দ্য লেণ্ডলেডী;মূলঃ ৰোৱাল্ড ডাল।

অনুবাদঃ পংকজ কুমাৰ নেওগ।

আবেলি পৰত লণ্ডনৰপৰা ধীৰগতিৰে যাত্ৰা কৰা ট্ৰেইনখনত বিলি উইভাৰ ওলাই আহিছিল। সেইখন ছুইণ্ডনত এবাৰ সলাই বাথ আহি পাওঁতে নিশা ন বাজি গ’ল। ষ্টেচনৰ প্ৰৱেশদ্বাৰৰ বিপৰীতে থকা ঘৰবোৰৰ মাজেৰে তাৰকাখচিত নিশাৰ আকাশখনত জোনটো ধুনীয়াকৈ দেখা গৈছিল কিন্তু বতাহজাকহে আছিল মাৰাত্মক ঠাণ্ডা আৰু হাড়-মূৰ কঁপাই নিয়া।

: এক্সকিউজ মি। বিলিয়ে ক’লে।

: ওচৰে-পাজৰে ক’ৰবাত সস্তীয়া হোটেল এখন পোৱা যাবনে?

বস্তু কঢ়িওৱা মুটিয়া এজনে বাটৰ এফালে আঙুলিয়াই ক’লে—

: ‘বে’ল আৰু ড্ৰেগন’ নামৰ হোটেলখন চেষ্টা কৰি চাব পাৰে। হয়তো তাত থাকিবলৈ ঠাই পাব। ইয়াৰ পৰা মাত্ৰ ২০০ মিটাৰমান আঁতৰত।

বিলিয়ে তেওঁক ধন্যবাদ জনাই ছুটকেছটো হাতত লৈ ‘দ্য বে’ল এণ্ড ড্ৰেগন’ হোটেলখনৰ দিশে খোজ ল’লে। বিলি আগতে কেতিয়াও বাথলৈ অহা নাই আৰু চহৰৰ কাকো চিনিও নাপায় কিন্তু লণ্ডনৰ মুখ্য কাৰ্যালয়ৰ মিষ্টাৰ গ্ৰীণস্লেডে কোৱামতে বাথ এখন ধুনীয়া চহৰ। তেওঁ মাথোঁ এইখিনিকে উপদেশ দি পঠিয়াইছে—“থকা-মেলা নিজেই ঠিক কৰি ল’বা আৰু তাৰ পিছত লগে লগে ব্ৰাঞ্চ মেনেজাৰক ৰিপ’ৰ্ট কৰিবা।” 

বিলিৰ বয়স মাত্ৰ সোতৰ বছৰ। সি এটা নতুন নেভি-ব্লু অভাৰকোট, এটা নতুন বাদামী ৰঙৰ ট্ৰিলবি টুপী আৰু এযোৰ বাদামী ৰঙৰ চুট পিন্ধি আহিছে। সি অলপ বেগাই খোজ কাঢ়িবলৈ চেষ্টা কৰিলে। বিলিয়ে আজিকালি সকলোবোৰ কাম বেগাই কৰিবলৈ চেষ্টা কৰে–সি ওপৰৱালাসকলক লক্ষ্য কৰি দেখিছে যে সকলোবোৰ কামত তেওঁলোক বৰ খৰতকীয়া; ব্যৱসায়ত উন্নতি কৰিবলৈ সকলোবোৰ কামতে খৰ হোৱা অতি প্ৰয়োজন। খোজ কাঢ়ি যোৱা বহল বাটটোত কোনো দোকান-পোহাৰ নাছিল, মাথোঁ দুয়োফালে ওখ ঘৰৰ শাৰী। সকলোবোৰ ঘৰেই দেখিবলৈ একে। ঘৰবোৰৰ সন্মুখত খুটা থকা এখন বাৰাণ্ডা আৰু সন্মুখৰ দুৱাৰখনলৈ উঠি যাবলৈ চাৰি-পাঁচটা চিৰি। দেখিলে গম পায় এসময়ত এইবোৰ অতি আড়ম্বৰপূৰ্ণ বাসগৃহ আছিল, কিন্তু এতিয়া আন্ধাৰতো ধৰিব পাৰি যে দুৱাৰ-খিৰিকীবোৰৰ কাঠৰ ৰং এৰাইছে আৰু ঘৰৰ ধুনীয়া বগা দেৱালবোৰ যত্নৰ অভাৱত ফাটি গৈছে আৰু সেইবোৰত চেকা লাগিছে। এনেতে ছয় গজমান দূৰত্বত থকা ষ্ট্ৰীট-লেম্প এটাৰ উজ্জ্বল পোহৰত তলৰ মহলাৰ খিৰিকী এখনত বিলিৰ চকু পৰিল। খিৰিকীৰ ওপৰৰ কাঁচ এখনত ছপা কৰা জাননী এখন লগোৱা আছে— ‘বে’ড এণ্ড ব্ৰে’কফাষ্ট’। জাননীখনৰ ঠিক তলতে এটা ধুনীয়া দীঘল ফুলদানিত হালধীয়া ৰঙৰ ক্ৰিচেন্থিমাম ফুল এথোপা সজাই থোৱা আছিল। 

বিলিয়ে খোজ কঢ়া বন্ধ কৰি ঘৰটোৰ অলপ ওচৰ চাপি গ’ল। খিৰিকীৰ দুয়োকাষে তললৈকে সেউজীয়া মখমলৰ পৰ্দা ওলমি আছিল আৰু তাৰ কাষতে থকা ক্ৰিচেন্থিমামখিনি বৰ ধুনীয়া লাগিছিল। সি আগুৱাই গৈ খিৰিকীৰ আইনাৰে কোঠাটোৰ ভিতৰলৈ জুমি চালে। ভিতৰৰ জুইশালত উজ্জ্বল জুই একুৰা জ্বলি আছিল আৰু তাৰ সন্মুখৰ কাৰ্পেটখনত এটা ধুনীয়া সৰু ডাচছাণ্ড পেটত নাক গুজি আৰামেৰে শুই আছে। ছাঁ-পোহৰৰ দোমোজাত কোঠাটো বেছ আৰামদায়ক আচবাব-পত্ৰেৰেই ভৰি থকা যেন ভাৱ হ’ল। এফালে এটা গ্ৰেণ্ড পিয়ানো, এখন ডাঙৰ চোফা আৰু কেইবাখনো ডাঙৰ হাত লগোৱা চকী আছিল; আনটো চুকত সঁজাৰ ভিতৰত এটা ডাঙৰ ভাটৌ চৰাই দেখা গ’ল। বিলিয়ে নিজকে ক’লে— “এনেকুৱা ঠাইত জীৱ-জন্তু থকা ভাল লক্ষণ।” মুঠতে তাৰ এনে ভাৱ হ’ল যেন সেই ঘৰটোত থাকিবলৈ সঁচাকৈয়ে বৰ ভাল হ’ব আৰু নিশ্চিতভাৱে ‘দ্য বে’ল এণ্ড ড্ৰেগনত’কৈ অধিক আৰামদায়কো হ’ব। আনহাতে ব’ৰ্ডিং-ঘৰত থকাতকৈ ‘পাব’ এটা বেছি সুবিধাজনক। সন্ধিয়া অলপ বিয়েৰ পান কৰি ডাৰ্ট খেলিব পাৰি আৰু কথা পাতিবলৈকো বহুত মানুহ পোৱা যাব; হয়তো সস্তাও হ’ব। বিলিয়ে পাবত দুই নিশা মান আগেয়ে থাকি পাইছে। সি কেতিয়াও কোনো ব’ৰ্ডিং-ঘৰত থকা নাই আৰু সঁচা কথা ক’বলৈ গ’লে সেইবোৰৰ প্ৰতি তাৰ কিছু ভয় নথকা নহয়। ব’ৰ্ডিং-ঘৰ বুলিলেই তাৰ বন্ধাকবিৰ চুপ আৰু ঘৰৰ লুভীয়া মালিকনীবোৰলৈ মনত পৰে। দুই-তিনি মিনিটমান কথাবোৰ এনেকৈ যুকিয়াই অৱশেষত অলপ আগবাঢ়ি গৈ ‘দ্য বে’ল এণ্ড ড্ৰেগন’খনো এবাৰ চাই লোৱাৰ কথা বিলিয়ে ভাৱিলে। উভতি যাবলৈ ঘূৰি চাওঁতেই এটা আচৰিত ঘটনা ঘটিল। খিৰিকীত ওলমি থকা ‘ব্ৰে’ড এণ্ড ব্ৰে’কফাষ্ট’ ফলকখন তললৈ নামি আহি বিলিৰ চকুৰ আগত নাচিবলৈ ধৰিলে। ব্ৰে’ড এণ্ড ব্ৰে’কফাষ্ট বাক্যটোৰ প্ৰতিটো শব্দ যেন ডাঙৰ একো একোটা চকু হৈ বিলিক তাৰ পৰা আঁতৰি নাযাবলৈ কাকূতি-মিনতি কৰিবলৈ ধৰিলে। বিলি মন্ত্ৰমুগ্ধ হৈ তাতে ৰৈ থাকিল আৰু এটা সময়ত নিজে ক’ব নোৱাৰাকৈ ঘৰটোৰ চিৰি বগাই কলিং বে’ল টিপিলে। 

বহু দূৰৈত পিছফালৰ কোনোবা কোঠাত ঘণ্টা বজাৰ শব্দ শুনা গ’ল কিন্তু কি আচৰিত! কলিং বে’লৰ পৰা আঙুলি এৰুৱাবলৈ নৌ পাওঁতেই সন্মুখৰ দুৱাৰখন খোল খালে আৰু তাত মহিলা এগৰাকী থিয় হৈ আছিল। সাধাৰণতে কলিং বে’ল বজোৱাৰ পাছত দুৱাৰখন খুলিবলৈ অতি কমেও আধা মিনিটমান অপেক্ষা কৰিব লগা হয় কিন্তু এই মহিলা গৰাকী যেন আছিল ‘জেক-ইন-দ্য-বক্স’ৰ দৰে। সি কলিং বেল টিপাৰ মুহূৰ্ততে তেওঁ দুৱাৰমুখত হাজিৰ! বিলি চক খাই জাঁপ মাৰি উঠিল। মানুহগৰাকীৰ বয়স প্ৰায় পঞ্চল্লিশ-পঞ্চাশ বছৰ মান হ’ব আৰু তাক দেখাৰ লগে লগে উষ্ম আদৰণি জনাই হাঁহি এটা মাৰিলে।

: অনুগ্ৰহ কৰি সোমাই আহাঁ।

তেওঁ আন্তৰিকতাৰে ক’লে। দুৱাৰখন খুলি তেওঁ এফালে থিয় দিলে আৰু বিলি প্ৰায় মন্ত্ৰমুগ্ধৰ দৰে ঘৰৰ ভিতৰলৈ আগবাঢ়ি গ’ল। 

: খিৰিকীত জাননীখন দেখা পালোঁ; মই থাকিবলৈ কোঠা এটা বিচাৰি আছিলোঁ।—বিলিয়ে দুৱাৰৰ মুখৰ পৰা ক’লে। 

: তোমাৰ বাবে সকলো সাজু হৈ আছে।মানুহগৰাকীয়ে মৰমেৰে ক’লে। তেওঁৰ মুখখন আছিল গুলপীয়া আৰু গোল আৰু চকুৰ মণি পাতল নীলা। বিলিয়ে তেওঁক ক’লে—

: মই ‘দ্য বে’ল এণ্ড ড্ৰেগন’লৈ যোৱাৰ কথা ভাৱি আছিলোঁ কিন্তু আপোনাৰ ঘৰৰ খিৰিকীত ওলমি থকা জাননীখনলৈ মোৰ চকু গ’ল।

তেওঁ মাত লগালে–

: অ’মইনা, তুমি বাহিৰৰ ঠাণ্ডাখনত কিয় থিয় হৈ আছা, ভিতৰলৈ আহাঁচোন!

: আপুনি কিমান পইচা ল’ব? 

: ৰাতিটোৰ বাবে পাঁচ শ্বিলিং আৰু ছয়পেন্স, ব্ৰেকফাষ্টৰ সৈতে। 

ব’ৰ্ডিং-ঘৰৰ ভাড়া কল্পনাতীতভাৱে সস্তা আছিল– বিলিয়ে খৰচ কৰিবলৈ খোজা মূল্যৰ আধাতকৈয়ো কম। মানুহগৰাকীয়ে আকৌ ক’লে—

: যদি ভাড়া বেছি যেন লাগিছে মই অলপ কমাই দিব পাৰিম। ব্ৰেকফাষ্টত কণী খাবানে? কণীৰ মূল্য এই সময়ত বেছি। কণী নাখালে ছয়পেঞ্চ কম হ’ব।

: পাঁচ শ্বিলিং আৰু ছয়পেন্স ঠিকেই আছে; আশাকৰোঁ মই ইয়াত থাকি ভাল পাম।

: মই জানিছিলোঁ তুমি ইয়াত থাকিবা। আহাঁ, ভিতৰলৈ আহাঁ। 

মানুহগৰাকী বৰ ভাল যেন লাগিল। তেওঁৰ চেহেৰাটো বিলিৰ নিজৰ আটাইতকৈ ভাল বন্ধুজনৰ মাকৰ দৰে আছিল। সেই বন্ধুজনৰ মাকেও বৰদিনৰ ছুটীত থাকিবলৈ ঘৰত এইদৰেই আদৰি লৈছিল। বিলিয়ে টুপীটো খুলি ভিতৰলৈ সোমাই আহিল। 

: টুপীটো তাতে ওলোমাই থোৱা আৰু কোটটো থ’বলৈ মই তোমাক সহায় কৰিম।–মানুহগৰাকীয়ে ক’লে। 

হলটোৰ আন ক’তো টুপী, কোট ইত্যাদি দেখা পোৱা নগ’ল। খোজ কঢ়া লাঠি বা ছাতিও নাছিল। 

: এতিয়া এই ঘৰটোত আমি দুজনেই। তেওঁ ওপৰতলালৈ উঠি যাওঁতে কান্ধৰ ওপৰেৰে চাই হাঁহি এটা মাৰি ক’লে। 

: বুজিছা, মোৰ সৰু ঘৰটোত খুব কমেইহে আলহী ৰখাৰ সৌভাগ্য ঘটে। 

মানুহগৰাকীয়ে অলপ বেছিকৈয়ে কথা পাতে— বিলিয়ে ভাৱিলে। কিন্তু এৰাতিৰ বাবদ ভাড়া পাঁচ শ্বিলিং আৰু ছয়পেঞ্চ..এনে মূল্যত আৰু কোনে দিব? 

: মই ভাবিছিলোঁ আপোনাৰ ব’ৰ্ডিং-ঘৰ আলহীৰে ভৰি থাকিব।–বিলিয়ে বেছ ভদ্ৰভাৱে ক’লে। 

: এৰা, মইনা! আলহী বহুতেই ইয়াত থাকিবলৈ আহে, কিন্তু মইহে কিছু বাছ-বিচাৰ কৰি আলহী ৰাখিবলৈ ভাল পাওঁ। মই মানুহজনীয়েই তেনেকুৱা! কিন্তু আলহীৰ বাবে মই সদায় প্ৰস্তুত, এই ঘৰ দিনে-নিশাই সকলো সময়তে সাজু থাকে। কেতিয়াবা ভাগ্যত থাকিলে মোৰ পছন্দৰ দুই-এজন ডেকা আহি ওলায়। মোৰ খুব ভাল লাগে জানানে যেতিয়া মাজে মাজে দুৱাৰখন খুলি দিওঁ আৰু তাত থিয় হৈ থকা লোকজন মোৰ পছন্দৰ হয়। 

  তেওঁ চিৰি বগাই আধা বাট উঠিছিল; এইবাৰ চিৰিৰ ৰেলিঙত এখন হাত থৈ আৰু মূৰটো ঘূৰাই বিলিলৈ চাই হাঁহিলে–

:ঠিক তোমাৰ দৰে।

মহিলাগৰাকীয়ে তেওঁৰ নীলা চকু দুটাৰে বিলিক মূৰৰ পৰা ভৰিলৈকে শৰীৰৰ সমস্ত দৈৰ্ঘ্য খুটি-খুটি এবাৰ পৰ্যৱেক্ষণ কৰি আকৌ চিৰি বগাবলৈ ধৰিলে। প্ৰথম মহলাৰ বাৰাণ্ডাত উপস্থিত হৈ ঘৰৰ মালিকনীয়ে ক’লে—

: এই মহলাটো মোৰ।

তেওঁলোক দুয়োজন দ্বিতীয় মহলালৈ উঠি আহিল।

: আৰু এই মহলা গোটেইটো তোমাৰ।—তেওঁ ক’লে। 

: এইটো তোমাৰ কোঠা, আশাকৰোঁ থাকি ভাল পাবা।

তেওঁ বিলিক সন্মুখৰ সৰু কিন্তু ধুনীয়া শোৱনি কোঠা এটালৈ নি লাইটটো জ্বলাই দিলে।

: ৰাতিপুৱাৰ ৰ’দটো ঠিক এই খিৰিকীখনেৰে আহে, মিষ্টাৰ পাৰ্কিন্স। মিষ্টাৰ পাৰ্কিন্স নহয় জানো?

: নহয়।— বিলিয়ে উত্তৰ দিলে।

: মোৰ নাম উইভাৰ, বিলি উইভাৰ। 

: অ’ মিষ্টাৰ উইভাৰ! বেছ ভাল! মই বিছনাৰ চাদৰবোৰৰ মাজত গৰম পানীৰ বটল এটা ৰাখিছোঁ। পৰিষ্কাৰ চাদৰেৰে নতুন বিছনা এখনত গৰম পানীৰ বটল এটা থকাটো খুবেই আৰামজনক, নহয়নে? ৰাতি ঠাণ্ডা লাগিলে যিকোনো সময়তে গেছৰ জুই জ্বলাব পাৰা।

: ধন্যবাদ।—বিলিয়ে ক’লে। সি লক্ষ্য কৰিলে বিছনাৰ ঢাকনিখন আঁতৰাই বিছনাৰ কাপোৰবোৰ পৰিপাটিকৈ একাষে ধুনীয়াকৈ ৰখা হৈছে। পোনে পোনে শুই পৰিবলৈ বিছনাখন একেবাৰে যেন সাজু! 

: তুমি ইয়ালৈ অহা বাবে বৰ ভাল লাগিল।–ব’ৰ্ডিং-ঘৰৰ মালিকনীয়ে আন্তৰিকতাৰে বিলিৰ মুখলৈ চাই ক’লে।

: কোনো নহা বাবে মই অলপ চিন্তিত হ’বলৈ ধৰিছিলোঁ।

: বাৰু, ঠিক আছে।—বিলিয়ে সপ্ৰতিভভাৱে উত্তৰ দিলে।

: আপুনি মোৰ বাবে একো চিন্তা কৰিব নালাগে। চকীখনত ছুটকেছটো থৈ সি খুলিবলৈ ধৰিলে।

: পিছে ৰাতিৰ আহাৰ কি হ’ব, মইনা? ইয়ালৈ অহাৰ আগেয়ে কিবা খাবলৈ পাইছিলা জানো?” 

: মোৰ অলপো ভোক নাই, ধন্যবাদ। মই সোনকালে শুবলৈ যাম, কাৰণ কাইলৈ পুৱাই উঠি অফিচত যোগদান কৰিব লাগে। 

: ভাল, তেন্তে। মই তোমাক এতিয়া নিশাটোৰ বাবে বিদায় দি যাওঁ যাতে তুমি ছুটকেছ খুলিব পাৰা। কিন্তু শুবলৈ যোৱাৰ আগতে অনুগ্ৰহ কৰি তলৰ মহলাৰ বহা কোঠাত থকা সেই ডাঙৰ বহীখনত চহী কৰিবলৈ নাপাহৰিবা। ই হ’ল দেশৰ আইন আৰু আমি কোনো নিয়ম-কানুন ভংগ নকৰাই ভাল, নহয় জানো? 

তেওঁ বিলিক হাত জোকাৰি খৰধৰকৈ কোঠাটোৰ পৰা ওলাই গৈ দুৱাৰখন বন্ধ কৰি দিলে। ব’ৰ্ডিং-ঘৰৰ মালিকনীগৰাকীৰ আচাৰ-ব্যৱহাৰ কিছু আচহুৱা যেন লাগিলেও এই বিষয়ে বিলিয়ে বিশেষ একো চিন্তা কৰা নাছিল। মহিলা গৰাকীৰ ব’ৰ্ডিং-ঘৰটো কেৱল যে নিৰাপদেই আছিল তেনে নহয়, তেওঁ নিজেও আছিল বৰ দয়ালু আৰু উদাৰ। বিলিৰ এনে এটা ভাৱ হ’ল যে মানুহগৰাকীয়ে যুদ্ধত বা তেনে কিবা ঘটনাত হয়তো নিজৰ সন্তানক হেৰুৱাই সেই শোক এতিয়াও চম্ভালিব পৰা নাই। কেইমিনিটমানৰ পাছত বিলিৰ বস্তু-বাহানি থান-থিত লাগিল আৰু সি হাত-মুখ ধুই তলৰ মহলালৈ নামি আহি ড্ৰয়িং ৰূমত প্ৰৱেশ কৰিলে। ঘৰৰ মালিকনী তাত নাছিল যদিও জুইশালত জুই জ্বলি আছিল আৰু সৰু কুকুৰটো তাত তেতিয়াও শুই আছিল। কোঠাটো গৰম হৈ থকা বাবে তাত থাকিবলৈ আৰামদায়ক হৈ পৰিছিল। মই সঁচাকৈয়ে এজন ভাগ্যৱান মানুহ, হাত দুখন ঘঁহি বিলিয়ে ভাৱিলে। 

  পিয়ানোটোৰ ওপৰতে গেষ্ট-বুকখন খোলাকৈ পৰি থকা দেখি বিলিয়ে কলমটো উলিয়াই নাম, ঠিকনা লিখিলে। তাৰ ওপৰত পৃষ্ঠাখনত মাত্ৰ দুজনৰহে নাম আছিল। সি নামকেইটা পঢ়িবলৈ ধৰিলে। এজন আছিল কাৰ্ডিফৰ ক্ৰিষ্টোফাৰ মুলহলেণ্ড আৰু আনজন আছিল ব্ৰিষ্টলৰ গ্ৰেগ’ৰী ডব্লিউ টেম্পল। ক্ৰিষ্টোফাৰ মুলহলেণ্ড নামটো বৰ চিনাকি যেন লাগিল বিলিৰ। ক’ত বাৰু নামটো আগেয়ে শুনিছে? স্কুলত একেলগে পঢ়া ল’ৰা আছিল নে ভনীয়েকৰ অসংখ্য বয়-ফ্ৰেণ্ডবোৰৰ মাজৰ এজন আছিল নে দেউতাকৰ কোনোবা বন্ধু আছিল? নাই, নহয়, বোধকৰো সেইবোৰৰ কোনোটোৱেই নাছিল। বহীখনত সি আকৌ এবাৰ চকু ফুৰালে। ক্ৰিষ্টোফাৰ মুলহলেণ্ড, ২৩১ কেথেড্ৰেল ৰোড, কাৰ্ডিফ। গ্ৰেগ’ৰী ডব্লিউ টেম্পল, ২৭ চাইকামোৰ ড্ৰাইভ, ব্ৰিষ্টল। আচলতে এতিয়া তাৰ মনলৈ আহিল যে দ্বিতীয় নামটোও প্ৰথমটোৰ দৰে বৰ চিনাকি চিনাকি লাগিছে। “গ্ৰেগ’ৰী টেম্পল?” প্ৰায় চিঞৰিয়েই নামটো মনত পেলাবলৈ চেষ্টা কৰিলে। “ক্ৰিষ্টোফাৰ মুলহলেণ্ড? …”

: ইমান ভাল আছিল ল’ৰাকেইজন! 

পিছফালে মাত এটাই উত্তৰ দিয়া শুনি বিলিয়ে ঘূৰি চাই দেখে যে ঘৰৰ মালিকনীয়ে এখন ডাঙৰ ৰূপালী ৰঙৰ চাহৰ ট্ৰে’ লৈ কোঠাটোলৈ সোমাই আহিছে। ঘোঁৰাৰ লেকাম ধৰাৰ দৰে দুই হাতেৰে ট্ৰেখন যথেষ্ট ওপৰত ধৰিছিল। 

: নাম কেইটা মোৰ বৰ চিনাকি চিনাকি লাগিছে – বিলিয়ে কলে। 

: সঁচাকৈয়ে নে? বৰ আচৰিত কথা। 

: মই প্ৰায় নিশ্চিত সেই নামকেইটা মই ক’ৰবাত শুনিছোঁ। সঁচাকৈয়ে বৰ অদ্ভুত। হয়তো বাতৰি কাকতত হ’ব পাৰে। এই মানুহকেইজন কিবা কাৰণত বিখ্যাত আছিল নেকি বাৰু?– যেনে ধৰক ক্ৰিকেট, ফুটবল বা তেনে ধৰণৰ কোনো ক্ষেত্ৰত? 

: বিখ্যাত?–তেওঁ চোফাৰ সন্মুখৰ চাপৰ টেবুলখনত চাহৰ ট্ৰেখন থৈ ক’লে।

: অ’ নাই, মই নাভাৱোঁ যে তেওঁলোক বিখ্যাত আছিল। কিন্তু মই ন দি কব পাৰোঁ যে তেওঁলোক দুয়োজনেই আছিল সাংঘাতিক ধুনীয়া। দুয়োজনেই আছিল তজবজীয়া ডেকা আৰু ধুনীয়া— ঠিক তোমাৰ দৰেই, মইনা।

বিলিয়ে আৰু এবাৰ বহীখনত চকু ফুৰালে। 

: এয়া চাওক।

তাৰিখবোৰ লক্ষ্য কৰি সি ক’লে—

: এই শেষৰ তাৰিখটো দুবছৰৰ আগৰ।

: সঁচাকৈয়ে নে? 

: হয়, সঁচাকৈয়ে। আৰু ক্ৰিষ্টোফাৰ মুলহলেণ্ডৰ চহীটো তাতোকৈ প্ৰায় এবছৰৰ আগৰ অৰ্থাৎ তিনি বছৰৰো অধিক পুৰণি। 

: এৰা, কেতিয়াও ভৱা নাছিলোঁ! আমাৰ সময়বোৰ কেনেকৈ যে পাৰ হৈ যায়, নহয়নে মিষ্টাৰ উইলকিন্স? 

: মোৰ নাম উইভাৰ— বিলিয়ে ক’লে। “উ-ই-ভ-আ-ৰ।” 

: এৰা, নিশ্চয়!  তেওঁ লজ্জিত হৈ চোফা এখনত বহিল।

: মই কি যে এজনী জধামূৰ্খ। ক্ষমা বিচাৰিছোঁ। কথাবোৰ মোৰ এখন কাণেৰে সোমাই আনখন কাণেৰে ওলাই যায়, মিষ্টাৰ উইভাৰ।

: এটা কথা জানেনে? এই সকলোবোৰৰ আঁৰত সঁচাকৈয়ে কিবা এটা আচৰিত ঘটনা আছে।— বিলিয়ে ক’লে। 

: কি কথানো, মইনা? 

: মুলহলেণ্ড আৰু টেম্পল–এই নাম দুটা মোৰ পৃথকে পৃথকে কেৱল মনত থকাই নহয় কোনোবা প্ৰকাৰে বা ধৰণে এই দুয়োজন একপ্ৰকাৰ সংযুক্ত যেন ভাৱ হয় যেন দুয়োজনেই একে ধৰণৰ কিবা কথাৰ বাবে বিখ্যাত। মই কি ক’ব বিচাৰিছোঁ আপুনি নিশ্চয় বুজি পাইছে– যেনে … যেনে … ধৰক ডেম্পচি আৰু টানি বা চাৰ্চিল আৰু ৰুজভেল্ট। 

: বেছ আমোদজনক! কিন্তু এতিয়া ইয়ালৈ আহা, মইনা আৰু মোৰ কাষতে চোফাত বহাঁহি। শুবলৈ যোৱাৰ আগতে মই তোমাক আদাৰ বিস্কুটেৰে চাহ একাপ বনাই দিওঁ। 

: আপুনি সঁচাকৈয়ে এইবোৰ কৰাৰ দৰকাৰ নাছিল।— বিলিয়ে ক’লে। 

: মই আপোনাক তেনে একো কষ্ট দিব বিচৰা নাছিলো।

সি পিয়ানোৰ কাষত থিয় হৈ ঘৰৰ মালিকনীয়ে কাপ-প্লেটবোৰ সজোৱালৈ চাই থাকিল। সি লক্ষ্য কৰিলে যে তেওঁৰ হাতকেইখন যথেষ্ট ক্ষিপ্ৰ আৰু আঙুলিৰ নখবোৰত ৰঙা ৰং সনা। 

: মই এতিয়া প্ৰায় নিশ্চিত যে মই তেওঁলোকৰ ফটো বাতৰি কাকতত দেখা পাইছিলোঁ। মই এতিয়াই ভাৱি উলিয়াম। এনেদৰে মনত পৰা-নপৰাকৈ থকা কথাবোৰৰ ৰহস্য ভেদ কৰিবলৈ বৰ মজা লাগে! ও, এতিয়া এক মিনিট ৰ’ব, এক মিনিট!–বিলিয়ে ক’লে। এই মুলহলেণ্ড … ক্ৰিষ্টোফাৰ মুলহলেন… ৱেষ্ট-কাণ্ট্ৰীৰ মাজেৰে খোজকাঢ়ি ভ্ৰমণ কৰিবলৈ যোৱা ইটনৰ স্কুলীয়া ছাত্ৰজন নাছিল জানো আৰু তাৰ পাছত হঠাতে …

: গাখীৰ দিওঁনে?” বিলিৰ কথাৰ মাজতে তেওঁ প্ৰশ্ন কৰিলে “আৰু চেনি?” 

: হয়, প্লিজ দিয়ক আৰু তাৰ পাছত হঠাতে …”

“ইটন স্কুলৰ ল’ৰা? নহয় অ’ মইনা, কথাষাৰ শুদ্ধ নহয়। মিঃ মুলহলেণ্ড মোৰ ইয়ালৈ অহাৰ সময়ত ইটন স্কুলত নহয় কেম্ব্ৰিজত স্নাতক ডিগ্ৰী পঢ়ি আছিল। এতিয়া মোৰ কাষতে এইখিনিতে বহি এই সুন্দৰ জুইকুৰাৰে নিজকে সেকি লোৱা। তোমাৰ চাহ সাজু হৈ আছে। তেওঁ চোফাখনৰ কাষৰ খালী ঠাইখনি দেখুৱাই বিলিক তালৈ অহাৰ ইঙ্গিত দিলে। বিলি লাহে লাহে কোঠাটো পাৰ হৈ আহি চোফাখনৰ দাঁতিতে বহিল আৰু তেওঁ তাৰ সন্মুখৰ সৰু টেবুলখনত চাহ একাপ বাকি দিলে। 

: এয়া চোৱা, কেনে ধুনীয়া আৰু আৰামদায়ক পৰিৱেশ, নহয়নে?—বিলিয়ে চাহৰ কাপত শোহা মৰাৰ লগে লগে ঘৰৰ মালিকনীয়েও একেসময়তে আৰম্ভ কৰিলে। আধা মিনিটমান সময় দুয়ো মনে মনে থাকিল, কিন্তু বিলিয়ে জানিছিল যে তেওঁ তাৰ ফালে চাই আছে। তেওঁৰ শৰীৰটো তাৰ ফালে আধা ঘূৰি আছিল আৰু সি অনুভৱ কৰিব পাৰিছিল তেওঁৰ চকুদুটাই চাহকাপৰ ওপৰেৰে তাক লক্ষ্য কৰি আছে। এতিয়া বাৰে বাৰে সি বতাহত অদ্ভুত গোন্ধ এটা পাবলৈ ধৰিলে আৰু ই কিহৰ গোন্ধ হ’ব পাৰে তাৰ কোনো ধাৰণা নাছিল। আচাৰ কৰি থোৱা আখৰোট, নতুন চামৰাৰ নে হাস্পতালৰ গোন্ধ? 

: জানানে, মিষ্টাৰ মুলহলেণ্ড চাহৰ এজন ডাঙৰ ভক্ত আছিল। ইমান চাহ খাই ভাল পোৱা মানুহ মই কেতিয়াও দেখা নাছিলোঁ।–ঘৰৰ মালিকনীয়ে ক’লে। 

: মই ভাৱোঁ তেওঁ এই ব’ৰ্ডিং-ঘৰ এৰি যোৱা বেছি দিন হোৱা নাই।–বিলিয়ে কলে। সি তেতিয়াও সেই দুটা নামৰ কথা ভাৱি মূৰ ঘমাই আছিল। ক্ৰমান্বয়ে তাৰ বিশ্বাস হৈ আহিছে যে সি বাতৰি কাকতৰ শিৰোনামত সেই নামকেইটা দেখা পাইছিল। মানুহগৰাকীয়ে এইবাৰ ভ্ৰু কোঁচাই সুধিলে—

: তুমি কি ক’লা এইমাত্ৰ, মইনা? মিষ্টাৰ মুলহলেণ্ড বৰ্ডিং এৰি গ’ল? নাই, নাই তেওঁ কেতিয়াও ক’লৈকো যোৱা নাই। তেওঁ এতিয়াও ইয়াতে আছে। মিষ্টাৰ টেম্পলো ইয়াতেই আছে।—তৃতীয় মহলাত, দুয়ো একেলগে।

বিলিয়ে টেবুলত কাপটো লাহেকৈ থৈ ঘৰৰ মালিকনীৰ ফালে চাই থাকিল। উত্তৰত তেওঁ তালৈ চাই হাঁহি মাৰি আঁঠু এটাত লাহেকৈ হেঁচুকি সুধিলে—

: তোমাৰ বয়স কিমান হ’ল, মইনা?

: সোতৰ। 

: সোতৰ? অ’, একেবাৰে নিখুঁত বয়স! মিষ্টাৰ মুলহলেণ্ডৰো বয়স সোতৰ বছৰ আছিল কিন্তু মই ভাৱোঁ তেওঁ আছিল তোমাতকৈ কিছু চাপৰ। তেওঁৰ দাঁত দুপাৰিও ইমান বগা নাছিল। তোমাৰ দাঁতখিনি বৰ ধুনীয়া জানানে মিষ্টাৰ উইভাৰ? 

: মোৰ বেছিভাগ দাঁতেই ফিল্-আপ কৰিব লগা হৈছে। 

: মিষ্টাৰ টেম্পল অৱশ্যে অলপ ডাঙৰ আছিল। বিলিৰ মন্তব্যক আওকাণ কৰি তেওঁ ক’লে।

: আচলতে তেওঁৰ বয়স আঠাইশ আছিল কিন্তু মোক নোকোৱাহেঁতেন মই কেতিয়াও অনুমান কৰিব নোৱাৰিলোঁহেঁতেন। তেওঁৰ গাটো সম্পূৰ্ণ নিমজ আছিল।

: কি বুলি ক’লে? 

: মানে, তেওঁৰ ছালখন কেঁচুৱাৰ দৰেই ধুনীয়া আছিল। 

বিলি থমকি ৰ’ল আৰু চাহৰ কাপটোত আকৌ এটা শোহা মাৰি প্লেটখনত থ’লে। মহিলাগৰাকীয়ে আৰু কিবা কয় বুলি সি অপেক্ষা কৰি থাকিল কিন্তু তেওঁ যেন হঠাতে নিস্তব্ধতাৰ জগত এখনত সোমাই পৰিল। বিলিয়ে তলৰ ওঁঠটো কামুৰি কোঠাটোৰ দূৰৈৰ চুকটোলৈ চাই বহি থাকিল। অৱশেষত নিস্তব্ধতা ভঙ্গ কৰি সি ক’লে—

: জানেনে, সৌ ভাটৌ চৰাইটোৱে মোক সঁচাকৈয়ে বুৰ্বক বনাইছিল। প্ৰথমবাৰৰ বাবে মই বাটৰ পৰা খিৰিকীৰে দেখোঁতে সেইটো জীৱন্ত বুলি ভাবিছিলোঁ।

: বেচেৰা, এতিয়া আৰু জীৱন্ত নহয়। 

: কিন্তু অতি কৌশলেৰে ইয়াক প্ৰস্তুত কৰা হৈছে। মৃত পক্ষী বুলি অলপো ধৰিব নোৱাৰি। কোনে কৰিছে বাৰু? 

: ময়েই। 

: আপুনি কৰিছে? 

: এৰা, ময়েই কৰিছোঁ। পিছে মোৰ কণমানি ‘বেচিল’ক লগ পাইছানে নাই?—তেওঁ জুইৰ সন্মুখত আৰামত শুই থকা ডাচশ্বাণ্ডটোৰ ফালে চাই প্ৰশ্ন কৰিলে। 

বিলিয়ে কুকুৰটোলৈ চাই হঠাতে উপলব্ধি কৰিলে যে সেই জন্তুটোও সকলো সময়তে ভাটৌ চৰাইটোৰ দৰেই নিস্তব্ধ আৰু নিশ্চল হৈ তাত পৰি আছে। সি হাত এখন আগবঢ়াই তাৰ পিঠিখনৰ ওপৰেৰে হাত ফুৰালে। পিঠিখন টান আৰু ঠাণ্ডা হৈ আছিল। আঙুলিৰে গাৰ নোমখিনি এফালে ঠেলি লক্ষ্য কৰিলে যে তলৰ ছালখন ধূসৰ-ক’লা, শুকান আৰু…নিখুঁতভাৱে সংৰক্ষিত।

: হে ভগৱান, কি যে অদ্ভুত দক্ষতা আপোনাৰ!  কুকুৰটোৰ পৰা আঁতৰি আহি সি গভীৰ প্ৰশংসাৰে চোফাত বহি থকা কাষৰ মানুহগৰাকীলৈ চাই পঠিয়ালে। 

: এনেকুৱা এটা কাম কৰিবলৈ আপুনি নিশ্চয় যথেষ্ট কষ্ট কৰিবলগীয়া হয়, নহয়নে?–বিলিয়ে প্ৰশ্ন কৰিলে। 

: নাই, নাই অলপো কষ্ট নহয়। মোৰ পোহনীয়া জন্তুবোৰৰ মৃত্যু হ’লে মই নিজেই সিহঁতক ‘ষ্টাফ’ কৰি সংৰক্ষণ কৰোঁ। তুমি বাৰু আৰু একাপ চাহ খাবা নেকি? 

: নাই, নালাগে, ধন্যবাদ।—বিলিয়ে ক’লে। চাহকাপত অলপ তিতা আলমণ্ডৰ সোৱাদ আছিল। তাৰ আৰু একাপ খাবলৈ মন নগ’ল। 

: তুমি বহীখনত চহী কৰিলা নে? 

: ও, কৰিলোঁ। 

: বৰ ভাল কথা। পিছলৈ মই যদি তোমাৰ নাম কেনেবাকৈ পাহৰোঁ, এই বহীখনতে চাই ল’ব পাৰিম। মই এতিয়াও প্ৰায় প্ৰতিদিনে মিষ্টাৰ মুলহলেণ্ড আৰু মিষ্টাৰ … কি নাম আছিল তেওঁৰ…? 

: টেম্পল, গ্ৰেগ’ৰী টেম্পল–বিলিয়ে ক’লে। 

: ও, তেওঁলোকৰ নামবোৰ চাওঁ। 

: এটা কথা সোধাৰ বাবে মোক ক্ষমা কৰিব কিন্তু এই দুজন ব্যক্তিৰ বাহিৰে যোৱা দুই-তিনি বছৰত অইন কোনো অতিথি এই ব’ৰ্ডিং-ঘৰলৈ অহা নাইনে? 

এখন হাতেৰে চাহকাপ অলপ ওপৰলৈ ধৰি আৰু মূৰটো বাওঁফালে ইষৎ হেলনীয়া কৰি তেওঁ কিছু বঙ্কিম দৃষ্টিৰে বিলিলৈ চাই পঠিয়ালে। এটা হাঁহি মাৰি তেওঁ উত্তৰ দিলে—

: নাই অ’ মইনা, তৃতীয়গৰাকী ব্যক্তি হ’লা ‘একমাত্ৰ তুমি! ’

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!