভাৰতীয় সেনাবাহিনী সম্পূর্ণৰূপে পিছ হুঁহকিবলগীয়া হৈছিল। অনুমান কৰা হৈছিল, চীনা সেনাবাহিনী নদী পাৰ হৈ কেইদিনমানৰ ভিতৰতে আমাৰফালে আহি পাব।

 

অসম ধান আৰু চাহপাত উৎপাদনকাৰী এখন অত্যন্ত উর্বৰ ৰাজ্য। প্রচুৰ পৰিমাণে খাৰুৱা তেলেৰে চহকী এই ৰাজ্য বার্মা তৈল কোম্পানীৰো প্ৰধান কেন্দ্ৰ আছিল। মই মোৰ বাংলোলৈ প্ৰতিদিনে এই তৈলক্ষেত্রবোৰৰ মাজেৰে গাড়ী চলাই যাবলগীয়া হয়। যুদ্ধৰ সম্ভাৱ্য পৰিণতি কি হ’ব সেয়া দ্রুতগতিত মোৰ বাবে স্পষ্ট হৈ পৰিছিল। পশ্চিমীয়া দেশসমূহ কিউবাৰ সংকটৰ সৈতে জড়িত হৈ পৰিছিল। আনহাতে পাকিস্তান আৰু কাশ্মীৰৰ সৈতে ভাৰতৰ সীমা বিবাদ চলি আছিল। এই সকলোবোৰে চীনক সামান্য বা কোনো প্রতিৰোধৰ সন্মুখীন নোহোৱাকৈ মূল্যবান প্ৰাকৃতিক সম্পদসমূহ দখল কৰিবলৈ এটি আদর্শ সুযোগ প্ৰস্তুত কৰি দিছিল। অৱশ্যে, চীন চৰকাৰে এই কথা সম্পূৰ্ণভাৱে অস্বীকাৰ কৰে। উত্তৰ-পূৱ ভাৰতত তেল কোম্পানী আৰু চাহ বাগিচাত কৰ্মৰত ১০০০ ইউৰোপীয় পুৰুষৰ লগতে মহিলা আৰু শিশুকে ধৰি অন্যান্য দেশৰ লোকো আছিল। এদিন আবেলিপৰত মোৰ অঞ্চলৰপৰা এনে পৰিয়ালসমূহক আঁতৰাই নিবলৈ ফিল্ড ডাইৰেক্টৰৰ নিৰ্দেশ আহিল। মানুহবোৰ স্থানীয় বিমানবন্দৰ এটালৈ যাব লাগিব, য’ৰ পৰা ভাৰতীয় বায়ুসেনাই তেওঁলোকক কলিকতালৈ লৈ যাব। মোৰ কাম আছিল কোনো আতংকৰ সৃষ্টি নকৰাকৈ এই কথাবোৰ সকলোকে বুজাই দিয়া আৰু কামবোৰ যাতে তৎক্ষণাত সম্পন্ন কৰা হয় তাৰ তদাৰক কৰা। বিভিন্ন দলৰ মাজত গাড়ী চলাই সকলোকে শান্ত আৰু সংযত হৈ থাকিবলৈ দিয়া উপদেশ আৰু একে সময়তে তেওঁলোকক আশ্বস্ত কৰা আৰু নিৰ্দেশনা দিয়া কথাবোৰ মোৰ মনত আছে।

 

   ই এটা সঁচাকৈয়ে অদ্ভুত অনুভূতি আছিল। ক’বলৈ গ’লে মোক কৰিবলৈ দিয়া কামটোত এক উত্তেজনাৰ লগতে ভয়ো অনুভৱ কৰিছিলোঁ। বহু ঘন্টাৰ পাছত মোৰ কৰিবলগীয়া কামখিনি সমাপ্ত কৰি অপাৰেছন হেড কোৱাৰ্টাৰ হিচাপে নিৰ্ধাৰণ কৰা আমাৰ মূল ক্লাবলৈ উভতি আহিছিলোঁ আৰু সেই সময়ৰ পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ তাত মোৰ কিছু সহকর্মীও গোট খাইছিল। সেইদিনা সন্ধিয়া আমি ভাৰতীয় হাইকমাণ্ড আৰু বৃটিছ চৰকাৰৰ প্রতিনিধি ছাৰ পল গোৰ বুথৰ সৈতে সাক্ষাৎ কৰাৰ সৌভাগ্য অর্জন কৰোঁ। তেওঁলোকে আমাক আশ্বাস দি বর্তমান পৰিস্থিতিৰ বিষয়ে খুব বেছি  চিন্তা কৰিবলৈ মানা কৰে। তেওঁলোকে আমাক বুজালে যে ৰয়েল এয়াৰ ফৰ্ছ (RAF) চিঙ্গাপুৰত অৱস্থিত আৰু পৰিস্থিতিৰ বেছি অৱনতি ঘটিলে আমাক তাৰপৰা আঁতৰাই নিবলৈ তেওঁলোক প্রস্তুত। অৱশ্যে সৰু সমস্যা এটাও আছিল। কিউবাৰ সংকট নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত যুদ্ধকালীন তৎপৰতাৰ বাবে সেই সময়ত উদ্ধাৰ অভিযানৰ কাৰণে RAFৰ ওচৰত কোনো বিমান নাছিল। আমাক পুনৰ আশ্বাস দিয়া হৈছিল –”চিন্তাৰ কোনো কাৰণ নাই, প্রতিৰক্ষা মন্ত্রণালয়ে সমস্যাটোৰ সমাধান কৰিব।” সন্ধিয়া কিছু সময়ৰ পাছতে ছাৰ পল আৰু তেওঁৰ দলটোৱে হেলিকপ্টাৰেৰে সেই ঠাই ত্যাগ কৰে। এৰা, আমি কিমান যে আশ্বস্ত হৈছিলোঁ !

 

    সেই নিশাৰ বাকী সময়খিনি আৰু পৰৱর্তী কেইদিনমান আমি বিকল্প আৰু সম্ভাব্য পলায়নৰ পথৰ বিষয়ে আলোচনা কৰি কটালোঁ। একে সময়তে প্রচুৰ পৰিমাণে ২০ বছৰীয়া পুৰণি মল্ট হুইস্কিও পান কৰা হ’ল। সেই দিনত আমদানিকৃত হুইস্কি ব্যয়বহুল আছিল। প্রতি বটলত প্রায় ২০ পাউণ্ড। কিন্তু আমি এইবোৰ কথা ভাবিবলৈ বাদ দিছিলোঁ। কেইসপ্তাহমানৰ পাছত আমি সকলো মৃত্যুমুখত পৰিমেই যেতিয়া এনেবোৰ কথা চিন্তা কৰি কি লাভ? আমি আমাৰ মেছ বিল কেতিয়াও পৰিশোধ কৰা প্ৰয়োজন নহ’ব। সেই সন্ধিয়াৰ পৰিণতি কিমান গভীৰ হ’ব আমি কোনেও জনা নাছিলোঁ।

 

     দুদিনৰ পাছত (প্রথম ২৪ ঘন্টাৰ কথা মোৰ বেছি মনত নাই) মোক তেল কোম্পানীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’বলৈ নির্দেশ দিয়া হ’ল। তাত যথেষ্ট সংখ্যক সহযোগী আৰু বন্ধু আছিল। সেনা বিষয়া দুজনমানে আমাক সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰিলে। আমাক জনোৱা হ’ল যে চীনা সৈন্য যদি ব্রহ্মপুত্র নদী পাৰ হয়, তেল শোধনাগাৰ আৰু তেলৰ খাদবোৰ বিস্ফোৰকৰ সহায়েৰে উৰুৱাই দিয়াৰ পৰিকল্পনা কৰা হৈছে। আগন্তুক দিনবোৰৰ বিষয়ে মোৰ এটা ভয়ঙ্কৰ অনুভৱ মনলৈ আহিবলৈ ধৰিলে। যদি এই ঘটনা সঁচাকৈয়ে ঘটে, তেওঁলোকে এই অভিযানত সহায় কৰিবলৈ স্বেচ্ছাসেৱক বিচাৰিব। কাৰণ বেছিভাগ ভাৰতীয় সশস্ত্র বাহিনী যুদ্ধত বা পশ্চাদগমনত ব্যস্ত আছিল। মোৰ কামৰ বিৱৰণী (Job Description)ৰ কথা ভাবিলে কূটাঘাত বা চেব’টেজ(Sabotage) অন্তর্ভুক্ত আছিল নে নাই মোৰ মনত নপৰে। তেওঁলোকে (সেনাবাহিনীয়ে) সঁচাকৈয়ে এই বিযয়ে চিন্তা কৰিছিলনে? মই জানো, মই প্ৰত্যাহ্বানৰ সোৱাদ ভাল পোৱা এজন ব্যক্তি। কিন্তু তেল শোধনাগাৰ উৰুৱাই দিয়াৰ কথা মোৰ সপোনৰো অগোচৰ আছিল।

 

আন যি নহওঁক, চীনা সৈন্যৰ হাতত ধৰা পৰিলে এজন বিদেশী কূটাঘাতকাৰী হিচাপে তৎক্ষণাত মোক গুলি কৰি মৰা হ’ব। মোৰ কামৰ বিৱৰণীত এইটোও আছিল। কোনে কি কৰিব বা কোন সময়ত কৰিব এইবোৰ লৈ আমাৰ মাজত বিতর্ক আৰম্ভ হ’ল। যিমান দূৰ মোৰ মনত পৰে এটা হাস্যকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। অপেছাদাৰী এটি দলে ‘মিছন ইম্পছিবল’ৰ দৰে এটি অত্যন্ত জটিল আৰু বিপদজনক অপাৰেছনৰ পৰিকল্পনা কৰিছিল যি কেৱল ‘ইণ্ডিয়ানা জোন্স’ৰ বাবেহে উপযুক্ত আছিল। মোৰ প্ৰবল অনিচ্ছাসত্বেও অৱশেষত সেনাবাহিনীয়ে সিদ্ধান্ত ল’লে যে মই তৈলক্ষেত্রৰ প্রৱেশ পথবোৰৰ পিছফালৰ এটা পথ বোমাৰে উৰুৱাই দিয়াত সহায় কৰিম। তত্ত্বগতভাৱে এনে এটা প্ৰক্ৰিয়াৰে আৰু কেইটামান তেলৰ খাদ ধাৰাবাহিকভাৱে ধ্বংস কৰিব পাৰিব লাগে। ভাগ্য সুপ্ৰসন্ন হ’লে সমস্ত তৈলক্ষেত্রৰ বাকী তেলখাদবোৰতো ইয়াৰ এটা শৃঙ্খল প্রভাৱ (Chain Reaction) পৰিব। মোৰ সন্দেহ হয় জেমছ বণ্ডেও ইয়াতকৈ সুপৰিকল্পনা কৰিব নোৱাৰিলেহেঁতেন। মই এইখিনিতে উল্লেখ কৰা উচিত যে বিস্ফোৰক সম্পর্কে মোৰ জ্ঞান একেবাৰে অস্তিত্বহীন নাছিল; ইয়াৰ কাৰণ, আমাৰ সময়ত মই কেইবাটাও ‘আতছবাজী উৰুৱা’ মানুহ হিচাপে জনাজাত আছিলোঁ।

 

১৯৬২ চনৰ ২১ নৱেম্বৰত চীনা সেনাবাহিনী উত্তৰলৈ পিছুৱাবলৈ আৰম্ভ কৰে। ক’ব লাগিব ই আছিল আমাৰ বাবে এটা স্বস্তিৰ খবৰ। কাৰণ ‘মৃত বীৰ’ হোৱাৰ চিন্তাই মোক অলপো ৰোমাঞ্ছিত কৰা নাছিল। তেতিয়াই পৰিস্থিতিৰ গুৰুত্বই বাস্তৱ ৰূপ লয়। পৰৱর্তী কেইসপ্তাহমান আমি সকলোৱে চীনা সৈন্য অসমত প্ৰৱেশ কৰাহেঁতেন কি দশা হ’লহেঁতেন সেইবোৰ কথাকে ভাবি খুব বিষণ্ণ হৈ পৰিছিলোঁ। জীৱন ধীৰে ধীৰে স্বাভাৱিক অৱস্থালৈ উভতি আহিলেও পৰিয়ালবোৰ উভতি আহিবলৈ বহুত মাহ লাগিল। বিপদ আঁতৰিল বুলি স্থানীয় ৰাইজক আশ্বস্ত কৰিবলৈ বৰ টান হৈছিল। কিয়নো চাৰিওফালে কি ঘটিছিল বা ঘটিল তেওঁলোকে সেইবোৰ একোৱেই বুজি পোৱা নাছিল। ‘সভ্যতাৰ ধ্বংস’ পৰিকল্পনা কৰা সেই নিশাকেইটাৰ বাবে এদিন পুৱা মই যেতিয়া মেছৰ বিলখন পাওঁ, যোৱা মাহৰ কঠোৰ বাস্তৱে মনত বাৰুকৈয়ে আঘাত কৰে। মেছৰ বিল আছিল মোৰ প্ৰায় এমাহৰ দৰমহা! তেতিয়াই বাৰুকৈয়ে ভয় খালোঁ। মই কেনেকৈ এই বিল পৰিশোধ কৰিম? এইটোৱেই মোৰ পতনৰ কাৰণ হৈ পৰিব নেকি? দীঘলীয়া আলোচনাৰ অন্তত অৱশেষত সম্মানীয় সমিতিখনে মতামত দিয়ে যে, যদিও বাৰ কমিটি তেওঁলোকৰ মূল্যবান আমদানিকৃত হুইস্কিৰ বিশাল পৰিমাণৰ খৰচ দেখি খুবেই অসন্তুষ্ট, তেওঁলোক পৰিস্থিতিৰ প্রতিও যথেষ্ট সহানুভূতিশীল হৈছে। যি নহওক পৰিস্থিতি সেই সময়ত নিশ্চয় কিছু অস্বাভাৱিক আছিল। গতিকে এক সহমতত উপনীত হোৱা গ’ল যে যেতিয়ালৈকে আমি অন্য কোনো ৰাষ্ট্ৰীয় জৰুৰী অৱস্থাৰ নামত এই কচৰৎৰ পুনৰাবৃত্তি নকৰোঁ, তেতিয়ালৈকে উল্লেখিত টকাৰ পৰিমাণ বাতিল কৰা হৈছে।

 

(লেখকৰ পৰিচয়:  ১৯৫৯ চনত টেৰেন্স মৰিছ অসমলৈ আহে আৰু ডিব্রুগড় জিলাৰ পানীতোলাৰ কাষৰ খাৰজানত তেওঁৰ প্রথম প’ষ্টিং হয় । তিনি বছৰৰ পাছত তেওঁ ডিগবৈ অঞ্চলৰ পেঙেৰীলৈ বদলি বিচাৰে। ১৯৭০ চনত তেওঁ ইংলেণ্ডলৈ উভতি যায় আৰু লণ্ডনত মেডিকেল ৰিচাৰ্ছ কাউন্সিলৰ যক্ষ্মা গৱেষণা ইউনিটত যোগদান কৰে। ১৯৯২ চনত তেওঁ নেছনেল হস্পিতাল ফৰ নিউৰ’লজীৰ ওচৰত এটা উদ্ভাৱনীমূলক ইমেজিং চেণ্টাৰ গঢ়ি তোলা দল এটাৰ অংশ আছিল আৰু সেইটো  সম্পূৰ্ণ হোৱাৰ পাছত তাৰ প্ৰশাসনিক সঞ্চালক হয়।)

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!